বিবিধ চিন্তা

‘তেওঁৰ সংগই আপোনাক এলেহুৱা হ’ব নিদিয়ে’: মোৰ বন্ধু গুগি ৱা থিয়ংঅ’ক সুঁৱৰি ।। মূল: ব্যেন অ’কৰি, অনুবাদ: তৰালী শৰ্মা

মুক্ত চিন্তা । ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা

(আফ্ৰিকান সাহিত্যৰ এজন বিশিষ্ট বিপ্লৱী,ঔপনিৱেশিকতাবাদ বিৰোধী সাহিত্যিক গুগি ৱা থিয়ংঅ’ ৰ যোৱা ২৮ মে’তাৰিখে দেহৱসান ঘটে। উক্ত লেখাটো ‘The Guardian’ ত ৩০ মে’ত প্ৰকাশ পাইছিল। গুগ ৱা থিয়ংঅ’ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ব্যেন ওকৰিৰ এই লেখাটোৰ জৰিয়তেই তেওঁক সুঁৱৰিছো।

থিয়ংঅ’ৰ জন্ম হৈছিল ১৯৩৮ চনত কেনিয়াত, তেতিয়া কেনিয়া ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত আছিল। লিমুৰু চহৰৰ কম আয়ৰ কৃষি শ্ৰমিকৰ এটা বৃহৎ পৰিয়ালত তেওঁ ডাঙৰ-দীঘল হৈছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়চোৱাত আফ্ৰিকাৰ বিভিন্ন অঞ্চলত কৃষ্ণাংগ লোকসকলৰ ওপৰত যি ধৰণৰ শাসন আৰু শোষণ হৈছিল সেয়া আছিল অতি অমানুষিক। থিয়ংঅ’ই ইংৰাজী ভাষাক প্ৰধান হিচাপে লৈ অধ্যয়ন কৰিছিল আৰু পিছলৈ নাইৰবিৰ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয়। তেখেতে উপলদ্ধি কৰিছিল যে এটা সম্প্ৰদায়ৰ মুক্তিৰ লগত তাৰ ভাষা, সংস্কৃতি, সাহিত্য আদি ওতঃপ্ৰোত ভাবে সম্পৰ্কিত। সেয়ে তেওঁ পিছলৈ তেওঁৰ সম্প্ৰদায়ৰ ভাষা কিকুইউতেই সাহিত্য চৰ্চা আৰম্ভ কৰে। কেৱল সেয়াই নহয় তেওঁলোকৰ লোকসংগীত, লোকনাট্য, লোককথাৰ প্ৰচাৰৰ বাবেও তেওঁ অহৰ্নিশে কাম কৰিছিল। তেওঁৰ কিছু উল্লেখযোগ্য গ্ৰন্থ ‘ Weep Not, Child’, ‘ The River Between’, ‘ A Grain of Wheat’, ‘ Devil on the Cross’, ‘Detained: A Writer’s Prison Diary’, ‘ Decolonising the Mind: The Politics of Language in African Literature’, ‘ Secure the Base: Making Africa Visible in the Globe’ । তেওঁৰ এই সৃষ্টিৰাজীয়ে প্ৰায় ছয় দশকজুৰি  তেওঁৰ দেশ কেনিয়াৰ ঔপনিৱেশিক শাসনৰ পৰা গণতন্ত্ৰলৈ ৰূপান্তৰিত হোৱাৰ এক দলিল ৰূপে বিবেচিত হৈ আহিছে। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়চোৱাত আফ্ৰিকাৰ জনগণৰ অবৰ্ণনীয় পীড়ণ আৰু দৰিদ্ৰ পিষ্ট অৱস্থাক থিয়ংঅ’ ই অতি বাস্তৱিক ৰূপত উপস্থাপন কৰিছে।)

বিংশ শতিকাৰ মাজভাগত আত্মপ্ৰকাশ কৰা আফ্ৰিকান লেখকসকলৰ ভিতৰত গুগি ৱা থিয়ংঅ’ আছিল নিঃসন্দেহে আটাইতকৈ বেছি ৰাজনৈতিক। ব্ৰিটিছ শাসনাধীন হৈ থকাৰ সময়তে কেনিয়াত জন্মগ্ৰহণ কৰা থিয়ংঅ’ আছিল ঔপনিৱেশিকতাবাদ বিৰোধী, কমিউনিষ্ট, একনায়কত্ববাদ বিৰোধী আৰু আফ্ৰিকান সাহিত্যত ব্যৱহাৰ কৰা আফ্ৰিকান ভাষাৰ প্ৰায় উগ্ৰ সমৰ্থক।

তেওঁৰ শ্ৰেষ্ঠ ৰচনাসমূহে ৰাজনৈতিক আৰু ব্যক্তিগত দৰ্শনৰ সংযোগবিন্দুতে অৱস্থান কৰে। তেওঁৰ প্ৰথমখন প্ৰবন্ধ সংকলন ‘হোমকামিং’ একে সময়তে আকৰ্ষণীয় আৰু বিতৰ্কিত। তেওঁৰ প্ৰাৰম্ভিক উপন্যাস ‘উইপ নট’, ‘চাইল্ড আৰু এ গ্ৰেইন অৱ হুইট’-এ ব্যক্তিগত জীৱনত ঔপনিৱেশিকতাবাদ আৰু মাউ মাউ বিদ্ৰোহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। তেওঁ ব্যক্তিগত আৰু অন্তৰংগ বিষয়বোৰত বিষ্ময়কৰ ভাবে অতুলনীয় আছিল, কিন্তু প্ৰথমে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে, তাৰ পিছত সত্তৰৰ দশকত কেনিয়াত একনায়কত্বৰ বিৰুদ্ধে তেওঁ লোৱা ৰাজনৈতিক স্থিতিৰ বাবে তেওঁৰ সুনাম অধিক বৃদ্ধি পাইছিল। তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল অসাধাৰণ ৰাজনৈতিক বিষয়ভিত্তিক গ্ৰন্থৰ বাবে নহয়, কিকুয়ুত পৰিৱেশন কৰা ‘আই উইল মেৰী ৱেন আই ৱাণ্ট’ নামৰ নাটকৰ বাবে। কাৰাগাৰত থকা সময়চোৱাত তেওঁ টয়লেট পেপাৰত নিজৰ স্মৃতিকথা লিপিবদ্ধ কৰি গৈছিল।

যেতিয়া মই তেওঁক প্ৰথম লগ পাইছিলো তেতিয়া মই আশা কৰিছিলো যে মই এজন সমাজবাদী বিপ্লৱীক লগ পাম কিন্তু তাৰ পৰিৱৰ্তে এজন প্ৰাণ চঞ্চল, মনোজ্ঞ ব্যক্তিৰ সন্মুখীন হৈছিলোঁ যিয়ে মোৰ কিছুমান লেখা পঢ়ি মোৰ প্ৰভাৱৰ বিষয়ে সুধিছিল। তেওঁৰ উষ্মা, তেওঁৰ হাস্যৰস আৰু তেওঁৰ আন্তৰিকতাই মোক সঁচাকৈয়ে বিস্ময়াভিভূত  কৰি তুলিছিল। কৃষ্ণাংগ, শ্বেতাংগ উভয়ৰে প্ৰতি তেওঁ সমভাৱাপন্ন আছিল। মানবিশিষ্ট পানীয় এটা ভাল পাইছিল, কথপোকথনবোৰ উপভোগ কৰিছিল আৰু সাহিত্যৰ লঘু বাৰ্তালাপৰ প্ৰতি তেওঁৰ এক বিশেষ আকৰ্ষণ আছিল।

লণ্ডনত থকা সময়ছোৱাত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁৰ বিষয়ে প্ৰথম মই জানিছিলো। আফ্ৰিকান চেণ্টাৰত তেওঁৰ ৰাজনৈতিক অনুগামী আৰু শুভাকাংক্ষীৰ এটা দল আছিল যিয়ে তেওঁৰ নিৰ্বাসনৰ সময়খিনি সহজ কৰিব তুলিব বিচাৰিছিল। তেওঁৰ লগত মই সাহিত্যৰ বিষয়ে কথা-বতৰা পাতিছিলোঁ। মই পঢ়া বিষয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। তেওঁৰ লগত হোৱা এটা বিশেষ বাৰ্তালাপ মোৰ মনত আছে। সেই সময়ত মোৰ প্ৰথম দুখন উপন্যাসহে প্ৰকাশ পাইছিলোঁ আৰু মই জীৱনৰ তৃতীয় দশকত উপনীত হৈছিলোঁ।

“আপুনি কি কি উপন্যাস পঢ়ে?”  তেওঁ সুধিছিল।

“আপোনাৰ সকলো।”

“আৰু কাৰ?”

“টলষ্টয়, দস্তয়েভস্কি।”

“ দস্তয়েভস্কিৰ কোনখন?”

“Crime and Punishment”

“আপুনি দ্বিতীয়খন উপন্যাস লিখাৰ আগতে নে পিছত সেইখন পঢ়িছিল?”

আৰু মই নিৰ্বাক হৈ পৰিলোঁ। প্ৰশ্নটোৱে মোক আগতে বিবেচনা নকৰা কথা এটাৰ প্ৰতি সচেতন কৰি তুলিলে: আপুনি পঢ়া কিতাপবোৰৰ মহত্ত্ব আৰু পঢ়াৰ পিছত লিখা কিতাপবোৰৰ মানদণ্ডৰ মাজৰ অন্তৰ্নিহিত সম্পৰ্ক। মোৰ হঠাৎ উপলব্ধি হ’ল যে মই লিখা উপন্যাসখনে মোৰ পঠনক ন্যায্যতা নিদিলে। মই যি উত্তৰ দিলোঁ, সেয়া আছিল অতি সংযত।

গুগিয়ে আপোনাক সাধাৰণ যেন লগা প্ৰশ্ন এটাৰে স্তম্ভিত কৰি পেলাব। তেওঁলোকে কৈছিল যে বাৰ্টল্ট ব্ৰেক্খতো তেনেকুৱাই আছিল। অতি মৃদুভাৱে গুগিয়ে আপোনাক আফ্ৰিকান সাহিত্য আৰু ভাষাৰ প্ৰামাণ্যতাৰ বিষয়ে কৰা অনুসন্ধানমূলক মন্তব্যৰ যুক্তিযুক্ত উত্তৰ উলিয়াবলৈ বাধ্য কৰাব। তেওঁৰ সংগই আপোনাক কেতিয়াও এলেহুৱা হ’ব নিদিয়ে।

মোৰ পুল খেলখনৰ প্ৰতিও তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিল আৰু কভেণ্ট গাৰ্ডেনৰ পাবত মোৰ লগত প্ৰায়ে বাজি লগাইছিল। এটা কাঠামোৰ মাজত আমি কিতাপৰ কথা ক’ম। ‘থিংছ ফ’ল এপাৰ্ট’ত আচেবিয়ে যিখিনি অৰ্জন কৰিলে তাৰ প্ৰতি তেওঁৰ আছিল প্ৰায় ৰহস্যময় আদৰ। অতীতৰ সেই সময়লৈ উভতি চালে মনলে আহে যে সেই সময়ত বিশ্ববিদ্যালয়ত শিকোৱা একমাত্ৰ সাহিত্য আছিল ডিকেন্স আৰু কনৰাড ইত্যাদি, তেওঁ মোক অনুভৱ কৰাইছিল যে আফ্ৰিকানসকলৰ নিজৰ কাহিনীৰ প্ৰতি থকা আকাংক্ষা প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা এই উপন্যাসখন প্ৰথমবাৰৰ বাবে পঢ়াটো কিমান ৰোমাঞ্চকৰ আছিল।

সেই সময়লৈকে প্ৰশ্নবোধক দৃষ্টি আৰু হাঁহিৰে উন্মুখ মুখেৰে সৈতে ব্যক্তিজন অলপ ম্যাদবহুল হৈ পৰিছিল। তেওঁৰ আফ্ৰিকান টপ আৰু পশ্চিমীয়া ট্ৰাউজাৰ পিন্ধাৰ প্ৰৱণতা আছিল। কোনো কোনোৱে তেওঁৰ প্ৰতি এই অনুভৱ পোষণ কৰে যে তেওঁ আগৰ কালচোৱাত বিভিন্ন ৰাজনৈতিক চিন্তাচৰ্চা কৰিছিল যদিও পিছলৈ তেওঁৰ সৃষ্টিৰাজীৰ জৰিয়তেহে এইবোৰৰ প্ৰকাশ ঘটিছিল।

এজন লেখক হিছাপে তেওঁ জেমছ গুগী নামেৰেই আত্মপ্ৰকাশ কৰিছিল যদিও পিছলৈ গুগি ৱা থিয়ং’অ’লৈ ৰূপান্তৰিত হৈছিল। তেওঁ প্ৰাৰম্ভিক পৰ্যায়ত ইংৰাজী ভাষাত লিখিবলৈ আৰম্ভ কৰিছিল কিন্তু পিছলৈ তেওঁ কিকুইউ ভাষাতেই লিখিছিল। প্ৰায়ে নিজেই অনুবাদ কৰিবলগীয়া হৈছিল। তেওঁৰ পুঁজিবাদ বিৰোধী স্থিতিয়ে তেওঁক আমেৰিকাৰ অন্যতম শ্ৰেষ্ঠ আফ্ৰিকান লেখক হোৱাত বাধা দিব নোৱাৰিলে। আৰু এই সকলোবোৰৰ মাজত এটা কথা অপৰিবৰ্তিত আছিল যে তেওঁ অভিনয় নকৰাকৈ, আৰু সদায় সাধাৰণ মানুহৰ প্ৰতি সংবেদনশীল হৈ থকা এজন ভাল লগা মানুহ হৈয়েই থাকিল।

বৰ্হেজৰ দৰেই ন’বেল বঁটাৰ বাবে উপযুক্ত হোৱাৰ পিছতো বা পৃথিৱী জুৰি প্ৰশংসিত হোৱাৰ পিছতো তেওঁ প্ৰতি বছৰেই অক্টোবৰ মাহত নিৰাশ হ’বলগীয়া হৈছিল। পাৰিবাৰিক ট্ৰেজেডীয়েও তেওঁৰ পিছৰ কালছোৱাত আউল লগাইছিল। কিন্তু হয়তো মোৰ আটাইতকৈ ভাললগা স্মৃতি হ’ল কেম্ব্ৰিজৰ কলেজ এখনত কেলালু কনফাৰেন্সৰ সময়ত তেওঁৰ লগত বহি থকাৰ সেই মূহুৰ্তটো। আমি সংগীত আৰু সাহিত্যৰ কথা পাতিবলৈ লৈছিলো আৰু তেওঁ মোক আচৰিত কৰি ক’লে যে তেওঁ প্ৰথমবাৰৰ বাবে পিয়ানো বজাবলৈ শিকি আছে। তেতিয়া তেওঁ উপনীত হৈছিল ৭০ৰ দশকৰ মধ্যভাগত। তেওঁ এটা সুৰ ভালকৈ বজাব নজনাৰ পৰা কেইমাহমানৰ ভিতৰতে মোজাৰ্ট, চপিন আৰু বাখ বজাব পৰা হোৱাৰ আশ্চৰ্য্যৰ কথা বৰ্ণনা কৰিছিল। এই নতুনকৈ আয়ত্ত কৰা দক্ষতাৰ বৰ্ণনাত এই অনুভৱী বিপ্লৱীজনৰ যৌৱনৰ জিলিকনি পৰিলক্ষিত হৈছিল। হলঘৰটোৰ এটা চুকত পিয়ানো এটা আছিল, আৰু আমি তাৰ ওচৰলৈ আগবাঢ়ি গ’লোঁ৷ ‘বাখ’ৰ সুৰটোৱে হলঘৰটোৰ দেৱালত কম্পন সৃষ্টি কৰাৰ সময়ত তেওঁৰ মুখত বিৰিঙি উঠা মিঠা হাঁহিটো এতিয়াও মোৰ চকুৰ সন্মুখত ভাঁহি আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *