কেন্দ্ৰীয় নিবন্ধ

জে ডি বাৰ্ণাল (দ্বিতীয় অংশ) (পূৰৱী দেৱী)

(প্ৰথম অংশ পঢ়িবলৈ ইয়াতে টিপক)

বিজ্ঞানৰ আন-আন দিশত বাৰ্ণালৰ অৱদান

যুদ্ধোত্তৰ কালত ইংৰাজ চৰকাৰে জনসাধাৰণৰ বাসোপযোগী ঘৰ নিৰ্মাণ কাৰ্যৰ সিদ্ধান্ত গ্ৰহণ কৰে। আগতেই উল্লেখ কৰা হৈছে যে এনে এক শাখা বাৰ্ণালে গৱেষণাগাৰত স্থাপন কৰিছিল। বিজ্ঞানক জনসাধাৰণৰ হিত সাধনৰ অৰ্থে প্ৰয়োগৰ এনে সুৱৰ্ণ সুযোগ গ্ৰহণৰ উদ্দেশ্যে ডেছমণ্ড আগবাঢ়ি আহে। তেখেতে আঙুলিয়াই দিয়ে যে এনে সমস্যা সমাধানৰ হকে আৱশ্যক নতুনত্ব বিশিষ্ট দ্ৰৱ্য আৰু “prefabricated house”-ৰ (আগতীয়াকৈ সাজি যথাস্থানত বহুৱাব পৰা ঘৰ) আৱশ্যক। আমোলাতান্ত্ৰিক খেলি-মেলি, বনুৱাৰ নাটনি, আৰ্থিক সংকট আৰু অত্যন্ত ঠাণ্ডা সত্ত্বেও সেই কালৰ চৰকাৰে প্ৰায় এক লাখ এনে ঘৰ নিৰ্মাণ কৰি সফল হৈছিল।

১৯৪৮ চনত “The Royal Society Information Conference”-ত প্ৰায় দুশজন বিজ্ঞানীয়ে যোগ দিয়ে। বাৰ্ণালে মত পোষণ কৰিছিল যে যদিও প্ৰায় তিনি চতুৰ্থাংশ বৈজ্ঞানিক গৱেষণাপত্ৰ প্ৰকাশৰ উপযোগী নহয়, তথাপি প্ৰতিজন বিজ্ঞানী আৰু জনসাধাৰণৰ প্ৰতিজন লোকে বিজ্ঞানৰ গৱেষণাৰ পৰা লাভ কৰিব পৰা তথ্য সংগ্ৰহৰ ব্যৱস্থা থকা উচিত। গৱেষণাৰ বহুল আলোচনা থকা পত্ৰ মাথো বিশেষজ্ঞৰ বাবেহে প্ৰয়োজন, কিন্তু যি কোনো শিক্ষিত লোকে বুজিব পৰা, থুল-মূল  সাৰাংশ থকা পত্ৰ প্ৰকাশৰ একান্ত প্ৰয়োজন আছে। উপৰিউক্ত সভাত ডেছমণ্ডে পাঠ কৰা “Provisional scheme for central distribution of scientific publications” নামৰ পত্ৰখনে তুমুল বিতৰ্কৰ সৃষ্টি কৰে। তেখেতে মত প্ৰকাশ কৰে যে বিজ্ঞানৰ জগতত কৰা গৱেষণা প্ৰকাশ কৰাৰ পদ্ধতি হোৱা উচিত খৰতকীয়া, সস্তীয়া, সহজলভ্য আৰু অধিক যুক্তিসংগত। মাথো এমুঠি বৌদ্ধিক মহলৰ মাজত বৈজ্ঞানিক কাম-কাজ আৱদ্ধ ৰখাৰ বিপক্ষে তেওঁ যুক্তি দৰ্শাইছিল। বিজ্ঞানীমহল ক্ষুণ্ণ হোৱা একো আচৰিত নহয়, বাতৰি কাকতে তেখেতক আক্ৰমণ কৰাহে আচৰিত। ইংলেণ্ডত তেখেতৰ প্ৰতি কৰ্ণপাত কৰা নহ’ল, কৰ্ণপাত কৰিলে ইউজিন গাৰফিল্ড নামৰ এজন আমেৰিকাৰ ডেকাই। তেখেতৰ মতে এই সভাখনৰ কাৰ্য-বিৱৰণ, বিশেষকৈ বাৰ্ণালৰ ধাৰণা তেওঁৰ বাইবেল স্বৰূপ হৈ পৰে। এই ধাৰণাৰ ওপৰত ভিত্তি কৰি ১৯৫৫ চনত গাৰফিল্ডে “Science Citation Index” প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাৰ্ণাল আছিল তেখেতৰ পৰামৰ্শদাতা। ১৯৭৫ চনত প্ৰথম বৃহৎ খণ্ড বাৰ্ণালৰ স্মৃতিত উছৰ্গা কৰি তেখেতে লিখে, “ To the memory of the late John Desmond Bernal, whose insight into the social origins and impact of science and impact of science inspired an interest that became a career”।

বাৰ্ণাল আৰু ৰাজনীতি

কেমব্ৰিজত প্ৰৱেশ কৰাৰ পিচত বাৰ্ণাল মাৰ্ক্সৰ দৰ্শন আৰু সমাজবাদৰ প্ৰতি আকৰ্ষিত হয়। সেই সময়ৰ বিশ্বৰ ৰাজনৈতিক পৰিৱেশে সমাজ সচেতন ব্যক্তিক নতুন দৃষ্টিভংগীৰে সমাজক বিশ্লেষণ কৰিবলৈ বাধ্য কৰে। ১৯৩৩ চনত জাৰ্মানীৰ ৰাজনৈতিক মঞ্চত হিটলাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ ধৰাত ইংলেণ্ডত চাৰ্চিলে জনগণক যুদ্ধ অনিবাৰ্য বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰই “ৰজা আৰু দেশ”-ৰ হকে যুদ্ধ নকৰিবলৈ সিদ্ধান্ত লৈ বাতৰি কাকতৰ শিৰোনামত স্থান পাইছিল। আনহাতে কেমব্ৰিজৰ বিজ্ঞানীমহলে নীৰৱে গঠন কৰে যুদ্ধবিৰোধী সংগঠন (Anti-War Council)। ইংলেণ্ডৰ কমিউনিষ্ট পাৰ্টিয়ে উৎসাহ যোগাইছিল সচাঁ, কিন্তু সকলো সভ্য কমিউনিষ্ট নাছিল। খ্ৰীষ্টধৰ্মী নীধম আছিল লেবাৰ পাৰ্টিৰ সমৰ্থক। এই সংগঠনত বাৰ্ণালে এক সক্ৰিয় অংশ গ্ৰহণ কৰে। “যুদ্ধ স্মৃতিস্তম্ভৰ” এথোপা ফুল সহিত নিম্নোক্ত বাক্য শাৰী লিখি থৈ আহিবলৈ তেওঁলোকে শোভাযাত্ৰা বাহিৰ কৰে—“To the victims of a war they did not make, from those who are determined to prevent all similar crimes of imperialism”। তেওঁলোকৰ মূৰৰ ওপৰত পৰে গেলা কণী। বাৰ্ণালে বিশ্বাস কৰিছিল আৰু আনক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে একনায়কত্ববাদ (ফেচীবাদ) ধনতন্ত্ৰৰ লক্ষণ। “The Scientist and The World Today”-ত তেখেতে আঙুলিয়াই দিয়ে যে আধুনিক ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিজ্ঞানী হ’ব লাগিব সংঘবদ্ধ। যুদ্ধ আৰু ফেচীবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ সংঘবদ্ধ শক্তিৰ প্ৰয়োজন। বাৰ্ণাল হৈ পৰে “Association of Scientific Worker” নামৰ সংগঠনৰ এজন সক্ৰিয় সভ্য। বাঁওপন্থী এমুঠি লোক তেওঁৰ কাষত আহি থিয় দিয়ে। ৰয়েল ছচাইটিৰ সভাপতি হপকিনচে বিজ্ঞান আৰু সমাজৰ মাজৰ সম্বন্ধ উন্নত কৰিবলৈ সেই সময়ত চেষ্টা কৰা হেতুকে বাৰ্ণালক সমৰ্থন জনায়। ১৯৩৩ চনত “Parliamentary Science Committee” গঠন হয়। AScW-ক এক শক্তিশালী সংগঠনলৈ ৰূপান্তৰিত কৰি ব্ৰিটিছ বিশ্ববিদ্যালয়, উদ্যোগ আদিৰ বিজ্ঞানীক সমাজবাদেৰে প্ৰভাৱিত কৰিব পৰা যাব বুলি উপলব্ধি কৰি বাৰ্ণালে “National Executive”-ত প্ৰৱেশ কৰে। একো নকৰি যুদ্ধ অনিবাৰ্য বুলি হাত সাৱটি বহি থাকিলে যে ফল নধৰে, বাৰ্ণালৰ বুজিবলৈ বাকী নাথাকে। তেখেতে যুদ্ধ প্ৰস্তুতিৰ বিপক্ষে থিয় দিবলৈ বিজ্ঞানীসমাজক আহ্বান জনাই কৈছিল যে যুদ্ধ প্ৰস্তুতিৰ বাবে আৱশ্যকীয় কোনোধৰণৰ গৱেষণাত অংশ গ্ৰহণ নকৰা হ’ল যুদ্ধ ৰোধ কৰাৰ এক উপায়। অৱশ্যে সময়ত নিজ ৰাষ্ট্ৰৰ বিপক্ষে থিয় দিব লাগিব।

ফেচীবাদৰ আৰম্ভণিত অহা আৰ্থিক সংকটে বাৰ্ণালক মাৰ্ক্সৰ লিখনি গুৰুত্বসহকাৰে অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু মাৰ্ক্সৰ দৰ্শনৰ সন্দৰ্ভত লিখনি হাতত লয়। এই সময়তে তেখেতে লেখিছিল “Scientists are in an anomalous position. Socially they belong to the capitalists, culturally to the workers”। তেখেতৰ মতে শ্ৰমিক আন্দোলনৰ লগত জড়িত হ’ব পাৰিলেহে বিজ্ঞানী নিজ উদ্দেশ্য সম্বন্ধে সজাগ হ’ব পাৰে আৰু সমাজৰ বিভিন্ন সমস্যাৰ বাস্তৱ সন্মত পথ প্ৰদৰ্শন কৰিব পাৰে।

সেই সময়ত বহু ইউৰোপীয় কমিউনিষ্টে বিশ্বাস কৰাৰ দৰে বাৰ্ণালেও ছোভিয়েট ইউনিয়নে এখন সমাজবাদী, প্ৰগতিশীল, আদৰ্শ ৰাষ্ট্ৰ প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰিছিল। ইয়াৰ কাৰণ নিহিত হৈ আছিল সেই যুগৰ ৰাজনৈতিক বাতাবৰণৰ মাজত। জাৰ্মানীত হিটলাৰ আৰু ইটালীত মুছোলিনিৰ প্ৰতিপত্তিয়ে ফেচীবাদৰ জয় অনিবাৰ্য আৰু ইয়াৰ একমাত্ৰ বিকল্প সমাজবাদ বুলি বিশ্বাস কৰিবলৈ বহুতক উদগনি দিছিল। ইহুদী বিদ্বেষীৰ সংখ্যা দিনে-দিনে বৃদ্ধি হৈছিল, ভয়ংকৰ বিপদৰ আগজাননী চিন্তাশীলসকলে পাইছিল, এওঁলোকৰ মাজৰ এজন আছিল বাৰ্ণাল। ফ্ৰান্সত ফেচীবাদৰ সমৰ্থক আৰু কমিউনিষ্টৰ মাজত হয়  সংঘৰ্ষ। প্ৰথমবাৰৰ বাবে ফ্ৰান্সত কমিউনিষ্ট পাৰ্টি শক্তিশালী হয়। প’ল লেনজেভিনে গঠন কৰে “Comite de Vigilence des Intellectuals Anti Fascistes”। প’লৰ এশাৰী বাক্য বাৰ্ণালে প্ৰায়ে দোহাৰি ছিল, “The scientific work which I can do, can be done, and will be done, by others, possibly soon, possibly not for some years, but unless political work is done there will be no science at all”। এই কমিটিৰ উদাহৰণত বাৰ্ণালে ইংলেণ্ডত গঠন কৰে “For Intellectual Liberty”(FIL) । ১৯৩৬ চনত ফ্ৰান্সত সংগঠিত “International Anti-Fascist Rally”-ত কেইজনমান বন্ধুসহ বাৰ্ণালে যোগদান দিয়ে। FIL প্ৰথমতে চৰকাৰে চলোৱা সমৰসজ্জাৰ বিৰোধিতা কৰিবলৈকে গঠন কৰা হয়, লাহে-ধীৰে সভ্যসকলে  নিৰস্ত্ৰীকৰণ, জাৰ্মানীৰ অৰ্থনৈতিক দুৰৱস্থা উপশম কৰাৰ হকে ল’বলগীয়া ব্যৱস্থা আৰু বিশ্ব-শান্তি প্ৰতিষ্ঠাৰ হকে মাত মাতিবলৈ ধৰে। জাৰ্মানীত বিদ্যায়তনিক স্বাধীনতা বা স্বাধীন চিন্তাৰ ওপৰত হস্তক্ষেপ কৰা হৈছে বুলি বহু চিন্তাশীল লোকে অভিযোগ কৰিছিল, অথচ একে ঘটনা ৰাছিয়াত হৈছে বুলি তেওঁলোকে বিশ্বাস কৰা নাছিল। সেই সময়তে ৰাছিয়াৰ ৰাজনীতিয়ে ইউক্ৰেইনত সৃষ্টি কৰা দুৰ্ভিক্ষত নিযুত লোক মৃত্যুৰ মুখত পৰিছিল।

১৯৩৬ চনত স্পেইনৰ গৃহ-যুদ্ধই বুদ্ধিজীৱীমহলক বহু চিন্তাৰ খোৰাক যোগায়। কেমব্ৰিজত এচাম ডেকা ছাত্ৰই জেনেৰেল ফ্ৰেংকৰ বিৰুদ্ধে প্ৰচাৰ চলায়। “Cambridge Scientists Anti War Group” জনপ্ৰিয় গোট হৈ পৰে। বাৰ্ণাল আছিল এই গোটৰ সক্ৰিয় সভ্য। এই গোটৰ বিজ্ঞানীসকলে বিস্ফোৰক, বোমা আদিৰ বিষয়ে পৰীক্ষা চলায়। বিষাক্ত গেচৰ বিষয়ে বাৰ্ণালে দিয়া বক্তৃতা জনপ্ৰিয় হয় আৰু তেওঁলোকে প্ৰকাশ কৰে এখন কিতাপ—“The Protection of Public from Aerial Attack”। চৰকাৰীমহলৰ দ্বাৰা সমালোচিত কিতাপখনে বহু তথ্যৰ যোগান ধৰি মানুহক সজাগ কৰে।

ইতিমধ্যে হিটলাৰে বৃহৎ সৈন্যদল চেকোশ্ল’ভেকিয়াৰ সীমাত সমবেত কৰে। হিটলাৰক গৰিহণা দি শোভাযাত্ৰা কৰা লোকৰ মাজত আছিল বাৰ্ণাল। জাৰ্মান দূতাবাসৰ আগৰ পুলিচে লাঠি চালনা কৰে, মাধ-মাৰ পৰে হ’লডেনৰ ওপৰত। যুদ্ধ অনিবাৰ্য বুলি বুজিবলৈ বাৰ্ণালৰ আৰু বাকী নাথাকে। জাৰ্মানীৰ লগত শান্তি স্থাপন কৰা অসম্ভৱ বুলি জানিও তেওঁলোকে শান্তি স্থাপনৰ হকে ওকালতি কৰিছিল।

বাৰ্ণাল আৰু দ্বিতীয় বিশ্ব-যুদ্ধ

এইজন বাৰ্ণালে দ্বিতীয় মহাযুদ্ধত পৰোক্ষ, কিন্তু সক্ৰিয় অংশগ্ৰহণ কৰিছিল কিয়? সেই সময়ত বহু লোকে বাৰ্ণালক ৰাছিয়াৰ গুপ্তচৰ বুলি সন্দেহ কৰিছিল। এই সন্দেহৰ থল নোহোৱা নহয়। সম্প্ৰতি প্ৰকাশিত “Venona”-ৰ পৰা জানিব পৰা যায় যে J.B.S Haldane আৰু Ivor Montagu আছিল ৰাছিয়াৰ গুপ্তচৰ। কিন্তু বাৰ্ণাল নাছিল। অসামৰিক প্ৰতিৰক্ষা আৰু বোমা সম্বন্ধে তেখেতৰ জ্ঞান আছিল আৰু তেখেতে জানিছিল যে ৰাছিয়াৰ মাধ্যমেৰে এনে জ্ঞান হিটলাৰৰ হাতত পৰাৰ সম্ভাৱনা আছে। সেয়েহে তেখেত আছিল অত্যন্ত সাৱধান। তেখেতে মত প্ৰকাশ কৰে যে ফেচীবাদৰ জয়ৰ অৰ্থ হ’ব বিজ্ঞান আৰু বিজ্ঞানীৰ মৃত্যু। কাৰণ প্ৰকৃত বিজ্ঞানীয়ে সত্যৰ পক্ষে মাত নমতাকৈ থাকিব নোৱাৰে। ফেচীবাদী সমাজত সত্য প্ৰকাশ কৰাৰ অৰ্থ, হাতৰ কুঠাৰ ভৰিত মৰা। বাক স্বাধীনতা হৰণে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ-বিবেচনা কৰা বিজ্ঞানীক হত্যা কৰিব। হিটলাৰৰ ইহুদী বিদ্বেষ আহি ইউৰোপৰ বহু দেশত প্ৰৱেশ কৰাত বাৰ্ণালে ফেচীবাদৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্য আগত ৰাখি যুদ্ধত পৰোক্ষ অংশ গ্ৰহণ কৰে। “অসামৰিক প্ৰতিৰক্ষা কমিটী”ৰ সভ্য বাৰ্ণালে বোমাবৰ্ষণৰ পৰা হ’ব পৰা ক্ষতিৰ পৰিসাংখ্যিকীয় অনুসন্ধান চলাবলৈ আৰম্ভ কৰে। চাৰ্চিল আৰু তেখেতৰ পৰামৰ্শদাতা লিন্ডমেনে বোমাবৰ্ষণৰ পৰা হ’ব পৰা ক্ষতিৰ অতিৰঞ্জিত চিত্ৰ প্ৰকাশ কৰি কৈছিল যে লণ্ডনত এসপ্তাহ বোমাবৰ্ষণৰ ফলত ৪০,০০০ হাজাৰ লোক মৃত্যুৰ মুখত পৰিব আৰু নিযুত মানুহ পলাবলৈ বাধ্য হ’ব। অত্যন্ত কুশলী পৰিসাংখ্যিকীয় বিজ্ঞানীৰ সহযোগত বাৰ্ণালে ক’ভেণ্ট্ৰিত (এই চহৰত উৰাজাহাজ কাৰখানা থকা হেতুকে বোমাবৰ্ষণৰ সম্ভাৱনা আছিল অধিক) অনুসন্ধান চলাই মত প্ৰকাশ কৰে যে ৬০০-ৰ পৰা ১০০০ বোমাবৰ্ষণ হ’লে ৰাতি ৬০০ আৰু দিনত ৭৩৬০-জন লোকৰ মৃত্যু হ’ব। কাৰখানাৰ বাসস্থান অধিক উন্নত আৰু সুৰক্ষিত কৰিব পাৰিলে মৃত্যু সংখ্যা হ’ব কম। যেতিয়া বোমাবৰ্ষণ হৈছিল, বাৰ্ণালৰ বিশ্লেষণ সঠিক প্ৰমাণিত হয়। কিন্তু তেখেতৰ পৰামৰ্শ চাৰ্চিলে গ্ৰহণ কৰা নাছিল আৰু অৱশেষত তেখেতসকলৰ গৱেষণা অস্ত্ৰ নিৰ্মাণ কৌশলতহে প্ৰয়োগ কৰা হৈছিল।

বাৰ্ণালে অংশগ্ৰহণ কৰিছিল দ্বিতীয় মহাযুদ্ধত “Combined Operation” নামে জনাজাত অভিযানত। চাৰ্চিলে মাউণ্টবেটেনক “Chief of Combined Operation” পদত অধিষ্ঠিত কৰে আৰু মাউণ্টবেটেনৰ অনুৰোধ মৰ্মে বৈজ্ঞানিক উপদেষ্টাৰূপে কাম কৰিবলৈ তেওঁ সন্মত হয়। প্ৰথমেই তেখেতে আঙুলিয়াই দিছিল যে বৰ্ষণ কৰা বোমা বহু ক্ষেত্ৰত লক্ষ্য স্থানত নপৰি বিপুল ক্ষতি কৰে আৰু কেনেকৈ এনে বোমাৰ সংখ্যা কমাব পাৰি তেওঁ আঙুলিয়াই দিয়ে। প্ৰথমে সামৰিক বিষয়াই তেওঁৰ উপদেশৰ প্ৰতি কৰ্ণপাত কৰা নাছিল, কিন্তু লাহে-ধীৰে বাৰ্ণালৰ উপদেশ গ্ৰহণ কৰাত বিখ্যাত “D-Day” অভিযানত বাৰ্ণালে সক্ৰিয় ভূমিকা পালন কৰিছিল।

তদুপৰি যুদ্ধৰ পিচত ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত আণৱিক যুদ্ধ হ’লে হ’ব পৰা ক্ষয়-ক্ষতিৰ এক সমীক্ষা তেখেতে চলাইছিল। অৱশ্যে তেখেতে দৃঢ় কণ্ঠে কৈছিল, “The bomb was only a technical device and as such would not prevent war: the only way in which a new technical devise can bring an end to war is if it stirs people into effective political action against war”।

বিশ্ব-শান্তি প্ৰচেষ্টাত বাৰ্ণালৰ ভূমিকা

যুদ্ধৰ পিচত শান্তি বিচাৰিছিল প্ৰতিজন লোকে। পোলেণ্ড, ৰাছিয়া, জাৰ্মানী আৰু জাপানৰ ক্ষতি হৈছিল সকলোতকৈ অধিক। এই দেশসমূহৰ জনগণে মাথো জীয়াই থকাই পৰম ভাগ্য বুলি ভাবিছিল। আনহাতে ৰাষ্ট্ৰনেতা আৰু বিজ্ঞানীসকলৰ বুজিবলৈ বাকী নাছিল যে তলে-তলে আৰম্ভ হৈছে শীতল যুদ্ধ। ইংলেণ্ডত আণৱিক বোমাৰ প্ৰস্তুতি চলিছিল আমেৰিকাৰ লগত ফেৰ মাৰিবলৈকে। ১৯৪৬ চনৰ এক অনাতাঁৰ ভাষণত (BBC) বাৰ্ণালে কয় যে প্ৰথম আন্তৰ্জাতিক সহযোগিতাৰ প্ৰতীক ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাক বাধা দিলে আন এখন যুদ্ধ অনিবাৰ্য। বিপদ আণৱিক বোমা, ছোভিয়েট ইউনিয়ন, মানুহৰ মনৰ বিপজ্জনক চিন্তা বা জন-কল্যাণৰ হকে বিশ্ববাসীয়ে কৰিব লগা সহযোগিতাৰ অভাৱে আনিব নোৱাৰে, আনিব যিসকল লোকে এক শান্তিপূৰ্ণ পৃথিৱী নিবিচাৰে, যিসকলে “পশ্চিমীয়া সভ্যতা”-ৰ বিশেষ গণতান্ত্ৰিক মূল্যবোধক যি কোনো উপায়ৰে ৰক্ষা কৰা উচিত বুলি যুদ্ধৰ বাণী প্ৰচাৰ কৰে, প্ৰতিশ্ৰুতিৰ এওঁলোক প্ৰধান শত্ৰু।

আমেৰিকাত মানহাটন পৰিকল্পনাত অংশগ্ৰহণ কৰা বিজ্ঞানীয়ে গঠন কৰে “Federation of American Scientists”। ইতিমধ্যে আমেৰিকাই আণৱিক শক্তিৰ আন্তৰ্জাতিক নিয়ন্ত্ৰণৰ পৰিকল্পনা হাতত লৈছিল। এই পৰিকল্পনা মতে এখন আন্তৰ্জাতিক সমিতিয়ে আণৱিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ, আণৱিক শক্তিৰ প্ৰয়োগ আৰু ইউৰেনিয়াম আদি ধাতুৰ উৎপাদন নিয়ন্ত্ৰণ কৰিব। প্ৰতিখন দেশৰ আণৱিক শক্তিৰ লগত সম্বন্ধ থকা ক্ৰিয়া-কলাপ পৰিদৰ্শন কৰাৰ ভাৰ এই সমিতিৰ ওপৰত দিয়া হ’ব। ৰাছিয়াৰ সঁজাতী দলে ইয়াৰ লগতে যোগ দিয়ে যে প্ৰতিখন দেশতে  আণৱিক অস্ত্ৰ-শস্ত্ৰ প্ৰস্তুত, প্ৰয়োগ আৰু মজুত নিষিদ্ধ ঘোষণা কৰা হওক। উৎসাহিত বাৰ্ণালে সম্পূৰ্ণ সমৰ্থন জনায়।

ফ্ৰান্সত শান্তি প্ৰচেষ্টাৰ হকে যুঁজ দিয়া প্ৰধান ব্যক্তি আছিল জুলিও কুৰী। বাৰ্ণাল আৰু কুৰী আছিল “World Federation of Scientific Worker”-ৰ দুজন প্ৰধান নেতা। দুয়োজনে বিশ্বশান্তি আৰু সমগ্ৰ বিশ্বৰ জনগণৰ কল্যাণৰ অৰ্থে বিজ্ঞানক প্ৰয়োগ কৰা উচিত বুলি সভাত বাৰে-বাৰে মাত মাতিছিল। কিন্তু তেওঁলোকৰ বুজিবলৈ বাকী নাছিল যে সাধাৰণ মানুহক সজাগ কৰিব নোৱাৰিলে লক্ষ্য স্থানত উপনীত হোৱা অসম্ভৱ। সেয়েহে দুয়ো একেলগে পোলেণ্ডত এখন সভা পাতিবলৈ থিৰ কৰাত গঠন হয় “World Congress of Intellectuals for Peace”। এই সভাত গোট খাইছিল পিকাছোকে আৰম্ভ কৰি বিভিন্ন দেশৰ শিল্পী, সাহিত্যিক, সংগীতজ্ঞ, ইতিহাসবিদ, ধৰ্মতত্ববিদ আদি লোক। হ’লডেনে সভাত বৰ মাত মতা নাছিল, বাৰ্ণালে নতুনকৈ গঢ়ি উঠা অস্ত্ৰ প্ৰতিযোগিতাক বাৰে-বাৰে গৰিহণা দিছিল। কিন্তু সভাৰ বৌদ্ধিকমহলৰ এচামে উপলব্ধি কৰে যে সমাজবাদী বাৰ্ণাল পক্ষপাতদুষ্ট দোষত দোষী। কাৰণ তেখেতে দোষ দিছিল আমেৰিকাৰ নীতিক, ইতিমধ্যে তলে-তলে প্ৰতিযোগিতাত যোগ দিয়া ৰাছিয়াৰ নীতি এবাৰো উল্লেখ কৰা নাছিল।

১৯৪৯ চনত বিশ্বশান্তি সভাৰ নিমন্ত্ৰণ ক্ৰমে বাৰ্ণালে আমেৰিকাৰ বষ্টন, ফিলাডেলফিয়া, চিকাগো আৰু ৱাচিংটনত দিয়া ভাষণক আমেৰিকাবিৰোধী আখ্যা দি লণ্ডনৰ আমেৰিকাৰ ৰাষ্ট্ৰদূতে তেওঁৰ আমেৰিকাৰ প্ৰৱেশপত্ৰ বাতিল কৰে। আনহাতে পেৰিচত বহা “World Congress of Partisans of Peace” সভাত বাৰ্ণাল আছিল প্ৰধান বক্তা। এইখন সভাত দিয়া বক্তৃতাৰ বাবে প’ল ৰবছনে প্ৰৱেশপত্ৰ হেৰুৱাব লগাত পৰে।

১৯৫০ চনত আৰম্ভ হয় কোৰিয়াৰ যুদ্ধ। প্ৰকৃততে এই সময়ত আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন সমৰসজ্জাত উঠি পৰি লাগিছিল। ষ্টকহমত বহে “The Partisans of Peace”। “Stockholm Peace Appeal” আছিল এই সভাৰ প্ৰধান কীৰ্তি। আণৱিক বোমা নিষিদ্ধকৰণ আৰু আন্তৰ্জাতিক সহযোগিতাৰ মাধ্যমেৰে বিশ্ব-শান্তি স্থাপন আছিল এই সভাৰ প্ৰধান উদ্দেশ্য। নকলেও হ’ব বাৰ্ণালে সভাত আগভাগ লয়। কিন্তু স্পষ্ট হৈ পৰে যে সভাৰ মতে পশ্চিমীয়া শক্তিয়ে ৰাছিয়া আক্ৰমণৰ উদ্দেশ্য আগত ৰাখি বোমা নিৰ্মাণ কাৰ্য হাতত লৈছে। গতিকে ইংলেণ্ডত বহা দ্বিতীয় সভাত অংশ গ্ৰহণ কৰাৰ পৰা বহু বিজ্ঞানী বিৰত থাকে।

ইয়াৰ পিচত “World Peace Council”-ৰ সভা বহিছিল পোলেণ্ডত। সভাত ৰাছিয়া আৰু চীন দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। সঁচা কথা ক’বলৈ গ’লে পৰিস্থিতি আছিল দুখজনক (আমাৰ চমু পৰিসৰত সবিশেষ আলোচনা সম্ভৱ নহয়)। সংগঠন আছিল এৰা-ধৰা। শেষ পৰ্যন্ত বাৰ্ণালৰ ভাষণ অনুবাদ নোহোৱাত ইংৰাজীত ভাষণ দিবলৈ তেখেত বাধ্য হয় (সৰহ সংখ্যকৰ ইংৰাজীৰ জ্ঞান আছিল শূন্য)।

১৯৫২ চনত জুলিয়াচ আৰু ইথেল ৰোজেনবাৰ্গক ৰাছিয়াৰ গুপ্তচৰ দোষত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়া হয়। বিশ্বজুৰি বহু লোকে ইয়াৰ প্ৰতিবাদ কৰে, তেখেতসকলৰ মুক্তিৰ হকে বাৰ্ণালে দেহে-কেহে যুঁজ দিয়ে, কিন্তু ফল একো নধৰিল। শীতল যুদ্ধৰ ভয়াবহ পৰিণতি বুজিবলৈ বিশ্বৰ আৰু বাকী নাথাকে। “Warsaw Congress”-ত এই কাৰ্যক গৰিহণা দিয়া লোকৰ সংখ্যা আছিল ৪৭৩,১৫৪,২৫৯-জন। সৰহ সংখ্যক আছিল চীন আৰু ৰাছিয়াৰ লোক। ব্ৰিটিছ আছিল মাথো ১,৩৪৩,৩৪০। আচৰিত নহয়, কাৰণ ইতিমধ্যে বিজ্ঞানীৰ লগতে সাধাৰণ মানুহেও ৰাছিয়া আৰু চীনৰ ৰাজনীতিৰ উমান পাইছিল। সি যি নহওক ১৯৫২ চনত বাৰ্ণালে লাভ কৰে “ষ্টেলিন শান্তি বঁটা”।

১৯৫৪ চনত আমেৰিকাই “Thermonuclear” অস্ত্ৰ পৰীক্ষা কৰাত বিশ্ব জুৰি সন্ত্ৰাসৰ সৃষ্টি হয়। ১৯৫৫ চনত “World Assembly for Peace” সভাত প্ৰথম বাৰৰ বাবে বাৰ্ণালে কয়, “Atomic bombs are evil things whatever government makes them- American, Soviet or British”। ১৯৫৮ চনত জুলিও কুৰীৰ মৃত্যুত তেখেতে শোক প্ৰকাশ কৰিছিল, “Joliot-Curie who more than anyone else reminded scientists of the saying of Rabelais “Science without conscience is nothing but the ruin of the soul”।

বিশ্ব-শান্তি স্থাপনৰ প্ৰচেষ্টাতে বাৰ্ণালে হো-চি-মিন, নেহেৰু আৰু ক্ৰশেভক লগ ধৰিছিল। তেখেতৰ চেষ্টাত লণ্ডনত বহে “Peace Pugwash”। সভা সফল হৈছিল বুলিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *