কেন্দ্ৰীয় নিবন্ধ

হিটলাৰ, অলিম্পিক আৰু কেতবোৰ অকথ্য তথ্য- (প্ৰসেনজিৎ চৌধুৰী)

হঠাৎ হিটলাৰৰ প্ৰতি আগ্ৰহী হৈ উঠিলা যে! ৰাজনীতিৰ মুখৰ ময়দানৰ কিছু নিলগত থাকি সমাজ-সংস্কৃতিৰ পথাৰে পথাৰে তুমি ঘূৰি ফুৰা বুলিহে ইমান দিনে জানিছিলোঁ। অকস্মাতে হিটলাৰক জনাৰ এই হাবিয়াস কিয়? বিশুদ্ধ বিদ্যায়তনিক এষণা? নে তুলনামূলক প্ৰজেক্ট কিবা হাতত লৈছা? এৰা, বিশ্বজুৰি যি অশুভ ৰাজনীতিৰ দপদপনি দেখা গৈছে, বিদ্বেষৰ যি বিষবাষ্প বিয়পি পৰিছে চৌপাশে, তাৰ পৰিপ্ৰেক্ষিতত হিটলাৰৰ উগ্ৰ ভাবধাৰা তথা অপকৰ্মৰ বিষয়টো মনলৈ অহা খুবেই স্বাভাৱিক। হিটলাৰ সন্দৰ্ভত তোমাৰ যি ঔৎসুক্য তাৰ আংশিক নিৰসনৰ উদ্দেশ্যে হাতৰ ওচৰতে পোৱা দুই-এখন কিতাপৰ পৰা কতিপয় তথ্য গোটাই তোমালৈ এই পত্ৰালোচনা লিখিবলৈ লৈছোঁ। কোনো ধৰণৰ প্ৰণালীবদ্ধ বৃত্তান্ত, ঘটনাক্ৰমৰ বিশদ বিৱৰণ বা সূক্ষ্ম বিশ্লেষণ তুমি আশা নকৰিবা। তুমিতো ভালদৰে জানা, ইতিহাসৰ সদাপৰিৱৰ্তনশীল মহামঞ্চত বাৰেবৰণীয়া নায়কৰ আগমন ঘটে— মহানায়ক, খলনায়ক, ছদ্মবেশী নায়ক, কমিক নায়ক ইত্যাদি, ইত্যাদি। হিটলাৰক তুমি কি বুলিবা? তোমাৰ ৰাজনৈতিক চিন্তা-চেতনাৰ ৰেহ-ৰূপ ভালদৰেই জানো। গতিকে এটা কথা অনায়াসে ক’ব পাৰোঁ— গণতান্ত্ৰিক মূল্যবোধক গছকি হেলাৰঙে হিংসা-হননক অগ্ৰাধিকাৰ দিয়া হিটলাৰক নিঃসন্দেহে তুমি খলনায়ক বুলিয়ে অভিহিত কৰিবা। শুভবুদ্ধিসম্পন্ন মানৱ-দৰদী লোকে তোমাৰ সৈতে দ্বিমত ব্যক্ত কৰিব বুলি মনে নধৰে। নব্য নাৎচিবাদৰ ধাৰক-বাহকসকলৰ কথা অৱশ্যে ক’ব নোৱাৰোঁ। তেওঁলোকৰ দৃষ্টিকোণ বেলেগ। মূল্যবোধৰ চৰিত্ৰও সেই দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰাটোৱে স্বাভাৱিক।

এক

ৰবীন্দ্ৰনাথৰ কিছুমান উক্তিত এক গভীৰ অন্তৰ্দৃষ্টি আৰু অকুতোভয় স্পষ্টবাদিতা লক্ষ্য কৰা যায়। যোৱা বছৰ তোমাৰ জন্মদিনত ৰবীন্দ্ৰনাথৰ Nationalism শীৰ্ষক কিতাপখন উপহাৰ দিছিলোঁ। তাত তুমি পশ্চিমৰ জংগী জাতীয়তাবাদৰ বিষয়ে মনীষীগৰাকীৰ বিক্ষোভ-মিশ্ৰিত বীতশ্ৰদ্ধ মনোভাবৰ একাধিক নিদৰ্শন পাবা। এঠাইত তেওঁ কৈছে, ‘But now, where the spirit of western nationalism prevails, the whole people is being tought from boyhood to foster hatreds and ambitions by all kinds of means..’ (R. Tagore P.22) বীক্ষণীয় বিষয় হ’ল, তেওঁৰ মতে যিবোৰ উপায়ৰ সহায়ত ঘৃণাৰ গৰল মানুহৰ মনত সুমুৱাই দিয়া হয় তাৰ ভিতৰত অন্যতম হ’ল ইতিহাসৰ বিকৃতকৰণ— ‘by the manufacture of half-truths and untruth in history.’ (P.22)‌। সহজেই অনুমেয়, ইতিহাস-চৰ্চাৰ অক্ষমনীয় অপব্যৱহাৰ সম্পৰ্কে ৰবীন্দ্ৰনাথ অৱগত আছিল। বিষয়টোৱে আজিও প্ৰাসংগিকতা হেৰুওৱা নাই।

ৰবীন্দ্ৰনাথ-কথিত পশ্চিমীয়া জাতীয়তাবাদৰ উল্লেখ তুমি সাম্প্ৰতিক কালৰ লেখকৰ ৰচনাতো পাবা। বিশিষ্ট মেধাজীৱী প্ৰভাত পাটনায়কে এঠাইত কৈছে যে জাতীয়তাবাদ আচলতে কোনো ‘homogeneous category’ নহয়। তেওঁৰ বিচাৰ অনুযায়ী ইউৰোপীয় জাতীয়তাবাদৰ লগত সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামৰ বুকুত বিকশিত হোৱা জাতীয়তাবাদৰ বৈসাদৃশ্য বিস্তৰ। উদাহৰণস্বৰূপে, ভাৰতীয় জাতীয়তাবাদ বহলভিত্তিক— ‘inclusive’ (R. Azad et al, P.233)‌। পক্ষান্তৰে ইউৰোপীয় জাতীয়তাবাদৰ লক্ষ্য আভ্যন্তৰীণ বৈৰী- ‘enemy within’ (P.1)‌। কোৱা বাহুল্য, হিটলাৰৰ জাৰ্মানীত এই আভ্যন্তৰীণ শত্ৰু আছিল ইহুদিসকল। (ইয়াৰ সৈতে তুমি কমিউনিষ্টসকলৰ নামো যোগ দিব পাৰা।) প্ৰথিতযশা ইতিহাসকাৰ ৰোমিলা থাপাৰেও ‘negative nationalism’ ৰ আলোচনা প্ৰসংগত হিটলাৰৰ উগ্ৰ জাত্যভিমানৰ কথা থোৰতে উল্লেখ কৰিছে। তেওঁৰ বক্তব্য দ্ব্যৰ্থহীন: যি জাতীয়তাবাদে ‘unification of communities’-ৰ পক্ষে থিয় দিয়ে তাকহে ইতিবাচক জাতীয়তাবাদ আখ্যা দিব পাৰি। (Romila Thapar ,P.17) এইখিনিতে তোমাক কৈ থোৱা সমীচীন হ’ব যে ‘inclusive’ জাতীয়তাবাদৰ মাজতো অন্য ধৰণৰ ক্ষতিকাৰক প্ৰৱণতা গা কৰি উঠাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। অচিন ৱনায়ক নামৰ সমাজবিজ্ঞানী গৰাকীয়ে এই বুলি সকীয়াই দিছে যে ‘inclusive nationalism’-এ আমাৰ ভাবজগতক কৌশলেৰে নিয়ন্ত্ৰণ কৰিব পাৰে— “It can manipulate you. The idea of ‘my country right or wrong’ is mistaken.” (R. Azad et al, P.101)। অৰ্থাৎ সকলো সম্প্ৰদায়কে সাঙুৰি লোৱা উদাৰ জাতীয়তাবাদে কেতিয়াবা অনভিপ্ৰেত অন্ধত্বৰ জন্ম দিব পাৰে। চিগাৰেটৰ পেকেটৰ ওপৰত থকা সতৰ্কবাণী তুমি নিশ্চয় দেখিছা। ধাৰণা হয়, জাতীয়তাবাদৰ প্ৰৰোচক পেকেজৰ ওপৰতো সেই জাতীয় সতৰ্কবাণী থকা উচিত— “অত্যধিক জাতীয়তাবাদ সামাজিক স্বাস্থ্যৰ পক্ষে হানিকাৰক।”

মূল বিষয়ৰ পৰা ফালৰি কাটি গৈছোঁ বুলি তুমি শংকিত নহ’বা। আচলতে জাতীয়তাবাদৰ বিষয়ে দুআষাৰ লিখিব লগা হ’ল এইবাবে যে হিটলাৰ বিষয়ক যি কোনো আলোচনাত জাতীয়তাবাদ আৰু জাতিকুলবাদ (racism)-ৰ কথা আহিবই। (‘ধৰ্ম’ৰ দৰে ‘জাতি’ও এটা নানাৰ্থব্যঞ্জক শব্দ। ‘জাতিকুলবাদ’ শব্দটো ‘হেমকোষত’ পালোঁ। আমি racism বুজাবলৈ ‘জাত্যভিমান’ শব্দটো ব্যৱহাৰ কৰিম)। হিটলাৰৰ উত্থান আৰু শাসন কালত নাৎচি নৃশংসতাই জাতীয়তাবাদৰ জকমকীয়া সাজ পিন্ধি লৈছিল। হিটলাৰৰ দৃষ্টিত “Germany consisted of ‘EinVolk, ein Reich,ein Fuehrer,’ .. one people/nation, one state, one government,” (E. J. Hobsbawm, P.188) এই শ্লোগান আপাতদৃষ্টিত আকৰ্ষণীয় যেন লাগিব পাৰে। কিন্তু তুমি তেতিয়াৰ বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখিবা যে জাতিৰ যি নাৎচি-নিৰ্ণীত সংজ্ঞা তাৰ বাহিৰত আছিল ইহুদিসকলৰ অৱস্থান। নাৎচি প্ৰচাৰপত্ৰত কোনো কুণ্ঠা নোহোৱাকৈ ঘোষণা কৰা হৈছিল কুন্ধচ-কালান্তক জাতি-বিদ্বেষী প্ৰত্যয়: We are ENEMIES OF THE JEWS, because we are fighters for freedom of the German people. THE JEW IS THE CAUSE AND THE BENEFICIARY OF OUR MISERY.’ (বুদ্ধদেব ভট্টাচাৰ্য, পৃ: 20)‌। মূল্যবোধৰ অৱক্ষয়ে কি চৰম পৰ্যায় পাইছিলগৈ তাৰ সাক্ষ্য ‘স্বাধীনতা যুঁজাৰু’সকলৰ প্ৰচাৰ-পত্ৰত প্ৰকট।

ইহুদী বিদ্বেষৰ ইতিবৃত্ত বেছ পুৰণি। জাত্যাভিমানী হিটলাৰ ইয়াৰ উদ্ভাৱক নহয়। ইউৰোপত যীচুৰ হত্যাকাৰীৰ- ‘Christ killer’-ৰ বংশধৰ বুলি তেওঁলোক তীক্ষ্ণ তিৰস্কাৰৰ পাত্ৰ হৈ পৰিছিল। ধৰ্মবেত্তাসকলেও ইয়াত ইন্ধন যোগাইছিল (S. Zutshi, P.52)‌। আনকি ধৰ্ম-সংস্কাৰক লুথাৰৰ আহ্বানতো উগ্ৰ-উলংগ ইহুদি ঘৃণাৰ কদৰ্য পৰিচয় পোৱা যায়— জ্বলাই দিয়া ইহুদি সম্প্ৰদায়ৰ উপাসনা গৃহ আৰু বিদ্যালয়ত, ভূমিস্যাৎ কৰা সিহঁতৰ আবাসত। চাৰিশ বছৰৰ পিছত লুথাৰৰ এনে বিভৎস বক্তব্য নাৎচিসকলে ব্যৱহাৰ কৰিছিল নিজৰ স্বাৰ্থত (P.55)‌। জাৰ্মান জনসাধাৰণৰ আগত সমজাতীয় বক্তব্য হিটলাৰেও দাঙি ধৰিছিল। শ্ৰোতাক জ্বালাময়ী ভাষণেৰে উত্তেজিত আৰু প্ৰৰোচিত কৰি তেওঁ গণ-হিষ্টিৰিয়াৰ জুই জ্বলাইছিল। জন-মানসৰ নাড়ি স্পন্দন সমন্ধে হিটলাৰ ভালকৈ অৱগত আছিল। তেওঁ জানিছিল- ‘An orator wishing to move a crowd must make an abusive use of violent affirmations.’ (Gustave Le Bon, P.25) নাৎচি নেতাসকল এই ধৰণৰ ভৰ্ৎসনাভৰা ওজস্বী ভাষণ দিয়াত পাকৈত আছিল। মানুহৰ বিচাৰ-বুদ্ধি আৰু মূল্যবোধক বিকল কৰাৰ ক্ষেত্ৰত এনে ভাষণৰ ভূমিকা অনস্বীকাৰ্য। তোমাক বোধহয় নক’লেও হ’ব যে কৌশলেৰে প্ৰদান কৰা আৱেগসৰ্বস্ব ভাষণবোৰ বিশেষভাবে ফলদায়ক হয় ‘when all the ills faced by society are laid at the door of an unwelcome minority ‘(S.K. Pandya, P.116)‌। হিটলাৰৰ উত্তেজক ভাষণবোৰে আৰ্থ-ৰাজনৈতিক সংকটত জুৰুলা পৰা জাৰ্মান জনগণৰ মন-মেজাজক এক অনাকাংক্ষিত ৰূপ দিবলৈ সক্ষম হৈছিল। হিটলাৰৰ এই সাফল্য তেওঁৰ কুখ্যাতিৰ অন্যতম কাৰক।

মনস্তত্ত্বৰ পোহৰত নাৎচি জাত্যভিমানৰ/জাতি-বিদ্বেষৰ গঢ়-গতি গভীৰভাৱে ফঁহিয়াই চালে তুমি উপলব্ধি কৰিবা যে দুই ধৰণৰ মানসিকতা ইয়াৰ মুখ্য চালিকা শক্তি— এক, অভিমানৰ লগত সম্পৃক্ত উচ্চমন্যতা (superiority complex); দুই, বিদ্বেষৰ বাহক ধৰ্ষকামী মানসিকতা (sadistic mentality)। (চতুপাৰ্শে চক্ৰান্তৰ গোন্ধ পোৱা পেৰানয়ড মানসিকতাই নিশ্চয় বিদ্বেষৰ বিষবৃক্ষত সাৰ-পানী দিছিল। হিটলাৰৰ জাৰ্মানীত যিবোৰ নিষেধমূলক আইন আৰু আচৰণবিধি ইহুদিসকলৰ ওপৰত জাপি দিয়া হৈছিল সেইবোৰ আছিল আৰ্য শ্ৰেষ্ঠত্বৰ অসহিষ্ণু অভিব্যক্তি। আনহাতে বিবিধ সুযোগ-সুবিধাৰ পৰা অন্যায়ভাবে ইহুদিসকলক বঞ্চিত কৰি নাৎচি নেতৃত্বই এক ধৰণৰ বিকৃত তৃপ্তি লাভ কৰা যেন লাগে। (এনে অসুস্থ ধৰ্ষকামী মানসিকতাৰ চৰম প্ৰকাশ দেখা যায় সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত যেতিয়া হত্যা কৰাৰ পূৰ্বে বিদ্বেষৰ বিপ্ৰিয় টাৰ্গেটৰ ওপৰত চলোৱা হয় অবৰ্ণনীয় অত্যাচাৰ।) নাৎচি-শাসিত জাৰ্মেনীত ইহুদী আৰু অন্যান্য ঘৃণিত তথা অবাঞ্ছিত লোকসকল কি ধৰণৰ দুঃসহ পীড়ন আৰু দ্বেষজনিত বঞ্চনাৰ সন্মুখীন হৈছিল তাৰ আভাস তোমাক দিবলৈ এইখিনিতে গোটাদিয়েক তথ্য উল্লেখ কৰিব পাৰি। এই তথ্যবোৰক তুমি অকথ্য বুলিব পাৰা, কিয়নো প্ৰকৃত সভ্য সমাজত মানুহে এই জাতীয় নিৰ্মম নিয়মৰ কথা উচ্চাৰণ কৰিবলৈও টান পাব। ৰবীন্দ্ৰনাথে যি নাৎচি শাসকক ‘unspeakable devilry ‘ আখ্যা দিছে (R. Tagore, P. xlvii) তাৰ কদৰ্যতাৰ কিঞ্চিত আভাস তোমাক দিব এইকেইটা তথ্যই :

*সুস্থ-সবল জাতি গঢ়াৰ নামত নাৎচি প্ৰশাসনে বংশগত ব্যাধি ৰোধ কৰিবলৈ উঠি পৰি লাগিছিল। ১৯৩৩ চনত প্ৰণয়ন কৰা আইন অনুযায়ী বিভিন্ন প্ৰকাৰৰ মানসিক ৰোগত ভোগা মানুহ, মৃগী ৰোগী, অত্যাধিক মদ্যপানাসক্ত ব্যক্তি আদিৰ বন্ধ্যাকৰণ আছিল বাধ্যতামূলক (S. Zutshi, P. 58)‌। ইয়াতেই সন্তুষ্ট নাথাকি defective peopleক হত্যাও কৰা হৈছিল। (E. Fromm, P. 443) প্ৰাপ্ত তথ্যৰ পৰা জনা যায় যে জাতি (race)-ৰ বিশুদ্ধতা ৰক্ষার্থে জাৰ্মান মহিলা আৰু কৃষ্ণাংগ সৈন্যৰ মিলনৰ ফলত জন্ম হোৱা সন্তানসকলৰো প্ৰজনন শক্তি হৰণ কৰা হৈছিল। (S. Zutshi, P. 59)

*Law for the Protection of German Blood and German Honour-এ প্ৰেম আৰু পৰিণয়ৰ ওপৰত ৰাষ্ট্ৰৰ অনাকাংক্ষিত নিয়ন্ত্ৰণ মজবুত কৰিছিল। এই আইনৰ বলত নিষিদ্ধ ঘোষিত হ’ল আৰ্য আৰু অনাৰ্যৰ বিবাহ তথা বিবাহ-বহিৰ্ভূত সম্পৰ্ক ( A. Rippon, P.12‌। পত্ৰালোচনাৰ পৰৱৰ্তী অংশত এইখন গ্ৰন্থৰ কেৱল পৃষ্ঠা-সংখ্যা উল্লেখ কৰিম)‌। উল্লেখ্য, অনাৰ্য্যৰ সংজ্ঞাই ইহুদিসকলক সাঙুৰি লৈছিল। ভাৰতীয়সকলো এই আইনৰ কবলৰ পৰা নিষ্কৃতি পোৱা নাছিল। ভাৰতৰ পৰা জাৰ্মেনীলৈ যোৱা এগৰাকী বিষয়াৰ প্ৰতিবেদনৰ পৰা জনা যায় যে যিসকল জাৰ্মান যুৱতীয়ে ভাৰতীয় যুৱকক বিয়া কৰাইছিল তেওঁলোকক নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হৈছিল। (V. Purandare , P.76) এই তথ্যটোৱে তোমাক সচকিত কৰিব পাৰে।কিয়নো অধিকাংশ উচ্চবৰ্ণ ভাৰতীয়ৰ আৰ্য-অভিমান বেছ সোচ্চাৰ। পিছে নাৎচি বৃত্তান্তত ভাৰতৰ আৰ্য্যসকল অধঃপতিত, কলুষিত-ৰক্তৰ— বিশুদ্ধতা তেওঁলোকে কাহানিবাই হেৰুৱালে (Dorothy M. Figueira, PP.80-81)‌।
* ১৯৩৩ চনৰ ১ এপ্ৰিলৰ পৰা ‘buy only at German shops ‘ আহ্বানেৰে ইহুদিসকলৰ বেপাৰ-বাণিজ্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছিল। সেইদিনাই চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰাৰ অধিকাৰৰ পৰা ইহুদিসকলক বঞ্চিত কৰা হ’ল। কেইদিনমানৰ পিছত প্ৰৱৰ্তন কৰা নতুন আইনৰ এটা দফাত বিদ্বেষজাত বৈষম্যই এই ৰূপ ল’লে— ‘Civil servant who are not of Aryan descent are to be retired’ ( P.7)‌।
* ১৯৩৩ চনৰ মে’ মাহত দেখা গ’ল নাৎচি দুৰাচাৰীৰ পুস্তক-দহন। ‘Un-German’ ভাবধাৰা ব্যক্ত কৰা গ্ৰন্থবোৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰই নাৎচি অভিবাদন জনাই জ্বলাই দিলে। কুখ্যাত নাৎচি নেতা হিটলাৰৰ সোঁহাতস্বৰূপ গোবেলছে বাৰ্লিনত ঘোষণা কৰিলে: ‘The era of extreme Jewish intellectualism is now at an end.'(P.9) এই দম্ভোক্তিৰ পৰা এই কথা স্পষ্ট হয়: বুদ্ধিৰ কৰ্ষণ আৰু অনুশীলনৰ প্ৰতি নাৎচি নেতৃত্বৰ মনোভাব আছিল বৈৰীমূলক।

পত্ৰালোচনাৰ দৈৰ্ঘ্য আমনিদায়ক হৈ পৰাৰ শংকাত অধিক তথ্য তোমাক জনোৱাৰ পৰা বিৰত থাকিলোঁ। উদাহৰণ স্বৰূপে, বন্দী শিবিৰত মৰ্মন্তুদ মৰণক আঁকোৱালি ল’বলৈ বাধ্য হোৱা লাখ লাখ ইহুদি আৰু অন্যান্য অপ্ৰিয়/অবাঞ্ছিত লোকৰ মৃত্যুৰ খবৰ তোমাক জনোৱা নাই। সেইবোৰ তথ্য জানিবলৈ আজিকালি অৱশ্যে বাট কুৰি বাই লাইব্ৰেৰীলৈ নগ’লেও কাম চলি যায়। তোমাৰ স্মাৰ্ট ফোনত সসন্মানে উপবিষ্ট জ্ঞান-গুৰু গুগলৰ শৰণাপন্ন হ’লেই অন্তত প্ৰাথমিক কিছু খবৰ পাই যাবা। গতিকে তথ্যৰ নিৰস পৃথিৱীখনক বিদায় দি আমি অন্য এটা কথাতহে চকু দিব বিচাৰিছোঁ।

হিটলাৰৰ অপকৰ্ম-অপচেষ্টাবোৰে বাৰু তেওঁৰ মনত আৱেগিক-নৈতিক প্ৰতিক্ৰিয়াৰ জন্ম দিছিল নেকি? প্ৰসিদ্ধ সমাজমনস্ক মনোবিদ এৰিক ফ্ৰমে এই দিশটোৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছে। এই সন্দৰ্ভত বিতং আলচ কৰাৰ অৱকাশ ইয়াত নাই। ফ্ৰমে উল্লেখ কৰা হিটলাৰৰ কেইবাটাও মনস্তাত্বিক বৈশিষ্ট্যৰ ভিতৰত আমি বিশেষভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বৈশিষ্ট্যটোৰ কথা মাত্ৰ ইয়াত উনুকিয়াব বিচাৰিছোঁ। ফ্ৰম-কথিত এই ব্যক্তিত্ব-বৈশিষ্ট্যটো হ’ল যৌক্তিকীকৰণ (rationalisation)।মানুহে কেতিয়াবা অপকৰ্ম-অপভাবনাৰ সমৰ্থনত নিজৰ বিবেক বা মনক প্ৰবোধ দিবলৈ কেতবোৰ যুক্তি উদ্ভাৱন কৰে— ইয়েই যৌক্তিকীকৰণ— ‘often defence mechanism against self-accusation or a feeling of guilt.’ (J. Drever, P.239) উল্লেখ্য, যুক্তি-উদ্ভাৱনৰ এই প্ৰক্ৰিয়া সচেতন নহ’বও পাৰে। ফ্ৰমে হিটলাৰৰ মনস্তত্বৰ এই দিশটোৰ প্ৰসংগত অৰ্থবহ ব্যাখ্যা আগবঢ়াইছে: ‘…any destruction he ordered he rationalised as being only for the sake of the survival, growth, splendor of the German nation.’ (E.Fromm, P.449) তুমি অনায়াসে অনুমান কৰিব পাৰা যে আত্মৰক্ষাৰ এই মনস্তাত্বিক প্ৰক্ৰিয়াৰ সহায়ত কুকৰ্মক আকৰ্ষণীয় আদৰ্শৰ/লক্ষ্যৰ সাজ পিন্ধাই নিষ্কম্পচিত্তে নৃশংসতাক প্ৰশ্ৰয় দিয়া এচাম ৰাজনীতিকে কিছু আত্ম-সান্ত্বনা লাভ কৰে। মনস্তত্ত্বৰ প্ৰতি তোমাৰ আগ্ৰহ থকা বুলি জানো কাৰণে হিটলাৰ সন্দৰ্ভত থোৰতে এই কথাখিনি তোমাক জনালোঁ। অৱশ্যে এটা কথা এই প্ৰসংগত তোমাৰ জ্ঞাতাৰ্থে কৈ থোৱা সমীচীন হ’ব: কেৱল মনস্তত্ত্বৰ আধাৰত হিটলাৰ উত্থান আৰু সাময়িক জনপ্ৰিয়তাৰ স্বৰূপ আৰু গঢ়-গতি সম্যকভাৱে অনুধাৱন কৰাটো সম্ভৱ নহয়। আন নালাগে, মনোবিদ ফ্ৰমেও কৈ গৈছে যে হিটলাৰ অসাধাৰণ প্ৰতিভাৰ অধিকাৰী নাছিল, ‘what was unique was the sociopolitical situation in which he could rise.’ (Ibid, P.481) স্বীকাৰ কৰিবই লাগিব, এই ‘sociopolitical’ পটভূমিৰ আভাস নিদিয়াটো আমাৰ পত্ৰালোচনাৰ অন্যতম সীমাবদ্ধতা।

দুই

শিক্ষাৰ্থীসকলৰ কোমল আৰু কৌতূহলী মনোভূমিত নিজৰ আধিপত্য কায়েম কৰিবলৈ ৰাষ্ট্ৰই সচৰাচৰ অহোপুৰুষাৰ্থ কৰে। অনুগত-আমায়িক নাগৰিক সৃষ্টিৰ উপৰি এনে চেষ্টাৰ আঁৰত থাকে ৰাষ্ট্ৰই, আৰু কেতিয়াবা বিশেষ একোটা সংগঠনে, নিজৰ ইচ্ছামতে নাগৰিকক পৰিচালিত কৰাৰ একপক্ষীয় এজেণ্ডা। নাৎচি জাৰ্মেনীত নিয়ন্ত্ৰণৰ এই শিক্ষা-আশ্ৰয়ী প্ৰক্ৰিয়াটোৱে মগজ-প্ৰক্ষালনৰ মনন-দ্বেষী ৰূপ লৈছিল। হিটলাৰে বিচাৰিছিল সকলোৱে তেওঁৰ বিধান আৰু বিশ্বাসৰ বশ্যতা নতশিৰে স্বীকাৰ কৰক। সেই উদ্দেশ্যে নাৎচি প্ৰশাসনে শিক্ষা ব্যৱস্থাক নতুন ৰূপ দিলে। পাঠ্যক্ৰমলৈ আহিল আমূল পৰিৱৰ্তন, ইহুদী শিক্ষক আৰু না‌ৎচিবাদৰ বিপৰীতে স্থিতি লোৱা শিক্ষকসকল স্কুলৰ পৰা হ’ল অপসৃত (D. Raychaudhuri, P. 67)‌। জাৰ্মেনীৰ পৰা ইহুদি বিতাৰণৰ পিছত বিশ্ববিদ্যালয়বোৰত খালি হৈ পৰা পদবোৰ গুচি যায় নাৎচি কৰ্ম-কৰ্তাসকলৰ দখললৈ। আনহাতে ভাবীকালৰ জাতি-ৰক্ষক যুঁজাৰু ৰূপে মানসিক আৰু শাৰীৰিকভাৱে যোগ্য কৰি তুলিবলৈ যুৱ শক্তিক সকলোধৰণৰ হিংস্ৰ খেলা-ধূলা আৰু নৃশংসতাৰ শিক্ষা দিয়া হ’ল। এই সময়ছোৱাত শৰীৰ-চৰ্চাই সৰ্বাধিক গুৰুত্ব লাভ কৰে স্কুল আৰু বিশ্ববিদ্যালয়বোৰত, “where, incidentally, the handling of a light rifle was seen as an essential part of the character building discipline.'(P.23) এইখিনিতে Hitler Youth-ৰ প্ৰাক্তন অধিনায়কৰ বক্তব্যৰ পৰা সংগৃহীত এটা তথ্য তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। শিক্ষা সন্দৰ্ভত হিটলাৰৰ বিশেষ আগ্ৰহ নাছিল যদিও ‘athletic training’-ৰ প্ৰসংগত তেওঁ এই পৰামৰ্শ দিছিল যে যুৱ সমাজত যাতে বক্সিঙৰ জনপ্ৰিয়তা বাঢ়ে তাৰ প্ৰতি চকু দিব লাগে। তেওঁ নিজে অৱশ্যে এইবিধ যুৱ ক্ৰীড়া চাবলৈ কোনোদিনেই নগ’ল। অন্যান্য ক্ৰীড়া উপভোগ কৰাৰ আগ্ৰহো তেওঁৰ নাছিল (P.211)‌।

ক্ষন্তেকৰ কাৰণে তুমি ইটালীত ভুমুকি মাৰিলে বেলেগ এখন ছবি দেখা পাবা। তাত শাসনৰ বাঘজৰী আছিল গণতন্ত্ৰৰ ঘোৰ শত্ৰু ফেচিষ্ট শক্তিৰ হাতত। পিছে সেইখন দেশৰ ফেচিষ্ট ফৈদৰ মুৰব্বী মুচোলিনি হিটলাৰৰ দৰে ক্ৰীড়া-অনীহ নাছিল। জাতীয় ফেচিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক নিজেই আছিল এজন দক্ষ খেলুৱৈ। ইটালীৰ ফেচিষ্ট চৰকাৰে দেশখনৰ বিশিষ্ট ভাৱমূৰ্তি উজ্জ্বল কৰাৰ মানসেৰে ক্ৰীড়া–কৃতিত্বক উদগনি দিছিল (P.32)‌। হিটলাৰ আৰু গোবেলছৰ মনোভাব কিন্তু মুচোলিনিৰ দৰে ক্ৰীড়াৰ প্ৰতি অনুকূল নাছিল (P.34)‌। অৱশ্যে নিয়মিত ব্যায়ামাভ্যাসে তথা পৌৰষপূৰ্ণ ক্ৰীড়া অবিহনে সুগঢ়ী, সপ্ৰতিভ, বলিষ্ঠ আৰু দৃঢ়মনা যুৱ সমাজ গঢ়ি তোলা যে সম্ভৱ নহয় সেই কথা নাৎচি নেতাসকলে নুবুজা নহয়। তেওঁলোকৰ দৃষ্টিত শৰীৰচৰ্চা জাতীয় স্বাৰ্থৰ সৈতে সংপৃক্ত।জাৰ্মান যুৱকৰ বাবে ৰচিত এখন পুথিৰ পাতনিত ঋজু ভংগীৰে কোৱা হৈছে— শৰীৰচৰ্চা ব্যক্তিগত বিষয় নহয়, কিয়নো ‘your body belongs to your country’ (P.24)‌। এই ধৰণৰ দৰ্শন আৰু দৃষ্টিভংগীৰ বাবে নাৎচি জাৰ্মানীত খেলা-ধূলাৰ ক্ষেত্ৰত ব্যক্তিগত কৃতিত্বতকৈ সমূহীয়া [আৰ্য] স্বাস্থ্য তথা শক্তিৰ ওপৰত জোৰ দিয়া দেখা যায়।

জাৰ্মেনীত ক্ৰীড়া-চৰ্চাই নাৎচি শক্তিৰ পৰা যি সহায়-সমৰ্থন লাভ কৰিছিল তাৰ গুৰিত আছিল এটা বিশেষ লক্ষ্য। যুৱ সমাজক জংগী ৰূপ দিয়া, এটা পাহুৱাল প্ৰজন্মৰ উত্থানক দ্ৰুততৰ কৰা। হিটলাৰৰ বাহুল্য-বৰ্জিত পোনপটীয়া বক্তব্যত তুমি ইয়াৰ সাক্ষ্য পাবা: “My education is hard… In my schools a youth will be raised from whom the world will shrink in fear… There must be nothing weak or soft about them…I want an a athletic youth. That is first and foremost” (P.23)‌। লুক-ঢাক নাই, স্বীয় অভিকাঙ্খাৰ তমস্কাৰ অভিব্যক্তি। কেৱল হিটলাৰৰ লক্ষ্যই নহয়, তেওঁৰ মানসিকতাৰ কঠিন-কৰ্কশ দিশটো বুজিবলৈও এই দ্ব্যৰ্থহীন বক্তব্যই তোমাক নিশ্চয় সহায় কৰিব। এইখিনিতে তোমাক জনাই থোৱা সমীচীন হ’ব যে তেতিয়াৰ সমস্যাক্ৰান্ত জাৰ্মেনীত যুৱসমাজো হিটলাৰৰ প্ৰতি আকৃষ্ট হৈছিল। এই আকৰ্ষণৰ কাৰণ একাধিক, তাৰ চৰিত্ৰও বহুমাত্ৰিক। কিতাপে-পত্ৰই সঘনে উল্লেখিত এটা কাৰণ হ’ল,  হিটলাৰৰ শাসন কালত সাময়িকভাবে যুৱ সমাজে নিবনুৱা সমস্যাৰ পৰা কিছু সকাহ পাইছিল (বুদ্ধদেৱ ভট্টাচাৰ্য, পৃ.৩৫)‌। তুমি নিশ্চয় অনুমান কৰিব পৰিছা, নাৎচি শাসনৰ এই দিশটো অধ্যয়নৰ এক চিত্তাকৰ্ষক বিষয়। কিয় স্বৈৰতান্ত্ৰিক শাসক কিছু কালৰ বাবে জনপ্ৰিয় হয় বা জন-সমাজৰ ব্যাপক সমৰ্থন লাভ কৰে তাৰ আৰ্থ-ৰাজনৈতিক কাৰণ তথা মনস্তাত্বিক পটভূমিৰ ওপৰত এনে অধ্যয়নে নিশ্চয় আলোকপাত কৰিব পাৰে।

জৰ্জ অৰৱেলে জাতীয়তাবাদক নিঃচৰ্তভাৱে নিন্দাত্মক অভিধাৰে- ‘disease’ বুলি আখ্যায়িত কৰি এই বুলি মন্তব্য দিছে— ‘Antisemitism is only one manifestation of nationalism’ (G. Orwell, P.45)‌। বিচাৰ-বুদ্ধি বিকল নকৰিলে সাম্ৰাজ্যবাদ-বিৰোধী জাতীয়তাবাদক ৰোগ বুলিব পাৰি নে নোৱাৰি সেই প্ৰশ্ন সংগতভাৱে তুমি কৰিব পাৰা। পিছে জাৰ্মেনীত যে ইহুদি ঘৃণাৰ লগত জাতীয়তাবাদ সাঙোৰ খাই পৰিছিল তাত কোনো সংশয় নাই। আৰু আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা হ’ল জাত্যভিমানৰ বিশ্ৰী বোকাৰে তেতিয়াৰ ক্ৰীড়াৰ প্ৰাঙ্গন ভৰি পৰিছিল। তোমাৰ কাৰণে গোটাই থোৱা ঘৃণা প্ৰসূত অৱজ্ঞা আৰু বঞ্চনাৰ দুটামান দৃষ্টান্ত এই ধৰণৰ-

  • ১৯৩৩ চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰৰ ফালৰ পৰা জাৰ্মেনীৰ সকলো ক্ৰীড়া সংগঠনৰ ক্ষেত্ৰত ‘Aryans-only’ নীতি কাৰ্যকৰী কৰা হ’ল। (অৱশ্যে প্ৰবীণ ইহুদি সৈন্য আৰু তেওঁলোকৰ বংশধৰ সকলক ৰেহাই দিয়া হৈছিল)। কেইদিনমানৰ পিছত German Gymnastic Society-এ ঘোষণা কৰিলে, ব্যায়াম সমন্ধীয় সকলো সংঘৰ সদস্যপদৰ বাবে আৰ্য কৌলিক পৰিচয় ‘absolutely mandatory’ (P.20)‌।
  • All German Chess Convention-ৰ সভ্যপদৰ পৰা ইহুদিসকল বহিষ্কৃত হয়। জাৰ্মানীৰ বিভিন্ন চহৰত থকা সন্তৰণৰ ৰাজহুৱা পৰিসৰত (swimming pool) ইহুদিসকলে প্ৰৱেশৰ অধিকাৰ হেৰুৱাই (P.21)‌।
  • ১৯৩৩ চনত ইহুদি বক্সাৰ আৰু ৰেফাৰীসকলক দেশৰ ভিতৰৰ সকলো প্ৰতিযোগিতাত অংশ লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল (P.17)‌।
  • নাৎচি মানসত আধিপত্য বিস্তাৰ কৰা উগ্ৰ জাতি-বিদ্বেষ আৰু ভাবাদৰ্শগত অসহিষ্ণুতাৰ সম্যক পৰিচয় পাবলৈ তুমি German Tennis Federationৰ এই প্ৰস্তাৱটো পঢ়াচোন: – ‘No Jew may be selected for a national team or the Davis cup; No Jewish or Marxist club or association may be affiliated with the German Tennis Federation; no Jew may hold an official position in the Federation ‘(P.19)‌।

শেষোক্ত তথ্যটোত তুমি বাৰু এটা কথা মন কৰিছানে? ইহুদিৰ লগতে মাৰ্ক্সবাদীসকলো বিতুষ্টি-বিদ্বেষৰ লক্ষ্য হৈ পৰিছে। দৰাচলতে এই বৈৰীদ্বয় নাৎচি মত আৰু মনোভাবত সদাবিৰাজমান। কমিউনিজম আছিল তেওঁলোকৰ অন্যতম মতাদৰ্শগত প্ৰতিপক্ষ। হিটলাৰৰ বহুপঠিত আত্মজীৱনী Mein Kampf –ত তুমি ইহুদি আৰু কমিউনিষ্টৰ বিৰুদ্ধে বিস্তৰ বিষোদগাৰ পাবা (বুদ্ধদেৱ ভট্টাচাৰ্য, পৃ.১৮)‌। নাৎচিবাদৰ যি নিৰ্যাস তাৰ প্ৰাঞ্জল অভিব্যঞ্জনা এইখন কিতাপত বেছ প্ৰকট। আত্মশ্ৰেষ্ঠতাৰ জাত্যভিমানী ধাৰণাৰে উদ্বুদ্ধ হিটলাৰে বৈশ্বিক আধিপত্যৰ আকাংক্ষা সদম্ভে ঘোষণা কৰিছিল— “Germany would either be a world power or there would be no Germany.” (V Purandore .P.21)। বিদ্বেষৰ উপৰি এই অদম্য অভিলাষৰ সাক্ষ্য তেওঁৰ আত্মচৰিতত বিদ্যমান।

Mein Kampf –ৰ বিক্ৰীৰ খবৰ শুনিলে তোমাৰ চকু কপালত উঠিব। ১৯৩৩ চনত কিতাপখনৰ দহ লাখ কপি বিক্ৰী হয়। ১৯৪০ চনত বিক্ৰী হয় ষাঠি লাখ কপি। আত্মজীৱনীৰ পৰা বিপুল অৰ্থ লাভ কৰি হিটলাৰে এটা বিলাসবহুল গৃহৰ নিৰ্মাণ আৰম্ভ কৰে (বুদ্ধদেৱ ভট্টাচাৰ্য, পৃ.১৯)‌। নাৎচিসকলৰ বাইবেল স্বৰূপ Mein Kampf এঘাৰটা ভাষালৈ অনূদিত হোৱা বুলি জনা যায় (D. Raychaudhuri,P.37)‌। আমোদজনক কথা হ’ল হিটলাৰৰ শাসন কালত এই কিতাপখন কেৱল সৈন্যসকলকেই নহয়, নৱ বিবাহিত দম্পত্তিকো উপহাৰ দিয়া হৈছিল। ১৯৪৫ চনলৈকে Mein Kampf –ৰ এক কোটি কপি বিক্ৰী বা বিতৰণ কৰা হৈছিল (Ibid, P.40)‌। এই চমকপ্ৰদ তথ্যবোৰৰ লগত আৰু মাত্ৰ দুটা তথ্য মন্তব্যসহ যোগ কৰি তোমাক তথ্য-পীড়নৰ পৰা নিষ্কৃতি দিম আৰু এক মুহূৰ্তও বিলম্ব নকৰি একেজাপে অলিম্পিকৰ ক্ৰীড়াভূমিত উপনীত হ’মগৈ। তথ্য দুটা চিত্তাকৰ্ষক:

  • তৰুণাৱস্থাত চিত্ৰশিল্পী হিচাপে কাম্য সাফল্য লাভ কৰিব নোৱাৰি হিটলাৰে ভিয়েনাত বৰ দুখময় জীৱন যাপন কৰা বুলি আত্মচৰিতত লিখি থৈ গৈছে। গৱেষকসকলৰ মতে কিন্ত হিটলাৰে কোৱাৰ দৰে কষ্টকৰ জীৱন তেওঁ ভিয়েনাত অতিবাহিত কৰা নাছিল (D. Raychaudhuri, P.24)‌। {মন্তব্য: দুখময় কাহিনী কথনৰ আঁৰত দুই ধৰণৰ উদ্দেশ্য থাকিব পাৰে, – এক, মানুহৰ সমবেদনা আদায় কৰা; দুই, জনসাধাৰণে যাতে ভাবে জীৱনৰ প্ৰাৰম্ভিক পৰ্বত হিটলাৰো তেওঁলোকৰ দৰেই আছিল।}
  • Mein Kampf –ত ভাৰতৰ প্ৰসংগত কেতবোৰ অপত্তিজনক মন্তব্য আছে। কলিকতা বিশ্ববিদ্যালয়ে আগ্ৰহ প্ৰকাশ কৰিছিল এইবুলি যে আত্মজীৱনীখনৰ পৰা উক্ত উক্তিবোৰ বাদ দিলে কিতাপখন বিশ্ববিদ্যালয়ৰ পাঠ্যপুস্তক কৰা যাব। আঁকোৰগোজ জাত্যভিমানী নেতাজনে এই প্ৰস্তাৱ নাকচ কৰিছিল (V. Purandare, P.69)‌। [মন্তব্য: জাতীয়তাবাদৰ সীমাবদ্ধতা কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱত স্পষ্ট: ইহুদিসকল বিদ্বেষবিদ্ধ কৰা, আমাৰ কোনো আপত্তি নাই। কেৱল আমাক ৰেহাই দিয়া।]

তিনি

সময় নষ্ট নকৰি অলিম্পিকৰ ক্ৰীড়াক্ষেত্ৰত উপস্থিত হ’ম বুলি তোমাক কথা দিছিলোঁ। পিছে বাৰ্লিন অলিম্পিকৰ প্ৰাংগণলৈ জাঁপ দিবলৈ লওঁতেই টেবুলৰ এচুকত থকা এৰিক হবছমৰ এখন বহুমূললীয়া আৰু বহুপঠিত গ্ৰন্থত চকু পৰিল। যশস্বী ঐতিহাসিক গৰাকীয়ে সেই কিতাপখনৰ এঠাইত জাতীয়তাবাদৰ লগত খেলা-ধূলাৰ সম্পৰ্কৰ স্বৰূপ উন্মোচন কৰি লিখিছে: ‘Between the wars, [World War I and II] sports as a mass spectacle was transformed into the unending succession of gladiatorial contests between persons and teams symbolizing state-nations, which is today part of global life.’ (E. Hobsbawm, P.142)‌। হবছমে আলোচনা প্ৰসংগত ১৯৩৬ চনত বাৰ্লিনত অনুষ্ঠিত অলিম্পিকৰ কথা উল্লেখ কৰিছে য’ত দেখা গৈছিল ‘competitive national self-assertion’-ৰ অভ্ৰান্ত অভিব্যক্তি (Ibid, P.142)‌। জৰ্জ অৰৱেলৰ লেখাতো তুমি জাতীয়তাবাদ আৰু ক্ৰীড়াৰ আন্তঃসম্পৰ্কৰ কথা পাবা। জাতীয়তাবাদী মানসিকতাক যি ‘competitive prestige’ -ৰ ধাৰণাই অবিচ্ছিন্নভাৱে আচ্ছন্ন কৰি পেলায় তাৰ লগত তেওঁ ক্ৰীড়াৰ— বিশেষকৈ বক্সিং আৰু ফুটবলৰ ব্যাপক প্ৰসাৰৰ সংযোগ থকা বুলি অভিমত প্ৰকাশ কৰিছে (G. Orwell, PP.50-51)‌। টেৰী ইগলটনৰ দৰে মননশীল লেখকেও ক্ৰীড়াৰ সৈতে ‘tribal loyalties and rivalries’ আৰু অন্যান্য আৱেগ-অতিকথাৰ সম্বন্ধৰ কথা উল্লেখ কৰি কৈছে যে সম্প্ৰতি ধৰ্মৰ পৰিৱৰ্তে খেলা-ধূলাহে জনগণৰ আফিং হৈ পৰিছে (T. Eagleton, P.26)‌। এইবিধ আফিঙত সম্প্ৰতি জাতীয়তাবাদৰ অনুপাত বেছি বুলি ক’লে জানো ভুল কোৱা হ’ব? অপাতদৃষ্টিত নিৰ্দোষ-নিৰপেক্ষ যেন লগা অধিকাংশ ক্ৰীড়াৰ লগত যে ৰাজনীতি, ঘাইকৈ জাতীয়তাবাদ যুক্ত তাৰ আভাস দিবলৈ হবছমৰ উক্তিৰ আঁত ধৰি তোমালৈ দুআষাৰ লিখিলোঁ। এতিয়া পলম নকৰি পোনচাটে ব’লা বাৰ্লিন অলিম্পিকলৈ।

১৯৩১ চনৰ মে’ত ‘International Olympic Committee’-এ জাৰ্মেনীক অলিম্পিক অনুষ্ঠিত কৰাৰ লোভনীয় সুযোগ দিয়ে। তেতিয়া হিটলাৰ ৰাষ্ট্ৰৰ অধিনায়কৰ ভূমিকাত অধিষ্ঠিত হোৱা নাছিল। কিন্তু তেওঁৰ অলৰ-অচৰ স্থিতি আছিল অলিম্পিকৰ বিৰুদ্ধে। তেওঁৰ দৃষ্টিত ই আছিল ইহুদিসকলৰ ধৰ্ম জুডাইজমৰ দ্বাৰা অনুপ্ৰাণিত (P.26)‌। ইহুদি-বিদ্বেষী মতানুযায়ী অলিম্পিক হ’ল ‘an infamous festival dominated by Jews’ (P.26)‌। নাৎচিসকলৰ পৃষ্ঠপোষকতাত দ্ৰুতভাৱে গা কৰি উঠা এইবিধ উগ্ৰ জাত্যভিমানে IOCক বিপাঙত পেলালে। ১৯৩৩ চনত ৰাষ্ট্ৰ-ক্ষমতাৰ সুউচ্চ প্ৰসাদত উৰিল নাৎচি দলৰ বিজয় ধ্বজা। হিটলাৰ প্ৰধানমন্ত্ৰী হ’ল। পিছৰ বছৰত তেওঁৰ দখললৈ আহিল ৰাষ্ট্ৰপতিৰ প্ৰত্যাশিত পদ। জাৰ্মেনীত নাৎচিসকলৰ আধিপত্য গজগজিয়া হ’ল।

ৰাজনৈতিক ঘটনাপ্ৰবাহৰ এনে অনাকাংক্ষিত দিশ-পৰিৱৰ্তনৰ ফলত অনুষ্ঠেয় অলিম্পিককলৈ কেউফালে অনিশ্চয়তা-অস্থিৰতা দেখা গ’ল। New York Times -ৰ বাতৰিৰ শিৰোনামত সংশয়ৰ প্ৰকাশ স্পষ্ট: ‘1936 Olympic Games may be cancelled due to Germany’s campaign against Jews’ (P.41)‌। ১৯৩৫ চনত যুক্তৰাষ্ট্ৰত চলোৱা এটা সমীক্ষাৰ পৰা প্ৰাপ্ত তথ্য আছিল এই প্ৰকাৰৰ: ৪৩ শতাংশ আমেৰিকানে অলিম্পিক বয়কট কৰাটো কামনা কৰে (P.52)‌। অলিম্পিকৰ সময়ত ইহুদি বিদ্বেষে বিকট ৰূপ ল’ব বুলি ইংলেণ্ডেও ক্ৰীড়া অনুষ্ঠানটোত অংশ ল’বলৈ থেৰো-গেঁৰো কৰা পৰিলক্ষিত হ’ল (P.49)‌। হিটলাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বেই IOCএ সম্ভাব্য ইহুদি-বিদ্বেষৰ উদ্গীৰণ সম্পৰ্কে উমান ল’বলৈ এগৰাকী খ্যাতিমান জাৰ্মান ক্ৰীড়াবিদ আৰু নাৎচি দলৰ সদস্যক দায়িত্ব দিছিল। অধ্যয়ন-অনুসন্ধানৰ অন্তত জাৰ্মান খেলুৱৈজনে অস্বস্তি-পীড়িত IOCক আশ্বস্ত কৰিছিল এইবুলি— হিটলাৰে অলিম্পিকত হস্তক্ষেপ নকৰে। তেওঁ বাৰ্লিনৰ ক্ৰীড়া অনুষ্ঠানত ইহুদি, কৃষ্ণাংগ আৰু অন্যান্য অনাৰ্য খেলুৱৈক প্ৰতিযোগিতাত অংশ ল’বলৈ দিব (P.31)‌। এই আশ্বাসে নিশ্চয় আপদীয়া চিন্তা-ভাৱনাৰ পৰা IOC ক কিছু সকাহ দিছিল।

ক্ষমতা হস্তগত হোৱাৰ পিছত হিটলাৰে হৰ্ষচিত্তে অলিম্পিকক আদৰণি জনালে। পূৰ্বৰ বিৰাগ-বিতৃষ্ণা তেওঁৰ কথা আৰু কামত দেখা নগ’ল। জাৰ্মেনীৰ বাতৰি কাকতবোৰত প্ৰচাৰিত হ’ল চৰকাৰৰ স্বস্তিদায়ক বিবৃতি— অলিম্পিকৰ সাফল্যৰ কাৰণে ৰাষ্ট্ৰপ্ৰধান হিটলাৰে যৎপৰোনাস্তি চেষ্টা কৰিব। তেওঁ ঘোষণা কৰিলে যে অলিম্পিকে বিশ্বৰ বিভিন্ন দেশৰ মাজত বুজা-বুজি বঢ়াব। তাতোকৈ তাৎপৰ্যপূৰ্ণ কথা হ’ল, ই জাৰ্মান যুৱ মানসত খেলা-ধূলাৰ প্ৰতি আগ্ৰহ-আকৰ্ষণৰ জন্ম দিব (P. P.33-34)‌। বাৰ্লিন অলিম্পিকৰ সময়ত নাৎচি শক্তিৰ উপস্থিতি আছিল চকুত পৰা বিধৰ। সকলো ঠাইতে দৃশ্যমান সৈন্যই নিশ্চয় বিদেশী খেলুৱৈক ৰাষ্ট্ৰৰ ৰণেচ্ছুক চৰিত্ৰৰ কথা ক্ষণে ক্ষণে সোঁৱৰাই দিছিল। অলিম্পিক ষ্টেডিয়ামত হিটলাৰৰ উপস্থিতিৰো ৰাজনৈতিক মাত্ৰা বেছ প্ৰকট‌। নাৎচি দলৰ নেতৃত্বই তেওঁক সর্বদা আগুৰি ৰাখিছিল। এওঁলোকে ক্ৰীড়াবিদতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছিল। অৱশ্যে হিটলাৰে ষ্টেডিয়ামত ৰাজনৈতিক ৰেটৰিকেৰে শ্ৰোতাক সন্মোহিত কৰিবলৈ যত্ন কৰা নাছিল (P.75)‌।

বাৰ্লিন অলিম্পিকৰ সময়ত ইহুদি-বিৰোধী বিশ্রী প্ৰচাৰক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছিল। বহু স্থানত ফলকত লিখা ফৰমান আছিল এই প্ৰকাৰৰ: ‘Admission of Jews is Forbidden. ‘অলিম্পিক উপলক্ষে এই ফলকবোৰ আঁতৰাই পেলোৱা হয়। এই কাৰ্যই আচলতে প্ৰসাধনৰ কাম কৰিছিল। বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা মানুহৰ চকুত নাৎচি জাৰ্মেনীৰ নিৰ্দয় চৰিত্ৰ ধৰা নপৰিবৰ বাবে এই কলংকাৱৰণৰ ব্যৱস্থা লোৱা হৈছিল (P.72)‌। এইখিনিতে তোমাক জনাই থওঁ যে কিছুমান ক্ষেত্ৰত শিথিলতা দেখুৱালেও নাৎচি প্ৰশাসনে সতৰ্ক নিয়ন্ত্ৰণৰ বেলিকা আপোচ কৰা নাছিল। তোমাক এটা উদাহৰণ দিলে কথাটো খোলোচা হ’ব। অলিম্পিকৰ ফটো কেৱল জাৰ্মান ফটোগ্ৰাফাৰেহে ল’ব পাৰিছিল আৰু সংশ্লিষ্ট কৰ্তৃত্বই পৰীক্ষা কৰাৰ পিছতহে সেইবোৰ আন্তৰ্জাতিক বিতৰণৰ বাবে মোকলাই দিয়া হৈছিল (P.76)‌। অন্যান্য বিষয়তো নাৎচিসকলে চাতুৰ্য্যৰ পৰিচয় দিয়াৰ নমুনা তুমি পাবা। প্ৰচাৰৰ ক্ষেত্ৰত গোবেলছে কি বিচক্ষণতাৰে ভুৱা নিৰপেক্ষতাৰ ভেশ পিন্ধিছিল তাৰ এটা দৃষ্টান্ত তোমাক দিওঁ। তেওঁ জাৰ্মেনীৰ মিডিয়াক এই বুলি নিৰ্দেশ দিছিল— বিদেশীৰ জয় আৰু জাৰ্মানীৰ পৰাজয়ো যাতে মিডিয়াত প্ৰচাৰিত হয় — ‘to present a picture of fairness.’ (V. Purandare, P.93)‌। প্ৰচাৰৰ কায়দা-কিটিপ ভালদৰে আয়ত্ত কৰা এইগৰাকী মন্ত্ৰী আছিল হিটলাৰৰ খুব ওচৰৰ মানুহ।

তোমাক ইতিমধ্যে জনাইছোঁ যে পোনতে হিটলাৰ আছিল অলিম্পিকৰ ঘোৰ বিৰোধী। কৃষ্ণাংগ, ইহুদি আদি সম্প্ৰদায়ৰ খেলুৱৈয়ে শ্বেতাংগ আৰ্য খেলুৱৈৰ লগত সমানে প্ৰতিযোগিতাত নামিব এই কথাটো জাত্যভিমানগ্ৰস্ত হিটলাৰৰ মনে সহ্য কৰিব পৰা নাছিল (Ibid P.92)‌। অলিম্পিকৰ প্ৰতি তেওঁৰ কঠোৰ মনোভাব কিছু কোমল হোৱাৰ পিছতো তেওঁৰ মনন আৰু মানসিকতালৈ মৌলিক পৰিৱৰ্তন অহা নাছিল। অলিম্পিক নামৰ সৰ্বজনজ্ঞাত ক্ৰীড়া অনুষ্ঠানটো তেওঁ আৰ্যত্বৰ অপ্ৰতিদ্বন্দী মাহাত্ম্য প্ৰদৰ্শনৰ মহামঞ্চ ৰূপে ব্যৱহাৰ হোৱাটো কামনা কৰিছিল (বুদ্ধদেৱ ভট্টাচাৰ্য, পৃ.২৭:)‌। কিন্তু আমেৰিকান কৃষ্ণাংগ ক্ৰীড়াবিদ জেমছ অ’ৱেনছ আৰু ভাৰতীয় হকী দলৰ দৃষ্টি-আকৰ্ষক সাফল্যই হিটলাৰক হতাশ কৰিলে (উক্ত গ্ৰন্থ,পৃ.২৭; R. Guha,P.235)‌। বাৰ্লিন অলিম্পিকৰ পিছত অ’ৱেনছৰ খ্যাতি চৌদিশে ৰৈ বৈ যায়। এই গৰাকী ক্ৰীড়াবিদে দৌৰৰ উপৰি লং জাম্পতো স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁৰ এই কালজয়ী কৃত্বিত্বই যে হিটলাৰক বিতুষ্ট তথা ক্ষুদ্ধ কৰিছিল তাত কোনো সন্দেহ নাই। বিজয়ী অ’ৱেনছৰ প্ৰতি পৰাজিত জাৰ্মান শ্বেতাংগ ক্ৰীড়াবিদ লঙৰ খেলুৱৈসুলভ উষ্ণ উদাৰতা আৰু জাত্যভিমানী হিটলাৰ অশিষ্ট আচৰণৰ উল্লেখ তুমি ৰামচন্দ্ৰ গুহৰ এখন গ্ৰন্থত পাবা: অ’ৱেনছে লং জাম্পত সোণৰ পদক হস্তগত কৰাৰ পিছত ‘Hitler stormed angrily out of the stadium, but Long himself ran over to the black jumper to envelope him in a hug of congratulations’ (Ibid, P.308) কোৱা বাহুল্য, জৰ্জ অৰৱেলে আধুনিক প্ৰতিযোগিতামূলক ক্ৰীড়াৰ বিষয়ে লিখা নেতিবাচক কথাখিনিৰ লগত এই ধৰণৰ কাম্য ব্যতিক্ৰমী ঘটনা খাপ নাখায়।

বাৰ্লিন অলিম্পিকত অৱেনছকে ধৰি অন্যান্য কৃষ্ণাংগ খেলুৱৈক নাৎচি কৰ্তৃপক্ষই অৱজ্ঞা-অসন্মান কৰাৰ সমাচাৰ সেই সময়ৰ সংবাদপত্ৰত ছপা হৈছিল। New York Times ৰ বাতৰিৰ শিৰোনাম আছিল এইপ্ৰকাৰৰ : ‘Hitler ignores Negro medalists’ (P.151)‌। আন কেইখনমান কাকতত হিটলাৰে অৱজ্ঞাসূচক আচৰণেৰে অ’ৱেনচক অপমান কৰাৰ বাতৰি প্ৰকাশ পালে (PP.151-52)‌। এই সমালোচনাবোৰৰ সত্যতা সম্পৰ্কে কিঞ্চিৎ সন্দেহ ব্যক্ত কৰি এজন লেখকে এটা অৰ্থবহ মন্তব্য দিছে: ‘Whatever the truth behind Hitler’s ‘snub’ to black athletes, the issue at least served to underline the nature of the Olympic hosts.’ (P.152)‌। অলপ অপ্ৰাসংগিক যেন লাগিলেও এইখিনিতে এটা কথা তোমাক জনাই থওঁ। হিটলাৰ-শাসিত জাৰ্মেনীত অলিম্পিকৰ দৰে ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাটো যুগুত হ’ব নে নহয় সেই প্ৰশ্নটোক কেন্দ্ৰ কৰি আমেৰিকাত হোৱা আলোচনা-বিলোচনা নাৎচি জাত্যভিমান প্ৰসূত ইহুদি-বিদ্বেষে বিশেষ গুৰুত্ব লাভ কৰা দেখা যায়। পিছে তাৎপৰ্যপূৰ্ণ আৰু চিত্তাকৰ্ষক বিষয় হ’ল তৎকালীন আমেৰিকাত কৃষ্ণাংগক অৱজ্ঞা-অপমান কৰাৰ বৰ্ণবাদী পৰম্পৰা অটুট আছিল। অলিম্পিকৰ জৰিয়তে জগতজোৰা যশ অৰ্জন কৰিলেও কৃষ্ণাংগ খেলুৱৈ অ’ৱেনচক আমেৰিকাৰ প্ৰেচিডেণ্টে হোৱাইট হাউছলৈ আমন্ত্ৰণ জনোৱা নাছিল। আনকি আনুষ্ঠানিক অভিনন্দন জনাই টেলিগ্ৰাম এখনো প্ৰেৰণ কৰা নাছিল (P.159)‌। অৱজ্ঞাৰ এনে অভিজ্ঞতাই অৱশ্যে অ’ৱেনচক মৰ্মাহত কৰিছিল বুলি মনে নধৰে। কাৰণ কলেজীয়া কালতো তেওঁ বৰ্ণ বৈষম্যৰ তিক্ত সোৱাদ পোৱাৰ কথা জনা যায়। তেতিয়া ক্ৰীড়া দলৰ কৃষ্ণাংগ সদস্যসকলৰ কাৰণে কিছুমান ৰেস্তোৰাঁ আৰু জিৰণি ঘৰৰ দুৱাৰ মুকলি নাছিল (P.132)‌।

১৯২৮ আৰু ১৯৩২ চনৰ অলিম্পিকত ভাৰতৰ হকী দলে পাকৈত প্ৰদৰ্শনেৰে খেল খেলি সগৰ্বে বিজয় মুকুট পিন্ধিছিল। বাৰ্লিনতো তেওঁলোকে ৮-১ গলত জাৰ্মেনীক পৰাস্ত কৰি পূৰ্বৰ গৌৰৱ পুনৰবাৰ অৰ্জন কৰিবলৈ সক্ষম হ’ল। তুমি নিশ্চয় ভাবিছা, পত্ৰালোচনাত হঠাতে হকী দলৰ এই কৃতিত্ব-কীৰ্তনৰ কাৰণ কি? জাৰ্মেনীত ভাৰতীয় দলৰ এই বিজয় কাহিনী বিশেষভাৱে উল্লেখ কৰাৰ কাৰণ হ’ল, ভাৰতীয় দলটো আছিল অ-শ্বেতাংগ ক্ৰীড়কেৰে গঠিত আৰু তেতিয়াৰ জাৰ্মানীত অ-শ্বেতাংগসকল হৈ পৰিছিল সম্পূৰ্ণভাৱে অপাংক্তেয়, উপেক্ষা-উপহাসৰ পাত্ৰ। জাত্যভিমানী নাৎচিসকলে এওঁলোকক নিকৃষ্ট জ্ঞান কৰিছিল (V. Purandare, P.62)‌। চহৰৰ বাটেৰে খোজ কাঢ়ি যাওঁতে সুভাষ চন্দ্ৰ বসুকো জাৰ্মান বালক-বালিকাই নিগ্ৰো বুলি ইতিকিং কৰিছিল (Ibid, P.67)‌। হিটলাৰৰ বহু প্ৰচাৰিত আত্মচৰিতত ভাৰতৰ বিৰুদ্ধে মন্তব্য থকাৰ কথা তোমাক যথাস্থানত জনাইছোঁৱেই। অন্যত্র হিটলাৰে এইবুলি কৈছিল যে, ভাৰতৰ স্বাধীনতা আন্দোলন হ’ল, ‘A rebellion of inferior Hindu race against the valorous Anglo Nordic {race}.’ (Ibid,P.35)। এই পতিয়নযোগ্য তথ্যবোৰৰ ওপৰত ভেজা দি তুমি অনায়াসে অনুমান কৰিব পাৰা যে অ-শ্বেতাংগ ভাৰতীয় দলৰ হাতত জাৰ্মেনী শোচনীয়ভাৱে পৰাজয় বৰণ কৰা ঘটনাটো আৰ্যত্ব-অভিমানী হিটলাৰে সহজভাৱে মনস্বী মানসিকতাৰে গ্ৰহণ কৰিব পৰা নাছিল।

আমি যি দুই-এখন কিতাপৰ ওপৰত চকু ফুৰাইছোঁ তাত হিটলাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে কোনো তথ্য পোৱা নাই। অৱশ্যে এটা ঘটনাৰ উল্লেখ কেতিয়াবা পোৱা যায়। ঘটনাটো হ’ল, ভাৰতীয় দলে স্বৰ্ণপদক লাভ কৰাৰ পিছত হকীৰ জাকত-জিলিকা যাদুকৰ ধ্যানচান্দক হিটলাৰে জাৰ্মান সৈন্যবাহিনীত যোগ দিবলৈ আহ্বান জনায় আৰু বিশ্ৰুত খেলুৱৈজনে ততালিকে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে (বুদ্ধদেৱ ভট্টাচাৰ্য, পৃ,২৮)‌। গৱেষকৰ দৃষ্টিত এই বৃত্তান্তটো এটা মিথ অবিমিশ্ৰ অতিকথা। ইয়াৰ সমৰ্থনত কোনো প্ৰামাণিক তথ্য নাই। ইণ্টাৰনেটৰ কৃপাত এই অতিকথাৰ অবাৰিত প্ৰসাৰ ঘটিছে (V. Purandare, PP.91-92)‌। তুমিতো জানাই, বিশেষ কিছুমান গৌৰৱব্যঞ্জক অতিকথাৰ জনক জাতীয়তাবাদ। উল্লেখিত অতিকথাটোৰ আঁৰতো জাতীয়তাবাদৰ কিছু উদগনি থাকিব পাৰে। প্ৰসংগক্ৰমে তোমাক জনাই থওঁ যে বাৰ্লিন অলিম্পিকত ভাৰতৰ মুখ উজ্জ্বল কৰা হকী দলটোৱে জাতীয় চৈতন্যৰ পৰিচয় দিবলৈ পাহৰা নাছিল। ক্ৰীড়াংগনত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখনক জনাইছিল সশ্ৰদ্ধ অভিবাদন (Ibid, P.91)‌। অৱশ্যে কামফেৰা তেওঁলোকে পৰম আন্তৰিকতাৰে কৰিছিল ‘dressing room’ ৰ ভিতৰত (P.191)‌। এই কথাত আচৰিত হ’বলগীয়া একো নাই। কিয়নো ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি প্ৰকাশ্যে— সজ্জাগৃহৰ বাহিৰত— সহানুভূতি প্ৰদৰ্শন কৰা হ’লে কেৱল ব্ৰিটিছ ৰাজশক্তিয়েই নহয়, অলিম্পিক অনুষ্ঠিত কৰা নাৎচি প্ৰশাসনো বৰকৈ বিতুষ্ট হ’লহেঁতেন। ভাৰতীয়ৰ মুক্তি-স্পৃহাৰ প্ৰতি জাত্যভিমানী হিটলাৰৰ মনোভাব কেনে আছিল তাৰ ইংগিত তোমাক দিছোঁৱেই। এই প্ৰসংগত আৰু এটা গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিব পাৰি। ১৯৩৭ চনত ভাৰতৰ শাসন-তন্ত্ৰৰ সৈতে যুক্ত লৰ্ড হেলিফেক্সক হননপ্ৰিয় হিটলাৰে ‘Indian problem’ -ৰ এটা চমক-উদ্ৰেককাৰী সহজ সমাধান আগবঢ়াইছিল— ‘Shoot Gandhi.’ (Ibid, P.99)‌। এনে এজন ভাৰত-বিদ্বেষী উগ্ৰমনা একচ্ছত্ৰী শাসকৰ দেশত ভাৰতৰ হকী দলটোৱে ত্ৰিৰংগ পতাকাক ৰাজহুৱাভাৱে শ্ৰদ্ধা জ্ঞাপন কৰাটো যে সহজ নাছিল সেই কথা জানো তোমাক বহলাই কোৱাৰ দৰকাৰ আছে?
একা-বেঁকা বাটেৰে দীৰ্ঘ— আৰু হয়তো কিছু বিৰক্তিকৰ— পৰিক্ৰমনৰ অন্তত পত্ৰালোচনাৰ অন্তিম পৰ্যায়ত আমি উপনীত হৈছোঁ। হিটলাৰ আৰু অলিম্পিকৰ বিষয়ে লিখা কথাখিনি পঢ়ি তোমাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে: বহুচৰ্চিত বাৰ্লিন অলিম্পিকৰ পৰা নাৎচি জাৰ্মানীৰ কি লাভ হ’ল? লাভ-লোকচানৰ বিভিন্ন দিশ আছে, সেইবোৰৰ হিচাপ-নিকাচলৈ নগৈ অক্লেশে আমি এটা মীমাংসালৈ আহিব পাৰোঁ: ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকে নাৎচি জাৰ্মানীক প্ৰজ্ঞাপনৰ সুবৰ্ণ সুযোগ দিলে। প্ৰচাৰৰ আভ্যন্তৰীণ/আন্তঃজাৰ্তিক গুৰুত্ব সন্দৰ্ভত নাৎচিসকল নিস্পৃহ আছিল। প্ৰণালীবদ্ধ, জকমকীয়া ছলনাৰে ভৰপূৰ আৰু পুনৰুক্তিপূৰ্ণ প্ৰচাৰৰ কাৰ্যকাৰিতা সম্পৰ্কে তেওঁলোকৰ ধাৰণা আছিল স্পষ্ট আৰু বাস্তৱানুগ। হিটলাৰে যেতিয়া অলিম্পিকৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱা নাছিল তেতিয়া German National Olympic Committee এ আকোৰগোঁজ একনায়ক গৰাকীক এইবুলি পতিয়ন নিয়াইছিল যে ‘The Games could well be used as a propaganda vehicle.’ (Ibid,P.92)‌। এই প্ৰজ্ঞাপন-প্ৰচেষ্টাত নাৎচিসকল সফল হৈছিল বুলি ক’ব লাগিব। অৱশ্যে জাৰ্মানীৰ সমৰমুখী জংগী চৰিত্ৰ আৰু হিটলাৰ-কেন্দ্ৰিক হিষ্টিৰিয়া দেখি বিদেশীসকল হতবাক নোহোৱা নহয় (P.130)‌। কিন্তু সামগ্ৰিকভাৱে নাৎচি জাৰ্মানীয়ে এই ক্ৰীড়া মহোৎসৱক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাত কৃতকাৰ্য হৈছিল। সেই সময়ত অলিম্পিকৰ সংবাদ সংগ্ৰহ কৰাৰ কামত ব্যস্ত থকা এগৰাকী মাৰ্কিন সাংবাদিকে কোনো কুণ্ঠা নোহোৱাকৈ কৈছে: ‘Hitler turned the Olympics into a dazzling propaganda success for his barbarian regime.’ (P.214) ভিয়েনাত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতেও প্ৰায় একেধৰণৰ অভিমত ব্যক্ত কৰা বুলি জনা যায় (P.212)‌।

অলিম্পিকৰ পিছত ইহুদি-নিৰ্যাতন পুনৰ আৰম্ভ হ’ল, ‘barbarian regime’-ৰ বৰ্বৰতা অটুট থাকিল। উত্তৰ-অলিম্পিক উৎপীড়নৰ এটা নমুনা তোমাক দিওঁ: Berlin Labour Court এ এই নিৰ্দেশ জাৰি কৰিলে যে যিসকল জাৰ্মান কৰ্মচাৰীয়ে ইহুদি বা অন্য অনাৰ্যক বিয়া কৰাইছে তেওঁলোকক কামৰ পৰা বৰ্খাস্ত কৰা হ’ব। (P.216) নাৎচিবাদৰ কুন্ধচ স্বৰূপ সম্পৰ্কে সম্যক ধাৰণা থকা লোকৰ বাবে এই ধৰণৰ নির্বিবেক নিৰ্দেশ অপ্ৰত্যাশিত নহয়। কিয়নো জাত্যভিমানীয়ে প্ৰয়োজন হ’লে মুখাহে পিন্ধে, তেওঁলোকৰ মুখৰ প্ৰকৃত বৰ্বৰ বৰণ কেতিয়াও সলনি নহয়।

গ্ৰন্থ-পঞ্জী
A. Rippon, Hitler’s Olympics: The Story of the 1936 Nazi Games, Yorkshire,2021
V. Purandare, Hitler and India: The Untold Story of His Hatred for the Country and its People Chennai,2021
D. Raichaudhuri, Adolf Hitler: The Demon Whose End Transformed the World, Kolkata,2019
S. Zutshi,Biology as Politics: The Evolution of a Concept in Modern Society, Calcutta,2004
G. Orwell,Notes on Nationalism, UK,2018
Romila Thapar et al, On Nationalism, New Delhi,2016
R. Tagore, Nationalism, Gurgaon,2009
R. Azad et al ed, What the Nation Really Needs to Know: The JNU Nationalism Lectures, Noida,2016
E. J. Hobsbawm, Nations and Nationalism Since 1780: Programme, Myth, Reality, Delhi,2013
E. Fromm, The Anatomy of Human Destructiveness, Greenwich,1973
T. Eagleton, The Meaning of Life:A Very Short Introduction, Oxford,2008
G. LeBon, The Crowd: A Study of the Popular Mind,2008
S. K. Pandya,Human Behaviour,New Delhi,1997
R. C. Guha,A Corner of a Foreign Field: The Indian History of a British Sport, London,2003
Dorothy M. Figueira, Aryans, Jews, Brahmins: Theorizing Authority Through Myths of Identity, New Delhi,2015
J. Drever, A Dictionary of Psychology, Harmondsworth,1973
বুদ্ধদেৱ ভট্টাচাৰ্য, নাৎচি জাৰ্মানীৰ জন্ম ও মৃত্যু, কলকাতা, ২০১৮

Leave a Reply

Your email address will not be published. Required fields are marked *