ইতিহাস চৰ্চা আৰু লাচিত বৰফুকন : বিশ্লেষণ আৰু প্ৰাসংগিকতা -(পঙ্কজ প্ৰতিম বৰদলৈ)
ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যক লৈ এক প্ৰাচীন বিৰ্তক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক গ্ৰহণযোগ্য আৰু সৰ্বাত্মক সত্যত উপনীত হ’ব পাৰিনে নাই সেই বিষয়ে নিৰন্তৰ চৰ্চা আৰু বিতৰ্কৰ অৱকাশ আছে৷ বিখ্যাত জাৰ্মান ইতিহাসবিদ লিঅ’পল্ড ভন্ ৰাংকেই (Leopold von-Ranke) তেওঁৰ ইতিহাসবিষয়ক প্ৰথমখন বিখ্যাত গ্ৰন্থ, ‘হিষ্টৰী অৱ দা লেটিন আৰু টিউটনিক নেশ্বন্চ ফ্ৰম ১৪৯৪-১৫১৪’-ত ইতিহাসবিদসকলৰ কামৰ এক আভাস দি জনাইছে যে ইতিহাসৰ ঘটনাসমূহৰ হুবহু উপস্থাপনেই মূলতঃ ইতিহাসবিদসকলৰ প্ৰধান কাম৷ ইয়াৰ বাবে ৰাংকেই এলানি পদ্ধতিও ইতিহাসবিদসকলৰ বাবে প্ৰকাশ কৰিছিল৷ ইতিহাসবিদসকলে নিজৰ ব্যক্তিগত অনুভৱ তথা চিন্তাৰদ্বাৰা ইতিহাসক বিকৃত নকৰিলেহে এক সত্য, বস্তুনিষ্ঠ আৰু আদৰ্শ ইতিহাস লিখা সম্ভৱ বুলি তেখেতে মন্তব্য কৰিছিল৷ ১৯ শতিকাৰ শেষভাগলৈকে ৰাংকেৰ এই মতবাদৰ আধাৰতেই মূলতঃ ইতিহাস চৰ্চা কৰা হৈছিল আৰু ইতিহাসৰ জৰিয়তে এক সত্যত উপনীত হ’ব পৰাৰ ধাৰণাটোৱেও যথাযোগ্য স্বীকৃতি লাভ কৰিছিল৷ বিংশ শতিকাৰ আৰম্ভণিতেই এই ধাৰণাৰ বিপক্ষে এক দৃঢ় আৰু শক্তিশালী মতবাদ গা কৰি উঠিলে আৰু ইতিহাসবিদসকলে ইতিহাসত সংঘটিত কোনো এক ঘটনাৰ সুস্থ, অবিকৃত আৰু সত্য উপস্থাপন কৰিব পাৰিবনে নোৱাৰে তাক লৈ এক প্ৰশ্ন উত্থাপন কৰিলে৷ আমেৰিকাৰ স্বনামধন্য ইতিহাসবিদ কাৰ্ল বেকাৰ Carl Becker আৰু চালৰ্ছ বীৰ্য়েড Charles Beard-এ ইতিহাসৰ এই বস্তুনিষ্ঠ আধাৰক প্ৰত্যাহ্বান জনালে আৰু প্ৰশ্ন উত্থাপন কৰিলে৷ তেওঁলোক যুক্তি আগবঢ়ালে যে, ইতিহাসত পৰম সত্যৰ উপস্থিতি এক আপেক্ষিক অৱধাৰণাহে৷ প্ৰকৃততে, ইতিহাসবিদসকলে ইতিহাসৰ প্ৰকৃত ঘটনাৰ এক নিজস্ব ব্যাখ্যা ইতিহাসবিদসকলৰ সমকালীন সমাজৰ প্ৰয়োজনীয়তা আৰু বিচাৰবুদ্ধিৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়ায়৷ ইতিহাসৰ এই বস্তুনিষ্ঠবাদী objectivisit আৰু আপেক্ষিকতাবাদী relativist বিতৰ্কৰ আজিও এক সৰ্বসন্মত সিদ্ধান্ত নিৰ্ণয় হোৱা নাই¸৷ কিন্তু ইতিহাস চৰ্চা আৰু ইয়াৰ বিশ্লেষণ তথা ইয়াৰ সাম্প্ৰতিক প্ৰাসংগিকতাক এই দুই ধাৰাই সদায়েই প্ৰভাৱান্বিত কৰি আহিছে৷ সাম্প্ৰতিক সময়ত সততেই বিৰ্তকৰ সন্মুখীন হোৱা এটা দিশ হৈছে ইতিহাসৰ পুনৰ লিখন অথবা ইয়াৰ এক নতুন অৰ্থ বা ব্যাখ্যা প্ৰতিষ্ঠাৰ প্ৰয়াস৷ এতিয়া প্ৰশ্ন উঠে যে, ইতিহাসৰ এনে কি এক প্ৰাসংগিক গুৰুত্ব সমকালীন সমাজত আছে, যাৰ বাবে এনেধৰণৰ চিন্তা-চৰ্চা সহজেই গুৰুত্ব লাভ কৰে আৰু ইয়াৰ দ্বাৰা উদ্ভূত হোৱা আৱেগক ন্যস্তস্বাৰ্থজড়িত মহলে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰে৷ E.H Carrএ তেখেতৰ What is History নামৰ বিখ্যাত গ্ৰন্থখনত কৈছিল যে, History is a continuous process of interaction between the historion and his facts, an unending dialogue between the past and present. আনহাতে আন এজন বিখ্যাত ইতিহাসবিদ R.H. Collingwood এ ইতিহাস, বৰ্তমানত কিছু পৰিমাণে হ’লেও জীৱন্ত হৈ থকা অতীতৰ এক অংশ বুলি মন্তব্য কৰিছিল৷ গতিকে এই কথা বুজাত দ্বিমত থাকিব নোৱাৰে যে ইতিহাস কেৱল মাত্ৰ প্ৰয়োজনীয়ই নহয়, মানৱ সমাজৰ গতিশীলতাৰ বাবে ইয়াৰ চৰ্চা অপৰিহাৰ্য ৷ অতীতৰ এক নিৰপেক্ষ, প্ৰমাণসিদ্ধ আৰু নিৰ্মোহ বিশ্লেষণে বৰ্তমানৰ বহু ধাৰণাৰ ভেটি তৈয়াৰ কৰাৰ লগতে ভৱিষ্যতৰ বহুবোৰ সম্ভৱপৰ ভুলক নসাৎ কৰিব পাৰে৷ অতীতৰ এই নিৰপেক্ষ আৰু নিৰ্মোহ তথা প্ৰমাণসিদ্ধ বস্তুনিষ্ঠ বিশ্লেষণ আৰু চৰ্চা যিকোনো সমাজৰ বাবে এক ইতিবাচক পদক্ষেপ হ’ব পাৰে৷ একে সময়তে এই ক্ষেত্ৰত যদি এক আৱেগিক আৰু ৰোমাণ্টিক মনোভাৱ গ্ৰহণ কৰা হয়৷ তেন্তে ই কেৱল মাত্ৰ ইতিহাসৰ বিকৃত উপস্থাপন নহয়, ই হৈ পৰিব সমাজ আৰু জনগণক বিভ্ৰান্ত কৰি এক ঠেক সাম্প্ৰদায়িক, বিচ্ছিন্নতাবাদী আৰু পশ্চাদমুখী চেতনা সৃষ্টিৰ সবোৰ্ত্তম আহিলা৷ প্ৰকৃত ইতিহাসচৰ্চা নিঃসন্দেহে এক বিজ্ঞানসন্মত প্ৰক্ৰিয়া আৰু বৰ্তমান সময়ত ইতিহাসৰ চৰ্চা বিভিন্ন কাৰিকৰী প্ৰযুক্তি আৰু আন্তঃবিষয় চৰ্চাৰ জৰিয়তেও কৰাৰ চেষ্টা কৰা হৈছে, যাৰ দ্বাৰা ইতিহাসৰ গ্ৰহণযোগ্যতা আৰু তথ্যৰ প্ৰামাণিক অবিকৃত ৰূপৰ উপস্থাপন সম্ভৱ হৈ উঠিছে৷ ইতিহাসৰ এক প্ৰণালীবদ্ধ অধ্যয়ন য়ুৰোপত আৰম্ভ হৈছিল৷ হিৰ’ডটাছক ইতিহাসৰ জনক বুলি যদি কোৱা হয়, তেন্তে পাছৰকালৰ থ্যুচিডুডিজ (Thucydides)-ক প্ৰথমজন বিজ্ঞানসন্মত ইতিহাসবিদ বুলি ক’ব পাৰি৷ নৱজাগৰণৰ পূৰ্বৰ সময়চোৱাৰ য়ুৰোপৰ ইতিহাস চৰ্চাক ইতিহাস চৰ্চাতকৈ এক প্ৰকাৰৰ তোষামোদীয় সাহিত্য বুলিহে ক’ব পৰা যায়৷ ই আছিল বলবান আৰু সমাজৰ গুৰুত্বপূৰ্ণলোকৰ প্ৰতি তোষামাদৰ দলিল৷ নৱজাগৰণকালীন পৰিৱৰ্তিত চেতনাস্ৰোতে ইতিহাস অধ্যয়ন আৰু চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰিলে আৰু তথ্যভিত্তিক নিৰ্মোহ বিশ্লেষণকেন্দ্ৰিক বিশ্বাসযোগ্য ইতিহাস চৰ্চাৰ প্ৰতি আস্থা আৰু আগ্ৰহ বাঢ়িল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাংকে আৰু তেওঁৰ বিৰোধী ইতিহাসবিদসকলে ইতিহাসচৰ্চাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক এক পৰিৱৰ্তিত মাত্ৰা দিবলৈ সক্ষম হ’ল৷ য়ুৰোপত অব্যৱহৃত হৈ থকা প্ৰচুৰ তথ্য-পাতি, পুৰণা কাগজ-পত্ৰ, বিভিন্ন ফলক, কলাবস্তু আদিৰ গৱেষণা আৰু চৰ্চাই নিত্য-নতুন তথ্যৰ উন্মেষ ঘটালে আৰু এক প্ৰণালীবদ্ধ অধ্যয়ন চৰ্চাৰ পথ মুকলি হ’ল৷ ইতিহাস যে এক যুক্তিসিদ্ধ প্ৰমাণকেন্দ্ৰিক বিজ্ঞানসন্মত বিষয় আৰু আইনী প্ৰক্ৰিয়াত যি দৰে তথ্য-প্ৰমাণৰ বিশুদ্ধতাৰ ওপৰতেই এক নিৰ্ণয় গ্ৰহণ কৰা হয়, তেনে এক আৱেগশূন্য, নিৰ্মোহ প্ৰক্ৰিয়াৰেহে ইতিহাসৰ তথ্য প্ৰমাণসমূহ চালি-জাৰি চাই এক সত্যত উপনীত হোৱাৰ প্ৰক্ৰিয়াটোৱেও পৰ্যায়ক্ৰমে গতিশীলতা লাভ কৰিলে৷ ভাৰতৰ প্ৰাচীন ইতিহাস এক আখ্যানকেন্দ্ৰিক ইতিহাস আৰু ইতিহাসৰ বাবে প্ৰয়োজনীয় বিশ্বাসযোগ্য তথ্যকেন্দ্ৰিক সমলসমূহৰ মূল আধাৰ ধৰ্ম আৰু ইয়াৰ আচাৰ-বিধিৰ লগত জড়িত থকাৰ বাবে বাস্তৱ আৰু প্ৰমাণসিদ্ধ ইতিহাসচৰ্চাৰ সমল হিচাপে এই তথ্য সমূহৰ গ্ৰহণযোগ্যতা কম৷ আনহাতে বৃটিছ উপনিৱেশিকতাবাদী সময়চোৱাৰ বৃটিছ ইতিহাসবিদসকলৰ ভাৰতবৰ্ষক লৈ হোৱা ইতিহাস চৰ্চা আছিল সামন্তবাদী প্ৰভূৰদ্বাৰা ৰচিত একপক্ষীয় ইতিহাস, য’ত উপনিৱেশিকবাদী সামন্তীয় মনোভাৱক দ্যৰ্থহীনভাৱে গ্ৰহণ কৰিবলৈ ভাৰতীয়সকলক উৎসাহ যোগোৱা হৈছিল৷ বৃটিছ প্ৰভূৰদ্বাৰা প্ৰণয়ন কৰা ইতিহাসত ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সমাজ বিৱৰ্তনক এক সাম্প্ৰদায়িক ৰূপ দিয়াৰ নিৰন্তৰ প্ৰয়াস কেৱল বৃটিছ সকলৰ স্বাৰ্থপূৰণৰ বাবেই কৰা হৈছিল৷ ১৮১৭ চনত প্ৰকাশ পোৱা জেমচ মিলৰ History of British Indiaত ভাৰতৰ সমাজ-ইতিহাসৰ চৰ্চা হিন্দু, মুছলমান আৰু বৃটিছ এই তিনিটা খণ্ড বা সময়ৰ দৃষ্টিৰে চৰ্চা কৰাৰ পোষকতা কৰিছিল৷ কিন্তু একে সময়তে আন বহুবোৰ প্ৰয়োজনীয় দিশ, যেনে উদাহৰণস্বৰূপে সেই সময়ৰ ইতিহাসচৰ্চাত জেমচ মিলৰদ্বাৰা সৃষ্ট তথাকথিত ‘মুছলমান’ যুগতো মাৰাঠা শক্তিৰ অতুলনীয় পৰাক্ৰম অথবা ‘বৃটিছ’ যুগতো টিপু চুলতানৰ দৰে পৰাক্ৰমী ৰজাৰ কৰ্মৰাজিক উদ্দেশ্যপ্ৰণোদিতভাৱেই কম গুৰুত্ব দিয়া হৈছিল৷ ভাৰতৰ নিচিনা এক ভিন্ন ভৌগোলিক, সামাজিক, ভাষিক আৰু জাতীয় চেতনা থকা দেশত একৰৈখিক কেন্দ্ৰীভূত সাংস্কৃতিক ঐতিহ্যৰে ইতিহাস চৰ্চা কৰাটো যে অসম্ভৱ সেয়া পাছৰ সময়চোৱাত প্ৰমাণিত হৈছে৷ ভাৰতবৰ্ষ নামৰ আজিৰ ভূখণ্ডৰ লগত প্ৰাচীনকালত কোনো ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিক সমন্বয় নথকা প্ৰান্তীয় আৰু বৰ্তমান অসম নামে জনাজাত ঠাইখনৰ ইতিহাস লিখন আৰু চৰ্চা অত্যন্ত চালুকীয়া ধৰণৰ হোৱাৰ লগতে ইয়াৰ প্ৰাচীন ইতিহাস বহু পৰিমাণে লোকবিশ্বাস আৰু জনশ্ৰুতিকেন্দ্ৰিক আৰু বিক্ষিপ্ত৷ যদিও পুৰণি অসমৰ বিষয়ে পুৰাণ মহাকাব্য আদিও কিছু উল্লেখ পোৱা যায়৷ প্ৰকৃত ইতিহাস লিখনৰ বাবে এইয়া নামমাত্ৰ উৎস৷ বানভট্ট, কালিদাস আদিৰ সাহিত্যতো কামৰূপ-প্ৰাগজ্যোতিষপুৰৰ কিছু উল্লেখ পোৱা যায়৷ সেয়াও নিতান্তই প্ৰসংগকেন্দ্ৰিক৷ সপ্তম শতিকাৰ প্ৰথমাৰ্ধতেই কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং-ৰ ভ্ৰমণে প্ৰাচীন অসমৰ বিষয়ে কিছু আভাস দিয়ে যদিও, পৰৱৰ্তী কালৰ গৱেষণাত, হিউৱেনচাঙে ভ্ৰমণ কৰা অঞ্চল আৰু অসমৰ প্ৰকৃত ভৌগোলিক অঞ্চলৰ বৃহৎ পাৰ্থক্য পোহৰলৈ আহিছে৷ তেৰ শতিকাত অসমত প্ৰৱেশ কৰা আৰু কালক্ৰমত প্ৰায় ছশ বছৰ ৰাজত্ব কৰি এক ‘অসম’ নামটোৰ লগতে এক সংগঠিত সংস্কৃতি গঢ় দিয়া আহোমসকলৰ সময়তহে প্ৰকৃতপক্ষে চলিত ঘটনাৰাজিক নথিভূক্ত দলিল হিচাপে সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ আহোমকালীন সময়ৰ এই বিৱৰণসমূহে এক প্ৰণালীবদ্ধ ইতিহাস চৰ্চা হিচাপে মান্যতা লাভ নকৰিলেও এক নিৰ্ভৰযোগ্য তথ্য উৎস হিচাপে নিশ্চয়কৈ অৰিহণা যোগাই আহিছে৷ ১৮২৬ চনত অসম বৃটিছ শাসনধীন হোৱাৰ পাছত অসমৰ সমাজ, ৰাজনীতি, অৰ্থনীতিলৈ এক আমূল পৰিৱৰ্তন আহে৷ অসমৰ ইতিহাস চৰ্চাকো এই উপনিৱেশবাদী সামন্ত প্ৰভুসকলে এক নিজস্ব দৃষ্টিভংগীৰে উপস্থাপন কৰাৰ প্ৰয়াস কৰে৷ একে সময়তে ইংৰাজী ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ তথা এক শ্ৰেণী ন-শিক্ষিত অসমীয়াৰ বৃটিছৰ প্ৰতি সৃষ্টি হোৱা অত্যধিক অনুৰক্তিৰ মনোভাৱে বিংশ শতিকাৰ প্ৰাৰম্ভনিতে, অসমৰ ইতিহাসক ‘মূলসঁতি’-ৰ ভাৰতীয় সংস্কৃতিৰ লগত সংযোজিত কৰি ঐতিহাসিক বৈধতা প্ৰদানৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ পূৰ্বে উল্লেখ কৰি অহাৰ দৰে, ইতিহাস চৰ্চা এক প্ৰণালীবদ্ধ আৰু প্ৰমাণনিৰ্ভৰ প্ৰক্ৰিয়া৷ আখ্যানকেন্দ্ৰিক পৌৰাণিক কাহিনী আৰু লোকবিশ্বাস ইতিহাস চৰ্চাৰ বিজ্ঞানসন্মত সমল হ’ব নোৱাৰে৷ এনে সমলবোৰক প্ৰকৃত ইতিহাস হিচাপে উপস্থাপন কৰিব খোজা প্ৰক্ৰিয়াটো সামগ্ৰিকভাৱে সুস্থ ইতিহাস চৰ্চাৰ বাবে ক্ষতিকাৰক৷ ড॰ সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত আৰু উদ্ধাৰ কৰা কোনো এখন বুৰঞ্জীত অসমৰ দুটা প্ৰধান সমকালীন ৰাজবংশ কোচ আৰু আহোমক যথাক্ৰমে অনাৰ্য দেৱতা শিৱৰ সন্তান আৰু ইন্দ্ৰৰ সন্তান হিচাপে প্ৰক্ষেপিত কৰি এক বিভাজন অনাৰ চেষ্টা কৰা হৈছিল৷ অতি আচৰিতভাৱে স্বৰাজোত্তৰ কালতো এনে বিসংগতিমূলক ইতিহাস চৰ্চাৰ প্ৰমাণ পোৱা যায়৷ শদিয়াৰ চুতীয়া ৰাজ্যৰ বিষয়ে লিখিবলৈ গৈ ড॰ স্বৰ্ণলতা বৰুৱাই শদিয়াক পুৰণি বিদৰ্ভ ৰাজ্য হিচাপে উপস্থাপন কৰি ভগৱান শ্ৰীকৃষ্ণক অসমত জোঁৱাই সজোৱাৰ চেষ্টা কৰিছিল৷ এইখিনিতে উল্লেখ্যযোগ্য যে, ‘মহাভাৰত’-ত অতি স্পষ্টভাৱে বিন্ধ্যাচলৰ দক্ষিণ দিশে মহৰ্ষি যাদৱৰ পুত্ৰ বিদৰ্ভে ৰাজ্য স্থাপন কৰিছিল বুলি উল্লেখ কৰাৰ লগতে সেই বংশৰ ৰজা ভীষ্মকৰ ৰাজধানীখনৰ নাম কুণ্ডিল নগৰ বা কুণ্ডিলপুৰ আছিল বুলি উল্লেখ আছে৷ প্ৰণিধানযোগ্য যে, নৰ্মদা নদীৰ পাৰত ৰুক্মবীৰে শ্ৰীকৃষ্ণক বাট ভেটি ধৰিছিল৷ শদিয়াৰ ওচৰত নৰ্মদা নদীৰ অৱস্থিতি সম্পৰ্কে ড॰ বৰুৱা নিমাত৷ এইবোৰ কেতবোৰ উদাহৰণহে, এনে আন বহু তথ্য-বিভ্ৰান্তি আৰু পক্ষপাতদুষ্ট ইতিহাস পোৱা যাব৷ অসমৰ বিষয়ে এখন পূৰ্ণাংগ আৰু বিশ্বাসযোগ্য তথা পক্ষপাতমুক্ত ইতিহাস বৰ্তমান সময়লৈকে উপলব্ধ হোৱা নাই৷ এটা জাতিৰ সামাজিক বিৱৰ্তনক কেৱল মাত্ৰ ৰাজনৈতিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব নোৱাৰি, সেয়েহে এখন বিশ্বজনীন, গ্ৰহণযোগ্য আৰু পূৰ্ণাংগ ইতিহাস প্ৰণয়ণৰ বাবে অসমৰ সমাজ জীৱনৰ প্ৰায় সকলোবোৰ দিশ সামৰি এখন ইতিহাস ৰচনাৰ সমল আছে৷ অসমৰ তথা অসমীয়াক উজ্জীৱিত কৰিব পৰা তথা হাজাৰ বাধা বিঘিনিৰ মাজতো একত্ৰিত কৰিব পৰা দুটা শব্দ হৈছে– লাচিত বৰফুকন আৰু শৰাইঘাট৷ অসমৰ সমাজ জীৱনত লাচিত বৰফুকনৰ গুৰুত্ব আৰু অপৰিসীম প্ৰভাৱৰ বিষয়ে কাৰো দ্বিমত থাকিব নোৱাৰে৷ The Ahoms নামৰ সমাদৃত গ্ৰন্থখনৰ লেখক অৰূপ কুমাৰ দত্তই কৈছিল যে ‘Borphukan represents a time when the Assamese race was united and able to fight an alien, formidable force such as the Mugals.’ ইতিহাস চৰ্চাৰ ওপৰোক্ত আলোচনাৰ সম্পৰ্কত যদি লাচিতৰ ঐতিহাসিক সত্যক বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়, তেন্তে বহু প্ৰাসংগিক দিশ মুকলি হ’ব৷ ইতিহাস চৰ্চাৰ উৎস সমূহৰ ভিতৰত প্ৰাথমিক আধাৰ বা Primary source-এ এক বিশেষ গুৰুত্ব বহন কৰে৷ কিন্তু অসমৰ আহোম যুগৰ ইতিহাসৰ মূল সম্পদ টাই ভাষাৰ আহোম ৰাজবুৰঞ্জীৰ পাঠোদ্ধাৰ কৰি চৰ্চা কৰাৰ পৰিৱৰ্তে কিছু কাল্পনিক জনশ্ৰুতি আৰু তথ্যক অধিক গুৰুত্ব দিয়াৰ বাবে অসমৰ এচোৱা গৌৰৱোজ্জ্বল সময়ৰ বুৰঞ্জী বিক্ষিপ্ত আৰু পক্ষপাতদুষ্ট আৰু মৌলিক নহয়৷ লাচিত বৰফুকনৰ লগত জড়িত অসমীয়াৰ সন্মান আৰু আৱেগৰ নিৰ্মোহ বিশ্লেষণ কৰি ক’ব পাৰি যে, অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ এজন তথা অসমীয়া সমাজ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ অক্লান্ত যোদ্ধাজনেই ইতিহাস চৰ্চাকাৰী ইতিহাসবিদৰ হাতত সৰ্বাধিক ‘পীড়িত’ অসমীয়া৷ লাচিত বৰফুকনৰ বংশ পৰিচয়, তেওঁৰ জন্ম তথা গড় নিৰ্মাণৰ অৱহেলাৰ বাবে মোমায়েকক কটালৈকে, এই সকলো দিশ সামৰি লাচিতক লৈ অসংখ্য কল্পনা কাহিনীৰ নিৰ্মাণেৰে লাচিতৰ প্ৰকৃত অৱদান আৰু প্ৰাসংগিকতাৰ বস্তুনিষ্ঠ পৰ্যালোচনা অতি আচৰিতভাৱে বৰ্তমান সময়তো কৰা হোৱা নাই৷ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ শৰাইঘাটৰ ৰণত লাচিত বৰফুকন নৰিয়াপাটীত থকাৰ দোহাই দি তেওঁক এজন কাপুৰুষ হিচাপে উপস্থাপনৰ অপচেষ্টাও চলোৱা হ’ল৷ ড০ সূৰ্যকুমাৰ ভূঞাৰ দৰে স্বনামধন্য ইতিহাসবিদেও নৰিয়াপাটীত থকা লাচিতৰ বিছনা চাৰিটা ‘ভূঞা পোৱালিয়ে’ নাৱত তুলি দিলে বুলি কোনো বিশুদ্ধ আৰু নিৰ্ভৰযোগ্য প্ৰমাণ অবিহনেই উল্লেখ কৰি আওপকীয়াকৈ ভূঞাসকলৰ শৰাইঘাট যুদ্ধত অৱদানৰ কথা দোহাৰিলে৷ লাচিত বৰফুকনে আহোম যুগত লাভ কৰা পদবী সম্পৰ্কেও অসমীয়া ইতিহাসবিদসকল এক নিৰ্ভৰযোগ্য মতবাদ দাঙি ধৰিব পৰা নাই৷ ঘোঁৰাকোঁৱৰ, দোলাকাষৰীয়া বৰুৱা হৈ শিমলুগুৰীয়া ফুকনৰ পৰা বৰফুকন হোৱাৰ বহুবোৰ তথ্যৰহিত ব্যাখ্যা আগবঢ়োৱা হৈছে৷ কোনো বিজ্ঞানসন্মত তথ্য আৰু প্ৰমাণ অবিহনেই বেনুধৰ শৰ্মাই লাচিত বৰফুকনৰ জন্ম নাজিৰাৰ এঘৰ বামুণ মানুহৰ ঘৰত হোৱাৰ লগতে কালক্ৰমত ৰজাৰ দৃষ্টিগোচৰ হৈ তামুলী বিষয়বাব পাই পৰৱৰ্তীকালত বৰবৰুৱাৰ দায়িত্ব পোৱাৰ কথা লিখিছে৷ পদ্মনাথ গোহাঞি বৰুৱাদেৱেও লাচিতক ‘ঘোঁৰা বৰুৱা’ পতাৰ কথা উল্লেখ কৰিছে৷ ক্ষেত্ৰধৰ বৰগোহাঞিয়ে লাচিত বৰফুকনক বিধৱাৰ পিতৃপৰিচয়হীন সন্তান আখ্যা দি মোমাই তামুলীৰ তোলনীয়া পুত্ৰৰ মৰ্যাদা দিছে৷ গতিকে ওপৰোক্ত উদাহৰণসমূহৰ বিক্ষিপ্ততাই আমাৰ ইতিহাস চৰ্চাৰ বিক্ষিপ্ততা আৰু নিৰপেক্ষহীনতাৰ উমান দিয়ে৷ অসমৰ ইতিহাসৰ যে বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত চৰ্চা আৰু ব্যাখ্যা এক প্ৰাৰম্ভিক পৰ্যায়তে আছে এই ওপৰোক্ত তথ্য উদাহৰণেই প্ৰমাণ কৰিছে৷ ইয়াৰ ফলতেই ইতিহাসকেন্দ্ৰিক বিভ্ৰান্তি আৰু ন্যস্ত স্বাৰ্থ জড়িত আৱেগ সৃষ্টিৰ উদ্দেশ্য সফল হৈছে৷ মোগলৰ আগ্ৰাসনক ৰোধ কৰি অসমৰ লগতে সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ সামাজিক আৰু ৰাজনৈতিক তথা ধৰ্মীয় ইতিহাসৰ সুঁতি সলনি কৰি দিয়াৰ কৃতিত্ব নিঃসন্দেহেই লাচিত বৰফুকনৰ৷ তৎসত্বেও, কেৱল ৰাজনৈতিক লাভালাভৰ বাবেই লাচিত বৰফুকন আৰু তেওঁৰ কৰ্মৰাজিক এক গণ্ডীৰ অন্তৰ্ভুক্ত কৰিব বিচৰাৰ চিন্তা গ্ৰহণযোগ্য নহয়৷ কিন্তু এনে এক পৰিৱেশ সূচনাৰ বাবেও আমাৰ ইতিহাস চৰ্চাই দায়ী৷ যদি লাচিত বৰফুকনৰ কৰ্ম, আদৰ্শ আৰু জীৱনৰ বিষয়ে এক প্ৰমাণিক, বস্তুনিষ্ঠ, পক্ষপাতমুক্ত আৰু নিৰ্মোহ বিশ্লেষণ উপলব্ধ হ’লহেঁতেন, তেন্তে ন্যস্তস্বাৰ্থজড়িতমহলৰ সুবিধাজনক ভাৱে লাচিত বৰফুকনৰ এক ব্যাখ্যা গঢ়ি তোলাতো সম্ভৱ হৈ নুঠিলেহেঁতেন৷ তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ, প্ৰাথমিক তথ্যসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ, সংগ্ৰহিত তথ্য আৰু ধাৰণাসমূহৰ প্ৰমাণসিদ্ধ ব্যাখ্যা তথা গভীৰ আৰু নিৰন্তৰ অধ্যয়নৰ জৰিয়তেহে ইতিহাসৰ তথ্যৰ প্ৰকৃত ব্যাখ্যা আৰু সঠিক দিশ উপস্থাপন কৰা সম্ভৱ৷ লাচিত বৰফুকন অসমৰ সমাজ জীৱনৰ এজন জাতীয় বীৰ আৰু ইতিহাসৰ ভোটা তৰা, গতিকে এনে এজন কৰিৎকৰ্মা যোদ্ধাৰ প্ৰকৃত তথ্য সমূহৰ সৎ উপস্থাপনহে সমসাময়িক প্ৰেক্ষাপটত অতি প্ৰাসংগিক বুলি ধাৰণা হয়৷ বিক্ষিপ্ত, মনেসজা কল্পকাহিনীতকৈ যুক্তিসিদ্ধ, বস্তুনিষ্ঠ আৰু তথ্য-প্ৰমাণযুক্ত ধাৰণাৰ আধাৰতহে লাচিত বৰফুকনৰ বিষয়ে চৰ্চা হোৱা উচিত আৰু এই দিশতেই নৱ প্ৰজন্ম ইতিহাসবিদসকলে কাম কৰা উচিত৷ অন্যথা লাচিত বৰফুকন নামৰ অসমৰ ইতিহাসৰ উজ্জ্বল নক্ষত্ৰ সদায়েই মনেসজা কল্পকাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ হৈ থাকিব৷ সাম্প্ৰতিক ইতিহাস চৰ্চাক বৰ্তমান সময়ত Neo historicism বা নব্য-ইতিহাসবাদ নামৰ এক নতুন ধাৰণাৰ দ্বাৰা বিশ্লেষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ বিখ্যাত দাৰ্শনিক মিশ্যেল ফুক’ দৰ্শন আৰু বিখ্যাত সমালোচক ষ্টিফেন গ্ৰিনব্লাট আদিৰ সাহিত্য সমালোচনাৰ ভেঁটিত এই নতুন ধাৰণাৰ প্ৰসাৰ হৈছে৷ ইতিহাসক এক সত্যনিষ্ঠ ধাৰণা হিচাপে প্ৰক্ষেপ কৰাতকৈ ইয়াক সাহিত্যৰ দৰে এক পাঠ নিৰ্মাণৰ অংশ হিচাপে গণ্য কৰি এক নেৰেটিভ নিৰ্মাণ কৰাটোৱেই নব্য-ইতিহাসবাদী সকলৰ লক্ষ্য৷ ইতিহাসৰ এনে তাত্বিক পৰিৱৰ্তনৰ দিশেৰে নিত্য-নতুন চিন্তাৰে এক মৌলিক দৃষ্টিভংগী গ্ৰহণ কৰি অসমৰ প্ৰেক্ষাপটত লাচিত বৰফুকনৰ কৰ্ম, দৰ্শন আৰু জীৱনকৃতিৰ বিস্তৃত গৱেষণাৰ থল আছে৷ এনে এক বিজ্ঞানসন্মত তথ্যসিদ্ধ আৰু পক্ষপাতমুক্ত ইতিহাস চৰ্চাইহে লাচিত বৰফুকনক প্ৰকৃত অৰ্থত বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাত সহায় কৰিব৷