বিশ্বাস-অবিশ্বাস

জৰা – ফু উ… উ… ক্কা (মনোজ কুমাৰ মহন্ত)

জীৱনত দুই -তিনিবাৰ মান জৰা -ফুকা  কাৰবাটোৰ লগত মূখা -মূখী হৈছিলোঁ৷ যাৰ বাবে জঁৰা -ফুকাৰ ‘স্ব -মহিমা’ৰ লগত বাৰুকৈয়ে পৰিচয় পাইছিলোঁ।

(ক) সৰুতে মোক অতিকৈ বেচি অত্যাচাৰ কৰা ৰোগ বিধ আছিল দাঁতৰ বিষ। মনত আছে এই ৰোগে ১৪ -১৫ বছৰ মান বয়সলৈ  মোক জ্বলা -কলা খুৱাইছিল। ৪ -৫ মানবছৰ  বয়সত মোৰ ‘দাঁতৰ পোকে খোৱা ৰোগ’ ৰ উপদ্ৰৱত কেতিয়াবা আধা ৰাতিলৈকে দেদাউৰি পৰা চিঞৰত নিজৰ ঘৰতো বাদেই ওচৰৰ কোৱাৰ্টাৰৰ আৱাসীয়েও টোপনি খতি কৰিব বাধ্য হৈছিল। ডাক্তৰে দাঁত উঠাব লাগিব বুলি পৰামৰ্শ দিছিল  যদিও কিবা অসুবিধা বশতঃ হৈ উঠা নাছিল। তেনে এক দাঁতৰ বিষৰ সন্ত্ৰাসৰ দিনত আমাৰ ঘৰলৈ ফুৰিবলৈ আহিল ‘জেঠু-ককা’। আমাৰ ককাৰ খাচ মিতা আৰু  সমন্ধত মাৰ জেঠু| গতিকে আমাৰ বাবে আছিল ‘জেঠু -ককা’। যিয়েই নহওঁক জেঠু ককাই মৰমৰ নাতিনিয়েকৰ এনে দুৰ্দৰ্শা দেখি, লগত আটোমটোকাৰিকৈ লৈ ফুৰা সৰু কাঠৰ বাকচৰ পৰা সৰু সৰু বগা গুটি চাৰিটামান খাবলৈ দিলে আৰু বগা কাগজৰ  সৰু পুৰিয়া কিছু বনাই তাৰে এটা খুলি পাউদাৰ অলপ মোৰ মূখত  ঢালি দি বাকীবোৰ মাৰ হাতত চমজাই দিলে, কিবা কিবি কৈ। গোটেই কাৰবাৰটো মই কৌতুহলৰে লক্ষ্য কৰি আছিলোঁ আৰু সেই সৰু কাঠৰ বাকচটোত সজাই থোৱা ঠাক ঠাক সৰু বটলবোৰৰ প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰিছিলোঁ। পিছত গ’ম পাইছিলোঁ সেয়া ‘জেঠু ককা’ ৰ হোমিওপেথিক দৰবৰ বিখ্যাত ম’বাইল ভাণ্ডাৰ। ককাই য’লৈকে গৈছিল লগত লৈ গৈছিল আৰু বিনামুলীয়া ঔষধ দি আনন্দ পাইছিল। যি নহওঁক তাৰ পাছৰ দুদিন মানলৈ দাঁতৰ বিষৰ উপসম হলেওঁ পুণৰ আগৰ দৰেই বিষ হবলৈ ধৰিলে। এইবাৰ জেঠু কাকাৰ ড’বল ড’জে ও কাম দিয়া নাই। ক্ৰমে বিষ বাঢ়িহে গৈছে। ইফালে দাঁত সৰাবলৈ  গুৱাহাটীলৈ আহিবলৈ বোলে দেউতাই ছুটি পোৱা নাই। এইবোৰ কথা পিছত মাৰ পৰা গ’ম পাইছিলোঁ। এদিন হঠাত দেখিলো ককা আৰু মাৰ এক যুদ্ধকালীন প্ৰস্তুতি চলিছে, থিক দেউতা অফিচ যোৱাৰ পিছতে। পিচফালৰ বাৰাণ্ডাত এটা চৰিয়াত পানী অলপ লৈ চৰিয়াৰ দুইফালে দুখন পীৰা পৰা হৈছে। কাষতে এখন কলাপাতত দুডাল বাঁহৰ কাঠী, লগত তামোল -পাণ সহ চকচকীয়া দুটকীয়া নোট এখন। আৰু কাষতে মায়ে জ্বলাই দিলে এটা মিঠাতেলৰ মাটিৰ চাকি। দুৱাৰ মুখত ৰৈ চুচুক চামাক কৈ আয়োজনটো চাই থাকোতেই ‘জেঠু ককা’আহি এপাকত পীৰা এখনত বহি ল’লে আৰু মোলৈ কেৰাহীকৈ চাই ওচৰলৈ মাতি ক’লে ‘আহ বাবা, আটাইকেইটা পোক মাৰি দিওঁ’। ককাৰ আহ্বানত একে উশাহে তেওঁৰ ওচৰ পালোগৈ| সন্মুখৰ পীৰা খনত মোক আথে বেথে বহাই লৈ মুখখন মেলিব দিলে আৰু কালপ্ৰিট দাঁতটোত ধৰি লৰাই চালে। সুপ্ত হৈ থকা বিষটো হঠাতে সাৰ পাই উঠি চিৰিংকৈ দাঁতৰ পৰা মুৰলৈকে উজাই গ’ল এবাৰ। লগে লগে মোৰ মূখৰে ঠেনঠেননি আৰম্ভ হৈ গ’ল।

‘ৰহ ৰহ… অলপ ধৈৰ্য ধৰ, আজি এটাইকেইটা পোকক বধিহে এৰিছোঁ বাপেক্কে! ’বুলি কৈ ককাই মোক চৰিয়াটোৰ ওপৰত মুখখন মেলি ধৰি থাকিব দি, মাক কিবা নিৰ্দ্দেশ দিলে। তেতিয়াহে লক্ষ্য কৰিলোঁ বাঁহৰ কাঠি দুদালৰ আগত অলপ বগা কাপোৰ মেৰাই থোৱা আছে  আৰু তাৰ ওপৰত মিঠাতেল সনা হৈছে। কলপাত খনৰ ওচৰত তিনিটা হালধীয়া বৰণৰ  ঘুৰণীয়া গছৰ গুটি। এইবাৰ ককাই মায়ে যতনাই দিয়া কটাৰি খনৰ জোঙা আগটোৰে গুটি এটাত আঁক মাৰি লৈ মুখৰে ফুৱাই বিৰবিৰাই উঠিল আৰু  ক’ৰবাৰ পৰা জোঙ থকা শলা এডাল উলিয়াই, গুটিটো খুচ মাৰি ল’লে। তাৰপাছত আনটো হাতৰে কাপোৰ মেৰুৱা বাঁহৰ কাঠিডাল চাকিটোত জ্বলাই লৈ মোৰ মেলি থকা মুখৰ ওচৰলৈ আনি, গুটি লগোৱা শলাডাল ঠিক তাৰ ওপৰত ধৰি বিৰ বিৰাব ধৰিলে।অলপ পাছতে জ্বলন্ত বাঁহৰ কাঠিৰ পৰা নিৰ্গত প্ৰচণ্ড উত্তাপত মোৰ চকু জাপখাই গ’ল আৰু  গাল দুখনত অসহ্য পোৰণি উঠি আহিল। মুখৰে চেপা আৰ্তনাদ এটা ওলাই আহিল। মায়ে লগে লগে আহি মোৰ মুৰৰ ওপৰত হাত ফুৰাই, মুৰটো থিৰৰে ধৰি থাকিল। অলপ পাছত ‘সেয়া দুটা সঁৰিলেই  -চা ’ মাক উদ্দেশ্যি কোৱা শুণিলোঁ। মায়েও আচৰিত হৈ হয়ভৰ দিছে। টপ্ টপ্ কৈ  চৰিয়াৰ পানীত দোৰ লেলাউটি বৈ পৰা শুনি অছোঁ অলপ পিচতে ককাই দীঘল দীঘলকৈ তিনিটামান ফু মাৰিলেে৷

“এবাৰলৈ হৈছে আৰু দে ” -বুলি কৈ জঁৰা -ফুকা সামৰিলে। মই চকু মেলিলোঁ। দুইগালত তেতিয়া প্ৰচণ্ড ফৰফৰণি। ইতিমধ্যে ককাই পোৰা বাঁহৰ কাঠি ডাল কলপাতত থৈ, সন্তুষ্টিৰ হাঁহি মাৰি চৰিয়ালৈ আঙুলীয়াই ওপঙি থকা তিনিটামান সৰু  বগা ৰঙৰ পোক দেখুৱাই দিলে| মই বিস্ময়ৰে লক্ষ্য কৰিলোঁ অৰ্ধ দগ্ধ পোককেইটা কৃমি পেলুতকৈ কিছু ছুটি কিন্তু নোদোকা! কাৰণ তেতিয়ালৈকে তুলনা কৰিবলৈ  কেৱল মাত্ৰ কৃমিৰ লগতেহে মোৰ চিনাকী হৈছিল ! যা হওঁক একেবাৰে জাম মাৰি দিওঁ বুলি সেই চিকিৎসা অলপ সময় বিৰতিৰ পিছত  দ্বিতীয়বাৰলৈ প্ৰয়োগ কৰা হ’ল৷ সেইবাৰ আৰু দুটা পোক সৰিল৷ ইতিমধ্যে মুখৰ সন্মুখভাগ জুইৰ তাপে বৰকৈ দহি পেলাইছিল যদিওঁ দাঁতৰ বিষ নোহোৱা হৈ পৰিল৷ দাঁতৰ বিষৰ সলনি কেইদিনমানলৈ জুই তাপৰ ফৰফৰনিহে থাকিল। তাৰ ১৫দিন মানৰ পাছতে কালপ্ৰিট দাঁতটো মাই গুৱাহাটীলৈ লৈ গৈ সৰুৱাই দিয়ালে৷ কিন্তু দাঁতৰ পোক নিধন পৰ্বটো মোৰ মনত সাঁচ বহি ৰ’ল লগতে অচিনাকী সেই ঘুৰণীয়া, মজলীয়া হালধীয়া বৰণৰ গাত ফুট ফুট থকা গছৰ গুটি কেইটা৷

উৰহী গছৰ উৰ ওলাল তাৰ বহু বছৰ পাছত। এদিন কলঙৰ বাকৰিত টিঘিলঘিলাই ঘুৰি থাকোতে হঠাৎ এজোপা কাইটীয়া জোপোহা দেখি থৰ লাগি ৰ’লোঁ। গছজোপাৰ গা -গছত  য’তে ত’তে ওলমি আছে হালধীয়া বৰণৰ সেই গুটিটো। পলকতে গুটিটো হাতৰ মুঠিত সোমাই পৰিল৷ দাঁতৰ বিষৰ মহৌষধ হাতৰ মুঠিত পাই মনটো নাচি উঠিল৷ কিন্তু লাহেকৈ চেপা দিওঁতেই পকি থকা গুটিটোৰ সৰু, ক’লা ৰঙৰ ফুটা এটাৰ পৰা অলপ ৰঙচুৱা ৰসৰ লগতে ওলাই আহিল জীৱন্ত এটা পোক!!! সৰুতেই দেখা দাঁতৰ নোদোকা বগা পোকটো। গুটিটোৰ ভিতৰত।

(খ) তাৰপাছতো দাঁতৰ বিষে মোক লগ নেৰিলে। দাঁতৰ বিষত যি কোনোদিনে ভোগা নাই, তেওঁ কোনোদিনে নুবুজিব এই যন্ত্ৰণা কি মাৰাত্মক ! তেতিয়া মই ক্লাছ নাইনত। গৰম বন্ধত কেইবাদিনো থকাকৈ মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। ধৰিলে আকৌ তাতে গুৰি দাঁতৰ বিষে। ফুৰিবলৈ যোৱা আনন্দ নিৰানন্দলৈ সলনি হ’ল। ব্ৰুফেন জাতীয় টেবলেটে দুদিনলৈ দমাইহে ৰাখে। তাৰপিছতে  আকৌ হথাতে জ্বৰে -বিষে উঠে। উপায় নাপাই মামাই মোকলৈ গ’ল সেই সময়ৰ বিখ্যাত ডেন্টিচ এজনৰ ওচৰলৈ। চাই মেলি ক’লে দাঁতটো উঠোৱাৰ বাদে অন্য ৰাস্তা নাই। আৰু বিষ কমিলেহে দাঁতটো উঠোৱা সম্ভৱ হ’ব।সেয়ে দুই সপ্তাহৰ বাবে ঔষধ অলপ লৈ উভতি গ’লোঁ। ঘৰ আহি পোৱাত আইতাই ক’লে কাইলৈ পূৱাই সোনকালে উঠিব লাগিব। কাৰণটো জানিব বিচৰাত আইতাই ক’লে যে ৰাতিপূৱাই সৰু মামাই চাইকেলত মোক সিপাৰৰ  ক’লী বুঢ়ীৰ ঘৰলৈ বাহি মুখত লৈ যাব। তাত মোৰ দাঁত জৰাই পোক সৰুৱাই আনিব। মই থেৰোগেৰো কৰাত আইতাই ধমকি দি ৰাতিপূৱা মুখ নোধুবলৈ সঁকীয়াই নিজৰ কামত মন দিলে।

পুৱাই সৰু মামাৰ চাইকেলৰ আগফালে উঠি  কলি বুঢ়ীৰ চোতাল পালোঁগৈ৷ চোতালত আৰু দুজনমান লোক আছিল যদিওঁ মামাহঁতৰ চিনাকী কাৰণেই চাগৈ গৈ পোৱাৰ লগে লগে আমাক ওচৰলৈ মাতিলে। সৰু দুচলীয়া কেঁচা ঘৰটোৰ বাৰাণ্ডাত মূঢ়া এটাত এগৰাকী ধক ধককৈ বগা, চাপৰ আইতাহঁতৰ সমবয়সৰ তিৰোতাই মাটিত লেপেটা কাঢ়ি বহি থকা লোক এজনক সৰু টোপোলা এটা ধৰাই দি কিবা বুজাই আছিল৷ বাৰাণ্ডাত পাৰি থোৱা সৰু কঠ এখনত মোক বহিবলৈ দি মানুহ গৰাকী বাহিৰলৈ উঠি গ’ল। অলপ সময়ৰ পিছত এখন  কলাপাতত অলপ দূবৰী বন আৰু ঢেঁকীয়া শাকৰ দৰে পাত কিছু লৈ মোৰ সন্মুখৰ পীৰাখনত বহিলেহি। মামাই  তামোল -পাণ সহ অৰিহণা আগবঢ়াই দিলে।

-“বাপু, বাহীমুখে আহিছ নহয়?  চাওঁ কোনটো দাঁতৰ বিষ? ”

মই মুৰটো দুপিয়াই, মুখখণ মেলি দেখুৱাই দিলোঁ মোৰ বিষাক্ত দাঁতটো!!

-‘বৰ বিষ নহয়নে?? আজিৰ পৰা বিষ পলাই ফাট মেলিব,…চাওঁ এনেকৈ অলপ তলমূৱা কৰি  মুখখন মেলি ধৰ’

বুঢ়ীয়ে এখন হাতৰে কলপাত খন থিক মুখৰ তলত ধৰি ল’লে। আৰু আনখন হাতত ঢেকীয়া পাতবোৰ লৈ মুখ আৰু কলপাতবোৰৰ ওপৰত বাঁ দি মন্ত্ৰ মাতিব ধৰিলে। মাজে মাজে মোৰ নাকে -মূখে পৰাকৈ দীঘল দীঘল ফু। এটা উৎকট গোন্ধত মোৰ পেটৰ সমস্ত বাহিৰ হৈ অহাৰ উপক্ৰম হ’ল। সম্ভৱ কলী বুঢ়ীয়েও বাহি মুখেৰেই মোৰ চিকিৎসাত ধৰিছে ! মুখৰ গোন্ধৰ উপদ্ৰৱে  দাঁতৰ যন্ত্ৰনাক তল পেলালে। যিমান পৰোঁ উশাহ নটনাকৈ থাকিবলৈ যত্ন কৰিলোঁ । এটা সময়ত জঁৰা ফুকা শেষ হ’ল। কলী বুঢ়ীৰ মাততহে চকু মেলিলোঁ।

-“বাপু চা…এইকেইটা, এইকেইটাই তোৰ সৰ্বনাশ কৰি আছিল। আজিৰ পৰা বিষৰ মুক্তি !”

আচৰিত হৈ দেখিলোঁ কলাপাত খনত, বনবোৰৰ মাজত তিনি-চাৰিটা মান বগা বগা পোক। তেতিয়াও জীয়াই আছে। আকাৰত আগৰবাৰৰ কেইটাকৈ অলপ সৰু। মামাৰ লগতে আনকেইজনেও আচৰিত হৈ চাই সন্তোষ্টি প্ৰকাশ কৰিলে। দাঁতৰ বিষ নাইকীয়া হৈ গৈছিল সেই মুহূৰ্তত। পুুুুৱাৰ সেই উৎকট গোন্ধৰ স্মৃৃতি পাহৰি মানুহগৰাাকীৰ  প্ৰতি ভক্তিত গদ গদ হৈ পৰিলোঁঁ। 

তাৰ দুদিনমানৰ পাছৰ কথা৷ তাৰে সত্ৰৰ নামঘৰত ডাঙৰ নাম এভাগ হৈছিল। নিৰ্মালীৰ বাবে ফুল -তুলসী -দুৱৰী সংগ্ৰহ কৰাৰ দ্বায়িত্ব পৰিল মোৰ আৰু ডাঙৰ ল’ৰাৰ। সি মোৰ মাজু মামাৰ বৰ পুত্ৰ। ৰাতিপুৱা ফুল তুলসী দূৱৰী গোটাই আমি দুয়োটাই হাত ভৰি ধুই আছোঁ। বেলিয়ে পূৱাই খাওঁ খাওঁ মুৰ্ত্তি ধৰিছে। লগতে ধুলি বালি লাগি থকা  দূৱৰি বনখিনি পানীত জোবুৰিয়াই দি লাগি থকা পানীখিনি যাবলৈ বতাহতে বনখিনি আচাৰি তামৰ থালখনত থৈ দিলোঁ৷ মুখ হাত ধুই উঠি তামৰ থালখন ল’বলৈ গৈ লক্ষ্য কৰিলো ৰ’দৰ তাপত চিঙি থোৱা দুবৰি বনখিনি তেনেই মৰহি পৰিছে৷ বনখিনি অলপ পৰিপাটি কৰি থবলৈ আঙুলিৰে ল’ৰচৰ কৰি লওঁতেই চকুত পৰিল থালৰ তলিত কেইটামান বগা বগা পোক ল’ৰচৰ কৰি আছে! উৎসুক হৈ দূবৰি বনখিনি জোকাৰি দিওতেই আৰু কেইটামান বগা পোক তললৈ সৰি পৰিল। পোককেইটা সাইলাখ সিদিনা ক’লী বুঢ়ীয়ে মোৰ দাঁত জাৰি বাহিৰ কৰা কেইটাৰ স’তে একে৷ ক’লী বুঢ়ীৰ দাঁতৰ পোকৰ সাথৰটোৰ উত্তৰ মোৰ আৰু ভাৱিবলগীয়া নহ’ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *