জংগম-(ড° বিদিশা মহন্ত)
চকী খন টানি বহি লৈয়ে বিশালে উত্তেজিত কণ্ঠেৰে ক’লে,
: পাক্কা খবৰ আনিছো বিভান । শ্বাহীনবাগত গোলমাল হ’ব। তই এন্টিচিপেট কৰাতকৈও বেছি ৷ কলিকতা জ্বলিছেই। সেইফালে অসম। কৈ কৈ বিশালে ৰিম’টটো হাতত ল’লে। মুহূৰ্ততে কেফেৰ বেৰখন জুৰি থকা বিশাল টিভিটোত শ্বাহীনবাগৰ প্ৰতিবাদীসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ ছবি জিলিকি উঠিল।
:মুঠতে এই চিটিজেনশ্বিপ ইছ্যুৱে কিমান ব্লাড শ্বেড কৰিব ঠিকনা নাই। আৰু চাবি ভিক্টিম সদায় ইন’চেন্ট মানুহেই হ’ব।
ইতিমধ্যে ৱেইটাৰ জন সিহঁতৰ ওচৰত ৰৈছিলহি। সমীৰে টিভিৰ পৰ্দাৰ পৰা চকু অতৰাই ননাকৈ ক’লে।
: থ্ৰী কেপ্পাচিন্ন’৷
ৱেইটাৰ জনৰ নেইম প্লেটত জিলিকি থকা আছিফ নামটো চাই চাই শান্ত স্বৰেৰে বিভানে ক’লে—
: দে আৰ ন’ ইন’চেন্ট পিপ’ল।
অস্বস্তিৰে ৱেইটাৰ জনৰ ফালে চাই সমীৰে তেওঁক যাবলৈ ইংগিত দিলে।
বিশালে মাতটো আপেক্ষাকৃত ভাবে সৰু কৰি ক’লে —
: বিভান ইমান অন্ধ নে তই ? অলপটো ৰেচনেল হ’বি। শ্বাহিনবাগৰ প্ৰতিবাদকাৰী সকলৰ বেছিভাগেই মহিলা।
: হ’লে কি হ’ল? যিয়েই নকৱ ‘কা’ কিন্তু আহিবই। ভাল পাইছোঁ মই । য’তেই এই মানুহ বোৰ বেছি থাকে ত’তেই দাংগা হাংগামা। গুজৰাটৰ কথা মনত নাই!
: তাত কিন্তু মুছলিমেই বেছি মৰিছিল পিছত। আৰু ‘কা’ ক যে তই চাপৰ্ট কৰিছ, তই ভাবিছ নেকি হিন্দু বেছি হ’লেও মানুহবোৰ শান্তিত থাকিব বুলি! বেলেন্সড হ’ব লাগে সকলো। যদি বাংলাদেশৰ পৰা হিন্দু খিনি আহিব পাৰে, মুছলিমে কি জগৰ লগালে? মইতো ভাবো দেশে আৰু বিদেশীৰ বোজা লোৱা উচিত নহয়। কিন্তু বিদেশীক নাগৰিকত্ব দিলে ধৰ্মৰ ভিত্তিত হ’ব নালাগিব।
সমীৰৰ কথাত দপকৈ জ্বলি উঠিল বিভান।
: কি জান তই হা ? কি জান?
সদায় ভাই বুলি বুকুত ঠাই দিয়া মানুহে যেতিয়া চুৰীখন বুকুতে বহুৱাই কেনেকুৱা লাগে জাননে? সুধিবি, সিহঁতৰ অত্যাচাৰত ঘৰ হেৰুওৱা, নিজৰ ঠাই এৰি যোৱা প্ৰতিজন মানুহক সুধিবি আৰু তাৰ পাছত মোৰ আগত সিহঁতৰ হৈ ওকালতি কৰিবি।
টেবুলতে ঘোঁচা এটা মাৰি সিহঁতৰ হতচকিত দৃষ্টিৰ আগেদিয়েই দপদপাই ওলাই গ’ল বিভান।
এনেকুৱা আলোচনাবোৰত খুব অস্থিৰ অনুভৱ কৰে বিভানে। ভাপ হৈ যোৱা বুলি ভবা স্মৃতিবোৰ আকৌ জুলীয়া হৈ আহি তাৰ চকুত ভিৰ কৰে। চকু দুটা মুদি দিলেই ভাহি আহে শাৰী শাৰী মৃতদেহ। মৃতদেহৰ মেলাত নিজৰ শিশুপুত্ৰৰ নিঠৰ দেহ বিচাৰি ঘুৰি ফুৰা কোনোবা অসহায় পিতাক । শেষবাৰৰ বাবে নিজৰ কলিজাৰ টুকুৰাক বুকুত সুমুৱাই লৈ দুখ আৰু অসহনীয় ক্ৰোধত ধৰফৰাই উঠা পাৰ চৰাই হেন কলিজা।
সমীৰ আৰু বিশালে শ্বাহীনবাগৰ ঘটনাটো কাভাৰ কৰিব। অফিচৰ পৰা তেনেকুৱাই নিৰ্দেশ। সিহঁতে ঘটনাটো সহানুভুতিৰে চাইছে।অথচ একাংশ মানুহৰ নৃশংসতাৰ সৈতে সিহঁত অপৰিচিত নহয়। মৃত শৰীৰবোৰ লৈ যাত্ৰা শেষ কৰা লাহোৰৰ পৰা দিল্লী অভিমুখী ৰেল খন, প্ৰাণৰ মায়াত কাঁটা তাৰৰ বেৰাৰে পাৰ হোৱা উদ্বাস্তু মানুহ বোৰ— এই বোৰ কি সাধুকথা ! চুবুৰীয়া বাংলাদেশৰো একেটাই সাধু। ইলিছ মাছৰ তেলেৰে ভাত সানি খাই তেতেলীৰ তলত ওকণি মেল পতা তিৰোতাবোৰ, খেতিৰ পথাৰত উদয়াস্ত পৰিশ্ৰম কৰা ইছামতীৰ পাৰৰ মানুহবোৰ লাম লাকটু এৰি ভাৰতলৈ পলাইছিল। কিমান দিনৰ আগৰ কথানো এইবোৰ?
হুঃ! ইমান সোনকালে কিয় মানুহে সকলো পাহৰি যায়।
আৰু তাৰো আগত , সিহঁতৰে একাংশৰ ঘোঁৰাৰ দপদপনিত নিমিষতে ধ্বংসস্তুপত পৰিণত হোৱা তক্ষশীলা, নালন্দা, চাৰখাৰ কৰি থৈ যোৱা কাশী, ছাই হৈ যোৱা বিজয় নগৰ— ক’তা একো সলনি হোৱা নাই। সেই একেই প্ৰাচীন দম্ভ, পুৰাতন অহংকাৰ—
ধৰ্মান্তৰিত হোৱা নহ’লে মৰিবলৈ সাজু হোৱা।
বিভানহঁতৰ আগতো সেই একেই দাম্ভিকতাৰে জিলিকিছিল সদায় বন্ধুত্ব আৰু আত্মীয়তাৰ আৱৰণ পিন্ধি থকা চকু হাল।
এই কৰিম চাচাই তাক প্ৰথম স্কুললৈ লৈ যোৱা নাছিলনে? ভনীয়েকক বিচাৰি বিচাৰি আনি দিয়া নাছিলনে ভালৰ ভাল বস্তু বোৰ? চিকাৰাত অকলে নিশা পাৰ কৰিব পৰাকৈ বিভান ডাঙৰ হ’ল বুলি কোনে পতিয়ন নিয়াইছিল দেউতাকক? মাকে ৰন্ধা ক্ষীৰ, সুস্বাদু আলু দম আৰু পোলাও প্ৰায়ে টিফিন বাটিত উঠি নিলোফাৰ চাচীৰ ঘৰ পাইছিলগৈ। নিলোফাৰ চাচীয়ে ভাইটি আনিব নে ভণ্টী, তাকে