কেন্দ্ৰীয় নিবন্ধনিবন্ধ

জে ডি বাৰ্ণাল (তৃতীয় অংশ) (পূৰৱী দেৱী)

(প্ৰথম অংশ পঢ়িবলৈ ইয়াতে টিপকদ্বিতীয় অংশ পঢ়িবলৈ ইয়াতে টিপক)

লিখক বাৰ্ণাল

সু-লিখক বাৰ্ণালে কেইবাখনো কিতাপ লিখে। ইয়াৰ ভিতৰত দুখন বিশ্ব-বিখ্যাত– ‘The Social Function of Science’ আৰু ‘Science in History’। ১৯৩৯ চনত ‘The Social Function of Science’ প্ৰকাশ হয় (কৈ থোৱা উচিত হ’ব যে তথ্য-সম্বলিত এই কিতাপখন সহজপাঠ্য নহয়)। কিতাপখন দুটা ভাগত ভাগ কৰা হৈছে, ১) বিজ্ঞানে কি কৰিছে? ২) বিজ্ঞানে কি কৰিব পাৰে? প্ৰথম অংশ তথ্য আৰু নিজস্ব অভিজ্ঞতাৰ ভিত্তিত লিখা হৈছে, দ্বিতীয় অংশ বিশ্লেষণ আৰু কল্পনা শক্তিৰ ভিত্তিত। ভূমিকাতেই তেওঁ আঙুলিয়াই দিছে যে মাথো জ্ঞান-সাধনা বিজ্ঞানৰ উদ্দেশ্য নহয় আৰু বিজ্ঞানে লাহে-ধীৰে প্ৰগতি আনিব বুলি আশা কৰা বৃথা। আৰ্থিক আৰু সামাজিক উন্নতি সাধনৰ অৰ্থে বিজ্ঞান-চৰ্চা বিজ্ঞানীৰ প্ৰধান লক্ষ্য হোৱা উচিত। প্ৰতিজন সমাজসচেতন বিজ্ঞানীয়ে উপলব্ধি কৰে যে বিজ্ঞানে সমস্যা সমাধান কৰা নাই, বৰঞ্চ বৃদ্ধি কৰিছে। বিশ্ব জুৰি হৈছে আৰ্থিক সংকট আৰু দুৰ্ভিক্ষ। ইয়াৰ মূলতে দুৰ্নীতিপূৰ্ণ ৰাজনীতি আৰু প্ৰচলিত সমাজব্যৱস্থা। তেখেতে তথ্যসহ প্ৰমাণ কৰিছে যে ইংলেণ্ডত জাতীয় আয়ৰ মাথো ০.১ শতাংশ বৈজ্ঞানিক গৱেষণাৰ অৰ্থে খৰচ কৰা হয়, আমেৰিকাত কৰা হয় ইয়াৰ আঠ গুণ। তথাপি আমেৰিকাই জন-কল্যাণমূলক আঁচনিত বিজ্ঞানক বৰ বিশেষ প্ৰয়োগ নকৰে। নিজস্ব অভিজ্ঞতাৰ ভিত্তিতে তেখেতে কৈছে যে প্ৰচলিত শিক্ষাব্যৱস্থা বহুলাংশে দায়ী। বিশ্ব-বিদ্যালয়ত গ্ৰহণ কৰা শিক্ষাই ছাত্ৰ-ছাত্ৰীক গৱেষণাগাৰত বৰ বিশেষ সহায় নকৰে, বহু কথা পুনৰ শিকিব লগা হয়। তদুপৰি বিজ্ঞানৰ প্ৰধান উদ্দেশ্য জনকল্যাণৰ হকে ইয়াৰ প্ৰয়োগ বুলি চিন্তা কৰিবলৈকো তেওঁলোকক শিক্ষা দিয়া নহয়। গৱেষণাগাৰত অৰ্থৰ অহৰহ নাটনি, বহু মূল্যবান গৱেষণা বাদ পৰি ৰয়। তেখেতে কৈছে– “Medical research in this country is not only a disgrace, but a crime”।

বিজ্ঞানৰ বিভিন্ন শাখাত কৰা গৱেষণাসমূহৰ ইটোৰ লগত সিটোৰ সম্বন্ধ নাথাকে। ‘বিশেষজ্ঞ’ সকলৰ সাধাৰণ জ্ঞানৰ অভাৱ দেখিলে তবধ মানিব লাগে। গৱেষণাপত্ৰ প্ৰকাশ কৰা হয় মাথো বিশেষজ্ঞৰ উদ্দেশ্য আগত ৰাখি। এজন বিশেষজ্ঞই আন এটা বিষয় বা একেটা বিষয়ৰ আন এটা বিভাগৰ গৱেষণাপত্ৰ বহু সময়ত বুজি নাপায়। সাধাৰণ মানুহৰ বিজ্ঞান-শিক্ষা বা জ্ঞান প্ৰায় শূন্য।

বাৰ্ণালৰ মতে ধনতান্ত্ৰিক দেশত মাথো মুনাফা বৃদ্ধিৰ বাবে বিজ্ঞান-চৰ্চা কৰিলে বিজ্ঞান আৰু বিজ্ঞানীৰ প্ৰচেষ্টা অথলে যাবলৈ বাধ্য। ধনতান্ত্ৰিক দেশত প্ৰতিযোগিতা, বৃহৎ প্ৰতিষ্ঠানৰ একচেটিয়া অধিকাৰ বিজ্ঞানৰ সঠিক প্ৰয়োগৰ পথৰ আন এক ডাঙৰ বাধা। সৰু প্ৰতিষ্ঠানে বৃহৎ কোম্পানীৰ লগত ফেৰ মাৰিব নোৱাৰি বহু সময়ত গৱেষণা বন্ধ কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে বিজ্ঞানীয়ে হেৰুৱায় প্ৰেৰণা আৰু উৎসাহ। অথচ কোম্পানীয়ে বিজ্ঞাপনতে হাজাৰ-হাজাৰ পাউণ্ড খৰচ কৰে। এনে পৰিৱেশত জন-কল্যাণৰ গুৰুত্ব অনুভৱ কৰিব কোনে? ইউৰোপৰ ধনতান্ত্ৰিক দেশত গঢ়ি উঠিছে ‘জাতীয়তাবাদৰ’ ধাৰণা। এই ধাৰণাই ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে। সমৰ সজ্জাত প্ৰতিখন দেশে কোটি-কোটি টকা খৰচ কৰিছে, জন-কল্যাণমূলক আঁচনিত ব্যয়ৰ হাৰ নগণ্য।

বাৰ্ণালৰ মতে এক কেন্দ্ৰীয় প্ৰতিষ্ঠানে গৱেষণাৰ কেন্দ্ৰীয় পৰিকল্পনা হাতত লৈ বিজ্ঞানৰ প্ৰতিটো বিভাগৰ মাজত সম্বন্ধ ৰখা উচিত। সঘনাই তেওঁ ছোভিয়েট ইউনিয়নৰ উদাহৰণ দাঙি ধৰিছে। মাথো বিশ বছৰৰ ভিতৰতে এইখন দেশ কৃষি, উদ্যোগ, চিকিৎসা, স্বাস্থ্য-ৰক্ষা আদি সকলো দিশতে বহু দূৰ আগুৱাই গৈছে। বিজ্ঞান শিক্ষাৰ প্ৰসাৰ হৈছে যথেষ্ট। ছোভিয়েট ইউনিয়নত বিজ্ঞান-গৱেষণাৰ পৰিকল্পনা হাতত লয় এক কেন্দ্ৰীয় সংগঠনে। উৎপাদন আৰু বিতৰণ নিয়ন্ত্ৰণ কৰা হয়, মানৱ কল্যাণৰ উদ্দেশ্য আগত ৰাখি বৈজ্ঞানিক গৱেষণা কৰা হয়, মাথো মুনফা বৃদ্ধিৰ বাবে নহয়।

কিতাপখনৰ দ্বিতীয় অংশত বাৰ্ণালে বিজ্ঞান-গৱেষণাৰ পূৰ্ণ গঠনৰ দ্বাৰা কেনেদৰে সমাজ-পৰিৱৰ্তন কৰিব পাৰি, সেইটো সুন্দৰকৈ আলোচনা কৰিছে। প্ৰথমেই বিজ্ঞান-শিক্ষা আৰু গৱেষণাত অধিক অৰ্থ ব্যয় কৰা আৱশ্যক। বিজ্ঞানীৰ দৰমহাৰ পৰা আৰম্ভ কৰি প্ৰতিটো শাখাতে ব্যয় কৰাৰ অৰ্থৰ পৰিমাণ বিজ্ঞানৰ প্ৰতিটো শাখাৰ প্ৰতিনিধি আৰু জাতীয় অৰ্থনীতিবিদৰ মাজৰ আলাপ-আলোচনাৰ দাৰা নিৰ্দ্ধাৰণ কৰা উচিত (তেখেতৰ মতে ছোভিয়েট ইউনিয়নত ইয়াকে কৰা হয়)। বিজ্ঞানে প্ৰকৃততে সাধিব পৰা কল্যাণ সম্বন্ধে সাধাৰণ লোকক (ইয়াৰ মাজত ৰাজনীতিবিদ সকলো পৰিছে) শিক্ষা দিব পাৰিলে অৰ্থ ব্যয় কৰিবলৈ কোনেও দ্বিধা নকৰিব। বিজ্ঞানীৰ স্বাধীনতা ক্ষুণ্ণ নকৰাকৈ কেনেধৰণে পৰিকল্পনা কৰিব পাৰি, তাকো তেখেতে সুন্দৰকৈ ফঁহিয়াই দিছে। কেন্দ্ৰীয় পৰিকল্পনাৰ মাধ্যমেৰে প্ৰায়োগিক আৰু মৌলিক বিজ্ঞান গৱেষণাৰ মাজত সমতা ৰক্ষা কৰিব পৰা যায়। বৈজ্ঞানিক গৱেষণাক সঠিক পথত পৰিচালনা কৰি সমাজ-পৰিৱৰ্তনৰ বাট মুকলি কৰিব পৰা যাব। তেখেতৰ ভাষাত–“The association of scientists in times of crisis with other positive and progressive forces is not a new phenomenon; it occurred in the age of Bruno and Galileo and again in the French Revolution.…………In this endeavour science is communism”। সমাজ-কল্যাণৰ উদ্দেশ্য আগত ৰাখি কাম কৰা বিজ্ঞানীয়ে কেতিয়াও অকলশৰে কাম কৰিব নোৱাৰে বা নকৰে। সমাজ-সচেতন বিজ্ঞানীৰ প্ৰধান লক্ষ্য সমাজকল্যাণ।

বিজ্ঞান-শিক্ষাৰ প্ৰসাৰৰ সন্দৰ্ভত কিতাপখনত বিশেষকৈ গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰতিখন গৱেষণাপত্ৰৰ চমু টোকা এনেদৰে প্ৰকাশ কৰা উচিত যাতে যি কোনো বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ জ্ঞান লাভ কৰিব পাৰে। স্কুলত বিজ্ঞান-শিক্ষা বাধ্যতামূলক কৰা, ভাটৌৰ দৰে শিক্ষা লাভ নকৰি মৌলিক চিন্তা কৰিবলৈ শিকোৱা আৰু বিজ্ঞানৰ সঠিক প্ৰয়োগ সম্বন্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰা একান্ত প্ৰয়োজন। সমাজবাদী দেশত ইয়াকে কৰা হয়। তথাপি ধনতান্ত্ৰিক দেশতো বহু উন্নয়নমূলক আঁচনিত বিজ্ঞানক প্ৰয়োগ কৰাৰ থল আছে।

কিতাপখন প্ৰকাশৰ লগে-লগে বিজ্ঞানীমহলৰ পৰা বাৰ্ণালে ভূয়সী প্ৰশংসা লাভ কৰে। “Pauling devoured the book, made it a topic of discussion in his seminar classes ………… and sympathizes with most of its messages”।

অৱশ্যে সমালোচকৰ অভাৱ নাছিল। বাৰ্ণালে ধনতান্ত্ৰিক দেশক সমালোচনা কৰি ছোভিয়েট ইউনিয়নক চকু মুদি প্ৰশংসা কৰিছে বুলি সমালোচকে অভিযোগ আনিছিল। আনহাতে বিশ্বৰ বহু বিজ্ঞানী আছিল বাৰ্ণালৰ লগত একমত।

‘Science in History’ কিতাপৰ ভূমিকাতেই লিখকে সুন্দৰকৈ লিখনিৰ উদ্দেশ্য ব্যাখ্যা কৰিছে। বিজ্ঞানৰ বিকাশ, মানৱ ইতিহাসৰ লগত ইয়াৰ সম্পৰ্ক, বিজ্ঞান আৰু সমাজৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া, বিজ্ঞানে সৃষ্টি কৰা সমস্যা আদি বুজিবলৈ আৰু বিশ্লেষণ কৰিবলৈ লিখকে যথাসাধ্য চেষ্টা কৰিছে। মানৱ-সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি বিজ্ঞানীৰ দায়িত্ব, বিজ্ঞানে সৃষ্টি কৰা সমস্যা সমাধানৰ হকে প্ৰয়োজনীয়   প্ৰচেষ্টা আৰু আন্তৰ্জাতিক সহযোগিতাৰ গুৰুত্ব সম্বন্ধে কৰা আলোচনাই প্ৰতিজন চিন্তাশীল ব্যক্তিক আজি পৰ্যন্ত চিন্তাৰ খোৰাক যোগাব পাৰে। আৰম্ভণিতেই কোৱা হৈছে যে ইতিহাসৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰা প্ৰতিজন বিজ্ঞানীৰ লক্ষ্য হোৱা উচিত, কাৰণ অতীত বিশ্লেষণৰ যোগেৰেহে বৰ্তমান ঘটনাৱলী বিশ্লেষণ কৰিব পাৰি।

ভূমিকাত আলোচনা কৰা বিভিন্ন দিশসমূহ হ’ল—, বিজ্ঞানৰ দিশ, প্ৰতিষ্ঠান হিচাপে বিজ্ঞান, বিজ্ঞানৰ পদ্ধতি, পৰ্যবেক্ষণ আৰু পৰীক্ষা, যন্ত্ৰ-পাতি, সূত্ৰ, প্ৰকল্প আৰু তত্ত্ব, বিজ্ঞানৰ ভাষা, বিজ্ঞানৰ কৌশল, বিজ্ঞান আৰু কলা, বৈজ্ঞানিক আৰু অভিযন্তা, বিজ্ঞানৰ ক্ৰমপুঞ্জিত ঐতিহ্য, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ চানেকি, মহান লোকৰ ভূমিকা, বিজ্ঞান আৰু উৎপাদনৰ উপায়, আৰম্ভকালীন বিজ্ঞানৰ শ্ৰেণী চৰিত্ৰ, ধাৰণাৰ উৎস ৰূপে প্ৰকৃতি-বিজ্ঞান, জড়বাদ আৰু ভাববাদ, বিজ্ঞান আৰু সমাজৰ মাজৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। ভূমিকাৰ পৰাই কিতাপখনৰ বহল পৰিসৰৰ উমান পাব পাৰি। ভূমিকাৰ অন্ত পেলাইছে লিখকে এইদৰে–

প্ৰতি যুগতে মানুহৰ এক মহান ঐতিহ্য আছে। বিভিন্ন যুগত সৎ বিশ্বাস আৰু উচিত কাৰ্য কৰিবলৈ বিবেচনা কৰাৰ পৰায়েই এই ঐতিহ্যৰ ভেটি গঢ়িবলৈ উপাদান সংগ্ৰহ কৰা হয়। প্ৰাগঐতিহাসিক যুগৰ অনুজ্বল অতীতৰ পৰা এই ঐতিহ্য চিনাক্ত হবৰে পৰা স্পষ্টকৈ দেখা যায় যে সমগ্ৰ বিশ্ব জুৰি ই একে ঐতিহ্য যদিও ভূমধ্য সাগৰীয় অঞ্চল, ভাৰত আৰু চীনত ইয়াৰ স্বাধীন শাখা দেখিবলৈ পোৱা যায়। বিজ্ঞানৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিলেহে এই মহান ঐতিহ্যৰ বিকাশ আৰু পৰিবৰ্তন আমি বুজিব পাৰিমআনহাতে বিজ্ঞানৰ বিকাশ সম্বন্ধে জ্ঞান আহৰণ কৰিবলৈ বিজ্ঞানক এই ঐতিহ্যৰ স্বাভাৱিক অংগ হিচাপে গণ্য কৰা আৱশ্যক। কিতাপখনৰ বাকী অংশত সাংস্কৃতিক ইতিহাসত বিজ্ঞানৰ স্থান স্পষ্টকৈ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা হব। ভূমিকাত পৰিকল্পনা কৰাৰ দৰে আৰম্ভণিৰে পৰা বৰ্তমান যুগলৈকে বিজ্ঞানৰ ধাৰা বৰ্ধিত হাৰত পুংখানুপুংখ কৈ বিচাৰ কৰা হব। এই কাহিনী কৈ যোৱাৰ লগে-লগে ভূমিকাত চমুকৈ উল্লেখ কৰা বিমূৰ্ত সম্পৰ্কবোৰ বুজিবলৈ সহজ হৈ পৰিব আৰু মানৱ ইতিহাসৰ অভিজ্ঞতাৰ পৰা এই সম্পৰ্ক কেনেকৈ উদ্ভৱ হল সেইটো স্পষ্ট হৈ পৰিব”।

১৯৫৪ চনত প্ৰকাশিত কিতাপখন চাৰিটা খণ্ডত বিভক্ত। প্ৰথম খণ্ডত প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি বেবিলন, ভাৰত, ইজিপ্ত, আৰু মধ্যযুগ, দ্বিতীয় খণ্ডত নৱজাগৰণ, শিল্প-বিপ্লৱৰ পৰা আৰম্ভ কৰি ঊনৈশ শতিকা, তৃতীয় খণ্ডত কুৰি শতিকা আৰু চতুৰ্থ খণ্ডত সমাজ-বিজ্ঞান সম্বন্ধে আলোচনা কৰা হৈছে। মাৰ্ক্সীয় বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি লিখকে বিজ্ঞান আৰু সমাজৰ মাজৰ পাৰস্পৰিক সম্বন্ধ বিশ্লেষণ কৰিছে। লগতে বিজ্ঞান আৰু সংস্কৃতিৰ মাজৰ সম্বন্ধৰ সুন্দৰ আলোচনা কিতাপখনত আছে।

প্ৰকাশৰ লগে-লগে কিতাপখন বিজ্ঞানী-সমাজত সমাদৃত হয়। ১৯৬৫ চনত ছপা হয় তৃতীয় সংস্কৰণ। সেই সময়ত ই আছিল এখন অদ্বিতীয় কিতাপ। আজি পৰ্যন্ত বিশ্বৰ বৌদ্ধিকমহলে বিজ্ঞান-সাহিত্যৰ আপুৰুগীয়া সম্পত্তি ৰূপে গণ্য কৰা ‘Science in History’ এখন পঢ়িবলগীয়া কিতাপ।

১৯৫৮ চনত বাৰ্ণালে প্ৰকাশ কৰে ‘World without War’। যুদ্ধৰ বিভীষিকা ফঁহিয়াই দি লিখকে কয় যে পৃথিৱীৰ পৰা যুদ্ধ আঁতৰাব নোৱাৰিলে সভ্যতা হাজাৰ বছৰ উভতি যাব।

হাতীৰো পিচলে পাৱ

আগতেই উল্লেখ কৰা হৈছে যে বাৰ্ণালৰ মাৰ্ক্সবাদৰ ওপৰত অগাধ বিশ্বাস আছিল। সামাজিক শ্ৰেণীবৈষম্য, অন্যায়, অহৰহ যুদ্ধ-বিগ্ৰহে অনাহকতে পৃথিৱীৰ অগণন মানুহলৈ অনা বিলাই-বিপত্তিয়ে তেখেতক মৰ্মাহত কৰিছিল। ধনতান্ত্ৰিক সমাজব্যৱস্থাৰ দোষ-ক্ৰুটি ইয়াৰ প্ৰধান কাৰণ বুলি তেখেতে বাৰে-বাৰে উল্লেখ কৰিছে। সেই সময়ৰ বহু বুদ্ধিজীৱীৰ দৰে একমাত্ৰ বিকল্প সমাজবাদ বুলি তেখেতে বিশ্বাস কৰিবলৈ ধৰে। এনে লোকে ৰাছিয়াই এক নতুন পথৰ সন্ধান পাইছে বুলি বিশ্বাস কৰি সেই পথৰ পথিক হোৱাৰ সপোন দেখে। ই একো আচৰিত নহয়। প্ৰথম বিশ্ব-যুদ্ধত ৰাছিয়াৰ সৈনিকৰ আছিল শোক লগা অৱস্থা। বন্দুকৰ নাল পুৰি শীতৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা সৈনিক যুদ্ধ ক্ষেত্ৰৰ পৰা আছিল বহু দূৰত। লেনিনে যেতিয়া প্ৰথম নেতৃত্ব গ্ৰহণ কৰে তেতিয়া কোনো-কোনো গাঁৱত পঢ়িব জনা মানুহৰ সংখ্যা আছিল এজন বা দুজন, তেওঁলোক আছিল গাঁৱৰ শিক্ষক। অথচ ১৯৩৬ চনত উচ্চ বিজ্ঞান-শিক্ষাৰে শিক্ষিত ছাত্ৰ-ছাত্ৰীৰ (১৯-২১ বছৰ বয়সৰ)  সংখ্যা ইংলেণ্ডত আছিল ১.৯ শতাংশ, ৰাছিয়াত ৫.২ শতাংশ। ইয়াত কৈ অধিক আছিল মাথো আমেৰিকাত, জাৰ্মানীতো নহয়। দ্বিতীয় মহাযুদ্ধত ৰাছিয়াৰ সহায়  অবিহনে যুদ্ধ জয় অসম্ভৱ বুলি ইংলেণ্ড, আমেৰিকাৰ ৰাষ্ট্ৰ নেতাই স্বীকাৰ কৰে।

কিন্তু স্বীকাৰ কৰিব লাগিব যে বাৰ্ণালে (লগতে আন কেইজনমান বিজ্ঞানীয়ে) এক ডাঙৰ ভুল কৰে। ক্ষমতালোভী ষ্টেলিনে লাহে-ধীৰে ৰাছিয়াক এখন স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰে। আণৱিক বোমা প্ৰস্তুত কৰিবলৈ তেওঁ উঠি-পৰি লাগে। নিম্নোক্ত ঘটনা সেই সময়ৰ এক উৎকৃষ্ট উদাহৰণ।

১৯২১ চনত লেনিনে নিক’লাই ভাবিলভক ‘Lenin Academy of Agricultural Sciences’-ৰ সভাপতি নিযুক্ত কৰে। দশক জুৰি কৰা প্ৰচেষ্টাৰ পিচত ভাবিলভে প্ৰায় চাৰিশ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সমৰ্থ হয়। ১৯৩১ চনত বাৰ্ণালৰ ভাবিলভৰ লগত পৰিচয় ঘটে। হাৰমান মুলাৰৰ লগত অণুবংশগতিবিজ্ঞান (Genetic) বিজ্ঞানৰ সন্দৰ্ভত কাম কৰি ভাবিলভে কিছুমান শস্যৰ বীজ উন্নত কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু তেনে সময়তে বিজ্ঞান-সমাজত প্ৰৱেশ ঘটে খেতিয়কৰ পুত্ৰ ট্ৰফিম লাইচেনকোৰ। চতুৰ, উচ্চাকাংক্ষী লাইচেনকোৱে ষ্টেলিনৰ দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানগত (formal) কোনো বিজ্ঞান-শিক্ষা নথকা লাইচেনকোৱে ‘vernalization’ নামৰ এক কৌশল আৱিষ্কাৰ কৰিছোঁ বুলি দাবী কৰে। তেখেতে দাবী কৰে যে বসন্তৰ আগতে গমৰ গুটি শূন্য ডিগ্ৰীত থলে উৎপাদন ৪০ শতাংশ বৃদ্ধি হয়। এই তথ্য পৰীক্ষাৰে প্ৰমাণিত। চিৰকলীয়া দুৰ্ভিক্ষৰ দেশত ই শুভ সংবাদ। একে ৰাতিৰ ভিতৰতে লাইচেনকো বিখ্যাত হৈ পৰে।  ষ্টেলিনে উচ্চ স্বৰে প্ৰশংসা কৰা এই ভণ্ড বিজ্ঞানীয়ে বহু তথ্য বিকৃত আৰু অতিৰঞ্জিত কৰে। ভাবিলভৰ দৰে বিজ্ঞানীয়ে প্ৰথমে নীৰৱে এইবোৰ সহ্য কৰে। ১৯৩৫ চনত লাইচেনকো হয় ‘Ukrainian Academy of Science’-ৰ সভ্য, লাভ কৰে ‘Order of Lenin’ আৰু উন্নতি হয় দোপত-দোপে। লাহে-লাহে ৰাছিয়া আৰু ইউৰোপৰ অণুবংশগতি বিজ্ঞানীয়ে তেওঁক সমালোচনা কৰিবলৈ ধৰাত বিপদৰ আশংকা দেখি তেখেতে বুৰ্জোৱা-বিজ্ঞানী বুলি ভাবিলভৰ ওপৰত আক্ৰমণ চলায়। লাইচেনকোৱে বুৰ্জোৱা আখ্যা দিয়া বিজ্ঞানীক ষ্টেলিনে নিৰ্যাতিত কৰিবলৈ ধৰাত মুলাৰ ৰাছিয়াৰ পৰা পলাবলৈ বাধ্য হয়। ইউৰোপত লাইচেনকোৰ বিপক্ষে মাত দিয়া বিজ্ঞানীৰ সংখ্যা দিনক-দিনে বৃদ্ধি হয়। ১৯৩৮ চনত ষ্টেলিনে ‘Genetic Institute’-ৰ নেতাক সমালোচনা কৰি তেওঁলোকক শুদ্ধ পথলৈ অনা উচিত বুলি মত প্ৰকাশ কৰাত লাইচেনকোৰ সুবিধা দুগুণ বৃদ্ধি হয়। ইতিমধ্যে ভাবিলভে লাইচেনকোৰ কামৰ কঠোৰ সমালোচনা কৰিছিল। ১৯৩৯ চনত লেনিনগ্ৰেডত বহা সভাত তেখেতে দিয়া ভাষণ উল্লেখযোগ্য–

“We shall go to the pyre, we shall burn, but we shall not retreat from our convictions. I tell you, in all frankness, that I believe and insists on what I think is right, and not only believe– because taking things on faith in science is nonsense”।

১৯৪০ চনত ভাবিলভক গ্ৰেপ্তাৰ কৰা হয়, NKVD, পিচলৈ KGB-ৰ সভ্যই তেখেতক নিৰ্যাতন কৰে আৰু অৱশেষত ব্ৰিটেইনৰ গুপ্তচৰ, প্ৰতিক্ৰিয়াশীল আৰু বিশ্বাসঘাতকৰ অভিযোগ আনি আজীৱন বন্দী কৰে। ইউৰোপৰ বহু বিজ্ঞানীয়ে দুৰ্ঘোৰ প্ৰতিবাদ কৰে, লাইচেনকোৰ কাম মিছা প্ৰমাণিত কৰে, লাইচেনকোক তীব্ৰ গৰিহণা দিয়ে আৰু ছোভিয়েট একাডেমীৰ সভ্য পদ ত্যাগ কৰে।

কিন্তু বাৰ্ণালে মুখ ফুটাই এবাৰো সমালোচনা নকৰিলে। তেখেত চকু মুদি থাকিল। পশ্চিমীয়া বিজ্ঞানীয়ে এই ভুলৰ বাবে বাৰ্ণালক কেতিয়াও ক্ষমা নকৰিলে। সম্ভৱতঃ সেই বাবে বহু প্ৰাপ্য সন্মান আৰু স্বীকৃতিৰ পৰা তেখেত বঞ্চিত হ’ল। বাৰ্ণালৰ এই ভুল অত্যন্ত দুখৰ বিষয়। প্ৰচুৰ জ্ঞান, বুদ্ধি আৰু বিশ্লেষণ ক্ষমতাৰ অধিকাৰী বাৰ্ণালে ষ্টেলিনৰ যুগৰ ৰাছিয়াৰ ৰাজনৈতিক পৰিৱেশ বিশ্লেষণ কৰিব কিয় নোৱাৰিলে? বৌদ্ধিক মহলৰ বাবে আজি পৰ্যন্ত সাঁথৰ। অথচ তেখেতে লিখি থৈ যোৱা কিতাপকেইখনৰ (বিশেষকৈ ‘The Social Function of Science’) প্ৰায় আশী শতাংশ আজি পৰ্যন্ত সঁচা আৰু প্ৰযোজ্য।

আমাৰ ছাত্ৰী-জীৱনত (কলেজ, বিশ্ববিদ্যালয়) আমি লাভ কৰা জৈৱ-ৰসায়নৰ জ্ঞানৰ অন্তৰালত বাৰ্ণালৰ অৱদান আৰু তেখেতৰ লিখনিৰ জ্ঞান আছিল শূন্য। ইয়াৰ বাবে আমি আজিও অনুতপ্ত। কাৰণ বাৰ্ণাল কেনেধৰণৰ বৌদ্ধিক দৈত্য আছিল ইয়াৰ প্ৰমাণ নিম্নোক্ত উক্তি দুটা–

“Time and again, when reviewing some branch of X-ray analysis, which is now very active, we have to acknowledge that the first critical experiment was due to his inspiration”– L. Bragg

“For 50 years he has, over and over again astounded the scientific world by his extraordinarily original and fertile concepts, which show a depth of understanding and brilliance of thought possessed, in my opinion, by no other living man. He is one of the greatest men in the world. I am glad to have him as my friend”– Linus Pauling

এনদ্ৰু ব্ৰাউনে ক’বৰ দৰে প্ৰকৃতাৰ্থত তেখেত আছিল ‘The Sage of Science’।

সহায় লোৱা উৎস

  • Andrew Brown, ‘The Sage of Science’
  • Mukherjee, ‘The Gene, An Intimate History’
  • Simon Schama, ‘A History of Britain’
  • D. Bernal, ‘Science in History’
  • D. Bernal, ‘The Social Function of Science’
  • ‘Science in History’ আমি অসমীয়ালৈ অনুবাদ কৰিছোঁ – ইতিহাসত বিজ্ঞান।

Leave a Reply

Your email address will not be published. Required fields are marked *