কেন্দ্ৰীয় নিবন্ধ

ধৰ্ম আৰু ঈশ্বৰৰ সন্ধানত – (ৰূপক বৰুৱা)

প্ৰায় ২.২পৰা ১.৮৫ কোটি বছৰৰ আগতে পৃথিৱীত মানুহৰ পূৰ্বপুৰুষ আদিমতম মানৱ (early hominid)-ৰ উদ্ভৱ হয়। এই নিমাখিত দুৰ্বল বান্দৰ-মানুহৰ পৰাই যে আজিৰ বুদ্ধিমান মানুহ হৈছে তাক বিশ্বাস কৰিবলৈ টান। ই কেনেদৰে সম্ভৱ হ’ল? বিৱৰ্তন আৰু এই বিৱৰ্তনৰ যোগেদি আৰ্জন কৰা বোধ-শক্তিয়ে (Cognitive power) ইয়াক সম্ভৱ কৰি তোলে।

আদিম যুগৰ মানুহৰ, আজিৰ মানুহৰ লগত আকৃতিগত আৰু প্ৰকৃতিগত দিশত বহুখিনি পাৰ্থক্য আছিল। তেওঁলোক আছিল দেখাত বিশাল বান্দৰৰ দৰে। তেওঁলোকৰ কপালৰ হাড় আছিল চাপৰ আৰু অলপ হেলনীয়া। বান্দৰৰ তুলনাত মূৰত মগজুৰ পৰিমাণ আছিল বেছি কিন্তু আধুনিক মানুহৰ তুলনাত আছিল ভালেখিনি কম। শাৰীৰিকভাৱে আছিল আন জীৱ-জন্তুৰ তুলনাত তেনেই দুৰ্বল, প্ৰতি খোজে খোজে সম্মুখীন হৈছিল প্ৰাণ কাঢ়ি নিয়া বিপদৰ। তেওঁলোকৰ হাত আৰু হাতৰ তলুৱা সবল নাছিল। বনৰীয়া জন্তুৰ দৰে তেওঁলোকৰ নাছিল বিৰাট হাতোৰা অথবা চোকা নখ আৰু দাঁত। প্ৰথম পৰ্যায়ত তেওঁলোক আছিল খাদ্য সংগ্ৰাহক। নিয়ানডাৰ্থল মানুহৰ আগৰ স্তৰলৈকে মানুহৰ মস্তিষ্ক তথা চিন্তা কৰা শক্তি বিশেষ উন্নত হোৱা নাছিল। সেয়েহে তেওঁলোকৰ চৌপাশৰ প্ৰাকৃতিক পৰিঘটনাবোৰেও তেওঁলোকৰ মনত কোনে বিশেষ প্ৰভাৱ পোলোৱা নাছিল। মানুহে তেতিয়া জৈৱিক প্ৰয়োজনত প্ৰকৃতিৰ প্ৰতিকূল অৱস্থা আৰু আন জীৱ-জন্তুৰ লগত নিৰন্তৰ সংগ্ৰামত লিপ্ত হ’ব লগা হৈছিল। কিছু পণ্ডিতৰ মতে মানুহে শিলৰ হাথিয়াৰ ব্যৱহাৰ আৰু তাৰ লগতে ইয়াক বিভিন্ন ৰূপ দিবলৈ কৰা প্ৰচেষ্টাৰ ফলত দৈহিক আৰু মানসিক পৰিৱৰ্তন হ’বলৈ ল’লে।

মানুহৰ মস্তিষ্ক বিকাশত (১) শিলৰ হাথিয়াৰ ব্যৱহাৰ (২) চিকাৰ (৩) জুই ব্যৱহাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিলৰ হাথিয়াৰ ব্যৱহাৰ কৰাৰ আগতে আদিম মানৱে খাদ্যৰ বাবে মৰা জীৱ-জন্তুৰ অৱশিষ্ট জকাটোৰ হাড়বোৰ ভাঙি খাবলৈ মেৰু-মজ্জা উলিয়াইছিল আৰু তেতিয়াই ভগা হাড়ৰৰ জোঙ আৰু ধাৰেৰে কাটিব বা বিন্ধা কৰিব পাৰি তাৰ অভিজ্ঞতা লাভ কৰিলে আৰু ইয়াক বিভিন্ন কামত ব্যৱহাৰ কৰিবলৈ ল’লে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিলক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে। শিলৰ হাথিয়াৰ ব্যৱহাৰ আৰু ইয়াক ৰূপান্তৰ কৰাৰ যোগেদি মানুহ আৰু প্ৰকৃতিৰ মাজত হোৱা দান্দ্বিক সম্পৰ্কৰ ফলত লাহে লাহে মগজুৰ বিকাশ হ’বলৈ ধৰে আৰু মানুহে ৰূপ লয় Homo-ergaster প্ৰজাতিৰ। এই Homo-ergaster প্ৰজাতি মানুহে প্ৰথম শিলৰ হাথিয়াৰ নিজেই তৈয়াৰ কৰিছিল (Acheulean-handaxe) আৰু বনোৱা আগতে তাৰ এটা চানেকি মনতে কৰি লোৱা ক্ষমতা লাভ কৰিছিল। তেওঁলোকৰ এই ক্ষমতা মানুহৰ বোধশক্তি (cognitive power) বিকাশৰ দিশলৈ এক বিৰাট জাঁপ। শিলৰ বা অন্য আহিলা ব্যৱহাৰ কৰা কৌশল আয়ত্ব কৰাৰ পিছত খাদ্য সংগ্ৰাহক আদিম মানুহ এটা সময়ত চিকাৰীজীৱীলৈ পৰিৱৰ্তন হৈছিল। আদিম মানৱে দলবদ্ধভাৱে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰিছিল। আনকি তেওঁলোকে প্ৰকাণ্ড ম্যামথৰ চিকাৰো কৰিছিল। চিকাৰ আদিম মানুহৰ প্ৰধান কাম হৈ পৰিছিল। চিকাৰৰ মাজেৰে তেওঁলোকে খাদ্যকেই যে পালে এনে নহয়, পিন্ধিবলৈ পোছাকো পালে। চিকাৰ কৰিবলৈ যোৱা সময়ত তেওঁলোকে ভাবি স্থিৰ কৰিব লগা হৈছিল— চিকাৰীসকলৰ কোনে ক’ত চোপ লৈ থাকিব আৰু কেতিয়া কেনেকৈ পশুৰ জাকটোক আক্ৰমণ কৰিব লাগিব, কেনে অস্ত্ৰ লাগিব আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগিব। নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে কৰা এই দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতিত মানুহৰ চিন্তা ভাৱনাৰ শক্তি বাঢ়ি গ’ল। এনেদৰে এক দীৰ্ঘ পৰিক্ৰমাৰ পিছত আজিৰ পৰা প্ৰায় ২.৫লাখ বছৰৰ আগেয়ে পৃথিৱীত নিয়ানডাৰ্থাল প্ৰজাতিৰ মানুহৰ আৱিৰ্ভাব হয়।

এই নিয়ানডাৰ্থাল মানুহ আছিল চিকাৰী। তেওঁলোকে চিকাৰ কৰিবলৈ উন্নত সঁজুলি যাঠি ব্যৱহাৰ কৰিছিল। তেওঁলোকে গুহাত বাস কৰিছিল। পৰিয়াল গঠনৰ প্ৰাথমিক প্ৰয়াস তেওঁলোকৰ মাজত লক্ষ্য কৰা যায়।  তেওঁলোকে মৃত ব্যক্তিক কবৰ দিছিল আৰু মৃত ব্যক্তিৰ মৃত্যুৰ পিছতো যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে দৈনিক প্ৰয়োজনৰ কিছু বস্তু মৃত ব্যক্তিৰ লগত কবৰত ৰাখিছিল। তেতিয়াই প্ৰাণ বা আত্মাৰ চিন্তা ভাবনা ধীৰে ধীৰে আৰম্ভ হৈছিল। অনুমান কৰা যায় যে আজিৰ পৰা প্ৰায় ৫০ হাজাৰ বছৰৰ আগতে চতুৰ্থ হিমযুগৰ সমসাময়িকভাৱে নিয়ানডাৰ্থাল মানুহে জুই জ্বলোৱা কৌশল আৱিষ্কাৰ কৰিছিল।স্বাভাৱিকভাৱে কৃত্ৰিমভাৱে জুই জ্বলোৱা কৌশল আৱিষ্কাৰে মানুহক বিপুল ক্ষমতাৰ অধিকাৰী কৰি তোলে। মানুহৰ অস্তিত্ব আৰু সভ্যতা বিকাশত জুই জ্বলোৱা কৌশল আৰু ইয়াৰ ব্যৱহাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। মস্তিষ্ক বিকাশৰ লগে লগে আদিম মানুহে প্ৰাকৃতিক পৰিঘটনাবোৰৰ আঁৰত এক শক্তি কল্পনা কৰে আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ কৰা বা চিকাৰৰ দৰে কাৰ্যত সফল হ’বলৈ, ভয় দূৰ কৰিবলৈ ম্যাজিক বা ইন্দ্ৰজাল অনুষ্ঠান কৰিবলৈ ল’লে। জেমচ্‌ ফ্ৰেজাৰৰ মতে ইন্দ্ৰজালৰ নেপথ্যত দুই প্ৰকাৰৰ নীতি-নিয়ম আছে-
(ক ) সদৃশ ঘটনাই সদৃশ ফলাফলৰ সৃষ্টি কৰে অথবা ফলাফল সকলো সময়তে কাৰণৰ অনুৰূপ হয়। এই নিয়মৰ ওপৰত প্ৰতিষ্ঠিত ইন্দ্ৰজালক অনুকৰণমূলক ইন্দ্ৰজাল বোলা হয়।
(খ) এসময়ত সংস্পৰ্শত থকা দুটা বস্তুৰ এটা শাৰীৰিকভাৱে বিচ্ছিন্ন হ’লেও আঁতৰৰ পৰা সি আনটোৰ ওপৰত ক্ৰিয়া কৰে। এই নিয়মৰ ওপৰত প্ৰতিষ্ঠিত ইন্দ্ৰজালক স্পৰ্শমূলক ইন্দ্ৰজাল বোলা হয় । নিয়ানডাৰ্থাল প্ৰজাতিৰ সময়তে আত্মাৰ ধাৰণাও বিকাশ হ’বলৈ ধৰে। আদিম মস্তিষ্ক আৰু চেতনা বিকাশৰ লগে লগে মানুহৰ মনত প্ৰাকৃতিক পৰিঘটনাবোৰ কাৰ দ্বাৰা পৰিচালিত হৈছে এনে প্ৰশ্ন আহিবলৈ ললে।(ইয়াত কেনেকৈ আৰু কিয় গৌণ হৈ ৰয়)। আনহাতে Yuval Noah Harari য়ে মস্তিষ্ক বিকাশৰ কথা ক’বলৈ গৈ কৈছে— The advent of cooking enabled humans to eat more kinds of food, to devote less time to eating, and to make do with smaller teeth and shoter ointestines. Some scholars believe there is a direct link between the advent of cooking, the shortening of the human intestinal track and the growth of the human brain.  Since long intestines and large brains are both massive energy consumers, it’s hard to have both. By shotening the intestines and decreasing their energy consumption, cooking inadvertenly opened the way to the jumbo brains of Neanderthals and Sapiens.” ইয়াৰ পিছত এটা সময়ত মানৱ মগজুৱে cognitive power লাভ কৰে। Harrari য়ে উল্লেখ কৰা মতে এই cognitive Power লাভ কৰাৰ মূলতে হ’ল “এক আকস্মিক জীনিয় উৎপৰিৱৰ্তন।” তেওঁ কৈছে, “The most commonly believed theory argues that accidental genetics mutations changed the inner wiring of the brains of sapiens, enabling them to think in unprecedented ways and to communicate using an altogether new type of language. We might call it the Tree of Knowledge.” নিয়ানডাৰ্থালৰ পৰা বিৱৰ্তন হৈ নাইবা ওপৰত উল্লেখিত accidental genetics mutation ঘটি এটা সময়ত পৃথিৱীত আধুনিক বুদ্ধি-সম্পন্ন মানুহৰ, Homo sepienceৰ আবিৰ্ভাৱ হৈছিল। আধুনিক মানুহৰ এই উন্নত মস্তিষ্কই হৈ পৰিল ধৰ্ম, বিজ্ঞানকে আদি কৰি সকলো মানৱীয় সৃষ্টিৰ মূল। মানুহৰ Cognitive power-ৰ এই আৰ্ৱিভাবে মানুহক এক অন্য বিশেষ ক্ষমতা প্ৰদান কৰিলে — সেয়া হ’ল মানুহে অস্তিত্ব নথকা বস্তুকো কল্পনা কৰিব পৰা হ’ল আৰু ইয়াৰ বিষয়ে তথ্য সৰবৰাহ কৰিব পৰা হ’ল। Yuval Noah Harari য়ে তেওঁৰ SAPIENCE— A Brief History of Humankind -ত এই বিষয়ে উল্লেখ কৰি লিখিছে এনেদৰে— “It is the ability to transmit information about things that do exist at all. As far as we know, only Sapiens can talk about entire kinds entities that they have never seen, touched or smell.”৷ মানুহৰ এই বোধ শক্তিৰ (Cognitive) উদ্ভৱ হোৱাৰ ফলতেই দেৱতা, ঈশ্বৰ, পৰী, ভূত-প্ৰেত, ধৰ্ম, বিভিন্ন উপ্যাখ্যান আদি মানুহে কল্পনাৰে সৃষ্টি কৰি ল’লে। এই আধুনিক মানুহৰ বুদ্ধি আৰু কল্পনাত প্ৰকৃতিৰ বস্তু আৰু পৰিঘটনাবোৰে বিচিত্ৰ ৰূপ পৰিগ্ৰহণ কৰিলে। সূৰ্য উদয়-অস্ত, ৰ’দ-বৰষুণ, বিজুলী-ঢেৰেকনি, বতাহ-ধুমুহা, ভূমিকম্প, আগ্নেয়গিৰি উদ্গীৰণ আদিৰ ব্যাখ্যা আদিম মানুহৰ হাতত নাছিল। এই পৰিঘটনাবোৰৰ আঁৰত মানুহে কিছুমান শক্তি কল্পনা কৰি লৈছিল। এই শক্তিবোৰৰ পৰাই কালক্ৰমত দেৱতাবোৰ আৰু সমগ্ৰ বিশ্ব-নিয়ন্তা হিচাপে ঈশ্বৰৰ ধাৰণা আহিল। মানুহে নিজৰ অনুসন্ধিৎসু মন, আনহাতে অজ্ঞানতা তথা অসহায়তাৰ কাৰণে উন্নত কল্পনা শক্তিৰ সহায়েৰে আদিম ধৰ্ম সৃষ্টি কৰিছে। সপোন, জন্ম-মৃত্যু, ৰোগ-ব্যাধি, আদিৰ ব্যাখ্যা আদিম মানুহৰ হাতত নাছিল। এই ঘটনাবোৰে আদিম মানুহৰ মনত বিস্ময় আৰু শংকাৰ সৃষ্টি কৰিছিল। ইয়াৰ সঠিক ব্যাখ্যা তেওঁলোকৰ হাতত নাছিল। শৰীৰক লৈ বিচিত্ৰ ভাববোৰে আত্মা আদি ধাৰণাক দৃঢ় কৰিছিল। সপোনত বিভিন্ন ঠাই ঘূৰি ফুৰা, মৃত ব্যক্তিক সপোনত দেখা কথাবোৰে শৰীৰটো এৰি কিবা এটা ওলাই যোৱা, মৃত্যুৰ পিছতো শৰীৰহীন কিবা এটা থাকি যোৱা ধাৰণা এটা হয়তো দিলে। আকৌ মানুহৰ হৃদপিণ্ড স্পন্দনে,মৃত্যু হ’লে হৃদপিণ্ড স্পন্দন বন্ধ হৈ যোৱাদেখি আদিম মানুহে শৰীৰৰ পৰা কিবা ওলাই যায় বুলি ভাবিছিল। কালক্ৰমত এই ধাৰণাবোৰৰ পৰা আত্মাৰ ধাৰণা বিকশিত হৈছিল। আত্মাৰ এই আদিম ধাৰণা হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ বংশ পৰম্পৰাৰ মাজেদি বিকশিত হৈ সকলো আত্মাৰ মূল উৎস পৰমাত্মা বা পৰমশক্তি ঈশ্বৰৰ ধাৰণা সৃষ্টি হৈছে।

মানৱ ক্ৰমবিকাশৰ কোনো এক স্তৰত যেতিয়া মানুহ বিমূৰ্ত চিন্তাৰ বাহক ভাষাৰ আধিকাৰী হৈছিল তেতিয়াই ‘প্ৰাণ’ আৰু ‘আত্মা’ৰ ধাৰণা বিকশিত হৈ সৰ্বপ্ৰাণবাদ ধাৰণাটো আহিছে। পাহাৰ, পৰ্বত ,বজ্ৰ, বিজুলী, পানী, ৰোগ-ব্যাধি আদি কৰি সকলো বস্তুক আদিম মানুহে এটা শক্তি বুলি কল্পনা কৰিছিল। এই পদ্ধতিয়েই হ’ল সৰ্বপ্ৰাণবাদ। ছাৰ এডৱাৰ্ড বাৰ্নেট টাইলৰেৰ মতে সৰ্বপ্ৰাণবাদ হ’ল ধৰ্মৰ প্ৰচীনতম ৰূপ।মস্কোৰ পৰা এসময়ত প্ৰকাশিত A dictionary of philosophy -ৰ পাতত সৰ্বপ্ৰাণবাদ বা Animism-ৰ সংজ্ঞা এনেদৰে দিছে— Belief in the soul and in spirits that effect the lives of the people and animals, and exert an influence over the objects and phenomena of surrounding world. Animist concepts emerged in primitive society .Primitive man imagined things plants and animals possessed souls. (উৎস: “বিজ্ঞান বনাম অন্ধ-বিশ্বাস”—প্ৰসেনজিৎ চৌধুৰী)। সৰ্বপ্ৰাণবাদ ধাৰণাটোৰ পৰা লাহে লাহে বিকশিত হৈছে গছ-গছনিক পূজা কৰা, শিলক পূজা কৰা, প্ৰকৃতিক পূজা কৰা ধাৰণা। এটা সময়ত বিভিন্ন কাৰণত এটা বিশেষ অঞ্চলত বাস কৰা আদিম মানুহে নিজ গোষ্ঠীক ৰক্ষা কৰা হিচাপে কোনো বিশেষ জীৱ-জন্তু বা প্ৰাকৃতিক জড় বস্তুকে কল্পনা কৰিছে। এয়াই হ’ল টোটেমচিন্তা (totemism)। টোটেমচিন্তা কোনো ধৰ্ম নহয়। কিন্তু ইয়াত পিছলৈ বিকশিত হোৱা ধৰ্মৰ বহুবোৰ উপাদান আছে। টোটেমচিন্তাত বিশেষ কোনো পদাৰ্থ, প্ৰাণী বা গছক কোনো মানুহ বা মানৱ-গোষ্ঠীৰ লগত বিশেষ সম্পৰ্কযুক্ত বুলি ভবা হয় আৰু ইয়াক সেই মানৱগোষ্ঠীৰ প্ৰতীক হিচাপে কল্পনা কৰা হয়। টোটেম চিন্তা মানুহৰ লগত প্ৰকৃতিৰ অবিচ্ছেদ্য সম্পৰ্কৰ এক সাংগঠনিক ৰূপ। টোটেমক কেন্দ্ৰ কৰি নানা অনুষ্ঠান আৰু আচাৰ বিধি সৃষ্টি হৈছে। এৰ্মিল ডাৰ্কহাইমৰ মতে ধৰ্ম টোটেমবাদৰ পৰাই সৃষ্টি হৈছে।

সময় যোৱাৰ লগে লগে মস্তিষ্ক আৰু চিন্তাভাৱনা বিকাশৰ লগে লগে আদিম ধৰ্ম চিন্তা বিকশিত হৈ থাকে। কৃষি-পদ্ধতি আৱিষ্কাৰৰ লগে লগে সৰ্বপ্ৰাণবাদী ধৰ্মচিন্তাত বৈপ্লৱিক পৰিৱৰ্তন হ’ল। “The first religious effect of the Agricultural Revolution was to turn plants and animals from equal members of a spritual round table into property. “(উৎস: “Sapience”— Yuval Noah Harari)

কৃষি পদ্ধতি অৱলম্বন কৰাৰ পিছত কৃষি ক্ষেত্ৰৰ যিবোৰ সমস্যা তাক সমাধানৰ বাবে দেৱতাৰ ধাৰণা জন্ম দিলে। Harari -য়ে কৈছে— “Gods such as the fertility goddess, the sky god and the god of medicine took center stage when plants and animals lost their ability to speak— and gods main role was to mediate between humans and the mute plants and animals.—– For thousands of years after the Agricultural Revolution reliturgy consisted mainly of humans sacrificing lambs, wine and cakes to divine powers, who in exchange promised abundant harvests and fecund flocks.”

কৃষি-ব্যৱস্থাই যদিও শিল, জান-জুৰিকে আদি কৰি অন্য সৰ্বপ্ৰাণবাদৰ উপাদানবোৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা নাছিল তথাপি এইবোৰক নিয়ন্ত্ৰণ কৰা দেৱতাৰ ধাৰণা লাহে লাহে বিকশিত হ’বলৈ ধৰে। এই দেৱতাবোৰৰ সাধাৰণতে প্ৰথম পৰ্যায়ত আকাৰ আছিল জন্তুৰ, লাহে লাহে এই স্থান ল’লে মানুহে। এঙ্গেলছে কৈছিল: “The first gods arose through the personification of natural forces.” (উৎস- নিষিদ্ধ প্ৰসংগ, লেখক- প্ৰসেনজিৎ চৌধুৰী)। বহু দেৱতা ধাৰণাটোৰ লগত সৰ্বপ্ৰাণবাদ ধাৰণাটো চলি থাকিল। Harariয়ে কৈছে— Animism did not entirely disappear at the advent of polytheism. Demons, fairies, ghost, holy rocks, holy springs and holy trees remained an integral part of almost all polytheist religion. These spirits were far less important than the great gods, but for the mundane needs of many ordinary people, they were good enough. While the king in his capital city sacrificed dozens of fat rams to the great war god, praying for victory over the barbarians, the peasant in his hut lit a candle to the fig-tree fairy, praying that she help cure his sick son——————. (Source: Sapience, A Brief History of mankind)” বিৱৰ্তনৰ কোনো স্তৰত যেতিয়া কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ব্যক্তিগত সম্পদৰ সৃষ্টি হ’ল তাৰ লগে লগে স্থায়ী গ্ৰাম আৰু গোষ্ঠী সৃষ্টি হ’ল। ইয়াৰ লগে লগে গোষ্ঠী স্বাৰ্থ আৰু নিৰাপত্তা বিশেষ একোজন ব্যক্তিৰ (সামন্ত) ওপৰত দায়িত্ব দিয়া হয়। ইয়াৰ পৰাই ব্যক্তিৰ নিজৰ ৰুচি, স্বাৰ্থ আৰু প্ৰয়োজনত বহু-দেৱতা (polytheist)-ৰ পৰাই ব্যক্তিগত দেৱতা (ইষ্ট-দেৱতা)-ৰ ধাৰণা বিকশিত হয়। যেতিয়া গ্ৰামৰ পৰা জনপদ বা ৰাজ্য গঠন হ’ল তাৰ পৰা ৰাষ্ট্ৰ আৰু তাৰ নিয়ন্তা হিচাপে ৰজা, সম্ৰাট আদিৰ সৃষ্টি হ’ল। ইয়াৰ সমান্তৰালভাৱে ধৰ্মত শক্তিশালী দেৱতা আৰু এটা সময়ত বিশ্বনিয়ন্তা সৰ্বশক্তিমান ঈশ্বৰ সৃষ্টি হ’ল। “The first was the transformation of sprit of powerfull man through that of legendary hero into that of a god, to become the central figure of religion.” (J.D.Bernal, Science in History) (প্ৰসেনজিৎ চৌধুৰীৰ নিষিদ্ধ প্ৰসংগৰ পৰা)৷ ইয়াৰ লগে লগে সৃষ্টি হ’ল আনুষ্ঠানিক ধৰ্ম।

এই দৰে বিৱৰ্তনৰ প্ৰক্ৰিয়াত নানা ধৰ্মবিশ্বাস সৃষ্টি হয় আৰু তাৰ লগত নানা দিশ জড়িত হৈ গৈ থাকে। ৰাষ্ট্ৰ আৰু জাতি উদ্ভৱৰ লগে লগে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাষ্ট্ৰ ধৰ্ম সৃষ্টি হ’ল। যেনে— মধ্য আমেৰিকাত আজটেক, মায়া, ইনকা ইত্যাদি, ভাৰতত দ্ৰাবিড়, বৈদিক-ব্ৰাহ্মণ্য, চীনত ইন, তাও, কনফুচিয়াছ আদি। এটা সময়ত ধৰ্ম শাসক শ্ৰেণীৰ বাবে শোষণৰ আহিলা হৈ পৰিল‌।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *