যন্ত্রবৎ ।। মূল : ইটালো কালভিনো; অনুবাদ : কৌশিক দাস
………তেতিয়াই প্রজাগণে বিদ্রোহ কৰি উঠিল আৰু বহুতকে মাৰি পেলালে ।। মুক্ত চিন্তা, দশম বছৰ, তৃতীয় সংখ্যা, নভেম্বৰ, ২০২৪ ।।
[ইটালো কালভিনো (Italo Calvino, ১৯২৩-১৯৮৫) আছিল ইটালীৰ এগৰাকী বিখ্যাত লিখক। জন্ম হৈছিল কিউবাত। হাভানাৰ পৰা দুবছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ইটালীলৈ আহে। দ্বিতীয় বিশ্বযুদ্ধৰ দ্বন্দ্বমুখৰ পৰিবেশে তেওঁৰ সাহিত্য-ভাৱনা গঢ় দিয়াৰ উপৰিও তেওঁৰ মনটো মাৰ্ক্সীয় দৰ্শনৰ ফালে লৈ যোৱাত এটা নিৰ্ণায়ক ভূমিকা লৈছিল। ইটালীৰ কমিউনিষ্ট পাৰ্টীৰ সক্রিয় সদস্য আছিল কালভিনো। তেওঁ নিজকে নাস্তিক আৰু ধৰ্মহীন বুলি পৰিচয় দিছিল। ১৯৫৭ চনত, হাংগেৰিৰ ওপৰত ছোৱিয়েট আগ্রাসনৰ (১৯৫৬) এবছৰ পাছত, কালভিনোই কমিউনিষ্ট পাৰ্টিৰ সৈতে আনুষ্ঠানিক সংস্পৰ্শ ত্যাগ কৰে। ইটালীয়ান ভাষাৰ পৰা Tim Parks-এ কৰা ইংৰাজী অনুবাদ Numbers in the Dark and Other Stories গ্ৰন্থৰ Making Do নামৰ গল্পটোৰ এইটো অসমীয়ালৈ কৰা ৰূপান্তৰ। গল্পৰ নাম আৰু গল্পটোৰ অনুবাদ আক্ষৰিক নহয়।]
এখন নগৰ আছিল, য’ত সকলো কথাই আছিল নিষিদ্ধ।
যিহেতু এটা মাত্র বস্তু—টাংগুটি খেল—তাত নিষিদ্ধ নাছিল, সেয়েহে নগৰখনৰ সাধাৰণ লোকসকলে নগৰৰ উপকণ্ঠৰ ঘাঁহনিখনত গোট খাইছিল আৰু তাতেই টাংগুটি খেলি দিনটো পাৰ কৰিছিল।
নিষিদ্ধকৰণৰ আইনবোৰ যিহেতু এটা এটাকৈ বলবৎ কৰা হৈছিল, আৰু সেইবোৰৰ বাবে সদায় ভাল যুক্তি আছিল, সেয়েহে কোনেও সেইবোৰত কোনো অভিযোগৰ কাৰণ বিচাৰি পোৱা নাছিল, বা সেইবোৰৰ সৈতে সহজ হৈ পৰিবলৈ কাৰো কোনো সমস্যা হোৱা নাছিল।
বছৰৰ পাছত বছৰ পাৰ হৈ গৈছিল। এসময়ত ক্ষমতাশালী বিষয়াসকলে দেখিলে যে সকলোবোৰ নিষিদ্ধ কৰি থোৱাৰ আৰু কোনো যুক্তি নাই, সেয়েহে তেওঁলোকে দূতসকলক পঠিয়ালে এইটো কথা জনাবলৈ যে এতিয়া সৰ্বসাধাৰণে যি বিচাৰে তাকেই কৰিব পাৰিব।
দূতসকল সৰ্বসাধাৰণ মানুহ একগোট হোৱাৰ ঠাইসমূহ পালেগৈ।
“শুনা, সকলোৱে শুনা! এতিয়া আৰু একো নিষিদ্ধ নহয়”।
মানুহবোৰে টাংগুটি খেলি থাকিল।
“বুজিছানে”, দূতসকলে পুনৰ দোহাৰিলে ডাঙৰকৈ, “তোমালোকে এতিয়া যিহকে মন যায়, তাকেই কৰিব পাৰা”।
“ঠিক আছে”, মানুহবোৰে উত্তৰ দিলে, “আমি টাংগুটি খেলি আছোঁ”।
দূতসকলে তেতিয়া মানুহবোৰক সোঁৱৰাই দিলে যে এসময়ত তেওঁলোকে খুব ভাল আৰু লাগতীয়াল কাম-কাজত নিমগ্ন হৈ আছিল, আৰু এতিয়া সেইবোৰত তেওঁলোকে পুনৰাই আত্মনিয়োগ কৰিব পাৰে।
দূতসকলে তেওঁলোকৰ সকলো প্রচেষ্টা অসাৰ হৈ পৰা দেখি কথাটো জনাবলৈ ক্ষমতাশালী বিষয়াসকলৰ ওচৰলৈ উভতি গ’ল।
“তেনেই সহজ”, বিষয়াসকলে ক’লে, “টাংগুটি খেলটো নিষিদ্ধ কৰি দিলেই হ’ল”।
তেতিয়াই প্রজাগণে বিদ্রোহ কৰি উঠিল আৰু বহুতকে মাৰি পেলালে। তাৰপিছত সময় নষ্ট নকৰি তেওঁলোক টাংগুটি খেলিবলৈ উভতি গ’ল।