গণকণ্ঠ বনাম সুধাকণ্ঠ— (বৰ্ণালী বৰুৱা দাস)
ভূপেন হাজৰিকাই তেওঁৰ এটা অতি শক্তিশালী আৰু সুন্দৰ গীত ‘শীতৰে সেমেকা ৰাতি’ৰ শেষাংশত লিখিছিল-
কণ্ঠ ৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা অথচ নোগোৱা
এটি অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ,
সুধাকণ্ঠ হওঁ
সুধাকণ্ঠ হওঁ।
এই যে গানটোত তিনিবাৰ ‘সুধাকণ্ঠ হওঁ’টো ৰিপিট হ’ল, তাক যেন অসমৰ মানুহৰ কাণে আৰু শ শ বাৰ ৰিপিট কৰি শুনি থাকিল। আৰু সেই বাৰম্বাৰ ৰিপিটেশ্বনৰ কোবত গানটোৰ মূল ভাৱাৰ্থটো আৰু আনকি সেই শব্দৰ ঠিক আগৰ বাক্যকেইটাই চিৰকাললৈ মোহাৰ খাই থাকিল।। তেওঁ কিহৰ বাবে সুধাকণ্ঠ হ’ব খুজিছিল? ‘কণ্ঠৰুদ্ধ কোনো সুগায়কৰ’ বাবে। তাতোকৈও ডাঙৰ কথা, কণ্ঠৰুদ্ধ সেই সুগায়কে কেনেকুৱা গীত গাব খুজিছিল? ‘প্ৰভাত আনিব পৰা এটি অমৰ গীত’। কণ্ঠ ৰুদ্ধ হৈ পৰাৰ ফলত তেওঁৰ সেই গীত হৈ থাকিল অপ্ৰকাশ্য। সেই কণ্ঠৰুদ্ধ সুধাকণ্ঠৰ হৈহে তেওঁ এই কথা কৈছিল। কাৰো ক্ষন্তেকীয়া মনোৰঞ্জনৰ বাবে বা কাকো ভাব বিলাসত ডুবাই ৰাখিবলৈ তেওঁ কণ্ঠৰ সুধা ঢালিব খোজা নাছিল। কিন্তু গানটোৰ ভিতৰৰ সেই বিদ্ৰোহী চেতনাৰ কণ কঠীয়া মাৰি আমি ভূপেন হাজৰিকাক কৰি পেলালো এজন মিঠা কণ্ঠৰ অধিকাৰী সুগায়ক মাত্ৰ।
উল্লিখিত ‘শীতৰে সেমেকা ৰাতি’ গীতটিৰ পটভূমি সম্পৰ্কত ভূপেন হাজৰিকাই নিজেই কিছু কথা লিখি থৈ গৈছিল। সেই উৎস অনুসৰি গুৰুতৰ অসুখত দীপালি বৰঠাকুৰৰ কণ্ঠ চিৰদিনলৈ ৰুদ্ধ হৈ পৰাৰ খবৰটো পোৱাৰ পাছত গীতটিৰ এই কথাখিনি দীপালি বৰঠাকুৰৰ প্ৰতি সমবেদনাতে লিখিছিল। সৃষ্টিশীল কামত এনে ঘটনা বিৰল নহয়। বহু সৰু বৰ ব্যক্তিগত ঘটনাৰ লগত একো একোটা সৃষ্টিৰ তাৎক্ষণিক কাৰণ সংপৃক্ত হৈ থাকিব পাৰে। কিন্তু গভীৰ মানৱীয় মমত্ববোধৰ লগতে সৃষ্টিকৰ্তাৰ নিজস্ব সৃজনিশীলতাই তাক ব্যক্তিগত পৰ্যায়ৰ পৰা এক সাৰ্বজনীন ৰূপলৈ উত্তীৰ্ণ কৰাব পাৰে। সাৰ্বজনীন ৰূপলৈ উত্তীৰ্ণ হোৱাৰ পাছত উক্ত সৃষ্টি-মুহূৰ্তৰ তাৎক্ষণিক কাৰণটো এটা সাঁচতীয়া তথ্যলৈহে ৰূপান্তৰিত হয়— তেনেকুৱা তথ্য কুইজৰ প্ৰশ্নোত্তৰত উত্তৰ দিবলৈ কোনোবাই মনত ৰাখিব পাৰে। কিন্তু সৰ্বসাধাৰণ পাঠক-শ্ৰোতা-দৰ্শকৰ বাবে সি হৈ পৰে হাজাৰজনৰ বাস্তৱ যন্ত্ৰণাৰ মূৰ্ত প্ৰকাশ। ভূপেন হাজৰিকাৰ এই গীতটোৰ ক্ষেত্ৰতো সেই কণ্ঠৰুদ্ধ সুগায়ক এগৰাকী ৰুগ্ন দীপালি বৰঠাকুৰ মাত্ৰ হৈ থকা নাই। হৈ পৰিছে হাজাৰজন প্ৰতিবাদী গায়কৰ প্ৰতিনিধি, যি গাব খুজিছিল— এটি ‘প্ৰভাত আনিব পৰা গীত’। গীতটোৰ বাকী অংশতো এই বঞ্চিত, অৱদমিত মানুহৰ মুক্তি কামনাকেই সজোৰে প্ৰকাশ কৰা হৈছে। বস্ত্ৰবিহীন কৃষকৰ বাবে উত্তাপ হোৱাৰ কামনা, ক্ষুধাতুৰ দিন মজুৰৰ বাবে প্ৰচণ্ড প্ৰতাপ হোৱাৰ কামনা, ভয়াৰ্ত সংখ্যালঘূৰ নিৰাপত্তা হোৱাৰ কামনা— এই সকলোবোৰেই গীতটোৰ কেন্দ্ৰীয় আদৰ্শক দ্ব্যৰ্থহীনভাৱে প্ৰকাশ কৰে। তাত আৰু কোনো দ্বিধা নাথাকে যে ই কোনো এজন মানুহৰ একক যন্ত্ৰণাৰ প্ৰতি সহমৰ্মীতাৰ গীত নহয়। ই বঞ্চিত মানুহৰ এক সামূহিক মুক্তিৰ আকাংক্ষাত ৰচিত গীত।
শীতৰে সেমেকা ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ।
শীতৰে সেমেকা ৰাতি
খাদ্যবিহীন কোনো দিন মজুৰৰ
প্ৰাণতে লুকাই থকা ক্ষুধা অগনিৰ
প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ।
শীতৰে সেমেকা ৰাতি
সংখ্যালঘূ কোনো সম্প্ৰদায়ৰ
ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ।
নিজৰ সৃষ্টিৰ জৰিয়তে যিসকল শিল্পীয়ে গণ মুক্তিৰ বাবে মানুহৰ চেতনাক জাগৃত কৰে সেইসকল হৈছে গণশিল্পী। বিশ্বৰ কলা-সংস্কৃতিৰ ইতিহাস এনে বহু মহান গণশিল্পীৰ সৃষ্টিৰে উদ্ভাসিত হৈ আছে। ভূপেন হাজৰিকাৰ সৃষ্টিসমূহৰো কেন্দ্ৰবিন্দুত আছে এই গণ চেতনা। তেওঁৰ প্ৰতিটো সাক্ষাৎকাৰত, প্ৰতিটো আত্মজীৱনীমূলক লেখাত বাৰে বাৰে উল্লেখ কৰিছে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ সংগ্ৰামী আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ কথা। হেমাংগ বিশ্বাস আৰু গণনাট্য সংঘৰ সহযোগত কৰা প্ৰগতিশীল সৃষ্টি কৰ্মৰ বিষয়েও আমি সকলোৱে জানো। সন্দেহ নাই যে সুদীৰ্ঘ জীৱন কালত ভূপেন হাজৰিকাৰ আদৰ্শগত বিচ্যুতিও ঘটিছে। তৎসত্ত্বেও কিন্তু ভূপেন হাজৰিকাক ভূপেন হাজৰিকা ৰূপে চিনি পাবলৈ যিখিনি গীত আমি পাওঁ, সেইখিনিৰ মূল চালিকা শক্তি যে আছিল গণ চেতনা, তথা বঞ্চিত জনৰ মুক্তিৰ সপোন, সেই কথাটো দৃঢ়তাৰে ক’ব পাৰি।
কিন্তু এই বঞ্চিত জনগণৰ মুক্তিৰ প্ৰয়াসক এচামে সদায়েই বাধা দি আহিছে। ৰাজতন্ত্ৰ, সামন্ততন্ত্ৰ, পুঁজিতন্ত্ৰ এই সকলো সামাজিক ব্যৱস্থাতে শ্ৰেণী শোষণ বৰ্তাই ৰাখিবলৈ শাসকপক্ষই নানা কুট কৌশল ৰচনা কৰি আহিছে। তাৰে এটা হ’ল শিল্পত নিহিত হৈ থকা প্ৰতিবাদী উপাদানবোৰক জনসাধাৰণৰ পৰা লুকুৱাই, শিল্পক কেৱল এক মনোৰঞ্জনৰ আহিলা কৰি ৰখাৰ কৌশল। জনবল আৰু ধনবলেৰে এই কাম তেওঁলোকে অতি সুচাৰু ৰূপে সম্পন্ন কৰে। সেয়েহে বাস্তৱ যিমানেই কঠিন নহওক লাগে সেই ৰুঢ় বাস্তৱক পাহৰাই ৰোমান্তিক ভাৱ বিলাসত ডুবাই ৰাখিবলৈ স্থিতাৱস্থাবাদীয়ে কৰা প্ৰচেষ্টাত আমি নিজকে উটুৱাই দিওঁ। কোমল, মিঠা শব্দৰ মায়াজালৰ প্ৰতি অনুভৱ কৰোঁ তীব্ৰ আকৰ্ষণ। আমি জ্যোতিপ্ৰসাদৰ বিদ্ৰোহী চেতনাক ঢাকি ৰাখিবলৈ তেওঁৰ গাত আঁৰি দিওঁ ‘ৰূপকোঁৱৰ’ৰ ফলক, বিষ্ণুৰাভাৰ আপোচহীন সংগ্ৰামী সত্তাক আঁৰ কৰিবলৈ তেওঁক কৰি পেলাওঁ ‘কলাগুৰু’। সেই একেটা সোঁততে উটি গৈ গণশিল্পী ভূপেন হাজৰিকাক কৰি পেলাওঁ কেৱল এজন অমৃত কণ্ঠৰ অধিকাৰী— গায়ক। তেওঁৰেই গানৰ শাৰী টানি আনি কওঁ— এয়া চোৱা তেওঁ নিজেইতো কৈ গৈছিল — ‘মই যেন এটি সুধা কণ্ঠ হওঁ’! পিছে আমি মনত নেপেলাওঁ যে আন কৰবাত তেওঁ কৈছিল, ‘অগ্নিযুগৰ ফিৰিঙতি মই’ ক’ৰবাত কৈছিল— ‘বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত’। অথচ কোনেও কোনো দিনেই তেওঁক ‘বজ্ৰ কণ্ঠ’ বুলি ক’বলৈ চেষ্টা কৰা নাই। চেষ্টা কৰা নাই ‘অগ্নিকণ্ঠ’ বুলি ক’বলৈ। কাৰণ ‘বজ্ৰ কণ্ঠ’ই বা ‘অগ্নি কণ্ঠ’ই আমাক অমিয়া সুধাৰ মিঠা আমেজত ডুবাই ৰাখিব নোৱাৰে।
এনে ভোগবিলাসী মানুহে সেয়েহে শীতৰে সেমেকা ৰাতি কোনো বস্ত্ৰবিহীন খেতিয়কৰ কথাৰে গীত ৰচনা নকৰে। আত্মকেন্দ্ৰীক তুচ্চ ভাবনাত নিমজ্জিত গায়কৰ বাবে এনে শীতৰ সেমেকা ৰাতি মাথোঁ প্ৰেয়সীলৈ মনত পেলোৱাৰ সময়।
শীতৰে সেমেকা ৰাতি
তুমি মোৰ জোন
তুমি নহ’লে অ’ মৰম
আধৰুৱা সপোন।
তুমি তো নাজানা সোণ
তুমি মোৰ কোন
তোমাতেই শেষ মোৰ
প্ৰতিটো সপোন।
এইখিনিতেই প্ৰশ্ন উঠিব পাৰে প্ৰেম জানো এক মানৱীয় অনুভূতি নহয়? জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা এই সকল শিল্পীয়ে জানো প্ৰেমৰ গীত ৰচা নাই? নিশ্চয় ৰচিছে। পিছে ‘তোমাতেই শেষ মোৰ প্ৰতিটো সপোন’ এইটো দৰ্শনৰ তেওঁলোক আছিল সম্পূৰ্ণ বিৰোধী। সেইকাৰণেই তেওঁলোকৰ প্ৰেমৰ গীতবোৰো এনে তৰল, যান্ত্ৰিক, একঘেয়ী পাকচক্ৰত ঘূৰি থকা নাছিল। ব্যক্তিগত হৈও সেইবোৰ হৈ পৰিছিল নৈৰ্ব্যক্তিক।
সি যি নহওক, এই হতাশাজনক সময়তো এচাম মানুহ আছে, যি জনতাৰ প্ৰাণৰ স্পন্দন এতিয়াও অনুভৱ কৰে। এতিয়াও গণ স্বাৰ্থ আগত ৰাখি সৃষ্টি কৰা শিল্পক প্ৰাধান্য দিয়ে। সেই প্ৰগতিশীল সচেতন মহলৰ প্ৰতি অনুৰোধ ভূপেন হাজৰিকাক তেওঁৰ প্ৰকৃত পৰিচয়েৰে পৰিচিত কৰাবলৈ চেষ্টা কৰোঁ আহক। অসমৰ সচেতন জনতাৰ বাবে ভূপেন হাজৰিকা ‘সুধাকণ্ঠ’ নহয়, হওক ‘গণকণ্ঠ’।