গ্ৰামছি প্ৰসংগত একাষাৰ-(ৰবীন তামুলী)
‘এই মস্তিষ্কক বিছ বছৰলৈ স্তব্ধ কৰিব লাগিব’, ফেচিবাদী ইটালিৰ বিশেষ ন্যায়াধিকৰণত গ্ৰামছিক ইংগিত কৰি চৰকাৰী অধিবক্তাজনে সিদিনাখন এইদৰে গৰজি উঠিছিল৷ সেয়া ১৯২৮ চনৰ কথা৷ মুছোলিনিয়েও এবাৰ গ্ৰামছিৰ মস্তিস্ক ‘সন্দেহাতীতভাৱে অত্যন্ত শক্তিশালী’বুলি উল্লেখ কৰিছিল৷ ন্যায়াধিকৰণে গ্ৰামছিক শেষপৰ্যন্ত ২০ বছৰ ৪ মাহ ৫ দিন কাৰাদণ্ড বিহিছিল৷ এই কাৰাদণ্ড পূৰ্ণ হোৱাৰ পূৰ্বেই গ্ৰামছিৰ মৃত্যু হয়৷ কিন্তু চৰম প্ৰতিকূলতাৰ মাজতো তেওঁৰ মস্তিস্ক স্তব্ধ হোৱা নাছিল৷ ফেচিষ্ট কাৰাগাৰে আৰোপ কৰা কঠোৰ বাধা, স্বাস্থ্যৰ সংকটজনক অৱনতি আৰু বন্দীঅৱস্থাৰ উদ্বেগজনক মানসিক স্থিতিৰ মাজতো এই মস্তিস্কই তিল তিলকৈ গঢ়ি তোলে মাৰ্ক্সবাদী চিন্তাৰবিশাল আৰু গভীৰ এক আকৰ্ষণীয় ভঁৰাল—“কাৰাগাৰৰ টোকা”(Prison Notebooks)— যি প্ৰতিজন ৰাজনৈতিকচিন্তাবিদ আৰু মাৰ্ক্সবাদী বিপ্লৱীক সদায় অনুপ্ৰাণিত কৰে ৷
মাৰ্ক্সবাদ-লেনিনবাদ এক বিজ্ঞানসন্মত দৰ্শন৷ মাৰ্ক্সে কৈছিল- বিজ্ঞানৰ বাবে কোনো ৰাজপথ নাই, অতি কষ্টকৰ থিয় বাট আৰোহণৰ মাজেদিহে বিজ্ঞানৰ উজ্জ্বল তুংগত উপনীত হ’ব পাৰি৷ সচৰাচৰ ধাৰণা কৰাৰ দৰে ই কিছুমান শুকান নিয়ম, তথ্য বা ফৰ্মূলা নহয়৷ সমাজ-ইতিহাসৰ গতি-প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰতো কেতবোৰ পূৰ্বধাৰণা বা সূত্ৰ যথেষ্ট নহয়৷ কাৰণ ইতিহাসৰ ক্ষেত্ৰত মানুহৰ সক্ৰিয় ভূমিকা অনস্বীকাৰ্য৷ মানুহেই ইতিহাস ৰচনা কৰে, বাস্তৱতাৰ ৰূপান্তৰ ঘটায়৷আৰ্থ-সামাজিক ভিত্তিৰ উপৰি আদৰ্শগত আৰু সাংস্কৃতিক উপৰিসৌধৰ ভূমিকাও অপৰিসীম, অবিচ্ছেদ্য আৰু দিগ্দৰ্শক৷ মাৰ্ক্সৰ ইতিহাস সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টিয়ে মানৱ-মুক্তিৰ বৈজ্ঞানিক পথ আলোকিত কৰি গৈছে৷ গ্ৰামছিয়ে মাৰ্ক্সৰ কঠোৰ অনুশীলন কৰি এই পথৰ তত্ত্বগত আৰু প্ৰায়োগিক দিশবোৰ গভীৰভাৱে বিশ্লেষণ কৰিছে৷ নিঃসন্দেহে গ্ৰামছি শ্ৰমিক শ্ৰেণী আৰু কমিউনিষ্ট পাৰ্টীৰ অন্যতম শ্ৰেষ্ঠ নেতা আৰু শিক্ষক৷
ছোভিয়েট ৰাছিয়া আৰু পূৰ্ব ইউৰোপৰ দেশবোৰত সমাজতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণ সম্পৰ্কে গভীৰ অধ্যয়নৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি ভাৰতৰ বিশিষ্ট মাৰ্ক্সবাদী নেতা আৰু চিন্তাবিদ ই এম এছ নাম্বুদ্ৰিপাদে এন্টনিঅ’গ্ৰামছিৰ বিশ্লেষণৰ প্ৰাসংগিকতা তুলি ধৰিছিল৷ গ্ৰামছিয়ে প্ৰাচ্যৰ দেশসমূহত ৰাষ্ট্ৰৰ নিৰংকুশ প্ৰাধান্যৰ পৰিৱৰ্তে ইউৰোপীয় দেশবোৰত নাগৰিক সমাজৰ(Civil Society)ৰ বিশেষ ক্ষমতা আৰু ভূমিকাৰ কথা উল্লেখ কৰিছে৷ ৰাষ্ট্ৰব্যৱস্থা গভীৰ সংকটত নিমজ্জিত হ’লে নাগৰিক সমাজ আগবাঢ়ি আহি সংকট নিৰসন কৰে৷ সেয়ে উদীয়মান বিপ্লৱী শ্ৰেণীয়ে নাগৰিক সমাজতো আধিপত্য লাভৰ সংগ্ৰাম গঢ়ি তোলা প্ৰয়োজন৷ গ্ৰামছিৰ এই চিন্তাই পৰৱৰ্তীকালত সৰ্বত্ৰ গুৰুত্ব লাভ কৰে৷ মাৰ্ক্সৰ ইতিহাসবোধ আৰু পদ্ধতি অনুসৰণ কৰি বিংশ শতিকাৰ বাস্তৱতাই দাবী কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ গ্ৰামছিয়ে তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ গ্ৰামছিৰ বাস্তৱানুগ বিশ্লেষণ সম্পৰ্কে সৰ্বহাৰাৰ মহান নেতা লেনিন অৱগত আছিল৷ ইটালিত সমাজতান্ত্ৰিক বিপ্লৱৰ কৰ্মনীতি নিৰ্ধাৰণত লেনিনে গ্ৰামছিৰ ওপৰতে নিৰ্ভৰ কৰিছিল৷ কমিউনিষ্ট আন্তৰ্জাতিক বা কমিনটাৰ্নৰ প্ৰতিনিধিৰ যোগেদি তেওঁ গ্ৰামছি স’তে সম্পৰ্ক ৰাখিছিল৷ গ্ৰামছিৰ অসাধাৰণ প্ৰতিভাৰ বাবেই হয়তো ফেচিষ্ট বাহিনীয়ে কাৰাগাৰত নিক্ষেপ কৰাই নহয়, বহিৰ্বিশ্বৰ স’তে সম্পৰ্কৰ পৰা তেওঁক বঞ্চিত কৰিছিল৷
চাৰ্দিনিয়াৰ এখন সৰু চহৰত নিম্ন মধ্যবিত্ত এটি পৰিয়ালত ১৮৯১ চনত এন্টনিঅ’গ্ৰামছিৰ জন্ম হৈছিল৷ গ্ৰামছিৰ বয়স যেতিয়া ছবছৰ, হঠাৎ তেওঁলোকৰ পৰিয়াললৈ এক ডাঙৰ বিপদ নামি আহে৷ সন্দেহজনক এক আৰ্থিক অভিযোগত তেওঁৰ পিতৃ কৰ্মচ্যুত হয় আৰু ছবছৰৰ কাৰাদণ্ড হয়৷ সাতোটা সন্তানৰ স’তে তেওঁৰ মাতৃয়ে এই অৱস্থাত পৰিয়ালটি পোহপাল দিবলৈ অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হয়৷ নিজৰ সামান্য ভূ-সম্পত্তিখিনিও বেচি দিয়ে৷ আনৰ কাপোৰ-কানি সী যি দুই-এপইচা পায় তাৰেই তেওঁ পৰিয়ালটি বচাই ৰাখিবলৈ যুদ্ধ কৰিবলগীয়া হৈছিল৷ স্কুলত নামভৰ্তি কৰিও অভাৱৰ বাবে গ্ৰামছিয়ে পঢ়া-শুনা বাদ দিবলৈ বাধ্য হয় আৰু সেই বয়সতে এটা সৰুসুৰা কামত নিযুক্তহৈ উপাৰ্জন কৰিবলগীয়া হয়৷ গ্ৰামছিয়ে শাৰীৰিক গঠনৰ ক্ষেত্রত আন এটা জীৱনজোৰা বাধা বহন কৰিছিল৷ সৰুতে খটখটীৰ পৰা পৰি তেওঁ ৰাজহাড়ত আঘাত পায়৷ তেওঁলোকৰ গৃহকৰ্মীগৰাকীয়ে কথাটো ভয়তে লুকুৱাই থয়৷ ফলত চিকিৎসা সময়ত নহ’ল৷ চিকিৎসাও হ’ল আসুৰিক৷ ঘৰৰ চ’তিৰ পৰা ওভতাকৈ দৈনিক কেইবাঘণ্টাকৈ ওলোমাই ৰখা হ’ল৷ ফলত তেওঁৰ শৰীৰৰ বুকু আৰু পিঠিত কুঁজ পৰে৷ শৰীৰৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু চুটি-চাপৰ হৈয়েই ৰৈ যায়৷ পিতৃয়ে জে’লৰপৰা মুক্তি পোৱাৰ পাছতহে গ্ৰামছিয়ে পঢ়া-শুনা পুনৰ আৰম্ভ কৰে৷ পাছত ককায়েকে চাকৰি লাভ কৰাত কেগলিয়াৰি নামৰ চহৰত তেওঁৰ লগত একেলগে থাকি গ্ৰামছিয়ে উচ্চ মাধ্যমিক স্তৰত পঢ়া-শুনা কৰে৷ ককায়েক জেন্নাৰো সমাজতন্ত্ৰী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ তেওঁৰ পৰাই গ্ৰামছি এই আদৰ্শৰ সংস্পৰ্শলৈ আহে৷ কিন্তু বৌদ্ধিক প্ৰতিভাৰ স্ফুৰণ হয় ইটালিৰ ‘পেট্ৰগেড’হিচাপে পৰিচিত টুৰিন চহৰত৷ এটা সৰু বৃত্তি লাভ কৰি তেওঁ টুৰিন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হয়৷ ইয়াতে তেওঁ ভৱিষ্যতৰ সহযোদ্ধা বিখ্যাত কমিউনিষ্ট নেতা পালমিৰো টোগলিয়াত্তিক সহপাঠী হিচাপে পায়৷ বৃত্তিৰ সামান্য ধনৰে টুৰিনত অৰ্ধাহাৰে-অনাহাৰে আৰু গৰম কাপোৰৰ অভাৱত প্ৰচণ্ড শীতত অভাবনীয় কষ্টৰ মোকাবিলা কৰি পঢ়া-শুনা কৰে যদিও তেওঁ শেষপৰ্যন্ত আধাতে স্নাতক মহলাৰ শিক্ষা সাং কৰে আৰু বৈপ্লৱিক কাম-কাজত যুক্ত হয়৷
সেই সময়ত টুৰিনত শ্ৰমিক আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল৷ বিশেষকৈ মটৰগাড়ী কাৰখানা, ধাতুশিল্প আৰু বস্ত্ৰ উদ্যোগসমূহত বৃহৎ ধৰ্মঘট সংগঠিত হৈছিল৷ ১৯১৩ চনত ধাতুশিল্পত হোৱা ৯৩ দিনীয়া ধৰ্মঘটৰ বিজয়ে গ্ৰামছিক প্ৰবলভাৱে অনুপ্ৰাণিত কৰে৷ সেই বছৰৰ শেষৰ ফালে গ্ৰামছিয়ে ছোচিয়েলিষ্ট পাৰ্টিৰ সদস্যপদ লাভ কৰে৷ বিভিন্ন কাকত-পত্ৰত তেওঁৰ লিখনি প্ৰকাশিত হয়৷ তেওঁক পাৰ্টিৰ মুখপত্ৰ ‘আৱান্তি’ত এটা বিশেষ কলম লিখাৰ দায়িত্ব প্ৰদান কৰা হয়৷ ইতিমধ্যে আৰম্ভ হোৱা বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত যুদ্ধবিৰোধী বৃহৎ সমাৱেশবোৰত তেওঁ যুক্ত হৈ পৰে৷ এটা সময়ত বেনেদিত্ত মুছোলিনিও সমাজতন্ত্ৰী দলৰ নেতা আছিল৷ গ্ৰামছি আৰু টোগলিয়াত্তি তেওঁৰ প্ৰতি আকৰ্ষিতও হৈছিল৷ পাছত মুছোলিনি পাৰ্টিৰ পৰা বহিষ্কৃত হৈছিল আৰু তেওঁ ফেচিষ্ট দল গঠন কৰিছিল ৷
ছাত্ৰাৱস্থাতে মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হোৱা গ্ৰামছিয়ে ইটালিৰ বহুকেইজন মাৰ্ক্সবাদী বুদ্ধিজীৱীৰ লিখনি, সাহিত্য-সংস্কৃতি-ভাষা বিষয়ক ৰচনাবোৰ গভীৰভাৱে অধ্যয়ন কৰিছিল৷ এইক্ষেত্ৰত দাৰ্শনিক বেনেদিত্ত ক্ৰোচেৰ ৰচনাবোৰ অন্যতম৷ পাছলৈ অৱশ্যে ক্ৰোচেকে ধৰি বহু বাঁওপন্থী বুদ্ধিজীৱীয়ে মাৰ্ক্সবাদ বিসৰ্জন দিয়ে আৰু ফেচিষ্টবাহিনীৰ সমৰ্থক হয়গৈ৷ গ্ৰামছিয়ে ক্ৰোচেক তীব্ৰ সমালোচনা কৰি তেওঁৰ স্বৰূপ উদঙাই দিছিল৷ ‘কাৰাগাৰৰ টোকা’ৰ দৰ্শন সমন্ধীয় সমালোচনাৰ এক প্ৰধান অংশ ক্ৰোচেকেন্দ্ৰিক৷
ইটালিত ছোচিয়েলিষ্ট দলৰ এটাসময়ত ব্যাপক প্ৰভাৱ আছিল৷ সংসদ আৰু আঞ্চলিক পৰিষদসমূহৰবহু আসনত এই দলৰ নিৰ্বাচিত প্ৰতিনিধি আছিল৷ কিন্তু দলটোৰ আপোচকামিতা আৰু সংগ্ৰামৰ চূড়ান্ত পৰ্যায়ত পশ্চাদপসৰণৰ বাবে কমিউনিষ্টভাবাপন্ন বিপ্লৱীসকল নিৰাশ হৈছিল৷ তেওঁলোকে দলৰ ঐক্য ৰক্ষা কৰিও কমিউনিষ্ট মতাদৰ্শ প্ৰচাৰ কৰি গৈছিল৷ ৰাছিয়াৰ ১৯১৭ চনৰ অক্টোবৰৰ সমাজতান্ত্ৰিক বিপ্লৱে ইটালিত বিৰাট প্ৰভাৱ পেলায়৷ ‘ৰাছিয়াৰ পুনৰাবৃত্তি ইটালিত হওক’—এই ধ্বনিৰে শ্ৰমিক আন্দোলনৰ জোৱাৰ উঠে৷ বিশ্বযুদ্ধ সমাপ্তিৰ পাছতো এই ধাৰা অব্যাহত থাকে৷ গ্ৰামছিৰ জীৱনৰো এক নতুন অধ্যায় আৰম্ভ হয়৷ ১৯১৯ চনৰ পহিলা মে’ৰ পৰা টুৰিনত গ্ৰামছিৰ সম্পাদনাত ‘লাৰ্দিনে নুওভো’নামৰ পত্ৰিকা প্ৰকাশ পায়৷ একেটা বছৰতে লেনিনৰ নেতৃত্বত তৃতীয় আন্তৰ্জাতিক গঠিত হয়৷ ১৯২০ চনত শ্ৰমিক আন্দোলন তুংগত উঠে৷ সমগ্ৰ ইটালিৰ কাৰখানাবোৰ শ্ৰমিকৰ দখললৈ যায়৷ কিন্তু কেঁচামাল, ব্যৱস্থাপনাৰ সমস্যা,একাংশ সংস্কাৰবাদী নেতাৰ নেতিবাচক ভূমিকাৰ উপৰি ৰাষ্ট্ৰযন্ত্ৰত কোনো প্ৰতিষ্ঠা নথকাৰ ফলত শ্ৰমিক শ্ৰেণীৰ এই বৃহৎ পদক্ষেপ ব্যৰ্থ হয়৷ কমিউনিষ্ট আৰু ছোচিয়েলিষ্টসকলৰ বিৰোধ প্ৰকাশ্যে ওলাই পৰে৷ ১৯২১ চনত কমিউনিষ্ট পাৰ্টি গঠন হয়৷ গ্ৰামছি কেন্দ্ৰীয় কমিটিলৈ নিৰ্বাচিত হয়৷ পাছত তেওঁ কমিউনিষ্ট আন্তৰ্জাতিকৰ কাৰ্যনিৰ্বাহকত ইটালিৰ স্থায়ী প্ৰতিনিধি নিৰ্বাচিত হয়৷ তেওঁ প্ৰায় ডেৰবছৰ কাল ৰাছিয়াত থাকে৷ মস্কোত বেছিভাগ সময় থাকিলেও তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আন্তৰ্জাতিকৰ সভাপতি জিনোভিয়েবৰ পৰামৰ্শমতে তেওঁক কিছুদিনৰ বাবে এটা স্বাস্থ্যনিবাসলৈ পঠিওৱা হয়৷ তাতে জুলীয়া ছ্খুখ্ত নামৰ সংগীত শিক্ষিকাৰ সৈতে গ্ৰামছিৰ পৰিচয় হয়৷ দুয়োৰে মাজত প্ৰেমৰ এক মধুৰ সম্পৰ্ক গঢ়ি উঠে৷ অনাদৰ, একাকিত্বৰে যাৰ জীৱন বিষময় হৈ আছিল, প্ৰেমৰ স্পৰ্শই সেই গ্ৰামছিৰ জীৱনলৈ অনাবিল আনন্দ আৰু উদ্দীপনা বোৱাই আনিলে৷ এই সম্পৰ্কে পাছত এঠাইত তেওঁ লিখিছিল, ‘প্ৰেমে ব্যক্তিমানুহৰ সমগ্ৰ সত্তাক বলীয়ান কৰে…নতুন ভাৰসাম্য ৰচনা কৰে, অন্য যাৱতীয় অনুভূতি আৰু আৱেগক তীব্ৰতৰ কৰে৷’গ্ৰামছিৰ দুই সন্তানৰ মাতৃ আছিল জুলিয়া৷ জুলিয়াৰ এগৰাকী ভনীয়েকতাতিয়ানা ইটালিতে আছিল৷ কাৰাবাসৰ সময়ছোৱাত গ্ৰামছিৰ স’তে তেওঁ যোগাযোগ ৰক্ষা কৰিছিল৷ অসুস্থ গ্ৰামছিৰ উন্নত চিকিৎসা প্ৰদানৰ বাবে কৰ্তৃপক্ষক বাধ্য কৰিছিল৷ গ্ৰামছিৰ শৱদেহ নিয়া কফিনৰ লগত দুগৰাকী শৱযাত্ৰীৰ মাজৰ এগৰাকী আছিল এই তাতিয়ানা৷
গ্ৰামছি মস্কোত থকা সময়তে ইটালিত ফেচিষ্ট দল শাসনৰ গাদীত বহে৷ হাজাৰ হাজাৰ কমিউনিষ্ট গ্ৰেপ্তাৰ হয়৷ ফেচিবাদৰ স্বৰূপ সম্পৰ্কে গ্ৰামছিৰ পূৰ্বধাৰণা আছিল৷ ফেচিবাদক তেওঁ বুৰ্জোৱা অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ সংকট আৰু অৱক্ষয় হিচাপে বিবেচনা কৰিছিল৷ ফেচিবাদৰ অভ্যুদয়ৰ সময়ত তৃতীয় আন্তৰ্জাতিকে যুক্তফ্ৰণ্টৰ নীতি গ্ৰহণ কৰাৰ পক্ষে দৃঢ় মত পোষণ কৰিছিল৷ বৰ্দিগা সমন্বিতে ইটালিৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বই যুক্তফ্ৰণ্টৰ লাইন সম্পৰ্কে দ্বিধাগ্ৰস্ত আছিল৷ তেওঁলোকে আন্তৰ্জাতিকৰ স্থিতিৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল৷ গ্ৰামছিয়ে আন্তৰ্জাতিকৰস’তে সহমত পোষণ কৰিলেও তৎকালীন ইটালিত এই লাইনৰ প্ৰয়োগ কঠিন বুলি ধাৰণা কৰিছিল৷ অৱশেষত ছোচিয়েলিষ্ট পাৰ্টিৰ আঁকোৰগোজ স্থিতিৰ ফলত তেওঁলোকৰ স’তে সংযুক্তিৰ প্ৰকৰণ বিপুল মতৰ ব্যৱধানত পৰাস্ত হৈছিল৷
গ্ৰামছিক ইটালিৰ ওচৰে-পাঁজৰে থকাৰ বাবে পাৰ্টিৰ আৱেদনৰ প্ৰতি লক্ষ্য কৰি আৰু কমিন্টাৰ্নৰ ফেচিবাদবিৰোধী কাৰ্যকলাপ তদাৰকী কৰা উদ্দেশ্যে ১৯২৩ চনৰ নৱেম্বৰ মাহত মস্কোৰ পৰা ভিয়েনালৈ পঠিওৱা হয়৷ তেওঁ ভিয়েনাত থকা সময়তে ইটালিৰ ৰাজনৈতিক পৰিস্থিতিত সম্ভাব্য ঐক্য প্ৰয়াসৰ বাবে ‘ইউনিটা’নামৰ সংবাদপত্ৰ প্ৰকাশৰ দিহা কৰে৷ এই দৈনিক কাকতখনৰ প্ৰচাৰ ফেব্ৰুৱাৰী মাহত ২৫ হাজাৰ কপি হয়গৈ৷ নতুন ‘অৰ্দিনো নউভো’কাকতখন ছয় হাজাৰ কপি মুদ্ৰিত হয়৷ এপ্ৰিল মাহত ইটালিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়৷ এই নিৰ্বাচনত গ্ৰামছিসহ উনৈছজন কমিউনিষ্ট সাংসদ হিচাপে নিৰ্বাচিত হয়৷ মে’মাহত গ্ৰামছি ভিয়েনাৰ পৰা ৰোমলৈ আহে ৷
ইতিমধ্যে ফেচিষ্টদলৰ তাণ্ডৱ আৰম্ভ হৈ গৈছে৷ আনকি সংসদত বিৰোধীৰ সামান্যতম সমালোচনা সিহঁতে সহ্য নকৰে৷এদিন স্বয়ং মুছোলিনিয়ে দলেবলে গ্ৰামছিৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে৷ গ্ৰামছি সাংসদ হোৱাৰ উপৰি তেতিয়া পাৰ্টিৰ সম্পাদক৷ তেওঁৰ গতিবিধিৰ ওপৰত ফেচিষ্ট বাহিনীয়ে অহৰহ চোকা দৃষ্টি ৰাখিছিল৷ এটা সময়ত তেওঁ প্ৰকাশ্যে কাম কৰিব নোৱৰা হয়৷ জুলিয়াই সন্তানসহ তেওঁক লগ ধৰিবলৈ অহাৰ সময়তো তেওঁলোকৰ একেলগে থকা নহ’ল৷ তাৰ মাজতো তেওঁ গোপনে পাৰ্টিৰ কাম চলাই গ’ল৷ ১৯২৬ চনৰ ৯ নৱেম্বৰৰ নিশা এখন সভাৰ পৰা উভতি অহাৰ সময়ত তেওঁ ধৰা পৰে আৰু গ্ৰেপ্তাৰ হয়৷ প্ৰথমতে তেওঁক উস্তিকা নামৰ দ্বীপৰ এটা বন্দীশালত ৰখা হয়৷ ২৭ চনৰ জানুৱাৰী মাহত তেওঁক ১৯ দিনজুৰি কষ্টকৰ যাত্ৰাৰে একাদিক্ৰমে আঠখন কাৰাগাৰত ৰখা হয়৷ হাত-ভৰি শিকলিৰে বন্ধা অৱস্থাত মিলানপৰ্যন্ত তেওঁ নৰকৰ যান্ত্ৰণা ভুগিবলগীয়া হয়৷ ৰোমৰ এখন ট্ৰিবিউনেলত তেওঁৰ বিচাৰ আৰু শাস্তি ঘোষিত হয়৷ মিলানৰ পৰা দীৰ্ঘ যাত্ৰাৰ শেষত টুৰিততেওঁৰ দীৰ্ঘবন্দিত্ব জীৱন আৰম্ভ হয়৷ ফেচিষ্ট ইটালিৰকাৰাগাৰৰ চিকিৎসকজনেও মুকলিকৈ গ্ৰামছিৰ মৃত্যুহে কামনা কৰিছিল৷
কাৰাগাৰত গ্ৰামছিয়ে পঢ়া-শুনাৰ সুযোগ পাইছিল৷ তেওঁৰ বন্ধু বিশ্বখ্যাত অৰ্থনীতিবিদ পিয়েৰো স্ৰফাই গ্ৰামছিৰ পঢ়া-শুনাৰ বাবে সমস্ত লাগতিয়াল কিতাপ-পত্ৰ যোগান ধৰাৰ বাবে এখন দোকান বন্দৱস্ত কৰি দিছিল৷ স্ৰফাক অৰ্থনীতি বিষয়ত গবেষণা কৰা বাবে গ্ৰামছিয়েই হেনো উৎসাহিত কৰিছিল৷ তদুপৰি কাৰাগাৰত তাতিয়ানাই গ্ৰামছিক বিভিন্ন ধৰণে সহায় কৰিছিল৷ পঢ়া-শুনাৰ সুযোগ পালেও দুবছৰলৈ গ্ৰামছিক লিখা-মেলাৰ সুযোগ দিয়া নহৈছিল৷ শেষপৰ্যন্ত তেওঁ এই সুযোগ পালে৷ কাৰাগাৰৰ নিসংগতাৰ মাজত ইতিহাস, দৰ্শন, ৰাজনীতি, সমাজতত্ত্ব, ভাষাতত্ত্ব, সংস্কৃতি, পুঁজিবাদী ব্যৱস্থাৰ পৰিৱৰ্তিত ৰূপ আদি বিষয়ত বিশালাকাৰ মুঠ তেত্ৰিছটা টোকা ৰচনা কৰে৷ কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ ক্ৰমাৱনতি ঘটে৷ তেওঁ যক্ষ্মা, বাত, পট্ছ ৰোগ, ৰাজহাড়ৰক্ষয়ৰোগত আক্ৰান্ত হয়৷ স্ৰফাৰ জৰিয়তে গ্ৰামছিৰ মেডিকেল প্ৰতিবেদন সংবাদপত্ৰত প্ৰকাশ পায়৷ গ্ৰামছিৰ মুক্তিৰ দাবীত বিশ্বজোৰা জনমত গঢ়ি উঠে৷ পেৰিছত ৰ’মা ৰোলা, আঁৰি বাৰবুস প্ৰমুখ্যে বিখ্যাতলোকসকল গ্ৰামছিৰ মুক্তিৰ দাবীত সোচ্চাৰ হয়৷ ১৯৩৫ চনৰ আগষ্টত দিবাৰাত্ৰি চোকা পহৰাৰ মাজত ৰোমৰ এখন ক্লিনিকত তেওঁক ভৰ্তি কৰা হয়৷ অতিপাত ভগ্ন স্বাস্থ্যৰ বাবে তেওঁৰ লিখা-মেলা বন্ধ হৈ যায়৷ শাস্তিৰ কিছু ৰেহাইৰ বাবে ১৯৩৭ চনৰ ২১ এপ্ৰিলত তেওঁৰ মুক্তিৰ দিন স্থিৰ হৈছিল৷ সেই সময়ত তেওঁৰ স্বাস্থ্য অতিশয় বেয়াৰ ফালে ঢাল খায় ৷ ২৭ এপ্ৰিলৰ দিনা এইজন বিপ্লৱী কমিউনিষ্ট নেতাৰ মৃত্যু হয় ৷
ফেচিবাদৰ পতন গ্ৰামছিয়ে দেখা নাপালে৷ বহিৰ্বিশ্বৰ স’তে সম্পৰ্কহীন হৈয়ো তেওঁ মাৰ্ক্সবাদী তত্ত্ব আৰু পদ্ধতিৰে ঘটনাপ্ৰৱাহৰ সূত্ৰ আৰু পৰিণতি অনুধাৱন কৰিব পাৰিছিল৷ ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ এৰি গ’ল এক অমূল্য সম্পদ— কাৰাগাৰৰ টোকা৷ টোকাবোৰ তাতিয়ানাই গোপনে কাৰাগাৰৰ বাহিৰলৈ আনি প্ৰকাশৰ বাবে মস্কোলৈ পঠিওৱাৰ ব্যৱস্থা কৰে৷ ইটালিত এতিয়া গ্ৰামছি গবেষণা কেন্দ্ৰ গঢ়ি উঠিছে৷ কেৱল ‘কাৰাগাৰৰ টোকা’-ই নহয়, তেওঁৰ কাৰাজীৱনৰ পূৰ্বৰ লিখনিসমূহো গুৰুত্বপূৰ্ণ আৰু তাৰ অবিচ্ছিন্ন অংশ৷ কাৰাগাৰৰ টোকাবোৰ ৰচনাৰ প্ৰস্তুতিপৰ্বত গ্ৰামছিয়ে এখন চিঠিত তাতিয়ানাক কৈছিল, ‘যাউতিযুগীয়া কিবা এটা কৰাৰ ভাবনাত মই বিভোৰ হৈ আছোঁ….নিৰ্দিষ্ট এক আঁচনি অনুসৰণ কৰি গভীৰ আৰু প্ৰণালীবদ্ধভাৱে কিছুমান বিষয়ত মই আত্মনিয়োগ কৰিব বিচাৰো, য’ত মই সম্পূৰ্ণ নিমগ্ন হ’ব পাৰোঁ আৰু মোৰ ভিতৰখন উন্মুক্ত কৰিব পাৰোঁ৷’
সম্প্ৰতি উত্তৰ আধুনিকতাবাদৰ যি পয়োভৰ ঘটিছে, কোনো কোনোৱে গ্ৰামছিৰ অৱদানক তাৰ সৈতে সাঙুৰিব বিচাৰে৷ কিছুমানে আকৌ গ্ৰামছি-চৰ্চাক একপ্ৰকাৰ চৌখিনতা হিচাপে অপবাদ দিব বিচাৰে৷ এনে দৃষ্টিভংগী সঠিক নহয়৷ বৰং আজিও বিশ্ব-ইতিহাসৰ গতি-প্ৰকৃতি, সমাজ ৰূপান্তৰৰ গতিবিজ্ঞান উপলব্ধিৰ বাবে এইগৰাকী মাৰ্ক্সবাদী পণ্ডিতৰ চিন্তাৰাজি অত্যন্ত প্ৰাসংগিক আৰু উপযোগী বুলি ক’ব পাৰি ৷
এজন সক্ৰিয় কমিউনিষ্ট বিপ্লৱী হিচাপে
গ্ৰামছিৰ গৱেষণাৰ কেন্দ্ৰবিন্দুত আছিল শ্ৰেণী দৃষ্টিকোণ৷ তেওঁ শ্ৰেণীক ‘ঐতিহাসিক গোট’ (historicalbloc)বুলি অভিহিত কৰিছিল৷ কেতবোৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেদি শ্ৰেণীবিশেষৰ সমাজত আধিপত্য (hegemony) প্ৰতিষ্ঠা হয়৷ আধিপত্য অবিহনে শ্ৰেণীশাসন বৰ্তি থাকিব নোৱাৰে৷ কাৰ্ল মাৰ্ক্সৰ তত্ত্বৰো এয়া মূল কথা৷মাৰ্ক্সে তেওঁৰ ‘ৰাজনৈতিক-অৰ্থনীতিৰ সমালোচনামূলক মন্তব্য'(Critique of political economy)-ত সমাজ-বিকাশৰ সূত্ৰৰ যি চমৎকাৰ বিশ্লেষণ তুলি ধৰিছে, সেয়া যুগ-যুগান্তৰৰ বাবে এক অমোঘ সত্য হিচাপে পৰিগণিতহৈছে৷বিকাশৰ বিভিন্ন পৰ্যায়ত সমাজৰ উৎপাদন পদ্ধতি(mode of production)-ৰ ভিত্তিতে সমাজখনৰ স্বৰূপ বুজা যায়৷ এই উৎপাদন পদ্ধতিৰ দুটা দিশ থাকে৷ উৎপাদিকা শক্তি আৰু উৎপাদন সম্পৰ্ক৷ কল-কাৰখানা, ভূমি, কেঁচামাল,শ্ৰমশক্তি আদি হৈছে উৎপাদিকা শক্তি৷ উৎপাদন প্ৰক্ৰিয়াত যিসকল যুক্ত হয় তথা উৎপাদন প্ৰক্ৰিয়াৰ যোগেদি সৃষ্ট সম্পদৰ ভাগ-বাটোৱাৰাক কেন্দ্ৰ কৰি গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক হৈছে উৎপাদন সম্পৰ্ক৷ অৰ্থাৎ উৎপাদিকা শক্তিৰ গৰাকী পুঁজিপতি, জমিদাৰ আদিৰ স’তে শ্ৰমিক, কৃষক আদি শ্ৰমকাৰী মানুহৰ সম্পৰ্ক৷ এই উৎপাদন সম্পৰ্কৰ ভিত্তিতে একোখন সমাজৰ ৰাজনৈতিক, আদৰ্শগত, আইনগত, সাহিত্য-সংস্কৃতিগত আদি উপৰিসৌধ গঢ়ি উঠে৷ নিৰ্দিষ্ট উৎপাদন সম্পৰ্কক এই উপৰিসৌধে ৰক্ষণাবেক্ষণ দিয়ে৷ উৎপাদিকা শক্তিৰ বিকাশৰ লগত সংগতিপূৰ্ণ হৈ থকা পৰ্যন্ত এই সম্পৰ্ক অব্যাহত থাকে৷ এটা সময়ত উৎপাদিকা শক্তিৰ সৈতে উৎপাদন সম্পৰ্ক খাপ নোখোৱা হয়৷ উৎপাদিকা শক্তিৰ বিকাশৰ ক্ষেত্ৰত পুৰণি সম্পৰ্ক বাধা হৈ থিয় দিয়ে৷ পুৰণি ব্যৱস্থাটো ভাঙি পেলোৱাৰ গত্যন্তৰ নোহোৱা হয়৷ পৰিণতিত একোটা সমাজ-বিপ্লৱৰ মাজেদি নতুন উৎপাদন পদ্ধতি কাৰ্যকৰী হয়৷ লগে লগে উপৰিসৌধটোৰ সংগতিপূৰ্ণ পৰিৱৰ্তন হয়৷ এইধৰণে ইতিহাসত আদিম জনজাতীয় সমাজৰ পৰা দাস, সামন্তবাদী আৰু পুঁজিবাদী সমাজৰ আবিৰ্ভাৱ হৈছে৷ পুঁজিবাদৰ পৰৱৰ্তী ব্যৱস্থা হৈছে সমাজতান্ত্ৰিক সমাজব্যৱস্থা৷মাৰ্ক্সৰএই ক্ষেত্ৰতে এটা গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণক গ্ৰামছিয়ে গভীৰভাৱে বিশ্লেষণ কৰিছিল৷ বিকাশৰ স্থল থকা পৰ্যন্ত পুৰণি সমাজ ভাঙি নপৰে ৷ গতিকে ধৰা-বন্ধা ছকেৰে সমাজ-বিপ্লৱ সংঘটিত নহয়৷ লেনিনে মাৰ্ক্সৰ তত্ত্ব বিকশিত কৰি বাস্তৱ অৱস্থাৰ সঠিক বিশ্লেষণ কৰে আৰু ১৯১৭ চনৰ অক্টোবৰ বিপ্লৱ সফলভাৱে সম্পন্ন কৰে৷ মাৰ্ক্সবাদৰ সঠিক প্ৰয়োগৰ বাবেই সেয়া সম্ভৱ হৈছিল৷ সেইবাবেই গ্ৰামছিয়ে মাৰ্ক্সবাদক ‘কৰ্মকাণ্ড বা প্ৰয়োগৰ দৰ্শন’ (Philosophy of praxis) বুলি অভিহিত কৰিছিল। গ্ৰামছিৰ মতে অক্টোবৰ বিপ্লৱ কেৱল ৰাজনৈতিক বিজয় নহয়, এয়া এক মতাদৰ্শগত বিজয় বুলিও ক’ব লাগিব৷
ওপৰৰ কথাখিনি এক বিশেষ কাৰণতে অৱতাৰণা কৰা হৈছে৷ ছোভিয়েট ৰাছিয়াত সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ এশ বছৰৰো অধিক কালৰ পাছত কিম্বা চীন বিপ্লৱৰ সত্তৰ বছৰৰ পাছতো আমি উন্নত পুঁজিবাদী দেশ বা তৃতীয় বিশ্বৰ দেশবোৰত সমাজতন্ত্ৰৰ বিশেষ অগ্ৰগতি দেখা নাই৷ বৰং ৰাছিয়া আৰু পূৰ্ব ইউৰোপত সমাজতন্ত্ৰৰ পতন হৈছে আৰু পুঁজিবাদৰ উত্থান হৈছে৷ শক্তিৰ ভাৰসাম্য সমাজতন্ত্ৰৰ পক্ষে সলনি হোৱা নাই বৰং সামগ্ৰিকভাৱে সমাজতন্ত্ৰৰ পশ্চাদপসৰণ ঘটিছে৷ সমাজতন্ত্ৰৰ বিপৰ্যয় আৰু পশ্চাদপসৰণ সম্পৰ্কত যোৱা শতিকাৰ ত্ৰিছৰ দশকতে ৰচিত গ্ৰামছিৰ টোকাত সন্নিৱিষ্ট এটা বিষয় ই এম এছ নাম্বুদ্ৰিপাদে উল্লেখ কৰিছে৷ ‘আমেৰিকানবাদ আৰু ফোৰ্ডবাদ (Americanism and Fordism)’শীৰ্ষক টোকাৰ আধাৰত তেখেতে কৈছে যে উৎপাদনৰ ক্ষেত্ৰত উন্নত পুঁজিবাদী দেশবোৰৰ তুলনাত সমাজতন্ত্ৰই যি শ্ৰেষ্ঠত্ব অৰ্জন কৰিব লাগিছিল, সেই ক্ষেত্ৰত দুৰ্বলতা আছিল৷ তদুপৰি দ্বিতীয় বিশ্বযুদ্ধোত্তৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই বিজ্ঞান-প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিপুল অগ্ৰগতি সাধন কৰে৷ ছোভিয়েট ৰাছিয়াই সমাজতন্ত্ৰ নিৰ্মাণৰ বিভিন্ন সমস্যা, মতাদৰ্শগত দুৰ্বলতাবোৰৰ উপৰিও এই ক্ষেত্ৰত সময়োপযোগী পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলে৷ একেটা প্ৰেক্ষাপটতে আজি আমি মন কৰা উচিতযে যোৱা চাৰিটা দশকত সমাজতান্ত্ৰিক চীন প্ৰজাতন্ত্ৰই বিজ্ঞান-প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শ্ৰেষ্ঠত্বক প্ৰত্যাহ্বান জনাইছে৷ সাম্প্ৰতিক বাণিজ্যিক যুদ্ধ তাৰেই পৰিণতি৷
গ্ৰামছি চিন্তাৰ আলোকতে আন এটা দিশলৈ দৃষ্টি ৰখা উচিত৷ পুঁজিবাদী আৰু প্ৰাক-পুঁজিবাদী ব্যৱস্থাৰ ক্ষেত্ৰত পুৰণি ব্যৱস্থাৰ গৰ্ভতে নতুন উৎপাদিকা শক্তিৰ যুগপৎ উৎপাদিকা সম্পৰ্কৰো বিকাশ হয়৷ কিন্তু সমাজতন্ত্ৰৰ ক্ষেত্ৰত তেনে নহয়৷ সেয়েহে আজি উৎপাদনে অভূতপূৰ্ব সামাজিক চৰিত্ৰ লাভ কৰিলেও উৎপাদন সম্পৰ্কৰ সংগতিপূৰ্ণ ৰূপান্তৰ ঘটা নাই৷ স্বাভাৱিক-স্বতঃস্ফূৰ্তভাৱে সামাজিক মালিকানাৰ উদ্ভৱ নহয়৷ শ্ৰমিক শ্ৰেণীয়ে নিপীড়িত সকলো শ্ৰেণীক নেতৃত্ব দিয়াৰ উদ্দেশ্যে নিজক প্ৰস্তুত কৰিব লাগিব৷ সমাজত শোষিত শ্ৰেণীৰ আধিপত্য প্ৰতিষ্ঠা কৰিব লাগিব৷
গ্ৰামছিৰ ৰচিত টোকাত আধিপত্য (hegemony) আৰু প্ৰাধান্য(domination)-ৰ বিষয়টিয়ে বিশেষ স্থান লাভ কৰিছে৷ ৰাষ্ট্ৰশক্তি অৰ্থাৎ সামৰিক আৰু তাৰ অন্যান্য উপাংগবোৰ প্ৰয়োগৰ যোগেদি শোষক শ্ৰেণীয়ে নিজ প্ৰাধান্য ৰক্ষা কৰে৷ গ্ৰামছিয়ে ইয়াক ৰাজনৈতিক সমাজ (political society) আখ্যা দিছে৷ কিন্তু কেৱল এই শক্তি যথেষ্ট নহয়৷ অধীনস্থ বৃহত্তৰ শ্ৰেণীবোৰৰ পৰা এই কামৰ বাবে এক সন্মতি (consent)আদায় কৰিবলগীয়া হয়৷ এই সন্মতি আদায়ৰ যোগেদি শাসক শ্ৰেণীয়ে সমাজত নিজ আধিপত্য বজাই ৰাখে৷ ‘নাগৰিক সমাজ(civil society)’-ৰ পৰা এই সন্মতি আদায় কৰা প্ৰয়োজন হয়৷ ৰাজনৈতিক আৰু নাগৰিক সমাজৰ এক দ্বান্দ্বিক সম্পৰ্ক সদা বিদ্যমান৷ শাসক শ্ৰেণীয়ে নিজৰ বিশ্ববীক্ষাকে এক স্বাভাৱিক, অনিবাৰ্য আৰু চিৰন্তন সত্য হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰে৷ একেদৰে সামাজিক, পৰম্পৰাগত বিশ্বাস,জীৱন প্ৰণালী, অনুভূতি, মূল্যবোধ আদিৰ এক সুষম সমাহাৰ অৰ্থাৎ সামগ্ৰিকভাৱে সমাজৰ সাংস্কৃতিক গাঁথনিক শাসক শ্ৰেণীয়ে প্ৰভাৱিত কৰে৷
গ্ৰামছিৰ ইতিহাস আৰু সংস্কৃতিৰ সমস্যাৱলী শিৰোনামৰ অন্তৰ্গত ‘বুদ্ধিজীৱী সম্পৰ্কে’টোকাটি অত্যন্ত ভাবোদ্দীপক৷ তেওঁ ঐতিহাসিক গোট (historical bloc) বা শ্ৰেণীৰ প্ৰেক্ষাপটতে বুদ্ধিজীৱী সম্পৰ্কে ব্যাখ্যা কৰিছে৷ তেওঁ বুদ্ধিজীৱীসকলক ৰাজনৈতিক আৰু নাগৰিক সমাজৰ মধ্যস্থতাকাৰী(mediating) অংশ হিচাপে উপস্থাপন কৰিছে৷ তেওঁলোক শাসক শ্ৰেণীৰ আধিপত্য বলবৎ কৰা অধঃস্তন কাৰ্যবাহী৷ বুদ্ধিজীৱীসকলে একোটা শ্ৰেণীৰ পক্ষে নাগৰিক সমাজৰ ‘সন্মতি’আদায় কৰে৷ যিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱেও সন্মতি প্ৰদান নকৰে তেওঁলোকক ৰাষ্ট্ৰই ‘আইনগত’শক্তিৰে সৈমান কৰে৷
নতুন উৎপাদন ব্যৱস্থাক প্ৰতিনিধিত্ব কৰা মূলগত শ্ৰেণীয়ে নিজ স্বাৰ্থ সাপেক্ষে সামাজিক, ৰাজনৈতিক, পেছাদাৰী, বৈজ্ঞানিক, সাহিত্যিক আদি বুদ্ধিজীৱীৰ বিভিন্ন স্তৰবিশিষ্ট এক তন্ত্ৰ বিকশিত কৰে৷ উদ্ভৱৰ লগে লগে পুঁজিপতি শ্ৰেণীয়েও অনুৰূপভাৱে ৰাজনৈতিক-অৰ্থনীতিৰ বিশেষজ্ঞ, নতুন সংস্কৃতিৰ সংগঠক, নতুন আইনগত ব্যৱস্থাৰ সৃষ্টি কৰে৷ গ্ৰামছিয়ে দুভাগত বিভক্ত কৰা বুদ্ধিজীৱীৰ এটা অংশ হৈছে ‘জৈৱ’ (organic)আৰু আনটো হৈছে ‘পৰম্পৰাগত’ (traditional)’বুদ্ধিজীৱী৷ পৰম্পৰাগত বুদ্ধিজীৱীসকল পূৰ্বাপৰ আদৰ্শগত স্তৰৰ স’তে একাত্ম৷ এই অংশই প্ৰচলিত ব্যৱস্থাৰ প্ৰতি সংহতি প্ৰকাশৰ উপৰি নিজ অৱস্থানৰ বাবে গৌৰৱবোধ কৰে৷ পুৰোহিততন্ত্ৰই সুদীৰ্ঘকাল বিদ্যালয়, শিক্ষা, ন্যায়, নৈতিকতা, দাতব্য,শুভাশুভ নিৰ্ণয় আদিকে ধৰি ধৰ্মীয় আদৰ্শৰ ক্ষেত্ৰত একাধিপত্য কৰিছিল৷ পাছলৈ ক্ৰমে প্ৰশাসনিক কাৰ্যবাহী, বিদ্যাবিদ, বৈজ্ঞানিক, তাত্ত্বিক আদি অনা-পুৰোহিততান্ত্ৰিক সম্ভ্ৰান্ত শ্ৰেণীৰ সৃষ্টি হয়৷ উদীয়মান শ্ৰেণীৰ বিকাশৰ সমান্তৰালভাৱে তাৰ স্বাৰ্থ সাপেক্ষে সৃষ্টি হোৱা বুদ্ধিজীৱীৰ অংশটো হৈছে জৈৱ বুদ্ধিজীৱী৷ গ্ৰামছিয়ে এইক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ দিশ তুলি ধৰিছে৷ কৃষকৰ মাজৰ পৰা অন্যান্য শ্ৰেণীৰ বুদ্ধিজীৱী সৃষ্টি হ’লেও, কৃষকৰ নিজৰ কোনো ‘জৈৱ’বুদ্ধিজীৱী অংশ ইতিহাসত গঢ়লৈ উঠা নাই৷ গ্ৰামছিৰ মতে আধিপত্য তথা প্ৰাধান্য প্ৰত্যাশী উদীয়মান শ্ৰেণীয়ে এক জৈৱ বুদ্ধিজীৱী অংশ গঢ়ি তোলা অপৰিহাৰ্য৷ শ্ৰমিক শ্ৰেণীৰ বিপ্লৱী কৰ্মকাণ্ডত এই দিশটি অত্যন্ত তাৎপৰ্যপূৰ্ণ৷
‘শিক্ষা সম্পৰ্কে’আলোচনাত গ্ৰামছিয়ে কৈছে যে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ কেৰোণ পাঠ্যক্ৰম নহয়, সামাজিক বিন্যাসহে৷ শিক্ষা ব্যৱস্থা শ্ৰেণীৰ ঊৰ্ধত নহয়৷ পৰম্পৰাগত বুদ্ধিজীৱী পৰিয়ালৰ শিশু অন্যান্যসকলতকৈ আগবঢ়া৷ পৰিয়ালৰ পৰিৱেশতে এক সহজাত গুণ তেওঁলোকে আয়ত্ত কৰে৷ একেদৰে শ্ৰমিকৰ সন্তানে কাৰখানাত আৰু কৃষকৰ ঘৰৰ শিশুৱে গ্ৰাম্য সমাজত সহজে অভ্যস্ত হয়৷ তেওঁলোকৰ বহুতে ভাবে, শিক্ষাৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা ‘কিটিপ’ (trick)আছে৷ সেইটো নজনাৰ ফলত তেওঁলোকৰ শিশু পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হয় আৰু অতিপাত কষ্ট কৰিব লগীয়া হয়৷ এইসকল ছাত্ৰৰ বাবে শাৰীৰিক-মনস্তাত্ত্বিক অনুশীলনৰ প্ৰয়োজন৷ অধ্যয়নো এটা কাম৷ তাৰ বাবে স্নায়ু,পেশী আৰু বৌদ্ধিক কচৰৎ প্ৰয়োজন৷ দীৰ্ঘসময় একেৰাহে বহি পঢ়া-শুনা কৰাৰ বাবে ধৈৰ্য থাকিব লাগিব৷ এটা নিৰ্দিষ্ট পৰ্যায়লৈকে মুখস্থ কৰা লেখিয়া আমনিদায়ক কাম শিশুৱে কৰিব লাগে৷ কিন্তু পাছলৈ এই অভ্যাস পৰিহাৰ কৰা উচিত৷ ইয়াৰ পৰা স্পষ্ট হয় যে অপৰম্পৰাগত সামাজিক শ্ৰেণীয়ে বিশেষজ্ঞ সমন্বিতে নিজা এক ‘জৈৱ’বুদ্ধিজীৱী স্তৰ গঠন কৰা সঁচাকৈ এক কঠিন কাম৷ গ্ৰামছিয়ে ভাষাৰ ক্ষেত্ৰতো কিছু মনকৰিবলগীয়া দিশ তুলি ধৰিছে ৷
‘ৰাজনীতি সম্পৰ্কে’টোকাত ‘আধুনিক নৃপতি’, ‘ৰাষ্ট্ৰ আৰু নাগৰিক সমাজ’, ‘আমেৰিকানবাদ আৰু ফোৰ্ডবাদ’আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হৈছে৷ প্ৰতিটো বিষয় গভীৰ অধ্যয়ন আৰু অন্তৰ্দৃষ্টিৰ ফল৷ গ্ৰামছিৰ অধ্যয়নৰ এটা বহুচৰ্চিত বিষয় হৈছে, ‘নিৰ্লিপ্ত বিপ্লৱ’ (passive revolution)৷মাৰ্ক্সৰ ঐতিহাসিক বস্তুবাদী তত্ত্ব অনুসাৰে উৎপাদিকা শক্তি আৰু উৎপাদন সম্পৰ্কৰ দ্বান্দ্বিক স্বৰূপ শ্ৰেণী বিৰোধৰ মাজৰে প্ৰকাশ পায়৷ কিন্তু উৎপাদিকা শক্তিৰ অবিৰাম বিকাশৰ ফলত সম্পৰ্কত সৃষ্ট বিৰোধ চূড়ান্ত শ্ৰেণী সংঘাতৰ দ্বাৰা মীমাংসা নহ’লে শাসক শ্ৰেণীয়ে কেতবোৰ পৰিৱৰ্তন নিজাববীয়াকৈ সাধন কৰি এই বিৰোধক অৱশোষণ (absorb) কৰে৷ অৰ্থাৎ পুৰণি শ্ৰেণী-শাসন অব্যাহত ৰাখি নতুন বিকাশৰ বাস্তৱতাক সামৰি লয়৷ ‘আমেৰিকানবাদ আৰু ফোৰ্ডবাদ’শীৰ্ষক টোকাত মাৰ্কিন যুক্তৰাষ্ট্ৰত এনে ‘নিৰ্লিপ্ত বিপ্লৱ’ (passive revolution)-ৰ পুনৰাবৃত্তি ঘটাৰ বিষয়ে তেওঁ উল্লেখ কৰিছে৷ উচ্চ বেতনভোগী শ্ৰমিক-কৰ্মচাৰীৰএকোটা স্তৰ সৃষ্টিৰ মাজেদি শ্ৰেণী বিৰোধক নিশকতীয়া কৰি পুঁজিবাদে পৰিত্ৰাণৰ পথ বিচাৰে৷ ৰৈখিক গাঁথনিগত (structural) ৰূপান্তৰৰ নিৰ্ধাৰণবাদী বিভ্ৰান্তিমূলক অৱধাৰণাটোৰ খুঁত বা দুৰ্বলতা ইয়াৰ পৰা স্পষ্ট৷
শ্ৰেণীযুদ্ধত ‘অৱস্থানগত যুদ্ধ’ (war of position)আৰু ‘প্ৰত্যক্ষ আক্ৰমণ’ (war of manoeuvre বা frontal attack)-ৰ অৱধাৰণাটো যদিও যুদ্ধোত্তৰ ইউৰোপৰ ক্ষেত্ৰত গ্ৰামছিয়ে অৱতাৰণা কৰিছিল, পাছলৈ সৰ্বত্ৰ এই ধাৰণা সমাদৃত হৈছে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰাম সম্পৰ্কে গ্ৰামছিয়ে কৈছে যে গান্ধীৰ ইংৰাজৰ বিৰুদ্ধে অপ্ৰত্যক্ষ প্ৰতিৰোধ (passive resistance) এক অৱস্থানগত যুদ্ধ আছিল৷ ‘বয়কট’অৱস্থানগত যুদ্ধ আছিল৷ আনহাতে,’হৰতাল’আছিল আন্দোলনগত যুদ্ধ (war of movement)৷স্বাধীনতা সংগ্ৰামৰ সশস্ত্ৰ ধাৰাটিৰ কথাও গ্ৰামছিয়ে উল্লেখ কৰিছে৷ কিন্তু আমি জানো, গান্ধীজী ইয়াৰ পক্ষে নাছিল৷ অৱস্থানগত যুদ্ধত অগণন মানুহে আত্মত্যাগ কৰিবলগীয়া হয়৷ এই যুদ্ধত বিজয়ৰ তাৎপৰ্য ইয়াতে যে শ্ৰেণীযুদ্ধত এই বিজয় নিৰ্ণায়ক৷ চূড়ান্ত আঘাত বা প্ৰত্যক্ষ আক্ৰমণৰ পূৰ্বেই এই বিজয় সাব্যস্ত হয়৷ যেন শত্ৰুৰ মূল দুৰ্গ দখলৰ পূৰ্বে তাৰ শক্তিৰ আধাৰবোৰ দখল কৰি পেলোৱা৷ গ্ৰামছিৰ মতে এয়া আজি আমি উপনীত হোৱা ৰাজনৈতিক-ঐতিহাসিক পৰিস্থিতিৰ চূড়ান্ত পৰ্যায় (culminating phase)৷ সেয়েহে আমাৰ দেশকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ মাৰ্ক্সবাদীসকলে অৱস্থানগত যুদ্ধৰ ওপৰত গুৰুত্ব দি আহিছে ৷
‘আধুনিক নৃপতি’ (Modern Prince)হিচাপে গ্ৰামছিয়ে কমিউনিষ্ট পাৰ্টিৰ কথাকে ক’ব বিচাৰিছে৷ মেকিয়াভেল্লীৰ ‘প্ৰিন্স’গ্ৰন্থৰ সূত্ৰ ধৰি আধুনিক প্ৰিন্স বা নৃপতিৰ ভূমিকা অৱলোকন কৰিছে৷ মেকিয়াভেল্লী ইতিহাসত খলনায়ক হিচাপেই পৰিচিত৷ গ্ৰামছিয়ে কৈছে যে অপবাদ সত্ত্বেও বাস্তৱিক ৰাজনৈতিক ক্ষেত্ৰত সকলোৱে মেকিয়াভেল্লীৰ শাসন বিধানকে কাৰ্যকৰী কৰে৷ ৰাজ্য স্থাপন আৰু তাক ৰক্ষাৰ কেতবোৰ দিহা তেওঁ দি গৈছে৷ স্থানান্তৰত গ্ৰামছিয়ে ইতিহাসত ছীজাৰ আৰু নেপোলিয়ন ১ম-ৰ ভূমিকা যোগাত্মক হিচাপে তুলি ধৰিছে৷ সি যি কি নহওক, বিপ্লৱৰ কৰ্মসূচীত শ্ৰমিক-কৃষক মৈত্ৰীৰ বিষয়টোৰ গুৰুত্ব অপৰিসীম৷ লেনিনৰ মতে শ্ৰমজীৱী মানুহৰ বিশ্বজুৰি বিজয়ৰ পূৰ্বচৰ্ত হৈছে এই মৈত্ৰী৷ এই প্ৰেক্ষাপটতে তেওঁ জেকোবিনসকলৰ মচিব নোৱৰা অৱদানৰ সপ্ৰশংস উল্লেখ কৰিছে৷ আধুনিক নৃপতি অৰ্থাৎ কমিউনিষ্ট পাৰ্টিৰ এই মৈত্ৰী গঠনৰ দায়িত্ব সৰ্বাধিক৷