লৈ বিভান আৰু ভনীয়েকৰ বাজি লাগিছিল। মাকে হস্পিটেলত পৰ দিছিল । যতন লৈছিল নিজৰ ভনীয়েকৰ দৰেই। কৰিম চাচা যে দেউতাকৰ নিজা ভায়েক,সিঁহতৰ নিজৰ খুৰাক নহয়, সেয়া কাৰো মনতে নাছিল। আৰু তাৰ পাছত চকুত মৃত্যুৰ নাচোন লৈ সিহঁতৰ ঘৰত এজুম মানুহৰ সৈতে সোমোৱা কৰিম চাচাৰ ছবি খন! সি লৰ মাৰি আলমাৰিৰ ভিতৰত সোমাই তাৰ ফাঁকেৰে দেখা বাহিৰৰ পৃথিবী খন — ভনীয়েকৰ মৰণ কাতৰ আৰ্তনাদ আৰু সমস্ত আশ্চৰ্যই ভৰ কৰা চকু — গুৰি কটা কল গছৰ দৰে বাগৰি পৰা দেউতাক আৰু চিঞৰ এটা গিলি বিছনাৰ তলত থকথকাই কঁপা মাক! সিহঁতৰ সেউজ নীলা ধুনীয়া পৃথিবী খনৰ ওপৰত ৰঙা আৰু ক’লা ৰঙৰ চামনি মচিব নোৱাৰাকৈ লাগি ধৰিছিল।
তিনিটা দশক ! কথাবোৰ পাহৰিবলৈ যোৱা ত্ৰিশটা বছৰ যথেষ্ট নে? কোনবোৰ কথা পাহৰিব — আমিৰৰ সৈতে পিছদিনা চিলা উৰুওৱাৰ কথা আছিল। মাকে পাকঘৰত ভাত ৰন্ধাৰ যো জা কৰিছিল। ভনীয়েকে দেউতাকৰ সৈতে দুদিনৰ পাছত আপেলৰ বাগিচাত খাব লগা পিকনিকৰ কথা পাতি আছিল।
কোনোবা দুষ্ট যাদুকৰে যাদুৰ কাঠিৰে যেন সকলো সলাই পেলাইছিল। এৰাতিৰ আগৰ সহজ, শান্ত জীৱন একোটাহঁতে শৰণাৰ্থী শিবিৰত উশাহ বিচাৰি, পোহৰ বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। নীলা টিৰ্পালেৰে ঢকা অকণমান ঠাই — তাকে বিভান আৰু মাকে খামোচ মাৰি ধৰি আকাশলৈ চাইছিল। আছিল নে কোনোবাপিনে সপোনৰ চহৰলৈ বাট?
: সপোনৰ চহৰ !
বৰ তিক্ততাৰে বিভানে উচ্চাৰণ কৰিলে। তাৰ জিভাখনেই যেন তিতা হৈ গ’ল।
কি আছে তাত? ভনীয়েকৰ ফুটফুটীয়া হাঁহিটো ,দেউতাকৰ গমগমীয়া মাতষাৰ কবৰ দিয়া তাৰ মৰমৰ চহৰ খনৰ কংকাল!
সি কোনোপধ্যে ক্ষমা কৰিব নোৱাৰে সিহঁতক। কেতিয়াও নোৱাৰে।
কওক! সকলোৱে তাক ৰেচিষ্ট বুলি কওক— অন্ধ বুলি কওক,ঠেক মানসিকতাৰ বুলি কওক। সি পৰোৱাই নকৰে। সি সিহঁতক মানুহৰ শাৰীত নাৰাখেই।
দুৱাৰমুখত ৰৈ জোতাযোৰ খোলোতেই মাকে দুৱাৰখন খুলি দিলে। এক লহমাতে গোটেই বাৰান্দা জুৰি বৈ গ’ল দালচেনি দিয়া আপেলৰ জেলিৰ সুবাস। আস! মাকে আজিও তাৰমানে আপেল খিনি জেলি কৰি পেলালে।
ৰঙিয়াল মনেৰে তেওঁ বিভানক আপেলৰ জেলি সনা ৰুটিৰ টুকুৰা এটা দি নিজেও এটা মুখত ভৰালে।
:বুজিছ বিভান, আমাৰ বাগানৰ আপেলৰ জেলিৰ সোৱাদৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে দেই। ৰঙেই চাবি নে গোন্ধ! যোৱাবাৰ যে আপেলবোৰ আৰু ভাল হৈছিল নহয় নে ?
আপেলবোৰ বিলায়ো শেষ কৰিব নোৱাৰাৰ কথা কওঁতে মাকৰ মুখ খন গৰ্ব আৰু আনন্দত উজলি উঠে। আকৌ খাওঁতা নথকা বাবে গছতে নষ্ট হৈছে বুলি কওঁতে বিষাদ অকণে মাকক মেৰাই ধৰে। মাকৰ মুখৰ ছাঁ পোহৰৰ খেলখন চাই চাই বিভান বহি থাকে।
আপেলৰ জেলি কৰাৰ দিনা মাকৰ পুৰণি কথাৰ পেৰাটো খোল খায়। অনৰ্গল তেওঁ কথা কৈ থাকে –কৈয়েই থাকে। অথচ অন্য দিন বোৰত তেনেই নিমাওমাও কৈ থাকে মানুহগৰাকী। নহ’লে নোহোৱা কথা কেইটাও ক’বলৈ টান পায়। মানুহগৰাকী অতীততে বাস কৰে। ভালেই। অন্ততঃ তেওঁ সেই দুঃসহ সময় খিনিৰ বোজা বৈ থাকিব লগা হোৱা নাই। আপেলৰ জেলি মুখত দি টপালি থকা মাকক দেখি আজি গোটেই দিনটোত প্ৰথম বাৰৰ বাবে হাঁহিলে বিভানে।
চেঁচা গধুলিটো মাক পুতেকৰ হাঁহি আৰু ভগা -ছিগা কথাৰ টুকুৰাই আটোম- টোকাৰিকৈ সজাই উম লগা কৰি পেলালে।
পিছ দিনা শুই উঠোতে বিভানৰ অলপ পলম হ’ল। অন্য দিনাৰ দৰেই মাক গোমোঠা । আগ দিনাৰ উছাহৰ সামান্য ৰেশকণো নাই মাকৰ মনত। সকলো যেন ধোঁৱা ধোঁৱা — সকলো অস্পষ্ট,ধুসৰ! সি অফিচলৈ ওলাল৷
অনাহকতে অফিচত সি বিশালক কটু কথা শুনালে। নীলমক ভেকাহি মাৰিলে আৰু অমনোযোগিতাৰ বাবে ভুল কৰি উঠি একেখিনি কামকে আকৌ কৰিবলৈ লৈ ভোৰভোৰাই নিজকে গালি পাৰি থাকিল।
তেনেকুৱাতে তালৈ খবৰ আহিল অসমলৈ যাব লাগে । নাগৰিকত্ব সংশোধনী বিধেয়ক খন লৈ হৈ চৈ চলি থাকোতেই নেলীৰ ঘটনাটো বিশ্লেষণ কৰি কাভাৰ ষ্টৰী এটা কৰিব লাগে।
ধুমুহাৰ গতিৰে সি এডিটৰ ইন চীফৰ কোঠাত সোমাল।
:দ্য ম’ষ্ট আণ্ডাৰ ৰিপ’ৰ্টেদ মেচেকাৰ য়েট দ্য ম’ষ্ট ভায়’লেণ্ট ওৱান ইণ্ডিয়া হেজ এভাৰ ৱীটনেচড। মাত্ৰ তিনিটা কপি আছে নেলী মেচেকাৰৰ ৰিপ’ৰ্টটোৰ। ঘটনাটো হাচ আপ কৰা হ’ল। কিন্তু মই বিচাৰো গ্ৰাউণ্ড লেভেলত ৰিপ’ৰ্টিং হওক। আচল কথাবোৰ সকলোৰে সমুখলৈ আহক। খুব ভালকৈ ষ্ট’ৰীটো কৰা বিভান। চাবা যাতে নেচনেল লেভেলেত হৈ চৈ লাগি যায়।
আৰু কি বাকী থাকিল?
এডিটৰে কপাল খন মোহাৰি মোহাৰি ক’লে –
: অহ! ছেক য়’ৰ মেইল। ফাইল চেণ্ড কৰা আছে । অলপ হ’ম ৱৰ্ক কৰি ল’বা। আৰু শুনা, আজি গধুলি পাঁচ বজাত ফ্লাইট। নাও গ’ ইমিডিয়েটলি এণ্ড পেক ইয়ৰ বেগ।
বিভানে একো কোৱাৰে সুযোগ নাপালে। অবশ্যে ক’বনো কি আৰু সি! এইটো চাকৰি নোপোৱাহেঁতেন দুকোঠলীয়া ভাৰাঘৰতেই জীৱন কটাব লাগিলহেঁতেন। শ্ৰী নগৰৰ সেই বিশাল ঘৰ খন আনি দিব নোৱাৰিলেও অন্তত মাকক সি নিজৰ ঘৰ এখনৰেই সোৱাদ দিছে।
ধুসৰ সেউজীয়াৰে ভৰা ঠাই খনলৈ সোমাওতেই নেলী নামটো সি আকৌ এবাৰ আওৰালে। তাৰ মনত আছে সৰুতে মাকে খুব নাল্লি শাৰী পিন্ধিছিল। সেউজ ৰঙী ধুপছায়া নাল্লি শাৰী এখনৰ কথাই তাৰ মনলৈ আহিল। নিমাওমাও গাঁওখন। তাৰ লগত লোকেল কৰেচপণ্ডেণ্ট হিচাপে জাগীৰোডৰ ল’ৰা এজন আহিছে।
আৰ্ছাদ।
আৰ্ছাদে তাক থুলমূলকৈ নেলীৰ বৃত্তান্ত কৈ আহিছে। সি কেৱল মূৰ দুপিয়াইছে। বাৰে বাৰে তাৰ মনলৈ আহিছে— আলমাৰিৰ ভিতৰৰ পৰা সি দেখা তেজ আৰু ধোঁৱাৰ কজলা পৃথিৱীখন। কঠিন হৈ পৰিছে তাৰ মুখ মণ্ডল, কপালৰ শিৰ টনটনাইছে । এই যেন ফাটি যাব !
:পানী—খুব অস্পষ্টকৈ কোৱা শব্দটোও আৰ্ছাদে শুনিলে। সি লৰালৰিকৈ বেকপেকৰ পৰা পানীৰ বটল উলিয়াই বিভানক দিব খুজিলে। বিতৃষ্ণাৰে তাৰ ফালে চাই সি পানীৰ বটলটো ঠেলি দিলে। আৰ্ছাদ সামান্য আচৰিত হ’ল।
আৰ্ছাদক অগ্ৰাহ্য কৰি বিভানে নিজৰ বেগৰ পৰা পানীৰ বটল উলিয়াই কেইঢোক মানে খালে।
এই বঙালী মুছলমান খিনিৰ প্ৰতি সামান্য অনুকম্পাও নাই তাৰ। আজিৰ পৰা প্ৰায় পয়ত্ৰিশ-চল্লিশ বছৰৰ আগৰ ঘটনা এটা, কি বা আছিল পৰিস্থিতি! ফাইলত থকা মতে অসম আন্দোলনৰ ভৰপকৰ সময়তে অসমীয়া ভাষী লোকে নেলীৰ গাঁও কেইখনমানত থকা বঙালী মুছলমান খিনিক আক্ৰমণ কৰিছিল। মানুহ মৰিছিল। এতিয়া এই ‘কা’ ৰ বাবে দেশ উত্তাল হৈ থকাৰ সময়ত এইবোৰ কথা টানি আনি কাৰোবাৰ মুনাফা লুটাৰ বুদ্ধি। তাৰনো কি ! লিখিব লাগে লিখি দিব। সি কেপচনো ভাবি থৈছে।
লিখাৰ বিনিময়ত পাব লগা মোটা অংকৰ চেক খনৰ কথা ভাবি তাৰ সামান্য ভাল লাগিল।
বিভানে ভাবে, এয়া অস্তিত্বৰ সংকট! অসম আন্দোলনৰো যুক্তি আছে। এই আন্দোলন নোহোৱা হ’লে ইমান দিনে অসমত এই ৰক্তবীজ সোপাই চানি ধৰিলেহেঁতেন।
এঘৰ মানুহৰ সমুখত আৰ্ছাদ ৰ’ল।
লেকেচিয়াই লেকেচিয়াই ওলাই আহিল এজন সত্তৰোৰ্ধ ব্যক্তি। নেলীৰ গণহত্যাত তেওঁ পুত্ৰ আৰু পত্নীক হেৰুৱাইছিল। ঘৰত অৰ্ধদগ্ধ পত্নীৰ মৃত শৰীৰ এৰি প্ৰাণৰ মমতাত শিশু পুত্ৰক লৈ পানীত জাপ দিওঁতে কোনোবাই পানীলৈকে দলিয়াই দিছিল পঁচা এডাল। ডিঙিত পঁচাৰ খোচ লৈ মৰা বৰালী মাছৰ দৰে পানীত ওপঙি উঠিছিল কণমানি ৰফিক। হাত খনেৰে সি আব্বাকৰ ডিঙিত সাবটিয়েই আছিল৷
দুটামান ঘৰৰ সিফালে আমিনা বানুৰ ঘৰ। ঘৰ মানে টিনৰ চালি, তৰ্জাৰ বেৰ। আমিনাৰ বিয়াৰ মাত্ৰ এমাহ হৈছিল। আহ ঐ আহ , ওলাই আহ বুলি হৈ ধ্বনি দি খেদি নিওতে উজুটি খাই পৰি গৈছিল আমিনা। লাহেকৈ চুচৰি তাই ৰাস্তাৰ কাষৰ বৰ হোলাটোলৈ সোমাই গৈছিল। গালে-মুখে বোকা পানীৰ চিটিকণি লৈ তাত বহি থাকোঁতেই গিৰিয়েকৰ কটা মূৰ অহি তাইৰ কোলাত পৰিছিল।
আৰু সেই ৰৌচন —জ্বলি থকা ঘৰবোৰ, তেজেৰে লেটপেট শবোৰৰ মাজত পৰি থকা পাঁচ বছৰীয়া কণমানিটোক যেতিয়া পুলিচে উদ্ধাৰ কৰিছিল, তেতিয়ালৈ তাৰ চেতনা নাছিল। বহুদিনলৈকে সি কথা ক’ব পৰা নাছিল।
দুখ কৰিবলৈও যেন পাহৰি গ’ল মানুহ খিনিয়ে। অনবৰতে ভয়, অহৰহ শংকা – নেলীৰ ভয়াবহতাই সপোনতো খেদি ফুৰে সিঁহতক। বিভানক দেখি বৰ আশাৰে সিহঁতে সুধিলে— চৰকাৰে বাৰু কিবা দিব নেকি!
এটা উত্তৰ নথকা প্ৰশ্ন!
সেই বৃদ্ধৰ ওচৰত মূৰ তুলি কথা ক’ব পৰা যায়নে? বিয়াৰ এমাহৰ পাছত গিৰিয়েকৰ কটা মূৰ কোলাত লৈ হোলাৰ জেকা মাটিত পৰি থকা আমিনা বানুক কি বুলি কোৱা যায়!
গাঁওখনৰ জীয়াই থকা প্ৰত্যেকেই শৰীৰত, মনত লৈ থকা ক্ষতবোৰ কেনেকৈ ধোৱা যায়?
:এইখন আলিছিগাহে। বাকী কুলাপথাৰ,বসুন্ধৰীকে ধৰি কাগজে-কলমে চৈধ্য খন গাঁৱত মানুহ মৰিছিল দুহেজাৰ। সকলো বঙালীভাষী মুছলমান। কিন্তু আচল সংখ্যা দহ হেজাৰৰো বেছি। মাত্ৰ ছঘণ্টাত দহ হেজাৰ মানুহ! কেন য়ু বিলিভ? ইয়াৰ পুলিচ অফিচাৰ জনে বোলে আগতীয়াকৈ অনুমান কৰিছিল এনেকুৱা কিবা এটা হ’ব বুলি। তেখেতে জৰুৰী বাৰ্তাও পঠিয়াইছিল হেড কোৱাৰ্টাৰলৈ। কিন্তু গুৰুত্ব নাপালে। কেতিয়াবা ভাব হয় সংখ্যালঘু বাবেই আমি উপেক্ষিত। মানুহে পাহৰি গ’ল। চৰকাৰেও পাহৰিলে।
ক্ষোভেৰে আৰ্ছাদে ক’লে।
বিভান থৰ লাগিল — ছঘণ্টাত দহ হেজাৰ!
ওভতনি বাটত বেছি ভাগ সময় আৰ্ছাদেই কথা ক’লে। বাটতে ৰৈ সি বিভানক চাহো খুৱালে।
: এইখনেই সেই নৈ ।
সি আঙুলিয়াই দেখুৱালে বিভানক ।
চাউল ধোৱা পানীৰ দৰে ঘোলা নৈ খনত দেখোন চমকা চমক ৰঙচুৱা বৰণ!বাস্তৱ ! নে বিভ্ৰম?
সি ঘুৰি ঘুৰি আকাশ খনলৈ চালে। কিজানি ঘৰ পোৰা ধোঁৱাৰে ক’লা হৈ থকা আকাশ এচমকা তাৰ দৃষ্টিত ধৰা দিয়ে!
মূৰৰ ওপৰত জিলমিলাই আছে নিদাঘ আকাশ।
সামান্য স্বস্তি! ইয়াৰ পাছত গোটেই সময় খিনি বিভান মৌন হৈ থাকিল।
সি হয়তো এইটো ষ্টৰী কৰিব নোৱাৰিব! কেতিয়াও নোৱাৰিব!
দিল্লীলৈ উভতি গ’ল বিভান। কিন্তু নেলীৰ ঘটনাই অহৰহ তাক খেদি ফুৰিবলৈ ধৰিলে। চকু মুদিলেই সি দেখে ৰফিকৰ আব্বাকৰ ঘোলা চকু হাল, আমিনা বানুৰ বোবা চাৱনি।
ৰফিকৰ ডিঙিৰে হলহলাই ওলোৱা তেজেৰে ৰাঙলী হোৱা নদীৰ ঘোলা পানী!
নেলী নে কাশ্মীৰ? কাশ্মীৰ নে নেলী?
বিভানে আওৰাই থাকিল।
সেই ৰাতি বিভানে সপোনত দেখিলে এন্ধাৰ লুংলুঙীয়া বাটেৰে সি দা এখন লৈ আমিনা বানুৰ গিৰিয়েকক খেদি নিছে। উজুতি খাই পৰি মানুহটোৱে তালৈ ঘূৰি চাইছে। উদ্যত দাৰে ঘাঁপ মাৰিবলৈ লৈ সি দেখিছে আতংক আৰু অবিশ্বাস সনাসনি হৈ থকা চকুৰে সেয়া দেখোন তাৰ দেউতাক!
পুহমহীয়া ৰাতিটোত ঘামি জামি বিভানে সাৰ পালে। ওচৰৰ মছজিদৰ পৰা তিনি বজাৰ আজান ভাহি আহিছে। আনদিনা আজান শুনিলে কাণত সোপা দিয়া বিভানে একান্ত চিত্তে শুনিলে সেই প্ৰাচীন প্ৰাৰ্থনা। বিভানৰ মনৰ মাজত জ্বলি থকা ঘৃণাৰ জুইকুৰাত কোনে বৰফ শীতল পানী ছটিয়ালে! শিল হেন ঘৃণাৰ চোলাটো সোলোকাই সি যেন পিন্ধি ল’ব সহানুভূতিৰ সেই পানী কোমল চোলাটো। তাৰ বুকু খন ভাৰহীন হৈ পৰিল। ক’ৰবাত যেন আজানৰ সুৰত তাৰ দেউতাক, আমিনা বানুৰ গিৰিয়েক আৰু শত সহস্ৰ পীড়িত মানুহৰ আৰ্তি একেটা সুৰ হৈ বৈ গ’ল।