‘হিপেছীয়া’, ‘আলি’ আৰু ‘জাহাৰা’ হঁতৰ কথাৰে…….( অনুবাদ: কল্যাণী কোঁৱৰ)
‘মুক্ত চিন্তা’ ৰ পাঠকে এলাহাবাদ নিবাসী মনীষ আজাদক এগৰাকী কবি হিচাপে ইতিমধ্যে চিনি পাইছে। এজন ৰাজনৈতিক কৰ্মী, সংবেদনশীল কবি হোৱাৰ উপৰিও তেওঁ এজন চলচ্চিত্ৰ সমালোচক তথা বিশ্লেষক। মনীষ আজাদৰ এই বিষয়ৰ লেখাবোৰত বিষয় বস্তুৰ গাঢ়তাৰ লগতে সামাজিক তথা ৰাজনৈতিক দৃষ্টিভংগী, প্ৰত্যক্ষ ভাৱে আমাৰ জীৱনৰ লগত সম্পৰ্ক ইত্যাদি বিভিন্ন দিশৰ পৰা এখন চলচ্চিত্ৰক পৰ্যবেক্ষণ কৰাৰ ক্ষমতা বিশেষ তাৎপৰ্যপূৰ্ণ। এনে কথাকে সাৰোগত কৰি, ক্ৰমে আলেখাণ্ড্ৰ’ আমেনেবাৰ আৰু মাজিদ মাজিদি ৰ দ্বাৰা পৰিচালিত ভিন্ন স্বাদযুক্ত দুখন চলচ্চিত্ৰ ‘অগৌৰা’ আৰু ‘চিলড্ৰেন অব হেভেন’, ৰ ওপৰত তেওঁ লিখা দুটি টোকা সদৃশ কিন্তু চিন্তা উদ্বেগকাৰী আলোচনাৰ অনূদিত ৰূপ ‘মুক্ত চিন্তা’ ৰ পাঠক লৈ আগবঢ়ালোঁ।]
অগৌৰা : এক অদ্ভূত মহিলা ‘হিপেছীয়া’ৰ কাহিনী
কপাৰনিকাছ আৰু গেলিলিঅ’ তকৈ প্ৰায় এহাজাৰ বছৰ আগতে ইজিপ্তৰ আলেকজেণ্ড্ৰীয়া চহৰত এগৰাকী মহিলা আছিল। তেওঁ কৈছিলে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, উপবৃত্তাকাৰ পথেৰে। আধুনিক উপকৰণ তথা দূৰবীণৰ অবিহনেই সেই সময়ত প্ৰতিষ্ঠিত টলেমিৰ মতবাদৰ বিৰোধিতা কৰিছিল। এই অদ্ভূত মহিলা দাৰ্শনিক, গণিতজ্ঞ আৰু বিজ্ঞানী গৰাকীৰ নাম আছিল হিপেছীয়া ( Hypatia)আছিল।
২০০৯ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰ ‘অগৌৰা’ (Agora) ই হিপেছীয়াৰ কাহিনীৰ জৰিয়তে সেই সময়ৰ ধৰ্ম, বিবেক, বিজ্ঞানৰ হত্যা সংঘৰ্ষক এনেকৈ প্ৰস্তুত কৰিছে যে আমাক চলিত সময়তো এই বিষয়ে ভাবিবলৈ বাধ্য কৰে।
হিপেছীয়াই আলেকজেণ্ড্ৰীয়াৰ অভিজাত বৰ্গৰ যুৱকসকলক শিক্ষা দান কৰিছিল। তেওঁৰ পিতৃয়ে আলেকজেণ্ড্ৰীয়া পুথিভঁৰালত কাম কৰিছিল। তেওঁৰ ৰুচি হিপেছীয়াৰ সৈতে একে আছিল। দুয়ো একেলগে আলেকজেণ্ড্ৰীয়া পুথিভঁৰালত সমগ্ৰ বিশ্বৰ পৰা একত্ৰিত কৰা কিতাপৰ মাজত বহি বিজ্ঞান, গণিত, দৰ্শনৰ গূঢ় প্ৰশ্নৰ ওপৰত আলোচনা কৰিছিল। পিতা-পুত্ৰী ৰ মাজৰ এই সম্পৰ্ক চলচ্চিত্ৰ খনত খুব প্ৰভাৱশালী ৰূপত আছে।
হিপেছীয়া কিয় মহত্বপূৰ্ণ এই কথাটো আপুনি এই তথ্য টোৰ পৰা বুজি পাব যে এৰিষ্ট’টলৰ এই উক্তিটো সেইসময়ৰ সমাজৰ ‘কমন চেঞ্ছ’ আছিল যে নাৰী আৰু গোলামৰ আত্মা নাথাকে। সাৰ্বজনীন ক্ষেত্ৰত নাৰীৰ অস্তিত্ব উপেক্ষা কৰা হৈছিল।
যি নহওঁক, যুৱকসকলক পঢ়াওঁতে , তাৰে এজন ছাত্ৰই হিপেছীয়াৰ ৰূপত মুগ্ধ হৈ প্ৰেমৰ প্ৰস্তাৱ দিলে। পিছদিনা হিপেছীয়াই নিজৰ মাহেকীয়া তেজত তিতি থকা ৰুমালৰ দৰে কাপোৰৰ টুকুৰাটো সকলোৰে সন্মুখতে শ্ৰেণীকক্ষত যুৱকজনলৈ আগবঢ়াই দি ক’লে, ‘এইয়াও মই হয়।’ অৰ্থ এইটো যে কোনোবা নাৰীক ভাল পাবলৈ হ’লে তেওঁৰ সম্পূৰ্ণতাৰ সৈতে ভাল পাব লাগিব, মাথোঁ বাহ্যিক সৌন্দৰ্য্যৰ আধাৰত নহয়। তেওঁৰ অংগৰক্ষক তথা আলধৰা জনেও মনে মনে তেওঁক ভাল পাইছিল। কিন্তু গোলাম হোৱাৰ বাবে মনৰ কথা ব্যক্ত কৰিব নোৱাৰিলে। সেই গোলামজনৰো সমান্তৰাল প্ৰেম কাহিনী সম্পূৰ্ণ চলচ্চিত্ৰখনত শেষলৈকে চলি থাকে।
এইখিনিতে এটা কথা মহত্বপূৰ্ণ যে হিপেছীয়াৰ নাম ভূমিকাত অভিনয় কৰা ‘ৰাছেল ৱীজ’ (Rachel Weisz) সঁচাকৈয়ে অতি ধুনীয়া। কিন্তু তেওঁ অভিনয় কৰোঁতে কোনো ক্ষেত্ৰতে কেৱল নিজৰ সৌন্দৰ্যৰে ‘শোষণ’ হ’বলৈ দিয়া নাই । এনে হোৱা হ’লে তেওঁৰ অভিনয় শেঁতা পৰি গ’লহেতেন, যিধৰণে আন ঐতিহাসিক চলচ্চিত্ৰ বোৰত দেখা যায়।
যি সময়ত হিপেছীয়াই আলেকজেণ্ড্ৰীয়াত পঢ়াইছিল, নিজৰ দাৰ্শনিক আৰু বৈজ্ঞানিক চিন্তা-চৰ্চা অব্যাহত ৰাখিছিল, সেই সময়তে ৰোমত ‘খ্ৰীষ্ট-ধৰ্ম’ ৰাজ ধৰ্মলৈ পৰিণত হৈছিল। ‘ইহুদি’ আৰু ‘মুৰ্তিপূজক’ (pagan) সকল আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। তেতিয়া আলেকজেণ্ড্ৰীয়া ৰোমৰ অংশ আছিল। সেইকাৰণে তাতো ৰাজ ধৰ্ম হৈ পৰা খ্ৰীষ্টীয়ান কট্টৰপন্থী সকল তৎপৰ হৈ উঠিছিল। হিপেছীয়াৰ কিছুমান ছাত্ৰই শাসকীয় আমোলাতন্ত্ৰৰ পদোন্নতিৰ চিৰি বগাবলৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ ধৰিলে। স্বতন্ত্ৰ এটা পৰিৱেশত পঢ়োৱাতো হিপেছীয়াৰ বাবে সমস্যা হৈ পৰিল। আনকি এইটোও সঁচা যে আগৰ দৰে মুকলি কৈ হিপেছীয়াই ঘূৰি ফুৰিব নোৱাৰা হ’ল।
তেওঁৰ যিবোৰ ছাত্ৰই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি শাসক পক্ষৰ উচ্চ পদবীত অধিষ্ঠিত হৈছিল, সিহঁতে হিপেছীয়াক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিবলৈ ধৰিলে। তেনেকুৱা এটা আকৰ্ষণীয় বাৰ্তালাপত হিপেছীয়াই কয় যে দৰ্শনহে (philosophy) তেওঁৰ ধৰ্ম। তেওঁ কেতিয়াও খ্ৰীষ্টান হ’ব নোৱাৰে।
পাগান (pagan) ধৰ্মৰ লগত জড়িত বিশালকায় ‘দেৱতা’ ৰ মুৰ্তিবোৰ খ্ৰীষ্টান কট্টৰপন্থী সকলে ভাঙিবলৈ ল’লে। এই দৃশ্যই তালিবানীসকলৰ দ্বাৰা বিশালকায় বুদ্ধ মুৰ্তি ভঙা কথাটোলৈ মনত পেলাই দিয়ে। তালিবানী সকলে নতুনকৈ একো কৰা নাই মাথোঁ ইতিহাসৰ পুনৰাবৃত্তি ঘটালে।
বাইবেলত যি ‘জ্ঞান’ আছিল তাৰ বাহিৰে আনবোৰত বাধা আৰোপ কৰা হ’ল। বাইবেল আছে যেতিয়া বিশ্ব প্ৰসিদ্ধ আলেকজেণ্ড্ৰীয়া পুথিভঁৰালৰ কি দৰকাৰ আছে, য’ত বিশ্বৰ বিভিন্ন জ্ঞান সঞ্চিত হৈ আছে। পুথিভঁৰালটো জ্বলাবৰ কাৰণে খ্ৰীষ্টান কট্টৰপন্থী দল বান্ধি ওলাল। কথাটো হিপেছীয়া আৰু তেওঁৰ সেই ছাত্ৰসকলে যিসকলে বিবেকক ধৰ্মৰ ওপৰত বুলি ভাবিছিল আৰু স্বাধীন চিন্তা-চৰ্চাক গুৰুত্ব দিছিল, তেওঁলোকে মহত্বপূৰ্ণ কিতাপসমূহ যিমান পৰিমাণে পাৰি আৰু যিমান সোনকালে পাৰি, উলিয়াই নি বেলেগ ঠাইত ৰাখিলেগৈ। সম্ভৱতঃ সেই কিতাপ বোৰেই পিছত পৃথিৱীখন পোহৰাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে ।
এইটো চলচ্চিত্ৰ খনৰ এটা অতি শক্তিশালী দৃশ্য। ‘এৰিয়েল শ্বট’ ব্যৱহাৰ কৰি সম্পূৰ্ণ ইমেজটোকে ওলোটা দিশৰ পৰা দেখুওৱা হৈছে। সন্দেহ নাই যে ইয়াৰ পিছত সকলো বদলি গ’ল। পৃথিৱীয়ে অন্ধকাৰ যুগত প্ৰৱেশ কৰিলে। ইয়াত নিৰ্দেশকে দৃশ্যৰ সহায়ত দেখুৱাইছে যে কেনেকৈ জাগতিক ধাৰণাবোৰক বিজ্ঞানে নিজৰ ভৰিৰ ওপৰত থিয় কৰে আৰু ধৰ্মই তাক সম্পূৰ্ণ ওলোটা কৈ (সম্পূৰ্ণ বিপৰীত ধাৰণা) প্ৰতিষ্ঠা কৰিবলৈ বাধ্য কৰে।
কিন্তু ‘ক্লাইমেক্স’ এতিয়াও বাকী কাৰণ হিপেছীয়া এতিয়াও আছে আৰু যেতিয়ালৈকে হিপেছীয়া থাকিব, বিবেক আৰু বিজ্ঞান থাকিব। ঘনঘোৰ অন্ধকাৰতো পোহৰ বাকী থাকিব। এই পোহৰ নুমাই নোযোৱালৈকে আন্ধাৰৰ পূৰ্ণ বিজয় কেনেকৈ হ’ব পাৰে।
হিপেছীয়াৰ ওপৰত ‘হবীব তনবীৰ’ ৰ এখন প্ৰসিদ্ধ নাটক আছে । তেওঁৰ এই পংক্তিটো চোৱা যাওঁক, “হিপেছীয়াক ৰাস্তাৰ পৰা চোঁচৰাই টানি গীৰ্জাৰ ভিতৰলৈ লৈ যোৱা হয়। তাৰ মজিয়াত ঘঁহাই ঘঁহাই গাৰ ছাল আঁতৰাই পেলাইছিল। দেখিলে যে চকু দুটা জীয়াই আছে, সেই দুটা ঘূকুটি পেলালে। শৰীৰৰ প্ৰত্যেক অংগ এটা এটাকৈ কাটি পেলালে আৰু বাহিৰলৈ উলিয়াই আনি জ্বলাই দিলে।”
চলচ্চিত্ৰখনত হিপেছীয়াৰ মৃত্যু বেলেগ ধৰণে দেখুওৱা হৈছে। কিন্তু একেই বৰ্বৰতাৰ সৈতে। এই চলচ্চিত্ৰখনৰ নিৰ্দেশক *আলেখাণ্ড্ৰ’ আমেনেবাৰ (Alejandro Amenabar) এজন ঘোষিত নাস্তিক। সেইবাবেই হয়তো ধৰ্মৰ বৰ্বৰতাক এনেকৈ শক্তিশালী ৰূপত দেখুৱাব পাৰিলে।
এই চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ আজিৰ সমাজত বাঢ়ি অহা ধৰ্মীয় অসহিষ্ণুতা, ৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠৰ ধৰ্মৰ লগত নিজকে জড়িত কৰা আৰু সংখ্যালঘূ সকলক হেয় প্ৰতিপন্ন কৰা ইত্যাদিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে অৰ্থাৎ ৰাষ্ট্ৰত বাঢ়ি অহা ধৰ্মীয় বৰ্বৰতা লৈ চকু দিছে।
এফালৰপৰা এইখন এখন ইতিহাস কেন্দ্ৰিক চলচ্চিত্ৰ হোৱাৰ লগতে আজিৰ সমাজখনৰ বিৰুদ্ধে এক তীক্ষ্ণ সমালোচনা। আজিৰ ধাৰ্মিক ৰাষ্ট্ৰবোৰৰ অৱস্থা সেই সময়ৰ ৰোম আৰু আলেকজেণ্ড্ৰীয়াৰ দৰে একে, লাগিলে সেইয়া ইছলামিক ৰাষ্ট্ৰ হওঁক, বৌদ্ধ ধৰ্মৰ দেশ ম্যানমাৰ হওঁক অথবা হিন্দু ধৰ্মৰ দেশ (অঘোষিত ৰূপত) ভাৰতেই হওঁক। প্ৰত্যেক ঠাইতে হিপেছীয়াক বাছি বাছি মাৰি পেলোৱা হৈছে। গৌৰী লংকেশ, পানছাৰে, ডাভোলকাৰ, এইসকল হিপেছীয়াৰ দৰে ব্যক্তি নহয় যদি কোন হয় ?
এইখন চলচ্চিত্ৰই আমাক সচেতন কৰে যে আমি পুনৰ অন্ধকাৰ যুগলৈ যাম নে লাখ কোটি ‘হিপেছীয়া’ হৈ সেই অন্ধকাৰ ভেদি ওলাই আহিম ।
সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত ……..
‘চিলড্ৰেন অব হেভেন’ : সুবাসেৰে ভৰা ল’ৰালিৰ ২৫ বছৰ
শিশুৰ কোমল মনৰ পৃথিৱীখন ভাঙি-চিঙি লৈহে আমাৰ ডাঙৰবোৰৰ ‘বুদ্ধিমান’ পৃথিৱীখন গঢ় লৈ উঠে। কিন্তু আমাৰ এই ‘বুদ্ধিমান’ অৱস্থাটো বহু সময়ত ইমানেই আমনিদায়ক হৈ উঠে যে মুকলি সজীৱ এজাক বতাহ পাবৰ বাবে আমি আকৌ ল’ৰালিৰ সেই দিনবোৰ জুমি চাবলৈ বাধ্য হওঁ।
আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতে মুক্তি লাভ কৰা **মাজিদ মাজিদি (Masjid Majidi) ৰ বিখ্যাত ইৰাণী চলচ্চিত্ৰ ‘চিলড্ৰেন অব হেভেন’ য়ে আমাৰ সন্মুখৰ পৰ্দাত তেনে এখন খিৰিকী খুলি দিয়ে য’ত শিশুৰ কোমল পৃথিৱীখনে ডাঙৰৰ ‘বুদ্ধিমান’ পৃথিৱীখনতকৈ নিঃসন্দেহে নিজৰ সৰলতাৰ সুবাস চাৰিওফালে সিঁচি দিয়ে। চলচ্চিত্ৰখনৰ কাহিনীটোও খুব সৰল ……
ন বছৰীয়া ‘আলি’ য়ে তাৰ মৰমৰ ছয় বছৰীয়া ভনীয়েক ‘জাহাৰা’ ৰ গুলপীয়া ৰঙৰ জোতাযোৰ মেৰামতি কৰাবলৈ বজাৰলৈ নিয়াৰ সময়ত ক’ৰবাত হেৰুৱাই পেলায়। ঘৰত টকা-পইছাৰ অভাৱৰ বাবে সি মাক-দেউতাকক কথাটো নজনালে। পাঁচ মাহৰ ঘৰ ভাড়াই দিব পৰা নাই । মাক-দেউতাক খুব চিন্তিত হৈ আছে। তাই এতিয়া স্কুল কেনেকৈ যাব এই কথাটো ভাবি জাহাৰাৰ মনত দুখ লাগে যদিও পিছত তাই ঘটনাটো মানি লয় আৰু আলিৰ জোতাযোৰকে দুয়োটাই অদল -বদল কৰি পিন্ধাৰ সিদ্ধান্ত লয়।
ভাগ্য ভাল যে জাহাৰাৰ স্কুল ৰাতিপুৱা বহে আৰু আলিৰ স্কুল দুপৰীয়া সময়ত বহে। তাৰপাছতো আলিক সময়মতে জোতাযোৰ দিবলৈ জাহাৰাই দৌৰিবলগীয়া হয়। জাহাৰাই সময়ত জোতা দিব নোৱাৰাৰ বাবে আলিৰ স্কুল গৈ পাওঁতে প্ৰায়ে দেৰি হয় আৰু সি প্ৰধান শিক্ষকৰ গালি শুনিব লগা হয়। চলচ্চিত্ৰখনত আলি আৰু জাহাৰাই বেছি ভাগ সময় দৌৰি থকাই আমি দেখিবলৈ পাওঁ। দৌৰ মৰা যে ইমান সুন্দৰ হ’ব পাৰে, এই চলচ্চিত্ৰখন চোৱাৰ আগলৈকে ভাবিবই পৰা নাছিলোঁ। আচলতে মানুহেও দৌৰি দৌৰিয়েই আজি ইমানখিনিলৈকে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে!
ককায়েক আৰু ভনীয়েকৰ মাজৰ মৰম আৰু কাজিয়াৰ মধুৰ দৃশ্য বোৰে আমাক কান্দিবলৈ বাধ্য কৰে আৰু চকুপানীয়ে আমাৰ কলুষতাখিনি উটুৱাই লৈ যায়! ইয়াৰ মাজতে আলিৰ স্কুলত এখন দৌৰ প্ৰতিযোগিতাত অনুষ্ঠিত হয়। পুৰস্কাৰৰ তালিকাত তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীৰ বাবে এযোৰ জোতা আছে। আলিৰ সদায় দৌৰ মৰা অভ্যাস আছেই আৰু মৰমৰ ভনীয়েকৰ বাবে তাক জোতাযোৰ লাগে। নিশ্চিত হ’ল যে সি প্ৰতিযোগিতাত ভাগ ল’ব আৰু তৃতীয় স্থান আনিব। প্ৰতিযোগিতাৰ দিনা কেনেবাকৈ প্ৰথম বা দ্বিতীয় হয় বুলি সি মাজতে পিছ পৰি দিয়ে আকৌ কেতিয়াবা আগবাঢ়ি দৌৰে। শেষ মূহুৰ্তত নিবিচৰাকৈয়ে আলি প্ৰথম হয়!
দৌৰ প্ৰতিযোগিতাখনত আলি আৰু জাহাৰাৰ একমাত্ৰ ভৰসা জোতাযোৰ ফাটি যায়। দুখৰ উপৰি দুখ। আলিৰ নিজৰ ওপৰতে খং উঠে আৰু দুখ লাগে, এইয়া কেনেকৈ হ’ল! জোতাযোৰ তাৰ হাতৰ পৰা ওলাই গ’ল। আনন্দত আত্মহাৰা স্কুলৰ প্ৰধান শিক্ষকে আলিক কান্ধত উঠাই ল’লে। তাক জিলিকি থকা ট্ৰফি এটা দিয়া হ’ল । কেমেৰাৰ ফ্লেছ লাইটৰ পোহৰে চাৰিওফালৰ পৰা আলিক বেৰি ধৰিছে । কিন্তু আলিৰ মুখত বিষাদৰ ছাঁ। এটা অতি মন পৰশা আৰু শক্তিশালী দৃশ্য!
চলচ্চিত্ৰখনৰ একেবাৰে শেষৰ দৃশ্যত ককায়েক ভনীয়েক দুয়োটা ঘৰৰ সৰু পুখুৰীটোৰ পাৰত পানীত ভৰি জুবুৰিয়াই চুপ চাপ বহি থাকে। সৰু সৰু ৰং-বিৰং মাছবোৰে আহি আলিৰ ভৰিত খুটিয়াই থাকেহি। এনে লাগে মাছবোৰে আলিৰ ভৰিৰ পৰা ভাগৰ আঁতৰাইছে, আলি আৰু জাহাৰাৰ চকুৰ পানীকে যেন পি খাইছে! আলিৰ মনৰ অৱস্থা হয়তো এই মাছবোৰৰ বাহিৰে অন্য কোনেও বুজি পোৱা নাই …….
জীৱনত পৃথিৱীখনক শিশুৰ মনোজগতৰ মাজেৰে অন্ততঃ এবাৰ হ’লেও নীৰিক্ষণ কৰি চোৱাৰ প্ৰয়োজন আছে। তাৰবাবে ‘চিলড্ৰেন অব হেভেন’ এবাৰ হ’লেও চোৱাটো দৰকাৰ।
পাদটীকা :
*Alejandro Amena`bar (আলেখাণ্ড্ৰ’ আমেনেবাৰ) (স্পেনীয় উচ্চাৰণ) – জন্ম ৩১ মাৰ্চ ১৯৭২ চনত স্পেইনত। সম্পূৰ্ণ নাম Alejandro Fernando Amena`bar Cantos । স্পেনিছ-চিলিয়ান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু চিত্ৰনাট্য লেখক । ১৯ বছৰ বয়সতে পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘La Cabeza’ নিৰ্মাণ কৰে যাৰ কাহিনী , প্ৰযোজনা আৰু নিৰ্দেশনা তেওঁৰ নিজৰ আছিল। এতিয়ালৈকে নিৰ্মাণ কৰা তেওঁৰ আটাইকেইখন চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ উপৰিও ছাউণ্ড ট্ৰেক তেওঁ নিজে দিছে। তেওঁ নিৰ্মাণ কৰা প্ৰতিখন চলচ্চিত্ৰই বিভিন্ন শিতানত স্পেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (Goya) লাভ কৰিবলৈ সক্ষম হৈছে। এটা সঁচা জীৱন কাহিনীৰ ওপৰত নিৰ্মিত তেওঁৰ ‘The Sea Inside’ য়ে ২০০৪ চনত বিদেশী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত অস্কাৰ বঁটা লাভ কৰে। সৰুৰে পৰা তেওঁৰ চিনেমা চোৱা, গল্প লিখা আৰু কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আছিল।
তেওঁ নিৰ্মাণ কৰা উল্লেখযোগ্য কেইখনমান চলচ্চিত্ৰ হৈছে – ‘Thesis'(1996) , ‘Abre Los Ojos'( Open Your Eyes) (1997), ‘The Others’ (2001), ‘The Sea Inside'(2004), ‘Agora'(2009), ‘Regression'(2015), ‘While at War'(2019) । আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৰ লাভ কৰা কল্প বিজ্ঞান কাহিনীৰ চলচ্চিত্ৰ ‘Abre Los Ojos’ খন পুনৰ নিৰ্মাণ হৈছিল ‘Vanilla Sky’ নামেৰে। প্ৰেতাত্মাৰ সাধুকথা ‘The Others’ কেৱল স্পেইনতে নহয় , বিদেশতো বহুলভাৱে প্ৰচলিত এখন চলচ্চিত্ৰ। আনহাতে ‘Agora’ ক এতিয়ালৈকে স্পেইনৰ সৰ্বাধিক ব্যয়বহুল চলচ্চিত্ৰ হিচাবে গণ্য কৰা হয়।
** মাজিদ মাজিদি (Masjid Majidi)– জন্ম ১৭ এপ্ৰিল ১৯৫৯ চনত ইৰাণৰ টেহৰানত । বিশ্ব খ্যাত চলচ্চিত্ৰ নিৰ্দেশক, প্ৰযোজক তথা চিত্ৰনাট্য লেখক। Institute of Dramatic Arts in Tehran ত অধ্যয়ন কৰা মাজিদিয়ে প্ৰথমে অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত নিজৰ চিনাকি দাঙি ধৰিছিল। ‘ইৰাণ বিপ্লৱ’ ৰ দ্বাৰা প্ৰভাৱিত মাজিদিয়ে অভিনয় কৰা এখন উল্লেখযোগ্য চলচ্চিত্ৰ ‘Boycott’ (1985).
‘জীৱন’ ক চিত্ৰিত কৰা বিভিন্ন বিষয়ক লৈ নিৰ্মাণ কৰা তেওঁৰ উল্লেখযোগ্য কেইখনমান চলচ্চিত্ৰ হ’ল – ‘Children of Heaven’ (1997), ‘The Colour of Paradise’ (2000), ‘Baran’ (2001), ‘One Life More’ (2005), ‘The Song of Sparrow'(2008), ‘Beyond the Clouds'(2017), ‘Sun Children'(2020)। ইয়াৰ উপৰিও তেওঁ বহুকেইখন চুটি দৈৰ্ঘ্যৰ ছবি আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তাৰে ভিতৰত গুৰুত্বপূৰ্ণ এখন তথ্যচিত্ৰ হ’ল ‘Barefoot to Herat’ (2003), তালিবানৰ পৰা গুচি আহি আফগানিস্তানত আশ্ৰয় লোৱা শৰণাৰ্থী সকলক লৈ নিৰ্মাণ কৰিছে। ২০০৮ চনত গ্ৰীষ্মকালীন অলিম্পিকত বেইজিং চহৰখনক বিশ্ববাসীৰ আগত চিনাকি কৰি দিয়াৰ মানসেৰে বেইজিং চৰকাৰে নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘Vission Beijing’ ত অংশগ্ৰহণ কৰা পাঁচজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্দেশকৰ অন্যতম এজন আছিল মাজিদ মাজিদি।