নিবন্ধশিল্প-কলা-সংস্কৃতি

জয়ন্ত হাজৰিকা : জীৱন, দৃষ্টি আৰু সৃষ্টি – (ৰঞ্জিত ভূঞা)

(এক)

সমাজৰ প্ৰতি, মানুহৰ প্ৰতি ৰাণা দাই হৃদয়ত অনুভৱ কৰা টান আৰু শিল্পী হিচাবে তেওঁৰ সমাজৰ প্ৰতি অনুভৱ কৰা দায়বদ্ধতাৰ উজ্জ্বল চানেকি আছিল সুৰ বাহিনী। সুৰ বাহিনী গঠন কৰি ৰাণা দাই কোৱা কথাৰেই আৰম্ভ কৰোঁ। ৰাণা দাই প্ৰৱল আত্মবিশ্বাসেৰে কৈছিল,
“মই আহি কথা ক’ম। কথা ক’ম মোৰ সুৰেৰে, মোৰ গীতেৰে।মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনী ৰাইজৰ কাষত সদায় থিয় দিবগৈ।সংস্কৃতিৰ নামত দুস্কৃতিৰ পোহাৰ মেলা সকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে, গীতেৰে।”  ১৯৭৭ চনৰ ছয় জুন তাৰিখে ৰাণা দাই ‘সুৰ বাহিনী’-ৰ জন্ম দি মনৰ আশা ব্যক্ত কৰিছিল এনেকৈ।(সুৰ বাহিনীৰ জন্ম আৰু কাম-কাজৰ কথা অলপ পাছলৈ থলোঁ)। এইদৰে জ্যোতিপ্ৰসাদে কৈ যোৱা প্ৰকৃত শিল্পীৰ সকলো লক্ষণ ফুটি উঠিছিল ৰাণা দাৰ কথা, সুৰ , গান আৰু কামৰ মাজেৰে। মাত্ৰ ৩৪ বছৰীয়া এক অতি চমু জীৱন, কিন্তু তেওঁৰ সৃষ্টি হ’ল চিৰযুগমীয়া!
সেউজী ধৰাৰ বুকুতেই সৰগ ৰচাৰ মন আৰু পণ আছিল ৰাণাদাৰ। সেয়ে নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ গীত সুৰ আৰু কণ্ঠেৰে সজাইছিল এনেদৰে,গাইছিল জীৱন আৰু আশাৰ জয়গান!

“অলপ হাঁহি অলপ অশ্ৰু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দুবৰি
যাউতিযুগীয়া সাঁথৰ।।
এই মাটিতেই ৰচিম স্বৰ্গ
অশ্ৰু দুহাতে মচি
…..”
(দুই)

‘আগলি বতাহে কঁপালে কলৰে পাত..’ৰাণা দাই HMVৰ যোগেদি Commercial recording কৰা প্ৰথম গীত। কিন্তু ৰাণা দাই প্ৰথম সুৰ কৰা গীত নহয়। প্ৰথম সুৰ কৰা গীত আছিল আলিমুন্নিছা পিয়াৰ ৰচিত ‘জেতুকা পাতেৰে দুহাত বোলালি, তামোলৰ পিকেৰে ওঁঠ ৰঙালি, ৰাঙলী কৰিলি হিয়া।’ গানটো বাণীবন্ধ ৰূপত এতিয়া বোধহয় নাই। সুদক্ষিণা শৰ্মা বাইদেউৱে গাইছিল। বাইদেউৰ কণ্ঠত শুনা মনত আছে। তাৰ আগতে হেনো ককায়েক নৃপেন হাজৰিকাৰ এটি গীতত ৰাণা দাই সুৰ দিছিল। যি কি নহওক, ৰাণা দাৰ সুৰাৰোপিত নিজৰ কণ্ঠৰ প্ৰথম জনপ্ৰিয় গীত ‘আগলি বতাহে কঁপালে কলৰে পাত’। এই গানটোৰ সৃষ্টিৰ স’তে বৰ আমোদজনক ঘটনা এটি জড়িত হৈ আছে। ঘটনাটো এনেধৰণৰ- ১৯৫৯/৬০ চনৰ কথা। উজান বজাৰৰ বিয়া এখনত একেলগে বহি আছিল কবি হীৰেন ভট্টাচাৰ্য (হীৰুদা)ৰ স’তে ৰাণা দা আৰু নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ। খেয়ালী মনৰ হীৰুদাই হঠাতে এটা প্ৰস্তাৱ দিলে। এটা গান লিখিব নিৰ্মলে আৰু সুৰ দিব ৰাণাই মাত্ৰ তিনি মিনিটৰ ভিতৰত। ৰাজী কৰালে দুয়োকে। কিন্তু গান লিখিবলৈ কাগজ ক’ত? কোনো কথা নাই।হীৰুদাৰ চাৰমিনাৰ চিগাৰেটৰ পেকেটৰ বুকুফাল আগবঢ়াই দিলে। নিৰ্মলপ্ৰভা বাইদেউৱে দেখিলে আঁতৰত কলপাত এখিলা লৰি আছে। ৰাণা দা তেতিয়া কমবয়সীয়া ডেকা ল’ৰা এটা। গতিকে ৰাণাদাৰ বয়সৰ স’তে মিলা সময়,পৰিৱেশ চব মিলাই বাইদেউৰ মনলৈ আহিল এইকেইশাৰী কথা-

“আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত।
বুজোঁ কি নুবুজোঁ চিনাকি কুলিৰে মাত
মেলো কি নেমেলো আকাশে চুবলৈ হাত
হেৰালে বাটৰে আঁত।

এটি মাথোঁ ফুল মনৰে ডালতে কঁপে
এটি মাথোঁ পখী এই উৰে উৰে
কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত।”

তিনি মিনিটৰ ভিতৰতে সুৰ দিলে ৰাণা দাই। সৃষ্টি হ’ল এটি যুগজয়ী গীতৰ । ১৯৬২ চনত আন এটি সুমধুৰ গীত গীতিকাৰ মায়াশ্ৰী বৰকটকী ৰচিত ‘কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা..কৃষ্ণচূড়া’- ৰ স’তে একেলগে বাণীবদ্ধ হ’ল এই গীতটো ।জয়প্ৰিয়তাৰ অভিলেখ সৃষ্টি কৰিলে দুয়োটা গীতেই।

(তিনি)

জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ চেপ্তেম্বৰত মংগলদৈত। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়াৰ মুঠ দহটি সন্তানৰ প্ৰথম সন্তান ভূপেনদা আৰু নৱম সন্তান ৰাণাদাৰ মাজত বয়সৰ ব্যৱধান সোতৰ বছৰ। ভূপেনদাৰ বৰ মৰমৰ।ঘৰত মতা নাম ৰাণা । ভূপেন দাই নাম থলে জয়ন্ত। সৰুৰেপৰাই ঘৰত সংগীতৰ পৰিৱেশ। মাকে গীত গায়, দেউতাকে গীত ৰচে। ককায়েক, বায়েক সকলো সংগীত অনুৰাগী। এই পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতিভাৱান, জাকতজিলিকা। সকলোৱে জানে। ঘৰত সৰুৰে পৰা লগ পাইছে বিষ্ণু ৰাভা, ফণী শৰ্মা, কমল চৌধুৰী, পুৰুষোত্তম দাসৰ দৰে বৰেণ্য শিল্পীক। সৰুৰেপৰাই ৰাণাদা আছিল অলপ বেছি খঙাল।মুখত মিঠা হাঁহিটো কিন্তু লাগি থাকে।স্পষ্টবাদী, সাহসী, চৌখিন। দেউতাকে খং কমাবলৈ প্ৰতি দেওবাৰে এঘণ্টাকৈ মৌন ব্ৰত ৰাখিবলৈ দিয়া উপদেশ মানিছিল ৰাণাদাই। সংগীতৰ প্ৰতি তীব্ৰ অনুৰাগ একেবাৰে সৰুৰে পৰাই। মাউথ অৰ্গেন খুব সুন্দৰ বজায়। ভূপেনদাই ১৯৫২ চনত আমেৰিকাৰ পৰা আনি দিলে এখন গীটাৰ। মানুহটোতকৈ আকাৰত ডাঙৰ। তথাপিও শিকি পেলালে সোনকালেই। ১৯৫৬ -ত ৰাছিয়াৰ পৰা আনি দিলে ৰাছিয়ান বাদ্যযন্ত্ৰ ডোম্ব্ৰা। কাৰো ওচৰত নিশিকাকৈয়ে বাৰ্লিনত সেই বাদ্যযন্ত্ৰ বজাই সকলোকে মুগ্ধ কৰিব পাৰিছিল ৰাণা দাই। যি বাদ্যযন্ত্ৰই হাতত নপৰক, খুব সোনকালে আয়ত্ব কৰাৰ অদ্ভুত প্ৰতিভাৰ গৰাকী আছিল ৰাণা দা। কামৰূপ একাডেমী স্কুলত পঢ়ি থাকোঁতে এবাৰ তিনিখন হাৰমণিয়াম একেলগে বজাই সকলোকে অবাক কৰিছিল। সংগীত সম্পাদক হ’ল। সংগীততে মন-প্ৰাণ। পঢ়াৰ মন নাই। স্কুলৰ কিতাপৰ মাজততো সংগীত নাই! মন বহে কেনেকৈ! মেট্ৰিক পৰীক্ষা আহিল, দিলে। কিন্তু বেয়া হ’ল। এজনৰ পৰা টকা পঁচিশটা লৈ ঘৰৰ পৰা নিৰুদ্দেশ হ’ল। হাহাকাৰ লাগিল। এসপ্তাহৰ পাছত খবৰ পোৱা গ’ল ৰাণা দা গৌৰীপুৰত আছে। বিখ্যাত প্ৰথমেশ বৰুৱাৰ ঘৰত।এদিন ওলালহি। আকৌ মন-প্ৰাণ সঁপি দিলে গানৰ মাজত। স্কুলৰ বিদায় সভাত গালে ‘সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ ৰং বোৰ কেনিবা গ’ল’। গায়ক হিচাবে প্ৰথম এইটো গীত গায়েই সকলোৰে মন মুহিলে। এই গানটো আছিল নটসূৰ্য ফণী শৰ্মাৰ ‘পুৱতি নিশাৰ সপোন’ ছবিৰ, যাৰ সংগীত পৰিচালনা কৰিছিল ভূপেন দাই। ‘আগলি বতাহে’ আৰু ‘কৃষ্ণ চূড়া তোমাৰ প্ৰাণৰ.. ‘ এই গীত দুটা আছিল প্ৰথম ৰেকৰ্ডিং। তাৰে ‘আগলি বতাহে’ গীতটোৰ সৃষ্টিৰ কথা ইতিমধ্যে কোৱা হৈছে। ৰাণা দাৰ সুৰ আৰু কণ্ঠৰ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰা দ্বিতীয়টো
গীতৰ কথা মায়াশ্ৰী বৰকটকীৰ-

কৃষ্ণ চূড়া,কৃষ্ণ চূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন
এবাৰ ৰঙাই তোলা,কৃষ্ণ চূড়া
……

(চাৰি)

“হেমাংগ দা চাওক, গঁড়বিলাকে আমাক পাত্তাই দিয়া নাই। কাষত আকৌ হৰিণাবিলাকে নিৰ্লিপ্ত মনে ঘাঁহ খাইছে। এটা গঁড়ৰ পিঠিত দুটা বগলী! এটা গান লেখক, হেমাংগ দা! অসমৰ হাতী-গঁড়-হৰিণ মিলি-মিছি থাকে-নাথাকে কেৱল অসমীয়া আৰু বঙালী”- কথাখিনি কৈছিল জয়ন্ত হাজৰিকাই গণশিল্পী হেমাংগ বিশ্বাসক সম্বোধি। ভাষা আন্দোলনৰ বিভীষিকাৰ মাজত, ১৯৬০ চনৰ শেষৰফালে হেমাংগ বিশ্বাস আৰু ভূপেন দাৰ নেতৃত্বত অশান্তিজৰ্জৰ অসমত শান্তি প্ৰতিষ্ঠাৰ বাবে গণনাট্য সংঘৰ উদ্যোগত প্ৰায় ত্ৰিশগৰাকী শিল্পীয়ে গান গাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰিছিল। ঘূৰি ফুৰি কাজিৰঙাত আহি উপস্থিত হৈ এৰাতি থাকি পিছদিনা যেতিয়া হাতীৰ পিঠিত উঠি কাজিৰঙা চাইছিল, তেতিয়াই গঁড়, হৰিণ, বগলী আদি জন্তু আৰু চৰাইৰ সহাৱস্থান দেখি উৎফুল্লিত হৈ শিল্পী দলটোৰ কণিষ্ঠতম সদস্য ৰাণা দাই চিঞৰি উঠি কৈছিল তেনেকৈ। সেই কথা পাছত সুঁৱৰি আবেগ বিহ্বল হৈ উঠিছিল গণশিল্পী হেমাংগ বিশ্বাস। ৰাণা দাৰ অকাল মৃত্যুৱে ভূপেন দাৰ সমানেই দুখ দিছিল হেমাংগ বিশ্বাসকো।
অসমত গণনাট্য সংঘৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, হেমাংগ বিশ্বাস, ভূপেন দা সকলোকে লৈ গণনাট্য আন্দোলনৰ এক স্বৰ্ণিল ইতিহাস। সেই বিষয়ে আমি ইতিমধ্যে এটি লেখাত আলোচনা কৰিছোঁ।
এই গণনাট্য সংঘৰ লগতে ৰাণা দাৰ আছিল এক আন্তৰিক সম্পৰ্ক। এনেই সংগীত বলীয়া, তাতে আকৌ তাত আছে মৰমৰ ভূপেন দা, বলেন দা, নৃপেন দা, দিলীপ শৰ্মা দা , কুইন বাইদেউ , বিষ্ণুৰাভা, ফণী শৰ্মা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, কেশৱ মহন্তৰ দৰে শিল্পী। আছে হেমন্ত মুখাৰ্জী, ওমৰ শ্বেখ, সলিল চৌধুৰী, বলৰাজ সাহানীৰ দৰে ভাৰতৰ প্ৰসিদ্ধ শিল্পী। গতিকে ৰাণা দাক আৰু পাই কোনে! এইসকলৰ সান্নিধ্যই ৰাণা দাৰ সংগীত জীৱন সমৃদ্ধ কৰিলে।এখেতসকলৰ লগত কথা পাতিবলৈ, গান গাবলৈ আৰু বাদ্যযন্ত্ৰ বজাবলৈ পাই ৰাণা দা আপোনপাহৰা হৈ পৰিল। সংগীত জগতৰ স’তে আৰু বেছি একাত্ম হৈ পৰিল।
বোলছবিত ৰাণা দাই ভূপেন দাৰ সংগীত পৰিচালনাৰে নিৰ্মিত সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালিত চলচিত্ৰ ‘মণিৰাম দেৱান’ বোলছবি(১৯৬৪)-ত প্রথম গোৱাৰ সুযোগ পাইছিল। তাতেই ৰাণাদাই বংগৰ বিখ্যাত শিল্পী শ্যামল মিত্ৰৰ স’তে ‘সোণাৰ বৰণ পাখিৰে’ গীতটি গাইছিল। পাছলৈ বহুতো কথাছবিত কণ্ঠ শিল্পী হিচাপে আৰু সংগীত পৰিচালক হিচাপে ৰাণাদাই প্ৰতিভাৰ চিনাকি দি থৈ গৈছে। সেইখিনি কথালৈ আমি পাছলৈ আহিম। শ্যামল মিত্ৰৰ স’তে ৰাণা দাৰ কণ্ঠৰ এই সুমধুৰ গীতটি আছিল- (গীতটোৰ কথা আৰু সুৰ পৰম্পৰাগত।)

“সোণাৰ বৰণ পাখী ৰে তোৰ
হেঙুল বৰণ আঁখী
দেশেৰ পাখী বিদেশ গেলু
মোকে দিয়া ফাঁকিৰে…
….. ……”

(পাঁচ)

গীত কেৱল মনোৰঞ্জনৰ বাবে নেকি? গান গাব লাগে কেৱল মনৰ সন্তুষ্টি আৰু অৰ্থোপাৰ্জনৰ বাবে নেকি? নহয়, ৰাণাদাৰ বাবে ইয়াৰ কোনোটোৱে নহয়। গান সমাজৰ, মানুহৰ মানসিকতা পৰিৱৰ্তনৰ বাবেও, দুৰ্দশা,  দুৰ্যোগৰ মুখামুখি হোৱা খাটিখোৱা মানুহৰ বাবেও – সেই কথা মনে-প্ৰাণে উপলব্ধি কৰিছিল ৰাণা দাই আৰু সেই শিক্ষা ৰাণা দাই আহৰণ কৰিছিল গণনাট্য সংঘৰ মঞ্চত প্ৰগতিশীল চিন্তা-চেতনাৰে উদ্বুদ্ধ অসমৰ, ভাৰতৰ প্ৰসিদ্ধ শিল্পীসকলৰ সান্নিধ্যৰ ফলস্বৰূপে। সেই আদৰ্শ সৰোগত কৰি ৰাণাদাই সৃষ্টি কৰিলে সুৰবাহিনী। বানপীড়িত অসমৰ অগণন ৰাইজক সকাহ দিবলৈ, বিপদৰ সময়ত কাষত থিয় দিবলৈ, দুৰ্যোগৰ সময়ত তেওঁলোকক সহায় কৰিবলৈ তেওঁ ‘সুৰবাহিনী’-ৰ জন্ম দিয়াত আগভাগ ল’লে। তেওঁৰ ঐকান্তিক চেষ্টাত ১৯৭৭ চনৰ জুন মাহৰ ছয় তাৰিখে গোলাঘাটৰ মুনীন বৰুৱাৰ ঘৰতে বহা বৈঠকত জন্ম হ’ল ‘সুৰবাহিনী’। আঠ জুনৰ পৰা আৰম্ভ হ’ল সুৰবাহিনীৰ সুৰীয়া যাত্ৰা। কম সময়ৰ ভিতৰতে ৰাণা দাৰ নেতৃত্বত সুৰবাহিনীয়ে গোলাঘাট,তিতাবৰ,মৰিয়নী,ফৰকাটিং আদি ঠাইত বাটে-পথে গান গাই বহু ধন সংগ্ৰহ কৰি বানপীড়িত ৰাইজৰ বাবে দান দিলে। সুৰবাহিনীৰ বাবে প্ৰস্তুত কৰা গীতৰ সংখ্যা আছিল আঠটা। গীতকেইটি হ’ল-‘দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ’,আজি প্ৰাণৰ মেলা পাতিছো’,’ভয় নাই,ভয় নাই’;’একো নাই,শূন্য হায়’;’লুইতৰ বলিয়া বান’,’অভিযাত্ৰী দূৰৈৰ যাত্ৰী’,’এইটো প্ৰহৰ শূন্য প্ৰহৰ’ আৰু ‘পৃথিৱীখন আজি হলহেঁতেন যদি’। ইয়াৰে পাঁচটা গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈ, বাকী তিনিটাৰ গীতিকাৰ উপেন কাকতি,ভূপেন দা আৰু সুৰেণ বৰা। ‘লুইতৰ বলিয়া বান’ গীতটো ভূপেনদাই ৰচনা কৰিছিল তেজপুৰৰ বাণ থিয়েটাৰৰ বাবে। সুৰ দিলে ৰাণাদাই। সুৰবাহিনীৰ বাবে সেই গীতটোও ল’লে। সুৰবাহিনীৰ সৰ্বাধিক জনপ্ৰিয় গীতটো আছিল গীতিকাৰ উপেন কাকতিৰ ৰচনা আৰু ৰাণাদাৰ সুৰেৰে ‘দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ’‌।

(ছয়)

শিল্পীৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ উজ্জ্বল চানেকিৰে ৰাণা দাই শিৱপ্ৰসাদ ঠাকুৰ, মুনীন বৰুৱা, মঞ্জুলা বৰুৱা, মহানন্দ মজিন্দাৰ বৰুৱা, তপোব্ৰত বৰুৱা, সহধৰ্মিণী মনীষা হাজৰিকা আদিকে ধৰি বহু কেইজনৰ সক্ৰিয় সহযোগিতাৰে বলিয়া বানৰ কবলত পৰা ৰাইজৰ বাবে অৰ্থ সংগ্ৰহৰ বাবে সুৰবাহিনী গঠন কৰাৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। ১৯৭৭ চনৰ আঠ জুনৰ পৰা সুৰবাহিনীয়ে আৰম্ভ কৰিলে সুৰীয়া যাত্ৰা। তাৰ আগতে বোলে মঞ্জুলা বাইদেউৰ গোঁসাইঘৰৰ থাপনাত সুৰবাহিনীৰ বাবে প্ৰস্তুত কৰা গানৰ বহীখন থৈ ট্ৰাকত উঠাৰ আগতে ৰাণাদাই সকলোকে শপত খুৱাই লৈছিল এনেদৰে, “এইখন মাথোঁ ট্ৰাক নহয়, ই হ’ল আমাৰ পবিত্ৰ মঞ্চ। আমি প্ৰত্যেকেই ইয়াৰ পবিত্ৰতা ৰক্ষা কৰিম।” তাৰ পিছতেই তিনিদিন অবিৰাম গতিত ট্ৰাকৰ ওপৰত গান গাই ৰাণাদাৰ নেতৃত্বত সুৰবাহিনীয়ে সংগ্ৰহ কৰিছিল নগদ ধন, কাপোৰ, দৰৱ, খাদ্য সামগ্ৰী। শেষৰ দিনা সংগৃহীত ধন আৰু অন্যান্য সামগ্ৰী জিলা কৰ্তৃপক্ষৰ হাতত জমা দি সামৰিছিল সুৰবাহিনীৰ প্ৰাৰম্ভিক যাত্ৰা। লোকশিল্পী মঘাই ওজা ৰোগাক্ৰান্ত হওঁতেও ৰাণা দাই তেওঁৰ চিকিৎসাৰ বাবে পুঁজি সংগ্ৰহৰ বাবে গীতিকাৰ উপেন কাকতিৰ হতুৱাই এটি গীত লিখাই সম্পূৰ্ণ দুটা দিন (১৪ আৰু ১৫ আগষ্ট ১৯৭৭) ডিব্ৰুগড়ৰ বাটে-পথে ট্ৰাকত গীত গাই ফুৰিছিল। উপেন কাকতিয়ে ৰচনা কৰা এই গীতটি আছিল,

“এতিয়াও ৰাতি নাই
বজাবলৈ বাকী আছে মেঘে গজা হাতখনি
মঘাই ওজাই ৰজন জনাই
জুই ফুলা চাপৰেৰে লুইত কঁপায়..”

ৰাণাদাই সুৰবাহিনীক এক জাতীয় সংগঠন ৰূপে গঢ়ি তুলিবলৈ সংকল্প লৈছিল, কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। সুৰবাহিনীৰ জন্মৰ কেই মাহ মানৰ পাছতেই ৰাণাদাই বিদায় ল’ব লগা হ’ল ধৰাৰ বুকুৰ পৰা…… এই ধৰা এৰি!

সুৰবাহিনীৰ এই সমস্ত কামকাজত ৰাণাদাৰ কাষত ছাঁৰ দৰে লাগি আছিল সহধৰ্মিণী মনীষা হাজৰিকা। সংগীতৰ যোগেদিয়েই কলিকতাৰ ছোৱালী মনীষা সেনগুপ্ত (মিঠু) ৰাণাদাৰ জীৱনলৈ আহিছিল। ১৯৬৯ চনৰ চাৰি আগষ্টৰ দিনা ৰাণাদাৰ বিবাহ সম্পন্ন হৈছিল। ১৯৭১ চনৰ তেৰ জানুৱাৰী তাৰিখে তেওঁলোকৰ যুগ্ম জীৱনলৈ আগমন ঘটিছিল একমাত্ৰ সন্তান ময়ুখ(ৰাজা)-ৰ। বিয়াৰ পাছত ৰাণাদা মাজে মাজে তীব্ৰ আৰ্থিক নাটনিৰ সন্মুখীন হৈছিল যদিও ৰাণাদাই কাকো একো জানিবলৈ নিদিছিল।কাৰণ সেইটো আছিল ৰাণাদাৰ সম্পূৰ্ণ স্বভাৱবিৰুদ্ধ কথা। কাৰো অধীনত চলিব নোৱাৰা স্বভাৱৰ ৰাণাদাই চাকৰি কৰাৰ কথাও কোনোদিনে ভবা নাছিল। অকল গান গাই নিজৰ জীৱন আৰু পৰিয়ালক পোহ-পাল দিয়াৰ কথা ভবা, দৰকাৰ হ’লে ‘ষ্ট্ৰীট চিংগাৰ’ হ’বলৈও মানসিক ভাবে প্ৰস্তুত হোৱা ৰাণাদাই কোনোবা এজনক কৈছিল,” মোৰ তো এক তাৰিখ নাই যে দৰ্মহা পাম”। তীব্ৰ আৰ্থিক নাটনিৰ মুখামুখি হৈও ৰাণাদাই সাহস হেৰুৱা নাছিল, হতাশ হোৱা নাছিল, একাগ্ৰ চিত্তে সংগীত সাধনা চলাই গৈছিল। নিজৰ লগতে আনকো প্ৰবোধ দিবলৈ ৰাণাদাই সেয়েহে প্ৰাণঢালি গাইছিল ভূপেনদাৰ ৰচিত আৰু সুৰাৰোপিত এই গীত-

“যদি জীৱনে কান্দে নাই নাই বুলি
যদি দুখতে উৰে ধৰণীৰ ধূলি
নিৰাশাই আশাবোৰ ভাঙিব খুজিলে
মই গোৱা গীতবোৰ গাবা
….. ……”

(সাত)

অসমীয়া বোলছবিত কণ্ঠ নিগৰাই আৰু সংগীত পৰিচালনা কৰি বহুতো সুমধুৰ গীত আমাৰ বাবে থৈ গৈছে ৰাণাদাই। বোলছবিত ৰাণাদাই প্ৰথমে গোৱা গীতটি আছিল ‘সোণাৰ বৰণ পাখিৰে’ । সেই গীতটোৰ কথা আমি আগতে আলোচনা কৰিছোঁ।ৰাণাদাই এককভাৱে সংগীত পৰিচালনা কৰা প্ৰথম ছবি আছিল অতুল বৰদলৈ পৰিচালিত ‘বনৰীয়া ফুল’ (১৯৭১)। এইখন বোলছবিৰ পাঁচটা গীতৰ গোটেই কেইটাৰে সুৰ দিয়াৰ উপৰিও দুটি গীত ৰাণাদাই গাইছিল। সেই দুটা গীতৰ কথা আছিল নিৰ্মলপ্ৰভা বৰদলৈৰ। অতি জনপ্ৰিয় হোৱা গীতদুটি আছিল ‘দেখা নাই আগে এনে ছবি দেখা নাই’ আৰু ‘তোমাৰ মৰমে মোৰ।’ ৰাণাদাই যিকেইখন ছবিৰ সংগীত পৰিচালনা তেওঁৰ চুটি জীৱন কালত সম্পূৰ্ণ কৰি তুলিছিল, সেই কেইখন হ’ল, দেউতি বৰুৱাৰ ‘বৃষ্টি’, ভবেন দাসৰ ‘ধৰ্মকাই’, ইন্দুকল্প হাজৰিকাৰ ‘নিয়তি’ আৰু প্ৰবীৰ মিত্ৰৰ ‘নতুন আশা’। আনহাতে যি কেইখন বোলছবিৰ কাম আধৰুৱা হৈ ৰৈছিল, সেই কেইখন হ’ল, অতুল বৰদলৈৰ ‘ৰঙামেঘ’, ‘গৌৰী বৰ্মনৰ ‘এনাজৰী’, মানিক বৰাৰ ‘পোহৰ’ আৰু হেমন্ত দত্তৰ ‘উপপথ’। তাৰো আগতে সহকাৰী পৰিচালক হিচাপে ৰাণাদাই ভূপেন দাৰ স’তে কাম কৰিছিল ‘লটিঘটি'(১৯৬৪)ছবিত য’ত তেওঁ গোৱা গীতটো আছিল ‘জীৱনটো যদি অভিনয় হয়।’ ১৯৬৭ চনত ভূপেন দাৰ আন এখন ছবি ‘চিকমিক বিজুলী’ত ভূপেন দাই সুৰ কৰিবলৈ দিয়া তেওঁৰ গীত ‘মৃত্যু সাৱটি সমাধিতলিত’ কণ্ঠদানো কৰে ৰাণা দাই। ভূপেন দাৰ বাহিৰে আন পৰিচালকৰ সংগীত পৰিচালনাৰ বোলছবিৰ গীতত সাধাৰণতে ৰাণাদাই কণ্ঠদান কৰা নাছিল। একমাত্ৰ ব্যতিক্ৰম আছিল উপেন কাকতিৰ সংগীত পৰিচালনাৰ ‘ফাগুনী’। এইখন বোলছবিৰ তিনিটা গীতত ৰাণাদাই কণ্ঠ নিগৰাইছিল। উপেন কাকতিৰ কথা আৰু ৰাণাদাৰ সুৰেৰে তেওঁৰ কণ্ঠত এইকেইটা গীতো বৰ জনপ্ৰিয়। গীতকেইটি হ’ল,’আগলতি কলাপাত’, ‘মৰ আঁউসীৰ ৰাতি’ আৰু ‘পিতাইটি অ'(সহশিল্পী মালবিকা বৰা)। ৰাণাদাই সংগীত পৰিচালনা কৰা বোলছবিৰ গীতত কণ্ঠ নিগৰাইছিল ভূপেন দা, কুল বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু মালবিকা বৰাই। ভূপেনদাই দুটি গীত গাইছিল। সেই দুটাৰ এটা হ’ল ‘ঐ নিলাজ পাহাৰ, ঐ শুকান পাহাৰ’ (বনৰীয়া ফুল)। আনটো হ’ল ‘এনাজৰী’ বোলছবিৰ ‘পিৰীতি নামৰে তিনিটি আখৰে’ । দুয়োটা গীতৰে কথা আছিল ভূপেনদাৰ আৰু সুৰেৰে সজাইছিল ৰাণাদাই। ৰাণাদাই সুৰেৰে সজোৱা প্ৰতিটো গীত আৰু দৰদী কণ্ঠই গভীৰ ভাবে আলোড়িত কৰি তুলিছিল প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়। আজিও সমানেই জনপ্ৰিয় প্ৰতিটো গীত নতুন প্ৰজন্মৰ মাজতো।
‘নতুন আশা’ বোলছবিয়েই আছিল ৰাণাদাৰ জীৱনৰ সংগীত পৰিচালনা আৰু কণ্ঠ নিগৰোৱা অন্তিম খন বোলছবি। এইখন ছবিৰ সংগীতৰ কামত ব্যস্ত হৈ থাকোঁতেই এদিন হঠাতে ৰাণাদা আঁতৰি গৈছিল আমাৰ মাজৰ পৰা। ছবিখনৰ ‘এই আকাশ বৰ বিশাল’ এই গীতটি কণ্ঠ আৰু সুৰেৰে সজাই সকলোকে সন্মোহিত কৰি ৰাণাদা নিজেই যেন হেৰাই গ’ল সকলোকে কন্দুৱাই বিশাল আকাশৰ বুকুত সুৰ বিচাৰি!

গীতিকাৰ হেমন্ত দত্তৰ কথাৰে কোনোদিনেই শুনি আমনি নলগা এই গীত!

“এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল
তেও কিয় লাগে উকা
মোৰ মন পথাৰতে
তই ৰবি হৈ জীপাল
….. …….”

(আঠ)

ৰাণাদাৰ আটাইতকৈ প্ৰিয় বন্ধু, মৰমৰ দোস্ত আছিল-দোস্ত হবিবুৰ ৰহমান। ‘গৌহাটীক নমস্কাৰ’, ‘কলিকতালৈ গৈছিলোঁ শুনক মহাশয়’, ‘মই এটি নিশাচৰ’,  ‘যদি ঘৈণীয়ে কান্দে নাই নাই বুলি’ আদি বিখ্যাত গীতৰ গায়ক।

ভূপেন দা, ৰাণাদাৰ দুই-এটা জনপ্ৰিয় গানৰ লগতে আন কিছুমান গানৰ পেৰদী ৰূপ দি, সজাই-পৰাই শ্ৰোতা-দৰ্শকৰ বৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল দোস্ত হবিবুৰ ৰহমান। ভূপেন দাই ৰাণা দা আৰু হবিবুৰ ৰহমানৰ বন্ধুত্বৰ কথা বৰ ধুনীয়াকৈ লিখি থৈ গৈছে। তাৰ লগতে ভূপেনদাৰ বৰ কৰুণ স্মৃতি এটিৰ কথাও ভূপেনদাই লিখি থৈ গৈছে । সেই কথালৈ বাৰু পাছত আহিম।
অকল চিনেমাৰ সংগীত পৰিচালনাৰ লগতে নহয়, এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ সংগীতৰ লগতো ৰাণাদা ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিল। সেইখন আছিল ১৯৭৭ চনৰ এক জানুৱাৰী তাৰিখে গোৱালপাৰাত প্ৰথমেশ বৰুৱাৰ সোঁৱৰণত জন্ম লাভ কৰা ‘লখিমী থিয়েটাৰ’। পৰিচালক ৰত্নেশ্বৰ দাসৰ অনুৰোধত ৰাণা দাই সংগীত পৰিচালকৰ দায়িত্ব ল’ব লগা হৈছিল । গীতৰ ৰচনাৰ ভাল পৰিছিল নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ ওপৰত। নিৰ্মলপ্ৰভা বাইদেউৰ ৰ কথা আৰু ৰাণাদাৰ সুৰেৰে তিনি দিনৰ ভিতৰত মুঠ সোতৰটা গীতৰ সৃষ্টি হৈছিল । তাৰে ভিতৰত ‘আকাশ আজি নাই নাই’, ‘অভিযাত্ৰী দূৰৈৰ যাত্ৰী’, ‘জীৱনত আছে মধু শিহৰণ’, ‘আকাশী গংগা ওখ আকাশৰ’, ‘আকাশে আনে ৰ’দৰ খবৰ’ ইত্যাদি গীত বৰ জনপ্ৰিয় হৈছিল। কেইবাটাও গীত মনীষা বাইদেউৰ কণ্ঠত পাছত আমি বাণীবদ্ধ ৰূপত পাইছোঁ।’আকাশে আনে ৰ’দৰ খবৰ’ গীতটো ৰাণাদাৰ ভাগিন ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত আমি আকাশবাণীৰ যোগে শুনিবলৈ পাওঁ। ঋতুপৰ্ণ শৰ্মাৰ জনপ্ৰিয় গীতকেইটিৰ ভিতৰত এইটো অন্যতম।
ৰাণাদাৰ জীৱনৰ একেবাৰে অন্তিম সুৰাৰোপিত গীত আছিল এইখন থিয়েটাৰৰ বাবেই নিৰ্মল প্ৰভা বাইদেউৱে ৰচনা কৰা গীত ‘আকাশ আজি মোৰ নাই, নাই’।

(ন)

“জয়ন্ত আছিল আমাৰ আটাইকেইজন ভাই-ভনীৰ ভিতৰত নৱম সন্তান। সি মোৰ বৰ মৰমৰ আছিল।ঘৰৰ আটায়ে মৰম কৰিছিল তাক। কিন্তু সকলোৰে মৰমৰ বান্ধোন ছিঙি পোন্ধৰ অক্টোবৰৰ(১৯৭৭) নিশা এক বাজি পোন্ধৰ মিনিটত সি গুচি গ’ল। সি হেমন্ত দত্তৰ ভাষাৰেই যেন কৈ গ’ল-
“মই যি বাটেৰে ওলালোঁ আজি
নাহোঁ উলটি
মই ন পথেৰে জ্যোতিৰে পখী
ফুৰোঁ বিচাৰি।”
ৰাণাই জ্যোতিৰ পখী বিচাৰি ন পথেৰে গুচি যোৱাৰ পাছত আমাৰ ঘৰখন শূণ্য হৈ গ’ল। ঘৰত নীৰৱে পৰি থাকিল মই ১৯৫২ তে আমেৰিকাৰ পৰা তাৰ আঠ বছৰ বয়সতে আনি দিয়া গীটাৰখন, ১৯৫৬-ত ৰাছিয়াৰ পৰা আনি দিয়া ‘ডোম্ব্ৰা’টো, পৰি থাকিল নীৰৱে ১৯৬৭-ত তাছখণ্ডৰ পৰা আনি দিয়া ডোম্ব্ৰাটোও। এইবোৰে আৰু কেতিয়াও তাৰ আঙুলিৰ পৰশ নাপায়, সি আৰু কেতিয়াও মোৰ লগত গান নাগায়।”
মৰমৰ ৰাণা ভাইটিৰ আকস্মিক আৰু অকাল বিয়োগত মৰ্মান্তিক আঘাত পাই ভূপেনদাই লিখিছিল। ৰাণাদাৰ আকস্মিক মৃত্যুৰ বাতৰি পাই ভূপেন দাৰ মন আন এক স্মৃতিয়ে বৰ আঘাত দিছিল। ভূপেন দাৰ নিজকে বৰ দোষী অনুভৱ হৈছিল। ৰাণাদাৰ অন্তৰংগ বন্ধু দোস্ত হবিবুৰ ৰহমানৰ বিষয়ে লিখোঁতে সেই স্মৃতিৰ কথা ওলাইছিল। ১৯৬৭-ত ভূপেনদাই তেওঁৰ ‘চিকমিক বিজুলী’ চিনেমাখন নিৰ্মাণ কৰোঁতে চিনেমাখনৰ সহকাৰী সংগীত পৰিচালক হিচাপে ৰাণাদাক দায়িত্ব দিছিল।ভূপেনদাই লিখিছে, “ছবিখনৰ বাবে মই আন আন গানবোৰৰ লগতে এটি গান লিখিছিলোঁ-নিষ্ঠুৰ হৃদয়ৰ অহংকাৰী প্ৰেয়সীৰ ওপৰত প্ৰেমিকজনে অভিমান কৰি গাবৰ কাৰণে। গীতটো আছিল-
“মৃত্যু সাৱটি সমাধিতলীত
অকলে আছোঁহি শুই
এতিয়া পুনৰ আহিছা কিয়
জ্বলাব কলিজাৰ জুই….
…… ……
মোৰ মৃতদেহ বগা কাপোৰেৰে
কোনোবাই ঢাকি দিলে
আন কোনোবাই গংগাজলেৰে
দেহাটি তিয়াই দিলে…
….. ……”
মই সকলোবোৰ গীতত সুৰ দিয়াৰ পাছত হঠাতে ক’লো, ৰাণা এই গীতটোৰ সুৰ তয়েই দে। ৰাণাই তাৰ মৰমৰ দোস্ত-দোস্ত হবিবুৰ ৰহমানৰ লগত বহি নিশাটোৰ ভিতৰতে গীতটোৰ সুৰ দিলে। পিছদিনা পুৱা সি মোক গাই শুনালে। সুৰটো মোৰ ভাল লাগিল।
কিন্তু আজি ভাবি বৰ দুখ লাগিছে-মইতো নাজানিছিলোঁ যে গীতটো সি গোৱাৰ পাছত সেই গীতৰ কথাখিনি তাৰ নিজৰ জীৱনতে ইমান সোনকালে ফলিয়াব বুলি! মই ভবা নাছিলোঁ-গানৰ কথাখিনি দোস্ত হবিবুৰ ৰহমানৰ গাতো ফলিয়াব বুলি! জনা হ’লে সেই গীতটো ময়েই গালোঁহেঁতেন! ১৯৪৩ চনৰ নৱেম্বৰ মাহত বেগা নৈৰ পাৰৰ মংগলদৈত জন্মগ্ৰহণ কৰি ১৯৭৭ চনৰ অক্টোবৰ মাহতে ৰাণাই মৃত্যুক সাৱটি ল’লে, মাত্ৰ চৌত্ৰিশ বছৰ বয়সতে। দোস্তৰ বয়সো তেনেকুৱাই আছিল। ডেকা ডেকা বয়সতে ৰাণা ভাইটি আৰু দোস্ত হবিবুৰ ৰহমানে আমাক এৰি থৈ গুচি গ’ল। আমি থাকি গ’লো, আশাৰ বৃক্ষ ৰুই।”
ৰাণাদাৰ অকাল মৃত্যুৰ পাছত ‘আমাৰ প্ৰতিনিধি’ৰ পাতত ভূপেনদাই ৰাণাদাক সুঁৱৰি তেনেদৰে লিখিছে।১৯৯৩ ত প্ৰথম প্ৰকাশ পোৱা ভূপেনদাৰ অনুলিখিত আত্মজীৱনী ‘মই এটি যাযাবৰ’তো এইখিনি কথা আছে। ভূপেনদাই তাত আৰু কৈছে,” মৰমৰ জয়ন্ত ভাইটিৰ ঘৰত মতা নাম আছিল ৰাণা। সোঁৱৰণিত তাৰ নাম আছিল নীৰেন। পিচে-মৰমতে ময়েই তাৰ নামটো দিছিলোঁ জয়ন্ত। মোৰ অতি মৰমৰ ভাইটি জয়ন্তক হেৰুৱাই মই বৰ অকলশৰীয়া হৈ পৰিলোঁ।এই অভাৱ মই আজিও অনুভৱ কৰোঁ-প্ৰতিদিনেই, প্ৰতি ক্ষণেই, প্ৰতিটো ক্ষেত্ৰতেই।”
ৰাণাদাৰ অকাল মৃত্যুৰ পাছত ভূপেনদাই প্ৰতিক্ষণতে অনুভৱ কৰিছিল ৰাণা দাৰ অভাৱ, অনুপস্থিতি। আজি ভৃপেনদাও নাই। আমাৰ বাবে দুয়োজনৰে অভাৱ, অনুপস্থিতি কিমান বেদনাদায়ক, সেই কথা ক’বলৈ ভাষা নাই! ভূপেন দাই অসংখ্য সুমধুৰ সৃষ্টি আমালৈ এৰি থৈ এক পৰিণত বয়সত বিদায় ল’লে। কিন্তু ৰাণাদাই যে কিমান সম্ভাৱনা লৈ আহি অকালতে,মাত্ৰ চৌত্ৰিশ বছৰ বয়সতে ‘এই ঘৰ এৰি, এই ধৰা এৰি, পুৰণি ঘৰলৈ যাম ঘূৰি’ বুলিয়েই গুচি গ’ল! কিন্তু ইমান কম বয়সতে আমালৈ থৈ গ’ল নজহা-নপমা, সোণসেৰীয়া বহু গীত। মোৰ এজন অন্তৰংগ বন্ধুৱে এদিন আড্ডাত কৈছিল,” যেতিয়াই আমি গানৰ কথা পাতোঁ, আপোন পাহৰা হৈ কিবা এটা কলি গুণগুণাব বিচাৰোঁ, ৰাণাদাৰ গানৰ কলি হে দেখোন সদায় মনলৈ আহে! বহুত গান আছে দেখোন, তাৰ মাজতো ৰাণাদাৰ গান কিয় বাৰে বাৰে মনলৈ আহে!”
সেয়াই ৰাণাদাৰ সৃষ্টিৰ শক্তি, মন জুৰোৱা ব্যাপ্তি! ৰাণাদাই যে কৈ থৈ গৈছিল, “বিলাই যাম মই জীৱন জ্যোতি!”

(দহ)

আগত উল্লেখ কৰি আহিছোঁ- জয়ন্ত হাজৰিকাই প্ৰথম সুৰ দিয়া গীতটো আছিল আলিমুন্নিছা পিয়াৰ ৰচিত
‘জেতুকা পাতেৰে দুহাতত বোলালি, তামোলৰ পিকেৰে ওঁঠটি ৰঙালি, ৰাঙলী কৰিলি হিয়া’,গাইছিল বায়েক কুইন হাজৰিকাই। এই গীতটোত কৰা সুৰৰ মাজেদিয়ে প্ৰকাশ পাইছিল কমবয়সীয়া জয়ন্তৰ উজ্জ্বল প্ৰতিভা। এই গীতটো আছিল এক অপূৰ্ব সৃষ্টি। আধুনিক গীতত বিয়া নামৰ এক অবিস্মৰণীয় মিঠা সংযোজন; ভবিষ্যতৰ সকলোৰে হৃদয় আলোড়িত কৰিব পৰা সুৰকাৰ হিচাপে প্ৰথম খোজ। ৰাণাদাৰ জীৱনৰ শেষ সুৰাৰোপিত গীত আছিল লখিমী থিয়েটাৰৰ বাবে গোৱা নিৰ্মলপ্ৰভা বৰদলৈৰ বাইদেউৰ ৰচনা কৰা ‘আকাশ আজি মোৰ নাই’। খুব বেছি দিন নাপালে ৰাণাদাই, কিন্তু তাৰ মাজতে ৰাণাদাৰ সুৰৰ যাদুৰে ধন্য হ’ল ভালেকেইখন বোলছবি,প্ৰগতি শিল্পী সংঘৰ দ্বাৰা নিবেদিত ‘বান’ ‘জন্ম’ ‘জিনটি’ ‘চিৰাজ’ ‘জেৰেঙাৰ সতী’,’মা’ আৰু কাব্যনাট ‘যুদ্ধ ঘোষণাৰ দিন’ৰ সংগীত পৰিচালনা, সুৰবাহিনীৰ আটাইবোৰ গীত, লখিমী থিয়েটাৰৰ পাঁচখন নাটকৰ সোতৰটা গীত,’ফ্লোৰা এণ্ড ফোনা অব নৰ্থইষ্ট’,’হুলইচ এণ্ড দা হৰাইজন’, ‘সন্ধান’, ‘জ্যোতি চিত্ৰবন’ ইত্যাদি তথ্যচিত্ৰৰ সংগীত পৰিচালনা।ৰাণাদাই সুৰ কৰা গীতবোৰলৈ মন কৰিলে এক স্বকীয় বৈশিষ্ট্য চকুত পৰে।কোনোটো গীতেই লোকসংগীতেই হওক বা শাস্ত্ৰীয় সংগীত অথবা পশ্চিমীয়া সংগীতেই হওক, পোনপটীয়াকৈ প্ৰভাৱান্বিত হোৱা নাই।তাৰ পৰিৱৰ্তে ৰাণাদাই নিজস্ব প্ৰতিভাৰে সকলোৰে সংমিশ্ৰণত প্ৰতিটো গীতকে সজাই তুলিছে অনন্য সুন্দৰ ৰূপত। সৃষ্টিধৰ্মী সুৰৰ প্ৰতি আছিল। ৰাণাদাৰ হেপাহ অদম্য হেঁপাহ। গীতিকাৰে কোৱাৰ দৰে ‘আকাশে বতাহে কিমান সুৰৰ গুণগুণ!’ ৰাণাদাই পিছে সেই সুৰ বুটলি ফুৰিব লগা হোৱা নাছিল, সুৰবোৰে যেন নিজেই ধৰা দিছিলহি ৰাণাদাৰ গীতত! তেওঁ কৈছিল,”মই সূত্ৰগত ভাৱে সুৰ বিচাৰি নুফুৰো,কাৰণ পৃথিৱীখনেই সুৰৰ তৰংগেৰে ভৰপূৰ!”
ৰাণাদাই সুৰ দিয়া অধিকাংশ গীতেই আছিল নিৰ্মলপ্ৰভা বাইদেউৰ ৰচনা। ৰাণাদাৰ বাবে বাইদেউৱে ৰচনা কৰা প্ৰথম গীত আছিল ‘আগলি বতাহে কঁপালে কলৰে পাত’। গীতটোৰ জন্মৰ আমোদজনক কাহিনীটো আমি আগতে উল্লেখ কৰি থৈছোঁ। দ্বিতীয় গীতটো আছিল ‘বৰ্ষা ঋতু ভাল পাওঁ মই’। ৰাণাই প্ৰথমে হাৰমণিয়ামত সুৰ সৃষ্টি কৰে, গুণগুনায় আৰু বাইদেউৱে তাত শব্দ প্ৰয়োগ কৰে। প্ৰথমে সুৰ তাৰপিছতহে কথা। বাইদেউ আৰু ৰাণাদাৰ এই যুটিয়ে এইদৰে আমাক দি গ’ল বহুতো কালজয়ী গীত। ৰাণাদাৰ কন্ঠ আৰু সুৰৰ বিষয়ে নিৰ্মল প্ৰভাবাইদেউৱে এইদৰে কৈছে,”কণ্ঠত আছিল ৰাণাৰ অপৰিসীম মাদকতা। এক চফিচটিকেটেড মাধুৰ্য-উচ্চগ্ৰামত তেওঁ সুৰ নকৰে। নিমাতো নহয়, উচ্চতো নহয়, মধ্যগ্ৰামতে তেওঁৰ কণ্ঠই ফুটাই তোলে অনন্য সুৰ মাধুৰী। এনে একোটা ভাঁজ সুৰৰ মাজতে তেওঁ সৃষ্টি কৰে, এনে একোটা আনকমন নট তেওঁৰ কণ্ঠই স্পৰ্শ কৰে যে গীত অনিন্দ্য সুন্দৰ হৈ পৰে।” পাছলৈ সুৰত গীত লিখাৰ স’তে ৰাণাদাৰ এই অভিযানৰ অংশীদাৰ হৈ পৰিছিল গীতিকাৰ ৰত্ন ওজা, হেমন্ত দত্তৰ দৰে স্বনামধন্য গীতিকাৰো।ৰত্ন ওজাৰ ‘লুইতৰ সোঁতত লিখা ৰ’ব’ , ‘এই ঘৰ এৰি, এই ধৰা এৰি’ আৰু হেমন্ত দত্তৰ ‘মই যি বাটেৰে’, ‘এই আকাশ বৰ বিশাল’, ‘বহাগ হয় যদি’ ইত্যাদি।
ৰাণাদাই দুই এটা গীতো লিখিছিল। যেনে-‘তোমাৰ পথৰ দাঁতিত যদি’, ‘নতুন ফুলৰ গোন্ধ ওলাইছে আনন্দত নাচে মন’ইত্যাদি। কিন্তু গীতিকাৰ হোৱাৰ ইচ্ছা বা বাসনা কোনোদিনে প্ৰকাশ কৰা নাছিল। তেওঁ মনৰ অনুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল সুৰেৰে আৰু সুৰত কথা সংযোগ কৰিবলৈ দৌৰি গৈছিল নিৰ্মল প্ৰভা বৰদলৈ, হেমন্ত দত্ত, ৰত্ন ওজাৰ দৰে গীতিকাৰৰ ওচৰলৈ আৰু এনেকৈয়ে সৃষ্টি হৈছিল বহুতো কালজয়ী গীত।
ৰাণাদাই অকল নিজৰ সুৰতেই নহয়, অইন সুৰকাৰৰ বহু গীত সুৰীয়া কণ্ঠৰে সজাইছিল। তেনে সুৰকাৰৰ ভিতৰত ভূপেন হাজৰিকাৰ ওপৰিও উপেন কাকতি, হেমেন হাজৰিকা, জ্যোতিপ্ৰসাদ দাস, জগদীশ বৰুৱা, পুৰুষোত্তম দাস, জনী যোচেফ , জিতেন দেৱ, নিখিলেশ বৰুৱা অন্যতম। ৰাণাদাই নিৰ্মল প্ৰভা বাইদেউৰ গীতহে গায় বুলি মানুহ কিছুমানে কৈ থকা কাৰণে এবাৰ আক্ষেপ কৰি কৈছিল, “মানুহে মোক ভুল বুজিছে। মই ক’ত অকল নিৰ্মল প্ৰভা বাইদেউৰ গীত গাওঁ? মই দেখোন বহু গীতিকাৰৰে গীত গাইছো।অৱশ্যে নিৰ্মলপ্ৰভা বাইদেউৰ বহু গীত গাইছো।তেখেতৰ গীতৰ লগত মোৰ কিবা এটা মিলে। সেয়ে ভাল লাগে। পিছে মই জানো সতীশ দাস, হেমেন হাজৰিকা, ককাইদেউ ভূপেন হাজৰিকা, ইন্দ্ৰেশ্বৰ বৰগোঁহাই আৰু নতুন গীতিকাৰ হেমন্ত দত্তৰ গীত গোৱা নাই?”
হয়, ৰাণাদাই কণ্ঠ নিগৰোৱা গীতবোৰৰ গীতিকাৰৰ লিষ্ট খন তেনেই সৰু নহয়। ৰাণাদাই উল্লেখ কৰা সকলৰ বাহিৰেও আনসকল হ’ল-গীতিকবি পাৰ্বতীপ্ৰসাদ, তফজ্জুল আলি, মায়াশ্ৰীবৰকটকী, জিতু শৰ্মা, অনুৰাধা দাস, ৰত্ন ওজা, হীৰেন ভট্টাচাৰ্য, গুনীন ৰাজখোৱা, দ্বিজেন্দ্ৰ মোহন শৰ্মা, বিপুল কুমাৰ বৰুৱা, উপেন কাকতি, পুৰুষোত্তম দাস, প্ৰশান্ত বৰদলৈ আৰু মহেন্দ্ৰ সভাপণ্ডিত । এই সকলো গীতিকাৰৰ গীত ৰাণাদাই প্ৰাণ ঢালি গাইছিল কেতিয়াবা নিজৰ সুৰত আৰু কেতিয়াবা আনে কৰা সুৰত। ১৯৭৭ চনৰ ১৫ অক্টোবৰ তাৰিখে আমাৰ মাজৰ পৰা বিদায় লোৱা ৰাণাদা আকৌ অহাৰ কথা আছিল! হেমেন হাজৰিকাৰ কথা আৰু পুৰুষোত্তম দাসৰ সুৰত ৰাণাদাই জানোঁ গাই যোৱা নাছিল,
“মই আকৌ আহিম দেশৰ বাবে
আহিম আকৌ দহৰ বাবে
ন সমাজৰ আঁচনি লৈ..”

ৰাণাদা কায়িক ভাৱে আজি নাই আমাৰ মাজত,কিন্তু তেওঁ যাদুকৰী কণ্ঠ আৰু সুৰৰ মায়াজালে আজিও প্ৰজন্ম ৰ পাছত প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিছে। আজিৰ কিশোৰ কিশোৰীয়ে ৰাণাদাৰ গীত ধুনীয়াকৈ পৰিৱেশন কৰিবলৈ কৰা চেষ্টাই জানো তাকে প্ৰমাণ কৰা নাই?

তথ্যসূত্রঃ
আকৌ নতুন প্ৰভাত হ’ব- সংকলন আৰু সম্পাদনা প্ৰণৱ কুমাৰ ভাগৱতী।
মই এটি যাযাবৰ-ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী।

Leave a Reply

Your email address will not be published. Required fields are marked *