বিবিধ চিন্তা

দেশৰ  দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ ভয়াৱহ পৰিণাম (সঞ্জয় ৰবিদাস)

ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম জনবসতিপূৰ্ণ দেশ৷ ভাৰতবৰ্ষই বিশ্বৰ ১৭% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে, যিয়ে প্ৰায় এশ ত্ৰিশ কোটিতকৈয়ো অধিক লোকৰ হিচাপ দিয়ে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা “ৱৰ্ল্ড প্ৰস্পেক্টাচ : দ্য ৰিভিজন”-ৰ মতে, ১.৩ বিলিয়ন বাসিন্দা থকা ভাৰতে ২০২৪ চনৰ ভিতৰত চীনৰ ১.৪ বিলিয়ন জনসংখ্যাক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’ব৷ ভাৰতৰ প্ৰতিটো কোণত বৃদ্ধি পোৱা জনসংখ্যাৰ ছবিখন মেট্ৰ’ ষ্টেচন, বিমানবন্দৰ, ৰেলৱে ষ্টেচন, ৰাস্তা-ঘাট, বাছ ষ্টপেজ, শ্বপিং মল, বজাৰ, সামাজিক / ধৰ্মীয় সমাৱেশ, উৎসৱকেন্দ্ৰিক বজাৰ আদিত পৰিষ্কাৰকৈ পৰিলক্ষিত হয়৷ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে এটা ভয়াবহ  পৰিস্থিতিলৈ আমাক লৈ যাব আৰু দেশৰ অতিৰিক্ত জনসংখ্যাই খাদ্যসমস্যা, ভূমিসমস্যা, নিবনুৱাসমস্যাকে ধৰি নানান সমস্যাৰ সৃষ্টি কৰিব‌। অত্যধিক জনসংখ্যাই মানুহক দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ জালত আৱদ্ধ কৰি ৰাখিছে যিয়ে সমস্যাটোক আৰু অধিক বৃদ্ধি কৰিছে৷

জনসংখ্যা বিস্ফোৰণ আমাৰ দেশৰ বহুতো সমস্যাৰ মূল। দৰিদ্ৰতা, নিৰক্ষৰতা, ৰোগ, হিংসা, নিবনুৱাসমস্যা, প্ৰদূষণ, দুৰ্নীতিয়ে ইত্যাদিয়ে দেশৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰি আহিছে। ভাৰতৰ পৰিয়াল পৰিকল্পনা আৰু কল্যাণমূলক কাৰ্যসূচী আৰু জনসংখ্যা নীতিয়ে আকাংক্ষিত ফলাফল দিব পৰা নাই আৰু জনসংখ্যা বৃদ্ধি অব্যাহত আছে যিয়ে আমাৰ সীমিত আন্তঃগাঁথনিৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে আৰু দেশৰ উন্নতিত অন্তৰায়ৰ সৃষ্টি কৰিছে। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজৰ পাৰ্থক্যই জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ৷  যদিও ২০১১ চনৰ লোকপিয়ল অনুসৰি জন্মৰ হাৰ প্ৰকৃততে হ্ৰাস পাইছে কিন্তু উন্নত অনাময় ব্যৱস্থা আৰু স্বাস্থ্য সুবিধাৰ বাবে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত জনসংখ্যা হ্ৰাস পোৱা নাই। মানুহৰ গড় আয়ুসো ৭০ বছৰলৈ বৃদ্ধি পাইছে৷ চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উত্তৰণে কঢ়িয়াই আনিছে বৰ্ধিত জনসংখ্যাৰ বোজা৷ যদিও, আইনগতভাৱে এগৰাকী ছোৱালীৰ বিবাহযোগ্য বয়স বৰ্তমান ২১ বছৰ কৰা হৈছে, তথাপিও বহু ঠাইত এই সীমাৰেখাৰ আগতীয়া বিবাহৰ ধাৰণাটো প্ৰচলিত হৈ আছে৷ কম বয়সতে বিবাহপাশত আবদ্ধ কৰিলে সন্তান জন্ম দিয়াৰ বয়স দীঘলীয়া হোৱাৰ লগতে নিৰক্ষৰতায়ো জনসংখ্যা বৃদ্ধি অৰিহণা যোগাইছে৷

পুত্ৰ সন্তান জন্ম নোহোৱালৈকে বহু দম্পত্তিয়ে সন্তান জন্ম দিয়েই থাকে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ আন এটা কাৰক হৈছে দৰিদ্ৰতা৷ দৰিদ্ৰ পৰিয়ালৰ এই ধাৰণা আছে যে পৰিয়ালটোৰ সদস্যৰ সংখ্যা যিমানেই বেছি হ’ব সিমানেই উপাৰ্জন কৰিবলগীয়া ব্যক্তিৰ সংখ্যা বেছি হ’ব৷  এইদৰে ই জনসংখ্যা বৃদ্ধিত ইন্ধন যোগায়৷ আমি এই কথাটো আওকাণ কৰিব নোৱাৰোঁ যে বাংলাদেশ, নেপালৰ পৰা কিছু প্ৰব্ৰজন হৈ ভাৰতত জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পাইছে৷ নিৰক্ষৰতা হৈছে অতিৰিক্ত জনসংখ্যাৰ আন এটা কাৰণ। শিক্ষিত ব্যক্তিসকল পৰিয়াল পৰিকল্পনাৰ ধাৰণাসমূহৰ বিষয়ে অধিক সচেতন। কিন্তু নিৰক্ষৰ লোকসকল জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ বিষয়ে অজ্ঞ,  বা ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ ইচ্ছুক নহয়। পৰিয়ালত বেছি মানুহ থকাৰ বিৰূপ প্ৰভাৱৰ বিষয়ে অশিক্ষিত লোকসকল অৱগত নহয়৷  স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ভাৰতৰ পৰিস্থিতি ভাল নহয়, জনসংখ্যাৰ অতিৰিক্ততাৰ বাবে৷ ভাৰতৰ উন্নয়নৰ বাবে ই এক ভাবুকি হৈ পৰিছে৷ জনসংখ্যা বৃদ্ধিয়ে মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়৷ সেইবাবেই স্বাধীনতাৰ পিছত কৃষি আৰু উদ্যোগিক ক্ষেত্ৰত আমাৰ দৰ্শনীয় অগ্ৰগতিৰ পিছতো আমাৰ জনমূৰি আয় যথেষ্ট বৃদ্ধি হোৱা নাই৷ দেশৰ  উচ্চ জনসংখ্যাৰ কিছুমান ডাঙৰ প্ৰভাৱ তলত দিয়া ধৰণৰঃ

ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ ফলত খাদ্য যোগানৰ নাটনি আৰু ভূমিৰ ওপৰত প্ৰচণ্ড হেঁচাৰ সৃষ্টি হৈছে৷ ইয়াৰ ৬০%-তকৈ অধিক জনসংখ্যাই কৃষি-কৰ্মত নিয়োজিত হোৱাৰ পিছতো মানুহে ন্যূনতম প্ৰয়োজনীয় পৰিমাণৰ খাদ্যও নাপায়৷ ভাৰতৰ দৰে দেশ এখনত বিপুল জনসংখ্যাৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰাটো অতি কঠিন৷ সেয়েহে প্ৰতি বছৰে বৃদ্ধি পাইছে নিৰক্ষৰ লোকৰ সংখ্যা৷ দেশৰ আন্তঃগাঁথনিগত সুবিধাসমূহৰ উন্নয়ন দুৰ্ভাগ্যজনকভাৱে জনসংখ্যা বৃদ্ধিৰ লগত খোজ মিলাব পৰা নাই৷ ফলত পৰিবহণ, যোগাযোগ, উদ্যোগ, গৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্যসেৱা আদিৰ বিকাশৰ গতি স্তব্ধ। বৃদ্ধি পোৱা জনসংখ্যাৰ সন্মুখত দেশৰ ভিতৰত আয়ৰ অসমান বিতৰণ আৰু বৈষম্য বহল হৈ পৰে৷ বৰ্ধিত জনসংখ্যাৰ আকাৰে ৰাজনৈতিক অস্থিৰতাত অৰিহণা যোগাব পাৰে। চৰকাৰে জনসাধাৰণক মৌলিক ন্যূনতম সুবিধা প্ৰদান কৰাত ব্যৰ্থ হ’লে জনসাধাৰণৰ মাজত আন্দোলন আৰু অশান্তিৰ সৃষ্টি হয়৷ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত চাৰিবৰ্ষীয় নিযুক্তি আঁচনি ‘অগ্নিপথ”ক লৈ দেশৰ বিভিন্ন প্ৰান্তত নিবনুৱাসকলে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে।

যিখন দেশত জনসংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি পাইছে, সেইখন দেশত অৰ্থনৈতিক উন্নয়ন লেহেমীয়া হোৱাটো নিশ্চিত৷ সঞ্চয়ৰ অনুপস্থিতিৰ ফলত মূলধন গঠন কম হয়৷ অতিৰিক্ত জনসংখ্যাৰ বাবে অনুৎপাদনশীল নাগৰিকৰ মানৱ সম্পদ অপচয় হ’ব৷ জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে কৰ্মহীন নিবনুৱা জনসংখ্যা বৃদ্ধি কৰি উপাৰ্জনক্ষম ব্যক্তিৰ ওপৰত  নিৰ্ভৰশীলতাৰ অনুপাত বৃদ্ধিত অৰিহণা যোগায়৷ সেয়েহে ই গৃহ নিৰ্মাণ, শৈক্ষিক, জনস্বাস্থ্য, যোগাযোগ আৰু উদ্যোগ আদিত নিযুক্তিৰ সুবিধা বৃদ্ধি কৰিব লাগিব যিয়ে সামাজিক সন্তুলন বৰ্তাই ৰাখিব৷  অজ্ঞানতা, নিৰক্ষৰতা, অস্বাস্থ্যকৰ জীৱন-ধাৰণৰ অৱস্থাৰ মূলতে জনসংখ্যা বৃদ্ধিৰ সমস্যা অন্যতম। জনসংখ্যা বিস্ফোৰণৰ সমস্যাটোক চৰকাৰে আওকাণ কৰিব নোৱাৰে কাৰণ দেশৰ সমগ্ৰ উন্নয়ন নিৰ্ভৰ কৰে ইয়াক কিমান ফলপ্ৰসূভাৱে ৰোধ কৰা হৈছে তাৰ ওপৰত৷ ভাৰত চৰকাৰ, ৰাজনীতিবিদ, নীতি-নিৰ্ধাৰকসকলে সাহসী জনসংখ্যা নীতিৰ সূচনা কৰা উচিত যাতে দেশৰ অৰ্থনৈতিক বিকাশে বৃদ্ধি পোৱা জনসংখ্যাৰ দাবীৰ লগত খোজ মিলাব পাৰে৷  জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে কাৰ্যকৰী কৰা প্ৰধান পদক্ষেপসমূহ হৈছে—মহিলা আৰু ছোৱালীৰ কল্যাণ আৰু মৰ্যাদা বৃদ্ধি কৰা, শিক্ষাৰ প্ৰসাৰ, গৰ্ভনিৰোধক আৰু পৰিয়াল পৰিকল্পনা পদ্ধতিৰ ব্যৱহাৰৰ বাবে সজাগতা বৃদ্ধি কৰা, যৌন শিক্ষা, পুৰুষৰ বন্ধ্যাকৰণ আৰু জন্মৰ ব্যৱধানত উৎসাহিত কৰা, দৰিদ্ৰসকলৰ মাজত গৰ্ভনিৰোধক আৰু কণ্ডমৰ বিনামূলীয়া বিতৰণ, মহিলা সবলীকৰণক উৎসাহিত কৰা, দৰিদ্ৰসকলৰ বাবে অধিক স্বাস্থ্যসেৱা  গ্ৰহণ কৰা ইত্যাদি। বিজ্ঞান আৰু প্ৰযুক্তি, চিকিৎসা আৰু স্বাস্থ্যসেৱা, ক্ৰীড়া, ব্যৱসায় আৰু উদ্যোগ, সামৰিক, যোগাযোগ, মনোৰঞ্জন, সাহিত্য আৰু বহুতো ক্ষেত্ৰতেই বিশ্বত ভাৰতৰ শক্তিক আওকাণ কৰিব নোৱাৰি৷ বিশেষজ্ঞসকলে আশাবাদী যে জনসচেতনতা বৃদ্ধি কৰি আৰু চৰকাৰে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি-নিয়মসমূহ তালিকাভুক্ত কৰি নিশ্চিতভাৱে দেশৰ অৰ্থনৈতিক সমৃদ্ধি আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ পথত আগবাঢ়ি যাব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *