হো চি মিন : সংগ্রামী প্রেৰণাৰ অফুৰন্ত উৎস (শিৱাংগী আচাৰ্য)
১৯১৮ চন। সমাপ্তি ঘটিছিল প্ৰথম মহাসমৰৰ। সমগ্ৰ পৃথিৱী ব্যাপি হোৱা এই যুদ্ধৰ অন্ত চিহ্নিত কৰিবলৈ ফ্ৰান্সত অনুষ্ঠিত হৈছিল ভাৰ্চাই শান্তি সন্মিলন। সন্মিলনখনত ঠাহ খাইছিল বিশ্বৰ বিভিন্ন দেশৰ শাসকৰ প্ৰতিনিধিসকল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ভিয়েটনাম, চীন আদিকে ধৰি এই যুদ্ধত পৰাজিত আৰু জয় লাভ কৰা বিভিন্ন দেশে শান্তি সন্মিলনখনিত অংশগ্ৰহণ কৰিছিল।
সেই সময়ত দক্ষিণ-পূব এছিয়াৰ এখনি সৰু দেশ ভিয়েটনাম আছিল ফ্ৰান্সৰ উপনিৱেশ। ঔপনিৱেশিক শাসন সদায় শোষণভিত্তিক। স্বাভাৱিকতেই ভিয়েটনামো তাৰ ব্যতিক্রম নাছিল। ফ্রান্সৰ ঔপনিৱেশিক শাসনে-শোষণে ভিয়েটনামক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ কৰি পেলাইছিল। ভাৰ্চাই শান্তি সন্মিলনত নিজৰ মাতৃভূমিৰ স্বাধীনতাৰ দাবী জনাই ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে এজন ভিয়েটনামী যুৱকে। উক্ত সন্মিলনত যুৱকজনে এটা উদাত্ত আৰু গুৰুত্বপূৰ্ণ ভাষণো প্রদান কৰিছিল। কিন্তু যুৱকজনৰ কথাত উক্ত সন্মিলনত উপস্থিত থকা শক্তিশালী দেশসমূহৰ বৰমূৰীয়াসকলে অকণো গুৰুত্ব নিদিলে। তেওঁলোক মচগুল আছিল যুদ্ধৰ লুট নিজৰ মাজত ভাগ-বাটোৱাৰা কৰাত।
ভাৰ্চাই শান্তি সন্মিলনত উপেক্ষিত-অনাদৃত এইজন ডেকাই চল্লিশ বছৰৰ পিছত ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চকুত ঢালি দিছিল গৰম তেল। নেগুৰ মোটোকাই এই দুই শক্তিশালী সামৰিক শক্তিয়ে ভিয়েটনাম এৰি পলাই আহিবলগীয়া হৈছিল নিজ দেশলৈ। জয় হৈছিল ভিয়েটনামৰ। জয় হৈছিল ভিয়েটনামী জনতাৰ। সেই ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল জয়ৰ নায়ক আছিল দেখাত তেনেই হোজা আৰু শান্ত-শিষ্ট যেন লগা সেই যুৱকজন। তেওঁ নাম আছিল হো চি মিন।
হো চি মিন— যিটো নাম শুনিলেই আজিও সমগ্র বিশ্বৰ খাটিখোৱা অগণন সংগ্রামী মানুহৰ মন উজ্জীৱিত হৈ পৰে, সেইটো কিন্তু মানুহজনৰ জন্মৰ সময়ত দিয়া নাম নাছিল। সৰুতে তেওঁৰ নাম আছিল ন্যুগেন চিন কাং। ন্যুগেন চিন কাং কেনেকৈ হো চি মিন হৈ পৰিছিল, সেইটো কথাৰ ইতিহাস হৈছে বাস্তৱৰ এক উদ্দীপনাময় বিপ্লৱৰ কাহিনী। এইটো চমু নিবন্ধত আমি হো চি মিন নামটোৱেই ব্যৱহাৰ কৰিম, কিয়নো এই যুগন্ধৰ বিপ্লৱীগৰাকীৰ অন্য নামৰ ব্যৱহাৰ সঁচাই তাৎপৰ্যহীন।
হো চি মিনৰ জন্ম হৈছিল ১৮৯০ চনৰ ১৯ মে’ত, কিম লিন নামৰ এখন মধ্য ভিয়েটনামৰ গাঁৱত। তেওঁৰ পিতৃ ফো য়েং আছিল এগৰাকী বিপ্লৱী ব্যক্তিত্বৰ অধিকাৰী মানুহ। সৰুকালৰ পৰাই হো আছিল ঔপনিৱেশিক শোষণ-শাসনৰ বিৰুদ্ধে। হো-ৰ তেনে চিন্তাৰ নেপথ্যত তেখেতৰ দেউতাকৰ ভাবাদৰ্শৰ যথেষ্ট প্ৰভাৱ দেখা যায়। স্থানীয় বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত হোৱে তেওঁৰ ককায়েকৰ সৈতে ১৯০৭ চনত হোৱে নামৰ এখন চহৰলৈ যায়। তাত তেওঁ এখন ফৰাচী-ভিয়েটনামিজ শিক্ষানুষ্ঠানত ৩ বছৰ শিক্ষা গ্রহণ কৰে। কিন্তু ডিগ্ৰী লাভ কৰাৰ আগেয়ে তেওঁ ফান থিয়েট নামৰ চহৰ এখনত থিতাপি লয় আৰু শিক্ষক হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।
সৰুৰে পৰা এক অদমনীয় ব্যক্তিত্বৰ অধিকাৰী হো চি মিনে অনুধাৱন কৰিছিল যে দেশক শোষণৰ পৰা মুক্ত কৰিবলৈ হ’লে প্রথমতে শোষণব্যৱস্থাটোৰ আভ্যন্তৰীণ মৰ্মবস্তুৰ সৈতে ভালদৰে পৰিচিত হ’ব লাগিব। মাত্র সেয়াই নহয়। হোৱে লগতে হৃদয়ংগম কৰিছিল, বিদেশী শোষণৰ কবলৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ এটা বিজ্ঞানসন্মত আদৰ্শৰ প্রয়োজন, লগতে প্রয়োজন উন্নত অস্ত্র-শস্ত্রৰে নিজকে সজ্জিত কৰাৰ। তেনে লক্ষ্য আগত ৰাখিয়েই ১৯১৯ চনত তেওঁ চাইগনলৈ যায়। তাৰ পাছত তেওঁ যিটো পদক্ষেপ দিছিল, তাৰ পৰাই বুজা যায়, নিজৰ লক্ষ্যত উপনীত হ’বলৈ হো-ৰ কিমান অটল আৰু একনিষ্ঠ দৃঢ়তা আছিল। ফৰাচী জাহাজ এখনত তেওঁ যোগাৰ কৰি লৈছিল এটি তেনেই সৰু কাম। জাহাজখনৰ ৰান্ধনি। সেই কামটোৰ সুযোগতেই তাৰ পিছৰ দুবছৰত তেওঁ ইউৰোপ, এছিয়া, নর্থ আমেৰিকা আদিৰ সৰু-বৰ চহৰ ভ্ৰমণ কৰিছিল। অৱশেষত তেওঁ লণ্ডনত থিতাপি লয়।
প্ৰথম বিশ্বযুদ্ধৰ মাজভাগত তেওঁ পেৰিছলৈ যাত্ৰা কৰে আৰু তাত ন্যোগেন আয় কুৱক নামেৰে বসবাস কৰিবলৈ লয়। ফ্ৰান্সত যিসকল ভিয়েটনামী লোক আছিল, হো-ৱে তেওঁলোকক একগোট কৰি সাম্রাজ্যবাদবিৰোধী গোট এটা গঠন কৰিছিল। তেওঁলোকৰ স্বাক্ষৰযুক্ত এখন স্মাৰকপত্ৰ তেখেতে দাখিল কৰিছিল ভাৰ্চাই শান্তি সন্মিলনত। কিন্তু বিশ্বৰ প্ৰধান শক্তিসমূহে তেওঁৰ প্রস্তাৱক অকণো গুৰুত্ব প্ৰদান নকৰিলে। বৰঞ্চ তেওঁলোকে হো-ক তাচ্ছিল্য আৰু ইতিকিঙহে কৰিছিল। এই কথাটো নিবন্ধটোৰ প্রথমতেই উল্লেখ কৰা হৈছে।
১৯২০ চনত ফৰাচী কমিউনিষ্ট দল গঠিত হয়। হো আছিল এই দলটোৰ প্রতিষ্ঠাপক সদস্য। সকলোৱে জানে, কাৰ্ল মাৰ্ক্সৰ চিন্তাধাৰাই সমগ্র বিশ্বৰ মেহনতী জনতাক সংগ্রামৰ বাবে এটি বিজ্ঞানসন্মত পন্থাৰ সন্ধান দিছিল। ইতিমধ্যেই, ১৯১৭ চনত, ৰাছিয়াত কমিউনিষ্টসকলে জাৰৰ শোষণব্যৱস্থাটো ওফৰাই ভ্লাডিমিৰ লেনিনৰ নেতৃত্বত ক্ষমতা দখল কৰিছিল। সমগ্র বিশ্বৰ দৃষ্টি তেতিয়া কেন্দ্রীভূত হৈছিল ৰাছিয়াত। ১৯১৭ চনৰ ৰাছিয়াৰ বলছেভিক বিপ্লৱে শোষিত জনতাৰ মাজলৈ যি আশা আৰু উদ্দীপনাৰ জোৱাৰ কঢ়িয়াই আনিছিল, সি সঁচাই আছিল অভূতপূৰ্ব। সেই বিপ্লৱৰ পীঠস্থান ৰাছিয়ালৈ হো-ৱে প্ৰথমবাৰৰ বাবে যাত্ৰা কৰে ১৯২৩ চনত। তাত তেখেতে লগ পাইছিল বুখাৰিন, ট্ৰটস্কি, ষ্টেলিন আদিকে ধৰি বহুতো বিখ্যাত কমিউনিষ্ট নেতা আৰু চিন্তাবিদক। এই সময়খিনিয়ে হো-ক নিজৰ অভীপ্সিত গতিপথত দৃঢ়ভাৱে আগুৱাই যোৱাত প্রভূত সহায় কৰিছিল। মাৰ্ক্স, লেনিন আদিৰ বিপ্লৱী আদৰ্শৰে তেওঁ প্ৰভাৱান্বিত হৈছিল।
তাৰ পাছত হো পাইছিলগৈ চীন দেশ। ১৯২৫ চনৰ পৰা তেওঁ মিখাইল বৰোডিনৰ সৈতে চীন দেশত সমাজবাদৰ প্রতিষ্ঠাৰ বাবে আত্মনিয়োগ কৰে। তাত তেওঁ গঠন কৰিছিল থান নিয়েন নামৰ এটি সংগঠন। এই সংগঠনত অন্তৰ্ভুক্ত হৈছিল চীনত বাস কৰা ভিয়েটনামৰ পৰা বহিষ্কৃত আন্দোলনকাৰীসকল। ক্রমাৎ এই দলটোৰ পৰিসৰ বাঢ়ি আহিছিল, লগতে দিনক দিনে গাঢ় হৈ পৰিছিল ভিয়েটনামৰ বিভিন্ন ঠাইত দেশৰ স্বাধীনতাৰ বাবে যুঁজ দি থকা নানান দলসমূহৰ সৈতে তেওঁৰ সম্বন্ধ। ‘থান নিয়েন’ নামৰ এখন ক্ৰান্তিকাৰী আলোচনীও এই দলটোৰ দ্বাৰা দক্ষিণ-পূব এছিয়াত প্ৰচাৰ কৰা হৈছিল। প্রকৃততে সেয়াই আছিল এক শক্তিশালী আন্দোলনৰ বলিষ্ঠ আৰম্ভণি। তাৰ মাজতো হো-ৱে বহুবাৰ চীন আৰু ৰাছিয়াৰ মাজত অহা-যোৱা কৰি আছিল।
সমগ্র বিশ্বৰ কমিউনিষ্ট আলোড়নৰ সৈতে সংগতি ৰাখি পৃথিৱীৰ দেশে দেশে তেতিয়া কমিউনিষ্ট দল গঠিত হ’বলৈ ধৰিছিল। হংকঙত ১৯৩০ চনত গঠন হোৱা ভিয়েতনামিজ কমিউনিষ্ট পাৰ্টিৰ আঁত ধৰোতা কাণ্ডাৰী আছিল হো। হো-ৰ তেনে বিপ্লৱী কাৰ্যৰ বাবেই তেওঁক ১৯৩১ চনত হংকঙত গ্ৰেপ্তাৰ কৰা হৈছিল। বহুদিন কাৰাগাৰত থকা অন্তত তেওঁ পুনৰ মস্কোলৈ যায় আৰু ১৯৩৮ চনলৈকে তেওঁ তাতেই থাকিবলৈ লয়।
তাৰ পাছত সমগ্র পৃথিৱীত বিয়পি পৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ শ্বাসৰুদ্ধকৰ বাৰুদৰ ধোঁৱা। ফেচিষ্ট সাম্রাজ্যবাদে মানৱ সভ্যতাৰেই গতি স্তব্ধ কৰি দিয়াৰ উপক্রম কৰিছিল। যেতিয়া জাপানী সেনা ভিয়েটনামত প্ৰবেশ কৰিছিল, তেতিয়া হো আছিল চীনত। ১৯৪১ চনত তেওঁ ভিয়েটনামলৈ ঘূৰি আহে আৰু ভিয়েতমিন নামৰ এটা সংগঠন কৰে। জাপানে ভিয়েটনাম দখল কৰি ৰখা সমগ্ৰ সময়খিনিত এই সংগঠনটোৱে অতি বীৰত্বৰে ফৰাচী আৰু জাপানী শক্তিৰ বিৰুদ্ধে যুঁজ দি যায়। এই আন্দোলনত বহুতো লোকৰ মৃত্যু হৈছিল। কিন্তু সি শেষ কৰিব পৰা নাছিল ভিয়েটনামীসকলৰ স্বতন্ত্ৰতা-স্বাধীনতাৰ অদম্য স্পৃহাক। ভিয়েটমিনসকলৰ বীৰত্বৰ গাঁথা দেশে দেশে বিয়পি পৰিছিল। আমাৰ অসমৰ গীত-কবিতাতো ভিয়েটমিন এটি পৰিচিত নাম হৈ পৰিছিল। হেমাংগ বিশ্বাস আদিৰ স্মৰণীয় সৃষ্টিৰ মাজত স্থান পাইছিল “ভিয়েটমিন” নামৰ বিপ্লৱী বাহিনীৰ উদ্দীপনাৰ কাহিনীয়ে।
১৯৪১ চনত হো-ক পুনৰ চীনত গ্ৰেপ্তাৰ কৰা হৈছিল। প্রকৃততে, সেই সময়ৰ পৰাহে তেওঁ হো চি মিন নামেৰে কাম কৰিবলৈ লয়, যিটো আজি বিশ্বজনতাৰ অতিকৈ পৰিচিত আপোন নাম।
দ্বিতীয় মহাসমৰৰ অন্তত ১৯৪৫ চনত ভিয়েটনামত ভিয়েটমিনে সংঘটিত কৰে এক বৃহৎ জনযুদ্ধ। গোটেই দেশজুৰি হোৱা এই বিপ্লৱী উত্থানে সমগ্ৰ দেশ কঁপাই গৈছিল। ভিয়েটমিন বিপ্লৱীয়ে সংগ্রামৰ মাজেদি উত্তৰ ভিয়েটনামৰ হানয় চহৰ নিজৰ দখললৈ আনে। উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰূপে স্থান লয় হো মিন মিন-এ। তাৰ পাছতো কিন্তু ফৰাচীসকল আঁতৰি যোৱা নাছিল। যুদ্ধ চলি আছিল অবিৰত। ১৯৫৪ চনৰ জেনেভা চুক্তিৰ মতে উত্তৰ আৰু দক্ষিণ ভিয়েটনাম দুখন পৃথক দেশ হৈ পৰে। কিন্তু দক্ষিণ ভিয়েটনাম আছিল ফৰাচী বাহিনীৰ দখলত।
স্বাধীনতাৰ স্বীকৃতি লাভ তথা উত্তৰ আৰু দক্ষিণ ভিয়েটনামক একেলগ কৰাৰ বাবে হো-ৱে বহুত চেষ্টা কৰিছিল। হো-ৰ তেনে আন্তৰিক শান্তি প্ৰচেষ্টাৰ সত্ত্বেও ডিচেম্বৰত যুদ্ধ আৰম্ভ হয়। এই ঘটনাপ্রবাহৰ মাজত দ্বিতীয় মহাসমৰৰ পাছত উত্থান হোৱা অতিশয় শক্তিশালী আমেৰিকান সাম্রাজ্যবাদো সোমাই পৰে। ১৯৫৯ চনত ভিয়েটনামৰ পিপ’লছ লিবাৰেছন আৰ্মড্ ফোৰ্ছ অব্ ছাউথ ভিয়েটনাম, যি ভিয়েটকং নামেৰে অধিক বিখ্যাত, নামৰ বাহিনীটোৱে দক্ষিণ ভিয়েটনামত অৱস্থান লোৱা আমেৰিকান বাহিনীৰ ওপৰত আক্ৰমণ চলায়। আৰম্ভ হয় ভয়াবহ যুদ্ধ। তাৰ পাছৰ কেইবছৰমান গোটেই পৃথিৱীৰ চকু থৰ হৈ ৰৈছিল ভিয়েটমান নামৰ ক্ষুদ্র দেশখনৰ সংগ্রামৰ ওপৰত, হো চি মিন নামৰ অক্লান্ত স্বাধীনতাপ্রেমী যোদ্ধাজনৰ ওপৰত। বিপুল-বিশাল সমৰাস্ত্রৰে সজ্জিত আমেৰিকান বাহিনীৰ বিৰুদ্ধে ভিয়েটনামীসকলে আৰম্ভ কৰে প্রতিৰোধৰ মহাসংগ্রাম। এই যুদ্ধত বহুত লোকে প্ৰাণ হেৰুৱায়। আমেৰিকাৰ নাপাম বোমাই জ্বলাই শেষ কৰা ভিয়েটনামত প্রকৃততে পুৰি ছাই হৈ গৈছিল মানৱতা। কিন্তু ইমান কৰিও শেষ ৰক্ষা নহ’ল সাম্রাজ্যবাদী আমেৰিকাৰ। ভিয়েটনাম এৰি পলাবলগীয়া হ’ল আমেৰিকাৰ সেনা।
ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হোৱাৰ পিছত, ক্ৰমানুসাৰে বহুত উত্থান-পতনৰ মাজেৰে আগুৱাই হো-ৱে বাস্তৱ কৰি তুলিলে স্বাধীন ভিয়েটনামৰ স্বপ্ন। শ শ লোকৰ বলিদান আৰু এজন তেজস্বী, অদমনীয় ব্যক্তিৰ আজীৱন সংগ্ৰামে সম্ভৱ কৰি তুলিলে এখন স্বাধীন ভিয়েটনামৰ ৰাষ্ট্র।
১৯৬৯ চনত ২ ছেপ্টেম্বৰত হো চি মিনৰ মৃত্যু হয়। সেই সময়ত তেখেতৰ বয়স আছিল ৭৯। হো-ৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনৰ কথা বৰকৈ জনা নাযায়। জেং ঝুমিং (Zeng Xueming) নামৰ এগৰাকী চীনা যুৱতীৰ সৈতে তেখেত ১৯২৬ চনত বিবাহপাশত আবদ্ধ হৈছিল। ১৯২৭ চনত হো-এ চীন ত্যাগ কৰাৰ পিছত তেওঁলোকৰ মাজত সম্পৰ্কত যতি পৰে। অনেক চেষ্টাৰ সত্ত্বেও তেওঁলোক পুনৰ লগ হোৱাত ব্যৰ্থ হ’ল।
নিজৰ জীৱনকালত হো চি মিনে বহুতো আলোচনী প্ৰকাশ কৰাত আগভাগ লৈছিল। ভিয়েটনামত হয়তো হো চি মিনতকৈ প্ৰিয় কোনো মহান নেতা নাই। মানৱ-ইতিহাসত অভাবনীয় সাহস, সুগভীৰ মানৱতা আৰু দেশপ্রেমৰ জীৱন্ত প্রতীক হিচাপে হো-ৰ নাম চিৰকাললৈ থাকি যাব। দেশৰ বাবে তেওঁ নিজৰ জীৱনৰ অতি কমেও আধা শতিকা উছৰ্গা কৰিছিল। সকলো প্ৰত্যাহ্বান নেওচি এখন স্বাধীন, শোষণমুক্ত, একত্ৰিত ভিয়েটনাম গঢ়িবলৈ তেওঁ কৰা মৰণপণ যুদ্ধ প্ৰতিজন সংগ্রামী মানুহৰ বাবে চিৰস্মৰণীয় উদাহৰণ হৈ থাকি যাব যুগ-যুগান্তৰলৈ। ভিয়েনামৰ ৰাজধানী চাইগন চহৰ এতিয়া হো চি মিন চিটি নামেৰে বিশ্বজুৰি জনাজাত।