অতিথি সম্পাদকৰ কলম – গৌৰী শংকৰ দাস
“যুক্তি বিকাশ সমিতি, অসম”ৰ অনলাইন আলোচনী “মুক্ত চিন্তা”ৰ ষষ্ঠ বছৰৰ প্ৰথম সংখ্যাৰ “অতিথি সম্পাদকৰ শিতান”টোৰ সম্পাদনাৰ দায়িত্ব দিয়াৰ বাবে “আলোচনী পৰিয়াল”লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ সম্পাদনা সমিতিৰ লগত হোৱা আলোচনাৰ অন্তত এই সংখ্যাৰ বাবে “শৰীৰ, ব্যাধি আৰু অন্ধবিশ্বাস” বিষয়টি নিৰ্বাচিত কৰা হৈছিল । বৰ্তমানৰ প্ৰেক্ষাপটত এখন সুস্থ আৰু বিজ্ঞানমনস্ক সমাজ গঢ়াৰ স্বাৰ্থত বিষয়টিৰ অপৰিসীম গুৰুত্ব আছে বুলি বোধ কৰি তাৰেই এইবাৰৰ শিতানটি সজাবলৈ প্ৰয়াস কৰিছোঁ।
গোলকীকৰণৰ এই সময়ত পূৰ্বে আৰ্জিত সীমিত জ্ঞানৰ ভেটিত ভৰ দি বিজ্ঞানে নিতৌ নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱন কৰি গৈ আছে ৷ বিজ্ঞান বুলি ক’লে কথাষাৰে কেৱল এখন ক্ষেত্ৰ বা এটা বিভাগ অথবা পঢ়াশলীয়া বিষয় এটাকে নুবুজায়৷ বিশ্ব-ব্ৰহ্মাণ্ডৰ পৰম সত্যই হৈছে বিজ্ঞান৷ বিজ্ঞান যুক্তি, প্ৰমাণ আৰু সত্যৰ ওপৰত আধাৰিত ৷ সহজ ভাষাত ক’বলৈ গ’লে আমি এনেদৰেও ক’ব পাৰোঁ যে – যিকোনো ক্ষেত্ৰৰ বা যিকোনো বিষয়ৰ অথবা যিকোনো এটা ধাৰণাৰ ওপৰত সঠিক মাত্ৰাত পৰীক্ষা-নিৰীক্ষা কৰি পোৱা সত্য আৰু যুক্তিসংগত তথ্যখিনি যিখিনি আমি মানৱ সভ্যতা আৰু পৰিৱেশৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰোঁ, সেয়াই বিজ্ঞান ৷
বিজ্ঞানৰ সৈতে অৱধাৰিতভাৱে আহি পৰা এটা ধাৰণা হৈছে বিজ্ঞানমনস্কতা৷ বিজ্ঞানে বা বৈজ্ঞানিক চিন্তা চৰ্চাই মানুহৰ মনত ক্ৰিয়া কৰিবলৈ লোৱাৰেপৰা “বিজ্ঞানমনস্কতা” ধাৰণাটোৰ উৎপত্তি হৈছে৷ বিজ্ঞানমনস্কতাক সহজকৈ এটা দৃষ্টিভংগীও বুলিব পৰা যায় যিটোৱে ব্যক্তি এজনক বিষয় এটাৰ ওপৰত মূল্যাংকন কৰাৰ পৰত সত্য আৰু যুক্তিৰ পথত অটল কৰি ৰাখে৷ অৰ্থাৎ বিজ্ঞানমনস্কতাৰে লোৱা সিদ্ধান্ত এটা সৰ্বদা সকলোৰে বাবে হিতকৰ হয়৷ মানৱ সমাজক এই সময়ত আটাইতকৈ বেছিকৈ প্ৰয়োজন হোৱা ধাৰণাটোৱেই হৈছে “বিজ্ঞানমনস্কতা”৷ বিজ্ঞানমনস্কতাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি আমি আলোচনাৰ বাবে “শৰীৰ, ব্যাধি আৰু অন্ধবিশ্বাস” বিষয়টোক লৈ কিছুমান দিশৰ ওপৰত আলোকপাত কৰোঁচোন আহক৷
আজিৰপৰা বহুবছৰৰ আগতে যেতিয়া চিকিৎসাবিজ্ঞানৰ বিশেষ অগ্ৰগতি হোৱা নাছিল, এণ্টিবায়টিকৰ আৱিষ্কাৰ হোৱা নাছিল, মানুহে ৰোগৰ প্ৰকৃত কাৰণসমূহ জানিব পৰা হোৱা নাছিল সেই সময়ত মানুহে ৰোগৰ কাৰণ বিচাৰি দিকভ্ৰান্ত হৈ সিবোৰক কোনোবা কাল্পনিক অপশক্তিৰ প্ৰভাৱ বা কোনো দেৱতা-চয়তানৰ কৰ্ম বুলি বিশ্বাস কৰি লৈছিল৷ এইধৰণৰ কথাবোৰ এতিয়া প্ৰায় সকলোৰে বিদিত সেয়ে সিবোৰৰ ওপৰত বিশেষ চৰ্বিত-চৰ্বণ নকৰি মূল কথালৈ আহোঁ৷ এণ্টিবায়টিকৰ আৱিষ্কাৰৰ পৰা আজিলৈকে অনেক দিন পাৰ হৈ গ’ল৷ মানুহে ৰোগৰ কাৰকসমূহৰ বিষয়ে জানিলে, নব্য-নতুন যন্ত্ৰপাতিৰে চকুৰে নমনা জীৱাণুবোৰ আমি চাব পৰা হ’লোঁ, ক্ষুদ্ৰাতিক্ষুদ্ৰ ভাইৰাছ এটালৈকে বিচাৰি উলিয়াই তাৰ জিনীয় বিন্যাসৰ বিষয়ে অধ্যয়ন কৰি সিবোৰক মানৱ জাতিৰ কল্যাণৰ হকে প্ৰয়োগ কৰিব পৰা হ’লোঁ যদিও এতিয়াও আমাৰ মাজতে এনে বহুলোক আছে যিসকলে ৰোগৰ কাৰকবোৰ কিছুমান অপশক্তিৰ প্ৰভাৱ, গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ বুলি মানি চলে অথবা কিছুমান প্ৰাকৃতিক শৰীৰবৃত্তীয় প্ৰক্ৰিয়াক যুক্তিৰে বিচাৰ নকৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰী দৃষ্টিৰে চাই বা মানি চলিহে ভাল পায়৷ বিশ্বায়নৰ এই সময়তো আমাৰ মাজত এনে চিন্তাৰ মানুহ সোমাই থকাটো অতি পৰিতাপৰ কথা৷ উদাহৰণস্বৰূপে ভেৰিঅ’লা ভাইৰাছৰ সংক্ৰমণৰ ফলত “বৰ আই” ৰোগত মানুহ আক্ৰান্ত হয়৷ ই এটা অতি ভয়ানক ৰোগ যিটোৱে এটা সময়ত হাজাৰ হাজাৰ মানুহৰ প্ৰাণনাশ কৰিছিল৷ বৰ আইৰ ছিটা ওলোৱাৰ আগতে মানুহে ভাৱিছিল এয়া কোনোবা অপশক্তিৰ কাম বা কিছুমান ঠাইত এইটোক “শীতলা আই”ৰ কোপদৃষ্টিৰ ফল বুলি ভাৱি মানুহে শীতলা আইক সন্তুষ্ট কৰিবলৈ সকাম পাতিছিল, ভোগ আদি দি আইক সন্তুষ্ট কৰি আক্ৰান্তজনক আৰোগ্য কৰিবলৈ ব্যৰ্থ চেষ্টা কৰিছিল৷ বিজ্ঞানৰ আৱিষ্কাৰৰ ফলতেই বৰ আই এতিয়া সম্পূৰ্ণৰূপে নিৰ্মূল হ’ল। কিন্তু দুখৰ বিষয় এইটোহে যে এতিয়াও আন দুবিধ বসন্ত ৰোগৰ বাবে সকাম পতা, ভোগ বা মাননী দিয়া আদি কাম বহুতেই চলাই আছে৷ পিছতহে কেতিয়াবা চিকিৎসকৰ কাষ চাপে যেতিয়া ৰোগে ভয়ানক ৰূপ লয়৷ বিজ্ঞান শিক্ষাৰ প্ৰভাৱ নপৰা আৰু বিজ্ঞানমনস্কতাৰ অভাৱত থকা লোকসকলে এইটো কৰিলে আমি তাৰ কাৰণ বিচাৰি পাওঁ, কিন্তু যেতিয়া বিজ্ঞান শিক্ষাৰে শিক্ষিত এজনে এনে কৰোঁতে প্ৰশ্ন কৰা হয় তেতিয়া এটা অতি সুচতুৰ উত্তৰ লাভ কৰা যায়৷ তেওঁলোকে এই সমগ্ৰ কাৰবাৰটোক এনেকৈ মান্যতা দিব খোজে যে ভোগ বা মাননী আদিত প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু ভিটামিন আদি থাকে সেয়ে মাননী দিয়াটো শৰীৰৰ বাবে উপকাৰী আৰু লগতে সকাম পতাতো আমাৰ পৰম্পৰা৷ অৰ্থাৎ আওপকীয়াকৈ তেওঁলোকেও অন্ধবিশ্বাসক মান্যতা দিবলৈ বিচাৰে৷ এইটো কৰিবলৈ যাওঁতে তেওঁলোকে বিজ্ঞানৰ তত্ত্ব একোটাৰ কিয়দংশ বুজি লৈ তাক অস্ত্ৰোপচাৰ কৰি তাৰে সৈতে অন্ধবিশ্বাসক মিহলি কৰি এক অদ্ভুত খিচিৰি তৈয়াৰ কৰি পৰিৱেশন কৰে যাৰ প্ৰতি বিজ্ঞানমনস্কতাৰ অভাৱত কালাতিপাত কৰা লোকসকল সহজেই আকৰ্ষিত হৈ পৰে আৰু সেই ভুল পথেৰেই বাট বুলিবলৈ বেছি ভাল পায়৷ এই সমগ্ৰ কাৰবাৰটো বিজ্ঞানমনস্কতাৰ পৰিপন্থী৷ এইধৰণৰ কৰ্মকাণ্ডই মানুহক প্ৰকৃত সত্যৰপৰা আঁতৰাই ৰাখি মানসিক উত্তৰণত প্ৰবল বাধাৰ সৃষ্টি কৰে৷
আন এটা সৰু উদাহৰণৰ সহায় লওঁচোন আহক। বিজ্ঞানে এইটো কথা স্পষ্টকৈ প্ৰমাণ কৰিছে যে মানুহৰ ভৱিষ্যতৰ ওপৰত কাৰোৰে একো নিয়ন্ত্ৰণ নাথাকে৷ অধ্যৱসায়ৰ দ্বাৰা আমি ভৱিষ্যতটো উন্নত কৰিবলৈ প্ৰয়াসহে কৰিব পাৰোঁ মাথোঁ৷ আমাৰ ভাগ্য বা destiny বুলিও একো নাই, কপালৰ লিখন আৰু পূৰ্বজন্মৰ ফল বোলা কথাবোৰ প্ৰকৃততে হাস্যকৰহে৷ কিন্তু তথাপিও আমি চকু ঘূৰালেই কেউফালে দেখিবলৈ পাওঁ গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ হাতৰ আঙুলিত যদি কোনোৱে গ্ৰহৰত্ন পৰিধান কৰিছে কোনোৱে আকৌ ভাগ্য পৰিৱৰ্তন কৰিবলৈ হাতত পিন্ধিছে কোনোবা বাবাজীয়ে দিয়া মন্ত্ৰঃপূত জৰীৰ এটা নুৰা৷ কোনোবাই শনিবাৰ মংগলবাৰৰ ব্ৰত পালন কৰিছে বা কোনোবাই মন্দিৰ-দৰগাহ আদিত দান দিবলৈ শাৰী পাতিছেগৈ৷ এই গোটেই কাৰবাৰটো আমি বিজ্ঞানসন্মত দৃষ্টিভংগীৰে পৰ্যালোচনা কৰিলে দেখা পাওঁ যে এইবোৰৰপৰা কেতিয়াও কাৰোৰে একো পৰিৱৰ্তন হোৱা নাই৷ মাত্ৰ তেওঁলোকে এইবোৰ কৰি এটা মানসিক তৃপ্তিহে লাভ কৰে যিটো তৃপ্তি লাভৰ স্পৃহাৰ জন্ম হৈছে বিজ্ঞানমকস্কতা আৰু যুক্তিবাদী চিন্তাৰ অভাৱৰ কাৰণেহে৷ সৰু উদাহৰণ এটাৰে যদি চাওঁ – কোনোবা এজন ব্যক্তিয়ে বাৰে বাৰে মৌখিক পৰীক্ষাত অনুত্তীৰ্ণ হৈ নিবনুৱা হৈ আছে৷ তেওঁ ক্ৰমাৎ মানসিকভাৱে ভাগি পৰাটো স্বাভাৱিক কথা৷ এনে সময়ত যদি কোনোবা জ্যোতিষীয়ে বিধান দিয়ে যে আপুনি অমুকটো গ্ৰহৰত্ন পৰিধান কৰিলে আপোনাৰ ভাগ্যৰ পৰা শনিৰ দশা নোহোৱা হ’ব তেতিয়া যদি তেওঁৰ বিজ্ঞানমনস্কতাৰ অভাৱ হয় তেতিয়া তুৰন্তে জ্যোতিষীৰ জালত ভৰি দিয়াৰ সম্ভাৱনাই বেছি ৷ চতুৰ বেপাৰীসকলে সততে মানুহৰ এই মানসিক অৱস্থাটোৰ সুযোগ লয়৷ বিজ্ঞানমনস্কতাই মানুহক এইখিনিতে সহায় কৰে৷ মানসিকভাৱে ভাগি পৰা অৱস্থাতো বিজ্ঞানমনস্ক লোক এজনে বুজিব পাৰে যে তেওঁৰ কিবা গুণৰ অভাৱতহে পৰীক্ষাত অনুত্তীৰ্ণ হৈছে, সেইখিনিৰ উত্তৰণ ঘটিলেই তেওঁ সফল হ’ব, সেইক্ষেত্ৰত কোনো গ্ৰহ-নক্ষত্ৰৰ দোষৰ কথা নাহে৷
আকৌ এটা উদাহৰণ যদি চাওঁ – মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে পালন কৰা বা কৰিবলৈ বাধ্য হোৱা অবিজ্ঞানসন্মত নিয়মবিলাক। আজিৰ তাৰিখত আমাৰ মাজত এনে লোকৰ সংখ্যাই হয়তো সৰহ যিসকলে মাহেকীয়াৰ সময়ছোৱাত মহিলা এগৰাকীক অস্পৃশ্য বা চুৱা যোৱা বুলিয়েই গণ্য কৰে৷ তিনিদিনৰ ৰক্তক্ষৰণৰ অন্তত কিছুমান নীতি-নিয়মৰ মাজেদিহে পুনৰ স্বাভাৱিক জীৱন কটোৱাৰ নিয়ম আমাৰ মাজৰেই অধিকাংশ মহিলাৰ৷ তাৰ মাজত বিজ্ঞান শিক্ষাৰে শিক্ষিত মহিলাৰ সংখ্যা আমি সমানুপাতত দেখিবলৈ পাওঁ ৷ কিন্তু প্ৰকৃত সত্যটো হ’ল ঋতুস্ৰাৱ এটা নিতান্তই প্ৰাকৃতিক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া যিটো বংশবৃদ্ধিৰ বাবে প্ৰয়োজনীয়৷ ঋতুকালীন সময়ছোৱাত যোনীপথেৰে তেজ, জৰায়ুৰ অন্তঃআৱৰণৰ কিছু অংশ আৰু অনিষিক্ত ডিম্বাণু আদি ওলাই আহে৷ এসময়ত মহিলাসকলেই ঘৰৰ সকলো কাম কৰিবলগীয়া হৈছিল, আজিৰ দৰে চেনিটেৰী নেপকিনৰ সুবিধা নাছিল বাবে ক্ষৰিত ৰক্ত য’তে-ত’তে লাগিব পাৰে বুলি কিছুমান কাম কৰিবলৈ নিদিছিল কাৰণ সেই সময়ছোৱাত মানুহৰ মাজত বিজ্ঞানমনস্কতাৰ অভাৱ আছিল৷ তেওঁলোকে ঋতুকালীন সময়ত ক্ষৰিত ৰক্তক লেতেৰা বুলি ভুলকৈ বিশ্বাস কৰিছিল৷ কিন্তু এতিয়া চেনিটেৰী নেপকিনৰ যুগত স্বাভাৱিক প্ৰক্ৰিয়া এটাক চুৱা বুলি মানি চলি তিনিদিন পাকঘৰত নোসোমোৱা, কিছুমান খাদ্য খোৱাত বাধা আৰোপ কৰাৰ বা তিনিদিনৰ পিছত কিবা নিয়ম পালন কৰাৰ কোনো যুক্তি নাই। এইদৰেও ক’ব পাৰি যে – যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱনৰ আৰম্ভণি হয়, যিটো প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ সকলোৰে জন্ম সেই প্ৰক্ৰিয়াটোক অস্পৃশ্য বা চুৱা বুলি কোৱাৰ যুক্তি ক’ত? এইধৰণৰ কামকাজে সমাজত মহিলাক সম অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে যুগে যুগে পুৰুষতান্ত্ৰিকতাৰ চিকাৰহে কৰি আহিছে৷ এই কথা আমি সকলোৱে অনুধাৱন কৰি তাৰ প্ৰতিকাৰৰ দিহা কৰিবৰ হ’ল৷
শৰীৰবৃত্তীয় প্ৰক্ৰিয়াবিলাকক লৈ অন্ধবিশ্বাস বা ৰোগ-ব্যাধিক লৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি নিৰক্ষৰৰপৰা শিক্ষিতলৈকে, গ্ৰামাঞ্চলৰপৰা চহৰলৈকে সকলোতে আছে৷ মাথোঁ ঠাই আৰু ব্যক্তিভেদে এইবোৰৰ ৰেহৰূপ সলনি হৈ থাকে৷ গাঁৱৰ ভিতৰুৱা ঠাইবোৰত বা চাহ বাগানৰ ভিতৰুৱা ঠাইবোৰত প্ৰেছাৰ ষ্ট্ৰ’ক হৈ দাঁতে মুখে লাগি ধৰি পৰি গ’লে সেয়া ভূতে লম্ভা বুলি ভৱা, দাঁত পোকে খালে (আচলতে সেয়া দন্তক্ষয় ৰোগহে) বেজৰ ওচৰত গৈ জাৰি পোক উলিওৱা, বদহজমি হৈ পেট ফুলিলে সেয়া মুখলগা বুলি জৰা পানী খোৱা, মাহেকীয়াৰ সময়ত জৰায়ুৰ সংকোচনৰ বাবে তলপেটৰ বিষ হ’লে সেয়া আলাশনিয়ে পোৱা বুলি ভবা, চিকিৎসাৰ অভাৱত কাৰোবাৰ মৃত্যু হ’লে সেয়া কোনোবা শতৰুৱে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা মৰা বুলি বিশ্বাস কৰা, সাপে খুঁটিলে বেজৰ হতুৱাই জৰোৱা, ডায়েৰীয়া হ’লে পানী খাবলৈ নিদিয়া, ছালৰ ৰোগ হ’লেই বসন্ত বুলি ঠাৱৰ কৰি চিকিৎসা নকৰোৱা, পুৰুষৰ ছাঁ মহিলাই গচকি যাব নাপায় বুলি ভবা, কেঁচুৱাই বৰকৈ কান্দিলে বেজৰ হতুৱাই তাবিজ দিওৱা আদিৰ দৰে হাজাৰোধিক অন্ধবিশ্বাসে ক্ৰিয়া কৰি আছে ৷ আনহাতে চহৰাঞ্চলত – মাহেকীয়াৰ সময়ত মহিলাক চুৱা বুলি গণ্য কৰা, ভাগ্য পৰিৱৰ্তন কৰিবলৈ জ্যোতিষীৰ চেম্বাৰত ভিৰ কৰা, শনিবাৰ মংগলবাৰে মন্দিৰত শাৰী পাতি মনোকামনা পূৰণৰ যোগাৰ কৰা, কি ৰঙৰ গাড়ী কিনিলে মংগল হ’ব তাৰ বিধান জ্যোতিষীৰপৰা লোৱা, ঘৰ সজোৱাৰ পূৰ্বে ভূমি-পূজন কৰা, ফেংচুইৰ দিহামতে ঘৰ সজোৱা, সাপ্তাহান্তিক ব্ৰত পালন কৰি মংগল কামনা কৰা, জণ্ডিছৰ মালা দিয়া মানুহ বিচাৰি গাঁৱত উপস্থিত হোৱা, আই সকাম পতা, মনসা পূজা কৰা আদি লোকৰ সংখ্যা গ্ৰামাঞ্চলৰ সৈতে একেই অনুপাতত আমি দেখিবলৈ পাওঁ৷ একবিংশ শতিকাৰ পৃথিৱীত এয়া অতিশয় হতাশাজনক কথা৷
এইবোৰৰ মূল কাৰণসমূহ পৰ্যালোচনা কৰিলে কিছুমান কথা চকুত পৰে৷ জুইৰ আৱিষ্কাৰৰে পৰা মানুহে আজিলৈকে বিজ্ঞান চৰ্চা কৰিছে যদিও বিজ্ঞানৰ আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহক ভোগবাদী মানসিকতাৰে সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে ব্যৱহাৰ কৰাতেই সীমাবদ্ধ হৈ থাকি সৰহসংখ্যক মানুহে ভাল পায়৷ বিজ্ঞানমনস্কতাৰে বিষয় এটাক চালিজাৰি চাই প্ৰকৃত সত্যখিনিক অনুধাৱন কৰাৰ কষ্টখিনি কৰাতকৈ বিফলতাৰ বাবে গ্ৰহ-নক্ষত্ৰ আদিক দায়ী বুলি ভাৱি গ্ৰহৰত্ন এটা পৰিধাৰ কৰি ভাল পায় লাগিলে এটাত সুফল নাপালে আৰু দুটা পিন্ধিব৷ এইসকলোবোৰ বিজ্ঞানমনস্কতাৰ অভাৱ আৰু যুক্তিবাদৰ প্ৰসাৰ সীমিত হৈ থকাৰ বাবে ঘটি আছে৷ বিজ্ঞানমনস্ক হ’বলৈ বিজ্ঞানৰ ছাত্ৰ হোৱাৰ প্ৰয়োজন নাই আৰু বিজ্ঞানৰ জটিল কথাবোৰ বুজাৰো প্ৰয়োজন নাই৷ যুক্তিৰে সত্যান্বেষণ কৰাই হৈছে বিজ্ঞানমনস্কতা লাগিলে সেয়া ৰোগ এটাৰ বেলিকাই হওক বা বিষয় এটাক সমালোচনা কৰাৰ বেলিকাই হওক কিম্বা নিৰ্বাচনত ভোটদান কৰাৰ বেলিকাই হওক৷ মানৱ সমাজৰ বৌদ্ধিক উত্তৰণৰ বাবে সকলোতকৈ প্ৰয়োজনীয় কিবা আছে যদি সেয়া হৈছে বিজ্ঞানমনস্কতা৷ বিজ্ঞানমনস্কতাইহে অন্ধবিশ্বাস কুসংস্কাৰ আদি দূৰ কৰি এখন সুস্থ সমাজ গঢ়ি আমাক দিব পাৰে৷ বিজ্ঞানমনস্কতাইহে উত্তৰ প্ৰজন্মৰ বাবে পৃথিৱীখন-সমাজখন বাসোপযোগী কৰি ৰখাৰ বাট মুকলি কৰি দিব পাৰে৷ সমাজৰ চুকে-কোণে সোমাই থকা অন্ধবিশ্বাস-কুসংস্কাৰ আদি দূৰ হৈ প্ৰতিজন নাগৰিক বিজ্ঞানমনস্ক চিন্তাৰে উদ্ভাসিত হৈ উঠি পৃথিৱীখন সুন্দৰ কৰি তোলক – আমি তাৰেই কামনা কৰিছোঁ৷