গ্ৰামছিৰ মতে একোটা ৰাজনৈতিক দল এটা সামাজিক গোট (Social Bloc)-ৰ নামান্তৰ ৷ সমাজত পাৰ্টিৰ উপাদানবোৰ জৈৱিকভাৱেই অৱস্থিত৷ মূলতঃ তিনিটা উপাদানেৰে পাৰ্টি গঠিত হয়৷ প্ৰথমটো হৈছে গণ উপাদান—যি শৃংখলা আৰু আস্থাৰে অংশগ্ৰহণ কৰে৷ দ্বিতীয়টো হৈছে জাতীয়স্তৰত বিভিন্ন শক্তিক সুসংবদ্ধ আৰু শৃংখলাবদ্ধ কৰি কাৰ্যক্ষম ৰূপত গঢ়ি তোলা মূল উপাদান—যাক জেনেৰেল ষ্টাফ বা অগ্ৰণীবাহিনী বোলা হয়৷ এই দুই উপাদানৰ মধ্যস্থতাকাৰী তৃতীয় এটা উপাদান অপৰিহাৰ্য৷ব্যক্তিগত সংযোগৰ উপৰি এই অংশই নৈতিকভাৱে(morally) আৰু বৌদ্ধিকভাৱে (intellectually) সংযোগ ৰক্ষা কৰে৷ এই তিনিটা উপাদান প্ৰয়োজনীয় অনুপাতত থাকিলে সৰ্বোত্তম কাৰ্যক্ষমতা লাভ কৰিব পাৰি৷ পাৰ্টিক এক ‘জৈৱতন্ত্ৰ (organism) হিচাপে গঢ়ি তোলা প্ৰয়োজন৷ গণতান্ত্ৰিককেন্দ্ৰিকতাৰক্ষেত্ৰতো গ্ৰামছিয়ে ‘জৈৱিকতা’ (organicity) কথা কৈছে৷ তৃতীয় আন্তৰ্জাতিকৰ সংগঠনৰ মূল নীতিৰ সৈতে ই সাযুজ্যপূৰ্ণ৷ আমোলাতান্ত্ৰিকতা, ব্যক্তিবাদ এই জৈৱিকতাৰ স’তে খাপ নাখায়৷ তদুপৰি পাৰ্টি দম্ভ (conceit) সৰ্বদা ঘৃণা কৰা উচিত, কাৰণ এই দম্ভই বাস্তৱ তথ্য অস্বীকাৰ কৰে ৷
নিৰ্বাচনী সংগ্ৰাম সন্দৰ্ভত গ্ৰামছিয়ে এটা ব্যতিক্ৰমী মন্তব্য কৰিছে৷ সাধাৰণতে এটা আক্ষেপ শুনা যায় যে নিৰ্বাচনত সংখ্যাই সকলো নিৰ্ধাৰণ কৰে৷ পণ্ডিত আৰু অজলা বা নিৰক্ষৰ এজনৰো ভোটৰ মূল্য একেটা৷ গ্ৰামছিৰ মতে এইটো সত্য নহয়৷ তেওঁৰ বক্তব্য হ’ল নিৰ্বাচনত সক্ৰিয় সংখ্যালঘুএমুঠিমান মানুহৰ মতামতৰ যুক্তিযুক্ততা, ইতিহাসসিদ্ধতা আৰু কাৰ্যকাৰিতা বিস্তৃতভাৱে পতিয়ন নিয়াৰ ক্ষমতাহে জোখা হয়৷ প্ৰতিটো চিন্তাৰ উদ্ভৱ, বিচ্ছুৰণ, প্ৰসাৰ, পতিয়ন নিয়া ক্ষমতাৰ একোটা কেন্দ্ৰস্থল থাকে যি ৰাজনৈতিক ৰূপত তাক উপস্থাপন কৰে৷ ভোট গণনা হৈছে এই প্ৰক্ৰিয়াৰ অন্তিম ‘উৎসৱ’ (ceremony)৷
‘সামূহিক ইচ্ছা’ (Collective will)সৃষ্টিৰ প্ৰসংগত তেখেতে কৈছে যে অগণন আলাপ-আলোচনা, প্ৰচাৰপত্ৰ, সংবাদপত্ৰ, পুথি, প্ৰবন্ধ, তৰ্ক-বিতৰ্ক আদিৰ মাজেৰে সামূহিক ইচ্ছাৰ সৃষ্টি হয়৷ এংগেলছেও বিভিন্ন শক্তিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সামগ্ৰিক ফলাফলক ঐতিহাসিক ঘটনা হিচাপে শক্তিৰ সমান্তৰালক্ষেত্ৰ (parallelogram of forces)-ৰ কৰ্ণৰ আৰ্হিত ব্যাখ্যা কৰিছিল৷
বিপ্লৱৰ বাবে দীৰ্ঘকালীন প্ৰস্তুতিৰে স্থায়ীভাৱে সংগঠিত শক্তিক অনুকূল পৰিস্থিতিত প্ৰয়োগেইহৈছে নিৰ্ণায়ক৷ সেইবাবে প্ৰণালীবদ্ধভাৱে, অতিশয় ধৈৰ্যৰে এই শক্তিক বিকশিত, সুষম আৰু আত্মসচেতন কৰা অপৰিহাৰ্য৷ অনুকূল পৰিস্থিতি সম্পৰ্কে গ্ৰামছিৰ ইংগিত হৈছে নিম্নতম বাধাৰ পথ৷
মাৰ্ক্সবাদী দৰ্শনক গ্ৰামছিয়ে ‘কৰ্মকাণ্ড বা প্ৰয়োগৰ দৰ্শন’ (Philosophy of praxis) বুলি অভিহিত কৰিছে৷ এই দৰ্শন সৰ্বসাধাৰণ মানুহে ঢুকি নোপোৱা পণ্ডিতপ্ৰবৰৰ উৰ্বৰ মস্তিস্কৰ সৃষ্টি নহয়৷ বৰং সৰ্বসাধাৰণ মানুহৰ দৈনন্দিন সংগ্ৰামৰ মাজৰ পৰা ইয়াৰ উদ্ভৱ৷ মাৰ্ক্সবাদৰ প্ৰতিষ্ঠাতাসকলে লক্ষ্য কৰিছিল যে মানৱ-সভ্যতাৰ সকলো অভিনৱ সৃষ্টিৰ স্ৰষ্টা হৈছে শ্ৰমকাৰী মানুহ৷ গতিকে তত্ত্ব আৰু প্ৰয়োগ অংগাংগীভাৱে যুক্ত৷ মাৰ্ক্সবাদী দৰ্শনৰ ইয়েই সাৰমৰ্ম৷ গ্ৰামছিয়ে এই প্ৰসংগত মানুহৰ ধৰ্মচেতনা আৰু কাণ্ডজ্ঞান (common sense)-ক ঐতিহাসিক স্তৰৰ প্ৰেক্ষাপটত বিচাৰ কৰিছে৷ এই স্তৰৰ পৰা এইবোৰ পৰিশোধিত আৰু উত্তৰণৰ যোগেদি দৰ্শনৰ পৰ্যায়লৈ উত্তীৰ্ণ হয়৷ মাওজে দঙৰ ‘প্ৰয়োগ সম্পৰ্কে’নিবন্ধত আমি পাওঁ মাৰ্ক্সবাদীসকলে জনগণৰ সংগ্ৰামৰ পৰা শিক্ষা আহৰণ কৰি সেই শিক্ষাক পৰিশোধন কৰি তত্ত্বৰ ৰূপ দি পুনৰ জনগণৰ বিপ্লৱী সংগ্ৰামত প্ৰয়োগ কৰাৰ অমূল্য পৰামৰ্শ৷ তত্ত্ব আৰু প্ৰয়োগৰ এই দ্বান্দ্বিক ঐক্য অবিহনে বাস্তৱ সংগ্ৰামত সফলতা লাভ কৰিব নোৱাৰি৷ গ্ৰামছিৰ ‘প্ৰয়োগৰ দৰ্শন’সেয়েহে অত্যন্ত চিন্তাকৰ্ষক৷ তেওঁৰ ‘প্ৰয়োগৰ দৰ্শন’হৈছে ৰাজনৈতিক দৰ্শন৷ লেনিনে ৰাছিয়াত বিচক্ষণতাৰে প্ৰয়োগ কৰি বিশ্বত সমাজতন্ত্ৰৰ বাট মুকলি কৰিছিল৷ এই সমাজতান্ত্ৰিক শক্তিয়ে অশেষ মূল্যৰ বিনিময়ত ফেচিবাদক পৰাস্ত কৰি বিশ্বসভ্যতাক পৰিত্ৰাণ কৰে৷ তৎসত্বেও সমাজতান্ত্ৰিক নিৰ্মাণত বিচ্যুতি ঘটিছিল৷ গ্ৰামছিয়ে এই বিচ্যুতি তেওঁৰ জীৱনকালতে অনুধাৱন কৰিছিল আৰু সময়ত তেওঁৰ পূৰ্বানুমান সঁচা প্ৰমাণিত হৈছিল ৷
এইমাত্ৰ গ্ৰামচিৰ বিষয়ে লিখা সুন্দৰ প্ৰবন্ধটো পঢ়িলোঁ । গ্ৰামচিৰ সম্পৰ্কত অসমীয়াত সম্ভৱতঃ আলোচনা হৈছে অতি কম । অভিনন্দন ।