গল্প-কবিতা

গুৱাহাটীত গান্ধী।। অৰূপ কলিতা।

মুক্ত চিন্তা‌। একাদশ বছৰ‌।‌। দ্বিতীয় সংখ্যা

৩০ জানুৱাৰী , ২০২৬ ৷

গান্ধী আহিছে৷ ৮০ বছৰ পাছত তেওঁ আকৌ এবাৰ গুৱাহাটীলৈ আহিছে৷ শেষৰ বাৰ সেই ১৯৪৬ তেই অহা৷ কস্তুৰবা গান্ধী আশ্ৰমলৈ৷ ইচ্ছা আছিল দেশ স্বাধীন হোৱাৰ পাছত আকৌ এবাৰ অসমলৈ আহিব৷ গ্ৰাম স্বৰাজৰ সপোনবোৰ গাঁৱে গাঁৱে সিচি দিব৷ কিন্তু …

গুৱাহাটীত ভৰি দি খানাপাৰত চিটী বাছ এখনত উঠি দিলে গান্ধীয়ে৷ ৮০ টা বছৰত গুৱাহাটী তেনেই অচিনাকি হৈ পৰিছে৷ কাষৰ চিটত বহা যাত্ৰী এজনক সুধি গম পালে- কস্তুৰবা গান্ধী আশ্ৰমলৈ যাবলৈ ক’ত নামিব লাগিব৷ উলুবাৰীত চিটি বাছৰ পৰা নামি দিলে তেওঁ৷ দোকান এখনত কস্তুৰবা আশ্ৰমৰ ঠিকনাটো সুধিবলৈ গৈ গান্ধী ৰৈ গ’ল৷ উৎসুকতাৰে চালে টি ভিত বাজি থকা বাতৰিটোলৈ৷ মুখ্যমন্ত্ৰীয়ে কৈ আছে – বিশেষ ধৰ্মৰ এচাম লোকক কষ্ট দিয়াৰ কথা৷ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ কথা৷ ৰিক্সাৱালাক এটকা কমকৈ দিয়াৰ কথা৷ দোকানী জনে গ্ৰাহকৰ সৈতে আলোচনা কৰিছে – মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে৷ গ্ৰাহকেও সহমত দিছে৷ ঠিকনাটো নোসোধাকৈ তেওঁ দোকানৰ পৰা ওলাই আহে৷

ফ্লাই অ’ভাৰৰ তলত ৰৈ তেওঁ চাই ৰ’ল অগণন মানুহৰ আহযাহ৷ ছাত্ৰ – ছাত্ৰী , উকীল – সাংবাদিক, ডেলিভাৰী বয়, অটোৱালা, ৰিক্সাৱালা – কিমান মানুহ৷ ব্যস্ত ৰাজপথ মাজে মাজে স্থবিৰ হৈ পৰিছে ট্ৰেফিক চিগনেলত৷ চাই চাই গান্ধীয়ে ভাবি থাকিল, তেওঁৰ সপোনৰ স্বাধীন ভাৰতত এজন মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ৷ হুমুনিয়াহেৰে গান্ধীয়ে মনত পেলালে ১৯২৭ চনৰ ২২ ডিচেম্বৰত‘ইয়ং ইণ্ডিয়া’ত লিখা কথাখিনি৷ তেওঁ লিখিছিল -–‘মই মোৰ সপোনৰ ভাৰতত কেৱল এটা ধৰ্মই থকাটো নিবিচাৰো যে ভাৰত কেৱল হিন্দু, কেৱল মুছলমান বা কেৱল খ্ৰীষ্টান ধৰ্মৰ হওক৷ বৰং মই বিচাৰো ভাৰত সম্পূৰ্ণৰূপে সহিষ্ণু হওক৷ য’ত সকলোৱে কান্ধত কান্ধ মিলাই নিজৰ ধৰ্ম পালন কৰিব৷’

মুখ্যমন্ত্ৰীক গান্ধীৰ ক’বলৈ মন গ’ল ১৯২৭ চনৰ ২০ অক্টোবৰত ‘ইয়ং ইন্ডিয়া’ত লিখা এই কথাখিনিও –‘মই অনুভৱ কৰিছো যে হিন্দু ধৰ্মই হ’ল আটাইতকৈ সহিষ্ণু ধৰ্ম৷ হিন্দু ধৰ্মই ইয়াত বিশ্বাসীসকলক আন ধৰ্মক সন্মান কৰিবলৈ সক্ষম কৰাই নহয়, তেওঁলোকক আন ধৰ্মৰ ভালখিনি প্ৰশংসা আৰু গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলে৷ ‘

শুনিব জানো কোনোবাই গান্ধীৰ কথা – এই ভাবনাই তেওঁৰ মগজুত পাকঘূৰণি খাই থাকিল৷ হঠাৎ দেখা গ’ল – এটা সমদল৷ উগ্ৰ শ্ল’গান দি মুখ্যমন্ত্ৰীৰ সমৰ্থনত ওলাই আহিছে এদল যুৱক৷ মূৰত পাগুৰি৷ হাতত বিশেষ ৰঙৰ পতাকা৷ মুষ্টিবদ্ধ হাত ওপৰলৈ তুলি – হুংকাৰ আৰু ভাবুকিৰে ৰাজপথ কঁপাই তুলিছে৷ ধৰ্মৰ সুৰক্ষাৰ দাবীত এই সমদল গান্ধীৰ চকুৰ আগেৰে পাৰ হৈ গ’ল৷ গান্ধী ৰৈ থাকিব নোৱাৰিলে৷ সমদলৰ শেষত থকা যুৱকজনক কাষলৈ মাতিলে৷ পুতৌৰ দৃষ্টিৰে যুৱকজন আগুৱাই আহিল৷ গান্ধীয়ে কানে কানে ক’লে ১৯২৫ চনৰ ২৪ ছেপ্তেম্বৰত ‘ইয়ং ইণ্ডিয়া’ত লিখা বাক্যশাৰী –‘পূজা বা প্ৰাৰ্থনা কেৱল ওঠেৰে নহয় , হৃদয়ৰে কৰা উচিত৷ সেয়ে এই কাম কলা – বোবা , অজ্ঞানী আৰু মূৰ্খয়ো সমানে কৰিব পাৰে৷ যাৰ মুখেৰে অমৃত বৰষে আৰু হৃদয় ঘৃণাৰে ভৰি আছে, তেওঁৰ প্ৰাৰ্থনা কেতিয়াও শুনা নাযায়৷ ‘উছাট মাৰি যুৱকজন আঁতৰি গ’ল৷ গান্ধী আচৰিত নহ’ল৷

মনৰ মাজতে তেওঁ দোহাৰিলে ১৯৪৭ চনৰ ২৩ নৱেম্বৰত হৰিজন কাকতত লিখা কথাষাৰ – ‘মানুহৰ জীৱনৰ সৰ্ব্বোচ্চ প্ৰচেষ্টা হোৱা উচিত ঈশ্বৰক বিচাৰি উলিওৱা৷ এয়া মানুহৰ হাতেৰে নিৰ্মিত মন্দিৰ বা উপাসনাস্থলীত পোৱা বস্তু নহয়৷ ঈশ্বৰক পাব পাৰি কেৱল প্ৰেমেৰে৷

গুৱাহাটীত অতিষ্ঠ হৈ পৰিল গান্ধী৷ কোনো এখন গাঁৱলৈ যাবলৈ মন গ’ল তেওঁৰ৷ পল্টনবজাৰৰ দিশে খোজ পোনালে গান্ধীয়ে৷ বিশাল বিশাল বিল্ডিংবোৰ দেখি তেওঁৰ মনত পৰিল ইয়ং ইণ্ডিয়াত লিখা এই বাক্যশাৰী-‘ভাৰতে এমুঠিবান মানুহৰ হাতত সকলো সম্পত্তি কেন্দ্ৰীভূত হোৱাটো নিবিচাৰে৷ বৰং এই সম্পত্তি ৭ লাখ গাঁৱৰ মাজত বিতৰণ হ’ব লাগিব ৷’

শ্বপিঙ মল এটাৰ সন্মুখত গান্ধীয়ে খোজৰ গতি সামান্য কমাই দিলে৷ ডিচকাউণ্ট চেল চলিছে৷ শ শ মানুহৰ হেতা ওপৰা। মলৰ সন্মুখত ভিক্ষা পাত্ৰ লৈ এগৰাকী মহিলা৷ কোচত শিশু সন্তান৷ শ্বপিং সামৰি ওলাই অহা এহাল প্ৰেমিক যুগলক গান্ধীয়ে কিবা এটা ক’বলৈও ৰৈ ৰ’ল৷ কি ক’ব বিচাৰিছিল তেওঁ৷ সেই ১৯৪০ চনৰ ২৫ আগষ্টত হৰিজনত লিখা কথাখিনিয়েই –‘ভাৰতৰ দৰিদ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে নিজৰ প্ৰয়োজন নূন্যতম কৰিব লাগিব৷ তেওঁৰ উপাৰ্জন অসাধুতাৰ পৰা মুক্ত হ’ব লাগিব৷ বেইমানীৰ ইচ্ছা মনৰ পৰা ত্যাগ কৰিব লাগিব৷ জীৱনৰ সকলো ক্ষেত্ৰতে আত্মসংযমৰ পৰিচয় দিব লাগিব৷ তেতিয়াহে সহযোগী আৰু প্ৰতিৱেশীৰ মাজত এজন আদৰ্শবান নাগৰিক হিচাপে পৰিচয় দিব পাৰিব৷’

মনৰ কথাখিনি নোকোৱাকৈ তেওঁ উপস্থিত হ’ল ৰেলৱে ষ্টেচনত৷ নামনিমুৱা এখন ৰেলত উঠি তেওঁ যাত্ৰা আৰম্ভ কৰিলে৷ ভিৰৰ মাজত সামান্য ঠাই উলিয়াই গান্ধী বহি পৰিল৷ দুজন ব্যক্তিয়ে উষ্মাৰে কথা পাতিছে৷ গান্ধীয়ে কান পাতিলে৷ সহযাত্ৰী দুজনৰ আপত্তি, অসন্তুষ্টি সংবাদ মাধ্যমৰ ওপৰত৷ তেওঁলোকৰ মতে সংবাদ মাধ্যমে আজিকালি সঁচা কথা নেদেখুোঅ্য৷ ৰাজনীতিকৰ বহতীয়া হৈ পৰিছে আজিৰ সাংবাদিকবোৰ৷ গান্ধীৰ মনত পৰিল ১৯২০ চনৰ ১২ মে’ত ‘ইয়ং ইণ্ডিয়া’ত লিখা কথাখিনি –‘আধুনিক সাংবাদিকতালৈ অসত্য, একপক্ষীয়তা আৰু অসাধুতাৰ আগমণ ঘটিছে৷ যিয়ে সেইসকল নিষ্ঠাবান নাগৰিকক বিভ্ৰান্ত কৰিব, যিয়ে ন্যায়ৰ বাহিৰে আন একো দেখিবলৈ নিবিচাৰে৷’

ধৈৰ্য্য হেৰুৱাই বাৰ্তালাপৰ মাজত মাত মাতিলে গান্ধীয়ে৷ নিকট যাত্ৰীজনক তেওঁ সুধিলে – কোনোবা সাংবাদিকক চিনি পায় নেকি? যাত্ৰীজনে ক’লে – ব্যক্তিগতভাৱে চিনি নাপায়  কিন্তু টি ভিত দেখা অনেক জনপ্ৰিয় সাংবাদিকৰ নাম তেওঁ কৈ গ’ল৷ গান্ধীয়ে বিনম্ৰতাৰে ক’লে – কেতিয়াবা যদি কোনো সাংবাদিকক লগ পায়, তেনেহ’লে আত্মজীৱনীত তেওঁ লিখি থৈ যোৱা এইখিনি কথা কয় যেন -‘সাংবাদিকতাৰ একমাত্ৰ উদ্দেশ্য সেৱা হ’ব লাগে৷ একোখন কাকত একো একোটা মহান শক্তি৷ কিন্তু অনিয়ন্ত্ৰিত পানীয়ে যেনেকৈ এখন দেশক ডুবাই দিয়ে, পথাৰৰ সকলো শস্য ধ্বংস কৰি পেলায়, তেনেদৰে অনিয়ন্ত্ৰিত কলমে ধ্বংসৰ বাহিৰে আন একো কৰিব নোৱাৰে৷’

সন্ধিয়াৰ আগে আগে এটা ষ্টেচনত নামি দিলে তেওঁ৷ সৰু চহৰ৷ সন্ধিয়া নামি আহিছে৷ এখন দোকানত ভিৰ দেখি তেওঁ আগুৱাই গ’ল৷ দেখিলে সুৰাৰ বটল ক্ৰয় কৰিবলৈ মানুহবোৰে হেতা ওপৰা লগাইছে৷ পদথেৰে গৈ থাকোতে তেওঁ দেখিলে – ইখনৰ পাছত সিখন সুৰাৰ দোকানেৰে ভৰি পৰিছে সৰু চহৰখন৷ গান্ধী আচৰিত নহৈ নোৱাৰিলে৷ এখন গাঁৱৰ সন্ধানত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে গান্ধীয়ে৷ গাঁৱত ভৰি দি তেওঁ বিমৰ্ষ হৈ পৰিল৷ পথাৰবোৰ উদং৷ নিজম পৰি আছে আলি পদূলিবোৰ৷ ল’ৰা – ছোৱালী , ডেকা- বোৱাৰী সকলো মোবাইল ফোনত নিমগ্ন৷ গাঁৱলৈ নতুন এজন মানুহ আহিছে৷ অথচ কাৰো মাতিবলৈ সময় নাই৷ পথৰ দাঁতিৰ দোকান এখনত বহি থকা বৃদ্ধ এজনক গান্ধীয়ে নিজৰ চিনাকি দিলে৷ বৃদ্ধজনৰ আফচোচ- গান্ধীয়ে সপোন দেখা সেই সমাজ আজি আৰু নাই৷ গাঁওবোৰ ভৰি পৰিছে হিতাধিকাৰীৰে, কামৰ সন্ধানত যুৱক যুৱতীবোৰ গাঁও এৰি গুছি গৈছে৷ ভোটৰ বাবে হিতাধিকাৰীক কোনো দলৰ অন্ধ অনুগত হ’বলৈ বাধ্য কৰোৱা হৈছে৷

গান্ধীয়ে ১৯৪৭ চনৰ ২ মাৰ্চত হৰিজন কাকতত লিখা এই কথাখিনিকেই বৃদ্ধজনৰ আগত আওৰালে –‘যেতিয়া উন্নয়নতকৈ ৰাজনৈতিক দলসমূহে নিজৰ শক্তি বৃদ্ধিৰ বাবে কৰা ক্ষমতাৰ ৰাজনীতি গাঁওসমূহত প্ৰৱেশ কৰে , তেতিয়া ইয়ে কল্যানতকৈ গাঁৱৰ প্ৰগতিত প্ৰতিবন্ধকতাৰহে সৃষ্টি কৰে৷ সেইবাবেই মই ক’ব বিচাৰো যে পৰিস্থিতি যিয়েই নহওক, আমি স্থানীয় সম্ভাৱনাসমূহক যিমান পাৰি অধিক ব্যৱহাৰ কৰিব লাগে৷ ক্ষমতাৰ ৰাজনীতিৰ পৰা যদি আমি মুক্ত হৈ থাকো, ভুল হোৱাৰো সম্ভাৱনা নাথাকিব৷ ‘

গান্ধীৰ বুজিবলৈ বাকী নাথাকিল যে এইখন তেওঁ বিচৰা ভাৰত নাছিল৷ এইখন তেওঁ স্বৰাজৰ সপোন দেখা গাঁওখন নহয়৷ বাঁহনিৰ লুঙলুঙীয়া বাটটোৰে গৈ গৈ সন্ধিয়াৰ এন্ধাৰত এসময়ত গান্ধী বিলীন হৈ পৰিল৷ …

Leave a Reply

Your email address will not be published. Required fields are marked *