বিশ্বাস-অবিশ্বাস

জনবিশ্বাস আৰু বিজ্ঞান: বিষয়-জণ্ডিচ -(ডা: দেৱজিৎ শৰ্মা)

  • জণ্ডিছ বা পাণ্ডু ৰোগ হলে হালধি ব্যৱহাৰ কৰিব নেলাগে আৰু তেল, মচলা নিদিয়াকৈ কেৱল সিজোৱা খাব লাগে, গাখীৰ আদি খাব নেলাগে।
  • সৰু লৰা টোৱে একেবাৰে কম খায়। তাৰ লিভাৰৰ বেমাৰ হব পাৰে‌। লিভাৰৰ টনিক খোৱা ভাল।
  • ডাক্তৰে কৈ দিছে, যকৃৎ শুদ্ধি কৰা ঔষধ নেথাকে, গতিকে ফুলৰ মালা পিন্ধা, জৰা ফুকা কৰা বা বনৌষধিয়ে জণ্ডিছৰ ৰোগ সোনকালে উপশম কৰিব‌।
বাস্তৱ- আমি খোৱা হালধিয়ে আমাৰ ছালৰ ৰং হালধীয়া কৰিব নোৱাৰে আৰু জণ্ডিছত শৰীৰৰ ৰং হালধীয়া হোৱাৰ কাৰণ সম্পূৰ্ণ বেলেগ। আমাৰ শৰীৰত থকা ৰঙা ৰক্ত কণিকাৰ আয়ুস সমাপ্ত হলে ভাঙি হিম নামৰ এক পদাৰ্থৰ সৃষ্টি কৰে আৰু এই হিমৰ পৰাই বিলিৰুবিন নামৰ এক ৰসায়নৰ সৃষ্টি হয়। বিলিৰুবিন হালধীয়া ৰঙৰ হয় আৰু শৰীৰত বিলিৰুবিনৰ মাত্ৰা বেছি হলেই ছাল আৰু চকুৰ ৰং হালধীয়া হয় (স্বাভাবিক বিলিৰুবিনৰ পৰিমাণ প্ৰতি দেচি লিটাৰত ০.৩ মিলিগ্ৰামৰ পৰা ১ মিলিগ্ৰামলৈ হয়)। এই বিলিৰুবিন, এক পানীত মিশ্ৰণ নোহোৱা দ্ৰৱ্য, এলবুমিন নামৰ ৰসায়নৰ লগ হৈ যকৃতলৈ যায় আৰু তাত গ্লুকৰণিক এচিদ নামৰ দ্ৰব্যৰ লগ হৈ পানীত মিশ্ৰণ হোৱা দ্ৰব্যলৈ ৰূপান্তৰিত হয়। এই বিলীৰুবিন পিত্ত ৰসৰ লগত মিহলি হৈ খাদ্যনলীলৈ যায় আৰু তাৰ পৰা কিছু পৰিমাণ পুনৰ হজম হৈ তেজৰ লগত মিহলি হয় আৰু বেছিভাগ শৌচৰ লগত ওলাই যায়। সেই বাবে শৌচৰ ৰং হালধীয়া হয়। তেজৰ লগত মিহলি কিছু অংশ প্ৰস্ৰাৱৰ লগত ওলাই যোৱা বাবে প্ৰস্ৰাৱৰ ৰঙ পাতল হালধীয়া হয়।
গতিকে আমাৰ শৰীৰত যদি ৰঙা ৰক্ত কণিকা প্ৰয়োজনতকে বেছিকৈ ধংস হয় বা যকৃতৰ অসুখৰ বাবে যকৃতত বেছিকৈ পানীত মিশ্ৰিত দ্ৰব্য লৈ ৰূপান্তৰিত নহয় তেন্তে তেজত বিলিৰুবিনৰ পৰিমাণ বেছি হৈ শৰীৰৰ ৰঙ হালধীয়া হয়। তাৰ সৈতে হালধিৰ কোনো সম্পৰ্ক নাই।
বেছিভাগ যকৃতৰ ৰোগত যকৃতৰ কাম সম্পূৰ্ণ বন্ধ নহয় বা লিভাৰ ফেইলাৰ নহয়। শৰীৰত হজমৰ কাম চলি থাকে। গতিকে আমি অসমীয়া মানুহে সাধাৰণতে যেনে খাদ্য খাওঁ তেনে খাদ্য খোৱাত বাধা নাই। অবশ্যে লিভাৰ ফেইলাৰ হলে বা চিৰ’চিচ ৰোগ হলে আপোনাৰ চিকিৎসকে কিছু খাদ্য মানা কৰিব। লিভাৰ ফেইলাৰ হলে লিভাৰ ট্ৰেন্সপ্লেন্টৰ দৰকাৰ হয়‌।
যকৃতৰ ৰোগ হলে মানুহ এজনৰ এনেই ভোক নলগা হয়, তাতে কেৱল সিদ্ধ, হালধি নিদিয়া গেলা ভাত খাবলৈ দিলে ভোক সম্পূৰ্ণ নোহোৱা হব।

শৰীৰ হালধীয়া নহলে ভোক নলগা মানেই যকৃতৰ বেমাৰ নুবুজায়। আৰু যকৃত ভাল কৰা কোনো টনিক নেথাকে।
সৰ্বশেষত জণ্ডিছ মনেই হালধীয়া, গতিকে বগা জণ্ডিছ নামৰ কোনো বেমাৰ নেথাকে।
জণ্ডিছ হোৱাৰ কাৰণ বোৰ হল- 
১) যকৃতৰ অসুখ – সংক্ৰমণ ৰোগ, জন্মগত , কৰ্কট ৰোগ বা আন পুৰণি যকৃতৰ অসুখ।
২) তেজৰ ৰক্ত কণিকাৰ সাধাৰণতকৈ বেছিকৈ ধ্বংস হোৱা – নাৱজাত শিশু, থেলাছেমিয়া ৰোগ, শৰীৰত বিশেষ উৎসেচকৰ অভাৱ
৩) বিলিৰুবিন শৰীৰৰ পৰা ওলাই যোৱা পথত বাধা যেনে পিত্তকোষৰ ৰোগ আদি
গতিকে যকৃৎ শুদ্ধি কৰা ঔষধ নেথাকিলেও এই সমস্যা সমূহ দুৰ কৰি জণ্ডিচৰ উপশম ঘটাব পাৰি। ফুলৰ মালাই জণ্ডিচৰ এই কাৰণ বোৰৰ কোন স্তৰত বিঘিনি ঘটাব?
বিশেষ বনৌষধিয়ে হয়তো যকৃতৰ চিকিৎসা কৰিব পাৰে, কাৰণ আধুনিক চিকিৎসাৰ বহু ঔষধ কোনো বিশেষ বনৌষধিৰ পৰাই তৈয়াৰ কৰা। কিন্তু এইবোৰ বৈজ্ঞানিক ভাৱে প্ৰমাণিত হব লাগিব, আৰু ইয়াৰ প্রয়োগ কৰা সকলৰ চিকিৎসা বিজ্ঞানৰ ওপৰত জ্ঞান থাকিব লাগিব। কিন্তু বৰ্তমান যিকোনো কৱিৰাজে বিভিন্ন বনৌষধি কোনো প্ৰমাণ নোহোৱাকৈ ব্যৱহাৰ কৰি আছে। তেওঁলোকৰ আধুনিক চিকিৎসা বিজ্ঞানৰ ওপৰত কোনো জ্ঞান নাই। ফলস্বৰূপে বহু ক্ষেত্ৰত এই ঔষধ বোৰ সেৱন কৰি যকৃৎ সম্পূৰ্ণ অকামিলা হৈ যোৱা দেখা যায়।
নাৱজাত শিশুৰ জণ্ডিছ বাকি বয়সত দেখা জণ্ডিছত কৈ সম্পূৰ্ণ বেলেগ। এই বিষয়ে প্ৰসংগান্তৰত আলোচনা কৰা হ’ব‌।
চিকিৎসাৰ পদ্ধতি ভিন্ন হলেও চিকিৎসা বিদ্যাৰ মৌলিক জ্ঞান যেনে শৰীৰতত্ত্ব আৰু ব্যাধিবিজ্ঞান বেলেগ হব পাৰে জানো?

Leave a Reply

Your email address will not be published. Required fields are marked *