গল্প-কবিতা

মাকজনীৰ চিঞৰটো – (ত্ৰিলোচন গগৈ)

১)

মাজৰাতি দুৱাৰত গুৰিয়াই সিহঁতে
মূৰত বন্দুক থৈ উলিয়াই লৈ যায় ঘৰৰ ডেকা ল’ৰাটো
সিহঁতৰ বুটজোতাৰ শব্দত ৰাতিটো কঁপি উঠে

মাকজনীয়ে কিবা সুধিব খোজে
সুধিব খোজা কথাবোৰ চিঞৰ হৈ ওলায়
মাকজনীয়ে চিঞৰি থাকে, চিঞৰি থাকে

চিঞৰিবলৈও মাকজনীৰ বাদে ঘৰখনত প্ৰাণী এটা নাই

২)

আবেলি ল’ৰাটো ঘূৰি আহে
লগত আহে বুটজোতাৰ শব্দবোৰো

জঠৰ জিভাখনেৰে সি মাকক মাতিব নোৱাৰে

তাৰ মুখখন ভাগি গৈছিল
তাৰ হাত দুখন ভাগি গৈছিল
তাৰ ভৰি দুটা ভাগি গৈছিল
পিঠিটো তাৰ হৈ পৰিছিল এটা ৰঙীণ জেব্ৰা

৩)

মাকজনীয়ে কিবা সুধিব খুজিছিল
সুধিব খোজা কথাবোৰ চিঞৰ হৈ ওলাইছিল
মাকজনীয়ে চিঞৰি আছিল, চিঞৰি আছিল

চিঞৰিবলৈ মাকৰ বাদেও তাত মানুহ আছিল
মাকৰ চিঞৰটো ডাঙৰকৈ ওলাইছিল

মাকজনীৰ চিঞৰটো এটা সুৰ হৈছিল
আৰু সুৰটো বৈ গৈছিল ডিঙিৰ পৰা ডিঙিলৈ

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *