এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা
সপ্তম অধ্যায়
নিষ্প্ৰাণ চেঁকুৰ
“দুবেলা দুমুঠি খোৱা-খৰচ
যোগাৰ কৰিবৰবাবে, মই নিতৌ টকা বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে।
সোণজনী মোৰ, মই বৰ কষ্টেৰে কটাবলগীয়া হৈছে, হতাশা আৰু বিৰক্তিয়ে মোক এনেদৰে কাবু কৰিছে যে, আত্মহননৰ চিন্তা পৰ্য্যন্ত মোৰ মনলৈ আহিছে”।
~১৯২৫ চনৰ ছাব্বিশ আগষ্টত এলবেৰ্টিনা এযোখাৰলৈ লিখা চিঠিৰ কিয়দংশ৷
১৯২৫ চনত মেক্সিকোৰ পৰা চিলিলৈ উভতি আহি এলবেৰ্টিনাৰ ভায়েক ৰুবেনে বন্ধু নেৰুডাক অতি দুখঃজনক অৱস্থাত দেখি মৰ্মাহত হৈছিল। “কুৰিটা প্ৰেমৰ কবিতা আৰু এটি হতাশাৰ গান”-ৰ অভূতপূৰ্ব সফলতাৰ পাছতো, ৰুবেনৰ মতে তেতিয়া “পাবলোৰ মনৰ অৱস্থা আছিল অস্থিৰ আৰু বিভ্ৰান্ত”৷
সেই সময়ছোৱাত এলবেৰ্টিনালৈ তেওঁ সঘনাই লিখা চিঠিবোৰৰ পৰাই তেওঁ যে গভীৰ উদ্বিগ্নতাত ভুগিছিল তাৰ উমান পোৱা গৈছিল। তেওঁৰ মানসিক অৱস্থা যে অতিকে শোচনীয় আছিল, সেয়া তেওঁ লিখা এখন চিঠিত বিশেষভাৱে প্ৰকটিত হোৱা দেখা গৈছিল, যিখন তেওঁ ১৯২৪ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে মাক-দেউতাকক দেখা কৰাৰ বাবে, আর্থিক অনাটন আৰু শাৰীৰিক দুৰৱস্থাৰ মাজত বৰ কষ্ট কৰি টেমুকোলৈ যোৱাৰ সময়ত লিখিছিল। চিঠিখনৰ শিৰোনাম আছিল, “একুৰা জুইৰ কাষত ৰাতি”৷
“এলবেৰ্টিনা, মোৰ মৰমী কণমানিজনী, কি ক’ম, মই বৰ তিক্ততাৰে দিনবোৰ নিয়াইছোঁ। স্নায়ৱিক বিবশতা আৰু আজেবাজে চিন্তাই মোক বেয়াকৈ জুৰুলা কৰিছে, আৰু ইয়াক মই অকলে সহিব নোৱাৰা হৈছোঁ৷ ৰাতি হ’লে নিদ্ৰাহীনতাই মোক হেঁচা মাৰি ধৰে, কষ্টকৰ ৰাতিবোৰ নাযায়, নুপুৱায়৷
আশাহত মই বিছনাত ছটফটাই থাকোঁ। যোৱাৰাতি মই দুখনকৈ দীঘলীয়া উপন্যাস পঢ়ি শেষ কৰোঁ। উজাগৰী নিশাবোৰ মই ইকাতি-সিকাতি কৰি প্ৰতিবন্ধী এজনৰ দৰে কটাওঁ…..এই প্ৰাণহীন শিলবোৰৰ মাজত মায়ে বাৰু মোক কিয় জনম দিছিল? আৰু মই ইমানেই অৱশ হৈ পৰিছোঁ যে মোৰ পক্ষে ছাণ্টিয়াগোলৈ উভতি যোৱা ৰে’লখন ধৰাটোৱে কঠিন হৈ পৰিছে……’।
ৰুবেনে লক্ষ্য কৰিছিল যে যি তিনিটা মূল কাৰকৰ বাবে পাবলোৰ এনে দুৰৱস্থা হৈছিল, সেইকেইটা আছিল : “ অৰ্থাভাৱ, প্ৰেম আৰু কবিতা”।
প্ৰেমৰ বেলিকা ক’বলৈ গ’লে, তেতিয়াও কঞ্চেপচিওনত পঢ়ি থকা এলবেৰ্টিনাৰ প্ৰতি নেৰুডা আছিল সাংঘাতিকভাৱে অনুৰক্ত। ১৯২৫ চনৰ মাৰ্চৰ গ্ৰীষ্মবন্ধৰ সময়ত নেৰুডাই তেওঁৰ ল’ৰালি কালৰ পঢ়া টেবিলৰ পৰা এলবেৰ্টিনালৈ বুলি আন এখন চিঠি লিখিছিল, যিখনত তেওঁ তাইক, “মোৰ কুৰূপা পুতুলীজনী” বুলি উল্লেখ কৰিছিল। তেওঁ লিখিছিল, “কোনে কি কয়, সেইবোৰলৈ মোৰ কোনো ভ্ৰূক্ষেপ নাই, কাৰণ, সেয়া অৰ্থহীন, মই মাথোঁ জানো যে মই তোমাক ভাল পাওঁ”।
সম্ভৱতঃ এলবেৰ্টিনাৰ মনত তেওঁক লৈ উদয় হোৱা সন্দেহ আঁতৰাবলৈ, তেওঁ এইদৰে লিখিবলগীয়া হৈছিল। কাৰণ, লোৰা আৰিকে ধৰি বিভিন্ন গাভৰুৰ সৈতে নেৰুডাই সংসৰ্গত লিপ্ত থকা বুলি অহুকাণে পহুকাণে আহি এলবেৰ্টিনাৰ কাণত পৰিছিল। সেয়ে নেৰুডাই উক্ত চিঠিখনত আৰু লিখিছিল, “তুমিতো জানাই, মই ধেমালি কৰি ভাল পাওঁ…..কিন্তু হে খুদমান পঁইতাচোৰাজনী, তুমি জানানে যে মোৰ এই হিয়াখন কেৱল তোমাৰ বাবে, ইয়াৰ তন্তুৱে তন্তুৱে, আনকি ইয়াৰ শিপালৈকে বিস্তৃত তুমি, সঁচাকৈ ক’বলৈ গ’লে সকলো তোমাৰ, গম পালানে এতিয়া”?
তেওঁ আৰু লিখিছিল, “ছাণ্টিয়াগোলৈ উভতি অহাৰ কথা ভাবিছানে? মই ভাবোঁ, তুমি এয়া ভবা উচিত। দেউতাৰাৰ তোমাৰ ওপৰত থকা ভৰসাৰ সুযোগ গ্ৰহণ কৰা। অধিক অধ্যয়নৰ বাবে ছাণ্টিয়াগোলৈ অহাৰ অনিবাৰ্যতাৰ কথা তেওঁক গুৰুত্বসহকাৰে বুজোৱা আৰু বুজাই-বঢ়াই সৈমান কৰি জয়ী হোৱা”। শেহত তেওঁ তাইৰ পৰা সদুত্তৰৰ আশা কৰি লিখিছিল, “প্রতিদিনে অহৰহ তোমাৰ উত্তৰৰ বাবে কিদৰে যে বাট চাই থাকোঁ, তুমি ভাবি চাইছানে, হে মোৰ প্ৰিয়তমা ঢেকুৰীজনী”৷
পিছে নেৰুডাৰ কথামতে দেউতাকক মিছাকৈ বুজোৱাৰ সাহস এলবেৰ্টিনাই গোটাব পৰা নাছিল আৰু ছাণ্টিয়াগোৰ বাহিৰত কিছু দূৰৈত অৱস্থিত কঞ্চেপচিয়ন বিশ্ববিদ্যালয়খন উন্নত মানৰ হ’লেও, নেৰুডায়ো তালৈ যোৱাৰ কোনো পৰিকল্পনা কৰা নাছিল।
ইপিনে, নেৰুডাৰ কথা-বতৰাবোৰ যেতিয়া এলবেৰ্টিনাৰ মনত অভিসন্ধিমূলক আৰু জোৰ-জৱৰদস্তিৰে ভৰা যেন লাগিবলৈ ধৰিছিল, তেতিয়াও কিন্তু নেৰুডাই অবিৰামভাৱে তাইলৈ অপমানজনক টিপ্পনীৰে ভৰা চিঠিবোৰ আলফুলীয়া মৰম সানি লিখি পঠিয়াবলৈ এৰা নাছিল। ইতিমধ্যে তেওঁ এলবেৰ্টিনাৰ অস্ত্ৰোপচাৰৰ পাছত ওৰে দিন বিছনাৰ কাষত থাকি তাইৰ প্ৰতি থকা গভীৰ আসক্তিৰ প্ৰমাণ দিছিল আৰু তাইক উদ্দেশ্য কৰি কেবাটাও উৎকৃষ্ট কবিতা লিখিছিল। তেওঁৰ আছিল এটি বিশিষ্ট মন, দেখনিয়াৰ চেহেৰা; আৰু অৱশ্যেই, চমকপ্ৰদ প্ৰতিভাৰ চমকেৰে চমকোৱা সাম্প্ৰতিক কালৰ তেওঁ আছিল এজন খ্যাতিমান তৰুণ কবি। যিয়েই নহওঁক, যি সময়ত নেৰুডাই এলবেৰ্টিনাক নোপোৱাৰ বেদনাৰে ভাৰাক্ৰান্ত আছিল, সেই একে সময়তে তেওঁ ছাণ্টিয়াগোত লোৰা আৰিৰ স’তে গভীৰ সম্পৰ্ক অব্যাহত ৰাখিছিল। স্কুলীয়া শিক্ষা সাং কৰি স্নাতক হোৱা লোৰাৰ স’তে নেৰুডাৰ সঘনাই দেখাসাক্ষাৎ হ’বলৈ ধৰিছিল। নেৰুডাৰ বন্ধুবৰ্গৰ মতে, মনোলোভা শাৰীৰিক গঠনেৰে অনুপম “সৰগীয়” সৌন্দৰ্য্যৰ অধিকাৰিণী আছিল তাই; ঔজ্জ্বল্যেৰে ভৰা তাই, বৃত্তিত শিক্ষয়িত্ৰী হিচাপে পাতনি মেলিব ওলাইছিল মাত্ৰ। আৰম্ভণিৰে পৰা নেৰুডা আৰু লোৰাৰ সম্পৰ্ক যৌন বাসনা চৰিতাৰ্থ কৰাৰ মাজতে আবদ্ধ আছিল যেন অনুমান হৈছিল। ১৯২৪ চনত তেওঁ ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখনৰ এটা কপি লোৰাক দি কৈছিল, “তুমি এইখন বিছনাৰ তুলীৰ তলত লুকুৱাই থ’বা, কেনেবাকৈ সিহঁতে পালে, ফালিছিৰি ইয়াৰ বিধান মাৰিব”৷
এইদৰে লোৰাৰ স’তে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ উপৰিও তেওঁ কঞ্চেপচিয়নত থকা এলবেৰ্টিনালৈও সঘনাই চিঠিপত্ৰ লিখি আছিল। ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখন প্ৰকাশ পোৱাৰ এবছৰ পাছত দেখা গৈছিল যে তেওঁ তাইলৈ লিখা চিঠিৰ শব্দবোৰৰ হুবহু প্রয়োগ নিজৰ কবিতাত ঘটাইছিল। উদাহৰণস্বৰূপে, সেই বছৰৰে এপ্ৰিল মাহত লিখা চিঠিখনত তেওঁ লিখিছিল, “মোৰ মৰমীজনী, তুমি কেৱল তুমিয়েই যদি জানিলাহেঁতেন, মোৰ নিচেই কাষতে তোমাক বলিয়াৰ দৰে পোৱা বাসনাৰ কথা…..মই তোমাক ৰাশি ৰাশি চুমাৰে ওপচাই চোবাই চোবাই খাই তোমাৰ অবৰ্তমানক মহীয়ান কৰিলোঁহেঁতেন”।
শিক্ষয়িত্ৰী হিচাপে লোৰাৰ নিযুক্তিৰ সময় আহিলত, তাই যাতে উপযুক্ত পদত চাকৰি পায় তাক নিশ্চিত কৰিবলৈ নেৰুডাই একান্ত অনুগত হিচাপে লোৰাৰ স’তে শিক্ষা মন্ত্ৰণালয়লৈ গৈ বিভাগীয় বিষয়াক লগ ধৰিছিল আৰু তাইৰ চাকৰি ছাণ্টিয়াগোৰ পৰা কুৰি মাইল দূৰৈত অৱস্থিত পেফিয়াফ্ল’ৰ নামেৰে সৰু চহৰ এখনৰ স্কুলত হৈছিল। পিছে, এই নতুন ঠাইখন, তুলনামূলকভাৱে কম দূৰত্বৰ হ’লেও, যাতায়তৰ অসুবিধাৰ বাবে নেৰুডাৰ পক্ষে তাইক ঘনেপতি লগ ধৰাটো অসুবিধাজনক হৈ পৰিছিল। তাইক লগ ধৰিবলৈ হ’লে ৰাতিপুৱাৰ আঠ বজাৰ ৰে’লত গৈ মালোকো ষ্টেছনত নামি তাৰ পৰা চাৰিটা পাৰ্চেৰণ ঘোঁৰাৰে টনা গাড়ীৰে যোৱাত বাহিৰে আন কোনো উপায় নাছিল। গতিকে, প্ৰায়ে নহ’লেও, মাজে মাজে হঠাৎ লোৰাক দেখা দি তেওঁ আচৰিত কৰিছিল। পেফিয়াফ্ল’ৰৰ অৰ্থ হ’ল, ফুলৰ জগত। সেউজীয়া ঘাঁহনি আৰু নিজৰাৰে ভৰপূৰ এই অঞ্চলটো, শতিকা পুৰণি গছ-লতিকাৰে সমৃদ্ধ বিৰাট বিৰাট পাৰ্ক আৰু নানাৰঙী ফুলেৰে জক্মকাই থাকে। এনেকৈয়ে তেওঁ, লোৰাক সংগ দিছিল আৰু উভতিবৰ পৰত প্ৰেমাস্পদৰ পৰা উপহাৰ হিচাবে পোৱা তজবজীয়া লাইলেক আৰু মধুমালতীৰ থোপা হাতত লৈ গধূলি পৰত ৰংমনে গুণগুণাই ছাণ্টিয়াগোৰ ভাড়াঘৰত সোমাইছিল৷
এইদৰে, প্ৰেম-পিৰীতিয়ে তুংগত আৰোহণ কৰাৰ পৰত, এমেলিয়া আৰু টেৰিজাক ভাল পোৱাৰ বেলিকা হোৱাৰ দৰে, বাধাৰ প্ৰাচীৰবোৰেও সমান ক্ষীপ্ৰতাৰে আহি তেওঁলোক দুয়ো প্ৰেমিক-প্ৰেমিকাৰ সম্মুখত থিয় দিছিল। লোৰাৰ মাক-দেউতাকে খৰ্গহস্ত হৈ ওঠৰ বছৰীয়া জীয়েকক বিখ্যাত বোহেমিয়ান সেই “ডন জুৱান”-জনৰ স’তে শুবলৈ বাৰণ কৰি তীব্ৰ সকীয়নি দিছিল। তেওঁলোকে, লোৰাই থাকিবলৈ লোৱা ঘৰৰ মালিকক, জীয়েকৰ গতিবিধিৰ ওপৰত সততে নজৰ ৰাখিবলৈ কৈছিল, যাতে প্ৰেমিকযুগল কোনোপধ্যেই লগালগি হ’ব নোৱাৰে।
খঙে-ৰাগে অতিষ্ঠ হৈ, নেৰুডাই লোৰাৰ সন্মতিসাপেক্ষে তাইক পলুৱাই অনাৰ অভিসন্ধি কৰিছিল। এই অভিযানৰ সহযোগী আছিল এদুৱাৰ্ডো বেৰিয়ছ্, যিজনে নেৰুডাৰ ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখন কাৰ্লছ্ নেছিমেণ্টোক ছপাবলৈ পতিয়ন নিয়াইছিল। অভিযান সফল কৰাৰ নিমিত্তে নেৰুডাই গাড়ী এখন ভাড়াত লৈছিল আৰু পৰিকল্পনামতে, তেওঁৰ সহযোগী বন্ধুৰ সৈতে দোভাগ ৰাতি, লোৰাই থকা ঘৰৰ নাতিদূৰৈত অৱস্থান গ্ৰহণ কৰি, গাড়ীখনৰ হে’ডলাইট্ জ্বলোৱা-নুমোৱা কৰি লোৰাক ওলাই আহিবলৈ সংকেত দিছিল। কিন্তু সাত-পাঁচ গুণি লোৰাই এনে নিন্দনীয় কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি, মূৰকত ঘৰৰ কৰা ওলাই নহাত, হতোদ্যম নেৰুডাই নিৰাশমনেৰে, ছাণ্টিয়াগোলৈ উভতি আহিবলগীয়া হৈছিল।
দুৰ্যোগপূৰ্ণ প্ৰেমৰ দৰেই নেৰুডাৰ আৰ্থিক অৱস্থা আছিল দৈন্যৰে ভৰা। ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখনৰ জনপ্ৰিয়তা সত্ত্বেও, বিক্ৰী-সংখ্যা তাকৰ হোৱা হেতুকে ইয়াৰ পৰা পোৱা ৰয়েলটিৰ পৰিমাণো আছিল নগণ্য। ইপিনে, দেউতাক যোছ দেল কাৰমেনে, পুতেকে পঢ়াশুনা চাঙত তুলি থৈ কবিতাত মনোযোগ দিয়া শুনি খঙত জ্বলি পকি প্ৰতি মাহে দি থকা টকাখিনিকো পঠিয়াবলৈ বাদ দিছিল। গতিকে নেৰুডাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল৷
উপায়হীন নেৰুডাই নেছিমেণ্টোক একান্ত অনুৰোধ কৰাত, নেছিমেণ্টোৱে তেওঁক মাননিৰ বিনিময়ত নোবেল পুৰস্কাৰপ্ৰাপ্ত ফ্ৰাঞ্চৰ বিখ্যাত সাহিত্যিক, এনাটোলি ফ্ৰেঞ্চৰ নিৰ্বাচিত ৰচনাবোৰৰ এখন সংকলন যুগুতোৱাৰ দায়িত্ব দিছিল। কিন্তু ইয়াৰ বাবে পোৱা মাননিয়ে তেওঁক সামান্য কিছু দিনৰ বাবেহে সকাহ দিছিল। তাৰ পাছত আকৌ সেই একে অৱস্থা। ক্লেৰিদাদ আৰু মূলসূঁতিৰ বাতৰি-কাকতবোৰত টুকটাককৈ কৰা লেখামেলাবোৰৰ বাবদ পোৱা টকাও আছিল যৎসামান্য। তাতে, শিক্ষা সম্পূৰ্ণ নকৰাত আৰু স্নাতক ডিগ্ৰীৰ আনুষ্ঠানিক চাৰ্টিফিকেট নথকাত, তেওঁ কোনো শিক্ষানুষ্ঠানত যে চাকৰিত সোমাব, তাৰো মুদা মৰিছিল। আনহাতে, তেওঁ অনানুষ্ঠানিকভাৱে শিক্ষকৰ বৃত্তিত ক’ৰবাত যোগ দিয়াৰ কথাও ভবা নাছিল। নিমন্ত্ৰিত আবৃত্তিকাৰ আৰু বক্তাস্বৰূপে অ’ত ত’ত কিছু মাননি পাইছিল যদিও, পেছাগতভাৱে পাৰিশ্ৰমিক লোৱাৰ বিনিময়ত এই দিশত নিজকে নিয়োজিত কৰাৰ কথাও চিন্তা কৰা নাছিল। তেওঁৰ ভনীয়েক লোৰাই নিজে উদ্যোগ লৈ মাহীমাকৰ পৰা মাজেসময়ে যৎকিঞ্চিৎ টকাপইচা সংগ্ৰহ কৰি পঠিয়াইছিল যদিও, অনিশ্চিত এনে ধনলৈ বাট চোৱাৰ সলনি তেওঁ আহাৰ আৰু পানীয়ৰ বাবে বোহেমিয়ান সংগীবৃন্দৰ ওপৰতে সম্পূৰ্ণকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ১৯২৫ চনৰ মাৰ্চ মাহৰ শেষৰ পিনে, ছাণ্টিয়াগোৰ পৰা টেমুকোৰ ঘৰলৈ অহাৰ সময়ত তেওঁৰ আনকি থাকিবলৈকো এটা ভাড়াঘৰ নাছিল।তেওঁ চিলি এৰি ক’ৰবালৈ যোৱাৰ কথা ভাবিছিল যদিও, ধনৰ অভাৱত সেয়া সম্ভৱ হোৱা নাছিল৷
যি কি নহওঁক, এনে সময়তে নেছিমেণ্টোৱে তেওঁক আন এখন কিতাপ সংকলনৰ দায়িত্ব দি, সেইমৰ্মে সামান্য পৰিমাণৰ আগধন আগ বঢ়াইছিল। টকাৰ পৰিমাণৰ ফালৰ পৰা এয়া ক্ষুদ্ৰ আছিল যদিও, নেছিমেণ্টোৰ এই পদক্ষেপে নেৰুডাৰ সৃজনশীলতাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰাত বিশেষ উৎসাহ যোগাইছিল।
আগতে উল্লেখ কৰাৰ দৰে, মেক্সিকোৰ পৰা উভতি আহি নেৰুডাক দেখি ৰুবেনৰ ভাব হৈছিল, “নেৰুডাৰ আত্মাটোৱে যেন নিজৰ কেন্দ্ৰ বিচাৰি পাকঘূৰণি খাই আছিল…….তেওঁ যি কোনো উপায়ে নৱজীৱন লাভ কৰাৰ বাবে উদ্বাউল হৈ পৰিছিল, আৰু বিভিন্ন দৃষ্টিকোণৰ পৰা জুকিয়াই চাই নিজৰ ওপৰত সম্পৰীক্ষা চলোৱাত ব্যস্ত আছিল”৷ এই যে আত্ম-অন্বেষণৰ বাসনা, আৰু নিজৰ ভিতৰত গুজৰি-গুমৰি থকা নতুন বিষয়বস্তু উদ্ঘাটনৰ তীব্ৰ আকাংক্ষা—ইয়াৰ বলতেই তেওঁ পৰীক্ষা-নিৰীক্ষা চলাই নতুন শৈলী উদ্ভাৱনৰ প্ৰতি সচেষ্ট হৈছিল আৰু সৃষ্টিশীলতাৰ ধাৰাটোক পুনৰুজ্জীৱিত কৰিবলৈ ধ্যানত মগ্ন হৈ পৰিছিল৷
চিৰাচৰিত নান্দনিকতাৰ ক্ষেত্ৰখনে বিভ্ৰান্তিৰ সৃষ্টি কৰিলেও, নেৰুডাই সম্পৰীক্ষাৰ মাজেৰে এক অনুদ্ঘাটিত পথৰ ব্ৰতী হৈ তেওঁৰ সৃষ্টিক আগুৱাই নিবলৈ পুনৰাই প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। অদ্বিতীয় শক্তিৰে মহীয়ান তেওঁৰ প্ৰেমৰ কবিতাবোৰৰ অভূতপূৰ্ব সফলতা সত্ত্বেও, সেইবোৰত বিৰাজমান গীতিময় বাস্তৱতা আৰু গতানুগতিক ধাৰাৰ পৰা সাৰ্বিকভাৱে ওলাই অহাৰ নিমিত্তে তেওঁ অধীৰ হৈ পৰিছিল আৰু ইয়াক অতিক্ৰম কৰাৰ দৃঢ় পণ লৈছিল। বাস্তৱবাদৰ ওপৰত মোহভংগ ঘটা নেৰুডাই এতিয়া পৰিকল্পিতভাৱে, “কবিতাক বিষয়মুখীনতাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত কৰি ক’বলগীয়াখিনি যিমান দূৰ সম্ভৱ গুৰুগম্ভীৰ ধাৰাৰে উপস্থাপন কৰিবলৈ বদ্ধপৰিকৰ হৈছিল”। ইয়াৰ ফলত, তেওঁ পৰীক্ষামূলকভাৱে হ’লেও অপ্ৰচলিত এক অনন্য ধাৰাৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল। এই শৈলীৰ কবিতাত নাথাকে ছন্দ, নাথাকে অন্ত্যমিল; আনকি নাথাকে যতিচিহ্ন আৰু ডাঙৰ ফলাৰ আখৰ পৰ্যন্ত। এয়া তেওঁ কৰিব বিচাৰিছিল যাতে ইয়াৰ দ্বাৰা অৱচেতন মনত উদ্ভুত নগ্ন চিত্ৰবোৰৰ প্ৰতিলিপি পৰিমাৰ্জিত ৰূপত চিত্ৰিত কৰিব পৰা যায়। উল্লিখিত এনে মুক্তক ছন্দকৰ আধাৰত ৰচিত বিষয়বস্তুৰে নেৰুডাই তেওঁৰ “অসীম মানুহৰ অকুতোভয় উদ্যোগ”, নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। বিশেষ শৈলী প্রয়োগ কৰিবলৈ গৈ আনকি তেওঁ কিতাপখনৰ মূল নামটোও সৰু হৰফত লিখিছিল। কিতাপখন প্ৰকাশিত হোৱাৰ পঁচিছ বছৰ পাছত এই কিতাপখনৰ বিষয়ে সোধাত তেওঁ কৈছিল, “সেইখন মোৰ কবিতাপুথিবোৰৰ ভিতৰত অন্যতম এখন লেখত ল’বলগীয়া কিতাপ”। “অসীম মানুহৰ অকুতোভয় উদ্যোগ”-ত, নিয়ন্ত্ৰণহীনভাৱে, লিখাৰ কৌশলে তেওঁক পূৰ্বৰ কবিতাবোৰত অনুসৰণ কৰা বাস্তৱবাদৰ পৰা কৃতকাৰ্যতাৰে আন এক ধাৰাৰ পিনে আগুৱান হ’বলৈ উদ্গনি দিছিল। কোনো কোনোৱে তেওঁৰ এই অভিনৱ কিটিপক, সমসাময়িক কালত পেৰিছত উদ্ভাৱিত অধিবাস্তৱবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত বুলি ক’ব বিচাৰিলেও, “অধিবাস্তৱবাদী ইস্তাহাৰ”-ৰ ৰচক, স্বয়ং আন্দ্ৰে ব্ৰেটনৰ মতে, সেয়া সঁচা নহয়। তেওঁৰ মতে, নেৰুডাৰ এই কলা-কৌশল তেওঁৰ সম্পূৰ্ণ নিজৰ।
“বিস্মৰণশীল মনৰ পৰা উদ্ভুত সৃজনীশক্তিৰ, মূলতঃ কলাৰ মাজেৰে আত্মপ্ৰকাশ ঘটে”, এয়াই হ’ল অধিবাস্তৱবাদৰ মূল কথা। ব্ৰেটনে ইস্তাহাৰত দাঙি ধৰা অভিমত অনুসৰি, “পূৰ্বতে অৱহেলিত ৰূপত এৰি থৈ অহা বুলি ভবা কিছুমান সৰ্বোৎকৃষ্ট শৈলীৰ বাস্তৱতাক স্বীকাৰ কৰি লোৱাৰ মাজতেই এই বিশ্বাসৰ উৎপত্তি”। “সপোনৰ সৰ্বক্ষমতা” আৰু “ভাবৰ অবাধ বিচৰণ” হ’ল ইয়াৰ চাবিকাঠি৷
তথাপি, ৰেনি দা কোস্তাই গুৰুত্বসহকাৰে কৈছিল, যেতিয়া ব্ৰেটন আৰু অন্যান্য অধিবাস্তৱবাদীসকলে, অৱচেতন মনৰ কণ্ঠক বিধৃত কৰিব বিচাৰিছিল, নেৰুডাই তেতিয়া কেৱল ইয়াৰ শৈলীটোকহে অনুকৰণ কৰাৰ চেষ্টা কৰিছিল। এই উদ্দেশ্যক সাৰোগত কৰিয়েই তেওঁ তেওঁৰ ভাৱনাক কিতাপখনৰ শেষলৈকে, অধিবাস্তৱবাদীসকলৰ দৰে, স্বতঃস্ফূৰ্ততাৰ ওচৰত এৰি দিয়া নাছিল। পৰৱৰ্তে তেওঁৰ অৱচেতন মনৰ “বিক্ষিপ্ত অভিব্যক্তিবোৰক” চেতন মনেৰে নিৰীক্ষণ পৰীক্ষণৰ মাজেৰে চালি-জাৰি চাই, গঠন পুনৰ্গঠন প্ৰক্ৰিয়াৰ অন্তত, পুনৰাবৃত্ত বিষয়বস্তুবোৰত স্বচ্ছতা প্ৰদান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷
অধিবাস্তৱবাদীসকলৰ পৰা এইযে, এক জোখমাখ দূৰত্ব বৰ্তাই ৰখা, ইয়াৰ ফলত তেওঁৰ কবিতাবোৰ গভীৰ অৱচেতন মনৰ অবোধগম্যতাত উটিভাঁহি ফুৰাৰ বিপৰীতে সঞ্জীৱনী সুধাৰে জীৱন লাভ কৰি যুগমীয়া হ’ব পাৰিছিল৷ সেয়েহে, “অসীম মানুহৰ অকুতোভয় উদ্যোগ”-ত সপোনৰ দৃশ্যৰ মাজেদি যাত্ৰা কৰা নিশাচৰী এজন বিষাদগ্ৰস্ত কবিৰ নিজকে আবিষ্কাৰ কৰি নিৰ্মল আত্মজ্ঞানৰ পৰ্যায়লৈ যোৱাৰ আকূতিক সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ৰাতিটোৰ সৈতে ঐক্য আৰু অনৈক্যৰ সূত্ৰৰে গোঁঠা কবিয়ে সময় আৰু ব্যাপ্তিৰ মাজেৰে গতি কৰিছে আৰু আমিও তেওঁৰ যাত্ৰা-সংগী হৈ পৰিছোঁ। এইদৰে অসামান্য দক্ষতাৰে, পোন্ধৰটা সৰ্গেৰে ৰচিত চৌচল্লিশ পৃষ্ঠাৰ গীতিধৰ্মী কবিতাটোৱেই বিৰোধপূৰ্ণ অথচ সুবিন্যস্ত সামঞ্জস্যেৰে গতি কৰি, বাক্যৰ মাজে মাজে মুদ্ৰণ নকৰাকৈ একো একোডোখৰ খালী ঠাই ৰাখি আমাক এক মায়াময় অনুভৱৰ পৰশেৰে উদ্বেলিত কৰে৷
কবিতাটোত চিত্ৰিত অসীম মানুহজন এক পৰম ঐক্যৰ অনুসন্ধানত ব্ৰতী—তেওঁ থিয় হ’ব বিচাৰিছে এক নতুন বাস্তৱতাত, এক পুনঃপ্ৰতিষ্ঠিত আত্মোপলব্ধিৰ জগতত—যাক নেৰুডাৰ আত্ম-অন্বেষণ আৰু আত্ম- অভিব্যক্তিৰ প্ৰতিফলন বুলি ক’ব পাৰি। দৰাচলতে, “কিতাপখনৰ এটি খণ্ড যিদৰে অনুসন্ধানত ব্ৰতী, তেনেদৰে আনটো খণ্ড অন্তৰ্দৃষ্টিৰ আলোকেৰে সমৃদ্ধ”৷ আৰু আমোদজনকভাৱে, সৃজনশীল প্ৰক্ৰিয়াৰে এই ৰচনাখন আগুৱাই নিয়াৰ ক্ষেত্ৰত পোনতে বিভিন্ন বিক্ষিপ্ত চিন্তাধাৰা আৰু অচেতন বচনভংগীক সমল হিচাবে লোৱা হৈছিল। এই কবিতাটো লিখিবলৈ আৰম্ভ কৰাৰ সময়ত নেৰুডা আছিল কুৰি বছৰীয়া; আৰু কিতাপখনৰ পাতনিতে আমি জানিবলৈ পাওঁ যে, কবিতাটোৰ বিষয়বস্তুৰ নায়কজনো “কুৰি বছৰীয়া”৷ “অকুতোভয় উদ্যোগ”-খন লিখিবলৈ আয়োজন কৰা “হতাশগ্ৰস্ত আত্মাৰ অধিকাৰী” এই তৰুণজনকে ৰুবেনে লগ পাইছিল, এনে এটি অৱস্থাত যেতিয়া “তেওঁৰ আত্মাটোৱে, নিজৰ কেন্দ্ৰ বিচাৰি নিজতেই পাকঘূৰণি খাই আছিল”৷
কিতাপখনৰ প্ৰথম সৰ্গৰ পাতনিতে, নেৰুডাই চিনেমাৰ ফুলাম পৰ্দাত দেখুওৱাৰ দৰে শূন্য ৰাতিৰ নিৰ্জনতাক অতি সুন্দৰকৈ চিত্ৰিত কৰিছে, যাৰ মাজেৰে এজন লোকে যাত্ৰা আৰম্ভ কৰিব, আৰু অতি কম সময়ৰ ভিতৰতে, সেই মানুহজনে, হাতত আয়নাখন লোৱা এলিছৰ দৰে, বলকিবলৈ আৰম্ভ কৰিব, “আয়নাৰ দৰে মোৰ হিয়াখনে মোৰ মাজেৰেই যাত্ৰা কৰিব”। এতিয়া তেওঁ ৰাতিৰ বুকুৰে ভ্ৰমণ কৰাৰ বাবে বলীয়ান হৈ উঠিছে, আৰু ৰাতিটোৰ বিৰুদ্ধে যুঁজি জয়লাভ কৰি পৰম ঐক্য সাধনৰ বাবে নিজকে প্ৰস্তুত কৰিছে। কিন্তু, কিতাপখনৰ মাজভাগৰ চূড়ান্ত পৰ্যায়ত উপনীত হ’লত, এগৰাকী নাৰীৰ দৰে মূৰ্তিমন্ত ৰাতিটোৰ মোহিনী ৰূপত বিভোল হৈ দৈহিক সম্ভোগত লিপ্ত হোৱাত, তেওঁ ৰাতিটোৰ স’তে একাত্ম হৈ পৰে :
জৰী পকোৱা দি পকাই তুমি
ক্ৰমশঃ মোৰ হৈ পৰিছা
আৰু ৰাতিৰ আন্ধাৰ নিৰ্জনতাত
তোমাৰ হাঁহিটো চাট কৰে উফৰি
গৈ মোৰ খিড়িকীৰে বগোৱা
আঙুৰলতাৰ গাত খুন্দিয়ায়—
ওপৰৰ পৰা উৰি অহা বতাহ
এছাটিয়ে তোমাক দেখি
ভোকত কলমলাই এছাৰিৰে
কোবোৱা দি কোবায়
ৰাতিটোৰ স’তে হোৱা পৰম আনন্দদায়ক অপূৰ্ব মিলনৰ পাছত, আমি আৰু তেওঁক বিষাদগ্ৰস্ততাত ভোগা দেখা নাই।পৰম সন্তুষ্টিৰে তেওঁ এতিয়া চকু মেলি জাগ্ৰত হৈছে:
আহ্ মই নিজকে আচৰিত কৰি
টানকৈ বন্ধা ৰছীৰ ওপৰেৰে
খোজ কঢ়া কোনো প্ৰেমত পৰা
মতলীয়া ডেকাৰ দৰে অথবা
প্ৰথম প্ৰথম পানীত নমা
মাছমৰীয়াৰ দৰে অতিশয়
উত্তেজিত হৈ উৰ্ধবাহু নৃত্য কৰি
গান গাবলৈ লওঁ।
এতিয়া তেওঁ কবি হোৱাৰ জোখাৰে সমৰ্থবান হৈছে, আৰু অন্তৰাত্মাক বুজিবলৈ গভীৰভাৱে ধ্যানত মগন হ’বলৈ শিকিছে৷
সৌ এদঁতীয়া ঠাইখিনিত
অনিশ্চয়তাৰে বহি লৈ
আকাশখনক মুকলি কৰি
আকাশখনক নিৰীক্ষণ কৰি
মই ভাবি থাকোঁ
পানী আৰু কাগজেৰে গোঁঠা
আকাশখনৰ কথা
আৰু মই ঠাইখিনি এৰি
নাযাবলৈ সংকল্পবদ্ধ হৈ
নিজৰ সৈতে গুণগুণাই
কথা পাতিবলৈ লৈছিলোঁ।
নেৰুডাই যে প্ৰতিজ্ঞাবদ্ধ হৈ গভীৰ অন্তৰ্বীক্ষণত নিমগ্ন আছিল, সেয়া ৰুবেনৰ বৰ্ণনাৰ লগত মিলি যোৱা দেখা যায়। এই যে আত্ম-উদ্ঘাটন আৰু নতুন দৃষ্টিভংগী প্ৰণয়নৰ বাবে তেওঁৰ অবিৰাম প্ৰচেষ্টা, যাক মূলধন কৰি নেৰুডাই তেওঁৰ সৃষ্টিশীল প্ৰক্ৰিয়া তথা শৈলীৰ ওপৰত সম্পৰীক্ষা চলাই “অকুতোভয় উদ্যোগ”-ৰ কাহিনীৰে সমৃদ্ধ কবিতা ৰচিছিল, সেয়া তেওঁ তেওঁৰ মননশীল চিন্তাৰ বাবেই সম্ভৱপৰ হৈছিল।
অন্তিম সৰ্গ ৰচনা কৰাৰ জৰিয়তে তেওঁ তেওঁৰ আকাংক্ষিত লক্ষ্যত উপনীত হৈছিল যদিও কিতাপখনে, তেওঁক ব্যক্তিগতভাৱে সততে খুন্দিয়াই থকা ত্রিমুখী অশান্তিৰ (প্ৰেম, টকা-পইচা, আৰু কবিতা) কোনো তৎকালীন সমাধান দিব পৰা নাছিল। নতুন কিতাপখনে মুষ্টিমেয় কিছু পুৰোধা ব্যক্তিৰ সঁহাৰি পালেও, তেওঁ আশা কৰাধৰণে, সমালোচক আৰু গৰিষ্ঠ সংখ্যক পাঠকৰ সমাদৰ লভিবলৈ ব্যৰ্থ হৈছিল। কিতাপখন ৰচনা কৰাৰ পঁচিশ বছৰ পাছত, ১৯৫০ চনত এই কথা সুঁৱৰি নেৰুডাই কৈছিল : “মোৰ সকলো ৰচনাৰ ভিতৰত, এইখনেই একমাত্ৰ কিতাপ, যিখনক খুব কম লোকেই পঢ়িছে অথবা অধ্যয়ন কৰিছে”৷ মুখ্যতঃ গধুৰ সম্পৰীক্ষাৰে লিখা এই কিতাপখন অতি ব্যতিক্ৰমধৰ্মী আৰু সাৰগৰ্ভপূৰ্ণ হোৱা হেতুকে পাঠক, সমালোচক আৰু প্ৰকাশকসকলে (আৰু অনুবাদকসকলে) আওকাণ কৰাই নহয়, ইয়াৰ অগতানুগতিক চৰিত্ৰ দেখি আঁতৰি ফুৰিছিল। পিছে, কিতাপখনৰ এনে নিষ্প্ৰাণ সঁহাৰিৰ বিপৰীতে, তেওঁৰ পৰৱৰ্তী কিতাপ “মৰতৰ আবাস”-খনে সৰ্বস্তৰৰ পাঠকৰ পৰা লভা অভূতপূৰ্ব সমাদৰে তেনে আওকাণক অতি দ্ৰুততাৰে নিষ্প্ৰভ কৰিছিল (অথচ, এয়া সকলোৰে অৱগত যে, “মৰতৰ আবাস”-খন “অকুতোভয় উদ্যোগ”-ৰ সম্প্ৰসাৰিত সম্পৰীক্ষাৰেই অৰ্থকৰী ফচল)৷
যিয়েই নহওক, “অকুতোভয় উদ্যোগ”-ৰ ক্ষেত্ৰত বিবুধিত পেলোৱা দুটি মূলসূঁতিৰ পৰ্যালোচনা ইয়াত উল্লেখ কৰাটো সমীচীন হ’ব। সমালোচক ৰাউল চিলভা কেষ্ট্ৰ’ৰ মতে, “গ্ৰন্থকাৰৰ অন্যান্য কিতাপত থকাৰ দৰে, এই কিতাপখনত তেজমঙহৰ সন্ধান পাবলৈ নাই”৷ আনহাতে, সমালোচক এলোন, যিজনে “কুৰিটা প্ৰেমৰ কবিতা”-ৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাছিল, তেওঁৰ মতে, এইখন, “উদ্ভট আৰু অযুক্তিকৰ বাটেৰে বাট বোলা” এখন কিতাপ৷
এইদৰে, কিতাপখনৰ প্ৰতি প্ৰদৰ্শন কৰা নঞৰ্থক মনোভাৱে নেৰুডাক হতাশ নকৰা নহয়। তৎসত্ত্বেও ক’বই লাগিব যে, কবি হিচাবে নিজৰ উত্তৰণ আৰু প্ৰতিষ্ঠাৰ বেলিকা এই কিতাপখনৰ বৰঙনি আছিল সৰ্বাধিক। তেওঁ অতি কৃতকাৰ্যতাৰে আওপুৰণি গতানুগতিকতাৰ চক্ৰবেহু ভাঙি ওলাই আহি নিজকে পোনতে চিন্তাপুষ্ট কৰি স্বাধীন প্ৰকাশভংগীৰ নতুন বাট উলিয়াই লৈ, প্ৰয়োজনত ভাষাৰ ধ্বনিয়ে মন আৰু মগজুত সৃষ্টি কৰা তৰংগৰ গৱেষণালদ্ধ সমলবোৰক ভিত্তি কৰি উপযোগী ধাৰাৰ সৃষ্টি কৰিছিল। কিতাপখন বুজাত কষ্টসাধ্য হ’লেও, ইয়াক সম্পূৰ্ণৰূপে বিক্ষিপ্ত চিন্তাধাৰাৰ ফচল বুলি থাওকতে ফুঁ মাৰি উৰাই দিব নোৱাৰি। দৰাচলতে এই কিতাপখন বিষয়ভিত্তিক উদ্দেশ্যেৰে পৰিচালিত কাব্যিক উচ্ছলতাৰ উৎকৃষ্ট নিদৰ্শন। ইয়াৰ পাছত ৰচিত “মৰতৰ আবাস” নামৰ পুথিখনৰ প্ৰথম কবিতাবোৰত অধিবাস্তৱবাদৰ ছাঁ পৰিলেও, অভিব্যক্তিপূৰ্ণ প্ৰতীক আৰু চিত্ৰকল্পেৰে সমৃদ্ধ সেইবোৰত তেওঁ, অনন্য কাব্যিক কৌশল প্ৰয়োগ কৰা দেখা যায়। “অকুতোভয় উদ্যোগ”-ত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা প্ৰকাশশৈলীৰ এয়া আছিল গুৰুত্বপূৰ্ণ অৱদান : তেওঁ নতুন শৈলী উদ্ভাৱনৰ নিমিত্তে যাত্ৰা কৰিছিল, আৰু তাকে কৰিবলৈ যাওঁতে, প্ৰয়োজনীয় কাব্যিক বুনিয়াদ ৰচনা কৰিছিল, যিয়ে তেওঁৰ শক্তিশালী গীতিধৰ্মী “কুৰিটা প্ৰেমৰ কবিতা” আৰু নজিৰবিহীন তথা সাংঘাটিকভাৱে অনুনাদী আৰু প্ৰভাৱক্ষম “মৰতৰ আবাস”-ৰ মাজত সেতুৰ দৰে যোগসূত্ৰ স্থাপন কৰিছিল। নেৰুডাই সেয়েহে, এই ৰচনাখনক তেওঁৰ কাব্যিক উত্তৰণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা থকা বুলি স্বীকাৰ কৰিছিল : “মই সদায় ‘অসীম মানুহৰ অকুতোভয় উদ্যোগ’-খনক মোৰ কবিতাৰ কেন্দ্ৰবিন্দু বুলি ভাবোঁ” পঞ্চাছ বছৰ বয়সত ভৰি থৈ তেওঁ কৈছিল, “কাৰণ সৌ তাহানিৰ বছৰবোৰত, সেই কবিতাবোৰ ৰচনা কৰিবলৈ গৈ, মোৰ মনত কাহানিও উদয় নোহোৱা চেতনাৰ অভ্যুদয় ঘটিছিল, আৰু মোৰ অভিব্যক্তিৰ স্বচ্ছতা আৰু ৰহস্যবোৰক যদি নিৰূপণ কৰিব খোজা হয়, তেতিয়া হ’লে, নিশ্চিতভাৱে অসাধাৰণ, এই ব্যক্তিগত ক্ষুদ্ৰ কিতাপখনলৈ মই আঙুলিয়াম…….কিতাপখন ক্ষুদ্ৰ যদিও আৰু মোৰ বেছিভাগ ৰচনাতকৈ ন্যূনতম অভিব্যক্তিৰে পূৰ্ণ হ’লেও, মই অনুসৰণ কৰা পথৰ মজবুত দাবীদাৰ একমাত্ৰ এই কিতাপখনেই।
ৰুবেন এযোখাৰৰ স’তে গঢ়ি উঠা সম্পৰ্কৰ পৰা বুজা যায় যে নেৰুডাৰ জীৱনত বন্ধুত্বৰ এক বিশেষ ভূমিকা আছিল। ৰুবেনে শিক্ষক হিচাপে বিশেষ বুদ্ধিমত্তাৰ গৰাকী হোৱাৰ উপৰিও অধ্যৱসায়ী আৰু প্ৰবল অনুভূতিসম্পন্ন আছিল বাবে বন্ধুবৰ্গই তেওঁক অধ্যাপকৰত্ন “professor de professors” উপাধি দিছিল। ছাত্ৰসমাজত তেওঁ জনপ্ৰিয় আছিল যদিও, তেওঁ বোহেমিয়ান জীৱন-প্ৰণালীৰ বদ-অভ্যাসবোৰৰ পৰা দূৰত্ব বজাই ৰাখি চলিছিল। তেওঁৰ ভ্ৰূযুগল ইমানেই লোমশ আৰু দেখনিয়াৰ আছিল যে বন্ধুসকলে ইয়াক “তৰু-ভ্ৰূ” (Tree Brows) আখ্যা দিছিল। খোলা অন্তৰৰ আৰু সৰ্বদাই আনন্দ-চিত্তৰ ৰুবেন, নেৰুডাৰ বাবে আছিল অতি নিৰ্ভৰযোগ্য। ৰুবেনৰ ভনীয়েকৰ সৈতে প্ৰথম পৰিচয় হোৱাৰ আগতেই এই ব্যক্তিগৰাকী নেৰুডাৰ ঘনিষ্ঠতম বন্ধুসকলৰ অন্যতম হৈ পৰিছিল।
মেক্সিকোৰ পৰা শিক্ষা লাভ কৰি অহাৰ অন্তত ৰুবেনে, দক্ষিণ চিলিৰ উপকূলৰ পৰা সামান্য দূৰৈত অৱস্থিত, চিলো নামৰ এটি মনোমোহা সেউজী দ্বীপৰ অন্তৰ্গত এংকাদ চহৰত চাকৰি পাইছিল। সততে উদাৰচিতীয়া ৰুবেনে, নতুন চাকৰিত সোমাৱাৰ কেইমাহমান পাছত ছাণ্টিয়াগোলৈ আহি নেৰুডাক চিলোলৈ আহিবলৈ টানি অনুৰোধ কৰিছিল। তেওঁ আশা কৰিছিল যে চিলো দ্বীপৰ সতেজ বাতাৱৰণে তেওঁৰ বন্ধুক ছাণ্টিয়াগোৰ একঘেঁয়েমি জীৱনযাত্ৰা আৰু উৎকণ্ঠাৰ পৰা মুক্তি দিব। তেওঁ আনকি, শিক্ষকতাৰ বৃত্তিৰ পৰা অৰ্জা ধনৰ কিছু অংশ, এই ক্ষেত্ৰত সহায় হিচাপে আগ বঢ়োৱাৰ কথাও নেৰুডাক ব্যক্ত কৰিছিল। নেৰুডাই সাগ্ৰহে তেওঁৰ নিমন্ত্ৰণ গ্ৰহণ কৰি সেই লহপহীয়া ঘাঁহে-বনে উজ্জীৱিত তৃণশ্যামল দ্বীপলৈ বুলি ৰুবেনৰ সৈতে যাত্ৰা কৰিছিল।
দুয়ো বন্ধুৱে কঞ্চেপচিয়নলৈ বুলি ৰে’লত উঠিছিল আৰু কেইটামান দিন পাছতে তাত গৈ উপস্থিত হৈছিল। অকলশৰে থকা এলবেৰ্টিনাক নেৰুডাই লগ পাইছিল, কিন্তু নেৰুডাই জোৰকৈ লগ ধৰা সত্ত্বেও এলবেৰ্টিনাই চিলো অথবা অইন কোনো ঠাইলৈ যাবলৈ অমান্তি হৈছিল। দেউতাক ঘৰত থকা বাবে তেওঁ যে তেনে সিদ্ধান্ত লৈছিল, সেয়া নহয়। আচলতে, ডিগ্ৰী লোৱাৰ প্ৰতি তেওঁৰ আছিল দৃঢ় পণ। তেওঁ পঢ়াশুনা বাদ দি চিলো দ্বীপলৈ গৈ নেৰুডাৰ সৈতে থাকিবলৈ অসন্মতি প্ৰকাশ কৰিছিল, তাতে বিশেষকৈ দুয়োৰো নাছিল কোনো সংস্থান। এলবেৰ্টিনাক মুখামুখিকৈ বহি বুজোৱা সত্ত্বেও, কোনোপাধ্যে সৈমান কৰিব নোৱাৰি, ভয়ানকভাৱে ক্ষুব্ধ নেৰুডাই তিক্তবিৰক্ত হৈ চিলো ভ্ৰমণৰ আশা পৰিত্যাগ কৰি টেমুকো অভিমুখে বাট পোনাইছিল। যাত্ৰাসংগী হৈছিল ৰুবেন৷
আহিবৰ পৰত তেওঁৰ মনত পৰিছিল, কঞ্চেপচিয়নৰ নাতিদূৰৈত অৱস্থিত বন্দৰনগৰী টেলকাহুনোলৈ, য’ত তেওঁৰ দেউতাক যোছ ডেল কাৰমেনে কাম কৰিছিল আৰু অৰেলিয়াৰ স’তে
গোপন প্ৰেমত আবদ্ধ হোৱাৰ সূত্ৰে সতীয়া ভনী লোৰাক জন্ম দিছিল। তেওঁৰ আকৌ মনত পৰিছিল, বহু বছৰ আগৰ ল’ৰালিৰ সেই দিনটোৰ কথা, যিদিনা এই একেখন ৰে’লেৰে দেউতাকৰ সৈতে টেমুকোলৈ ওভতাৰ পৰত লগত আছিল কণমানি লোৰা, যাক প্ৰেমিকাৰ বুকুৰ পৰা দেউতাকে লৈ আনিছিল।
তেতিয়া আছিল শীতকাল। নেৰানেপেৰা ধাৰাসাৰ বৰষুণে, দক্ষিণ চিলিক ঢৌৱাই থকাৰ প্ৰতিটি মুহূৰ্তই, নেৰুডাক টেমুকোৰ ল’ৰালি কাললৈ মনত পেলাই আছিল। এতিয়া তেওঁ একুইশ বছৰীয়া। ক্ষন্তেক পাছতে তেওঁ তাহানি শৈশৱ কালত হোৱাৰ দৰে দেউতাকৰ তুমুল তৰ্জন গৰ্জনৰ সম্মুখীন হ’ব। নেৰুডাই নিজকে তাৰ বাবে সাজু কৰিছিল৷ ভবামতে, নেৰুডাই তেওঁলোকৰ পুৰণি ঘৰটোত ভৰি থৈছেনে নাই, এনেতে টিঙিৰিতুলা হৈ যোছ ডেল কাৰমেনে উচ্চস্বৰে বকবকাই গালি পাৰি পুতেকৰ পৰা জানিব বিচাৰিছিল, পঢ়াশুনা বন্ধ কৰাৰ কাৰণ কি? আৰু জানিব বিচাৰিছিল কিয়ইবা পুতেকে মধ্যবিত্তীয় এটা সুচল জীৱন গঢ়াৰ বাবে চেষ্টা নকৰি, অবাবতে কেৱল কবিতাৰ পাছে পাছে দৌৰি আছে। তেওঁ আৰু কৈছিল, কবিতাৰ বাবে ধন খৰচ কৰাৰ প্ৰতি তেওঁ অকণো আগ্ৰহী নহয় আৰু পুতেকে যদি একান্তই এজন লেখক হ’ব বিচাৰে, তেনেহ’লে নিজৰ ভৰিত থিয় দিয়াৰ প্ৰমাণ নিজেই দাঙি ধৰিব লাগিব।
কিছুদিন টেমুকোত কটোৱাৰ পাছত, আৰু ইতিমধ্যে ৰুবেনে নতুন স্কুলত পাঠদান কৰাৰ বাবে চিলোলৈ ওভতাত, নেৰুডায়ো ছাণ্টিয়াগোলৈ উভতি আহিছিল। ইপিনে এলবেৰ্টিনাৰ প্ৰতি আকৰ্ষণত মতলীয়া নেৰুডাই চিলোলৈ যোৱাৰ পৰিকল্পনাও সমূলি পৰিহাৰ কৰা নাছিল; যথাৰ্থতে, তেওঁ ৰাজধানীৰ পৰা এলবেৰ্টিনালৈ পত্ৰযোগে এই বুলি জনাইছিল যে, তেওঁ এংকাদৰ তৰাভৰা আকাশৰ তলত প্ৰথম নিশাটো একেলগে শুম বুলি বৰ হেঁপাহ কৰিছিল আৰু সেয়া হ’বলৈ নিদিয়া বাবে এলবেৰ্টিনাক তিৰস্কাৰ কৰিছিল। কোনো চিঠি নিলিখা বাবেও তেওঁ তাইক দোষাৰোপ কৰিছিল (একে সময়তে, স্বভাৱগতভাৱে নেৰুডাই, লোৰা আৰিৰ স’তে সম্পৰ্ককো পুনৰিজ্জীৱিত কৰাৰ বেলিকা চেষ্টাৰ অকণো ত্ৰুটি কৰা নাছিল)। তেওঁ পুনৰাই লিখিছিল: “মোক সুখী কৰাৰ বাবে তেতিয়া এটা শব্দ বা এধানি হাঁহিৰ বৰ প্ৰয়োজন আছিল / সুখী এই অৰ্থত যে তুমি নিশ্চিতকৈ মোৰ কাষতে থকা বুলি অনুভৱ যোগোৱা” (এই কথাখিনিকে তেওঁ দুবছৰ পাছত Poem XVত মূৰ্ত কৰিছিল)। তাৰ পাছত তেওঁ আন এখন পত্ৰৰ সামৰণি মাৰিছিল এইদৰে, “হে, কণমানি পোৱালীজনী, তোমাৰ এটি নিৰীহ শব্দৰ বাবে বাট চাই চাই, মই মোৰ নিৰ্বোধ যাত্ৰা স্থগিত ৰাখিলোঁ”।
ইয়াৰ পাছতো এলবেৰ্টিনাক নিৰুত্তৰ হৈ থকা দেখি, নভেম্বৰৰ শেষৰ ফালে তেওঁ দক্ষিণমুখী হৈছিল আৰু টেমুকোত কেইদিনমানৰ বিৰতি লৈ অছৰ্ণোলৈ যাত্ৰা কৰিছিল। অছৰ্ণোত উপস্থিত হৈ তেওঁ সাধাৰণতে আশা কৰাৰ দৰে মিনাৰ-সদৃশ উদ্গীৰিত আগ্নেয়গিৰি দেখাৰ বিপৰীতে, ইয়াক ধাৰাসাৰ বৰষুণে ঢাকি ধৰা দেখিছিল। তেওঁৰ এনে লাগিছিল যেন কোবাল বৰষুণে ইয়াক স্থানচ্যুত অথবা সুপ্ত কৰি ৰাখিছে। সেই সময়ত অৱশ্যে, নেৰুডাৰ মানসিক অৱস্থাও তেনেকুৱাই আছিল। ইয়াৰ পাছদিনাই, তেওঁ এখন পোষ্টকাৰ্ডত এলবেৰ্টিনালৈ বুলি লিখিছিল, “শোকেদুখে চহৰখনক যেন হেঁচা মাৰি ধৰিছে”। ১৯২৫ চনৰ নভেম্বৰৰ তেইশ তাৰিখে তেওঁ পুৱেৰ্তো মন্তো হৈ, তাৰ পৰা এখন সৰু ভাপ-জাহাজেৰে চাকাও চেনেল অতিক্ৰম কৰি চিলোত উপস্থিত হৈছিল।
এই ভ্ৰমণ তেওঁ, এক পলায়নবাদী মনোভাৱ লৈ, মনত জমা হোৱা অত্যধিক দুখবেদনাৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তেহে লৈছিল আৰু জাহাজত বহি বহি অৱলোকন কৰা লেথাৰিনিছিগা বৰষুণে ইপাৰ-সিপাৰ নমনা বিশাল জলৰাশিক উদ্বেলিত কৰা দৃশ্যইহে তেওঁৰ মনৰ পৰা হতাশাৰ ভাব আঁতৰাই হৃতশক্তি ওভতাই দিছিল।
এইদৰে এইবাৰেই তেওঁ প্ৰথমবাৰৰ বাবে, অৱসৰ বিনোদনৰ নিমিত্তে চিলিৰ ভূখণ্ডৰ পৰা আঁতৰি পৰিছিল। চিলিৰ উপকূলৰ অদূৰত লাগি থকা চিলো হ’ল, দক্ষিণ আমেৰিকাৰ দ্বিতীয় বৃহত্তম দ্বীপ। ই পাটাগনিয়াৰ উত্তৰে অৱস্থিত এনে এখন ঠাই, য’ৰ পৰা দূৰৈৰ বৰফে আৱৰা আগ্নেয়গিৰিবোৰ প্ৰত্যক্ষ কৰা যায়। থলুৱা লোককৃষ্টিৰে সমৃদ্ধ—হাবিতলীয়া বাওনা আৰু ডাইনীৰ সাধুৰে ভৰপূৰ—ই এখন কিম্বদন্তিমূলক ঠাই।
নেৰুডাৰ ইমানদিনে পৰিচিত জগতখনৰ পৰা, বিশেষকৈ ছাণ্টিয়াগোৰ পৰা সম্পূৰ্ণৰূপে সংযোগহীন এই ভূখণ্ড : নিৰ্জন হ্ৰদ আৰু অটব্য জংঘলেৰে ভৰা : আটকধুনীয়া ফুল বছা কাপোৰৰ দৰে ইয়াত দেখিব, বিধে বিধে গুটি গুটি বনৰীয়া জামু, আৰু অলপ লক্ষ্য কৰিলেই দেখিব দুই ফুটতকৈও কম উচ্চতাৰ নিমাখিত হৰিণা : আৰু উপকূলে উপকূলে নয়ন ভৰি উপভোগ কৰিব ডলফিনৰ অপূৰ্ব ক্ৰীড়াশৈলী। চাৰিওফালে সৰু সৰু অসংখ্য দ্বীপপুঞ্জৰে ঘেৰা এই চিলো দ্বীপ। ইয়াৰ উপকূলজুৰি আছে অনুপম শৈলীৰে নিৰ্মিত প্ৰায় ষাঠিটাৰ দৰে কাঠৰ গিৰ্জা, যিবোৰে একো একোটা আলোকস্তম্ভৰ দৰে পোহৰ বিৰিঙাই ঘৰমুখি নাৱিকসকলক পথনিৰ্দেশনা দিয়ে। সেইবোৰৰ সন্তুলিত স্তম্ভবোৰৰ সম্মুখভাগ আৰু ধেনুভিৰীয়া খিলানবোৰ উজ্বল হালধীয়া আৰু গাঢ় নীলা ৰঙেৰে বোলোৱা। চহৰবোৰৰ হৃদয়জুৰোৱা নীলা, হালধীয়া আৰু ৰঙা ৰঙৰ ঘৰবোৰে যেন আগুৱাই আহি সমগ্ৰ তীৰবৰ্তী এলেকাজুৰি ৰংমনে ঢৌৱাই থকা সমুদ্ৰৰ উচ্ছলিত জলধাৰাক সম্ভাষণ জনাইছে।
ইপিনে নেৰুডাৰ থকামেলাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰুবেনে নিলছন হোটেলত দুয়োজনে থাকিব পৰাকৈ এটি আহলবহল কোঠা ভাড়াত লৈছিল। দৰমহাৰ এক দশমাংশ ভাড়া ভৰিবলগীয়া এই দামী হোটেলখনত তেওঁলোকে ৰজাৰ দৰে আছিল আৰু সিদিনা ৰাতি পাটাগনিয়াৰ পৰা অনা উৎকৃষ্ট ভেড়াৰ মাংস আৰু সাগৰ তীৰৰ মাছুৱৈৱে ধৰা জীয়া ছেমন মাছৰ সুস্বাদু আহাৰেৰে উদৰ পূৰাইছিল৷ গভীৰ ৰাতিলৈকে তেওঁলোকে উত্তম চুৰটৰ ধোঁৱা উৰুৱাই কবিতাৰ পাছত কবিতা ডাঙৰ ডাঙৰকৈ আওৰাই মজমস্তি কৰি কটাইছিল। এইদৰে, চিলোত থকাকেইদিন নেৰুডাই তেওঁৰ বাবে অতি প্ৰয়োজনীয় মানসিক বিশ্ৰাম, চিত্ত বিনোদনকাৰী পৰিবেশ এটি পাবলৈ সুবিধা পাইছিল, যাৰ ফলত তেওঁৰ সৃষ্টিশীল প্ৰেৰণাই নৱজনম লভিবলৈ সক্ষম হৈছিল।
ইপিনে নেছিমেণ্টোৱে “অসীম মানুহৰ অকুতোভয় উদ্যোগ”-ৰ পাণ্ডুলিপিখন লোৱাৰ সময়ত নেৰুডাক “কবিতাৰ ওপৰত সম্পৰীক্ষা কৰি কি লাভ হ’ব” বুলি কৈ তেওঁক কিছু আগধন দি এখন ৰহস্যঘন ডিটেক্টিভ উপন্যাস লিখিবলৈ অনুৰোধ কৰিছিল। গতিকে তেওঁ চিলোত থকা সময়ত তাকে লিখিবলৈ মনস্থ কৰিছিল। “অকুতোভয় উদ্যোগ”-ৰ স্বপ্নালু পৰিৱেশৰ সৈতে ৰজিতা খোৱা চিলোৰ ৰহস্যপূৰ্ণ সৌন্দৰ্যইও তেওঁক এই ক্ষেত্ৰত পদক্ষেপ ল’বলৈ উদ্গনি দিছিল। তাৰ উপৰি, শৈশৱতে মনপ্ৰাণ কাঢ়ি নিয়া পুৱেৰ্তো ছেভিদ্ৰাৰ স্মৃতিবিজড়িত প্ৰাকৃতিক পটভূমিৰ আলোকেৰে আলোকিত তটবৰ্তী চিলোৰ ভৌগোলিক অৱস্থানত তেওঁ যেন তেওঁৰ লিখিবলগীয়া উপন্যাসখনৰ আৱশ্যকীয় উপাদান বিচাৰি পাইছিল৷
ফলস্বৰূপে তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছিল, “এগৰাকী বাসিন্দা আৰু তেওঁৰ আশা”, নামৰ কিতাপখন। চিলিৰ সীমান্ত অঞ্চলৰ অন্ধকাৰ জগতত ঘটা প্ৰেম আৰু অপৰাধ সংক্ৰান্ত এডভেঞ্চাৰেই হ’ল এই কিতাপখনৰ উপজীব্য কাহিনী৷ উপন্যাস বুলি অভিহিত কৰিলেও, তেনেই চমু অধ্যায়েৰে সংযোজিত ছিয়ত্তৰ পৃষ্ঠাৰ এই কিতাপখনক প্ৰকৃততে এটি দীঘল চুটি গল্প বুলি কোৱাটোহে যুগুত হ’ব। বছৰৰ শেষৰ পিনে, নেছিমেণ্টোৱে ইয়াক প্ৰকাশ কৰিছিল। তেতিয়া নেৰুডা আছিল বাইশ বছৰীয়া আৰু এইখন আছিল তেওঁৰ চতুৰ্থ কিতাপ। “অসীম মানুহৰ অকুতোভয় উদ্যোগ”-ৰ দৰে এইখনৰ প্ৰতিও পাঠকে বিশেষ আগ্ৰহ দেখুওৱা নাছিল। মাথোঁ কিছুমানেহে ইয়াক এখন যথাযোগ্য কিতাপ বুলি কৈছিল। সাহিত্যসমালোচক এলোনে কিন্তু এইবাৰ, লা নেশ্বন কাকতত “এক বিজয়” বুলি এটি ইতিবাচক পৰ্যালোচনা লিখি লেখকক প্রশংসাৰে ওপচাই দিছিল। এলোনৰ মতে, এই কিতাপখন “গল্প হৈয়ো গল্প নহয়”৷ কাব্যিক গুণাৱলীৰে গদ্যৰ আধাৰত লিখা নেৰুডাৰ এই উপন্যাসখনক পিছে, বেছিভাগ সমালোচকে উপেক্ষা কৰা দেখা গৈছিল।
প্ৰায় ছমাহ কাল চিলোত অতিবাহিত কৰাৰ পাছত নেৰুডাই ১৯২৬ চনৰ জুন মাহত ছাণ্টিয়াগোলৈ উভতি আহিবলৈ থিৰাং কৰিছিল। উভতিবৰ আগদিনা গধূলি নিলছন হোটেলত তেখেতৰ নিমিত্তে এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত স্থানীয় গণ্যমান্য ব্যক্তি সমন্বিতে প্ৰায় এশ পঞ্চাছ জন লোক উপস্থিত আছিল।
ছাণ্টিয়াগোলৈ উভতি আহি তেওঁ টমাচ লেগো আৰু অৰ্লেণ্ডো ওৱাৰ্জুন নামৰ দুই বন্ধুৰ সৈতে একেলগে এটি ভাড়াঘৰত থাকিবলৈ লৈছিল, যিহেতু তেওঁলোকৰ কাৰোৱে অকলে এটি কোঠা ভাড়াত লৈ থকাৰ সামৰ্থ্য নাছিল। সেই কোঠাটোতে নেৰুডা আৰু লেগোৱে লগ লাগি অভিব্যক্তিবাদী ধাৰাৰে এখন গদ্যৰ কিতাপ লিখি উলিয়াইছিল আৰু সেই বছৰতে নেছিমেণ্টোৱে সেইখন প্ৰকাশ কৰিছিল। নেৰুডাৰ বাকপটুতা আৰু লেগোৰ কাব্যিক শৈলীৰ যুটীয়া সমন্বয়েৰে ৰচিত ঘণ্টাধ্বনি নামৰ এই কিতাপখন সাৱলীলতাৰ ফালৰ পৰা ইমানেই মনোগ্ৰাহী হৈছিল যে কোনে কোনটো খণ্ড ৰচনা কৰিছিল, তাক বুজাই দুৰূহ হৈ পৰিছিল। এই কিতাপখনৰ জৰিয়তে নেৰুডাই নিজকে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ লেখকৰূপে প্ৰতিষ্ঠিত কৰিব পৰিলেও, আগৰ দুখন কিতাপৰ দৰে পঢ়ুৱৈয়ে এইখনৰ প্ৰতিও বিশেষ মনোযোগ দিয়া দেখা নগ’ল৷
নেৰুডা, লেগো আৰু ওৱাৰ্জুনে থকা কোঠাটোৰ তলৰ তলাত আছিল এখন দোকান আৰু এখন কেফে। ঘৰৰ মালিক আছিল মৰমিয়াল দুই দম্পতী। নেৰুডাই আবেলি পৰত খটখটিৰে তললৈ নামি আহিলেই মালিকনী ছেনোৰা এদেলমিৰাই নেৰুডাক প্ৰচুৰ পৰিমাণে খাদ্য আৰু কফি খাবলৈ দিছিল। ওৱাৰ্জুনে বাতৰিকাকতৰ দমৰ ওপৰত আৰু আনহাতে নেৰুডা আৰু লেগোৱে তুলী নোহোৱা স্প্রীঙৰ বিছনা এখনত একেলগে শুইছিল৷ নেৰুডাই তেওঁৰ নিজস্ব ঢং অনুযায়ী বেৰত পুৰণা ছাতি কেইটামান ওলোমাই থৈ তাৰ ভিতৰত তেওঁ তেওঁৰ কবিতা আৰু চিঠিবোৰ লুকুৱাই থৈছিল৷
সেই কোঠাটোত থকা অৱস্থাতে এদিন লোৰা আৰি তেওঁক লগ ধৰি ক’বলৈ আহিছিল যে, তাই আৰু পেফিয়াফ্ল’ৰত নাথাকে। বায়েক বেৰ্তাৰ বুজনিমতে তাইৰ মাকে হঠাৎ তাইক নিবলৈ আহিছে। বেৰ্তাৰ মতে, ডন জুৱানৰ দৰে কলংকিত বোহেমিয়ান এজনৰ কবলৰ পৰা, যিমান দূৰ সম্ভৱ শীঘ্ৰে লোৰাক আঁতৰাই নিয়াটো মংগলজনক। সেয়েহে, মাকে তাইক ফাৰ্ণান্দোলৈ নিবলৈ অহাত, যোৱাৰ আগতে তাই নেৰুডাক মাত লগাবলৈ আহিছে।
লোৰাৰ গহগতি লক্ষ্য কৰিবলৈ লগত কোনো নথকাত, নেৰুডাই তাইক ৰে’ল ষ্টেছনলৈ আগ বঢ়াই থবলৈ গৈছিল। ষ্টেছনৰ জিৰণি কোঠাত, থিতাতে ৰচনা কৰা কবিতা এটি, তেওঁ তাইক আবৃত্তি কৰি শুনাইছিল। সেয়া যেন বিদায় জনাই লিখা এখন চিঠিহে আছিল। তেওঁ কৈছিল, তাইৰ অবৰ্তমানে সৃষ্টি কৰা পৰিস্থিতিক চম্ভালাটো যে তেওঁৰ বাবে কিমান কষ্টকৰ হ’ব৷ আবৃত্তি কৰা কবিতাটো আছিল এনেধৰণৰ:
“চহৰৰ চতুৰ্দিশে শৰতৰ আবিৰ্ভাৱ ঘটিছে। জৰাজীৰ্ণ পাতবোৰে সাংকেতিক বাৰ্তাৰে জনাইছে যে, এৰাপৰলীয়াসকলৰ বাবে এয়া হ’ল বছৰৰ শ্ৰেষ্ঠ সময়। একাকিত্ব বৰ দুখজনক। দুৱাৰডলিত তুমি, পুতলীজনী মোৰ, নিপোটল চকু তোমাৰ, বেদনাবিধূৰ মণিকৰ জাহাজবোৰ, নীলৰঙী ফুল, বন্ধুত্ব আৰু হতাশাৰ মাজৰ বিৰতি ; দূৰৈৰ পৰাই মই মোৰ উৎকণ্ঠাবোৰ জুইৰ কষ্টসাধ্য পটিৰে বান্ধি তোমালৈ দলিয়াই দিছোঁ, যিয়ে তোমাক অভাৱনীয় চমকেৰে চমকিত কৰিব, যেতিয়া তুমি আঁতৰি যাবা, যেতিয়া তুমি গুচি যাবা, অ’ ছোৱালীজনীয়ে গুচি যাব ছান ফাৰ্ণান্দোৰ পৰা অহা মাকৰ স’তে….
এই যে শাৰীকেইটাত মুকলিমুৰীয়াকৈ বিশেষ বিশেষ চিত্ৰকল্প আৰু ভাৱনাৰ সংযুক্ত-সমাহাৰ ঘটোৱাৰ কৌশল, এয়া তেওঁৰ সাম্প্ৰতিক কালত ৰচিত কিতাপবোৰত দেখা গৈছিল। ক’বলৈ গ’লে, ইতিমধ্যে উল্লিখিত বিদায়পৰ্বৰ টোকাটোত ব্যৱহৃত আচহুৱা ভাষাবোৰ, এলবেৰ্টিনালৈ খোলাখুলিকৈ লিখা চিঠিৰ ভাষা আৰু বচনভঙ্গীবোৰৰ সম্পূৰ্ণ বিপৰীত। তেওঁৰ মৰমী লোৰা আৰিৱে, যিজনীক তেওঁ অন্তৰেৰে ভাল পায়, আৰু যিজনীক, তেওঁৰ পূৰ্বৰ প্ৰেমিকাসকলৰ নিচিনা মাক-দেউতাকে তেওঁৰ পৰা আঁতৰাই লৈ যায়, সেই লোৰালৈ বিদায়পৰ্বত লিখা টোকাটোত কিন্তু আশাশূন্যতাৰ কোনো চিনমোকাম নাছিল।
সেইবুলি এলবেৰ্টিনালৈ বুলি লিখা চিঠিবোৰত তেওঁ তেওঁৰ খং, ৰাগ কিম্বা উদ্বেগ প্ৰকাশ কৰাৰ পৰা বিৰত থকা নাছিল। তেওঁ এতিয়াও তাইলৈ লিখি আছিল, এক প্ৰকাৰ বিকাৰগ্রস্ত লোকৰ দৰে। “এখন চিঠিত তেওঁ লিখিছিল, “মই বৰ কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছোঁ! “তেওঁ কেবাখনো নতুন কিতাপ প্ৰকাশ কৰিছিল, কিন্তু “ইয়াকে কৰিবলৈ গৈ মই বৰ ভাগৰুৱা হৈ পৰিছোঁ আৰু তোমাৰ বুকুত জিৰণি ল’ব বিচাৰিছোঁ। এইযে অস্থিৰতা, আৰু এইযে নিৰুদ্যমতা, তাৰ বাবে তুমিয়েই দায়ী”। ইয়াৰ কিছুদিন পাছত তেওঁ লিখিছিল এইদৰে : “মোৰ এনে লাগে যেন তোমাৰ অস্তিত্বই নাই……এনে লাগে যেন তুমি ইয়াত কোনোকালে নাছিলাই, “যাক তেওঁ Poem XV-তো মূৰ্ত কৰিছিল। কেতিয়াবা তেওঁ আকৌ আগৰ ভাৱাবেগক বিৰোধিতা কৰি এইদৰে লিখা দেখা গৈছিল : “তথাপি তুমি, তুমিয়েই মোৰ জীৱনৰ একমাত্ৰ সাৰথি। দৰাচলতে মই তোমাৰ বাবে মৰিব পাৰোঁ”৷
এনেয়েও চিলোৰ পৰা ওভতাৰ পাছত নেৰুডা বৰ ভাগৰুৱা হৈ পৰিছিল। তেওঁৰ প্ৰকাশিত ৰচনাবোৰে লেখক হিচাপে প্ৰতিষ্ঠিত কৰিলেও তেওঁক হতাশাৰ পৰা মুক্ত কৰিব পৰা নাছিল। এলবেৰ্টিনালৈ তেওঁ ১৯২৬ চনৰ বাৰ মে তাৰিখে লিখা চিঠিত তাৰ প্ৰকাশ ঘটা দেখা গৈছিল, “মোৰ একোতেই ভাল নলগা হৈছে, মোৰ মৰিবৰ মন গৈছে”। আচলতে কবিতাৰ ক্ষেত্ৰত নতুন শৈলী আৰু বিষয়বস্তু উদ্ভাৱনৰ তাগিদাই তেওঁক ক্ৰমশঃ বৰ্ধিত হতাশাৰ গহ্বৰলৈ লৈ গৈছিল। এনে চূড়ান্ত হতাশগ্রস্ত সময়তে তেওঁৰ কাপৰ পৰা সৃষ্টি হৈছিল “মৰতৰ আবাস”-ৰ দৰে এখন গুৰুত্বপূৰ্ণ কিতাপৰ প্ৰথম খণ্ডৰ কবিতাবোৰ।
“অকুতোভয় উদ্যোগ”-ত লভা গুৰুত্বহীন সহাঁৰিৰ ক্ষেত্ৰত অৱশ্যে অন্য এটি কাৰকেও কাম কৰিছিল, সেয়া আছিল, সেই একে সময়তে তেওঁ ৰচনা কৰা “নিষ্প্ৰাণ চেঁকুৰ” নামৰ নতুন কবিতাটোৱে লভা, অপ্রতিম জনপ্ৰিয়তা। নিজৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত দেখা দিয়া নিষ্প্রাণ চেঁকুৰক চম্ভালিবলৈ গৈ তেওঁ যি অনুশীলনত ৰত হৈছিল, তাৰ পটভূমিতেই সৃষ্টি হৈছিল এই কবিতাটোৰ। তেওঁৰ গভীৰ মননশীলতা আৰু উৎকৰ্ষতাৰ ফচল আছিল এই কবিতাটো। “অকুতোভয় উদ্যোগ”-ৰ ঠিক পাছতে ক্লেৰিদাদ পত্ৰিকাত প্ৰকাশ পোৱা এই কবিতাটো, স্পেনিছ সাহিত্যৰ বুৰঞ্জীত এটি আটাইতকৈ উল্লেখযোগ্য কবিতা বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছিল। আচৰিতধৰণে বায়ু নিৰুদ্ধ ভাষাৰ প্ৰয়োগ আৰু গূঢ় প্ৰতীকী চিত্ৰকল্পৰ ব্যৱহাৰৰ বেলিকা, এইযে তেওঁৰ নৱতম মাধ্যমৰ আবিষ্কাৰ, ইয়াক তেওঁ প্ৰকাশ কৰিব নোৱাৰা কথাবোৰক প্ৰকাশ কৰাৰ মাধ্যম হিচাবে লৈছিল, যিটো গতানুগতিক ধাৰাত কৰা সম্ভৱ নহয়। গীতৰ কথাবোৰ তাৎক্ষণিকভাৱে বুজি নাপালেও, সুৰে মনপ্ৰাণ টানি নিয়াৰ দৰে, এই কবিতাটোৰ ঝংকাৰিত শব্দবোৰে পাঠকৰ হৃদয়ত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
নেৰুডাই ইতিমধ্যে, আবেগিক আৰু মানসিকভাৱে উত্তেজনা সৃষ্টি কৰিব পৰা পৰিস্থিতিতো নিজকে সংযত কৰি স্বাভাবিক অৱস্থাত ৰখাৰ গুণ আয়ত্ব কৰিছিল, যাৰ প্ৰকাশ আমি তেওঁৰ “নিষ্প্ৰাণ চেঁকুৰ” কবিতাটোত দেখা পাওঁ৷
“সমূহৰ মাজত,
কথমপি সৰা চকুলোৰ মাজত,
মানৱীয় প্ৰয়াস আৰু বিপৰ্যয়ৰ মাজত,
কাল ধুমুহাই হঠাতে আবিষ্কাৰ কৰে,
বৰফৰ নিচিনা বিশাল অৰাজকতা,
মহাসাগৰৰ দৰে…..”
বিপৰ্যয়ৰ মুখত কেৱল অসহায়তা প্ৰকাশ কৰাৰ সলনি, তেওঁ পোনপটীয়াকৈ বিশৃংখলাৰ মাজত, “গান গাই প্ৰৱেশ কৰিছিল / তৰোৱাল এখনৰ দৰে নিঃসহায়সকলৰ মাজত”৷ তেওঁৰ গান আৰু কবিতাই হ’ল একো একোপাত অস্ত্ৰ, যাৰ দ্বাৰা তেওঁ, তেওঁক গিলিব খোজা সংকটক পৰাভূত কৰি বাহ্যিকভাৱে হলেও এক সুস্থিৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে। নেতিবাচকতাৰ পৰা ইতিবাচকতালৈ গতি কৰা কবিতাটোৰ প্ৰথম স্তৱকটো সামৰা হৈছিল এইদৰে:
“মাটিত বাগৰি বাগৰি সুবাস ছটিওৱা
চিৰসেউজী প্লামবোৰ
সময়ত পচে”।
আৰু কবিতাটোৰ শেষ শাৰীটো আছিল এনেকুৱা:
“জহকালিৰ আবেষ্টনিৰ মাজত
লহপহীয়া ৰঙালাওৰ গছজোপাই
ইয়াৰ জোঙা শাখা-প্ৰশাখা মেলি
নিজকে বিস্তাৰিত কৰিছিল”।
বিস্তাৰিত এই ৰঙালাওৰ গছজোপাৰ দৰেই, নেৰুডাইও সিদ্ধান্ত লৈছিল, নিজকে বিস্তাৰিত কৰি আগুৱাই যোৱাৰ বাবে। তেওঁৰ ৰঙালাওৰ গছডালে তেওঁক অনুপ্ৰেৰণাৰে ভৰাই তুলিছিল। জীৱনৰ বাস্তবতাক, কাগজ বা কিতাপত পঢ়া আৰু তিতিক্ষাৰে উপলব্ধি কৰাৰ মাজত আছে দুস্তৰ পাৰ্থক্য।
ছাণ্টিয়াগোৰ অশান্তিৰ পৰা পৰিত্ৰাণ বিচাৰি নেৰুডাই মাজে মাজে ভেলপাৰাইজোলৈ গৈছিল। বন্দৰ অতিক্ৰম কৰিলেই, সুবিশাল মুকলি ঠাইবোৰৰ সিপাৰে দেখা যায় ভেলপাৰাইজোৰ অলংকৃত শাৰী শাৰী ঔপনিৱেশিক অট্টালিকাবোৰ, শুল্কবিভাগৰ অফিচবোৰ আৰু নৌবিভাগৰ কাৰ্যালয়বোৰ। এই নগৰীৰ আন এক সৌন্দৰ্য হ’ল, ইয়াক ঘেৰি ৰখা বিয়াল্লিছখন পৰ্বতৰ পৰা নামি অহা ঢালবোৰক, অৰ্ধচন্দ্ৰাকাৰে সজোৱা প্ৰাকৃতিক ৰঙ্গমঞ্চ যেন লাগে। এনে লাগে যেন, কিচিমকিচিম ৰঙৰ দুই তিনি তলাৰ অট্টালিকাবোৰে, উজলি থকা দস্তাৰ চালিবোৰ মূৰত লৈ, খিড়িকীয়ে খিড়িকীয়ে শুকাবলৈ মেলি দিয়া কাপোৰেৰে সৈতে, মুক্তভাৱে পাৰি থোৱা ঠেক অকোৱাপকোৱা পাহাৰীয়া ৰাস্তাবোৰৰ ওপৰত হামাগুৰি খাই পৰিব।আনহাতে, সোণত সুৱগা চৰোৱা অগণিত গিৰ্জাৰ গম্বুজবোৰক জাহাজৰ মাস্তুলৰ দৰে লাগে। থিয় পাহাৰৰ বুকুৱেদি কেবলত চলাচল কৰা সৰু সৰু ট্ৰামবোৰে আমেৰিকাৰ ছানফ্ৰেঞ্চিস্কোলৈ মনত পেলাই দিয়ে। দৰাচলতে, নেৰুডাৰ অতিকে প্ৰিয় ভেলপাৰাইজো, “প্ৰশান্ত মহাসাগৰৰ ৰত্ন” বুলি পৰিচিত।
আনকি ছাণ্টিয়াগোলৈ অহাৰ পহিলা বছৰটো নেৰুডাই বন্ধুবৰ্গৰ সৈতে চুম্বকীয় আকৰ্ষণৰ দৰে টনা ভেলপেৰাইজোলৈ ঘনেপাকে অহাযোৱা কৰিছিল। ওৰেনিশা বন্ধুবৰ্গৰ সৈতে ছাণ্টিয়াগোত আড্ডা দি তেওঁলোকে হুজুগতে ৰাতি নৌপুৱাওঁতেই ৰে’ল ষ্টেছনলৈ লৰ দিছিল আৰু তৃতীয় শ্ৰেণীৰ টিকট কাটি ভেলপাৰাইজোত উপস্থিত হৈছিল। প্ৰতিভাৰ চমকেৰে চমৎকৃত এই বাৰেমিহলি উদীয়মান কবি, সাহিত্যিক, চিত্ৰকৰ, ৰাজনৈতিক কৰ্মী আৰু ভাবপ্ৰৱণ বন্ধুসকলৰ বাবে ভেলপাৰাইজোৰ পাহাৰ কন্দৰ অথবা প্ৰশান্ত সাগৰ তীৰ, অৱসৰ বিনোদনৰ প্ৰকৃষ্ট ঠাই হোৱাৰ উপৰিও, হৈ পৰিছিল তেওঁলোকৰ সৃষ্টিৰ সমল আহৰণৰ এক বিশাল কেনভাছ্৷ এনেদৰে পহিলা বছৰটো উৎসাহ, উদ্দীপনাৰে কটোৱাৰ পাছত, পৰিপক্ক আৰু সংযত নেৰুডাই ছাণ্টিয়াগোৰ আমনি লগা একঘেয়ামিৰ পৰা পৰিত্ৰাণ বিচাৰি ভেলপোলৈ সঘনে আহি, ইতিমধ্যে গঢ়ি উঠা বন্ধুসকলৰ লগত থাকিবলৈ লৈছিল। তেনে এজন বন্ধু আছিল এলভেৰো হিনোজোছা, যিজনে মাক আৰু ভনীয়েকৰ সৈতে ভেলপোত আছিল। এই হিনোজোছা পৰিয়ালটোৱে নেৰুডাক বৰ আতৌ-পুতৌকৈ নিমন্ত্ৰণ কৰিছিল আৰু নেৰুডাই তেনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজে মাজে এদিন-দুদিন থকাৰ উপৰিও কেতিয়াবা এমাহ-দুমাহ পৰ্যন্ত তেওঁলোকৰ ঘৰত থাকিবলৈ লৈছিল। অৱশ্যে, এলভেৰোৰ থকা ঠাইৰ অনুপম বাতাৱৰণ আৰু লুণীয়া পানীৰ পৰা বলা সাগৰীয় বতাহৰ মোহত যে নেৰুডাই তাত থাকিবলৈ লৈছিল তেনেদৰে ভবাটো ভুল হ’ব। প্ৰকৃততে, এলভেৰো আৰু পৰিয়ালটোৰ স’তে গঢ়ি উঠা নলেগলে লগা বন্ধুত্বইহে তেওঁক বাৰেবাৰে তালৈ টানি আনিছিল। ভেলপাৰাইজোৰ বিজতৰীয়া সংস্কৃতি—ইয়াৰ মহিমাময়ী পৰ্বতীয়া কাব্যময়তা—ইয়াৰ জৰীপকোৱা ৰাস্তাৰে সৈতে গলিবোৰে—আৰু সৰ্বোপৰি সাগৰৰ কাষৰ তেওঁৰ বন্ধুৰ ঘৰটোৱে যেন তেওঁৰ ৰুক্ষ মনটোক সান্ত্বনা দিব পাৰিছিল। ছাণ্টিয়াগোত লভা প্ৰশংসা, তাৰ তজবজীয়া বন্ধুবোৰৰ সান্নিধ্য সত্ত্বেও তেওঁক যেন ছাণ্টিয়াগোই আগতকৈও বিমৰ্ষ কৰিছিল। ইপিনে, চিলোত কটোৱা অৱসৰ বিনোদনৰ দিনবোৰৰ সুমধুৰ স্মৃতিও সুদূৰ অতীতৰ বুকুত জাহ গৈছিল। অন্যহাতে, লোৰা আৰি আৰু এলবেৰ্টিনা এযোখাৰকো মাকদেউতাকে তেওঁৰ বুকু শুদা কৰি কাঢ়ি লৈ গৈছিল।
এলভেৰো, মূলতঃ চুটিগল্প আৰু স্তম্ভলেখক আছিল। তেওঁ উপন্যাস লিখিবলৈ মানস কৰিছিল যদিও সেই ক্ষেত্ৰত সফল হোৱা নাছিল। কিন্তু নেৰুডাৰ বাবে সেয়া ধৰ্তব্য নাছিল। লিখাৰ প্ৰতি থকা এলভেৰোৰ দায়বদ্ধতা আৰু নিয়মানুবৰ্তিতাকহে তেওঁ চানেকি হিচাবে লৈছিল। তেওঁলোকৰ ঘৰত থকা সময়ত তেওঁ লক্ষ্য কৰিছিল যে, প্ৰতিদিনে এলভেৰোৱে দোকমোকালিতে উঠি নাক-ডেওনাত চশমাযোৰ গুজি লৈ বিছনাত বহি হাতৰ কাষতে পোৱা কাগজবোৰ উলিয়াই ৰীমৰ পাছত ৰীম অবিৰতভাৱে টাইপ কৰি গৈছিল আৰু এয়া তেওঁৰ স্বভাৱৰ অংগ হৈ পৰিছিল। কবি হিচাবে জেমছ্ জোয়েছ্ৰ ওপৰত এলভেৰোৱে খৰচি মাৰি লিখা উৎসাহী লিখনিটোৱে নেৰুডাক বিশেষকৈ প্ৰভাবান্বিত কৰিছিল। আইৰিছ সাহিত্যকগৰাকীৰ নন্দনতাত্বিক সূত্ৰবোৰে তৰুণ নেৰুডাৰ নিজস্ব নান্দনিক ক্ষেত্ৰখনৰ উন্নতিত যে বিশেষ অৰিহণা যোগাইছিল তাক আমি তেওঁৰ “মৰতৰ আবাস”-ত পৰিস্ফুত হোৱা দেখিবলৈ পাওঁ।
প্ৰথম প্ৰথম যেতিয়া নেৰুডাই হিনোজোছা পৰিয়ালটোৰ ঘৰলৈ আহিছিল, এলভেৰোৱে ঘৰৰ সকলোকে নেৰুডাৰ লগত কথা পাতিবলৈ বাৰণ কৰি কৈছিল যে, মানুহজনে অবাবত কথা পাতি বিশেষ ভাল নাপায়। স্বভাৱসিদ্ধভাৱে কথাটো সকলোৱে মানি লৈছিল যদিও, মাকে আলহীজনৰ এনে আচহুৱা আচৰণক মানি লবলৈ টান পাইছিল। যি কি নহওক, এদিন গধূলি অকলে ওলাই গৈ পলমকৈ ৰাতি উভতি আহি নেৰুডাই দেখিছিল যে, এলভেৰোৱে সাৰে থাকি মাকৰ সৈতে অনৰ্গল কিবা কথা পতাত ব্যস্ত আছিল আৰু এই আলাপ বহু ৰাতিলৈকে চলিছিল। পাছত চিলভিয়াৰ পৰা জানিব পাৰিছিল যে, উক্ত আলোচনা আছিল, ব্যৱসায় সংক্ৰান্তীয়। তেওঁ (এলভেৰো) আছিল এজন ৰঙিয়াল আপোনভোলা যুৱক৷
যদিও নেৰুডাৰ মানসিক অৱস্থা তেতিয়া আছিল অলসতাপূৰ্ণ, তেওঁ ঘণ্টাৰ পাছত ঘণ্টা খোজ কাঢ়ি ফুৰিব পৰিছিল। ৰাতিপুৱাতে তেওঁ পাহাৰ বগাই বগাই লক্ষ্যহীনভাৱে অলিয়ে গলিয়ে খোজ কাঢ়ি নগৰীয়া ৰাস্তা পাৰ হৈ, সিটোফালে কি আছে একো নজনাকৈয়ে কেৱল গৈয়েই থাকিছিল। মাজে মাজে তেওঁ নগৰীৰ মুকলি ঠাইত সাগৰ তীৰলৈ ফুৰিবলৈ অহা মানুহৰ জুমৰ মাজত নিজকে বিলীন কৰি দিছিল আৰু ঘূৰণীয়া শিলবোৰ অতিক্ৰমি চকুৰে নমনা দূৰত্বলৈকে সাগৰক নিৰীক্ষণ কৰিছিল আৰু হেঁপাহ পলুৱাই নিৰ্মল বায়ু সেৱন কৰিছিল। দিনটোৰ বাকী সময়খিনি তেওঁ, বজাৰৰ পুৰাতন সামগ্ৰীৰ দোকানে দোকানে ঘূৰি, মুকলি ঠাইত সাগৰীয় বতাহত উটি-ভাঁহি উৰা গঙাচিলনীবোৰ চাই চাই মালঘাটৰ কাষৰ মাছবজাৰৰ মাজেৰে গৈ কমলাৰঙী শুল্কবিভাগৰ অফিচ পাইছিল। তাৰ পাছত তেওঁ তেওঁৰ ওভতনি যাত্ৰাত পাহাৰৰ ওপৰেৰে ওপৰ-তলকৈ চিৰিবোৰ বগাই, বাটত ৰজ্জুযানত উঠি চাৰিওপিনৰ নৈসৰ্গিক দৃশ্য অৱলোকন কৰিছিল। গধূলিৰ আগে আগে তেওঁ জেটিত উপস্থিত হৈছিল আৰু বেলিটোৱে হেঙুলী ৰহণ অস্তাকাশত ছটিয়াই, সেই একে ৰঙকে গালেমুখে সানি মহাসাগৰত বুৰ নোযোৱালৈকে,তাক ৰ লাগি চাইছিল। তেওঁৰ মনত পৰিছিল, পাঁচ বছৰ আগৰ কথা, যেতিয়া তেওঁ এই একেই দৃষ্টিনন্দন দৃশ্যকে, মাৰুৰি ষ্ট্ৰীটৰ ভাড়াঘৰৰ পৰা অৱলোকন কৰিছিল আৰু সিদিনাৰ সেই ৰঙৰ বিচ্ছুৰিত মেলাই তেওঁক “গধূলি লগণ” কবিতাপুথিখন লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। সেই কথা মনত পৰিলেই আজিও তেওঁৰ অন্তৰখন দুখে হেঁচা মাৰি ধৰে৷ তৎসত্ত্বেও, হালধীয়া, কমলা আৰু ৰঙা ৰঙৰ অপূৰ্ব মিশ্ৰণৰ কমলা টেঙাটোক প্ৰতিদিনে গধূলি মহাসাগৰত বুৰ যোৱা অনুপম দৃশ্যই নেৰুডাক কিছু পৰিমাণে হলেও সকাহ দিছিল। সময়ৰ হিচাপত কম হলেও, সেইখিনি সময়ত বেলিটোৱে অনতিদূৰত অৱস্থিত বাৰেৰহণীয়া পৰ্বতখনত কোমল কুঁৱলীসনা ৰঙৰ পোহাৰ মেলে; তাতেই নেৰুডাই লক্ষ্য কৰিছিল নৌবাহিনীত অথবা মালবাহী জাহাজত কাম কৰা নাৱিকসকলক, যি কাম তেওঁৰ দেউতাকেও টেলকাহুনো বন্দৰত কৰ্মৰত অৱস্থাত কৰিছিল। সুৰা পান কৰি কৰি এই নাৱিকসকলে নিজৰ মাজত অথবা কোনো তিৰোতাৰ স’তে পতা কথা-বতৰাবোৰ তেওঁ তেওঁৰ অকলশৰীয়া চকুৰে চিত্ৰকৰৰ দৰে খুব সূক্ষ্মভাৱে অনুধাৱন কৰাৰ চেষ্টা কৰিছিল। এনে চিত্ৰকল্পকে ব্যৱহাৰ কৰি তেওঁ তেওঁৰ “বিদায়” নামৰ সৰ্বজনসমাদৃত কবিতাটো লিখিছিল আৰু কেইবছৰমান আগতে সেইটো প্ৰকাশিত হৈছিল:
মই ভাল পাওঁ নাৱিকৰ প্ৰেমক
যিয়ে চুমা খায় আৰু আঁতৰি পৰে।
আধা শতিকা পাছত “ভেলপাৰাইজোৰ নিশা” শিৰোনামেৰে লিখা এটি নিবন্ধত তেওঁ লিখিছিল, “বিশাল শূন্যসাৰ বিশ্বব্ৰহ্মাণ্ডৰ মাজত, মৰতৰ এটি বিন্দুত অতি ক্ষুদ্ৰ পোহৰকণাৰ দৰে মোৰ এই ভেলপাৰাইজো”। পানীৰ ওপৰত ভাসমান সোণালী অশ্বখুৰাৰ দৰে ইয়াৰ পৰ্বতৰাজি। নেৰুডাই প্ৰায়ে এলভেৰোৰ লগত আৰু মাজেসময়ে অন্যান্য বন্ধুবৰ্গৰ সৈতে ইয়াৰ বন্দৰ আৰু নিষিদ্ধ ঠাইবোৰৰ ৰহস্যময়ী আন্ধাৰ নিশাৰ অভিজ্ঞতাৰ বুজ ল’বলৈ ওলাই গৈছিল। ঘৰলৈ উভতি অহাৰ পাছত, নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰাৰ আগলৈকে তেওঁ সচৰাচৰ লেখামেলাত ব্যস্ত হৈছিল। ইয়াৰ বাহিৰে, চৰম হতাশাৰে ভৰা আন দিনবোৰত তেওঁ ঘৰৰ বাজ নহৈছিল বুলিয়েই ক’ব পাৰি৷
কেবাবছৰ পাছত, নেৰুডাই ইয়াৰ মোহময়ী বন্দৰৰ কাষৰ পাহাৰৰ ওপৰত নিজাকৈ এটি অগতানুগতিক আৰ্হিৰ ঘৰ সাজিছিল, যিটো কালক্ৰমত, তেওঁ তিনিটাকৈ সজা মহামূল্যবান ঘৰৰ অন্যতম হৈছিল। অথচ, তেওঁ ১৯২০ চনৰ মাজ ভাগলৈ সামান্য এটি পইচাৰ বাবে হাহাকাৰ কৰি কটাবলগীয়া হৈছিল। চৰম অভাৱ অনাটনৰ মাজত অতিবাহিত কৰা সেই বছৰবোৰত, নেৰুডা আৰু এলভেৰোৱে ধন ঘটাৰ নিমিত্তে ব্যৱসায়িক দৃষ্টিভংগীৰে দুটাকৈ আঁচনি যুগুতিয়াইছিল। তেওঁলোকৰ আটাইতকৈ ফলপ্ৰসূ পদক্ষেপ আছিল, “কৌতুকপূৰ্ণ ছবি সম্বলিত পোষ্টকাৰ্ডৰ” ব্যৱসায়। দুৰ্ধৰ্ষ অপৰাধী, বিশেষকৈ ৰেড ইণ্ডিয়ানসকলৰ নামেৰে বিভূষিত পেৰিছৰ অপৰাধ জগতৰ লগত যুক্ত লোকৰ প্ৰতিচ্ছবি থকা এনে পোষ্টকাৰ্ডবোৰ আকৰ্ষণীয়কৈ ছপাই তেওঁলোকে সেইবোৰ ৰাস্তাই-ঘাটে, বাছে-ট্ৰেইনে আৰু জনসমাগম হোৱা ঠাইবোৰত বিক্ৰী কৰি ঘূৰি ফুৰিছিল। মন কৰিবলগীয়া যে, সেই কাৰ্ডবোৰত এটি চমু উদ্ধৃতি সংযোজিত কৰাৰ জৰিয়তে গ্ৰাহকক পৰামৰ্শ দিয়া হৈছিল এনেদৰে:
“কাৰ্ডখন দিগন্তৰ সমান্তৰালকৈ
লৈ, লাহেকৈ জোকাৰক অথবা
আঙুলিৰে টিপক,
আৰু আপুনি হাঁহিত ফাটি পৰক”।
এনেদৰে, কাৰ্ড ব্যৱসায়ত লাগি থাকোঁতে তেওঁলোকে কেবাটাও চিনেমা হলৰ গৰাকী এজনক তেওঁৰ চলচিত্ৰৰ প্ৰচাৰৰ ক্ষেত্ৰত যে এই কাৰ্ডে বিশেষ ভূমিকা পালন কৰিব পাৰে তাক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। ফলস্বৰূপে, চিনেমা হলৰ মালিকজনে, একেকোবে তেওঁলোকৰ পৰা দুশ কাৰ্ড কিনি লৈছিল। ব্যৱসায়ৰ এনে চমকপ্ৰদ সাফল্যত উৎসাহিত নেৰুডাই ততাতৈয়াকৈ এলবেৰ্টিনালৈ তেওঁৰ অভিপ্ৰায় জনাই লিখিছিল, “তেওঁ অচিৰেই চলচিত্ৰ ব্যৱসায়ত নমাৰ বাবে চিন্তাচৰ্চা কৰি আছে”। কিন্তু ভবামতে সেয়া হৈ নুঠিল আৰু কাৰ্ড বিক্ৰীৰ অধ্যায়ৰো সিমানতে যতি পৰিছিল। ছাণ্টিয়াগোলৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে একেবাৰে কপৰ্দকশূন্য হৈ পৰাত, তেওঁৰ অৱস্থা বৰ দুখ লগা হৈ পৰিছিল। ১৯২৬ চনৰ আঠ অক্টোবৰ তাৰিখে টেমুকোত থকা ভনীয়েক লোৰাক পত্ৰযোগে জনাই কৈছিল, যাতে তাই যেনেতেনে প্ৰকাৰে বাপেকক সৈমান কৰোৱাই শীঘ্ৰে টকা পঠোৱাৰ ব্যৱস্থা কৰে। তেওঁ লগতে লিখিছিল যে, এশ পেছোৰ তলত ছাণ্টিয়াগোত এটি অতি সাধাৰণ ঘৰো ভাড়াত পোৱা নাযায়। বাপেক যোছ ডেল কাৰমেনে পুতেকক টকা নিদিয়াৰ ক্ষেত্ৰত দৃঢ় হ’লেও, তেওঁ ভনীয়েকক খাটনি ধৰিছিল, যাতে তাই যি কোনো উপায়ে টেলিগ্ৰাম মাৰফৎ টকা পঠিয়ায়, কাৰণ, “মই এতিয়া এবেলা এমুঠি খাইহে জীৱন নিৰ্বাহ কৰি আছোঁ”। তাতে তেওঁৰ পিন্ধা কাপোৰকানিৰো জৰাজীৰ্ণ অৱস্থা হৈছিল। সেই গতিকে, তেওঁ মোজা, ৰুমালকে ধৰি তেওঁৰ প্ৰয়োজনীয় শ্বাৰ্ট, পেণ্ট, অন্তৰ্বাস আদিৰো জোখ পৰ্যন্ত দি সেইবোৰ পঠিয়াবলৈ লোৰালৈ লিখিছিল।
দেউতাকে যেতিয়াৰ পৰা পুতেকলৈ টকা পঠিয়াবলৈ এৰি দিছিল, তেতিয়াই তেওঁ নেৰুডাক কবিতা বাদ দি পৰ্যাপ্ত দৰমহা পোৱা চাকৰি এটাত সোমাই স্বচ্ছল জীৱন যাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই নিৰ্দেশ দিছিল। নেৰুডায়ো মনেপ্ৰাণে চিলিৰ কটকটীয়া সীমাৰেখা পাৰ হৈ সাহিত্য-সংস্কৃতিৰ অভিকেন্দ্ৰস্বৰূপ আৰু সমসাময়িক চিন্তাচৰ্চাৰ পৰীক্ষাগাৰৰূপে জনাজাত পেৰিছলৈ গুচি যোৱাৰ কথাকে ভাবি আছিল, য’ত তেওঁ ৰেম্ব’, বদলেয়াৰ, ভাৰলেইন আৰু মালাৰ্মেৰ পদাংক অনুসৰণ কৰি স্বাধীনভাৱে লেখামেলা কৰিব পাৰিব। তেওঁ ইতিমধ্যে জানিব পাৰিছিল যে, সমগ্ৰ বিশ্বৰ ঔপন্যাসিক, দাৰ্শনিক, ভাষাবিদ, চিত্ৰকৰ, সংগীতজ্ঞ, খনিকৰ, আৰু কবি-সাহিত্যিকসকল আহি পেৰিছৰ চ্যেন নদীৰ বাঁওফালে থাকিবলৈ লৈছিল। পেৰুৰ মহান কবি চিজাৰ ভেলেজো যিদৰে তালৈ আহিছিল, সেইদৰে আহিছিল স্পেনিছ চিত্ৰকৰ পাবলো পিকাছো আৰু জন মিৰো; আৰু আহিছিল আমেৰিকাৰ পৰা গাৰট্ৰুড স্তেইন, উইলিয়াম কাৰ্লচ্ উইলিয়াম, আৰ্ণেষ্ট হেমিংৱে, হিলদা ডুলিটল্, আৰু এজৰা পাউণ্ড। গতিকে, নেৰুডা তালৈ নগৈনো যাব ক’লৈ?
অৱশ্যে, পেৰিছত যদি যোৱা নহয়, তেওঁ নিশ্চিত যে, টেমুকো আৰু ছাণ্টিয়াগোৰ বাহিৰে আন ক’ৰবালৈ হ’লেও যাব। আনকি, যি ভেলপাৰাইজোক তেওঁ ভাল পায়, সেই ভেলপাৰাইজোৱে তেওঁক সাময়িক নিষ্কৃতি দিলেও, দীৰ্ঘদিনৰ বাবে তেওঁৰ অভিৰুচি পূৰাব পৰাকৈ সমৰ্থবান নহয়। তেওঁৰ সমপৰ্যায়ৰ লোকসকলে স্পেইন, ৰাছিয়া, কলম্বিয়া আদি, পৃথিবীৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আছে। নেৰুডায়ো এনে ভ্ৰমণ বিচাৰে। কিন্তু যাবইবা কেনেকৈ? কিছুমানে নিজ দেশৰ অথবা বিদেশৰ চৰকাৰৰ পৰা বৃত্তি লৈ সাংবাদিক বা সংগীতজ্ঞ হিচাপে যোৱাৰ ব্যৱস্থা কৰি লৈছে। কিন্তু, কবি হিচাপে নেৰুডাই যে একো সুবিধাই পোৱাৰ যোগ্য নহয়। ১৯২৬ চনৰ ডিচেম্বৰত নেৰুডাই তেওঁৰ ভনীয়েকলৈ লিখিছিল : “লোৰা ভনীটি মোৰ, মই তোমাকেই, কেৱল তোমাকেই, লিখি জনাব বিচাৰিছোঁ যে মই তিনি জানুৱাৰী তাৰিখে ইউৰোপলৈ গৈ আছোঁ। মাত লগাবলৈ টেমুকোলৈ মই কিয়ইবা যাম? দেউতাৰ স’তে যুঁজি যুঁজি মই ক্লান্ত হৈ পৰিছোঁ। আৰু যদি তুমি মোৰ উন্মাদগ্ৰস্ত মূৰটো দেখিলাহেঁতেন! মোৰ হাতত পাঁচটা দিনহে আছে, আৰু বাটখৰচৰ জোৰা মাৰিব পৰাকৈহে মাথোঁ সামান্য টকা আছে।পিছে মোৰ চিন্তা হৈছে, জেনোৱাত মই কি খাম? কেৱল ধোঁৱাকেই খাম নেকি? চাওঁচোন, তুমি কিছু দিব পাৰা নেকি?—তোমাৰ ভাই৷
নেৰুডাৰ বাবে সেই মুহূৰ্তত, বৈদেশিক মন্ত্ৰণালয়ৰ জৰিয়তে বিদেশত নিযুক্তিৰ এক বাস্তৱ সম্ভাৱনীয়তাই দেখা দিছিল। কিয়নো, বিশেষকৈ কুৰি শতিকাৰ প্ৰথম ভাগত, লেটিন আমেৰিকাত, কবি আৰু বুদ্ধিজীৱিসকলৰ প্ৰতি বিশেষ সন্মান প্ৰদৰ্শন কৰি বিদেশত জীৱিকা নিৰ্বাহৰ ন্যূনতম জোখাৰে দৰমহা দি চাকৰিত নিয়োজিত কৰাটো এক দস্তুৰ হিচাবে প্ৰচলিত আছিল। এয়া কৰা হৈছিল, যাতে কবি বা বুদ্ধিজীৱিগৰাকীয়ে নিজৰ পেছাত আত্মনিয়োগ কৰাৰ উপৰিও আপোন দেশৰ সভ্যতাসংস্কৃতিৰ বাৰ্তাবাহক হিচাপে বিদেশত দায়িত্ব পালন কৰিব পাৰে। নেৰুডাই বুজিছিল যে এই উত্তম সুযোগ গ্ৰহণ কৰিয়েই তেওঁ দেশৰ বাজ হ’ব লাগিব আৰু আৰ্থিক দুৰ্দশাৰ অৱসান ঘটাব লাগিব।
ইপিনে, বিগত ১৯২৪ চনতে নেৰুডাৰ বন্ধু এজনে বৈদেশিক মন্ত্ৰণালয়ৰ মুৰব্বী এজনৰ সৈতে যোগাযোগ কৰি নেৰুডাৰ নিযুক্তিৰ বিষয়টো উত্থাপন কৰি থৈছিল। গতিকে, নেৰুডাৰ কবি প্রতিভাৰ বিষয়ে ইতিমধ্যে জ্ঞাত দপ্তৰটোৱে তেওঁক লা মনেদাৰ বিলাসবহুল ৰাষ্ট্ৰপতিভৱনলৈ মাতি পঠিয়াইছিল। যথাসময়ত নেৰুডাই তাত উপস্থিত হোৱাত, উচ্চপদস্থ বিষয়াজনে তেওঁক আৰামী চকীখনত বহিব দি কৈছিল : “মই তোমাৰ অভিলাস সম্পৰ্কে জ্ঞাত”৷ তেওঁ আৰু কৈছিল:“তুমিতো ভাগ্যবান কবি আৰু মোক চোৱা, মই কেনেদৰে ইয়াত তেনেই সৰু কোঠা এটিত বন্দী”। এইদৰে তেওঁ ঘণ্টাৰ পাছত ঘণ্টা বিভিন্ন বিষয়ৰ অৱতাৰণা কৰি শেষত কৰমৰ্দন কৰি, তোমাৰ চাকৰি নিশ্চিত বুলি কৈ বিদায় দিছিল। এই যে প্ৰথম চিনাকি, ইয়াৰ পাছত নেৰুডাই সেই অফিচটোলৈ প্ৰায় তিনি বছৰকাল তাঁত-বাতি কাঢ়িছিল আৰু প্ৰতিবাৰে সেই বিষয়াজনে কথাৰ বকলা মেলি তেওঁক কেৱল চাকৰি হ’ব বুলি আশ্বাস দি ওভতাই পঠিয়াইছিল।
১৯২৭ চনত হঠাৎ নেৰুডাৰ আন এজন বন্ধু মেনুৱেল বিয়াঞ্চিৰ সৈতে ভেটাভেটি হৈছিল। উক্ত বন্ধুজন কূটনৈতিক বিভাগ এটিৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল আৰু সেই সুবাদতে চাকৰিৰ বাবে কাক ক’ত লগ ধৰিব লাগে, সেয়া তেওঁৰ সম্পূৰ্ণ জনা আছিল। তেওঁ নেৰুডাৰ চাকৰি তেতিয়াও নোহোৱা শুনি আচৰিত হৈছিল আৰু তেওঁক তৎমুহূৰ্তে নিৰ্দিষ্ট বিভাগীয় মন্ত্ৰীজনৰ কাষলৈ লৈ গৈছিল। বিয়াঞ্চিয়ে সকলো কথা মন্ত্ৰীগৰাকীক বিবৰি কোৱাত, তেওঁ এক মুহূৰ্তও অপচয় নকৰি কলিংবেল টিপি দপ্তৰৰ মুৰব্বীজনক মতাত, ইমানদিনে নেৰুডাক চাকৰি হ’ব হ’ব বুলি কৈ ঘূৰাই থকা বিষয়াজন আহি হাজিৰ হৈছিল৷
”ক’ত কি পদ খালী আছে মোক কোৱাচোন”? মন্ত্ৰীজনে তেওঁৰ পৰা জানিব বিচাৰিছিল। কথাচহকী বিষয়াজনে এইবাৰ চায়ক’ভস্কী অথবা কোনো ইংৰাজী উপন্যাসৰ অৱতাৰণা নকৰাকৈয়ে পৃথিৱীৰ বিভিন্ন দেশত খালী থকা পদবোৰৰ নাম সৰসৰকৈ মাতি শুনাইছিল৷ নেৰুডাৰ পাছে, ইমানবোৰ নামৰ এটাহে মনত ৰৈছিল। সেয়েহে, মন্ত্ৰীজনে তেওঁক “তুমি ক’ত যাবা পাবলো”, বুলি সোধাত ইতস্ততঃ নকৰাকৈয়ে নেৰুডাই তপৰাই উত্তৰ দিছিল : “ৰেংগুন”। মন্ত্ৰীজনে বিষয়াজনক ৰেংগুনৰ পদটোত নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল৷
“যা হওঁক, ৰেংগুন পেৰিছ ন’হলেও, অন্ততঃ চিলি নহয়”৷ নেৰুডাই মনতে ভাবিছিল৷ মন্ত্ৰী মহোদয়ৰ অফিচত এটা গ্লোৱ আছিল। নেৰুডা আৰু বিয়াঞ্চিয়ে ৰেংগুন নামৰ অপৰিচিত ঠাইখননো ক’ত, তাক গ্লোৱটোত বিচাৰিছিল। শেষত যেনিবা তেওঁলোকে, পুৰণি মেপখনত এছিয়াৰ কোনো ভূখণ্ডত এটি গভীৰ বিন্দু প্ৰত্যক্ষ কৰিছিল।
“অ’ ৰেংগুন। এয়াই ৰেংগুন”৷