বিবিধ চিন্তা

মহাকাব্যিক মহানগৰ গুৱাহাটী— (মছদ্দৰ হুছেইন)

(১) ইতিহাসে গঢ়া গুৱাহাটী: ৰংপুৰৰ পৰা গুৱাহাটীলৈ ক্ষমতা-কেন্দ্ৰৰ স্থানান্তৰ

মায়ামৰীয়া প্ৰজাৰ বিদ্ৰোহৰ পৰা আৰম্ভ হোৱা ৰাজনৈতিক অস্থিৰতা, আহোম ৰাজবংশৰ অন্তৰ্কলহ, মানৰ আক্ৰমণ, বৃটিছ বণিয়া কোম্পানীৰ আগমন, স্বাধীনতাৰ তুমুল সংগ্ৰাম আদিৰ পৰিণতিয়ে অসমৰ ৰাজনীতি, সামাজিক ব্যৱস্থা, অসমীয়া জাতিৰ সম্প্ৰসাৰণ আৰু গঠন প্ৰক্ৰিয়া, অসমীয়া ভাষাৰ বিকাশ আৰু মুখ্য প্ৰশাসনিক কেন্দ্ৰ উজনিৰ শিৱসাগৰ পৰা নামনিৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিছিল। কোনো ৰজা-মহাৰজাৰ নিৰ্দেশত এইবোৰ ঘটা নাছিল। ধুবুৰীৰ পৰা শদিয়ালৈ লুইতৰ দুয়োপাৰে অসমীয়া ভাষা আৰু জাতিৰ বিস্তাৰ, আত্মীকৰণত গুৱাহাটীৰ ভুমিকায়েই ইতিহাসৰ এই পৰ্যায়ত কেন্দ্ৰীয় আৰু মুখ্য। 
 
মানক আমন্ত্ৰণ কৰি আনি অসমৰ সৰ্বনাশৰ পাতনি মেলা বৰফুকনজনৰ অৰ্থাৎ বদনৰ কৰ্মস্থলো গুৱাহাটী আছিল। তেনেদৰে মানৰ আক্ৰমণত আহোমৰ দুই বৈৰী ৰজা যথাক্ৰমে পূৰন্দৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহও গুৱাহাটীলৈহে পলাই আহিব লগীয়া হৈছিল। ইয়াৰো পূৰ্বে গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্তেইন ওৱেলচৰ সহায় লৈছিল। ওৱেলচ গুৱাহাটীতে বাহৰ পাতিছিল। ওৱেলচেই অসমলৈ জহনী ৰোগ কঢ়িয়াই আনিছিল বুলি কোৱা হয়। ইয়াৰ পূৰ্বে এই ৰোগ অসমত কেতিয়াও নাছিল। (হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন সপ্তম সংস্কৰণ, পৃ ২৯২)
 
মানৰ আক্ৰমণৰ সময়ত চন্দ্ৰকান্ত সিংহই পুনৰ বৃটিছ বণিয়া কোম্পানীটোক অসমলৈ আমন্ত্ৰণ জনালে। ডেভিড স্কট আহি গুৱাহাটীতে বাহৰ পাতিছিল, এইবাৰ আৰু কোম্পানী উভতি নগ’ল। 
 
কোম্পানীয়ে শাসন ক্ষমতা হস্তগত কৰাৰ পাছত আহোম ৰাজবংশৰ লোকসকলৰ আলৈ-আথানি নুগুচা হৈছিল। অগাপিছাকৈ হোৱা শেষৰ তিনিজন ৰজাৰ এজন পুৰন্দৰ সিংহই কোম্পানীক ‘লালবন্দী’ দি কিছুদিন উজনিৰ শাসন চলাইছিল যদিও সেয়াও কোম্পানীয়ে কাঢ়ি নিলে। পুৰন্দৰ সিংহ আৰু পুত্ৰ কামেশ্বৰ সিংহই কোম্পানী্য়ে আগবঢ়োৱা পেন্সন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু তেওঁলোক যোৰহাটতে থাকি গ’ল। আনজন ৰজা যোগেশ্বৰ সিংহৰ যোগীঘোপাত মৃত্যু হৈছিল। যোগেশ্বৰ সিংহৰ পুত্ৰ বলিয়া ৰজা ডম্বৰুধৰ সিংহই কোম্পানীৰ পৰা মাত্ৰ পঞ্চাশ টকাৰ পেন্সন পাইছিল। চাৰিং ৰজা, আহোম সিংহাসনৰ দাবীদাৰ কন্দৰ্পেশ্বৰ সিংহক ৰংপুৰলৈ যোৱাত কোম্পানীয়ে বাধা দিছিল আৰু গুৱাহাটীৰ হেদায়েৎপুৰতে ৰাখি থৈ পাঁচশ টকা পেন্সন দিছিল। আহোম ৰাজবিষয়াসকল বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই, বৰবৰুৱাসকলেও কোম্পানীৰ পৰা পেন্সন বিচাৰি দৰখাস্ত দিছিল। কোম্পানীয়ে এশৰ পৰা দহ টকালৈকে বিভিন্ন হাৰত এওঁলোকক পেন্সন দিয়াৰ ব্যৱস্থা কৰে। এনেকৈয়ে ছশ বছৰৰ শাসক শক্তিশালী আহোম ৰাজশক্তিৰ কৰুণ বিলোপ ঘটিছিল। (আহোমৰ দিন পৃ: ৩৬৮,৩৬৯, ৩৭৬)
আহোম ৰাজবংশৰ শেষ ৰজা চন্দ্ৰকান্ত সিংহ ৰংপুৰৰ পৰা ভটিয়াই আাহি গুৱাহাটী নিবাসী হৈছিলহি। পুত্ৰ ঘনকান্ত সিংহ, নাতি কেশৱ সিংহও গুৱাহাটীতে ৰৈ গৈছিল। কেশৱ সিংহই উজান বজাৰৰ নদীৰ পাৰত বাস কৰিছিল। নামতহে যুৱৰাজ, ক্ষমতা একো নাছিল, চন্দ্ৰকান্ত সিংহ আৰু পাছলৈ পুত্ৰ ঘণকান্ত সিংহই কোম্পানীৰ পৰা পোৱা পাঁচশ টকাৰ পেন্সনৰ উত্তাৰাধিকাৰ হৈছিল। আভিজাত্য বজাই ৰখাৰ বাবে পুৰুষাণুক্ৰমে লাভ কৰা সম্পত্তি-ধনসোণ বিক্ৰী কৰিব লগীয়া হৈছিল। খৰিদ্দাৰ আছিল মাৰোৱাৰী বণিয়া। 
 
(২) পুৰণি ভেটিত নতুন সামাজিক শক্তিৰ উকমুকনি
 
মানৰ অত্যাচাৰত, উজনিৰ অস্থিৰতাৰ বাবে কেৱল ৰজাঘৰৰ লোকেই গড়গাওঁ, ৰংপুৰ আদি ঠাইৰ পৰা পলাব লগীয়া হৈছিল তেনে নহয়, প্ৰজাসাধাৰণো পলাইছিল। বহুতে আহি গুৱাহাটী পাইছিলহি। বিপদৰ সময়ত বাঘে-ছাগে একেলগে পানী খোৱাৰ লেখীয়াকৈ গুৱাহাটীত ৰজা-প্ৰজা একাকাৰ হৈ পৰিছিল। 
মানৰ আক্ৰমণৰ সময়ত শিৱসাগৰৰ সূৰ্য বিপ্ৰ কুলৰ ৰুদ্ৰখড়ি বৰদলৈ বংশৰ ৰত্নেশ্বৰে পৰিয়ালসহ গুৱাহাটীলৈ গুচি আহে। ৰত্নেশ্বৰৰ পুত্ৰ বাৰ বছৰীয়া কল্পনাথক মানে গুৱাহাটীৰ পৰা ধৰি মান দেশ পোৱালেগৈ। কল্পনাথ মান দেশৰ পৰা কৌশলেৰে পলাই পুনৰ গুৱাহাটী পালে। অতি ধুনীয়া আৰু বুধিয়ক আছিল কল্পনাথ। কোম্পানীৰ চাহাব এজনে ধুনীয়া কল্পনাথক পাই মৰম কৰি পঢ়া শুনাৰ ব্যৱস্থা কৰি দিলে আৰু এটা চাকৰিও দিয়ে। গুৱাহাটীৰ সেই সময়ৰ সদৰ আমিনৰ ঘৰত কল্পনাথে আশ্ৰয় লাভ কৰিছিল। উত্তৰ গুৱাহাটীৰ কৃষ্ণৰাম ভড়ালী বৰুৱাই কল্পনাথৰ ধুনীয়া গঢ় দেখি নিজৰ দুজনী ভতিজা জীয়ৰীক বিয়া দি উত্তৰ গুৱাহাটীতে থকাৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখযোগ্য যে ঐতিহাসিকভাৱে উত্তৰ গুৱাহাটীখনহে প্ৰকৃত গুৱাহাটী আছিল, মোগলেহে গুৱাহাটীখন দক্ষিণলৈ সম্প্ৰসাৰণ কৰিছিল। তেতিয়াৰে পৰা উত্তৰ কুল আৰু দক্ষিণ কুল গুৱাহাটীৰ সৃ্ষ্টি হৈছিল, বৃটিছে ১৮৯৫ চনত উত্তৰ গুৱাহাটী গুৱাহাটী মিউনিচিপালিটিৰ পৰা বাদ দিয়াৰ (The Comprehensive History of Assam, Vol IV, pg. 347) পিছতহে দক্ষিণকুলৰ গুৱাহাটীখনৰ দ্ৰুত বিকাশ হ’ব ধৰিলে। এই ইতিহাস পাছত কেতিয়াবা আলোচনা কৰিম। 
 
কল্পনাথৰ এজন পুত্ৰ মাধৱচন্দ্ৰ বৰদলৈ গুৱাহাটীৰ সদৰামিনৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল। ৰাতি পঢ়িবলৈ সদৰামিনৰ গোসাঁই ঘৰত জ্বলি থকা অখণ্ড প্ৰদীপৰপৰা মনে মনে তেল বাকি আনি পঢ়িছিল। পাছলৈ কলিকতালৈ গৈ এল-এল-বি পাচ কৰে আৰু চৰকাৰৰ ঘৰত উচ্চ বিষয়া হিচাপে নিযুক্তি লাভ কৰে। 
মাধৱ চন্দ্ৰ বৰদলৈ চাকৰিসূত্ৰে বৰপেটাত কিছুদিন থাকি গুৱাহাটীলৈ আহে আৰু গুৱাহাটীৰ উজানবজাৰত মাটি কিনি নিগাজীকৈ বাস কৰিবলৈ লয়লয়। মাধৱচন্দই কিনা মাটিত পূৰ্বে আহোমৰ শক্তিশালী বৰফুকন কলীয়া ভোমোৰাৰ হাউলী আছিল। 
“……কলীয়া ভোমোৰা বৰফুকনৰ ঘৰৰ ঠাকে ঠাকে চেপেটা ইটাবোৰ মাটি খান্দোতে ওলাইছিল। পুখুৰীৰ পাৰত শিলৰ খটখটীৰ চিন এতিয়াও আছে। উজানবজাৰৰ আমাৰ হাউলীৰ পুলৰ তলেৰে বৈ যোৱা আগৰ বহল খালটো ব্ৰহ্মপুত্ৰ নদীলৈকে বৈ গৈছিল। সেই খালটোৱেদিয়েই বৰফুকনে ঘৰৰ সন্মূখৰ –’জোৰ-পুখুৰী’ত নাৱত উঠি ব্ৰহ্মপুত্ৰলৈ ওলাই গৈছিল। সেই বাবে খালৰ নাম ‘নাওজান’ আৰু খালৰ কাষৰ এতিয়া উজানবজাৰলৈ যোৱা আলিটোক এতিয়ালৈকে ‘নাওজান ৰোড’ বোলা হয়। কালক্ৰমত এতিয়া সেইবোৰ চিন লোপ পালে। ককাদেউতাই মাটি লওঁতে বৰ বৰ আম-কঁঠালৰ গছবোৰেৰে বাৰীখন ভৰি আছিল। সেইবোৰ বৰফুকনৰ দিনৰে বুলি বুঢ়াসকলৰ মুখেৰে শুনা। ককাদেউতাই মাজতে ডাঙৰ বঙলা সজালে। আগত পুখুৰীপাৰলৈকে ঘুৰণীয়া ডাঙৰ ফুলনি, পুখুৰীপাৰত ইটাৰ গাঁথনি দি জালৰ বেৰ দিয়ালে। বাৰীখন বৰ আহল বহল। ” (নলিনীবালা দেৱী)
 
(৩) সময় পৰিৱৰ্তনৰ সাক্ষী এডাল ৰজাঘৰীয়া সাতসৰী
 
মাধৱচন্দ্ৰ উজানবজাৰৰ বাসিন্দা হোৱা সূত্ৰে আহোম যুৱৰাজৰেও সম্পৰ্কিত হ’ল। মাধৱচন্দ্ৰ তেতিয়ালৈকে সমাজৰ এগৰাকী ধনী-মানী, ক্ষমতাশালী অভিজাত ব্যক্তি। বন্দী-বেটী, নিৰাশ্ৰয়-আশ্ৰিতাসহ চাৰিকুৰি লোকেৰে ভৰা ঘৰ-গৃহস্থি। মাধৱচন্দ্ৰই এজনী হাতী পুহিছিল, নাম আছিল যাত্ৰা। যাত্ৰা আহিলে ঘৰৰ মানুহে ভোগজৰাৰে পানী লৈ চাৰিওখন ভৰি ধুৱাই দিয়ে। তাম আৰু ৰূপৰ ফুলকটা ভোগজৰাটো মাঙ্গলিক কামতে বেছিকৈ ব্যৱহাৰ কৰা হৈছিল। 
মাধৱচন্দ্ৰৰে পুত্ৰ নবীন চন্দ্ৰ বৰদলৈ- অসমক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ পণ কৰা অগ্ৰণী স্বাধীনতা সেনানী, এক কথাত সেনাপতি। নবীন চন্দ্ৰৰ জীয়ৰী নলিনীবালা দেৱী। ককা মাধৱচন্দ্ৰ আৰু পিতৃ নবীন চন্দ্ৰৰ অতি মৰমৰ আছিল নলিনীবালা। শিশু নলিনীয়ে ককাদেউতাকৰ পৰা যি বিচাৰে তাকে পায়। বিংশ শতিকাৰ অসমৰ অস্থিৰ সমাজ, ৰাজনীতি, অৰ্থনীতিৰ বহু ঘটনাৰ, উত্থান-পতনৰ সাক্ষী নলিনীবালা। 
নলিনী তেতিয়াও গাভৰু হৈ উঠা নাছিল। কেশৱ সিংহৰ সৰু আইদেউ প্ৰফু্লকুমাৰীৰ বিয়ালৈ মাধৱচন্দ্ৰৰ পৰিয়াললৈকো নিমন্ত্ৰণ আহিল। গোৱালপাৰাৰ মেচপাৰা (লক্ষীপুৰ)ৰ বিখ্যাত জমিদাৰ পৰিয়ালৰ সন্তান নগেন্দ্ৰ চৌধুৰীৰ সৈতে সৰু আইদেউৰ বিয়া। অসমীয়া জাতি আৰু ভাষাৰ ভৌগলিক সীমাৰ সম্প্ৰসাৰণ ঘটাই নগে্ন্দ্ৰ চৌধুৰীয়ে আহোম ৰাজপৰিয়ালৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। গোৱালপাৰাৰ স্থানীয় ভাষা কোৱা নগেন্দ্ৰ চৌধুৰী স্বত:স্ফুৰ্তভাৱে ভাষান্তৰিত হৈছিল, অৰ্থাৎ অসমীয়া হৈছিল। দীননাথ শৰ্মাৰ সৈতে আৱাহন আলোচনী প্ৰকাশ কৰিছিল, অসমীয়া ভাষা চৰ্চা কৰি অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু ৰংপুৰ অধিৱেশনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি দিয়া মানুহজনো নগেন্দ্ৰ চৌধুৰীয়েই আছিল। সেয়া আছিল এসময়ৰ যুগান্তকাৰী ঘটনা। 
কইনাৰ সাজত প্ৰফুল্লকুমাৰীক অপৰূপ লাগিছিল। বিয়া খাই ঘৰলৈ উভতাৰ পিছত ককাকে নলিনীক সুধিলে,
“বিয়াত কি কি দেখিলি আই?”
নলিনীৰ চকুৰ আগত জিলিকি আছিল আইদেউ প্ৰফুল্ল কুমাৰীৰ ডিঙি-গা শুৱনি কৰা ৰজাঘৰীয়া সাতসৰীডাল। ‘গজমুক্তাৰ সাতসৰীডাল কইনাৰ ডিঙিৰ পৰা তলপেটলৈকে ওলমি পৰিছে। প্ৰত্যেক শাৰী গজমুক্তাত সৰু সৰু বাখৰুৱা লটকন বহুত থাকে। মাজত একোখনকৈ হীৰা খটোৱা ডাঙৰ দুগদুগি। ওপৰৰ খন অলপ সৰু, ক্ৰমাৎ ডাঙৰ হৈ হৈ তলৰ দুগদুগিখন সকলোতকৈ ডাঙৰ। ৰাজ অলঙ্কাৰে সৰু আইদেউক তুলি ধৰিছে।’ নলিনীয়ে ককাক মাধৱ চন্দ্ৰক ৰজাঘৰীয়া সাতসৰি ডালৰ কথাকে উৎসাহেৰে বৰ্ণালে। 
“তোৰ পিন্ধিবলৈ মন গৈছিল নে কি?”
নলিনীয়ে মুৰ দুপিয়ালে। 
“তোক পিন্ধাম সেই সাতসৰী। তই কইনা হওঁতে সেই সাতসৰী পিন্ধিবি। “
ককাকে নলিনীৰ বিয়াত যৌতুক হিচাপে দিবলৈ ইতিমধ্যে এডাল সৰু পাচসেৰী মুক্তা কিনি থৈছিল। যিহেতু মৰমৰ নাতি নলিনীয়ে ৰজাঘৰীয়া সাতসৰী ডাল ভাল লগা বুলি কৈছে, সেইডালো কিনিবলৈ মন মেলিলে। 
মাধৱচন্দ্ৰই জানিছিল যে ৰাজ অলঙ্কাৰবোৰ এপদ এপদকৈ বিক্ৰী হৈ আছে। কিনিছে মাৰোৱাৰী বণিয়াই। দুই এপদ কিনিছিল সেই সময়ৰ সম্ভ্ৰান্ত পৰিয়াল দুলাল চন্দ্ৰ চৌধুৰী আৰু ৰায়বাহাদুৰ ভুবনৰাম দাসেও। 
সৰু আইদেউৰ বিয়াৰ পিছত কেশৱ সিংহই সাতসৰীডালো বিক্ৰী কৰিবলৈ মাৰোৱাৰী বণিয়াৰ লগত কথা পাতিছিল। মাধৱ চন্দ্ৰই ভিতৰুৱাকৈ খবৰ ৰাখি আছিল। মাৰোৱাৰী বণিয়াতকৈ কেইশমান টকা বেছিকৈ দি মাধৱ চন্দ্ৰই সাতসৰীডাল কিনিলে। বিয়া-সবাহলৈ যাওঁতে নলিনীয়ে সাতসৰীডাল কেবাবাৰো পিন্ধিছিল। নলিনীও বৰ সুন্দৰী আছিল। সাতসৰীৰ সতে নলিনীক ৰজাৰ জীয়ৰীৰ দৰেই লাগিছিল। 
 
(৪) সময় পৰিৱৰ্তনৰ সাক্ষী হৈ ৰ’ল এটা ৰজাঘৰীয়া ঘড়ী
 
ৰজাঘৰীয়া সম্পদে মাধৱ চন্দ্ৰৰ ঘৰলৈ বাট পোনোৱাৰ ঘটনা পূৰ্বেও ঘটিছিল। তেতিয়া মাধৱ চন্দ্ৰ কলিকতাত পঢ়ি আছিল। কলিকতা তেতিয়া ভাৰতৰ ৰাজধানী। কেৱল প্ৰশাসনিক ৰাজধানীয়েই নহয়, বৌদ্ধিক আৰু সাংস্কৃতিক ৰাজধানী ৰূপেও ভাৰতৰ পুৰণিৰ পৰা নতুন যুগলৈ উত্তৰণ ঘটোৱাত মুখ্য ভুমিকা গ্ৰহণ কৰিছিল। কলিকতা হৈ পৰিছিল আধুনিক ভাৰতীয় নিৰ্মাণৰ কমাৰশাল। 
সাতসৰীৰ ঘটনাতকৈয়ো ৰোমাঞ্চকৰ ঘটনাটো ঘটিছিল সেই সময়তেইসময়তেই। এই ঘটনাই মাধৱ চন্দ্ৰৰ জীৱনৰ গতিকে সলাই দিছিল। কোম্পানীৰ পেঞ্চনভোগী আহোম যুৱৰাজ কেশৱসিংহৰ বহুমূলীয়া সোণৰ ঘড়ী এটা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে কিনিব বিচাৰি যুৱৰাজৰ ঘৰলৈ কেইজনমান ভকতক পঠিয়াইছিল। কেশৱ সিংহই ভকতৰ হাতত ঘড়ীটো দিয়ে যদিও মাধৱ চন্দ্ৰকে ইয়াৰ দায়িত্ব দিয়ে। কৌতুহল বশত: ভকতসকলে ঘড়ীটো খুলি চাওঁতে ঘড়ীৰ বিজুতি ঘটিল। সত্ৰাধিকাৰে বিজুতি থকা ঘড়ী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে। আনহাতে কেশৱ সিংহয়ো ভাল ঘড়ী বেয়া কৰি ঘুৰাই পঠিওৱা বাবে ওভতাই নল’লে। মাধৱ চন্দ্ৰ মহাবিমোৰত পৰিল। ঘড়ীটো লৈ কলিকতা পালেগৈ আৰু কলিকতাৰ সেই সময়ৰ বিখ্যাত ব্যৱসায়ী শ্যাম বীডৰ ওচৰত ঘড়ী বন্ধকত ৰাখি ঋণ লৈ কেশৱ সিংহৰ দাম পৰিশোধ কৰিলেকৰিলে। শ্যাম বীড মাধৱ চন্দ্ৰৰ সহপাঠী আছিল। সহপাঠীৰ ধাৰ পৰিশোধৰ বাবে মাধৱচন্দ্ৰ বৰিশালত শিক্ষকৰ কামত সোমাল। একে সময়তে এল্ এল বিও পঢ়িবলৈ ল’লে। যথাসময়ত উকীল হৈ গড়মূৰ সত্ৰৰ ডাঙৰ মোকৰ্দমা এটা চলোৱাৰ দায়িত্ব পালে আৰু প্ৰথম মোকৰ্দমাটোৰ মাননিৰ ধনেৰে সহপাঠীৰ ঋণ সময়মতে পৰিশোধ কৰিলে। মাধৱ চন্দ্ৰৰ একাগ্ৰতা আৰু সততাত সহপাঠী শ্যাম বীড মুগ্ধ হৈ পৰে আৰু আজীৱন ঘণিষ্ঠ বন্ধু হৈ পৰে। একেটা মোকৰ্দমাৰ বাবে মাধৱ চন্দ্ৰ চৰকাৰৰো চকুত পৰিল আৰু উপযাচি ই. এ. চি পদত মকৰল কৰিলে। 
 
মাধৱ চন্দ্ৰই কৈছিল, “এই ঘড়ী মহালক্ষ্মীমহালক্ষ্মী। এই ঘড়ীয়ে মোক জীৱনত প্ৰতিষ্ঠা কৰিলে। “
 
মাধৱ চন্দ্ৰই সেই ঘড়ী নবীন চন্দ্ৰক দি যায়যায়। এইটো সাধাৰণ ঘড়ী নাছিল। এয়া আছিল আমোঘ সময়। অসমৰ সামাজিক-ৰাজনৈতিক ক্ষমতাৰ হস্তান্তৰৰ কাহিনী অদৃশ্য আখৰেৰে খোদিত হৈ আছে ঘড়ীটোত। প্ৰবল প্ৰতাপী সাম্ৰাজ্যবাদী বৃটিছ শক্তিক ভাৰতৰ মাটিৰ পৰা খেদি পঠিয়াবলৈ চলা স্বাধীনতা আন্দোলনৰ নেতৃত্ব দি অসমত ইয়াৰ বীজ অঙ্কুৰিত কৰাত অন্যতম মুখ্য ভুমিকা গ্ৰহণ কৰিছিল নবীন চন্দ্ৰ বৰদলৈয়ে। কলিয়া ভোমোৰা বৰফুকনৰ পুৰণি চৌহদত মাধৱ চন্দ্ৰই সজা ঘৰখন হৈ পৰিছিল স্বাধীনতা আন্দোলনৰ কেন্দ্ৰ। অসমৰ প্ৰথম কংগ্ৰেছ কাৰ্যালয় স্থাপন হৈছিল সেই চৌহদত। মহাত্মা গান্ধী আহিছিল তালৈ। মহাত্মাজীৰ দলটোত আছিল-মৌলানা মহম্মদ আলি, শ্ৰীমতী মহম্মদ আলি, যমুনালাল বজাজ, আজাদ শোভানী, মহাত্মাজীৰ সহকাৰী কৃষ্ণদাসজী। ড০ ৰাজেন্দ্ৰ প্ৰসাদ, নেতাজী সুভাষচন্দ্ৰ বসুও আহিছিল এইখন ঘৰলৈ। দেশভক্ত তৰুণৰাম ফুকন, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শৰ্মা, কুলধৰ চলিহা, তৈয়বউল্লা, মুহিবুদ্দিন আহমেদ, ফকৰুদ্দিন আলি আহমেদ আদি আছিল কংগ্ৰেছ কাৰ্যালয়লৈ নিয়মীয়াকৈ অহা যোৱা কৰা দেশ নেতা। দেশৰ মুক্তিৰ হকে প্ৰচুৰ পৰিশ্ৰম কৰা বাবে পাচলৈ নবীন চন্দ্ৰ বৰদলৈৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ১৯৩৬ চনৰ ১৬ ফেব্ৰুৱাৰীত মহান নেতা গৰাকীৰ দেহাৱসান ঘটে। 
 
(৫) যিসকলৰ আত্মত্যাগৰ ফলত আজি আমি স্বাধীন
 
কৰ্মবীৰগৰাকীয়ে অৰ্জন কৰা জনপ্ৰিয়তা আজিৰ ৰাজনৈতিক নেতাৰ বাবে অকল্পনীয়। বৰদলৈৰ মৃত্যুৰ বাতৰি পাই সমৱেত হোৱা জনতাই দাবী কৰিলে-“সমগ্ৰ অসমৰ পিতৃ স্বৰূপ কৰ্মবীৰ নবীনচন্দ্ৰ অকল আপোনালোকৰে নহয়, কৰ্মবীৰ মহাপুৰুষ সমগ্ৰ অসমৰ পি্তৃ স্বৰূপ| পুত্ৰস্বৰূপ জনতাক পিতৃদেহ স্পৰ্শৰ সৌভাগ্যৰপৰা ৰাইজক বঞ্চিত নকৰিব। ”
“ৰাইজৰ দাবী মানি লৈ ঘৰৰ হাউলীলৈকে পুত্ৰ আত্মীয়ই শৱাধাৰ বহন কৰি ৰাইজৰ পিতৃ কৰ্মবীৰৰ দেহাধাৰ ৰাইজক গতাই দিবলৈ বাধ্য হ’ল। প্ৰকাণ্ড তিনিবৰণীয়া পতাকাৰে সুসজ্জিত পালেঙত শুৱাই ফুলৰ স্তৱকে ওপচাই প্ৰথমে নিজ ঘৰ শান্তিভৱনৰ আগত ফটো তুলি গোটেই গুৱাহাটী চহৰ দহ হাজাৰ জনতাই পৰিভ্ৰমণ কৰালে। ঢোলে, ডগৰে সংকীৰ্তনৰ ৰোল তুলি সেই শোভাযাত্ৰা আগবাঢ়িছিল সেই পৰাধীন যুগত। পৰাধীন যুগত আজিৰ দৰে ৰাজকীয় সন্মান দিবলৈ নাছিল। অসমদেশ নিজৰ মাতৃভূমিৰ হৃদয় আসনত প্ৰতিষ্ঠিত হৈ ৰজাৰদৰে গুৱাহাটীৰ পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীৰ সমদল গঠিত হৈ সেই শৱযাত্ৰা আগবাঢ়িছিল। সেই সময়ত এনে দহ হাজাৰ লোকৰ শৱযাত্ৰা কোনো কালে মানুহে দেখা নাছিল বুলি কোৱাকুই কৰিছিল। সেইদিনা ৰাজ আলিৰ দুয়ো কাষে বিষণ্ণ জনতাৰ সমাবেশ। আলিৰ দুয়োকাষে মহিলা সকলে শৰাই সজাই ফুল আৰু আখৈ আজলিয়ে আজলিয়ে ছটিয়াই সেৱা কৰা দৃশ্যই মানুহৰ মন উন্মনা কৰি তুলিছিল। নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰি পঞ্চতীৰ্থতৰ মহাতীৰ্থ অশ্বক্লান্তৰ পাদপীঠ বিষ্ণুপদত যি ঠাইত স্বৰ্গীয় মাধৱচন্দ্ৰ বৰদলৈক সংস্কাৰ কৰা হৈছিল সেই পৱিত্ৰ তীৰ্থপীঠত মহাপুৰুষ কৰ্মবীৰৰ অন্তিম সংস্কাৰ সমাধা কৰিলে…। “
নবীন বৰদলৈৰ আকস্মিক বিয়োগত ঘৰখন ধাৰ-ঋণবোৰে আগুৰি ধৰিলে। দেশৰ মুক্তিৰ বাবে যুঁজ দিবলৈ গৈয়ে এসময়ৰ আঢ্যৱন্ত পৰিয়াললৈ অমানিশা নামি আহিছিল। ঘৰৰ চাকৰবোৰক বিদায় দিব লগীয়া হৈছিল। 
মৃত্যুৰ পূৰ্বে শয্যাত পৰি থকা অৱস্থাত এদিন বৰদলৈয়ে পত্নী হেমন্ত কুমাৰী দেৱীক হাঁহি হাঁহি কৈছিল-“জানা, মোৰ কোষ্ঠিত বিশ্ৰাম লিখা নাই। মই বিশ্ৰাম লোৱাৰ কথা ভাবিবই নোৱাৰোঁ। মই যিদিনা বিচনাত পৰিম সেইদিনাই মোৰ চিৰকলীয়া বিশ্ৰাম, বুজিছা। এটা কথাইহে মোৰ মনত শান্তি দিয়া নাই-সেইটো হৈছে মই জীয়াই থকালৈকে যুঁজি যাম। কিন্তু মোৰ মৃত্যুৰ পিছত তোমালোক গছৰ তলত আশ্ৰয় লব লাগিব। কাৰণ তোমাক মই একো কোৱা নাই-মোৰ এই ঘৰ মাটি কংগ্ৰেছৰ ধাৰত ধুবুৰী লন অফিছত বন্ধকী আছে। সুদে-মূলে বহুত টকা হলগৈ। সেইবোৰ ধাৰ ল’ৰাহঁতে কেনেকৈ মাৰিব? এই ঘৰ মাটি বোধকৰো নৰব। ”
নবীন বৰদলৈৰ দৰেই স্বাধীনতাৰ আন্দোলনত বহুজনে বহু আত্মত্যাগ কৰিছিল, আত্মহুতি দিছিল। মহম্মদ তৈয়বুল্লাই কংগ্ৰেছৰ অধিৱেশনৰ ধাৰ মাৰিবলৈ দীঘলীপুখুৰী পাৰৰ প্ৰকাণ্ড মাটি এডোখৰ অতি কম দামত বিকিছিল। কটন কলেজৰ অধ্যাপক ক’লণিখন সেই মাটিতে গঢ়ি উঠিছিল। মাছখোৱাৰ নুৰুল হকে কংগ্ৰেছৰ ধাৰ মাৰিবলৈ এ টি ৰোডৰ মাটি বন্ধকত ৰাখিছিল, সেই মাটি পৰিয়ালে কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিলে। অসমৰ অন্যতম ধনী পৰিয়াল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালে বহু হেৰুৱাব লগীয়া হৈছিল স্বাধীনতা সংগ্ৰামত। স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী হৈয়ো গোপীনাথ বৰদলৈয়ে অতি কষ্টেৰে পৰিয়াল চলাব লগীয়া হৈছিল। স্বাধীনতা আন্দোলনৰ পাতে পাতে তেনে অলেখ আত্মত্যাগ, আত্মহুতিৰ ঘটনা তেজ-ঘামৰ আখৰেৰে লিখা আছে, জনাসকলে খুচৰি উলিয়াওক তেনে ঘটনা আৰু আজিৰ প্ৰজন্মৰ বাবে প্ৰকাশ কৰক। সোঁৱে-বাওৱে আজুৰি ধন ঘটা, ক্ষমতাৰ খকত নৈতিকতা বিসৰ্জন দিয়া, সাধাৰণ মানুহৰ জীৱনৰ বিনিময়ত বিভাজন সৃষ্টি কৰি ৰাজনীতি কৰা আজিৰ ৰাজনীতিকসকলেই আজি উঠি ৰজা, বহি ৰজা। আজিৰ ৰাজনীতি তেওঁলোকে হাইজেক কৰিছে, ৰাজনীতি বুলিলে মানুহে ঘৃণা কৰা হৈছে। এওঁলোকৰ হাতৰ পৰা ৰাজনীতিক মুক্ত কৰিব লাগিবলাগিব। এওঁলোকৰ চৰিত্ৰ তুলনা কৰিবলৈ স্বাধীনতা সংগ্ৰামী সকলৰ মহান ত্যাগক নতুনকৈ ডাঙি ধৰক। 

Leave a Reply

Your email address will not be published. Required fields are marked *