আমাৰ জীৱন পৰিক্ৰমাত গ্ৰহৰ প্ৰভাৱ আৰু তাৰ প্ৰতিকাৰ ।। হিতেন ৰয়
মুক্ত চিন্তা, ১০ বৰ্ষ, ৫ম সংখ্যা
ছ’চিয়েল মিডিয়াৰ প্ৰভাৱে আজি আমাৰ অধিকাংশ মানুহৰে মনোযোগ আৰোপৰ সময় একেবাৰে কমাই আনিছে। বাহিৰা কিতাপ পত্ৰতো বাদেই আনকি ফেইচবুক আদি মাধ্যমত অলপ দীঘল হ’লেই লেখা নপঢ়ে। আনুষ্ঠানিক শিক্ষাত আমি যিখিনি পঢ়োঁ তাৰ উপৰিও জীৱনত জানিবলগীয়া বহু কথা ৰৈ যায়। অধ্যয়নৰ অভাৱত অন্ধবিশ্বাসকে বহুতে জ্ঞানৰ আলোক বুলি ভাবি থাকে। সৰু সৰু কথা হ’লেও আশাকৰোঁ এই লেখা আপুনি ধৈৰ্যৰে পঢ়িব।
গ্ৰহৰ দোষ বুলি ক’লে প্ৰথমে নৱগ্ৰহৰ কথাই মনলৈ আহে। জ্যোতিষশাস্ত্ৰৰ মতে এই ৯টা গ্ৰহ হ’ল— সূৰ্য, চন্দ্ৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। আকাশত থকা এই ৯টা গ্ৰহই ৯ গৰাকী দেৱতাক প্ৰতিনিধিত্ব কৰে। পৃথিৱীত বসবাস কৰা মানুহৰ জীৱনৰ ওপৰত এই গ্ৰহসমূহে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গ্ৰহদোষৰ বাবে বহুতৰে বিবাহত খেলি-মেলি হয়, চাকৰি প্ৰাপ্তি নহয়, বেমাৰ-আজাৰ হৈ থাকে, দুৰ্ঘটনা আদি হৈ থাকে। বহুতেই ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰে। মোৰ চিনাকি ছাৰ আৰু বাইদেউৰ উচ্চ শিক্ষিত পুত্ৰৰ চাকৰি হওঁ হওঁ হয়— কিন্তু শেষ মুহূৰ্তত নহয়গৈ। সেয়ে কোনোবা জ্যোতিষীৰ পৰা পঞ্চাশ হেজাৰৰো অধিক টকাৰ ৰত্ন ধাৰণ কৰিছে। সংস্থাপন অৱশ্যে অদ্যপি হোৱা নাই।
আপুনি নিশ্চয় বিদ্যালয়ৰ পাঠ্যপুথিত গ্ৰহ আৰু নক্ষত্ৰৰ বিষয়ে পঢ়িছে। ৰাতিৰ আকাশত তিৰবিৰাই থকা তৰাবোৰেই হ’ল নক্ষত্ৰ। নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে। গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, ই নক্ষত্ৰৰ চাৰিওফালে ঘূৰে। নক্ষত্ৰৰ পোহৰ গ্ৰহত পৰি প্ৰতিফলিত হয় বাবে আমি ৰাতিৰ আকাশত স্থিৰ হৈ জ্বলি থকা দেখা পাওঁ। অৰ্থাৎ এতিয়া আমাৰ কাৰো দ্বিমত নাই যে নৱগ্ৰহ বুলি জ্যোতিষশাস্ত্ৰই কোৱা ৯টা গ্ৰহৰ প্ৰথম গ্ৰহ সূৰ্য এটা নক্ষত্ৰহে, ই গ্ৰহ নহয়। অতীতত মানুহে ভাবিছিল যে পৃথিৱীখন স্থিৰ, বাকী গ্ৰহ বোৰে পৃথিৱীৰ চাৰিওফালে ঘূৰে। এতিয়া আমি দেখিলোঁ চন্দ্ৰৰ বাদে কোনেও পৃথিৱীৰ চাৰিওফালে নুঘূৰে। পৃথিৱীৰ লগতে সৌৰজগতৰ বাকী গ্ৰহসমূহে সূৰ্যৰ চাৰিওফালেহে ঘূৰে। পৃথিৱী, ইউৰেনাচ আৰু নেপচুন এই তিনিটা গ্ৰহৰ নাম নৱগ্ৰহৰ তালিকাত নাই। গতিকে সূৰ্যক আজিৰ দিনতো নৱগ্ৰহৰ প্ৰথমটো গ্ৰহ বুলি ভবাটো আৰু সকলোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি ধৰি জ্যোতিষশাস্ত্ৰমতে মানুহৰ ৰাশিচক্ৰ চোৱাটো ভুল নহ’বনে? যোগ অংক কৰোঁতে আমাৰ যদি সংখ্যাৰ একক, দহক আদি স্থানৰ জ্ঞান নাথাকে, অংকটো যদি ভুলকৈ পাতোঁ, তাৰ উত্তৰ ভুলেই ওলাব। আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে (নাইবা যদি শিক্ষক হয়) ল’ৰা-ছোৱালীক সূৰ্য এটা গ্ৰহ নে নক্ষত্ৰ বুলি শিকাব? জ্যোতিষশাস্ত্ৰমতে নৱগ্ৰহৰ নাম শিকাব নে সৌৰজগতৰ আঠটা গ্ৰহৰ নাম শিকাব? কথা এটা সকলো ক্ষেত্ৰতে একে হ’ব নালাগিবনে? আমি স্কুলত শিকাম এটা, বাস্তৱত নিজে মানিম এটা ই কেনেকুৱা কথা হ’ব?
ৰাহু আৰু কেতুৰ কথা
জনশ্ৰুতি অনুসৰি দেৱতাসকলে যেতিয়া সমুদ্ৰ মন্থন কৰি অমৃত উলিয়াইছিল তেতিয়া স্বৰভানু নামৰ এক অসুৰে লুকাই চাই আছিল আৰু মনে মনে কেইটোপাল মান অমৃত সেৱন কৰিছিল। আকাশত থকা চন্দ্ৰ আৰু সূৰ্যই তেওঁক অমৃত খোৱা দেখা পালে। লগে লগে কথাটো বিষ্ণুদেৱক জনালে। বিষ্ণুৱে ভাৱিলে কথা বিষম। অসুৰে যদি অমৃত খায় সিয়ো অমৰ হৈ যাব। গতিকে পলম নকৰি নিজৰ সুদৰ্শন চক্ৰৰে অসুৰৰ ডিঙি কাটি দেহটো দুই টুকুৰা কৰি পেলালে। কিন্তু অসুৰটোৱে ইতিমধ্যে অলপমান অমৃত খোৱা বাবে তাৰ মূৰটো ৰাহু আৰু মূৰ নোহোৱা দেহটো কেতু হিচাপে অমৰ হৈ ৰ’ল। সি অমৃত খোৱা কথাটো চন্দ্ৰ আৰু সূৰ্যই কৈ দিয়া বাবে সিদিনাৰ পৰা সুবিধা পালেই চন্দ্ৰ আৰু সূৰ্যক খাই দিয়ে। সেই কাৰণে সময়ে সময়ে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ হৈ থাকে।
জ্যোতিষশাস্ত্ৰত নৱগ্ৰহৰ তালিকাত ৰাহু আৰু কেতুৰ কথা পোৱা যায়। সূৰ্য নক্ষত্ৰ যদিও তেতিয়া গ্ৰহ বুলিয়ে ধৰা হৈছিল। এই তালিকাত পৃথিৱী, ইউৰেনাচ, নেপচুনক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আৰু আজি আমি দৃঢ়তাৰে ক’ব পাৰোঁ ৰাহু আৰু কেতু বুলি কোনো গ্ৰহ নাই, আজিলৈ আৱিষ্কাৰ হোৱা নাই।
ওপৰেদি যেতিয়া এৰোপ্লেন এখন উৰি যায়, খেলপথাৰৰ দৰে সমতল ঠাই, বিল বা সাগৰৰ পানীত ছাঁ পৰে, ছাঁটোও দেখিবলৈ এৰোপ্লেনৰ দৰেই হয়। দেখাত একে হ’লেও ছাঁটো কিন্তু এৰোপ্লেন হ’ব নোৱাৰে।
সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে পৃথিৱীৰো এটা ছাঁ থাকিব। এই ছাঁটো যেতিয়া চন্দ্ৰৰ ওপৰত পৰে, চন্দ্ৰটো অন্ধকাৰ হৈ পৰে। সেইটোৱে চন্দ্ৰগ্ৰহণ। ঠিক তেনেদৰে চন্দ্ৰৰ ছাঁ যেতিয়া পৃথিৱীত পৰে বা চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে আমি সূৰ্য্যটোক নেদেখা হৈ যাওঁ। যাক সূৰ্যগ্ৰহণ বুলি কওঁ। ৰেলৰ আণ্ডাৰগ্ৰাউণ্ড ক্ৰছিংবোৰত যেতিয়া আমি তলেদি পাৰ হওঁ, মাজ অংশত দিনৰ ভাগতো ঘিটমিটিয়া আন্ধাৰ হয়, আমি খালি চকুৰে নেদেখাৰ দৰে হওঁ। প্ৰকাণ্ড গ্ৰহই যদি সূৰ্যৰ পোহৰ তিৰপালৰ দৰে ঢাকি ধৰে মাজনিশাৰ দৰে আন্ধাৰ হ’বই।
এৰোপ্লেনখন উৰি যাওঁতে যিদৰে তাৰ ছাঁটোও তলে তলে গৈ থাকে, পৃথিৱী আৰু চন্দ্ৰৰ ছাঁ দুটাও গৈ থাকে। এই ছাঁ দুটাই হ’ল ৰাহু আৰু কেতু। মহাকাশত ইহঁতৰ কোনো অৱস্থিতি পোৱা নাযায় সেয়ে ইয়াক ছায়া গ্ৰহ বুলি কোৱা হয়।
দিনৰ ভাগত আপুনি পৃথিৱীৰ যি ঠাইলৈ নাযাওক আপোনাৰ ছাঁটোও লগে লগে যাব। আপুনি মানুহ কিন্তু আপোনাৰ ছাঁটোক মানুহ বুলি মৰ্যাদা দিব নোৱাৰি। হওঁতে আমাৰ সমাজত বহুলোকে জ্যেষ্ঠজনৰ গাৰ ছাঁটো গচকি পাৰ নহয়। বা গাৰ ছাঁ পৰা স্থানত ভাতৰ কাঁহীখন লৈ ভাত নাখায়। ছাঁটোৱে কাৰোবাক প্ৰতিনিধিত্ব কৰে বাবে সন্মান জনাই গচকি নিদিয়ে, এইটো বেলেগ বিষয়। যিহেতু আপোনাৰ ছাঁটোৱে কথা ক’ব, কাৰোবাক মাৰিব বা কাটিব নোৱাৰে, সেইদৰে এৰোপ্লেন এখনৰ ছায়াই মানুহ কঢ়িয়াব নোৱাৰে সেয়ে ছাঁক মানুহ বা এৰোপ্লেন বুলি স্বীকৃতি দিব নোৱাৰি। একেই দৃষ্টিৰে পৃথিৱী আৰু চন্দ্ৰৰ ছাঁটোক গ্ৰহ বুলি স্বীকৃতি দিব নোৱাৰি।
জ্যোতিষীয়ে যুগুতাই দিয়া জন্মকুণ্ডলী (আখৰা, কোষ্ঠী) খনত আপোনাৰ জন্ম লগ্ন অনুসৰি একাদশত বৃহস্পতি, প্ৰথম স্থানত কেতু, দ্বিতীয়ত ৰাহু আছে। এতিয়া আপুনিয়ে ভাবকচোন অস্তিত্বহীন এই গ্ৰহ দুটাই আপোনাৰ জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব?
শনি আৰু আনকেইটা গ্ৰহৰ কথা
ৰাহু আৰু কেতুৰ পাছতেই এতিয়া অমংগলীয়া শনিগ্ৰহ, বা বাকী গ্ৰহসমূহৰ কথালৈ অহা যাওক। ৰবি আৰু চন্দ্ৰৰ বাদে বাকী গ্ৰহসমূহ আমি ৰাতিৰ আকাশত সৰু সৰু তৰাৰ ৰূপতহে দেখা পাওঁ। আমি যদি ১০০ জন মানুহ মুকলি আকাশৰ তলত থিয় হওঁ, সূৰ্য বা চন্দ্ৰৰ পোহৰ সকলোৰে গাত সমানে পৰিব। লক্ষ কিল’মিটাৰ দূৰৰ গ্ৰহৰ পৰা যি সামান্য পোহৰ পৃথিৱীলৈ আহে সিও সকলোৰে গাত সমানে পৰিব। এনেকুৱা কেতিয়াও হ’ব নোৱাৰে যে আমি থিয় হোৱা ১০০ জনৰ মাজৰ পৰা বাছি বাছি ১০জনৰ গাত ৰবি(সূৰ্য্য)ৰ, ১০ জনৰ গাত চন্দ্ৰৰ, ১০জনৰ গাত শনিৰ পোহৰ পৰিব আৰু নিৰ্দিষ্ট সেই দহজনৰ জীৱন বিশৃংখল হৈ যাব। ৰ’দত থিয় হ’লে যদি ১০ জনৰ গৰম লাগে, বাকী ৯০জনৰো লাগিব। গাৰ চাল ক’লা পৰিলে ১০০ জনৰে পৰিব। ৰবিৰ দশা চলি থকা বুলি ভবা ১০ জনে যদি হাতত কৌটিটকীয়া আঙুঠি পিন্ধে, সেই আঙুঠিটোৱে সূৰ্যৰ পোহৰৰ পৰা গাৰ চাল ক’লা নপৰাকৈ বা ওৰে দিন ৰ’দত থাকিলে বেমাৰ নোহোৱাকৈ ৰাখিব নোৱাৰে।
আপোনাৰ নিজৰ গাৰ ছাঁটোৱে আপোনাৰ ক্ষতি কৰে জানো? গ্ৰহৰ দোষ বিশ্বাস কৰা মানে আপুনি ঈশ্বৰ, জীৱৰ আত্মা, পৰজনম আদি কথাবোৰো বিশ্বাস কৰে। আৰু আপোনাৰ সেই বিশ্বাসৰ ভেটিতে যদি কওঁ যে ঈশ্বৰৰ দৃষ্টিত ভগৱত গীতাত কোৱা ৮৪ লক্ষ (আৰু বাস্তৱত থকা ৮৭ লাখ) প্ৰজাতিৰ জীৱ, সকলো সমান। তেনেদৰে আমি বসবাস কৰা পৃথিৱীখনৰ ছাঁটোৱে (ৰাহুৱে) পৃথিৱীত বসবাস কৰা ৮৭ লক্ষ প্ৰজাতিৰ জীৱৰ মাজত এক মাত্ৰ মানুহ নামৰ প্ৰজাতিৰ মাজৰ পৰা বাছি বাছি কেইজনমানকহে ক্ষতি কৰে। কিমাচৰ্য্যম।
মনত ৰাখিব, গ্ৰহৰ কোপদৃষ্টি আৰু তাৰ হেজাৰটকীয়া প্ৰতিকাৰ এটা ব্যৱসায়হে।
আপুনি নিজৰ শক্তি, সামৰ্থৰ ওপৰত বিশ্বাস ৰাখক। কোনো গ্ৰহৰ পোহৰে বা ছাঁয়ে আপোনাৰ ক্ষতি নকৰে। গতিকে আহক আমি নিজৰ মতে ভালে থাকিবলৈ যত্ন কৰোঁ আৰু সকলো মানুহৰে কেনেকৈ প্ৰকৃতাৰ্থত ভাল হয় তাৰ চেষ্টা কৰোঁ।