পৰ্যাবৃত্ত তালিকাৰ পিতৃ ইভানোভিচ্ছ মেণ্ডেলীভ্ (সৌজন্যা ৰায়)
(মুক্ত চিন্তালৈ ইংৰাজীত প্রেৰণ কৰা প্রবন্ধটো সম্পাদনা-সমিতিৰ অনুৰোধমৰ্মে অসমীয়ালৈ অনুবাদ কৰিলে প্ৰিয়ম হাজৰিকা আৰু চাইবা চিদ্দিকিয়ে। মুক্ত চিন্তাৰ তৰফৰ পৰা তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰা হ’ল)
এই নিবন্ধত আমি এগৰাকী বিৰল প্রতিভাধৰ বিজ্ঞানীৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ প্রয়াস কৰিম। তেওঁৰ নাম ইভানোভিচ্ছ মেণ্ডেলীভ্ (Dmitri Ivanovich Mendeleev)। বৰ চোকা বুদ্ধিৰ এইগৰাকী বিজ্ঞানীৰ জীৱন আৰু কীৰ্তিৰ আলোচনালৈ যোৱাৰ আগতে আমি বিজ্ঞানৰ তেনেই প্রাথমিক কথা দুটিমানৰ উল্লেখ কৰি লোৱাটো ভাল হ’ব। তেনে প্রাৰম্ভিক কথাখিনিয়ে বিজ্ঞানীগৰাকীৰ স্মৰণীয় অৱদানৰ তাৎপৰ্য অনুধাবন কৰিবলৈ আমাক সহায় কৰিব।
আমাৰ চৌকাশে আমি বিধে বিধে পদাৰ্থ দেখিবলৈ পাওঁ। পানী, মাটি, বায়ু, লোহা, তাম, কাঠ, শিল—কিমান যে কি অজস্র পদাৰ্থ আমাৰ এই পৃথিৱীখনত আছে! সেইবোৰৰ কিছুমান হৈছে অন্য পদাৰ্থ কিছুমানৰ সাধাৰণ মিশ্রণ—তাৰ এটা উদাহৰণ হৈছে বায়ু। এইবোৰক মিশ্র পদাৰ্থ বোলা হয়। কিছুমান পদাৰ্থ আকৌ দুই বা তাতোধিক বেলেগ পদাৰ্থ ৰাসায়নিকভাৱে সংযুক্ত হোৱাৰ ফলতহে উদ্ভৱ হয়। তেনে পদাৰ্থবোৰক যৌগ বোলে। সকলোৱে জানে, পানীত হাইড্র’জেন আৰু অক্সিজেন ৰাসায়নিকভাৱে সংযুক্ত হৈ থাকে; গতিকে পানী হৈছে এবিধ যৌগ পদাৰ্থ। অন্য এবিধ পদাৰ্থত থাকে মাত্র এবিধহে পৰমাণু। এইবোৰক মৌল বোলা হয়। তাম, লোহা, হাইড্র’জেন, অক্সিজেন—এইসমূহ হ’ল মৌলৰ উদাহৰণ।
ভাবিলে আচৰিত লাগে, আমাৰ চৌকাষে বিধে বিধে অজস্র-অসংখ্য মিশ্র আৰু যৌগ পদাৰ্থ থাকিলেও মৌলৰ সংখ্যাটো কিন্তু খুব এটা ডাঙৰ নহয়। এতিয়ালৈকে আৱিষ্কৃত মৌলৰ সংখ্যা হৈছে মাত্র ১১৮-টা। প্রকৃতিত বহুলভাৱে উপলব্ধ হোৱা মৌলৰ সংখ্যাটো কিন্তু এশৰ তলতহে।
বিজ্ঞানীসকলে বহু আগৰে পৰাই লক্ষ্য কৰি আহিছিল যে এই মৌলসমূহ যদিও একেবাৰেই বেলেগ, তথাপি সিহঁতৰ কিছুমানৰ মাজত সাদৃশ্যও দেখিবলৈ পোৱা যায়। তেনে সাদৃশ্যৰ ওপৰত ভিত্তি কৰি মৌলসমূহক একো একোটা গোট হিচাপে তালিকাবদ্ধ কৰিবলৈ বহুতো বিজ্ঞানীয়ে চেষ্টা চলাই গৈছিল। কিয়নো তেওঁলোকে অনুভৱ কৰিছিল যে মৌলবোৰৰ তেনে গোট কিছুমান কৰিব পাৰিলে ৰসায়ন-বিজ্ঞানৰ বিভিন্ন দিশ পদ্ধতিগতভাৱে বুজি পাবলৈ বৰ সহায়ক হ’ব। কামটো আছিল অতিশয় জটিল আৰু সমস্যাৰে ভৰা। তদুপৰি, তেতিয়া বহুতো মৌলৰ আৱিষ্কাৰেই হোৱা নাছিল—সেইসমূহৰ আছিল তেতিয়া ভৱিষ্যতৰ গৰ্ভত। সেই অতিশয় কঠিন কামটো সম্পন্ন কৰিছিল ইভানোভিচ্ছ মেণ্ডেলীভে। তাৰ বাবে মেণ্ডেলীভক ৰসায়ন-বিজ্ঞানৰ এগৰাকী পথিকৃত বুলি গণ্য কৰা হয়।
জন্ম আৰু শিক্ষা
মিট্ৰি ইভানোভিচ্ছ মেণ্ডেলীভ্-ৰ জন্ম হৈছিল ৮ ফেব্রুৱাৰী ১৮৩৪ চনত, চাইবেৰিয়াৰ তবলস্ক নামৰ চহৰৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত। তেওঁৰ পিতৃ আছিল ইভান পাভল’ভিচ মেণ্ডেলিভ্ আৰু মাক মেৰিয়া ডিমিট্রিয়েভনা মেণ্ডেলিভ্। পিতৃ ইভান পেচাত আছিল এজন শিক্ষক। মেণ্ডেলীভৰ ল’ৰালি অৱস্থাতেই পিতৃৰ মৃত্যু হয়। ১৪-টা সন্তানৰ (মুঠতে আছিল ১৭-টি সন্তান; তাৰে তিনিটিৰ জন্মৰ পিছতেই মৃত্যু হৈছিল) দায়িত্বৰ গধুৰ বোজা কান্ধত লোৱা মেৰিয়াই পৰিয়ালটোক পোহপাল দিবলৈ তবলস্ক চহৰতে ক্ষুদ্র ব্যৱসায়ৰ পাতনি মেলে। সৰুৰে পৰা পঢ়াশুনাৰ প্রতি গভীৰ ধাউতি আছিল মেণ্ডেলীভৰ। গতিকে তেওঁ এদিন উচ্চশিক্ষা গ্রহণ কৰিব—তেনে এটা আশা মাক মেৰিয়াৰ মনত সদায়েই আছিল। তবলস্ক চহৰত অৱশ্যে তেওঁলোকৰ ব্যৱসায় সফল নহ’ল। তাৰপিছত তেওঁলোকে মস্কো চহৰত নতুন জীৱনৰ পাতনি মেলে। মেণ্ডেলীভক মস্কো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোৱাটো মেৰিয়াৰ আৰু এটি সপোন আছিল, কিন্তু সেইটো বাস্তবায়িত নহ’ল। তাৰ পিছত তেওঁলোক চেইণ্ট পিটাৰ্চবাৰ্গলৈ যায়। ১৮৫০ চনত তাৰেই ৰাজ্যিক বিশ্ববিদ্যালয়ত মেণ্ডেলিভে নামভৰ্তি কৰে।
কিন্তু তেওঁলোকৰ সমস্যাৰ যেন অন্ত নাছিল! কালৰূপী যক্ষ্মা ৰোগত আক্রান্ত হৈ মেণ্ডেলিভ্ প্রায় মৃত্যুৰ দুৱাৰদলি পাইছিলগৈ। সেইসময়ত যক্ষ্মা আছিল এবিধ অতি ভয়ংকৰ ব্যাধি। কোনোমতে ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ কেইবছৰমান পিছত তেওঁ দক্ষিণ ৰাছিয়াৰ চিমফেৰ’প’ল নামৰ চহৰলৈ যায়। তাত তেওঁ বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্ত হয়। কিন্তু ক্ৰিমিয়াৰ যুদ্ধই পৰিস্থিতি বিষম কৰি পেলোৱাত মেণ্ডেলিভে সেইখন চহৰ এৰি ১৮৫৭ চনত পুনৰ চেইণ্ট পিটাৰ্চবাৰ্গলৈ ঘূৰি আহে।
কৰ্মজীৱন
১৮৫৫ চনত তেওঁ চেইন্ট পিটাৰচবার্গ বিশ্ববিদ্যালয়ত জেনেৰেল কেমেষ্ট্রি কেথেড্রেল’ৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হৈছিল। তাৰ পিছৰপৰা তেওঁ বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ বিভিন্ন বিষয়ত বক্তৃতা দিবলৈ আৰম্ভ কৰে আৰু তেনেদৰেই তেওঁ এগৰাকী সুবক্তা হিচাপে প্রতিষ্ঠিত হয়। ইয়াতে ক্ষান্ত নাথাকি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ হকে ১৮৫৯ চনৰ জানুৱাৰী মাহত মেণ্ডেলিভে দুবছৰীয়া বিদেশ ভ্রমণৰ বাবে সাজু হয়। প্রথমে তেওঁ পেৰিচত অধ্যাপক হেনৰী ভিক্টৰ ৰেগনাউল্টৰ অধীনত শিক্ষা গ্রহণ কৰে। তাৰ পিছত জাৰ্মানীৰ হেইডেলবার্গ চহৰত দুজন বিজ্ঞানী, ক্ৰমে ৰবাৰ্ট বুনছেন আৰু গৌস্তভ কিৰ্চভ’ৰ তত্ত্বাৱধানত গৱেষণা কার্যত জড়িত হয়।
১৮৬০ চনত জাৰ্মানীত অনুষ্ঠিত হোৱা কাৰ্লস্ৰোহ কংগ্ৰেছৰ অধিৱেশনখনি আছিল মেণ্ডেলীভ্ৰ কৰ্মজীৱনৰ “টাৰ্নিং পইণ্ট”। এই সভাত বহুতো আগশাৰীৰ ৰসায়নবিদৰ লগত তেওঁৰ সাক্ষাৎ হয়। এনে মহান সুধী বিজ্ঞানীসকলৰদ্বাৰা প্ৰভাৱিত হৈ দুবছৰৰ পিছতে তেওঁ কিছুমান গৱেষণা পত্র প্রস্তুত কৰি উলিয়ায়। সেই সময়ছোৱাতে তেওঁ এখনৰ পিছত এখনকৈ বহুকেইখন জৈৱিক ৰসায়নৰ পাঠ্যপুথিও প্রকাশ কৰিছিল।
১৮৬৫ চনত তেওঁ “দ্যা কম্বিনেচনছ অফ ৱাটাৰ উইথ এলক’হ’ল” নামৰ এখন গৱেষণাপত্র প্রকাশিত কৰি চেইণ্ট পিটাৰ্চবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা “ডক্টৰ অফ চায়েন্স” সন্মান লাভ কৰে আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয়।
বিজ্ঞানৰ অনন্য অৱদানসমূহৰ ভিতৰত মেণ্ডেলীভ্ ৰ সর্বশ্ৰেষ্ঠ অৱদানটোৱে হ’ল পর্যাবৃত্ত তালিকা। মেণ্ডেলিভে ভৰৰ ভিত্তিত মৌলসমূহক তালিকাত সন্নিৱিষ্ট কৰাৰ নিয়মাৱলী তৈয়াৰ কৰাৰ লগতে মৌলবোৰৰ ধর্মসমূহো নিৰ্ধাৰণ কৰিছিল। সেই সময়ত কামটো আছিল বৰ জটিল। “দ্যা ডিপেনডেন্স বিটুৱিন দ্যা প্ৰপাৰটিছ অফ দ্যা এট’মিক ৱেইটছ অফ দ্যা এলিমেণ্টছ” অর্থাৎ “মৌলৰ পাৰমাণৱিক ভৰৰ পাৰস্পৰিক নিৰ্ভৰশীলতা” নামৰ তেওঁৰ প্ৰবন্ধটি ৰাছিয়াৰ ৰাসায়নিক সংস্থাৰ (Russian Chemical Society) মুখপত্রত প্ৰকাশ পোৱাৰ পাছত উক্ত দিশত নতুন দিগন্ত উন্মোচিত হৈছিল।
ব্যক্তিগত জীৱন
ব্যক্তি হিচাপে মেণ্ডেলীভ্ আছিল এজন সাহসী, বাকপটু আৰু জ্ঞান-প্রজ্ঞাৰেৰে পৰিপুষ্ট। তেওঁৰ সান্নিধ্য পাবলৈ সমগ্ৰ পৃথিৱীৰ চুকে-কোণে থকা ছাত্ৰ-ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকিছিল। সকলো অনুষ্ঠানতে মেণ্ডেলীভে তেখেতৰ বাকপটুতাৰে সকলোকে মোহিত কৰি তুলিব পাৰিছিল।
প্ৰথম বিবাহত অসফল মেণ্ডেলীভে প্ৰথম বিবাহ বিচ্ছেদৰ পিছত ফিঅ’জা নিকিতিকনা লেচকেভাৰ লগত বিবাহপাশত আৱদ্ধ হয়।মেণ্ডেলিভে তেখেতৰ কৰ্মজীৱন বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰে অতিবাহিত কৰিছিল। কিন্তু ছাত্ৰ ছাত্ৰী আৰু শিক্ষা-মন্ত্ৰালয়ৰ লগত হোৱা কোনো এক বিতৰ্কত তেখেতে ছাত্ৰ-ছাত্ৰীৰ হৈ থিয় দিয়াত মেণ্ডেলীভ্ক চাকৰীৰ পৰা বৰ্খাস্ত কৰা হয়। তাৰ পাছত তেখেতে আন্তৰ্জাতিক ওজন আৰু জোখৰ কাৰ্যালয়ৰ (International bureau of weights and measures) সঞ্চালক হিচাপে নিযুক্তি পায় আৰু অৱশেষত সেই কাৰ্যালয়তে তেওঁৰ কৰ্মজীৱনৰ সমাপ্তি ঘটে।\
মেণ্ডেলীভ্ৰ পর্যাবৃত্ত তালিকা
মেণ্ডেলীভ্ৰ পর্যাবৃত্ত তালিকাৰ বিষয়ে ক’বলৈ যাওতে প্রথমতেই উল্লেখ কৰা ভাল যে সেই সময়লৈকে আৱিষ্কৃত হোৱা ৬৩-টা মৌলকলৈ অৱস্থানভিত্তিক তালিকা প্রস্তুত কৰা মেণ্ডেলীভেই একমাত্র বিজ্ঞানী নাছিল। এণ্টোৱাইন লাভ’ইজিয়, জোহান উলফাং ড’বেৰেইনাৰ, জন নিউলেণ্ডছ আদি বিজ্ঞানীসকলেও তেওঁলোকৰ গৱেষণাৰ জৰিয়তে পর্যাবৃত্ত তালিকাৰ ভেটি কটকটীয়া কৰাত বৰঙণি আগবঢ়াইছিল।
১৭৮৯ চনত ফৰাচী ৰসায়নবিদ এণ্টোৱাইন লাভ’ইজিয়ে মৌলবোৰক ধাতু আৰু অধাতু হিচাপে একগোট কৰাৰ চেষ্টা কৰে। চল্লিশ বছৰৰ পাছত জাৰ্মান পদাৰ্থবিজ্ঞানী জোহান উলফাং ড’বেৰেইনাৰে কিছুমান মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্য পৰ্যবেক্ষণ কৰে। তেওঁ মৌলসমূহক পাৰমাণৱিক ওজনৰ ক্ৰমত তিনিটিয়া গোটত সজাই “ট্ৰায়ড” বা ত্ৰিভুজ বুলি অভিহিত কৰিলে। তেওঁ লক্ষ্য কৰিলে যে মধ্যম মৌলটোৰ কিছুমান ধৰ্ম যেনে পাৰমাণৱিক ওজন আৰু ঘনত্ব প্ৰতিটো ত্ৰিভুজৰ আন দুটা মৌলৰ এই ধৰ্মবোৰৰ গড় মানৰ সমান আছিল।
১৮৬০ চনত জাৰ্মানীৰ কাৰ্লস্ৰোহত অনুষ্ঠিত হোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰসায়ন বিজ্ঞান সন্মিলনত মৌল আৰু ইয়াৰ পাৰমাণৱিক ভৰৰ সংশোধিত তালিকা প্ৰকাশৰ ফলত এই যাত্ৰাই অগ্ৰগতি লাভ কৰে। বিজ্ঞানীসকলে সিদ্ধান্তত উপনীত হয় যে হাইড্ৰজেনক পৰমাণু ওজন এক দিয়া হ’ব আৰু অন্যান্য মৌলৰ পাৰমাণৱিক ওজন হাইড্ৰজেনৰ সৈতে তুলনা নিৰ্ণয় কৰা হ’ব। উদাহৰণস্বৰূপে, কাৰ্বন হাইড্ৰজেনতকৈ ১২ গুণ গধুৰ হোৱাৰ বাবে ইয়াৰ পাৰমাণৱিক ওজন ১২ হ’ব।
ব্ৰিটিছ ৰসায়নবিদ জন নিউলেণ্ডছে প্ৰথমে মৌলবোৰক পাৰমাণৱিক ভৰৰ ক্ৰমত তালিকাত সজাইছিল। তেওঁ প্ৰতি আঠটা মৌলৰ ধৰ্ম একে বুলি বিবেচনা কৰি ইয়াক অষ্টভৰ নিয়ম (Law of Octaves) বুলি অভিহিত কৰে। তেওঁ মৌলবোৰক আঠটা গোটত সজাইছিল যদিও অনাৱিষ্কৃত মৌলৰ বাবে কোনো ফাঁক ৰখা নাছিল।
অৱশেষত ১৮৬৯ চনত মেণ্ডেলীভে আধুনিক পৰ্যাবৃত্ত তালিকাৰ পদ্ধতিগত কাঠামোটোৰ জন্ম দিছিল। তাত ভৱিষ্যতে আৱিষ্কৃত হ’বলগীয়া মৌলৰ বাবে নিৰ্দিষ্ট স্থানো ৰাখিছিল তীক্ষ্মধী বিজ্ঞানীগৰাকীয়ে। মেণ্ডেলীভ্ৰ পর্যাবৃত্ত তালিকাৰ সেইটোৱে আছিল এটা ডাঙৰ বিশেষত্ব। তেওঁ হকে-বিহকে তালিকাৰ খালী স্থানসমূহত মৌলসমূহক অৱস্থান দিবলৈ যত্ন কৰা নাছিল, বৰঞ্চ তেওঁ মৌলসমূহক এনেদৰে ৰাখিছিল যাতে সেইবোৰৰ ধৰ্মসমূহৰ সাদৃশ্য থাকে। ইয়াৰ জৰিয়তে তেতিয়ালৈকে আৱিষ্কৃত নোহোৱা মৌলৰো ধৰ্ম নিৰ্ণয় কৰাটো সম্ভৱপৰ হৈছিল। অনাৱিষ্কৃত মৌলৰো নামকৰণৰ এক ব্যৱস্থাও বিচাৰি উলিয়াইছিল। এনে কাল্পনিক মৌলৰ লগত সাদৃশ্য থকা স্বীকৃত মৌলৰ নাম ব্যৱহাৰ কৰি সেই নামৰ আগত “একা” শব্দটো ব্যৱহাৰ কৰিছিল, যেনে একা-ব’ৰ’ন, যাৰ ধৰ্ম বৰ’নৰ লগত প্রায় একে আছিল। তেনেদৰেই একা-এলুমিনিয়াম, একা-চিলিকন ইত্যাদিৰ কথাও আলোচিত হৈছিল। এইখন তালিকাৰ জৰিয়তে “একা-এলুমিনিয়াম”-ৰ (যাক এতিয়া গেলিয়াম বুলি অভিহিত কৰা হয়) পাৰমাণৱিক ভৰ ৬৮ বুলি অনুমান কৰা হৈছিল। ভৰৰ মান জনাৰ পিছতেই ইয়াৰ ধাতৱীয়তা, গলনাংক আদি ধৰ্মসমূহৰ বিষয়েও অনুমান কৰাটো সম্ভৱ হৈছিল। এনেদৰেই মেণ্ডেলীভ্ৰ পর্যাবৃত্ত তালিকাই নামহীন, কাল্পনিক মৌলৰ বৈশিষ্ট্য নিৰ্ণয়ত বিশেষ ভূমিকা পালন কৰিছিল।
বইছবাউদ্ৰেন (Paul-Emile Lecoq de Boisbaudran) নামৰ এজন ফৰাচী বিজ্ঞানীয়ে ১৮৭৫ চনত গেলিয়াম নামৰ এবিধ মৌল আৱিষ্কাৰ কৰে, যাৰ বৈশিষ্ট্য মেণ্ডেলীভ্ৰ পূৰ্বাভাসৰ লগত আখৰে আখৰে মিলি যায়। পলৰ এই গেলিয়াম মৌলৰ পাৰমাণৱিক ভৰ আছিল ৬৯.৭২ ডেল্টন, যি স্বাভাৱিক তাপমাত্ৰাত এবিধ ধাতু কিন্তু যাৰ গলন উষ্ণতা মাত্ৰ ৩০০ চেলচিয়াছ। এনেধৰণৰ অভূতপূৰ্ব আৱিষ্কাৰৰ পাছত মেণ্ডেলীভে বহু বৈজ্ঞানিকৰ সহমত পাবলৈ সক্ষম হয় আৰু পৰ্যাবৃত্ত তালিকা প্ৰস্তুতকৰণত তেওঁ আগ বঢ়োৱা সেই তাৎপৰ্যপূৰ্ণ অৱদানৰ বাবে সকলোৰে শলাগৰ পাত্ৰ হয়। নিজৰ নিৰন্তৰ গৱেষণাৰ যোগেদি অতি কম সময়ৰ ভিতৰতে মেণ্ডেলীভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত নতুন নতুন মৌল সংযোজন কৰিবলৈ সক্ষম হ’ল।
মেণ্ডেলীভ্ৰ পৰ্যাবৃত্ত তালিকাৰ তেনে সফলতা আছিল অতি চমক্প্রদ। বিজ্ঞান কিন্তু থমকি নৰ’য়। ক্রমাৎ নতুন নতুন ধ্যান-ধাৰণা, উদ্ভাৱন-আৱিষ্কাৰ আদি—যেনে, সমস্থানিক মৌল আদিৰ কথা—ৰসায়ন-বিজ্ঞানত সোমাই পৰে। তেনে পৰিৱৰ্তন আৰু পৰিবৰ্ধনৰ মাজেদিয়েই আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ সকলোৰে পৰিচিত আৰু সৰ্বজনগ্রাহ্য “আধুনিক পৰ্যাবৃত্ত তালিকা”। কোৱা বাহুল্য, সেই অবিৰত জ্ঞান-যাত্রাত মেণ্ডেলীভ্ আছিল প্রধান পথিকৃত।
বঁটা-সন্মান আদি
পৰ্যাবৃত্ত তালিকাৰ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ১০১ নং তেজস্ক্রিয় মৌলটোৰ নাম তেওঁৰ নামেৰে “মেণ্ডেলেভিয়াম” ৰখা হয়। এইটো এটা বৰ ডাঙৰ সন্মান। তেওঁক “পৰ্যাবৃত্ত তালিকাৰ পিতৃ” বুলিও সকলোৱে আখ্যা দিবলৈ ধৰিলে। ১৯০৬ চনত নোবেল বঁটাৰ কৰ্তৃপক্ষই মেণ্ডেলীভ্ক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানীত কৰিবলৈ দিহা কৰে। কিন্তু কোনো কোনো বিজ্ঞানীৰ তীব্ৰ বিৰোধিতাৰ ফলত মেণ্ডেলীভ্ নোবেল বঁটাৰ পৰা বঞ্চিত হয়। তাৰ পিছৰ বছৰতো মেণ্ডেলীভৰ নাম বঁটাটোৰ বাবে বিবেচিত হৈছিল। কিন্তু একাংশ বিজ্ঞানীৰ বিৰোধিতাৰ বাবে সেইবাৰো মেণ্ডেলীভে বঁটাটো নাপালে। ১৯০৭ চনত মেণ্ডেলিভ্ ইনফ্লুৱেঞ্জা ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ চেইণ্ট পিটাৰ্চবাৰ্গতেই মৃত্যুৰ মুখত পৰে। নোবেল বঁটাৰে বিভূষিত হওক বা নহওক, মেণ্ডেলীভ্ প্ৰকৃতাৰ্থতে আছিল এগৰাকী যশোধৰ যুগন্ধৰ বিজ্ঞানী। মেণ্ডেলীভৰ নামেৰে আজি আছে বহুকেইখন প্রখ্যাত বিশ্ববিদ্যালয়, আছে বহুতো অত্যাধুনিক গৱেষণা-প্রতিষ্ঠান। ৰসায়ন-বিজ্ঞানত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হোৱা এইজনা মহান বিজ্ঞানীৰ অৱদান চিৰযুগমীয়া হৈ ৰ’ব।