কেন্দ্ৰীয় নিবন্ধনিবন্ধ

জাতীয় সাজপাৰ: দৃষ্টিৰ দীনতা  (প্ৰণৱজ্যোতি ডেকা)

Women have the right to dignity and decency…….
Women have the right against workplace harassment…….
Women have a right against domestic violence…….
ই আমাৰ দেশৰ সাংবিধানিক অধিকাৰ। কেৱল আমাৰ দেশতেই নহয়, পৃথিৱীৰ বহু দেশত এই অধিকাৰ নাৰীয়ে লাভ কৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত নাৰীয়ে এই অধিকাৰ ভোগ কৰি আহিছেনে? ডাঙৰ প্ৰশ্ন এইটোৱেই।

নাৰী সুৰক্ষাৰ নামত নাৰীক বন্দী কৰি, নাৰীক অবলা সাজি, সংস্কৃতি ৰক্ষাৰ নামত নাৰীৰ স্বাধীনতা হৰণ কৰি, ঘৰে বাহিৰে নাৰীক নিৰ্যাতন কৰি জনোৱা হয় নাৰী সুৰক্ষাৰ আহ্বান।

এনেবোৰ কাৰণতেই নিজৰ নিৰাপত্তাৰ প্ৰশ্নতেই নাৰীসকল সচেতন হোৱা উচিত, প্ৰতিবাদ কৰা উচিত, প্ৰগতিশীল দৃষ্টিভংগী গ্ৰহণ কৰি নতুন প্ৰজন্মৰ কন্যাসকলক শৃংখল বন্ধনৰ পৰা মুক্ত কৰা উচিত। আমাৰ গুণাভিৰাম বৰুৱাই সেই তাহানিতে ‘অৰুণোদই’-ত ‘স্ত্ৰী শিক্ষা’ সম্পৰ্কে এটি প্ৰবন্ধত লিখিছিল, “যেতিয়ালৈকে শিক্ষাৰ দ্বাৰা নাৰীক শিক্ষিত কৰিব নোৱাৰে, তেতিয়ালৈকে দেশৰ মংগল হ’ব নোৱাৰে।…..নাৰীৰ স্বাধীনতা আৰু সমানাধিকাৰৰ প্ৰয়োজনীয়তা আমাৰ দেশৰ লোকসকলে বুজিব পৰা নাই”।

তাৎপৰ্যপূৰ্ণ যে আজিও আমাৰ দেশ এই দিশত পিছ পৰি আছে। “’Human Rights are women’s Rights and Women’s Rights are Human Rights”, হিলাৰী ক্লিণ্টনৰ এই কথাষাৰ সৰোগত কৰি কওঁ, নাৰীৰ স্বাভাৱিক বিকাশ আৰু অধিকাৰ ছিন্ন কৰি মানৱ সভ্যতা কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। যি দেশত নাৰীজাতিক অবলা বুলি তুচ্ছতাৰ চকুৰে চোৱা হয়, যি দেশত নাৰীৰ অধিকাৰক মূল্যহীন বুলি ভাবে, সেইখন দেশত যেতিয়া নাৰীয়ে নাৰীৰ পিন্ধা-উৰাক লৈ প্ৰশ্ন তুলি নাৰীৰ স্বাভাৱিক বিকাশত হেঙাৰ হৈ থিয় দিয়ে, তেন্তে তাত ওপৰত কোৱা নাৰীৰ অধিকাৰ কিদৰে পাব পাৰি?

ৰক্ষণশীলতাৰ মাজত নাৰী বন্দী হৈ থাকিলে দেশৰ প্ৰগতিও স্তব্ধ হৈ থাকিব। সময় পৰিৱৰ্তনৰ লগে লগে পুৰুষৰ লগতে নাৰীৰ বেশভূষাও পৰিৱৰ্তন হ’ব। সমাজ আজি একে ঠাইতে ৰৈ থকা নাই, লিংগৰ ভূমিকাৰ পৰিৱৰ্তন হৈছে, সমতাৰ ক্ষেত্ৰত ন্যায়প্ৰাপ্তিৰ বাবে মহিলাসকল আগবাঢ়ি আহিছে, পুৰুষতান্ত্ৰিক সমাজখনৰ পৰা মুক্তি বিচাৰি দেশে দেশে অধিকাৰ ৰক্ষাৰ সংগ্ৰামত নাৰীসকল নামি পৰিছে, তেনে সময়তে নাৰীৰ অধিকাৰৰ প্ৰশ্নত নাৰীয়েই নাৰীৰ প্ৰতিদ্বন্দ্বী হ’লে পশ্চাদমুখী চিন্তা-চৰ্চাইহে উদ্গনি লাভ কৰিব।

মই এই কথাখিনি অৱতাৰণা কৰাৰ কাৰণ হ’ল মহিলাৰ পিন্ধা-উৰাক লৈ সততে দেখা দিয়া মতানৈক্যসমূহ আৰু এই মতানৈক্যই চৰম অৱস্থা লাভ কৰে নাৰীৰ মাজত চলি থকা বাদ-বিবাদৰ মাজেৰে। যদি নাৰীয়েই নাৰীৰ অধিকাৰ খৰ্ব কৰাত উঠি পৰি লাগে, তেতিয়া বিষয়টোৱে সমাজত বেচিকৈ চৰ্চিত হয় আৰু সেই সুযোগ গ্ৰহণ কৰি নিউজ মিডিয়া তৎপৰ হৈ উঠা দেখা যায়। পুৰুষতান্ত্ৰিক ব্যৱস্থাটোও এই ক্ষেত্ৰত সক্ৰিয় হৈ পৰে। এই কথাবোৰ নাৰীয়ে অনুধাৱন কৰা উচিত আৰু সেইবাবেই তেওঁলোকে নিজকে তথাকথিত পৰম্পৰা আৰু অন্ধ অনুকৰণৰ পৰা আঁতৰাই আনি এক প্রগতিশীল দৃষ্টিভংগী গ্ৰহণ কৰা উচিত।

সমাজলৈ নতুন বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাৰী আৰু মাতৃৰ ভূমিকা প্ৰচুৰ। জাতীয় ঐতিহ্য কেৱল নাৰীৰ সাজপাৰৰ মাজত বিচাৰি ফুৰাতকৈ শালীনতা বজাই ৰাখি মহিলাই ভাল বুলি ভবাধৰণে পোছাক পৰিধান কৰাত আপত্তি নকৰাটোৱেই উচিত নহ’বনে? এটা কথা জানি থোৱা ভাল যে শালীনতা, মাৰ্জিত আদি বিশেষণ কেৱল মহিলাৰ ক্ষেত্ৰতহে প্ৰয়োগ হয়, পুৰুষ তাৰ পৰা বহু যোজন আঁতৰত। কি বুজাব খোজে শালীনতা শব্দৰ জৰিয়তে? এগৰাকী নাৰীয়ে কিদৰে শালীনতা ৰক্ষা কৰিব লাগে, নাৰীগৰাকীয়ে নিজেই উপলব্ধি কৰিব নোৱাৰে নেকি? ইও তেওঁৰ অধিকাৰ নহয়নে?

পিন্ধা-উৰাকলৈ শিক্ষয়িত্ৰীসকলৰ মাজতে বেছিকৈ বিতৰ্ক হোৱা পৰিলক্ষিত হয়। মূল কাৰণটো নতুন আৰু পুৰণিৰ আত্মসন্মানৰ যুঁজ। এক কথাত ইগ’ বুলিও ক’ব পাৰি। তদুপৰি আজি যিসকল মহিলাই শিক্ষয়িত্ৰী হিচাপে নতুনকৈ যোগদান কৰিছে, তেওঁলোকৰ চিন্তাৰ সতে জ্যেষ্ঠসকলৰ চিন্তা আৰু দৃষ্টিভংগী নিমিলিব পাৰে, কাৰণ ইয়াত Time and Space-ৰ প্ৰশ্ন এটাও আছে।

পৰম্পৰা যদি ৰক্ষা কৰিব লাগে, বিদ্যালয়-মহাবিদ্যালয়ৰ শৈক্ষিক পৰম্পৰা ৰক্ষা কৰাটোহে চাগৈ বেছি গুৰুত্বপূৰ্ণ। কোনোবা বিদ্যাল়য়-মহাবিদ্যায়ৰ শতবছৰীয়া পৰম্পৰা পুনৰ উজলি উঠক শিক্ষাৰ মানদণ্ড আৰু মূল্যবোধৰ ঐতিহাসিক প্ৰাণকেন্দ্ৰ হিচাপে। উজলি উঠক বৈজ্ঞানিক দৃষ্টিভংগী আৰু যুক্তিবাদী চিন্তাৰ কেন্দ্ৰ হিচাপে। কাপোৰ-কানি ধুতি-পায়জামা পৰিধানৰ মাজেৰে নিশ্চয় ছাত্ৰ-ছাত্ৰীৰ মানসিক শৈক্ষিক বিকাশ নহয়।

এই খিনিতে উনুকিয়াই থওঁ যে অসমীয়া মানুহৰ জাতীয় সাজপাৰ একমাত্ৰ ধুতি-পাঞ্জাবী বা মহিলাৰ মেখেলা-চাদৰ হ’ব নোৱাৰে। অসমীয়া জাতিটো যিহেতু একক জাতি নহয়, বহুত্বৰ ধাৰণাৰে সমৃদ্ধ, তেনেস্থলত সাজপোছাকো বহুত্বৰ ধাৰণাৰে সমৃদ্ধ, একক হ’ব নোৱাৰে। বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে গঢ় লোৱা অসমীয়া জাতিৰ পৰিচয়ত ধৰ্মৰ কোনো কথা নাই। অসমৰ সমন্বিত ৰূপটোৰ মাজত হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান আনকি শিখ আদি সকলো ধৰ্মৰে লোক আছে। কিন্তু জাতীয় চেতনা অভিন্ন। অসমৰ বহুতো জনগোষ্ঠীৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকো আছে। ডিঙিত লোৱা গামোচাখন অসমৰ সৰহভাগে ব্যৱহাৰ কৰে। এই গামোচাখনো একে নহয়। অসমৰ গামোচাখনৰ শৈলীৰ লগত আন জনগোষ্ঠী কাৰ্বি, বড়ো, মিছিঙৰ গামোচাখন নিমিলে। মহিলাৰ পোছাকো একে নহয়। খ্ৰীষ্টান মহিলাই আকৌ লংপেণ্ট কামিজ পিন্ধে। এটা জনগোষ্ঠীয় পোছাক আন এটা জনগোষ্ঠীয়ে পৰিধান কৰিব পাৰে, ই সাংস্কৃতিক সম্প্ৰতি আৰু সদ্ভাৱনা। ইও তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে।

ৰক্ষণক্ষণশীলতাই মানুহক অন্ধতা আৰু পৰম্পৰাৰ ফালে টানে, প্রগতিশীলতাই মানুহৰ বিবেক জাগ্ৰত কৰে। সুসংস্কাৰৰ সাতামপুৰুষীয়া ভেটিটো মজবুত কৰি ৰাখিবলৈ ৰূপান্তৰৰ যোগেদিহে উত্তৰণৰ সপোন ৰচিব পাৰি। জ্যোতিপ্ৰসাদৰ ভাষাত ৰূপান্তৰে জগত ধুনীয়া কৰে। ইতিবাচক চিন্তা-চর্চা সম্ভৱ হয় কেৱল বিজ্ঞানসন্মত দৃষ্টিভংগীৰে, সমাজখন আগবাঢ়ি যায় প্ৰকৃত শিক্ষাৰ পোহৰত। পিন্ধা-উৰা সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে।

কিন্তু দুৰ্ভাগ্যৰ কথা যে শিক্ষা-দীক্ষাৰ প্ৰাণকেন্দ্ৰসমূহত জ্যেষ্ঠসকলে “চাদৰ-মেখেলা-পিন্ধিবই লাগিব—এইধৰণৰ  হুইপ জাৰি কৰিলে  কনিষ্ঠসকলেও “আমি নিপিন্ধোচোন, কোনে পিন্ধাই চাওঁ—এনেধৰণৰ চৰ্চাবোৰে পৰিৱেশ প্ৰদূষণ কৰাৰ বাহিৰে আন একোতে সহায় নকৰে। কোনেও কাকো বাধ্য কৰিব নোৱাৰে। ইয়াৰ বাবে কোনো নির্দেশনা নেলাগে। পৰিৱৰ্তন মানি ল’বই লাগিব, পুৰুষসকলৰ দৰে সময় সাপেক্ষে মহিলাসকলৰো পচন্দমতে বেলেগ বেলেগ পোচাক পিন্ধাৰ অধিকাৰ থাকিব। এই কথা কোৱাৰ প্ৰয়োজন নাই যে জাতীয় সাজ-পোছাক বা মেখেলা-চাদৰ বিশেষ পৰিস্থিতিত পৰিধান কৰিবলৈ কোনেও কাকো সোঁৱৰাই দিয়াৰ কথাও নাহে। কি পৰিস্থিতিত কি পোছাক পৰিধান কৰিব লাগে, সকলো মহিলাই এই কথা বুজি পায়।

গতিকে সকলোৱে এই কথাও বুজি পাব লাগে যে কি পোছাক কি পৰিস্থিতিত অসুবিধাজনক। সকলোৰে নিজা চাৰিচকীয়া বাহন নাই। বহু মহিলাই দুচকীযা বা চিটিবাছত উঠি কৰ্মক্ষেত্ৰলৈ যাবলগীয়া হয়। সেই বাবেই বহু মহিলাই কৰ্মক্ষেত্ৰলৈ নিজে সুবিধাজনক বুলি ভবা সাজ-পাৰ পিন্ধাৰ সপক্ষে যুক্তি দিয়ে, সেইবাবে কিন্তু আমি তেওঁলোকক পৰম্পৰা বিৰোধী বুলি কোৱা উচিত নহ’ব।

ঐতিহ্য-পৰম্পৰা অকল মহিলাই কিয় ৰক্ষা কৰিব লাগিব বুলি মনতে প্ৰশ্ন জাগে, কাৰণ সমাজে পৰম্পৰা ৰক্ষাৰ বাবে মহিলাৰ ওপৰত যিদৰে দৃষ্টি ৰাখিছে, পুৰুষসকলৰ ওপৰত সমদৃষ্টি ৰখা নাই। আনকি দৰা সাজি বিয়া কৰাবলৈ যাওঁতেও দৰাই আজিকালি উত্তৰ ভাৰতীয় পায়জামা কুৰ্তা পিন্ধি বিয়া কৰাবলৈ যায়। কইনাৰ ককায়েক, দেউতাকহঁতেও ধুতিৰ সলনি পায়জমা কুৰ্তা পিন্ধা দেখা যায়। মই এইটো ভাল বা বেয়া বুলি কোৱা নাই, বৰং  বাধ্যবাধকতা নথকাত  মুক্ত পৰিবেশ সৃষ্টিৰ  সহায়ক হৈছে। পুৰুষৰ আনকি নামঘৰলৈ যোৱাৰ ক্ষেত্ৰতো ধুতিৰ বাধ্যবাধকতা লাহে লাহে লোপ পাই আহিছে। আজিকালি লংপেণ্টৰ লগত কুৰ্তা পিন্ধি ডিঙিত গামোচাখন মেৰিয়াই লৈ খাটি অসমীয়া ভাব এটাৰে কাম চলাই দিয়ে। কিন্তু মহিলাই এনে কৰিব নোৱাৰে। তেতিয়া ঐতিহ্য-পৰম্পৰাৰ প্ৰশ্ন তুলিব। নাৰীয়েই এই ক্ষেত্ৰত আগভাগ লয়। গতিকে জাতীয় সাজপাৰৰ বিতৰ্ক চলি থাকিবলৈ দিলে সুদূৰপ্ৰসাৰী অশুভ প্রতিক্রিয়া হ’ব পাৰে, সমন্বয় বিনষ্ট হ’ব পাৰে। প্ৰায়বোৰ মন্ত্ৰীয়ে ডিঙিত গামোচা লয়। ডিঙিত গামোচা লৈ ফুৰি গৰ্ববোধ কৰা প্ৰথমগৰাকী মন্ত্ৰী আছিল প্রাক্তন কৃষিমন্ত্রী সোণেশ্বৰ বৰা। খুব সম্ভব  তেৱেঁই  বিধানসভাত গামোচাখনক মর্যাদা দিয়া প্ৰথমগৰাকী ব্যক্তি। পিছত ই এক পৰম্পৰাত পৰিণত হ’ল। এতিয়া এই মূল্যবোধহীন মন্ত্ৰীসকলে গামোচা পৰিধান কৰাৰ ফলত গামোচাৰহে  মর্যাদা হানি হৈছে, ই হৈ উঠিছে ৰাজনৈতিক বিজ্ঞাপন, আবেগিক শোষণ।

অসম সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাঙে এবাৰ ঢকুৱাখনাৰ ফাঁট বিহুত জাতীয় সাজপাৰ নিপিন্ধাৰ বাবে উভতি আহিবলগীয়া হৈছিল—এনে এটা ঘটনাৰ কথা বাতৰি কাকতত ওলাইছিল। সাজপাৰৰ ক্ষেত্ৰত সেই সময়ত ঢকুৱাখনাৰ বিখ্যাত ফাটবিহু সমিতিয়ে সুনির্দিষ্ট সাজপোছাকৰ বাধ্যবাধকতা ঠিক কৰি থোৱাৰ কথা নাজানি ৰংবং তেৰাঙে নিমন্ত্ৰিত অতিথি হিচাপে গৈছিল যদিও ৰক্ষণশীল বিষয়ববীয়াসকলে সাজ-পোছাকৰ ক্ষেত্ৰত আপোচ নকৰাটোৱেই সমিচীন বুলি ঠিক কৰাত নিমন্ত্ৰিত অতিথি হৈও ৰংবং তেৰাং সভাথলীৰ উভতি আহিবলগীয়া হৈছিল।

অসমৰ সৰহভাগ মহিলাই উৎসৱ আদিত মেখেলা চাদৰ পৰিধান কৰে। সদায় জিন্স-চাৰ্ট বা চেলোৱাৰ-কুৰ্তা পিন্ধি থকা আধুনিক মহিলায়ো বিবাহ, বিহু আদি উৎসৱত মেখেলা-চাদৰ পিন্ধে। কাৰ্বি, বড়ো, মিচিং আদি অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ সাজপোছাকবোৰ আজিকালি সকলোৱে আদৰি লৈছে। গতিকে জাতীয় সাজপাৰ—সেয়া মেখেলাই হওক বা দখনাই হওক—মহিলাসকলেহে বৰ্তাই আছে, পুৰুষসকলে বৰ্তাই ৰখা নাই।

পোচাক মানুহৰ সাংস্কৃতি। সমগ্ৰ বিশ্বতে পুৰুষ-মহিলা সকলোৰে জাতীয় পোছাক থাকে। পশ্চিমীয়া দেশবোৰত যিসকল মহিলাৰ আধুনিক বেশভুষা আমাৰ বহুতৰে চকুত অশ্লীল যেন লাগে, তেওঁলোকেও বিশেষ পৰিস্থিতিত জাতীয় পোছাক পৰিধান কৰে।

গোষ্ঠী, সম্প্রদায়, ধর্ম, ভৌগোলিক পৰিৱেশভেদে মানুহৰ সামাজিকবোধ চেতনাতো পার্থক্য আছে। যৌনতাকেন্দ্রিক চিন্তা-চেতনাৰ উৰ্দ্ধলৈ যাব নোৱাৰিলে আমি পৰিৱৰ্তনৰ দৰে সময়সাপেক্ষ চিন্তাধাৰাবোৰ গ্ৰহণ কৰিব নোৱাৰিম। এই একেখিনি মানুহেই কিন্তু মঠ-মন্দিৰৰ নগ্ন ভাস্কৰ্য, পূজা-পাৰ্বনৰ নগ্নতাত অশ্লীলতা নেদেখে। কিন্তু যদি কোনোবা শিল্পীয়ে কোনো দেৱীৰ প্ৰতীকি নগ্ন ৰূপ অংকন কৰে, তেতিয়া হুলস্থূল লাগি যায়। নগ্নতা বা যৌনতা পৰিৱশনিৰ্ভৰ, আৰু সেই পৰিৱেশ সমাজেই দিয়ে। আমি আমাৰ আইতা, বৰমাহতক  বুকুত মেঠনি মাৰি  নিঃসংকোচে কাম-বন কৰি থকা দেখিছিলোঁ, তাত কেতিয়াও নগ্নতা দেখা নাছিলোঁ। কামৰূপৰ গ্ৰাম্যসমাজত এতিয়াও এনে দৃশ্য দেখা যায়। জনজাতীয়সমাজত তিৰোতাৰ এনে বেশভূষা সামান্য-সাধাৰণ কথা। যৌনতাবোধ বা অশ্লীলতাৰ চেতনা ব্যক্তিমনৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেদৰেই জাতীয় পোছাক পৰিধান নকৰিলেই অমাৰ্জিত বুলি ভবাও ব্যক্তিৰ চেতনা নিৰ্ভৰশীল। সৌন্দর্য, শ্লীলতা-অশ্লীলতা ক’তো নাথাকে, থাকে চাওঁতাজনৰ চকুত।

পিন্ধা-উৰাৰ ক্ষেত্ৰত চলি থকা বিতৰ্কসমূহ সদায় আপেক্ষিক। আজি যিটো শুদ্ধ বুলি ভাবিছোঁ, কাইলৈ সেইটো ভুল প্ৰমাণিত হ’ব পাৰে। তেনেদৰে এসময়ত বাল্য বিবাহ আছিল আদৰণীয়, স্ত্ৰীশিক্ষা বৰ্জনীয়, বিধৱা বিবাহৰতো কথাই নাহে। কিন্তু আধুনিকতাৰ স্পৰ্শত এইবোৰ কুসংস্কাৰ আঁতৰ হ’ল। আফগানিস্তানত সৌ-সিদিনা তালিবান প্ৰশাসনে মহিলাৰ শিক্ষা-দীক্ষা নিষিদ্ধ কৰা, বোৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱাটো এই প্ৰসংগত উল্লেখযোগ্য।

এটা সময় আছিল, আমাৰ দেউতাহঁতে স্কুললৈ পায়জামা বা ধুতি পিন্ধি গৈছিল। মহিলাসকলৰ যিখিনিয়ে স্কুললৈ গৈছিল, মেৰিয়াই মেৰিয়াই চাদৰ মেখেলা পিন্ধিছিল। আমাৰ পেহী এগৰাকীয়ে হাত দীঘল ব্লাউজ নিপিন্ধা বাবে শিক্ষকৰ ককৰ্থনাৰ সমুখীন হৈছিল, তেওঁ হেনো কৈছিল, কাপোৰ কিয় পিন্ধিব লাগে? এই ঘটনাটোৱে পেহীক ইমান লজ্জিত কৰিছিল যে সেইদিনাৰ পৰা স্কুললৈ যোৱাই বাদ দিলে। এই কথাত ক্ষোভিত হৈ আমাৰ বৰদেউতাই শিক্ষকজনক পিছদিনা প্ৰশ্ন কৰিছিল, “হাত চুটি ব্লাউজোত আপ্নি (আপুনি) কি ব’য়া (বেয়া, অশ্লীলতা) দেইখলাক”? আচলতে এইবোৰ কথা আমি কেনেদৰে গ্ৰহণ কৰোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰে। পেহীৰ ক্ষেত্ৰত শিক্ষকে অশ্লীলতা দেখিলে, বৰদেউতাই নেদেখিলে।

জাতীয় পোছাক আদৰৰ হ’ল বুলিয়েই সকলোৱে সকলো সময়তে পৰিধান কৰি ভাল নাপাবও পাৰে। বহু সাজ-পোছাক সময়ৰ লগে লগে পৰিৱৰ্তন হয়। সমগ্ৰ বিশ্বতে পশ্চিমীয়া দেশৰ  সাজ-পোছাকে জনপ্ৰিয়তা লাভ কৰিছে। ইয়াৰ নিশ্চয় কাৰণ আছে। পৰিধান কৰি আৰামদায়ক (comfortable) অনুভৱ কৰাটোও ইয়াৰ এটা কাৰণ হ’ব পাৰে। এইবোৰ গ্ৰহণ কৰা মানে নিজৰ সাজ-পোছাক পৰিত্যাগ কৰা নুবুজায়। প্ৰাপ্তবয়স্কলোক এজনে কেনে পোছাক পিন্ধিব, সেয়া নিৰ্ভৰ কৰিব তেওঁৰ ৰুচি-অভিৰুচি বা ইচ্ছা অনিইচ্ছাৰ ওপৰত। পৰিতাপৰ কথাটো হৈছে, শিক্ষক বা শিক্ষয়িত্ৰীয়ে কি পোছাক পৰিধান কৰিব লাগে, সেয়া চৰকাৰ বা আন কোনোবাই নিৰ্ধাৰণ কৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাটোহে। কিন্তু পোছাক পৰিধানৰ ক্ষেত্ৰত শালীনতা, মার্জিত শব্দ ব্যবহাৰ কৰি পোছাকৰ গুণাগুণ নিৰ্ণয় কৰি চৰকাৰে কি ক’বলৈ বিচাৰিছে? বিশেষকৈ শিক্ষয়িত্ৰীৰ পোছাকৰ ক্ষেত্ৰত চৰকাৰৰ পিতৃতান্ত্রিক মানসিকতা ফুটি উঠা নাইনে? আৰু ইয়াৰ প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ ওপৰতো পৰা দেখা গৈছে। সেয়েহে অসমৰ কলেজ এখনৰ ছাত্ৰ একতা সভাৰ সদস্যই শিক্ষয়িত্ৰীক আঙুলিটোৱাই নিৰ্দেশ দিব পাৰিছে, তেওঁলোকে হেনো মাৰ্জিত পোছাক পৰিধান কৰা উচিত। মানুহে পোছাক পৰিধান কৰোঁতে মাৰ্জিত হৈছে নে অমার্জিত হৈছে, সেই অনুভৱটো ছাত্ৰসকলে কি দৃষ্টিৰে চাই ঠিক কৰিছে? শিক্ষক-সমাজক পোছাকৰ ক্ষেত্ৰতে মাৰ্জিত-অমার্জিতৰ পাঠ দিবলগীয়া হোৱাটো সেয়েহে পৰিতাপৰ কথা বুলি ভাবোঁ। ৰাজনৈতিকভাৱে আমাৰ সমাজ যি ভয়াবহ স্খলনৰ সমুখত উপনীত হৈছে, তাক কোনে নিৰ্দ্ধাৰণ কৰিব?

ইংৰাজী ‘ৱাইফ’ শব্দৰ উৎপত্তি হেনো ‘উইফ’ শব্দৰ পৰা, ইন্দো-ইউৰোপীয়ত যাক কোৱা হয় “দুইব” যাৰ অর্থ ‘লজ্জা’! এই লজ্জাই আৱৰি থকা স্ত্রী এগৰাকী নাৰী, এটি শৰীৰ, নিজস্ব পৰিচয় নথকা, জন্মগত শাৰীৰিক গঠনে আনি দিয়া অসামান্য লিংগ বৈষম্যৰ বলি নাৰী।

গুপ্ত যুগত প্রশাসনিক সেৱাত নাৰীসকলৰ অংশগ্রহণৰ ঘটনা বিৰল নহয়। গুপ্ত সাম্রাজ্যৰ প্রতিষ্ঠাতা প্রথম চন্দ্রগুপ্তই ৰাণী কুমাৰা দেবীৰ সৈতে যৌথভাৱে ৰাজ্য শাসন কৰিছিল। প্ৰভাৱতী গুপ্তা চন্দ্রগুপ্ত দ্বিতীয়ৰ কন্যা আৰু স্ত্রী ৰুদ্ৰসেনাই ভাক্তাকা ৰাজত্বৰ প্রশাসনিক দায়িত্ব পালন কৰিছিল। কাশ্মীৰ ৰাজস্থান, উড়িষ্যা, অন্ধ্রৰ ৰাণীসকলে ৰাজশাসনত অংশগ্ৰহণ কৰিছিল। গুপ্ত যুগত লেখা অমৰকোষ নামৰ ৰচনাত শিক্ষক-অধ্যাপকৰ তালিকাত অনেক নাৰীৰ নাম পোৱা যায়। সহশিক্ষাৰ বাবে প্রতিষ্ঠান গঢ়ি তোলাত তেওঁলোকৰ অৱদান আছিল। সেই সময়ত নাৰী আছিল আগবঢ়া, পিন্ধনত নহয়, চিন্তা-চৰ্চা-শিক্ষা সকলোতে। কি কাৰণত নাৰী পুৰুষতান্ত্ৰিক হতোৰাত সোমাই পৰিল, সেয়া এক সুকীয়া আলোচনাৰ বিষয়।

আধুনিকতাৰ ব্যাখ্যা দিবলৈ গৈ ক্ৰিষ্টোফাৰ ক’ডৱেলে লিখিছে, “When we use the word modern in general sense, we use it to describe a whole complex of culture which developed in Europe and spread beyond it from fifteenth century to the present”। অৰ্থাৎ, পঞ্চদশ শতিকাৰপৰা বৰ্তমান পৰ্যন্ত আধুনিকতাই ইউৰোপত বিকাশ লাভ কৰি ক্ৰমশঃ সমগ্ৰ বিশ্বত বিয়পি পৰা মানুহৰ সমস্ত সাংস্কৃতিক ৰূপটোক সামৰি লয়। দ্বিধা, সংশয়, জটিলতা এই যুগৰ মানুহৰ নিত্য সহচৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *