অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

জ্ঞান পূজাৰীৰ কবিতাত বিপ্লৱী সত্তা- (আনমনা গগৈ)

ৰূপান্তৰৰ মাজেৰেহে সমাজৰ উত্তৰণ সম্ভৱ। তেনে তাড়নাত বশৱৰ্তী হোৱা পৃথিৱীৰ সকলো লেখকৰ সৃষ্টিকৰ্মতে তেওঁলোকৰ বিপ্লৱী সত্তা প্ৰকট হৈ উঠিছে। অসমীয়া কাব্য সাহিত্যতো সামাজিক দায়বদ্ধতাৰ প্ৰতি মোহাবিষ্ট কবিসকলৰ কবিতাত সমাজৰ শোষণ, বঞ্চনা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ নিষ্পেষণৰ বাবেই বিপ্লৱৰ অনুভূতিয়ে কাব্যময় ৰূপ লাভ কৰিছে।অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি অজিৎ বৰুৱাৰ দৰে কবিৰ উত্তৰসূৰী জ্ঞান পূজাৰীৰ কবিতাতো বিপন্ন স্বদেশ-স্বজাতিৰ বেদনাত বিপ্লৱানুভূতি উদ্বেলিত হৈ উঠিছে।

‘এজন কবি’

শত সহস্ৰ নিপীড়িত মানুহৰ মুক্তিৰ প্ৰাচীন ইচ্ছাক

ৰক্তস্ৰাৱী সংগ্ৰামৰ ৰূপ দিছিল

নাম

নাম তেওঁৰ মাও ছে টুং

ইয়াত স্বদেশ

চাবুকৰ আঘাতত জৰ্জৰিত স্বদেশ

(মোৰ দেশ মানুহৰ দেশ)

এনেকৈয়ে মাৰ্ক্স, লেনিন,মাওৰ দৃষ্টিভংগীৰে কবি জ্ঞান পূজাৰীয়ে তেওঁৰ কবিতাৰ শব্দবোৰ সুসজ্জিত কৰি গঢ়ি তুলিছে।”দুঃসাহসৰ  সময়”ৰ মাজতে জীৱনৰ সত্যানুসন্ধান কৰা কবিজনে যেতিয়াই স্বদেশ-স্বজাতিৰ দুখ-যন্ত্ৰণাক উপলব্ধি কৰিছে তাতেই স্পন্দিত হৈ উঠিছে তেওঁৰ সংগ্ৰামী আদৰ্শই।

জ্ঞান পূজাৰীৰ কবিতাত যি বিপ্লৱী সত্তা গঢ়লৈ উঠিছে সেয়া সুগভীৰ জীৱনবোধ আৰু সমাজ-বীক্ষাক কেন্দ্ৰ কৰি।কবিৰ কাব্য ধাৰা লক্ষ্য কৰিলে দেখা যায় “দুঃসাহসৰসময়”ৰ পৰা আৰম্ভ কৰি “মেঘমালাৰ ভ্ৰমণ”লৈকে তেওঁৰ কাব্য গ্ৰন্থকেইখনৰ কবিতাসমূহত বিপ্লৱৰ প্ৰাণস্পন্দন অনুভূত হয় যদিও তেওঁ জীৱনৰ আদিছোৱা সময়ৰ কবিতাত সেই স্ফুলিংগ অধিক ৰূপত তিৰবিৰাই উঠিছিল।

এটা পৰিৱৰ্তনশীল সময়ত জন্ম হৈছিল কবি জ্ঞান পূজাৰী।স্বাধীন ভাৰতৰ স্বাধীন শাসন ব্যৱস্থাটোৰ পৰা আঁতৰি স্বাধীনতাৰ প্ৰাককালৰ পৰা গঢ়ি উঠা কমিউনিষ্ট ভাবাদৰ্শই বহুজনক আকৰ্ষিত কৰিছিল।আনহাতে কবি জ্ঞান পূজাৰীয়ে অসমৰ পৰা বিদেশী খেদা আন্দোলনৰ তিক্ততাময় পৰিৱেশৰো সাক্ষী হৈছিল।সেই সময়ছোৱাত স্বদেশ স্বজাতিৰ বাবেই অধিকসংখ্যক মানুহে ৰাজপথ উত্তাল কৰিছিল আৰু এচাম যুৱকে দেশ স্বাধীন কৰাৰ নামত সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিছিল।কিছুসংখ্যক মানৱতাবাদী মানুহে শান্তি, মানৱতাৰ হকে কলম তুলি লৈছিল।এই মানুহবিলাকেই বহু সময়ত আৱেগ প্ৰৱণতাত উটি-ভাহি ফুৰা মানুহৰ দ্বাৰা নিৰ্যাতিত,অপমানিত হৈছিল।এই গণ আন্দোলন প্ৰশমিত কৰিবৰ বাবে চৰকাৰে আইন-কানুন জাপি দি বা অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা অন্য এক সন্ত্ৰাস সৃষ্টি কৰিছিল।

কবি জ্ঞান পূজাৰীয়ে এই সময়ৰ পৰিস্থিতি বিষয়বস্তু সকলোবোৰ কমিউনিষ্ট ভাবাদৰ্শৰ দ্বাৰা বিশ্লেষণ কৰিছে আৰু যৌৱনে ডগমগাই থকা কবি পূজাৰীৰ কবিতাত উদগ্ৰ বিপ্লৱী চেতনাই ঝংকাৰ তুলিছে-

মাতালহিষ্টৰীয়াগ্ৰস্ত চিৎকাৰ দাম্ভিকবিজ্ঞাপনৰ কোলাহল

উদ্ভ্ৰান্ত নগা যাঠি, হে মোৰ নয়নৰ মণি-পানিগ্ৰাহী ৰাজন ৰবীন

অথবা স্নেহলতা, দুহাতেৰে তুলি লোৱা

মোৰ তেজে ধোৱা মন্ত্ৰপূত শৰীৰ দেশৰ

আকণ্ঠ কঁপাই ছিৰাছিৰ কৰা অন্ধকাৰ ক্ৰুদ্ধবিপন্ন ৰজঃস্বলা সময়

তোমালোকৰ

নিনাদিত যৌৱন আৱেগময় কৰি

গৰ্জি উঠা গৰ্জি উঠা

(নাগৰিকৰ প্ৰতি)

সমাজখনৰ পৰা লাভ কৰা তিক্ততাময় অভিজ্ঞতাই কবিক বিপ্লৱী কৰি তুলিছে।স্বজাতিৰ শোষণ,প্ৰৱঞ্চনা, দুখ-যন্ত্ৰণাক কবিয়ে হিয়াৰ উমৰ মাজেদি উপলব্ধি কৰিছে।যন্ত্ৰণাক ছিৰাছিৰ কৰি “নক্ষত্ৰৰ ঠিকনা”বিচৰা কবিয়ে অন্ধকাৰ ভৱিষ্যত দেখি প্ৰায়ে শিহৰিত হৈ পৰিছে-

জিকাৰ খাই উঠোঁ

জিকাৰ খাই উঠোঁ

কাৰ হাতত সঁপি দিলোঁ অসম অসম

মোৰ সোণৰ অসমৰ কণ কণমইনাহঁতক

(নীৰৱ সমস্ত দেশ)

মানুহৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাবোধে কবিক চিন্তাগ্ৰস্ত কৰি তোলে। ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰত সাধাৰণ জনতাৰ জীৱন বিপন্ন হৈ পৰে।ৰাতি দুপৰত চৰকাৰী বেচৰকাৰী বন্দুকধাৰীয়ে দুৱাৰত টোকৰ দিয়ে। সাধাৰণ জনতাৰ জীৱন ভীতিগ্ৰস্ত হয়।নৈৰাজ্যবাদে মানুহক নিৰ্মমভাৱে অসহায় কৰি তোলে।তাৰ জ্বলন্ত ছবিখন কবিয়ে তুলি ধৰিছে “ৰাতি ফুলা ফুল”ৰজৰিয়তে-

কেইজনীমান ভদ্ৰ মহিলা লোদোৰপোদোৰ

চিৰিয়েদি উঠি আহিছিল সিহঁতৰ শাৰীবোৰকঁপি উঠিছিল মঙহাল তপিনাভৰত

কৰঙনেদি উজাই আহিছিল কেইপাচিমানআপেল

 লিগিৰাটোৱে ভাৰ

বৈ আনিছিল পিছে পিছে ধূপ-ধূনা নৈবেদ্যত গদ্গদ্

তাৰ বিয়াগোম মোচকোছা

কবিয়ে যিমানেই গভীৰতাত গৈ জীৱনৰ সন্ধান কৰিছে সিমানেই কবিৰ বিপ্লৱী চেতনাই সাৰ পাই উঠিছে।”কথামালা”কবিতাত শব্দৰে গাঁঠি গৈছে তেওঁৰ আত্মপীড়া।নিৰ্যাতিতা,দুৰ্দশাগ্ৰস্ত নাৰীৰ প্ৰতি বেথাৰ –

কোন বহুৱা মোৰ আৰ্চিৰ হাঁওফাঁওত

ফালি নে মোক মোৰ পৰা

মোৰ স্থিতি মোৰ জাতি মোৰ অজাতি

সাম্প্ৰতিক দুঃসময়ৰ ধ্বংসাত্মক সমাজৰ চিত্ৰখনেই নহয়,প্ৰকৃতি জগতেও কঢ়িয়াই অনা দুৰ্যোগৰ ছবিখনে কবিৰ মনত সৃষ্টি কৰিছে হতাশাবোধ আৰু সেই পংকিলতাৰ মাজত শান্তি বিচাৰি তেওঁ প্ৰেমৰ স্বপ্নময় শীতল ছায়াত আশ্ৰয় লৈছে-

তোমাক লগত লৈ

থৈ যোৱা মোক

থৈ যোৱা মোক

ছাই বৰণীয়া মাটিৰ গন্ধত

কেনেকৈ পাহৰো

তুমি ৰ’দে বৰষুণে 

আহু ধানৰ জিকমিক মাত

(লোহিত মুখৰ শলিতা-১)

সমাজৰ মৃত-প্ৰায় অৱস্থাত মানুহ মৰি মৰি জীয়াই থাকিব লগা হৈছে।ভদ্ৰ মহিলাৰশ্লীলতাহানি,বন্দুকধাৰীৰ ডেমাকি, শিশুৰ চিৎকাৰ আদি শুনি কবিৰ হৃদয় বিদীৰ্ণ হৈ পৰে।যুগ-যন্ত্ৰণাই তেওঁক অনিয়ন্ত্ৰিত কৰি তোলে।শান্তি আৰু মুক্তিৰ পথ বিচাৰি তেওঁ বিপ্লৱী হৈ পৰে-

“মোৰ হাতৰ কুঠাৰতই কেতিয়া খুলিবি

অ’ ৰাতিৰ চৰাই

মোৰ হাতৰ কুঠাৰ

(নিশাৰ চৰাই-১)

আধুনিক সভ্যতাৰ কদৰ্য তাৰ ৰূপ দেখি কবিৰ সংবেদনশীল হৃদয় হাহাকাৰ কৰি উঠে,সেয়া জ্ঞান পূজাৰীৰ কবিতাৰ আঁহে আঁহে জাজ্বল্যমান হৈ উঠিছে।

জনগণৰ প্ৰতি প্ৰেমৰ সুবাস আছে বাবেই কবিজনে বিপ্লৱৰ যোগেদি স্বাধীনতা আনিব বিচাৰে।স্বাধীনতা অনাৰ বাট অতি জটিল।তাৰ বাবে প্ৰয়োজন হয় ঐক্য শক্তি, লাগিব আটাইৰে জাগৃত বিপ্লৱী সত্তা-

ময়ে সেই চণ্ডাল,প্ৰতিটি মৃতদেহৰ ৰখীয়া

শ্মশান বলিয়া

ঘৃণাত মোৰ জ্বলিছে হৃদয়।

উঠা,

উঠা মোৰ বুকুৰ আঙঠাত হাত দিয়া।

(পোহৰে মেলা তাঁত)

স্বাধীনতাকামী কবিৰ মনত ঐতিহ্য চেতনা বোধে ধৰা দিয়ে।শংকৰদেৱ, আদৰ্শৰ ভেঁটিত গঢ়ি উঠা অসমীয়া সভ্যতা-সংস্কৃতিৰ বিপৰ্যয়ৰ ৰূপ কবিৰ বাবে অতি অসহনীয়।দুখ আৰু ক্ষোভত তেওঁ পণবন্দী হয়,”জলবন্দী”হয়-

বন্ধুবৰ্গই লগ পালেই সোধে:

কি কৰিছা আজি কালি -কি কৰিছা

মই কওঁ : পণবন্দী হৈছোঁ

গুৱাহাটীত মাটি?ঘৰ কৰিলা?ঘৰ

ঘৰ

ঘৰ মোৰ আছেই নহয় ।গুহাত ঘৰ

গুহাৰ মূধচ।গুহাৰ চোতাল।

(কবিতা-৩)

আশাই মানুহক উজ্জীৱিত কৰিব পাৰে।স্বাধীনতাৰ আশা-আকাংক্ষাক হতাশাৰ ডাৱৰে ছানি ধৰিলেও বিষাদগ্ৰস্ত পৰিস্থিতিৰ মাজেদিয়েই কবিয়ে সুদিনৰ সম্ভাৱনাময় হেঁপাহক প্ৰসাৰিত কৰে।দুৰ্যোগ আহিবই, তাৰ মাজতে মানৱীয় আদৰ্শক মূৰ্ত কৰি “বৃন্দাবনী বস্ত্ৰ”বৈ থকাৰ আহ্বান জনায় কবিয়ে জনগণক-

         এতিয়া আপোনালোকে তাঁত লগাওক

          খট খটখটখট

          বৃন্দাবনী  বস্ত্ৰ বওক

          আপোনালোকৰ

জ্ঞান পূজাৰীৰ কবিতাত জীৱন, প্ৰেম, মৃত্যু, ঐতিহ্য আদি আটাইবোৰ অগ্ৰসৰ হৈছে বিপ্লৱ চেতনাৰ মাজেৰে।বুদ্ধি পৈণতাৰে  জীৱনৰ গভীৰতালৈ ধাৱিত হোৱা কবিগৰাকীৰ কবিতাই সৃষ্টি কৰিছে পঢ়ুৱৈৰ বাবে এখন নতুন চিন্তাৰ পথাৰ।আনহাতে ভাবৰ গাম্ভীৰ্য, ভাষাৰ বলিষ্ঠ অভিব্যঞ্জনা,অলংকাৰ, ছন্দৰ সাৱলীল প্ৰয়োগে তেওঁৰ কবিতাসমূহক এক অনন্য  ৰূপত উপস্থাপিত কৰিছে।তাতে আছে অনুভূতিৰ সুতীক্ষ্ণ সুঁতি।ফলস্বৰূপে অসমীয়া কাব্য সাহিত্যত জ্ঞান পূজাৰী এক অদ্বিতীয় প্ৰতিভাধৰ ৰূপে উজ্জ্বল হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *