অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

অসমৰ প্ৰান্তীয় এলেকা চৰ আৰু ঝাই ফাউণ্ডেচন-(আশ্ৰাফুল হুছেইন)

অসম ৰাজ্যখন জনগাথঁনিৰ দিশত থকা বৈচিত্ৰ্যৰ দৰেই ভৌগোলিকভাৱেও খুবেই বৈচিত্ৰ্যপূৰ্ণ। পাহাৰ-ভৈয়ামৰ উপৰিও অসমত আছে বিস্তৃৰ্ণ চৰ এলেকা। চৰ বুলিলে চাৰিওফালে পানীৰে আগুৰা নৈৰ মাজৰ বা নৈৰ পাৰৰ বালিময় ওখ ঠাইসমূহক বুজায় আৰু চাপৰি বুলিলে নদী পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক বুজায়।  ২০০৩ চনৰ চৰকাৰী তথ্যমতে অসমত প্ৰায় ২২৫১খন চৰ গাঁও আছে। ২০০৩ চনত চৰ উন্নয়ন সঞ্চালকালয়ে চলোৱা জৰীপ মতে জনা যায় যে অসমৰ ১৪খন জিলাৰ ২১টা মহকুমা, ৫৬টা উন্নয়ন খণ্ড আৰু ২২৫৯খন চৰ গাঁও সামৰি গঠিত চৰাঞ্চলৰ জনসংখ্যা প্ৰায় ৩৫ লাখ৷ সাধাৰণতেই চৰ-চাপৰি গাঁওসমূহ দুৰ্গম হোৱা হেতুকে উন্নয়নৰ পৰা বহু দূৰত অৱস্থান। একেদৰেই চৰকাৰৰ অৱহেলাৰ বাবে চৰবাসী হৈ পৰিছে অত্যন্ত প্ৰান্তীয়। এনে প্ৰান্তীয় মানুহখিনিৰ বেছিসংখ্যকেই ধৰ্মীয়ভাৱে সংখ্যালঘু হোৱা হেতুকেই বিশ্বব্যাপি সংখ্যালঘুৰে হোৱা অন্যায়তকৈ অসমৰ চৰবাসীৰে সৈতে হোৱা অন্যায়ৰ অমিল নাই। ইপিনে এই বৃহৎ আকাৰ জনসংখ্যাৰ বুজন সংখ্যকেই তথাকথিত মূলসুঁতিৰ পৰা বিচ্ছিন্ন হোৱা হেতুকে শিক্ষা, স্বাস্থ্য, যোগাযোগ-যাতায়াত আদিৰ পৰা বহু যোজন দূৰত অৱস্থান লৈ আছে। যাৰ ফলত সামাজিক-অৰ্থনৈতিক বঞ্চনাৰ লগতে অন্ধবিশ্বাস-কুসংস্কাৰ আদিয়েও অহৰহ আগুৰি ধৰি থাকে চৰবাসীক। ইপিনে এই চৰবাসীক লৈ খেলা ৰাজনীতিৰ খেলখনৰ কথা সকলোৰে জ্ঞাত। নাগৰিকত্বৰ সংকটত চৰবাসী সকলো সময়তে অত্যাচাৰৰ বলি হৈ অহাটো আপোনালোকে নিশ্চয় জানে।

চৰত কোনে কিদৰে:

অবিভক্ত ভাৰতবৰ্ষত ইংৰাজে তেতিয়াৰ পূৰ্ববংগৰ পৰা লাখেলাখে লোক আজিৰ অসমভূমিলৈ আগমন ঘটাইছিল। বংগৰ ভূমিহীন খেতিয়কসকলৰ বেছিসংখ্যক লোকেই নৈ পথেৰে এই ঠাইলৈ আহিছিল। লগতে নৈপৰীয়া এলেকাবোৰৰ পতিত ঠাইত খেতি কৰিবলৈ তেওঁলোকে নৈপৰীয়া অঞ্চলতে বসবাস কৰিবলৈ লৈছিল। একেদৰে চৰকাৰীভাৱে লাইন প্ৰথা নামৰ এক আইনৰ জৰিয়তেও তেওঁলোকক নৈপৰীয়া অঞ্চলৰ পৰা ওলাই গৈ বসবাসৰ সুযোগ দিয়া হোৱা নাছিল। ফলত মূলসুঁতিৰ পৰা তেওঁলোকে সদায় বিচ্ছিন্ন হৈ থাকিবলগীয়া হৈছিল। এইদৰেই ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে এই লোকসকল হৈ পৰিছিল নৈপৰীয়া এটি জনগোষ্ঠী।

নৈয়ে প্ৰতি দিনেই গতি সলায়, খহাই নিয়ে ভূমি, গঢ়ে নতুন চৰ, সালসলনি হৈ থাকে চৰৰ মানুহৰ নিজৰ ঘৰৰ ঠিকনা। এনেকৈয়ে চলে এক বেদনাদায়ক ভঙা-গঢ়াৰ খেল। নৈৰ এই ভঙা-গঢ়াই চৰবাসী লোকৰো জীৱনৰ ভঙা-গঢ়াত অন্যতম অৱদান আগবঢ়ায়। এই ভঙা-গঢ়াই তেওঁলোকক কৰি তোলে অঘৰী, ভূমিহীন। ফলত জীয়াই থকাৰ তাড়নাত তেওঁলোকে অন্য নতুন ঠাইলৈ উঠি যায়। ওচৰৰ চহৰ-নগৰত কাম বিচাৰি গৈ লুঙী পৰিহিত এই অঘৰী চৰবাসী লোকেই হৈ পৰে অবৈধ বাংলাদেশী, বিদেশী, যাৰ অৱশেষত ঠিকনা হয়গৈ আমানৱীয় ডিটেনচন কেম্প।

চৰ আৰু চৰকাৰ:

চৰৰ সভ্যতাই প্ৰায় এক শতিকাৰো অধিক সময় পাৰ কৰিবলৈ লোৱাৰ পৰতো তাৰ গৰিষ্ঠসংখ্যকেই অৰ্থনৈতিকভাৱে থাকি গ’ল দাৰিদ্ৰ্য সীমাৰেখাৰ তলত, অশিক্ষিত আৰু উন্নয়নৰ পৰা বহুদূৰত। চৰৰ মানুহৰ উন্নয়নৰ বাবে ১৯৮৪ চনত চৰ এলেকা উন্নয়ন কৰ্তৃপক্ষ গঠন কৰি চৰ উন্নয়নৰ বাবে সুকীয়া পুঁজি ধার্য কৰা হয় যদিও বাস্তৱত ফুটুকাৰ ফেন হৈ ৰয়। পৰৱৰ্তী সময়ত ১৯৯৬ চনত অসম চৰ এলেকা উন্নয়ন সঞ্চালকালয়ক পূৰ্ণ ৰূপৰ বিভাগ হিচাপে ঘোষণাৰ পিছৰ পৰা কম-বেছি পৰিমাণে চৰকাৰী আঁচনি আদিৰ নামত কিছু ধন আবন্টন কৰি চৰৰ মানুহৰ উন্নয়নৰ বাবে চেষ্টা চলায় যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু দুৰ্নীতিৰ চৰম উপদ্ৰৱৰ বাবে সেয়া সম্ভৱ হোৱা নাই। ইপিনে ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পৰা চৰৰ উন্নয়নৰ পুঁজি হ্ৰাস কৰি প্ৰায় শূন্য কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে চৰ অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ এক ছবি, তথ্য হিচাপে পাবলৈ চৰ উন্নয়ন কর্তৃপক্ষৰ অধীনত ১৯৯৩-৯৪ চনত প্ৰস্তুত কৰা হৈছিল “Socio-Economic Survey 1993-94 of Char areas of Assam” শীৰ্ষক প্ৰতিবেদন। তাৰ দহ বছৰ পিছত প্ৰায় একেখিনি তথ্য পাবলৈ নৱগঠিত অসম চৰ এলেকা উন্নয়ন সঞ্চালকালয়কৰ অধীনত “Socio-economic Survey Report 2002- 2003 of Char Areas of Assam” শীৰ্ষক প্ৰতিবেদন প্ৰস্তুত কৰা হয় যদিও তাৰ পৰৱৰ্তী দিনত চৰ সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নচলালে চৰকাৰে। ২০০৩ চনৰ সেই বিভৎস তথ্য-ছবি আজিও বিৰাজমান যদিও চৰকাৰৰ নাই কোনো বিশেষ আঁচনি নতুবা কৰ্মসূচী, অতীতৰ দৰে চৰ আজিও এক অৱহেলিত প্ৰান্তীয় লোকৰ আশ্ৰয় ভূমি।

ঝাই ফাউণ্ডেচন কি:

চৰ যে এক অৱহেলিত আৰু অন্যায়ৰ বলি হোৱা ভূখণ্ড সেয়া সৰ্বজনবিদিত। এনে অন্যায় আৰু অৱহেলাৰ পৰা মুক্তি পোৱাৰ মানসেৰে অসমৰ চৰবাসীৰ উত্তৰণৰ বাবে গঠন হৈছিল ঝাই ফাউণ্ডেচন নামৰ এক বেচৰকাৰী সংস্থাৰ, যি সংস্থা Society Registration Act 1860 মতে পঞ্জীয়নভুক্ত। চৰৰ মানুহৰ শৈক্ষিক, সামাজিক-অৰ্থনৈতিক সুৰক্ষা আৰু উত্তৰণৰ উদ্দেশ্যৰে ২০১৪ চনত আৰম্ভ হোৱা ঝাই ফাউণ্ডেচনৰ এই যাত্ৰাই চৰবাসীলৈ কঢ়িয়াই আনিছে এক আশাৰ সঞ্চাৰ আৰু বৈপ্লৱিক পৰিৱৰ্তনৰ পথ। এদল সমাজহিতৈষী মানুহৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই অনুষ্ঠানৰ নেপথ্যৰ ব্যক্তিসকল হৈছে টাটা ইনষ্টিটিউট অফ ছ’চিয়েল চাইন্সৰ পৰা সমাজ সেৱাৰ স্নাতকোত্তৰ আব্দুল কালাম আজাদ, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদ, যুৱ অধিবক্তা আমান ৱাদুদকে আদি কৰি আন কেইবাজনো লোক। ঝাই ফাউণ্ডেচনৰ উদ্দেশ্য, লক্ষ্য আৰু সপোনক বাস্তৱায়িত কৰাৰ মুখ্য সেনানীসকলৰ একাংশ হৈছে জাহেদুল ইছলাম, জাহিদুল বেগ, কাজী নীল, মুন্না, মাজিদুল ইছলাম, ফৰহাদ আলী আদিৰ দৰে চৰ-চাপৰি অঞ্চলৰ আন কেইবাজনো যুৱক-যুৱতী।

ঝাই ফাউণ্ডেচনৰ বিষয়ে আলোচনা কৰাৰ আগতে ‘ঝাই’ শব্দৰ অৰ্থ জনাৰ প্ৰয়োজন অৱশ্যেই আছে। “ঝাই” হৈছে এবিধ গছ তথা উদ্ভিদ। বালিময় চৰ অবিহনে এই গছ অন্য কোনো ঠাইতে দেখা নাযায়। নদীয়ে সজাই দিয়া চৰত নিজেনিজেই গজালি মেলে ব্যাপকভাৱে আৰু তেনেকৈয়ে ডাঙৰ হৈ বালিময় ভূখণ্ডক ডাঙৰ হাবিলৈ পৰিবৰ্তন কৰি দিব পাৰে এই ঝাই গছবোৰে। এই ঝাই গছৰ সৌন্দৰ্যৰ বাবেই প্ৰাকৃতিকভাৱেই চৰ অঞ্চলৰ চৌপাশ হৈ পৰে সেউজীয়া। এই ঝাই গছেৰে বেৰ-চাল দি নামনি অসমৰ চৰ অঞ্চলৰ মানুহে ঘৰ-দুৱাৰো আটকধুনীয়াকৈ সজায়। বিশেষকৈ চৰ অঞ্চলৰ মানুহৰ বাবে কাম কৰাৰ বাবে গঠিত হোৱা বাবেই এই অনুষ্ঠানৰ নাম ঝাই ফাউণ্ডেচন ৰখা হয়।

কি কৰে চৰত ঝাই ফাউণ্ডেচনে:

এক সংকটকালত এটি বেচৰকাৰী সংস্থাই সীমিত সম্পদৰে সকলো চৰাঞ্চলত একেটা কাৰ্যসূচীলৈ একে সময়তে কাম কৰা সম্ভৱ নহয় বাবেই, অসমৰ গ্ৰামীণ আৰু প্ৰান্তীয় লোকৰ সৈতে কাম কৰাৰ মানসেৰে জন্ম লোৱা ঝাই ফাউণ্ডেচনে বৰপেটা জিলাৰ মন্দিয়া ৰাজহচক্ৰৰ অধীনত থকা ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ মোহনাত অৱস্থিত তিনিখন গাঁও ক্ৰমে মজিদভিটা, টাপাজুলি আৰু ভেৰা – এই তিনিখন গাঁৱক প্ৰাথমিক কৰ্মক্ষেত্ৰ হিচাপে লৈ ইয়াৰে মানুহৰ মৌলিক প্ৰয়োজন, শিক্ষা, স্বাস্থ্য, দুৰ্যোগ, জীৱিকা আদি বিষয়লৈ কাম-কাজ আৰম্ভ কৰিছিল। এই তিনিখন চৰ-গাঁৱত বসবাস কৰা পৰিয়ালৰ সংখ্যা প্ৰায় ৩০০ আৰু ইয়াৰে অধিকাংশই অশিক্ষিত। বৰঞ্চ এই সংস্থাই এইখন চৰ এলেকাত কাম আৰম্ভ কৰা কালৰে পৰা ইয়াতে প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে অন্য কোনো বিদ্যালয় বা চৰকাৰী অনুষ্ঠান নাই। সঘনাই হৈ থকা বানপানীত কৃষিজীৱী সমাজখনে নিজৰ ফচল চপাব নোৱাৰি ঘাটিৰ সন্মুখীন হয়, স্বাস্থ্য সচেতনতা আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা নথকা হেতুকে তেওঁলোকে ঘনেঘনে বেমাৰত পৰে। বানপানীৰ ফলত জীৱিকাও হৈ থাকে বন্ধ। সাৰ্বজনীন শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ হাৰো যথেষ্ট বেছি। একেটা সময়তে বাল্য বিবাহো এক ভয়ানক ব্যাধি হিচাপে পৰিলক্ষিত। গতিকেই ঝাই ফাউণ্ডেচনে চিন্তা-চৰ্চা কৰি এই চৰবাসী লোকসকলৰ লগত থাকি তেওঁলোকক লগত লৈয়েই এইবোৰ সমস্যাৰ কিদৰে মোকাবিলা কৰিব পাৰি তাৰ উপায়ৰ সন্ধান কৰে।

পোনতে তেওঁলোকে নিৰ্বাচিত এই  তিনিখন চৰগাঁৱৰ ১১জন ব্যক্তিক লৈ এক উপদেষ্টা সমিতি গঠন কৰি ইয়াৰ কামৰ আৰম্ভ কৰিছিল। উপদেষ্টা আৰু চৰ গাঁওবাসীসকলৰ লগতেই আলাপ-আলোচনাৰ মাধ্যমৰে বিভিন্ন কৰ্মসূচী লৈ কামবোৰ আগুৱাই গৈছিল। তিনিটা মূল ভাগ, যেনে: শিশু, মহিলা আৰু প্ৰাপ্তবয়স্ক পুৰুষ হিচাপে জনসমষ্টিক ভাগ কৰি লৈ, এই মূলভাগসমূহক ভৌগোলিক এলেকা হিচাপে সৰু-সৰু গোটত বিভাজন কৰি কাম-কাজৰ অনুষ্ঠানিকতা আৰম্ভ কৰিছিল। ইয়াৰে শিশুসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য যতন, পুষ্টিৰ যতন, পৰিপূৰক পাঠদান, বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা আদিৰ ব্যৱস্থা আৰু শিক্ষা দিয়া হৈছিল। পাঁচটা গোটত ভগাই লৈ অন্যান্য একাংশ ভলণ্টিয়াৰৰ জৰিয়তে অন্যান্য কামৰ লগতে নিয়মীয়াকৈ আবেলি বিদ্যায়তনিক উৎকৰ্ষৰ বাবে পাঠদান দিয়া হৈ আছে। আনকি বিচ্ছিন্ন এলেকাত বাসকৰা আৰু বানপানীৰ সময়ত ভাসমান নৌকা বিদ্যালয়তো পাঠদান চলাই আহিছে সংস্থাটোৱে। মহিলাসকলক নিয়মীয়াকৈ SLP Meetingৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা, Menstrual Hygiene, Sanitery Toilet, বিশুদ্ধ খোৱাপানী, শিশুৰ যতন, বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা, পৰিয়াল আৰু সমাজৰ স্বাৰ্থত মহিলাই ল’বলগীয়া ভূমিকা, জীৱিকা আদি সম্পৰ্কে সজাগ-সচেতন আৰু বিভিন্ন সহায় আগবঢ়োৱা হয়। প্ৰাপ্তবয়স্ক পুৰুষসকলকো পৰিষ্কাৰ-পৰিচ্ছন্নতা, চেনিটাৰী পায়খানা, বিশুদ্ধ খোৱাপানী, বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা, পৰিয়াল আৰু সমাজৰ স্বাৰ্থত পুৰুষে ল’বলগীয়া ভূমিকা, জীৱিকা আদি সম্পৰ্কে কাম কৰি আহিছে সংস্থাটোৱে।

এই কামবোৰৰ উপৰিও ঝাই ফাউণ্ডেচনৰ উদ্যোগত প্ৰতিটো সপ্তাহত এটাকৈ স্থাস্থ্য শিবিৰ, বিভিন্ন দাতব্য সংস্থাৰ পৰা পোৱা আৰ্থিক সহযোগিতাৰ জৰিয়তে বানপানীৰ পূৰ্বে ঘৰৰ ভেটিত যাতে পানী উঠিব নোৱাৰে তাৰ বাবে ভেটিবন্ধা, বানপানীৰ সময়ত সকলোৰে ঘৰত বানসাহায্য দিয়াৰ ব্যৱস্থা, চেনিটেৰি নেপকিন বিতৰণ, ছ’লাৰ লেম্প বিতৰণ আদি কামো সমাপন কৰিছে। গুণগত শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ বাবে ঝাই ফাউণ্ডেচনৰ উদ্যোগত এই তিনিখন চৰক সামৰি প্ৰতিষ্ঠা হোৱা “পৰাগ কুমাৰ দাস পুথিভঁৰাল” এক ঐতিহাসিক তথা কালজয়ী পদক্ষেপ বুলি ক’লেও ভুল কোৱা নহ’ব। পুথিভঁৰাল তথা ঝাই ফাউণ্ডেচনৰ কৰ্মকর্তাসকলে পুথিভঁৰালৰ মেম্বাৰশ্বিপ প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি যোগানধৰা, বিভিন্নজনক ভিন্ন বিষয়ৰ কিতাপ যোগান ধৰা আদি কাম নিয়মীয়াকৈ কৰে।

সামৰণি:

সমাজৰ উত্তৰণৰ স্বাৰ্থত কিবা কৰাৰ সঠিক পৰিকল্পনা, সদিচ্ছা আৰু সমভাবাপন্ন এদল কৰ্মী থাকিলে অৱশ্যেই কৰিব পাৰি যে তাৰ প্ৰমাণ ঝাই ফাউণ্ডেচন। মজিদভিটা এডোখৰ এনেকুৱা ঠাই য’ত যাবলৈ নাই কোনো সঠিক ৰাস্তা, নাই বিজুলীৰ ব্যৱস্থা, নাই ভাল খোৱাপানীৰ ব্যৱস্থা। তাতোকৈ ডাঙৰ কথা সেই ঠাইৰ সামাজিক পৰিৱেশো আছিল অত্যন্ত পয়ালগা। তাৰ মাজতো তাতে আৰম্ভ কৰা হৈছিল ঝাই ফাউণ্ডেচনৰ কাম। এতিয়া অনেক পৰিৱৰ্তন আহিল, আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’ল, তাৰে সামাজিক পৰিৱেশৰ এক অভূতপূৰ্ব পৰিৱৰ্তন। যি ঠাইত বিবাদেই বিবাদ চলি থাকিছিল এতিয়া তাৰপৰিবেশ শান্ত হৈ পৰিছে। ক’বলৈ গ’লে, ঝাই ফাউণ্ডেচন সেইঠাইৰ মানুহৰ বাবে আশাৰ ৰেঙনি আৰু পৰিৱৰ্তনৰ মাধ্যম।

দেশ-বিদেশৰ পৰা বিভিন্নজনে বৰপেটা জিলাৰ মজিদভিটা চৰত স্থাপন কৰা ঝাই ফাউণ্ডেচন আৰু এই সংস্থাৰ উদ্যোগত গঢ়লৈ উঠা চৰ পুথিভঁৰাল চাবলৈ আহে। সুন্দৰভাৱে তাতে থাকি প্ৰাকৃতিক পৰিৱেশৰ মাজত চৰৰ জন-জীৱনৰ ওপৰত অধ্যয়ন-গৱেষণা আদিও কৰে। বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও আহি বাহৰ পাতে ঝাই ফাউণ্ডেচনত,  মুঠতে এই অনুষ্ঠান হৈ পৰিছে চৰ সম্পৰ্কে কৰা অধ্যয়ন-গৱেষণা, চিন্তা-চেতনাৰ এক নিৰ্ভৰযোগ্য ঠাই। আপোনাৰো চৰ সম্পৰ্কে জনাৰ হেঁপাহ থাকিলে আহিব পাৰে ইয়ালৈ, ঝাই ফাউণ্ডেচন সদায় সষ্টম আপোনাক আদৰাৰ বাবে। এই সম্পৰ্কে প্ৰয়োজনীয় তথ্য তথা যোগাযোগৰ ঠিকনা Jhai Foundationৰ ফে’চবুক পেজ নতুবা ৱেবছাইটত উল্লেখ আছে।

সদৌ শেষত চৰকাৰলৈ আমাৰ দুটামান কথা। অসমৰ সৰ্বাংগীণ উন্নয়ন, সম বিকাশ আৰু মানৱীয়তাৰ স্বাৰ্থত চৰৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। চৰ এক সম্ভাৱনাপূৰ্ণ ঠাই, কৃষিক্ষেত্ৰত এক অভূতপূৰ্ব বিপ্লৱ, জাতীয় অৰ্থনীতি টনকিয়াল, অসমৰ উন্নয়ন সূচাংক ওপৰলৈ লৈ যোৱাৰ বাবে হ’লেও চৰকাৰে গুৰুত্ব দিয়ক চৰবাসীৰ প্ৰতি।

Leave a Reply

Your email address will not be published. Required fields are marked *