ইতিহাসৰ শুদ্ধিকৰণ আৰু মহিশূৰৰ টিপু চুলতান (অলকেশ শইকীয়া)
কিছু বছৰ আগতে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে ইতিহাস শুদ্ধিকৰণৰ প্ৰজেক্ট এটা হাতত লৈছিল৷ তেনে শুদ্ধিকৰণৰ ফলত ইতিহাসপ্ৰসিদ্ধ হলদিঘাটৰ ৰণৰ চৰিত্ৰই সলনি হৈ গ’ল৷ এইটো কথা ঐতিহাসিক সত্য যে সেই যুদ্ধত চিতোৰৰ ৰাণা প্ৰতাপ সিংহৰ পৰাজয় ঘটিছিল আৰু তেওঁ পলাই যাব লগীয়া হৈছিল৷ বিজেপি নেতাসকলৰ মতে সেইটো হ’বলৈ দিব নোৱাৰি৷ বহুকেইজন ৰাজপুত ৰজাই মোগল সম্ৰাটৰ পক্ষত থাকি যুদ্ধ কৰিছিল৷ এই কথাটোও মানি ল’ব নোৱাৰি৷ দেখুওৱা হৈছিল যে ৰাজপুত ৰজাসকলে সম্ৰাট আকবৰৰ বিৰুদ্ধে ৰাণা প্ৰতাপৰ পক্ষত প্ৰবল পৰাক্ৰমেৰে যুঁজ কৰিছিল৷ যুদ্ধত হাৰি সম্ৰাট আকবৰ পলাই গৈছিল৷ তেওঁৰ সৈন্য বাহিনী চেদেলি ভেদেলি হৈ গৈছিল৷
প্ৰশ্ন হয় শাসকৰ ইচ্ছা আৰু সুবিধামতে ইতিহাসৰ তথ্য-পাতি সাল সলনি কৰিব পাৰি নেকি? আজিৰ বিজ্ঞানভিত্তিক ইতিহাস ৰচনাত এইটো নিশ্চিতভাৱে অভাৱনীয় কথা৷ ইতিহাসৰ দাৰ্শনিক ই. এইচ কাৰে তেওঁৰ বিখ্যাত ‘What Is History’ নামৰ গ্ৰন্থখনত লিখিছে একেখিনি তথ্য-পাতিকে ব্যৱহাৰ কৰি বিভিন্ন লেখকে বিভিন্ন ‘মচলা’ ব্যৱহাৰ কৰি বিভিন্ন স্বাদৰ ইতিহাস ৰচনা কৰিব পাৰে৷ ‘মচলা’ শব্দটোৱে বুজাইছে দৃষ্টিভংগী৷ এতিয়া পিছে তথ্য-পাতিকে সলাই এচাম মানুহক অন্য এচামৰ লগত যুঁজিবলৈ বা এচামৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলিছে৷ ই. এইচ. কাৰে কোৱা ‘মচলা’ৰ লগতে আচল বস্তুখিনিকে সলাই দিব খোজা হৈছে ৷ এই ব্যৱস্থাটোৰ দ্বাৰা আখ্যান আৰু কল্পকাহিনীহে ৰচনা কৰাটো সম্ভৱ৷ এই ব্যৱস্থাৰ দ্বাৰা ইতিহাস ৰচনা সম্ভৱ নহয়৷ কিন্তু তাকে ইতিহাস হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলিছে৷ তাত বৈজ্ঞানিক চিন্তাৰ প্ৰকাশ ঘটিছে বুলিও ক’ব খোজা হৈছে৷
আলাউদ্দিন খিলজী আৰু পদ্মাৱতী
দিল্লীৰ চুলতান আলাউদ্দিন খিলজী ভাৰতৰ ইতিহাসৰ এক উল্লেখযোগ্য চৰিত্ৰ৷ ঐতিহাসিকসকলে একেমুখে আলাউদ্দিন খিলজীৰ অসীম সাহস আৰু বীৰত্বৰ কথা স্বীকাৰ কৰিছে৷ চেংগিজ খানৰ নাতি হালাকু খানে মধ্য আৰু পশ্চিম এছিয়া জয় কৰি ধ্বংসস্তুপত পৰিণত কৰিছিল৷ তাৰ পিছত বাৰম্বাৰ ভাৰতত প্ৰৱেশৰ বাবে অভিযান চলাইছিল৷ এই অভিযানক বাধা দিয়া বাবে আলাউদ্দিন খিলজীক ইতিহাসে মনত ৰাখিছে৷ আলাউদ্দিন খিলজীৰ সৈন্যবাহিনীয়ে বিপুল ক্ষতি স্বীকাৰ কৰি সেই আক্ৰমণবিলাক ওফৰাই দিছিল৷ শ্বৰিয়ত আইন প্ৰৱৰ্তন কৰিব খোজা মৌলানাসকলক তেওঁ কৈছিল,“মোৰ সিদ্ধান্তবোৰ শ্বৰিয়ত আইনৰ মতে হৈছেনে নাই সেইটো চিন্তাৰ বিষয় নহয়৷ মোৰ সিদ্ধান্তবোৰ প্ৰজাৰ বাবে উপযোগী হৈছেনে নাই সেইটোহে চিন্তাৰ বিষয়”৷ সঞ্জয় লীলা ভাঁচালী নামৰ বোলছবি নিৰ্মাতাজনে আলাউদ্দিন খিলজীক দুশ্চৰিত্ৰৰ ৰজা হিচাপে তুলি ধৰিছিল৷ ১৩০৩ চনত আলাউদ্দিন খিলজীয়ে চিতোৰ আক্ৰমণ কৰিছিল৷ অসীম সাহসিকতাৰে যুঁজ কৰি বন্দী হোৱা ৰতন সিংহ স্মৰণীয় চৰিত্ৰ ৷ কিন্তু ৰতন সিংহৰ পত্নী পদ্মাৱতী আহিল ক’ৰ পৰা?
বিশ্ববিখ্যাত ইতিহাসবিদ ডঃ হৰবংশ মুখিয়াই লিখিছে,“পদ্মাৱতীৰ জন্ম আলাউদ্দিন খিলজীৰ মৃত্যুৰ ২২৪ বছৰ পিছত৷ অযোধ্যাৰ ওচৰৰ জয়শত বাস কৰা চুফী সন্ত কবি মালিক মোহম্মদ জয়শীৰ অমৰ কাব্যগ্ৰন্থ ‘পদ্মাৱৎ’৷ চিতোৰৰ পৰা তেৰশ কিলোমিটাৰ নিলগৰ জয়শত বহি সন্ত কবিজনে সেই অমৰ কাব্যখন ৰচনা কৰিছিল৷ সেই কাল্পনিক কাহিনীত পদ্মাৱতী নায়িকা, ৰাণা ৰতন সিংহ নায়ক আৰু আলাউদ্দিন খিলজী ভিলেইন৷ এই বিষয়ে ডঃ ৰম্যা শ্ৰীনিবাসনে ‘The Many Lives of a Rajput Queen’ নামৰ গৱেষণা গ্ৰন্থখনত পদ্মাৱতী নামৰ কাল্পনিক ৰাণীগৰাকীক লৈ পিছৰ কালত সৃষ্টি হোৱা ভালেকেইটা কাহিনীৰ বিষয়ে উল্লেখ কৰিছে৷ তাত উল্লেখ কৰা শেষৰ কাহিনীটো হৈছে বংগদেশৰ৷ উনৈশ শতিকাৰ শেষ দশকত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা ‘আনন্দমঠ’ত পদ্মাৱতীক মুছলিমবিদ্বেষী হিচাপে দেখুওৱা হৈছিল৷ পদ্মাৱতীয়ে হাজাৰগৰাকী ৰাজপুত ৰমণীসহ আত্মজাহ দিয়া কাহিনী অৱতাৰণা কৰিছিল ৷ কিন্তু আজিৰ এচামৰ ইতিহাস ৰচনাত এইবোৰ কাহিনীয়েই সমল ৷
মহীশূৰৰ টিপু চুলতানৰ প্ৰসংগ
১৯৭৮ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ‘ভাৰত-আৰতী’ নামৰ এটা চিৰিজ প্ৰকাশ কৰিছিল৷ চিৰিজটোত দেশৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনী প্ৰকাশ কৰিছিল৷ সেই চিৰিজৰ এখন আছিল টিপু চুলতান৷ জীৱনীখনত টিপু চুলতানৰ শৌৰ্য-বীৰ্যৰ প্ৰশংসা কৰি তেওঁক এজন আদৰ্শৱান দেশপ্ৰেমিক হিচাপে চিহ্নিত কৰা হৈছিল। ২০০২ চনৰ কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ সময়ত কৰ্ণাটক বিজেপিৰ সভাপতি আছিল য়েদুৰাপ্পা। তেওঁ টীপু চুলতানৰ পাগুৰি মূৰত বান্ধিছিল৷ টিপু চুলতানৰ তৰোৱাল হাতত লৈ টিপু জয়ন্তীৰ শোভাযাত্ৰাৰ নেতৃত্ব দিছিল৷ আৰ এছ এছ বিজেপিৰ বাবে এতিয়া টিপু চুলতান দেশদ্ৰোহী মুছলমান৷ একেজন য়েদুৰাপ্পাৰ দিনতে কৰ্ণাটকত টিপু জয়ন্তী নিষিদ্ধ হৈ পৰিল৷ হিন্দুত্ববাদীৰ নতুন ইতিহাসৰ মতে টিপু চুলতান ব্ৰাহ্মণহত্যাকাৰী৷ এই অভিযোগৰ প্ৰমাণো অৱশ্যে তেওঁলোকৰ হাতত আছে৷ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ১৭৯৮ চনৰ পুস্তিকাত কথাষাৰ আছে৷ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলিয়ে ১৭৯৯ চনত টিপু চুলতানৰ ৰাজ্য আক্ৰমণ কৰিছিল৷ টিপু চুলতানৰ ৰাজ্য আক্ৰমণ কৰাৰ আগে আগে পুস্তিকাখন তেওঁৰ ৰাজ্যৰ প্ৰজাৰ মাজত গুপ্তচৰৰ হতুৱাই বিতৰণ কৰাইছিল৷ টিপু চুলতানৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উচটনি দিয়া হৈছিল৷ সেই পুস্তিকাখনেই এতিয়া হিন্দুত্ববাদী ইতিহাস ৰচনাৰ আচল সমল। Doggy-dossier বুলি জনাজাত পুস্তিকাখনত আছে,“টিপু হিন্দুবিদ্বেষী৷ টিপু হিংস্ৰ জন্তুতকৈও অধম৷ টিপুৱে চাৰিহাজাৰ ব্ৰাহ্মণ হত্যা কৰাইছে”৷ ৱেলেছলিৰ পুস্তিকাখনৰ কথাখিনি পাঁচ বছৰৰ পিছত মহীশূৰ গেজেটিয়াৰত প্ৰকাশ কৰা হৈছিল৷ কৰ্ণাটক বিজেপি চৰকাৰে টিপু চুলতানক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰিলে৷
উইলিয়াম ডালৰিম্পলৰ গৱেষণাত
উইলিয়াম ডালৰিম্পল হৈছে অতি বিখ্যাত ইংৰাজ লেখক৷ সুদীৰ্ঘ গৱেষণাৰ পিছত তেওঁ মোগল যুগ আৰু পৰৱৰ্তী সময়ৰ পটভূমিত তেওঁ কেইবাখনো অতি জনপ্ৰিয় গ্ৰন্থ ৰচনা কৰিছে৷ এখন অন্যতম গ্ৰন্থ হৈছে ‘The Anarchy’৷ তেখেতৰ ভাৰত অনুসন্ধানৰ এটা ডাঙৰ কাৰণ হৈছে টিপু চুলতান৷ ১৭৮০ চনৰ পল্লিলুৰৰ যুদ্ধত টীপু চুলতানৰ ‘টাইগাৰ ফ’ৰ্চে’ সাত হাজাৰ ব্ৰিটিছ বিষয়া আৰু সৈন্য বন্দী কৰিছিল৷ এই বন্দীসকলক টিপু চুলতানৰ শ্ৰীৰংগপট্টমৰ দুৰ্গত বিভিন্ন কামত নিয়োগ কৰা হৈছিল৷ সকলো বন্দীকে ভাৰতীয় পোছাক পিন্ধোৱা হৈছিল৷ ড্ৰাম আৰু বিগুল বজোৱা ইংৰাজসকলক ঘাঘৰা পিন্ধি ৰাজসভাত নাচিবলৈ বাধ্য কৰোৱা হৈছিল৷ সেই বন্দীসকলৰ এজন আছিল উইলিয়ান ডালৰিম্পলৰ আজোককাদেউতাক জেমছ৷ তেখেতে দহবছৰকাল টিপু চুলতানৰ দুৰ্গত কটোৱা সময়ত লিখা টোকাবহীখনে ডালৰিম্পলক ভাৰত সম্পৰ্কে আগ্ৰহী কৰি তুলিছিল৷ অন্য এজন বিদ্বান বন্দী জেইমছ স্কাৰিয়ে পিছত কেইবাটাও প্ৰবন্ধ ৰচনা কৰিছিল৷ জেইমছ স্কাৰিয়ে লিখিছিল,“দহ বছৰ বন্দী অৱস্থাত থাকি ভোজনত শাৰী পাতি মাটিত পাটীত বহি খোৱা আমাৰ অভ্যাস হৈছিল৷ মুক্তিৰ পিছত বহুদিনলৈ ইংৰাজীত ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ অসুবিধা হৈছিল৷ ইউৰোপীয় পোছাকতকৈ ভাৰতীয় পোছাক পিন্ধিহে ভাল লগা হৈছিল”৷ উল্লেখনীয় কথা যে ভাৰতৰ আন কোনো শাসকে ইমান বিপুল সংখ্যক ব্ৰিটিছ সৈন্য বন্দী কৰি ইমান দীঘলীয়া সময় কামত খটুওৱাৰ উদাহৰণ নাই৷ পৃথিৱীৰ আন দেশতো নাই৷ টিপু চুলতানৰ দৰে ৫৪ বছৰ কাল ইংৰাজৰ বিৰুদ্ধে যুদ্ধও আন কোনো ৰজাই চলোৱা নাই৷ ব্ৰিটিছ লেখকেই টীপু চুলতানৰ সৈন্য বাহিনীৰ, বিশেষকৈ অশ্বাৰোহী সৈন্যৰ সাহস, কৌশল আৰু শৃংখলাৰ প্ৰশংসা কৰিছে। তাৰ বিপৰীতে ভাৰতৰ ব্ৰিটিছ শাসকে টিপু চুলতানক যিমান পাৰে সিমান বদনামী কৰিবলৈ চেষ্টা কৰিছিল। ১৭৯৯ চনত ব্ৰিটিছে একলাখ সৈন্যৰে টিপু চুলতানৰ ৰাজ্য আক্ৰমণ কৰোঁতে হায়দৰাবাদৰ নিজাম আৰু মাৰাঠা পেচোৱাৰ সৈন্য-বাহিনী ব্ৰিটিছৰ পক্ষত আছিল৷ এতিয়া হিন্দুত্ববাদীৰ চিন্তাত পেচোৱা হ’ল হিন্দুত্বৰ শ্ৰেষ্ঠতাৰ প্ৰতীক৷
প্ৰজাহিতৈষী টিপু চুলতান
টিপু চুলতানৰ কৰ্মকাণ্ড বিলাক আকৰ্ষণীয় আছিল৷ শৃংখেৰী বৰ বিখ্যাত মঠ৷ ১৭৯৯ চনত মাৰাঠী সৈন্যই লুটপাত চলাই মঠ ধ্বংস কৰি নগদ ষাঠিলাখ টকা আৰু অজস্ৰ সম্পদ কাঢ়ি নিছিল৷ সেই মঠত ১৯৫০ চনত আৱিষ্কাৰ হোৱা চিঠিৰ টোপোলাত টিপু চুলতানৰ চিঠি পোৱা গৈছিল৷ টিপু চুলতানে মঠটো পুনৰ নিৰ্মাণ কৰাই বহু সম্পদ দান কৰিছিল৷ তুংগভদ্ৰা নদীৰ পাৰৰ ব্ৰাহ্মণ সকলৰ ভৰণ-পোষণৰো ব্যৱস্থা কৰিছিল৷ নাপৰৰ ভেংকটৰামন্না মন্দিৰ, মেলকটৰ মন্দিৰ আৰু দুকুৰি মন্দিৰৰ পৰা বৃহৎ সাহায্যৰ খবৰ থকা চিঠি আৱিষ্কাৰ হৈছে৷ বিখ্যাত ৰঘুনাথ মন্দিৰ টিপু চুলতানৰ ৰাজকাৰেঙৰ পৰা মাত্ৰ ১০০ গজ দূৰত্বত অৱস্থিত আছিল৷ এইবোৰ টিপু চুলতানৰ ধৰ্মীয় উদাৰতাৰ নিদৰ্শন৷ ইফালে কুৰ্ল আৰু মালৱাৰৰ ৰজাই ১৭৮০ চনৰ যুদ্ধত ইংৰাজক সহায় কৰিছিল৷ যুদ্ধ জয়ৰ পিছত টিপু চুলতানৰ আদেশত কুৰ্ল আৰু মালৱাৰৰ দলপতিসকলক হাতীৰে গচকাই মৰা হৈছিল৷
টিপু চুলতানৰ এখন চিঠি পেৰিচৰ সংগ্ৰহালয়ত আছে৷ চিঠিখন টিপু চুলতানে নেপোলিয়নলৈ লিখা৷ ইউৰোপৰ ইংৰাজ আৰু ফৰাচীৰ বিবাদ সম্পৰ্কে অৱগত টিপু চুলতানে ফৰাচীৰ সহায়ত ব্ৰিটিছবিৰোধী পৰিকল্পনা কৰিব বিচাৰিছিল৷ টিপু চুলতানে ইংৰাজৰ বিৰুদ্ধে অটোমান চুলতান, কাবুলৰ ৰজা জামান শ্বাহ আৰু নেপোলিয়নৰ সন্মিলিত শক্তিৰে ইংৰাজক সাগৰত কবৰ দিয়াৰ পৰিকল্পনা কৰিছিল৷ এই পৰিকল্পনাৰ কথা চিঠিখনত উল্লেখ আছে৷ টিপু চুলতানে নেপোলিয়ন আৰু চুলতানৰ ওচৰলৈ কটকী পঠিয়াইছিল৷ মহীশূৰ আৰু অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ শত্ৰু যে ব্ৰিটিছ সেইকথা টিপু চুলতানে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷
টিপু চুলতানৰ মৃত্যুৰ পিছত
১৭৯৯ চনৰ যুদ্ধত অতি কূট-কৌশলেৰে যুদ্ধক্ষেত্ৰত ইংৰাজে যুদ্ধ কৰি থকা অৱস্থাত টিপু চুলতানক হত্যা কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ মৃতদেহটো কিন্তু গা-ৰখীয়াসকলে ইংৰাজৰ হাতত পৰিবলৈ নিদিলে৷ পিছদিনা টিপু চুলতানৰ শৱযাত্ৰাত কান্দি-কাটি তেওঁৰ সকলো ধৰ্মৰ প্ৰজাৰ শোভাযাত্ৰা দেখি অবাক হোৱাৰ কথা ইংৰাজ লেখকেই লিখিছিল৷ টিপু চুলতানৰ সৈন্য-বাহিনী ফৰাচী প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষিত আছিল৷ বৰটোপ, ৰকেট, মৰ্টাৰৰ ব্যৱহাৰ টিপু চুলতানৰ বাহিনীৰ বিশেষত্ব আছিল৷ ফ্ৰান্সৰ পৰা অনা যন্ত্ৰ-পাতিৰে ৰাজ্যখনত পানী- যোগান ব্যৱস্থা অতি উন্নত আছিল৷ চীনৰ পৰা অনা পাট-পলুৰ সঁচ ব্যৱহাৰ কৰি ৰাজ্যৰ কৃষকে উন্নত মানৰ পাট উৎপাদন কৰিছিল৷ সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজহ ব্যৱস্থা সম্পৰ্কে বিশেষভাৱে অভিজ্ঞ ছাৰ জন চোৰে টিপু চুলতানৰ ৰাজ্যৰ কৃষক আৰু শ্ৰমিক উন্নয়নৰ প্ৰচেষ্টাক বিশেষভাৱে প্ৰশংসা কৰি গৈছিল ৷
অন্যহাতে টিপু চুলতানে আৰৱ দেশবোৰৰ লগত আৰু চীনৰ লগতো বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল৷ ইংৰাজৰ চিন্তাৰ কাৰণ হৈছিল টিপু চুলতানৰ নৌ-বাহিনী৷ তিনিখন যুদ্ধ জাহাজৰে ফৰাচী আৰ্হিত তেওঁ নৌ-বাহিনী গঠন কৰিছিল৷ প্ৰজাহিতৈষী বীৰজনক লৈ অজস্ৰ লোককাহিনী আৰু লোকগীত আজিও আছে৷ অজস্ৰ নাটক ৰচনা কৰা হৈছে৷ গিৰীশ কাৰ্নাডৰ ‘The Dream of Tipu Sultan’ অতিকৈ বিখ্যাত নাটক৷ ধৰ্মান্ধ বুলি ইংৰাজে প্ৰচাৰ কৰা টিপু চুলতানৰ সৈন্যবাহিনী আৰু প্ৰশাসনত উচ্চপদত সৰহসংখ্যকেই আছিল হিন্দু৷ তেওঁৰ প্ৰধানমন্ত্ৰী পূৰ্ণিয়াও আছিল হিন্দু৷ ক্ষুদ্ৰৰাজ্যৰ ৰজা হৈ ভাৰতক ইংৰাজ শাসনৰ পৰা মুক্ত কৰাৰ সপোন দেখা মানুহজনক ডালৰিম্পলে ‘মেগালোমেনিয়াক’ বুলি কৈছিল৷ আজিৰ হিন্দুত্ববাদীৰ দৰে হিন্দুবিদ্বেষী, ব্ৰাহ্মণ হত্যাকাৰী বুলি কোৱা নাছিল৷