গল্প-কবিতা

অনবদ্য বৰুৱাৰ স্মাৰ্ট জীৱন (উপাসনা কৃষ্ণাত্ৰেয়)

অনবদ্য বৰুৱাৰ এটা স্মাৰ্ট ফোন আছে আৰু তাত জিঅ’ কোম্পানীৰ চিম এখন আছে৷ জিঅ’ কোম্পানীয়ে কম পইচাতে দেধাৰ ডাটা দিয়ে৷ অকল ডাটাই নহয়,  ফ্ৰি টকটাইম, মেচেজৰো সুবিধা আছে৷ পিছে অফিচৰ জৰুৰী ফোনকলকেইটাত বাদে আন কাকো ফোন কৰা নহয় আজিকালি৷ মেচেজৰ বাবেও হোৱাটচআপ ইত্যাদি আছেই৷ তদুপৰি চিনাকী মানুহতকৈ অচিনাকী মানুহৰ সৈতে কথা পতাতো বেছি সুবিধাজনক, আৰু তাৰ বাবে মেচেঞ্জাৰ আছে৷

অনবদ্য বৰুৱাই বহুজাতিক কোম্পানী এটাত চাকৰি কৰে৷ চাৰি বছৰ মানেই হ’ল৷ নতুনকৈ মন কৰিছে যে পেটটো অলপ ওলাইছে৷ নহৈনো কি হব- শাৰীৰিক পৰিশ্ৰমৰ সুযোগেই বা ক’ত৷ তাতে আৰু অফিচ, বন্ধুমহলৰ উইকেণ্ডৰ পাৰ্টীৰ বেহিচাপি খানা পিনাবোৰতো আছেই৷ খোৱা বোৱাৰ হিচাপ ৰাখিবলৈকে healthy way বুলি এপ এটা ডাউনলোড কৰি লৈছে৷ এতিয়া হেল্থিৱেই অনবদ্য বৰুৱাৰ খোৱা বোৱাৰ হিচাপ ৰাখে- পানী কিমান খালে, খোজ কিমান কাঢ়িলে৷ অলপ খীনোৱা যেনো লাগিছে তেওঁৰ নিজকে৷

অনবদ্য বৰুৱাই সহকৰ্মী ৰুক্মিনীক পছন্দ কৰে৷ ধুনীয়া, বগা ৰুক্মিনীক বহুতেই পছন্দ কৰে৷ অনবদ্যৰ সৈতে ৰুক্মিনীয়ে ভালকে কথা বতৰা পাতে, একেলগে অফিচ কলিগৰ পাৰ্টী কৰে৷ কেতিয়াবা কেতিয়াবা তেওঁৰ এনে লাগে যেন ৰুক্মিনী আৰোৰাইও তেওঁক পছন্দ কৰে৷ এই কথাবোৰে তেওঁৰ মনত বৰ খেলিমেলিৰ সৃষ্টি কৰে৷ সেয়ে তেওঁ ইউটিউব ভিডিঅ’ চাই সন্দেহ দূৰ কৰিবলৈ চেষ্টা কৰে৷ নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে ৰুক্মিনী আৰোৰাই তেওঁক পছন্দ নকৰে৷ এনেতে আন এটা ভিডিঅ’ পৰামৰ্শ দিয়ে ইউটিউবে- how to get woman of your dream. অনবদ্য বৰুৱাই এটাৰ পিছত আনটো- কেইবাটাও ভিডিঅ’ চায়৷ তেওঁ ৰুক্মিনী আৰোৰালৈ মেচেজ কৰে৷ প্ৰায় এঘণ্টা মানৰ পিছত ৰিপ্লাই আহে- অলপ ব্যস্ত আছোঁ বুলি৷

অনবদ্য বৰুৱাক যোৱা প্ৰায় এবছৰ ধৰিয়ে মাকে সুধি আছে কোনোবা ছোৱালী চাইছ’ নেকি? কথাটো সুধিলে সদায়ে তেওঁৰ ৰুক্মিনীৰ নামটো মনলৈ আহে৷ মাকক তেওঁ কোনো নাই বুলি কয়৷ মাকে আকৌ সোধে- স্নিগ্ধা বোলাজনীৰ লগত যে কথা পাতি থাক, তাইৰ লগতেই কিবা আছে বুলি ভাবিলোঁ৷ অনবদ্য বৰুৱা অলপ বিবুধিত পৰে আৰু কয়- নাই, তাই ফ্ৰেণ্ডহে৷ স্নিগ্ধা, অন্যন্যা, ৰিজা আটাইকেইজনীকে তাৰ অলপ অলপ ভাল লাগে৷ স্নিগ্ধা আৰু অন্যন্যাক ফেইচবুকত লগ পোৱা আৰু ৰিজাক টিণ্ডাৰত লগ পোৱা৷ টিণ্ডাৰত থকা ছোৱালীবোৰৰ সৈতে চিৰিয়াচ হব নোৱাৰি- অনবদ্য বৰুৱা এই সম্পৰ্কে সম্পূৰ্ণ নিশ্চিত৷ কিন্তু ৰিজা তেওঁ ভবাৰ দৰে অকণো নহয়৷ তথাপি তাইৰ সৈতে চিৰিয়াচ হব নোৱাৰি৷ নহয় নহয়, আপুনি ভবাৰ দৰে তেওঁ অৰ্থদক্স নহয় অকণো৷ কিন্তু বিয়া পাতিবলৈ বহুত কথা ভাবিব লগীয়া হয়৷ স্নিগ্ধা আৰু অন্যন্যাও ভাল কথা পাতিবলৈ৷ কিন্তু বিয়া পাতিবলৈ তেওঁ নিশ্চিত নহয়৷

অনবদ্য বৰুৱা বিয়া বাৰুকলৈ নিজেও চিৰিয়াচ হৈছে এতিয়া৷ সেয়ে শ্বাদী ডট কম আৰু জীৱনচাথীত একাউণ্ট খুলি লৈছে৷ এনেয়ে অনবদ্য বৰুৱাই জাত পাত নামানে৷ কিন্তু এৰেইঞ্জডেই যদি পাতিব লাগে মাক বাপেকৰ ইচ্ছামতেই নিজৰ কাষ্টৰেই এজনী ছোৱালী বিচাৰি লব বুলি ভাবিছে৷ পিছে তাতো সমস্যা- ভাল লগা ছোৱালী কেইজনীৰ সৈতে কথা পাতিবলৈ প্ৰিমিয়াম মেম্বাৰ হব লাগে৷ তেওঁলোকেও ফোন কৰি ইটো স্কিম লওক সিটো স্কিম লওক কৈ থাকে প্ৰায়ে৷ আৰু যিহেতু অনবদ্য বৰুৱা বিয়া পাতিম বুলি চিৰিয়াচ, প্ৰিমিয়াম মেম্বাৰ হৈয়ে ললে৷ এতিয়া তেওঁ বিনাদ্বিধাই পছন্দৰ ছোৱালীবোৰৰ সৈতে কথা পাতিব পাৰে৷ বহুতৰে আকৌ মাক বাপেকে প্ৰফাইল খুলি থৈছে৷ কিন্তু অনবদ্য বৰুৱা আধুনিক মানুহ, মাক বাপেকৰ সৈতে নহয়, ছোৱালীৰ সৈতেহে কথা পাতিব বিচাৰে৷

এনেদৰে প্ৰায় এবছৰ গ’ল৷ অনবদ্য বৰুৱাই ছোৱালী বিচাৰি পোৱা নাই৷ ৰুক্মিনীৰো বিয়া ঠিক হ’ল৷ তেওঁৰো অফিচত ভাল নলগা হ’ল৷ একেবোৰ কাম- দিনে দিনে, বছৰে বছৰে৷ টিণ্ডাৰত লগ পোৱা ৰিজাই কৈছিল- তাই হেনো নিজকে বিচাৰি পাবলৈ পাহাৰে পৰ্বতে, চহৰে নগৰে হেৰাই যাব বিচাৰে৷ অনবদ্য বৰুৱাৰ স্কুলৰ লগৰো কেইবাজনকো দেখিছে চ’ল’ ট্ৰিপ কৰিবলৈ যোৱা৷ ফেইচবুকত ফটো দেখি ঈৰ্ষা হৈছিল৷ এক মূহুৰ্তৰ বাবে সেই ফটোবোৰৰ মূল্য তেওঁৰ পঢ়া শুনা, চাকৰি, বেংক বেলেন্স এই আটাইবোৰতকে বেছি যেন লাগিছিল৷ সেয়ে কামত মন নবহা দেখি অনবদ্য বৰুৱাও ওচৰতে চ’ল’ বাইক ট্ৰিপলৈ ওলাল৷ ৰাস্তা চিনিবলৈ গুগল মেপ আছে, ৰাতি থাকিবলৈ অ’য়’ ৰূমৰ এপ আছে, ইন্‌ষ্টাতো একাউণ্ট খুলি ললে, ঠায়ে ঠায়ে ফটো আপলোড কৰি থাকিবলৈ৷ ফেইচবুক, ইন্‌ষ্টাগ্ৰামৰ কেতিয়াও কথা নপতা ছোৱালীবোৰেও কথা পাতিবলৈ ল’লে৷ বেছ কিছুদিনলৈ অনবদ্য বৰুৱাৰ ভাল লাগি থাকিল৷ সঁচাকৈয়ে নিজকে বিচাৰি পোৱা যেন লাগিল তেওঁৰ৷ অফিচ কলিগ আৰু অন্য বন্ধুবৰ্গৰ মাজতো তেওঁৰ জনপ্ৰিয়তা আগতকৈ বৃদ্ধি পালে৷

ইমানৰ পিছতো কিন্তু অনবদ্য বৰুৱাৰ মন ভাল নলগাটো নকমিল৷ অফিচৰ পিছত সময় কটাবলৈ আৰু মনটো বেয়া নালাগিবলৈ নেটফ্লিক্স ডাউনলোড কৰি ল’লে৷ নাৰ্ক’চ, ব্ৰেকিং বেড, ডেয়াৰ ডেভিল, কাৰ্বন ইত্যাদি ধেৰ শ্ব’ চাই অটালে৷ এতিয়া তেওঁ বন্ধুবৰ্গক পৰামৰ্শও দিব পৰা হ’ল- ইখন বহুত ভাল, সিখন বেয়াহে৷ পুনৰ বন্ধুবৰ্গৰ চকুত তেওঁ জনপ্ৰিয় হ’ল৷

কিন্তু কৰবাত কিবা এটা ভাল লাগি নাথাকে৷ অনবদ্য বৰুৱাৰ এনে লাগে যেন তেওঁৰ জীয়াই থকাৰ উৎসাহ, উদ্দীপনা শেষ হৈ আহিছে৷ যেন পৃথিৱীৰ সৈতে সম্পৰ্ক ৰাখিবলৈ কোনো অজুহাত নাইকীয়া হৈ পৰিছে৷ বিয়া পাতিবলৈ ছোৱালীবোৰৰ সৈতে কথা পাতে৷ পিছে নিজেও নাজানে কি নো বিচাৰি আছে বিবাহপ্ৰাৰ্থীৰ মাজত৷ ট্ৰিপ যাবলৈও মন নোযোৱা হ’ল এতিয়া৷ আগতে কেতিয়াবা বেংক বেলেন্স চাইও ভাল পাইছিল, এতিয়া বেংক বেলেন্স চাবলৈও ভয় কৰে- ঘৰত কিনি দিয়া গাড়ীৰ লোণ, নতুনকৈ লোৱা ফ্লেটৰ লোণ আদি মিলি দৰমহাৰ এক তৃতীয়াংশহে বাকী ৰয়গৈ৷

আজিকালি অনবদ্য বৰুৱাৰ টোপনি নহা হৈছে- ইনচ’মনিয়া! বহুত চেষ্টা কৰে শুবলৈ,  কিন্তু চকু দুটা জাপ নাখায়, মগজুটো শান্ত নহয়৷ মুঠৰ ওপৰত টোপনি নাহে৷ শোৱাৰ আগত গাখীৰ, কল খাই, নেটফ্লিক্স, আমাজ’ন চাই, গানা ডট কমত গান শুনি…একোৱে কাম নিদিয়া হ’ল৷ সেয়ে ইউটিউবত স্লিপিং মিউজিক বিচাৰিলে৷ স্লিপিং মিউজিকেৰে টোপনি আহিও দেৰঘণ্টা মানৰ মুৰত সাৰ পাই গ’ল, আৰু টোপনি নাহিল৷ এইদৰে কেইবাদিনো যোৱাৰ পিছত এদিন ইউটিউবতে ভিডিঅ’ এটি চাই থাকোতে এপ এটাৰ বিজ্ঞাপন দেখিলে- ‘আপোনাৰ যদি টোপনি অহা নাই, তেন্তে ডাউনলোড কৰক- deep life’৷ অনবদ্য বৰুৱাই জানে যে তেওঁক তেওঁৰ পিতৃ মাতৃ, বন্ধুবৰ্গ, সহকৰ্মী এই আটাইবোৰতকৈ বেছিকে জানে গুগল আৰু ইউটিউবে৷ দীপ লাইফত ‘শ্লিপ পিচফুলি’ বুলি কেইবাটাও বাকচ দেখিলে৷ journey through a river বুলি এটা তেওঁৰ পছন্দ হ’ল৷

“আপুনি এখন নাৱত  নৈ এখনেৰে গৈ আছে, আবেলি পৰত৷ আকাশত ডুবন্ত সূৰুযৰ হেঙুলী আভা৷ নৈৰ দুয়ো পাৰে কঁহুৱা বন৷ তাতে পখিলাবোৰ উৰি ফুৰিছে৷ আপুনি গৈ আছে৷ লাহে লাহে সন্ধিয়া হবলৈ ধৰিছে৷ এজাক ঘৰমুৱা চৰাই কোৰ্হাল কৰি আপোনাৰ মুৰৰ অলপ ওপৰেৰে উৰি গ’ল৷ মৃদু বতাহ এজাকে আপোনাক চুই গৈছে৷” – দীপ লাইফ এপৰ শ্লিপ পিচফুলিৰ কথাখিনি শুনি শুনি অনবদ্য বৰুৱাৰ অৱশেষত টোপনি আহিল৷

**** অনবদ্য বৰুৱাৰ জীৱনটো এনেকুৱাই,  যিসকলে তেওঁৰ কাহিনীটোত কিবা কাহিনী বিচাৰি আছিল…..ক্ষমা কৰিব!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *