এগৰাকী কবিৰ জীৱনী ।। মূল : মাৰ্ক আইনাৰ; অনুবাদ : অৰুণ কুমাৰ শৰ্মা
অষ্টম অধ্যায়
দূৰ সুদূৰত
(Afar)
মই আছোঁ অকলে ধ্বংসস্তুপৰ মাজত, বৰষুণ পৰে মোৰ ওপৰত আৰু অকলশৰীয়া এই সংসাৰত মই হৈ পৰোঁ নিৰ্বোধ বৰষুণৰ দৰে,
মাটিত পৰা মাত্ৰেই পৰিত্যাজ্য,কিন্তু অঁকৰা আৰু ধুঁৱলিকুঁৱলীসনা অস্পষ্ট৷
—“কাহিলীপুৱাৰ চকাছন্দা পোহৰ“
চিলি এৰাৰ বাবে ব্যগ্ৰ হৈ পৰা নেৰুডাক বৰ উৎকণ্ঠিত দেখা গৈছিল, যেতিয়া প্ৰেমিকা দুজনীৰ কোনেও তেওঁৰ লগত যাব বিচৰা নাছিল৷ সন্দেহ নিৰসণৰ নিমিত্তে তেওঁ এলবেৰ্টিনা আৰু লোৰা আৰি, উভয়কে সনিৰ্বন্ধ অনুৰোধ জনাইছিল তেওঁক বিয়া কৰাবলৈ। এইমৰ্মে তেওঁ লোৰাক বুজাইবঢ়াই সৈমান কৰিবলৈ কোলচাগুৱাৰ সাৰুৱা উপত্যকাত অৱস্থিত তাইৰ গৃ্হচহৰলৈকো গৈছিল৷ লোৰাই নেৰুডাক ভাল পাইছিল যদিও, লোৰাৰ মাকদেউতাকে কুৰি বছৰীয়া জীয়েকক পঠিয়াবলৈ নাৰাজ হৈছিল। বিফল মনোৰথ হৈ নেৰুডাই আহিবৰ পৰত তাইৰ হাতত “অসীম মানুহৰ অকুতোভয় উদ্যোগ”খনৰ মূল পাণ্ডলিপিখন দিয়াৰ উপৰিও ফৰাচী ফটোগ্ৰাফাৰ জৰ্জেচ্ চয়েৰাই তোলা তেওঁৰ ফটো এখন হাতত তুলি দি আহিছিল। লোৰাই কোৱামতে সেয়া প্ৰকৃততে উপহাৰ নাছিল; তেওঁৰ সুদীৰ্ঘ অনুপস্থিতিত সেই দুখন যাতে তাইৰ হাতত নিৰাপদে থাকে, তাকে ভাবিহে তাইক দি আহিছিল। অৱশ্যে এই ক্ষেত্ৰত আন এটি দিশো নথকা নহয়। নেৰুডাই ভাবিছিল যে তেওঁৰ অবৰ্তমানত, এই আপুৰুগীয়া সম্পদ দুটাই তেওঁৰ প্ৰতি থকা তাইৰ প্ৰেমৰ বান্ধোনক সুদৃঢ় কৰি ৰাখিব।
এইদৰে লোৰাক পতিয়ন নিয়াবলৈ অশেষ চেষ্টা কৰাৰ পৰত, তেওঁ আনহাতে, এলবেৰ্টিনাকো বাৰে বাৰে চিঠি লিখি তেওঁৰ বিদেশযাত্ৰাৰ সংগী হ’বলৈ কাউবাউ কৰিছিল৷ কেবাবছৰ আগতে, টেমুকোত থকাকালত, এমেলিয়া আৰু টেৰিজাৰ মাকদেউতাকে, দুই পৰিয়ালৰ মাজত বিৰাজ কৰা দুস্তৰ সামাজিক শ্ৰেণীবৈষম্যক অজুহাত হিচাপে লৈ, সিহঁত দুজনীক তেওঁৰ পৰা আঁতৰাই নিয়াৰ দৰে ঘটনাৰ আজিও পুনৰাবৃত্তি ঘটিছিল, অৱশ্যে, এইবেলি নতুনকৈ আন এটি কাৰকে আহি যোগ দিছিল, সেয়া আছিল তেওঁৰ বৰ্তমানৰ বোহেমিয়ান জীৱনযাত্ৰা, যাক এলবেৰ্টিনাৰ মাকদেউতাকে সমূলি পছন্দ কৰা নাছিল। এলবেৰ্টিনাই নেৰুডাক বুজাবলৈ চেষ্টা কৰিছিল যে, তাইৰ মাকদেউতাক বৰ কৰ্তৃত্বপৰায়ণ হ’লেও, তাই তেওঁলোকক ভাল পায় আৰু শ্ৰদ্ধাৰ চকুৰে চায়, সেয়েহে তেওঁলোক অশান্তিত ভোগক সেয়া তাই নিবিচাৰে। চিঠিপত্ৰেৰে কবিৰ স’তে এলবেৰ্টিনাৰ যোগাযোগৰ উমান পাই মাকদেউতাকে সেয়া তাইক বন্ধ কৰিবলৈ সকীয়নি দিছিল। অৱশ্যে, ইয়াত পাছতো তাই সময়মতে নেৰুডাৰ চিঠিৰ উত্তৰ দিব পৰা নাছিল, কাৰণ, লুকাইচুৰকৈ ডাকঘৰলৈ যোৱাৰ ক্ষেত্ৰত তাইৰ আছিল অনেক বাধা। ইপিনে, এইযে চিঠি পোৱাত বিলম্ব, ইয়ে নেৰুডাক বৰকৈ মনোকষ্ট দিছিল৷ এনে বাধ্যবাধকতাৰ মাজত তাই বাৰু কেনেকৈ গ্লোৱটোৰ ওলোটাফালে উত্তৰ গোলাৰ্ধলৈ নেৰুডাৰ লগত পলাই যোৱাৰ কথা চিন্তা কৰিব পাৰে? তাই নেৰুডাক ভাল পায় ঠিকেই, কিন্তু মাকদেউতাকৰো সম্পূৰ্ণ অবাধ্য হ’ব নোখোজে।
নেৰুডাৰ ভয় হৈছিল, লোৰা আৰু এলবেৰ্টিনা অবিহনে ব্ৰহ্মদেশৰ একাকিত্ব জীৱন যে কিমান ভয়ানক নহ’ব! চাকৰিটো হৈছিল যদিও, হাবভাৱ, চালচলন, কৃষ্টি-সংস্কৃতি সকলো দিশৰ পৰা একেবাৰে পৃথক এখন অচিনাকি দেশলৈ অকলে যাবলৈ তেওঁৰ শংকা উপছিল। তেওঁৰ এনে এক দোধোৰমোধোৰ অৱস্থাত, তেওঁৰ খামখেয়ালি স্বভাৱৰ বন্ধু এলভেৰোৱে নেৰুডাক সহায় কৰাৰ বাবে আগুৱাই আহিছিল। তেওঁ নেৰুডাক পৰামৰ্শ দিছিল যে ইতিমধ্যে কাটি থোৱা জাহাজৰ প্ৰথম শ্ৰেণীৰ টিকটটো সলাই যদি দুটা তৃতীয় শ্ৰেণীৰ টিকট কৰিব পৰা যায় তেতিয়া তেওঁৱো তেওঁৰ যাত্ৰাসংগী হ’ব পাৰে৷ বন্ধুৰ এনে সজ আৰু সময়োচিত পৰামৰ্শ সেই মুহূৰ্ততে নেৰুডাই বিনাবাক্যব্যয়ে গ্ৰহণ কৰিছিল আৰু হাঁহিমুখে তেওঁ তেওঁৰ বন্ধুক ৰেংগুনৰ বাণিজ্যদূতৰ কাৰ্যালয়ত নিজাববীয়াকৈ অঘোষিত চেঞ্চেলৰ পদত অধিষ্ঠিত কৰিছিল। শুনাত এই পদবীটো গুৰুত্বপূৰ্ণ যেন লাগিলেও, ই আছিল কাল্পনিক। আচলতে নেৰুডাৰ নিজৰ পদবীটোৱে আছিল চেঞ্চেলৰৰ কোনো বৈশিষ্ট্য নথকা একেবাৰে নিম্নতম পদৰ চাকৰি। ন্যূনতম কাম আৰু দৰমহাৰ এনে চাকৰিৰে এজনেই পেট প্ৰবৰ্তোৱা মস্কিল। যিয়েই নহওঁক, এলভেৰোৰ বন্ধুত্বপূৰ্ণ সহযোগিতাই নেৰুডাক অজানা দেশলৈ অকলে যাবলগীয়া হোৱা মানসিক অশান্তিৰ পৰা সাময়িকভাৱে হ’লেও মুক্তি দিছিল।
ইতিমধ্যে, মন্ত্ৰী মহোদয়ে নিযুক্তিপত্ৰ দিয়াৰ দিনাখনৰ পৰাই, অতদিনে অতীৱ আগ্ৰহেৰে বাট চাই থকা তেওঁৰ বন্ধুবৰ্গই পৰম উৎসাহেৰে এটিৰ পাছত এটি পাৰ্টিৰ আয়োজন কৰি গৈছিল আৰু বিদায় পৰত ই গৈ চৰমতম বিন্দুত উপনীত হৈছিল। “খোৱা-লোৱা, সুৰাপান আৰু নাচ-গানৰ মাজতে,“ ডিয়েগো মুনোজে কোৱামতে,“আমি ব্ৰহ্মদেশ আৰু ৰেংগুনৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিলোঁ, তথ্য সংগ্ৰহ কৰিছিলোঁ তাৰ জলবায়ু আৰু প্ৰাচ্যৰ মনোৰম সাজপাৰ পিন্ধা লোকসকলৰ বিষয়ে। আমি আমাৰ মনৰ মাজতে সেই অজানা দেশখনৰ বিষয়ে মনেসজা অপূৰ্ব চিত্ৰ একোখন আঁকি লৈছিলোঁ আৰু আমি সেই দূৰবৰ্তি দেশখনৰ কথা ভাবি সপোনবিভোৰ হৈছিলোঁ, য’লৈ আমাৰ বন্ধুৱে গতি কৰিব, এক অনিৰ্দিষ্ট কালৰ বাবে’।
সঠিককৈ ক’বলৈ হ’লে, নেৰুডাৰ তেইছ বছৰীয়া জন্মদিনৰ এমাহ আগতে, অৰ্থাৎ ১৯২৭ চনৰ পোন্ধৰ জুন তাৰিখে, তেওঁ আৰু হিনোজোছা এলভেৰোৱে ট্ৰেঞ্চেন্দিনো ট্ৰেইনেৰে আৰ্জেণ্টিনা অভিমুখে ৰাওনা হৈছিল। বুৱেনছ্ এয়াৰছ্ত নেৰুডাই, তেওঁতকৈ পাঁচ বছৰে ডাঙৰ, আৰ্জেণ্টিনাৰ মহান লেখক জৰ্জে লুইচ বৰ্জেছক লগ পাইছিল ৷ যোৱা চাৰি বছৰত তেওঁ দুখন কবিতাপুথি আৰু দুখন নিবন্ধমূলক কিতাপ লিখি বিশেষ প্ৰতিভাৰ পৰিচয় দিছিল। এবছৰ পূৰ্বে তেওঁ আৰু আন এগৰাকী লেখকৰ দ্বাৰা সম্পাদিত এখন সংকলনত “অসীম মানুহৰ অকুতোভয় উদ্যোগ”ৰ এটি খণ্ড অন্তৰ্ভুক্ত কৰি এই লেখকজনে নেৰুডাৰ প্ৰতি ইতিমধ্যে যথোচিত সন্মান প্ৰদৰ্শন কৰিছিল। তেওঁলোক, লগালাগি হ’লত, নেৰুডাই সম্পূৰ্ণ কিতাপখনৰ এটি কপি তেওঁৰ হাতত তুলি দিছিল, যিখনত স্মৃতিৰ চিনস্বৰূপে লেখকগৰাকীক সম্বোধন কৰি এটা শাৰী লিখিছিল: শাৰীটো আছিল, “জৰ্জে লুইচ বৰ্জেছলৈ, বন্ধুবৰ পাবলো নেৰুডাৰ পৰা, বুয়েনছ্ এয়াৰছ্, ১৯২৭”। যদিও ৱাল্ট হুইটমেনৰ প্ৰভাৱ নেৰুডাৰ ওপৰত তেতিয়া নিচেই কম আছিল, তেওঁলোকে হুইটমেনৰ ৰচনাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে স্পেনিছ ভাষাৰ বিষয়েও আলোচনা কৰিছিল। স্পেনিছ ভাষাক কটাক্ষ কৰি বৰ্জেছে কৈছিল, “কোনো প্ৰত্যশা কৰিব নোৱাৰা ই এটা তেনেই সম্ভাৱনাহীন এটি খিচিৰী ভাষা”। দীঘলীয়া শব্দবোৰেৰে উচ্চাৰিত এই ভাষাৰ ধ্বনিৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে, ইংৰাজীৰ তুলনাত এই ভাষাত কবিতা লিখা বৰ কষ্টসাধ্য। হাঁহি হাঁহি তেওঁলোকে এই কথাতো হয়ভৰ দিছিল যে, পলমকৈ হঠাৎ ইংৰাজীতো লিখিবলৈ চেষ্টা নকৰাই উত্তম। “তাতকৈ আমাৰ নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰাটোৱে যুগুত’ কেবাবছৰ পাছত, উক্ত কথোপকথনক সুঁৱৰি বৰ্জেছে কৈছিল৷
তেওঁলোকৰ কথাবতৰাবোৰ অন্তৰংগ হোৱাৰ বিপৰীতে কুটিলতাপূৰ্ণ আছিল; সেয়েহে, তেওঁলোকৰ মাজত কোনোদিনে ভ্ৰাতৃপ্ৰতীম সম্পৰ্ক গঢ়ি উঠা নাছিল। বাস্তৱিকতে, দুয়োৰে ৰাজনৈতিক দৃষ্টিভংগীৰ ভিন্নতা হেতুকে তেওঁলোক ইজনে সিজনৰ কাষ চাপিব পৰা নাছিল, আৰু দূৰত্ব বজায় ৰাখি চলিছিল। তাতে দুয়োগৰাকীয়ে কুৰি শতিকাৰ দক্ষিণ আমেৰিকাৰ মূধাফুটা লেখক হোৱাৰ পৰিপ্ৰেক্ষিতত, অহমিকাৰো এই ক্ষেত্ৰত উল্লেখযোগ্য অৱদান নাছিল বুলি ক’লে ভুল কৰা হ’ব৷ এই ঘটনাৰ দুবছৰ পাছত, উক্ত সাক্ষাৎকাৰৰ কথা সুঁৱৰি নেৰুডাই আৰ্জেণ্টিনাৰ বন্ধু এজনলৈ লিখিছিল, “সিদিনা বৰ্জেছক সঁচাকৈয়ে, এলান্ধুকলীয়া লাইব্ৰেৰী এটাৰ পৰা ওলাই অহা ভূত যেন লাগিছিল….তেওঁ সংস্কৃতি আৰু সমাজ সম্পৰ্কে নিজকে ব্যতিব্যস্ত ৰাখিছিল, যিবোৰে মোক মুঠেও আকৰ্ষণ কৰা নাছিল, যিহেতু সেইবোৰ মানৱীয় দিশ বহিৰ্ভূত বিষয় আছিল। মই মোৰ অনিবাৰ্য একাকিত্বক সান্তনা দিব পৰাকৈ, তেতিয়া উত্তম সুৰা, প্ৰেম, যন্ত্ৰণা আৰু কিতাপকে সাৰথি কৰিব বিচাৰিছিলোঁ…..বাস্তৱক বিচাৰ কৰাৰ বেলিকা সংস্কৃতিৰ ভূমিকা সম্পৰ্কে মোৰ মনত আনকি এক প্ৰকাৰৰ অৱহেলা আছিল….মোৰ জগতখনত মই সদায় কল্পনাৰ প্ৰাচুৰ্যতকৈ, বেছি পৰিমাণে শৰীৰি সত্বা, বেলিৰ কিৰণ আৰু ঘামৰ নিৰ্য্যাসকহে প্ৰাধান্য দিছিলোঁ’।’
১৯৭৫ চনত এটা সাক্ষাতকাৰত বৰ্জেছে কৈছিল, “নেৰুডাই, কিযে নিৰ্বোধৰ দৰে সেই ভাবপ্ৰবণ কবিতাসোপা লিখিছিল….কমিউনিষ্ট হোৱাৰ পাছতহে তেওঁৰ কবিতাবোৰ বৰ শক্তিশালী হৈছিল, মই কমিউনিষ্ট নেৰুডাক ভাল পাওঁ”। হয়, তেওঁ কমিউনিষ্ট কবি নেৰুডাক ভাল পাব পাৰে ঠিকেই, কিন্তু তেওঁ নিশ্চয়কৈ কমিউনিষ্ট ভাবাদৰ্শৰ নেৰুডাক ভাল পোৱা নাছিল৷ তেওঁলোক দুয়ো পুনৰাই লগ নোহোৱাৰ অন্যতম কাৰণ আছিল বর্জেছৰ ৰক্ষণশীলতা আৰু নেৰুডাৰ সাম্যবাদৰ মাজত কোনোদিনে ৰাহিযোৰা নহা সম্পৰ্ক।
তেওঁলোক দুয়ো যে ইজনে সিজনক এৰাই চলিছিল তাৰ অলেখ প্ৰমাণ নথকা নহয়। এবাৰ বৰ্জেছে চিলিলৈ অহাৰ সময়ত নেৰুডাই অৱসৰ বিনোদনৰ অজুহাতত চিলিৰ পৰা আঁতৰি আছিল।
ঘটনাই এনে মোৰ লৈছিল যে, এই বিষয়ত তেওঁ সাংবাদিকৰ প্ৰশ্নৰো সম্মুখীন হ’বলগীয়াত পৰিছিল৷ ‘পেৰিছ ৰিভিউ’ৱে তোলা এনে প্ৰশ্নৰ উত্তৰ তেওঁ ১৯৭০ চনত দিছিল এইদৰে : “ ইয়াৰ শান্তিপূৰ্ণ সমাধান নথকা নহয়। সেই বুলি মোৰ সম্মুখত থকা লেখকজন মোৰ শত্ৰু নহয় —সাম্ৰাজ্যবাদহে মোৰ প্ৰধান শত্ৰু, সেইদৰে পুঁজিবাদীসকল মোৰ শত্ৰু, যিসকলে ভিয়েটনামক অহৰহ নাপাম বোমাৰে আঘাত কৰি আছে৷ বৰ্জেছ মোৰ শত্ৰু নহয়…..সমসাময়িক বিশ্বত কি ঘটিছে তাক তেওঁ বুজি নাপায়; আনহাতে তেওঁৱো ভাবে যে মই একো বুজি নাপাওঁ। গতিকে, আমাৰ বুজাপৰা সিমানেই”।
*
যথাসময়ত, নেৰুডা আৰু হিনোজোছাই বেডেন্ নামৰ জাহাজত উঠিছিল, যিখনে তেওঁলোকক ৰিও দা জেনেৰিও হৈ পৰ্তুগালৰ লিছবনলৈ লৈ যাব। “এই জাৰ্মান জাহাজখনত প্ৰথম কিম্বা পঞ্চম বুলিয়েই কওক, এটাই শ্ৰেণী।’’ নেৰুডাই এই বিষয়ে স্মৃতিপটৰ পৰা পাছত কৈছিল। যাত্ৰীসকলক দুটা প্ৰধান ভাগত ভাগ কৰা হৈছিল যেন অনুমান হৈছিল : পৰ্তুগীজ আৰু স্পেনিছ অভিবাসীসকলক, পোন প্ৰথমে, আহাৰ যোগান ধৰা হৈছিল ; আৰু ইয়াৰ পাছতহে, বিশেষকৈ দক্ষিণ মেৰুৰ খনি আৰু কাৰখানাৰ পৰা ছুটিত ঘৰলৈ ওভতা উচ্চপদস্থ চাকৰিয়ালসকলক, যিসকলৰ বেছিভাগেই আছিল জাৰ্মানীৰ— তেওঁলোকক খাদ্য পৰিবেশন কৰা হৈছিল।
লিছবনত উপস্থিত হোৱাৰ দুঘণ্টা আগতে, অৰ্থাৎ ১৯২৭ চনৰ বাৰ জুলাই তাৰিখে, সিদিনাযে তেওঁৰ তেইছ বছৰীয়া জন্মদিন, তাৰ কোনো উল্লেখ নকৰাকৈয়ে নেৰুডাই ভনীয়েক লোৰালৈ চিঠি লিখি তেওঁযে পৰ্তুগাল, স্পেইন, আৰু ফ্ৰাঞ্চ হৈ যাব, তাৰ বিস্তৃত ভ্ৰমণসূচী অৱগত কৰিছিল। তেওঁ লগতে লিখিছিল যে, তেওঁৰ প্ৰজন্মৰ বহুতেই যদিও দীৰ্ঘদিনীয়াকৈ পেৰিছত থাকিবলৈ লৈছে, তেওঁ কিন্তু মাত্ৰ এসপ্তাহতকৈও কম সময়হে তাত থাকি ব্ৰহ্মদেশলৈ গতি কৰিব। উক্ত চিঠিখনত তেওঁ চ্যেন নদীৰ বাঁওপাৰৰ বৰ্ণাঢ্য অভিজ্ঞতাৰ কথা বিবৰাতকৈ তেওঁৰ দুশ্চিন্তাৰ বিষয়বোৰহে অধিক প্ৰাধান্য দি লিখিছিল এইদৰে : “ আচলতে জাহাজৰ সহযাত্ৰীসকলৰ মুখত তাৰ জীৱনযাত্ৰা যে অতি খৰচী,সেই কথা শুনিহে মই ভয় খাইছোঁ, তাত বোলে আটাইতকৈ সস্তীয়া ঘৰৰ ভাড়া মাহেকত ষোল্লশ ডলাৰ। ইপিনে মোৰ হাতত আছে তেনেই সামান্য ধন। তদুপৰি শুনিছোঁ, প্লেগ, পালাজ্বৰ, আদিৰ দৰে অন্যান্য বেমাৰৰ সংক্ৰমণৰ আশংকা হেনো তাত বেছি ৷ কিন্ত আমাৰযে গত্যন্তৰ নাই৷ এই ক্ষণত, কাষত আল ধৰিবলৈ কোনো নাই বুলি ভাবি, জীৱন আৰু জীৱনসংগ্ৰামক আগুৱাই নিয়াৰ বাহিৰে আৰুনো কি উপায় আছে অ’ ভনীটি”।’
লিছবনত নিচেই কেইটিমান দিন থকাৰ পাছত তেওঁলোকে ষোল্ল জুলাইৰ দিনাখন মাদ্ৰিদত উপস্থিত হৈ তাত তিনিদিন কটোৱাৰ সুযোগ পাইছিল। যি দেশৰ ভূমিৰ পৰা তেওঁৰ মাতৃভাষাৰ উৎপত্তি, সেই দেশত কবি হিচাবে চিনাকি দিব পাৰি তেওঁ ধন্য হৈছিল যদিও তাত অৰ্জা প্ৰথম অভিজ্ঞতা সুখপ্ৰদ নাছিল৷ মুষ্টিমেয় যি কেইগৰাকী প্ৰখ্যাত লোকক তেওঁ নগৰীত লগ পাইছিল, তাৰে এগৰাকী আছিল, সমালোচক আৰু কবি হিচাবে খ্যাত গিলেৰমো দা টোৰি৷ তেওঁ আছিল বর্জেছৰ খুলশালীয়েক৷ তেতিয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰত ইউৰোপ আৰু লেটিন আমেৰিকাত, গতানুগতিক ধাৰাৰ বিপৰীতে নতুন আধুনিক ধাৰা প্ৰবৰ্তনৰ যি পৰীক্ষাভিত্তিক আন্দোলন চলি আছিল, মাদ্ৰিদত তেওঁ আছিল তাৰ পৃষ্ঠপোষক। আগতে উনুকিয়াই থোৱামতে নেৰুডাৰৰ প্ৰথম মাদ্ৰিদ যাত্ৰা সুখকৰ নোহোৱাৰ কাৰণ হিচাবে তেওঁ এইদৰে কৈছিল : প্ৰথম বাৰৰ বাবে ১৯২৭ চনত মই গিলেৰমোক মাদ্ৰিদত লগ পোৱাত, তেওঁক মই মোৰ ‘মৰতৰ আবাস’ৰ প্ৰথম খণ্ডৰ
মূল পাণ্ডুলিপিটো দেখুৱাইছিলোঁ। কবিতাকেইটা পঢ়ি উঠি তেওঁ কৈছিল যে, বন্ধুত্বৰ খাতিৰত মুকলিমূৰীয়াকৈ ক’বলৈ হ’লে, “ইয়াত মই একোকে নেদেখিলোঁ আৰু নুবুজিলোঁ আৰু নাজানিলোঁ যে সেইবোৰৰ জৰিয়তে তুমি কি ক’ব বিচাৰিছা” ৷ মোৰ ভাব আছিল, মাদ্ৰিদত আৰু কিছুদিন থাকি যোৱাৰ। কিন্তু এই ব্যক্তিগৰাকীৰ চব বুজি পোৱাধৰণৰ নাচোৰবান্দা মনোবৃত্তিয়ে মোক ক্ষুণ্ণ কৰিছিল আৰু ইয়াক মই এক অশুভ ইংগিত বুলি ভাবি ফ্ৰাঞ্চ অভিমুখে ৰাওনা হৈছিলোঁ…….মই তেইছ বছৰত ভৰি দিছিলোঁ মাত্ৰ আৰু স্বাভাৱিকতে তেতিয়া মোৰ মনত প্ৰশ্ন উদয় হৈছিল যে, সাহিত্যৰ অন্তিম সম্পৰীক্ষা চলি থকা স্পেইন মোৰ বাবে উপযুক্ত নহয়।
সেই সময়ত এচাম সাহিত্যিকে প্ৰবৰ্তন কৰিব বিচৰা নতুন ধাৰাই, বাস্তৱক দাঙি ধৰাৰ চিৰাচৰিত পদ্ধতিক পোনচাটেই “অশুদ্ধ’’বুলি অস্বীকাৰ কৰি “নতুনত্ব’’ আৰু “আধুনিকতাৰ’’ নামত ‘যান্ত্ৰিকতা’ক বিজ্ঞানসন্মত বুলি মহিমান্বিত কৰিছিল। আনকি, সেই শৈলীয়ে পুৰণি ধাৰাৰ মাজত প্ৰকাশিত আত্মীয়তা, সৰ্বজনগ্ৰাহ্যতা আৰু মানৱীয় উপাদানখিনিকো নাকচ কৰিছিল ৷ কিন্তু নেৰুডাৰ চিন্তা এনে নাছিল ৷ প্ৰকৃততে, সাত বছৰ পাছত, তেওঁ স্পেইনলৈ উভতি আহি তেওঁৰ কবিতাক “অপৰিশুদ্ধ’’ বুলি কোৱা, গিলেৰমো সমন্বিতে আধুনিকতাৰ নামত নতুন শৈলীৰ উদ্ভাৱকসকলৰ বিৰুদ্ধে এটি বিখ্যাত নিবন্ধ লিখিছিল।
পিছে, ইয়াৰ প্ৰত্যুত্তৰত বন্ধুত্বপূৰ্ণ আৰু মুকলি চিঠি এখন লিখি গিলেৰমোৱে নেৰুডাক লগ পোৱা ঘটনাটো নিজৰ ধৰণে লিখি কৈছিল যে, তেওঁলোকে কেফেত পুৱতি নিশালৈকে কথা পতাটো সঁচা, কিন্তু “মৰতৰ আবাস’’ নামৰ পুথিখনৰ প্ৰথম খণ্ডৰ কোনো কবিতা পঢ়া তেওঁৰ মনত নপৰে। এইদৰে তেওঁ মূল কথাৰ পৰা আঁতৰি পৰিছিল।
যিয়েই নহওক, নেৰুডা আৰু হিনোজোছাই স্পেইনত উপস্থিত হোৱাৰ চাৰিদিন পাছত, নেৰুডাৰ সপোনৰ নগৰী পেৰিছ পাইছিল। দুশ মিটাৰ এলেকাজুৰি, দুটা চ’ক আৰু এটি ষ্ট্ৰীটৰ দুইপাৰে যেন জিলিকি আছে সমগ্ৰ পেৰিছ, সমগ্ৰ ফ্ৰাঞ্চ আৰু সমগ্ৰ ইউৰোপ। ইয়াতেই আছে মঁপাৰনাছ, লা ওটোন্দে, লা ড’মে, লা কুপ’লে সমন্বিতে আন তিনি নে চাৰিখন কেফে। জীৱনত প্ৰথম বাৰৰ বাবে, চকু চমকোৱা এই ঠাইখিনিয়ে তেওঁক বৰ অভিভূত কৰিছিল। এই, “আলোক নগৰী’’তে তেওঁৰ সাক্ষাৎ হৈছিল লেটিন আমেৰিকাৰ লেখতল’বলগীয়া এগৰাকী প্ৰতিভাসম্পন্ন কবিৰ সৈতে, যাৰ বৰ্ণনা নেৰুডাই দিছিল এইদৰে: “বনৰীয়া জন্তুৰ খহটা চামৰাৰ দৰে কৰ্কশ আছিল পেৰুৰ বিখ্যাত কবি চিজাৰ ভেলেজোৰ কবিতা, কিন্তু সেইবোৰ আছিল অনন্যসুন্দৰ আৰু অতিমানৱিক শক্তিৰে মহীয়ান। লা ওটোন্দে কেফেত, দৈবাৎ সূত্ৰপাত হোৱা এটি সৰু তৰ্কবিতৰ্কৰ মাজেদিয়েই আমাৰ পৰিচয় হৈছিল। পেৰুৰ মনোমোহা কথনভংগীৰে তেওঁ মোক অভিবাদন জনাবলৈ গৈ কৈছিল, “তুমি আমাৰ কবিসকলৰ ভিতৰত সৰ্বোত্তম৷ তোমাৰ স’তে ৰুবেন ডেৰিওকহে কেৱল তুলনা কৰা যায়”। তেওঁৰ এই কথাত ক্ষুব্ধ হৈ মই কৈছিলোঁ, “ভেলেজো, তুমি যদি বন্ধুত্ব বজাই ৰাখিব বিচৰা, কেতিয়াও মোক আৰু দুনাই তেনে ধৰণে তুলনা নকৰিবা। কাৰণ, আমি যদি দুয়োজনকে লেখক হিচাপে ভাবি বন্ধুত্বৰ পাতনি মেলোঁ, আমিযে ক’ত গৈ উপনীত হ’ম, তাৰ কোনো ইয়ত্তা নাই”।
ইয়াৰ পাছতে, কেইঘণ্টামানৰ বাবে হ’লেও পেৰিছৰ নৈশদৃশ্য উপভোগ কৰাৰ সুবৰ্ণ সুযোগ নেৰুডাই পাইছিল, যেতিয়া হঠাৎ লগ পোৱা তেওঁৰ চিলিৰেই মধ্যম শ্ৰেণীৰ লেখক এলফ্ৰেদো কোন্দনে তেওঁক আৰু হিনোজোছাক এটি নৈশপাৰ্টিলৈ নিমন্ত্ৰণ কৰিছিল। খামখেয়ালি কিন্তু দয়ালু চৰিত্ৰৰ এই লেখকজন, চিলিত জাহাজৰ ব্যৱসায় কৰা চহকী লোক এজনৰ সন্তান। তেওঁ নেৰুডা আৰু এলভেৰোক নিজে আহি ৰাছিয়ান নাইট ক্লাবলৈ লৈ গৈছিল, যি নাইট ক্লাবৰ বেৰবোৰ ককেচিয়াৰ সাজপাৰ আৰু মনোৰম প্ৰাকৃতিক দৃশ্যাৱলীৰে শোভিত আছিল। হলটোত প্ৰৱেশ কৰাৰ লগেলগে তেওঁলোকক পাহাৰৰ পৰা হুৰহুৰাই উৰি অহা এজাক ডঁৰিক চৰাই দৰে এমখা ৰাছিয়ান আৰু অৰ্ধ ৰাছিয়ান গাভৰুৱে নাচিবাগি বেৰি ধৰিছিল৷ এনে উদ্দাম নৃত্য চলি থকাৰ মাজতে কোন্দন ডাঙৰীয়াইও চেম্পেইন চেম্পেইনকৈ চিঞৰি বটলৰ পাছত বটল গলাধঃকৰণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি, এটা সময়ত বেহুচ হৈ মজিয়াত ঢলি পৰিছিল।
ঘটনাই বেগেতে আনফালে মোৰ লোৱাত, নেৰুডা আৰু এলভেৰোৱে ততাতৈয়াকৈ ততভত নোহোৱা কোন্দনক কেব এখনত ভৰাই তেওঁ থকা বিলাসী আৰু আৰামদায়ক হোটেলখনলৈ নি দুৱাৰমুখতে থিয় দি থকা তাগৰা দুৱৰী দুজনৰ হাতত গতাই দিছিল৷ ইমানপৰে, হতভম্ব দুই বন্ধুৱে কেবত তেওঁলোকৰ লগত অহা যুৱতীগৰাকীৰ প্ৰতি চকু দিবই পৰা নাছিল। তেওঁলোকে তাইক বুৰঞ্জপ্ৰসিদ্ধ লা হলচ্ বজাৰৰ এখন দোকানলৈ পিয়াঁজৰ চুপ খোৱাৰ বাবে লগ ধৰাত তাই মান্তি হৈছিল। ছোৱালীজনী দেখাই দৰ্পণে সিমান ধুনীয়া নহ’লেও কুৎসিতো নাছিল৷ তাইৰ টনটনীয়া নাকটো পেৰিছীয় গৰিমাৰে সমুজ্বল আছিল। সেই মাজৰাতি, দুই বন্ধুৱে সিহঁতৰ জধলা হোটেলখনলৈ তাইক লগ ধৰাত, তাই বিনা বাক্যব্যয়ে সন্মতি দিছিল। নেৰুডাই ইমানেই অৱসন্ন হৈ পৰিছিল যে, তেওঁ হোটেল পোৱা মাত্ৰকে শুই পৰিছিল আৰু তাই এলভেৰোৰ পাছে পাছে তেওঁৰ কোঠালৈ গৈছিল। কিছু সময় পাছত, এলভেৰোৱে শুই থকা নেৰুডাক গাত ঢকিয়াই মাতিছিল আৰু কৈছিল : “শুনচোন ভাই শুন, মই বুজাব নোৱাৰোঁ, বুজিছ, তাইচোন কিবা অসাধাৰণভাৱে অনিৰ্ব্বচনীয় আৰু চমৎকাৰ, চাচোন চা তইও এতিয়াই অকণমান চেষ্টা কৰি চা”। পাছত নেৰুডাই এই বিষয়ে লিখিছিল এইদৰে : “কেইমিনিটমান পাছত, নিদ্ৰালু অথচ পৰিতৃপ্তিৰ বাবে আতুৰ অপৰিচিতাজনী মোৰ বিছনালৈ আহিছিল৷ প্ৰেম নিবেদন কৰিবলৈ গৈ মই তাইৰ ভিতৰত ওফন্দি থকা গুপুত ৰহস্যৰ উমান পাইছিলোঁ৷ ই যে কেনে অনুপম সন্তুষ্টিৰ অভিজ্ঞতা, যাক ভাষাৰে বৰ্ণনা কৰা নেযায়। এনে লাগিছিল, তাই যেন তাইৰ গভীৰতম উৎসৰ পৰা মোক উজাৰি দিছিল সকলো—যেন ভেনাচৰ কামনাৰ ৰাগীয়ে প্ৰচণ্ড ঢৌ খেলি আহি জপটিয়াই ধৰি আমাক প্ৰাচীনতম তৃপ্তিৰে মতলীয়া কৰিছিল৷ এলভেৰোৱে কোৱা কথা যে কিমান সঁচা, তাৰ সোৱাদ হাতে হাতে পাইছিলোঁ”৷
পিছদিনাখন, জলপান কৰাৰ সময়ত, এলভেৰোৱে মোক একাষৰীয়াকৈ মাতি নি স্পেনিছ ভাষাত সতৰ্ক কৰি কৈছিল যে, যদি আমি এই তৰুণীক অতি শীঘ্ৰে আঁতৰাই নপঠাও, আমাৰ বিদেশ ভ্ৰমণৰ ইয়াতেই যতি পৰিব; আমাৰ অৱস্থা মাজসাগৰত ডুবা জাহাজৰ যাত্ৰীৰ দৰে যে হ’ব, তেনে নহয় ; আমি বুৰ যাম যৌনসর্বস্ব ব্যভিচাৰৰ অতল তলিত৷
এই পৰ্বৰ ইমানতে সমাপ্ত কৰাৰ মানসেৰে নেৰুডা আৰু এলভেৰোৱে সামান্য উপহাৰ তাইৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে তেওঁলোকে ফুলৰ এটি থোপা, এপেকেট চকলেট আৰু “তেওঁলোকৰ হাতত অৱশিষ্টস্বৰূপে থকা ফৰাচীমূদ্ৰাৰ অৰ্ধেক’’ তাইৰ হাতত তুলি দিছিল৷ প্ৰায় পঞ্চাছ বছৰ পাছত এই ঘটনাক সুঁৱৰি নেৰুডাই স্মৃতিকথাত লিখিছিল যে, সিদিনাৰ সেই তৰুণীজনীৰ “স্বীকাৰোক্তিমতে’’ তাই ৰাছিয়ান বাৰখনত নিয়োজিত নাচনী নাছিল আৰু “তাই আগদিনাখন ৰাতিহে প্রথমবাৰৰ বাবে তালৈ আহিছিল’।’ ইয়াৰ পাছত আটাইকেইজনে মিলি ছূপ খোৱাৰ অন্তত, “আমি তাইৰ সৈতে টেক্সীত বহিছিলোঁ”। ড্ৰাইভাৰজনে আমাক এক অজানা অঞ্চললৈ লৈ যোৱাত আমি তাত টেক্সীখন ৰখাইছিলোঁ৷ মৃদু হাঁহিৰে তাই আমাক বিদায় দিছিল যদিও, দিশহাৰা বোধ কৰা তাইক আমি উপৰ্যুপৰি চুমাৰে ওপচাই দি তাতেই এৰি থৈ আহিছিলোঁ৷ আমি আৰু তাইক কাহানিও দেখা নাছিলোঁ ৷
*
পেৰিছ ত্যাগ কৰাৰ পাছত, মাৰছাইলৈকে তেওঁলোক দুয়োকো লৈ অনা ট্ৰেইনখনৰ কথা নেৰুডাই কেতিয়াও পাহৰিব পৰা নাছিল৷ পাচিত ভৰোৱা বিবিধ ফলমূলৰ দৰে ভিন্নৰূপী লোকেৰে ভৰপূৰ আছিল সেই ৰে’লখন৷ “বেছিভাগেই আছিল গাঁওলীয়া ছোৱালী আৰু নাবিক, কিছুমানে একৰ্ডিয়ানৰ তালে তালে গীত জুৰিছিল আৰু বাকীসকলে কণ্ঠত কণ্ঠ মিলাই সমস্বৰে গান গাই
হাইহুইৰে মুখৰিত কৰিছিল ডবাটো”। মাৰছাইৰ পৰা তেওঁলোকে সাগৰযাত্ৰা কৰি ভূমধ্যসাগৰ অতিক্ৰমি ছুৱেজ কেনেল পাৰ হৈছিল। ভ্ৰমণৰ কালছোৱা যাতে আমনিদায়ক নহয়, সেয়েহে নেৰুডা আৰু হিনোজোছাই টাইপৰাইটাৰ লগত লৈ গৈছিল৷ জাহাজৰ কৰ্মচাৰী আৰু নাৱিকসকলে ফ্ৰাঞ্চৰ বিভিন্ন ঠাইত এৰি অহা সিহঁতৰ প্ৰেয়সীসকললৈ লিখা হাতেলিখা প্ৰেমপত্ৰবোৰ টাইপ কৰি দিবলৈ অনুৰোধ কৰাত, দুয়োজনে তাকে কৰিবলগীয়া হৈছিল। এইদৰে জাহাজখনে গৈ গৈ ভাৰত মহাসাগৰত প্ৰৱেশ কৰিছিল, আৰু কলম্বো, সুমাত্ৰা, ইণ্ডোনেছিয়া পাৰ হৈ অৱশেষত ৰেংগুনত লঙ্গৰ পেলাইছিল, য’ত পাবলো নেৰুডাই ১৯২৭ চনৰ অক্টোবৰত চিলিৰ বাণিজ্য দূতস্বৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।
সেই সময়ত, ব্ৰহ্মদেশ আছিল ব্ৰিটিছৰ উপনিবেশ আৰু ৰেংগুন আছিল ইয়াৰ ৰাজধানী।
ৰেংগুন আৰু সমগ্ৰ ব্ৰহ্মদেশজুৰি দুৰ্বিনীত আৰু বিৰক্তিজনক এই সাম্ৰাজ্যবাদী ব্ৰিটিছ শোষকসকলক পিয়াপি দি থকা দেখি নেৰুডা ক্ষুব্ধ হৈছিল৷ তেওঁ নিজে শিকি লোৱা ইংৰাজী ভাষাৰে তেওঁলোকৰ সৈতে সলসলীয়াকৈ কথাবতৰা পাতিব পাৰিলেও, তেওঁ সততে সেয়া পৰিহাৰ কৰি চলিছিল। নেৰুডাৰ মতে, ব্ৰিটিছসকলে আন লোকসকলক তেওঁলোকতকৈ নিম্ন খাপৰ বুলি তুচ্ছ জ্ঞান কৰিছিল। তেওঁ ব্ৰহ্মদেশৰ স্থানীয় ভাষা নাজানিছিল যদিও লক্ষ্য কৰিছিল যে, এই ভাষাটো উপনিবেশখনৰ বেছিভাগ অঞ্চলতে ব্ৰিটিছ শাসকসকলে নিষিদ্ধ কৰা হেতুকে, গৰিষ্ঠ সংখ্যক ব্ৰহ্মদেশৰ লোকে ইংৰাজীতে কথা পাতিবলগীয়া হৈছিল।
ৰেংগুনত থকাৰ কিছুদিন পাছতে নেৰুডাই ভয়ানকভাৱে বিৰক্ত হৈ ভনীয়েকলৈ আক্ষেপেৰে লিখিছিল,“ইয়াৰ মহিলাসকল ক’লা, সেই বুলি তুমি আকৌ মিছায়ে চিন্তা নকৰিবা, নিশ্চিত থাকা যে মই বিয়া নকৰাওঁ’। প্ৰগতিবাদী শ্ৰেণী ৰাজনীতিৰ দৃষ্টিভংগী তেওঁ তেওঁৰ কবিতাৰ মাধ্যমত অথবা ক্লেৰিদাদত ব্যক্ত কৰিলেও, ক’লা বৰণৰ লোকসকল যে শ্বেতকায়াসকলতকৈ তল খাপৰ, সেই সময়ত প্ৰচলিত তেনে ধাৰণাৰ পৰা তেওঁ নিজকে সমূলি মুক্ত কৰিব পৰা নাছিল। কিন্তু, সেই বুলি ইয়াৰ অৰ্থ এয়া নাছিল যে, এই কৃষ্ণবৰ্ণী মহিলাসকল যৌন পৰিতৃপ্তিৰ ক্ষেত্ৰত শ্বেতাংগসকলতকৈ নিম্ন খাপৰ, বৰঞ্চ তাৰ ওলোতাটোহে। তেওঁ লিখিছিল : ভাল পাবলৈ কিম্বা শয্যাসংগীনি কৰিবলৈ এজনী ছোৱালী ৰূপৰ দৰেই হওক অথবা ক’লাবৰণীয়াই হওক, কুমাৰী অথবা পতিতাই হওক, সৰগীয় জ্যোতিৰে ভৰা কমলাৰঙীয়ে হওক সেয়া কোনো ভাবিবলগীয়া কথা নহয়।
সেয়ে দেখা গৈছিল যে, নেৰুডাই তেওঁৰ জীৱনকালত প্ৰথমে বংগোপসাগৰ পাৰত আৰু পাছত আৰব সাগৰৰ উপকূলত সম্ভোগৰ বেলিকা কোনো বাছবিচাৰ কৰা নাছিল৷ এনে চিকাৰকাৰ্য ৰোমাঞ্চকৰ হোৱা সত্ত্বেও, নেৰুডাৰ এই বিষয়ত মোহভংগ হ’বলৈ বেছি দিন লগা নাছিল৷ চিলিবাসী হিচাপে প্ৰাচ্যৰ ক্ৰান্তীয় জলবায়ু, বিশেষকৈ গৰমে তেওঁক অতিষ্ঠ কৰিছিল, তাতে তেওঁ ইয়াত কাকোৱে নিচিনে আৰু তেওঁৰ চাকৰিটোও আছিল তেনেই উত্তাপহীন অৰ্থাৎ উৎসাহিত কৰিব পৰা বিধৰ নাছিল। এই বিষয়ে নেৰুডাই ১৯৭১ চনত বিবৰণ দাঙি ধৰি লিখিছিল এইদৰে: “আজিৰ দৰে, সেই সময়তো কেণ্ডেল বনোৱাৰ বাবে চিলিক, কেঁচামালৰ প্ৰয়োজন আছিল। এই কেঁচামালবিধৰ নাম পেৰাফিন—যি নামটো মোৰ আজীৱন মনত থাকিব। পেট্ৰোলিয়ামৰ পৰা পোৱা এইবিধ সামগ্ৰীৰ যোগান ধৰিছিল ব্ৰহ্মদেশৰ হাৰমাত অইল কোম্পানীয়ে আৰু ইয়াৰ বাবে যাৱতীয় কাগজপত্ৰৰ কামখিনি মোহৰ মাৰি ৰপ্তানিৰ বাবে অনুমোদন জনোৱাৰ দায়িত্ব চম্ভালিবলৈ এজন চিলিৰ মানুহৰ আৱশ্যক আছিল আৰু মোৰ ওপৰত পৰিছিল সেই দায়িত্ব। পাছত অৱশ্যে বাণিজ্য বিভাগৰ পৰা এনে ইনভইচ ছিষ্টেম উঠি গৈছিল যদিও মোক দেখা কৰাৰ বাবে কোনেও কেতিয়াও অহাও নাছিল আৰু মোৰ পৰামৰ্শও বিচৰা নাছিল, যিহেতু তাত চিলিৰ কোনো লোকো নাছিল আৰু অৰ্থনৈতিক কিম্বা বৌদ্ধিক দিশতেই হওক চিলিৰ স’তে কাৰো কোনো সম্পৰ্কও নাছিল”।
বোধ হয় সেই কাৰণতে বিদেশ মন্ত্ৰণালয়ে তৰুণ কবিজনক এনে এখন দূৰবৰ্তী ঠাইলৈ পঠিয়াইছিল।
ডিচেম্বৰৰ ৭ তাৰিখে, নেৰুডাই শিক্ষা বিজ্ঞান প্ৰতিষ্ঠানৰ সহপাঠী ওলান্দো পিনো ছাবেদ্রালৈ, (যিগৰাকীয়ে পাছত, চিলিৰ লোকসংস্কৃতিৰ এগৰাকী বিখ্যাত গৱেষক হিচাপে প্ৰতিষ্ঠা লভিছিল) চিঠি লিখি এইদৰে জনাইছিল : “মানৱ কুলৰ বাবে অতিকে অপৰিহাৰ্য, বিশেষ এক গোন্ধেৰে আমোলমোলোৱা ইয়াৰ ক’লা বৰণীয়া নাৰীসকলৰ নাকে নাকে নাকফুলি আৰু সম্মুখৰ পৰা পিছফাললৈ আঁচোৰা চিকচিকিয়া ক’লা চুলিবোৰত ডাঠ তেলৰ প্ৰলেপ৷ আহি পোৱাৰ প্ৰথম সপ্তাহটো বৰ আশ্চৰ্যকৰ লাগিছিল। এইদৰে দিনৰ পাছত দিন, সপ্তাহৰ পাছত সপ্তাহকৈ সময় অতিবাহিত হ’ব ধৰিছিল”। পাছত তেওঁ তেওঁৰ একেবাৰে নিকটতম কবিবন্ধু জেকুইন এডৱাৰ্ডছ বেলোলৈ লিখি জনাইছিল যে তেওঁ ব্ৰহ্মদেশত থাকি দিনে দিনে বুঢ়া হ’ব ধৰিছে আৰু বিৰক্তিবোৰে তেওঁক ক্ৰমশ গ্ৰাস কৰিছে। “দেশখন ধুনীয়া যদিও মোক ইয়াত নিৰ্বাসন দিয়াৰ দৰে হৈছে। আচহুৱা ধৰণৰ আচাৰ-বিচাৰেৰে ভৰা ইয়াত মই কেৱল ক’লা বৰণীয়া ছোৱালীমখাৰ স’তে শুই শুই অতিষ্ঠ হৈছোঁ’।
এমাহ পাছত, এনে অস্বস্তিকৰ অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি নেৰুডা আৰু হিনোজোছাই এক অভিলাসী ভ্ৰমণসূচী হাতত লৈছিল আৰু সেয়া জানুৱাৰীত আৰম্ভ হৈ এপ্ৰিলত শেষ হৈছিল। ছাইগনত পাতনি মেলা এই যাত্ৰাই উত্তেজনাপূৰ্ণ অভিজ্ঞতা আৰু জ্ঞানৰ আলোকেৰে তেওঁলোকক প্ৰদীপ্ত কৰিছিল। বেংককত দুদিন কটোৱাৰ মূৰত তেওঁলোকে কম্বোডিয়াত উপস্থিত হৈছিল। ইয়াৰ বুকুত বিৰাজ কৰা এঘাৰ শতিকাৰ সুপ্ৰাচীন মন্দিৰবোৰে আৰু বিশেষকৈ বাত্তামবাওৰ বুদ্ধৰ মূৰ্তিবোৰ দেখি তেওঁলোক অভিভূত হৈছিল৷ উল্লেখনীয় যে, চিলি এৰি অহাৰ পূৰ্বে লা নেশ্বন পত্ৰিকাখনে নেৰুডাক “প্ৰাচ্যৰ ভ্ৰমণ বৃত্তান্ত’’ প্ৰণালীবদ্ধভাৱে যুগুতাই পঠিওৱাৰ দায়িত্ব দিছিল। সেই মৰ্মে তেওঁ এই ভ্ৰমণৰ পুৰাবৃত্ত দাঙি ধৰিবলৈ গৈ নতুন পৃথিৱীখনৰ বিষয়ে অৰ্জা তেওঁৰ অনুভূতি আৰু দৃষ্টিভংগী, প্ৰতীতিবাদী চিত্ৰকল্পৰ জৰিয়তে এনেদৰে অংকিত কৰিছিল, এনে লাগে সেইবোৰ যেন এক মায়াময় অধিবাস্তৱবাদী জগতৰহে উপাখ্যান ৷ তেওঁ লিখিছিল এইদৰে : “ শ্যাম এৰি যোৱাটো যে কিমান কষ্টকৰ, কেতিয়াও পাহৰিব নোৱাৰা কিমান যে মধুৰ ইয়াৰ বায়ৱীয় সৌন্দৰ্য, আৰু কিনো ক’ম ফুচফুচোৱা ৰাতিৰ চিৰহৰিৎ বেংককৰ কথা, ইয়াৰ কেনেলৰ বুকুৱে বুকুৱে হাজাৰ নাওৰ ভাসমান সপোন, ইয়াৰ মীনা কৰা চকচকীয়া সুউচ্চ মন্দিৰবোৰনো পাহৰোঁ কেনেকৈ ? তাতে আকৌ সোণত সুৱগা চৰোৱা কম্বোডিয়াৰ মৌ মিঠা নগৰীবোৰ, ইয়াৰ খেমাৰ ৰোজৰ ধ্বংসস্তুৰ মাজৰ স্মৃতিসৌধবোৰে যেন সোঁৱৰায় অতীতৰ নৰ্ত্তকীসকলৰ উদ্দাম নৃত্যক৷ আৰু যাদুৰ দৰে সন্মোহিত কৰা মোহময়ী ছাইগন, কি যে সুন্দৰ আৰু সমাহিত— ইয়াক পাহৰাটো যে কি কঠিন”।
এনেদৰে ইণ্ডোচীন অতিক্ৰমি তেওঁলোকে হংকং হৈ চাংহাই আৰু জাপান অভিমুখে অগ্ৰসৰ হৈছিল। “ৰহস্যময় নিশ্বাস আৰু অবিশ্বাস্য সুহুৰিৰে’’ ৰমৰমোৱা গভীৰ আশ্বৰ্যচকিত হংকং৷ চীনত উপস্থিত হৈ তেওঁ আচৰিত হৈছিল এই ভাবি যে এছিয়াৰ ৰাস্তাবোৰ “সৰ্বদাই কেনে মনোমুগ্ধকৰ আৰু চুম্বকীয়……যাদুকৰৰ মোনাৰ দৰে বিস্ময়কৰ, জিলাই জিলাই কেনে যে আচহুৱা আৰু বাৰেৰহণীয়া ৰংবিৰঙী দস্তুৰ”। সকলোবিলাক যেন কিবা অদ্ভুত অদ্ভুত মনোৰম পানীয়ৰ দৰে, “সেইবোৰক যেন উদ্ভট আৰু বিস্ময়কৰ আঙুলিবোৰে সৰ্বদাই ঘোদালি আছে’।
এনে প্ৰহেলিকাময় দৃশ্যবোৰে তেওঁক কবিতা ৰচনাৰ ক্ষেত্ৰখনলৈ অলেখ সমলৰ যোগান ধৰিছিল যদিও, এছিয়াৰ বিভিন্ন দেশ ঘূৰিপকি লভা অপাৰ আনন্দ ৰেংগুনলৈ উভতি অহাৰ পাছত ফুঁ মাৰি উৰুৱাই দিয়া ধূলিৰ দৰে নিমিষতে অন্তৰ্ধান হৈছিল। ভনীয়েক লোৰালৈ লিখা চিঠিত ইয়াৰ বহিৰপ্ৰকাশ এনেদৰে প্ৰত্যক্ষ কৰা হৈছিল, “ভয়ানক নিৰ্বাসনৰ দৰে, ৰেংগুনত মই মোৰ জীৱন অতিবাহিত কৰি আছোঁ। এনে এখন নৰকত জীৱন কটাবলৈতো মই জন্ম গ্ৰহণ কৰা নাছিলোঁ। তুমি জানো বিশ্বাস কৰিবা, ইয়াত ৰাতিয়ে-দিনে মই ওভেনৰ ভিতৰত থকা দি পুৰি থাকোঁ” । তেওঁৰ ইচ্ছা আছিল ৰেংগুনৰ পৰা বিদায় লৈ ইউৰোপত অধ্যয়ন কৰাৰ। কিন্তু তেওঁ কি কৰিব পাৰে? পিছে,এই যে নিৰ্বাসন, এয়াতো তেওঁৰ নিজৰেই অভিকল্পনাৰ ফচল; গতিকে তেওঁ থাকি যাবলগীয়া হৈছিল।
উত্তৰ প্ৰত্যুত্তৰৰ জৰিয়তে চিঠি লিখালিখি কৰি নেৰুডাই তেওঁৰ সৃজনশীলতাৰ দিশটোক অনুপ্ৰেৰিত কৰি ৰাখিব বিচাৰিছিল। আনহাতে এনে পত্ৰালাপবোৰে তেওঁক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰাও উদ্ধাৰ কৰিছিল। আৰ্জেণ্টিনাৰ লেখক হেক্টৰ ইয়ান্দিৰ স’তে (যিগৰাকীয়ে তেওঁৰ লিখনিক প্ৰশংসা কৰি নিবন্ধ লিখিছিল) তেওঁ পত্ৰবিনিময় আৰম্ভ কৰি দিছিল। দ্বিতীয় পৰ্যায়ৰ এলানি বেদনাদায়ক আৰু চিত্ত আলোড়নকাৰী পত্ৰালাপৰ অন্তত ১৯২৮ চনৰ মে মাহৰ এঘাৰ তাৰিখে নেৰুডাই এটি টোকাত এইদৰে লিখিছিল : “মাজেসময়ে বৰ দীঘলীয়া সময় জুৰি, এনে লাগে যেন মোক এক বিৰাট শূন্যতা আৰু ৰিক্ততাই গ্ৰাস কৰিছে আৰু মই একোকে প্ৰকাশ কৰিব নোৱাৰা হৈ পৰিছোঁ অথচ মই মোৰ ভিতৰৰ সত্তাটোকো যেন বাধা দিব পৰা নাই আৰু তীব্ৰ কাব্যিক ভাৱপ্ৰবণতাই মোক হেঁচা মাৰি ধৰাৰ পৰাও বিৰত হোৱা নাই, আৰু এই প্ৰবণতাই প্ৰতি বাৰেই মোক লৈ যায় কণ্টকাকীৰ্ণ দুৰ্গম পথবোৰৰ মাজলৈ, সেয়েহে মই মোৰ সৃষ্টিৰ ক্ষেত্ৰত বেছি ভাগ সময়েই অশেষ কষ্ট কৰিবলগীয়া হয়। নাভাবিবা যে, মই মোৰ উৎকণ্ঠা আৰু দিশহাৰা ভাবনাবোৰৰ কথাই তোমাক কৈছোঁ এনে নহয়, বৰঞ্চ মই তোমাক মোৰ বিবেকে প্ৰৰোচিত কৰা অতৃপ্ত অভিলাসবোৰৰ কথাকেই কৈছোঁ। আচলতে, বহিৰ্গমনৰ কোনো পথ নেদেখা দম দম উদ্বিগ্নতাৰ ফচল, মোৰ এই কিতাপবোৰ….’’।
বিদেশ ভ্ৰমণৰ অন্তত ৰেংগুনলৈ ঘূৰি আহি নেৰুডা আৰু এলভেৰোৱে ৰেংগুনৰ ডেলহাউচি ষ্ট্ৰীটত এটি সৰু ভাড়াঘৰত থাকিবলৈ লৈছিল৷ সহযোগী হিচাপে নেৰুডা উত্তম নাছিল, কাৰণ তেওঁ সৰ্বদাই নিজকে পঢ়াশুনা আৰু লেখামেলাত একান্তভাৱে নিবিষ্ট ৰাখিব বিচাৰিছিল৷ আনহাতে এলভেৰোৱে স্থানীয় এজনী ছোৱালীৰ স’তে ৰোমাণ্টিক সম্পৰ্কত মচগুল আছিল। এলভেৰোৱে এখন আলোচনীত সেই সময়ৰ বৃত্তান্ত দাঙি ধৰি লিখিছিল : “পাবলোৰ স’তে মোৰ বন্ধুত্ব ক্ৰমে ক্ৰমে নিৰুত্তাপ পৰ্যায়লৈ গতি কৰিব ধৰিছে। ইয়াৰ বাবে দোষী কিন্তু তেওঁৱেই। পৰিস্থিতি এনে বিষম পৰ্যায় পাইছে যে, তেওঁ যেন মোৰ কালশত্ৰুলৈ ৰূপান্তৰিত হ’ব ধৰিছে৷ সকলো ক্ষেত্ৰতে তেওঁ মোক উলাই কৰি থাকিব বিচৰা হৈছে। এদিনাখন ৰাতি ঘৰলৈ উভতি আহি তেওঁৰ স’তে কথা পাতিম বুলি ভাবি মুখ মেলিছিলোঁহে, তেনেতে তেওঁ মোৰ উপস্থিতিক অৱজ্ঞা কৰি গোমা মুখেৰে এখন কিতাপ খামুচি ধৰি পঢ়াত নিজকে নিবিষ্ট কৰিছিল৷ মই তেওঁক ভালৰি লগাবলৈ বিভিন্ন বিষয়ৰ অৱতাৰণা কৰিছিলোঁ যদিও তেওঁৰ সহাঁৰি আছিল নেতিবাচক৷ শেষত মই কৈছিলোঁ, “নাডা, মই কালিলৈ কলিকতালৈ গৈ আছোঁ। অকস্মাৎ মোৰ যদিও তেনে ভ্ৰমণলৈ যোৱাৰ অকণো ইচ্ছা নাছিল, মই এইষাৰ কথা তেওঁক কৈছিলোঁ, এই আশাৰে যাতে তেওঁ মৌন ব্ৰত ভংগ কৰি মোৰ স’তে কথা পাতে’। প্ৰত্যুত্তৰত তেওঁ মাথোঁ কৈছিল, “কিযে অদ্ভুত আৰু হাস্যকৰ’’, এই বুলি কৈ তেওঁ আকৌ কিতাপত মনোযোগ দিছিল’।
এলভেৰোৱে যেন একান্ত নিজানত থাকিব বিচৰা খিট্খিটিয়া স্বভাৱৰ কবিজনাৰ ব্যক্তিগত কক্ষত অনাহূতভাৱে প্ৰৱেশ কৰিব বিচাৰিছিল। অনিচ্ছা সত্ত্বেও এলভেৰোৱে কলিকতালৈ (এতিয়া কলকাতা) গুচি গৈছিল আৰু তাৰ চলচিত্ৰ জগতত সোমোৱাৰ বাবে সচেষ্ট হৈছিল। নেৰুডা অকলশৰীয়া হৈ পৰিছিল৷ তেওঁৰ মনটোক গভীৰ শূন্যতাত ৰখাৰ বাবে তেওঁ যেন ইয়াকেই মনেপ্ৰাণে বিচাৰি আছিল৷ চিৰাচৰিত অভ্যাস অনুসৰি, কবিতা লিখিবলৈ হ’লে তেওঁক লাগে একান্ত
নিৰিবিলি, যিয়ে শাঁত পেলোৱা সুগন্ধি মলমৰ দৰে তেওঁৰ মনত ক্ৰীড়া কৰিব৷ নৈঃশব্দৰ মাজত মনত ঢৌ খেলা তৰংগৰাজিক তেওঁ চালনীৰে চালি চেকি আত্মাৰ নিৰ্য্যাস সানি কবিতাত মূৰ্ত্ত কৰিছিল৷ আৰু এইযে সৃষ্টি, এয়া আছিল প্ৰায় অভিনৱ আৰু জটিল, যিবোৰে বিভিন্ন প্ৰতীকৰ সমাহাৰ ঘটাই ভাব-ভাষাৰে অচেতন চিত্ৰকল্পবোৰক জীৱন্ত কৰিছিল। এইদৰে, বিদেশত থকা কালত, তেওঁৰ কাপৰ পৰা জনম লোৱা বেছিভাগ ৰচনাই ‘মৰতৰআবাস’ নামৰ পুথিখন শোভা কৰিছিল৷
১৯২৮ চনৰ আগষ্ট মাহত, নেৰুডাই ছাত্ৰ ফেডাৰেচনৰ কালৰ বন্ধু, যোছ চেন্তোছ গঞ্জালেছ ভেৰালৈ পত্ৰযোগে এইদৰে লিখিছিল : “মই যন্ত্ৰণাদগ্ধ—অপ্ৰীতিকৰ আবিষ্কাৰবোৰে মোক তিক্তবিৰক্ত কৰিছে, তাতে বতৰে মোক পুৰি মাৰিছে। মই মোৰ মা আৰু আইতাক শাওপাত দিছোঁ, গোটেই দিনটো মই ভাটৌটোৰ স’তে কথা পাতি কটাওঁ, মই যেন এটি প্ৰকাণ্ড হাতীৰ ভৰ অনবৰতে সহি আছোঁ….ধুমুহা আৰু নেমুপানীৰে প্ৰভাৱিত মোৰ জীৱন….মই তোমাক আগতেই কৈছোঁ: দেখাত নিষ্কৰ্মা এটি জীৱন; কিন্তু গভীৰত, মই মোৰ ভাবনাবোৰক মথিবলৈ এৰা নাই….যোৱা এবছৰে যি সামান্য লিখিছোঁ, সেইবোৰ মই আকাংক্ষা কৰামতে, উৎকৰ্ষই হওক নতুবা অনুৎকৰ্ষই হওক, মই অন্তঃকৰণেৰে লিখি গৈছোঁ৷ ক’বলৈ গ’লে, মই কেতিয়াও নভবা ধৰণে সাহিত্যিক উৰ্ধসীমা অতিক্ৰম কৰিব পাৰিছোঁ, আৰু সঁচাকৈয়ে মোৰ ফলাফলবোৰে মোক আশ্চৰ্য কৰে আৰু প্ৰবোধ দিয়ে। মোৰ নতুন কিতাপখনক ‘মৰতৰ আবাস’ বুলি নামকৰণ কৰা হ’ব আৰু তাত পঞ্চাছটা কবিতা থাকিব, যিখনক মই স্পেইনত প্ৰকাশ কৰিম বুলি আশা ৰাখিছোঁ। সমগ্ৰ কিতাপখনত আছে সম পৰিমাণৰ লয়, সম পৰিমাণৰ তাল, আৰু এইবোৰ মোৰ মূৰৰ একেটা অঞ্চলৰ পৰাই উদ্ভুত, ঠিক যেন একে ধৰণৰ বিৰামহীন ঢৌৰ দৰে”। গদ্য অথবা কবিতাৰ ক্ষেত্ৰতেই হওক, প্ৰায় সমগ্ৰ জীৱনজুৰি নেৰুডা আছিল ধাৰাবাহিকভাৱে লিখিব পৰা এগৰাকী বহুসৃজনক্ষম লেখক। কিন্তু সেই বুলি তেওঁ পৰিমাণৰ দোহাই দি গুণৰ ক্ষেত্ৰত জানিশুনি কোনো আপোচ কৰা নাছিল। সামগ্ৰিকভাৱে নিঃসন্দেহে তেওঁ এগৰাকী উচ্চ মানৰ সাহিত্যিক আছিল যদিও, এয়া ঠিক যে, অবিৰত সৃষ্টিৰ ধামখুমীয়াত তেওঁ তেওঁৰ কিছু ৰচনাত উচ্চ মান বজাই ৰাখিব পৰা নাছিল। মন কৰিবলগীয়া যে ব্ৰহ্মদেশত থকা সময়ছোৱা তেওঁৰ বাবে আছিল অতিকে হতাশজনক আৰু এক মন্থৰতম, অসৃজনশীল সময়। আৰু এনে মানসিক বাতৱৰণতে যেতিয়া তেওঁৰ সৃষ্টিশীলতা বাধাপ্ৰাপ্ত হৈছিল আৰু তেওঁ স্বতস্ফুৰ্ততাৰ সলনি পৰিকল্পিত খোজ দিবলগীয়া হৈছিল, সেই সময়তে তেওঁ লিখি উলিয়াইছিল অভূতপূৰ্বভাৱে “অত্যুত্তম” বুলি ভবা তেওঁৰ এই কিতাপখন ৷ যিহেতুকে তেওঁ মথি মথি প্ৰচুৰ শক্তি ক্ষয় কৰি আৰক উলিয়াই তেওঁৰ কবিতাবোৰ ৰচনা কৰিছিল, সেয়েহে ইয়াৰ ফলাফল আছিল গুণৰ ফালৰ পৰা সংগতভাৱে উৎকৃষ্টতম৷ বহু পঢ়ুৱৈ আৰু সমালোচকৰ মতে, এই পুথিখনৰ সকলোবোৰ কবিতা অনুপম কৃতি নহলেও, এয়া স্বীকাৰ্য যে এছিয়াত ৰচনা কৰা “মৰতৰ আবাস”ত অনুত্তম অথবা দুৰ্বল আখ্যা দিব পৰা কোনো কবিতা নাই। এনে ধৰণৰ বিবৃতি বা ঘোষণা তেওঁৰ অন্যান্য যি কোনো কিতাপৰ ক্ষেত্ৰত দিয়াতো কঠিন৷
ছাইগন আৰু জাপান হৈ অন্যান্য চমকপ্ৰদ ঠাইবোৰ ভ্ৰমি অহাৰ পাছত ভনীয়েক লোৰালৈ লিখা চিঠিত তেওঁ লভা অদ্ভুত আৰু অতুল্য অভিজ্ঞতাবোৰৰ কথা যে ভাষাৰেও বৰ্ণনা কৰা নাযায় তাকে
ব্যক্ত কৰিবলৈ গৈ তেওঁ এইদৰে লিখিছিল: “জগতখনৰ এইফালটো কিমান যে অপৰিসীম আৰু আপুৰুগীয়া বস্তুবোৰেৰে ভৰি আছে তাক মই কিদৰেযে বৰ্ণনা কৰোঁ; ইয়াৰ সকলোবোৰ স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ; সুকীয়া ইয়াৰ আচাৰবিচাৰ, ধৰ্ম আৰু পোছাক পৰিচ্ছদ; এনে লাগে, সপোন সপোন লগা এইবোৰ যেন বাস্তৱ নহয়”।
ৰচনাত্মকভাৱে, নেৰুডাই তেওঁৰ উদ্ভাৱনী শক্তিৰে যিবোৰৰ ব্যাখ্যা আগ বঢ়াইছিল এইদৰে : ইয়াৰ ‘আচহুৱা ৰংবোৰ’, ইয়াৰ’ অপৰিসীম আপুৰুগীয়া’ বস্তুবোৰ, ইয়াৰ “সকলোবিলাক যেন অদ্ভুত অদ্ভুত পানীয়ৰ দৰে আৰু সিবোৰক যেন উদ্ভট আৰু বিস্ময়কৰ আঙুলিবোৰে অনবৰত ঘোদালি আছে’। তেওঁ তেওঁৰ চকুৰ সম্মুখত পৃথিৱীৰ আচৰিত বস্তুবোৰ প্ৰত্যক্ষ কৰি আছিল আৰু লব্ধ অভিজ্ঞতাবোৰক নিজৰ মননচক্ষুৰে ব্যাখ্যা কৰি আছিল।
আৰু সপোনবোৰ! উক্ত সময়ছোৱাত, তেওঁ সঘনে সপোনৰ উল্লেখ কৰা দেখা যায়। সেই সময়ত “প্ৰাচ্যৰ সন্দৰ্ভত যুগুতোৱা প্ৰতিবেদনতেই হওক অথবা কানিৰ ঘাটিত থকা অৱস্থাত চিলিৰ বন্ধু এজনলৈ লিখা চিঠিতেই হওক, তাৰ প্ৰতিফলন আমি দেখিবলৈ পাওঁ। এই আপাহতে তেওঁ চিলিৰ সুহৃদ এজনক জনাইছিল, যে তেওঁ “নিশাচৰী চয়ন’’ (Nocturnal Collection) নামৰ এখন কিতাপ লিখি আছে, আৰু তেওঁ আশাবাদী যে, “সেইখনে মোৰ উখলমাখল লগোৱা আভ্যন্তৰীণ জগতখনৰ বিপুল ভাণ্ডাৰৰ সম্ভেদ দিব”।
“অসীম মানুহৰ অকুতোভয় উদ্যোগ’’ত তেওঁ তেওঁৰ শিল্পনৈপুণ্যেৰে অধিবাস্তৱবাদী আৰু অন্যান্য শৈলীক আত্মস্থ কৰি নিজৰ আৰ্হিৰে গঢ়ি তুলিছিল, আৰু “মৰতৰ আবাস”ৰ প্ৰথম খণ্ডৰ কবিতাবোৰত তেওঁ উক্ত ৰীতিকে আকৌ উন্নততৰ মাত্ৰা প্ৰদান কৰিছিল, যি ধাৰাক অধিবাস্তৱবাদৰ নেৰুডীয় ধাৰা (Nerudismo) বুলি স্পেনিছ কাব্যসাহিত্যত জনাজাত হৈছিল। নিজস্ব ষ্টাইলেৰে সৃষ্ট বাগধাৰাৰ উপস্থাপন আৰু মূলতঃ অভিব্যক্তিপূৰ্ণ প্ৰতীকেৰে সৈতে সংযোজিত নিগূঢ় চিত্ৰকল্পৰ ৰূপগত পৰিৱৰ্তন সাধনেই এই নেৰুডীয় শৈলী বা ধাৰাৰ বৈশিষ্ট্য। এই ধাৰাৰ মাধ্যমত তেওঁ তেওঁৰ সপোনবোৰৰ মুখে মুখে তুলি দিছিল ভাষা আৰু বহিৰ্জগৎ কিম্বা আভ্যন্তৰীণ জগতৰ অচিনাকি আৰু আচহুৱা বস্তুবোৰক কৰি তুলিছিল বাংময় যাতে সিবোৰ লেখক আৰু পাঠকৰ সহজে বোধগম্য হয়।
“মৰতৰ আবাস’’ কিতাপখনৰ “কাব্যকৃতী” (ars poetica) নামৰ কবিতাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য:
ছাঁ আৰু অনন্ত ব্যাপ্তিৰ মাজত, সা-সৰঞ্জাম আৰু কুমাৰীসকলৰ মাজত, থিতাপি লোৱা আজব হৃদয় আৰু সৰ্বনাশী সপোনবোৰে, হঠাত ধাৰণ কৰে অবিবেচকী বিবৰ্ণ ৰূপ, প্ৰতিদিনৰ শোকে জুৰুলা কৰা এক বৰলাৰ তাপিত পৰাণৰ হা-হুতাশেৰে চূৰ্ণিত মোৰ কপাল, হায় মোৰ নিদ্ৰালসতাত চকুৰ অগোচৰে পান কৰা প্ৰতি টোপাল পানী আৰু কঁপি কঁপি কাণত বজা প্ৰতিটি শব্দ—
লালন কৰোঁ মই একেই হেৰোৱা
তৃষ্ণা আৰু সেই একেই ঠাণ্ডা জ্বৰ, সদ্যোজাত এখন সংবেদনশীল কাণ, এক আওপকীয়া যন্ত্ৰণা,
যেন এতিয়াই লম্ভিব এটি চোৰৰ
দলে অথবা ভূতৰ পালে, আৰু
দীঘলীয়া আৰু দকৈ প্ৰোথিত এটি শূন্য কুঠৰীৰ ভিতৰত নিগৃহীতা এগৰাকী পৰিচাৰিকাৰ দৰে,
এটি কৰ্কশ ঘণ্টাধ্বনিৰ দৰে,
এখন মলিয়ন আইনাৰ দৰে,
এটি খালী ঘৰৰ ভেকেটাভেকেট গোন্ধৰ দৰে,
য’লৈ আশাশূন্য ভাড়াতীয়াসকলে বেহুচ হৈ ৰাতি ওভতে,
আৰু য’ত মজিয়াত সিঁচৰতি হৈ পৰি থাকে দুৰ্গন্ধময় বাহী কাপোৰ, আৰু
ফুলৰ সুগন্ধৰ পৰা যিবোৰৰ বঞ্চিত জীৱন
—নতুবা ইয়াতোকৈ কম বিমৰ্ষতাৰে ক’বলগীয়া হ’লে কোৱা যায়—
কিন্তু সত্যটো হ’ল, হঠাৎ এছাটি পগলা বতাহে আঘাত কৰে মোৰ বুকুত,
আৰু বলিদানৰ বাবে হৈ চৈ লগায় এটি জ্বলন্ত দিনে,
ফলত সীমাহীন অন্ধ ৰাতিবোৰেৰে ভৰি পৰে মোৰ শোৱনি কোঠা,
এনে এটি পৰত মই দুখেৰে ক’বই লাগিব যে মোৰ চাৰিওপিনৰ বিভিন্ন সামগ্ৰীয়ে অনুত্তৰ থাকি মাথোঁ কোৱাকুই কৰে, ই যেন এক ডলাৰ বগৰীৰ দৰে গতি, এটি গোলমলীয়া নাম৷
আজিও এই কিতাপখনে কবিৰ সাৰ্থক প্ৰচেষ্টাৰ যুগমীয়া স্বাক্ষৰ হিচাপে বৰ্তি আছে। লেখক জিম হেৰিছনে “মৰতৰ আবাস”ৰ শতবাৰ্ষিকী সংস্কৰণৰ এটি টোকাত এইদৰে লিখিছিল, “অন্যান্য কবিতাৰ পৰা এই কবিতাবোৰৰ পাৰ্থক্য এইখিনিতে যে ইয়াৰ প্ৰতিটো শাৰী অতি কষ্টেৰে বৰ তন্ন তন্নকৈ অনুধাৱন কৰিলে আমি কবি হৃদয়ৰ এক ঠেতেলা খোৱা চেতনা অনুভৱ কৰিম, যিয়ে অন্তৰ্জগতৰ পৰা বহিৰ্জগতলৈ আমাক লৈ যায়”। আনহাতে চিলিত ডাঙৰ-দীঘল হোৱা, পুলিৎজাৰ পুৰস্কাৰপ্ৰাপ্ত লেখক এৰিয়েল দোফমেনৰ মন্তব্য আছিল এনে ধৰণৰ : “যেতিয়াই মই প্ৰতি দিনৰ জীৱনত বিভিন্নধৰণে দেখা দিয়া বিশৃংখলতা তথা চৰম অশান্তিৰ সম্মুখীন হওঁ, তেতিয়াই মই এইবোৰক বুজাৰ বাবে ‘মৰতৰ আবাস’ কিতাপখনৰ শৰণাপন্ন হওঁ আৰু এইখন মই উৰাই ঘূৰাই পঢ়োঁ৷ আৰু বিশেষকৈ মোৰ কৈশোৰ আৰু কৈশোৰোৰ্দ্ধ সময়ছোৱাত (১৯৬০চনৰ আশেপাশে), মই সেইখনক মোৰ একান্ত উত্তম সংগী হিচাবে লৈছিলোঁ, কাৰণ তাত লেটিন আমেৰিকাৰ পৰিৱৰ্তনশীল আলোড়িত বাস্তৱতাক নেৰুডাই সুন্দৰকৈ আলোকপাত কৰিছিল,যি সময়ত তাত কেন্দ্ৰতো দূৰৈৰ কথা মৰ্মবস্তু বুলি একো নাছিল, নাছিল আধাৰ বা বুনিয়াদ— তথাপি আধাৰ বুলিবলৈ যি আছিল সেয়া কেৱল শব্দৰ মাজতহে সীমাবদ্ধ আছিল”।
অৱশ্যে এনে ধৰণৰ ইতিবাচক প্ৰতিক্ৰিয়া তেওঁৰ সমসাময়িক আন কাৰোবাৰ পৰা পাবলৈ নেৰুডাই কিছু কাল বাট চাবলগীয়া হৈছিল। তাতে সেই সময়ৰ পঢ়ুৱৈৰ বাবেও এইখন আছিল এক ধৰণৰ অগতানুগতিক শৈলীৰ কিতাপ। সেয়েহে, ‘কুৰিটা প্ৰেমৰ কবিতা’ পুথিখনৰ দৰে এইখনো প্ৰকাশ কৰাৰ নিমিত্তে প্ৰকাশকক পতিয়ন নিয়াবলৈ গৈ তেওঁ হাবাথুৰি খাবলগীয়া হৈছিল।
*
নেৰুডাই তেওঁৰ উন্নততৰ ৰচনাৰ বাবে আনন্দ প্ৰকাশ কৰিছিল যদিও, একে সময়তে তেওঁ দৈনন্দিন জীৱনত সৃষ্টি হোৱা বিশেষ অসুবিধাবোৰৰ প্ৰতিও মনোযোগ দিবলগীয়া হৈছিল। জুন মাহত তেওঁ জৰুৰী কেবল বাৰ্তাৰ জৰিয়তে বিদেশ মন্ত্ৰণালয়ক জনাইছিল যে যোৱা দুমাহে তেওঁ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে। পত্ৰ মাৰফৎ হেক্টৰ ইয়ান্দিলৈকে তেওঁ লিখিছিল এইদৰে : “মোৰ দৰে সন্মানীয় বাণিজ্য দূত এজনক, কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ তুলনাত আটাইতকৈ কম দৰমহা দিয়া হয়। টকাৰ অভাৱত মই অশেষ কষ্ট ভুঞ্জিবলগীয়া হৈছে, ইপিনে অন্যান্য দুখ-দুৰ্দশাবোৰতো আছেই৷ ফাৰ্মাচীৰ তৃতীয় পৰ্যায়ৰ এজন কৰ্মচাৰীয়ে পোৱা দি, মই মাহেকত আমেৰিকান ডলাৰৰ হিচাপত ১৬৬ ডলাৰ পাওঁ। তাতে সেইখিনিও নিৰ্ভৰশীল বাণিজ্যদূতৰ কাৰ্যালয়ৰ আয়ৰ ওপৰত, অৰ্থাৎ যি মাহত চিলিলৈ ৰপ্তানি নহয়, সেই মাহত মোৰ দৰমহাও নহয়”।
‘মৰতৰ আবাস’খন বুয়েনছ্ এয়াৰছ্ত কোনো প্ৰকাশকৰ হতুৱাই ছপাব পৰা যায় নেকি, সেয়া ইয়ান্দিয়ে চেষ্টা কৰিছিল৷ কিন্তু নেৰুডাই “আৰ্জেণ্টিনাৰ দৰে প্ৰান্তীয় দেশ এখনৰ পৰিৱৰ্তে সেইখন স্পেইনত প্ৰকাশ কৰাৰ প্ৰতিহে আগ্ৰহী আছিল’। কিতাপখন স্পেইনত প্ৰকাশ কৰিব খোজাৰ উপৰিও, তেওঁৰ আছিল মনেপ্ৰাণে স্পেইনত থাকি যোৱাৰ হেঁপাহ। দূৰপ্ৰাচ্যৰ ‘নিৰ্বাসনৰ’ পৰা বদলিৰ জৰিয়তে মুকলি হৈ ইউৰোপত নিযুক্তি লভাৰ তেওঁৰ আছিল বাঞ্ছা। সেই উদ্দেশ্যে তেওঁ, পূৰ্বচিনাকি নথকা, চিলিৰ এগৰাকী লেখক আৰু কুটনীতিবিদ কাৰ্লছ মোৰ্লা লিঞ্চৰ সৈতে পত্ৰেৰে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ আশা আছিল যে, মাদ্ৰিদৰ দূতাবাসৰ বিভিন্ন পদত চাকৰি কৰা মোৰ্লাই কিজানি কিবা প্ৰকাৰে সহায় কৰিব পাৰে। পূৰ্বতে বৰ্ণিত, ফ্ৰাঞ্চৰ ৰাছিয়ান বাৰৰ ঘটনাৰ নায়কবন্ধু এলফ্ৰেদো কোন্দনে এই ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল। আৰম্ভণিৰে পৰা মোৰ্লালৈ লিখা নেৰুডাৰ চিঠিবোৰ আছিল মুকলি আৰু অন্তৰংগ : “কাৰ্লছ মোৰ্লা, মোৰ কথা কি ক’ম, মই বৰ অকলশৰীয়া আৰু অসহায়৷ স্পেইনলৈ বদলি হ’লে মই বৰ ভাল পাম ৷ তাৰ বাণিজ্যদূতৰ কাৰ্যালয়ত পদ খালী আছেনে ? তালৈ বদলি হোৱাৰ বাবে কিবা ৰাস্তা খোলা আছেনে? ইয়াত মই ভয়ানক অন্ধকাৰত ডুব গৈ আছোঁ। কেবা বছৰ ধৰি শ্বাসপ্রশ্বাসৰ সমস্যাত ভুগি, মই বৰ বিৰক্তিৰে দিন নিয়াইছোঁ। প্ৰতিকাৰৰ কোনো উপায় নাইনে? ইউৰোপৰ কোনো এখন সৰু চহৰত, অনন্তকালজুৰি নহ’লেও, মোৰ শৰীৰে আটে মানে, বাস কৰিব পৰা হ’লে, মই বৰ সুখী হ’লোঁহেঁতেন। সেয়া সম্ভৱনে? আপুনি ৰাষ্ট্ৰদূত হিচাবে মোৰ কাৰণে কিবা কৰিব নোৱাৰেনে”?
মন্ত্ৰণালয়ে নেৰুডাৰ আবেদন গ্ৰাহ্য কৰি তেওঁক শ্ৰীলংকালৈ বদলিৰ নিৰ্দেশ দিছিল। নেৰুডাৰ মতে, তেওঁৰ এই ৰেংগুনৰ পৰা প্ৰস্থানক, কেইমাহমান আগৰ পৰা নাটকীয়ভাৱে স্থাপন হোৱা এটি নাৰীজনিত সম্পৰ্কই ত্বৰান্বিত কৰিছিল। ব্ৰহ্মদেশীয় এই ছোৱালীজনীৰ নাম আছিল যোছি
ব্লিছ। তাই ইংৰাজ ৰমণীৰ দৰে সাজপাৰ পৰিধান কৰিছিল৷ নেৰুডাই তেওঁৰ ‘স্মৃতিকথা’ত তাইক “ব্ৰহ্মদেশীয় নাহৰফুটুকী বাঘিণী’’ আৰু “আতংকবাদী প্ৰেমিকা’’ আখ্যা দিছিল৷
নিজৰ জীৱনীত লিখাৰ দৰে যোছি ব্লিছ আছিল তেওঁৰ জীৱনৰ আটাইতকৈ কৌতুহলোদ্দীপক আৰু আলোড়ন সৃষ্টিকাৰী চৰিত্ৰ। তেওঁৰ সাতোটানে আঠোটা কবিতাত এই ছোৱালীজনীৰ উল্লেখ আছে। মেৰিয়া কাৰ্দনে লিখা “নেৰুডাৰ প্ৰেমবোৰ“ (The Loves of Neruda), শীৰ্ষক কিতাপখনৰ এটি অধ্যায়ত সম্পূৰ্ণকৈ যোছি ব্লিছৰ বিষয়ে আলোচনা কৰা দেখা যায়৷ তেওঁৰ মতে, এই ছোৱালীজনী আছিল নেৰুডাৰ উৎকেন্দ্ৰিকতাৰ পৰা উদ্ভূত এক কাল্পনিক চৰিত্ৰ। নেৰুডাৰ লিখনি আৰু বন্ধুবৰ্গৰ স’তে আলোচিত কিছু ক্ষুদ্ৰ আমোদজনক কাহিনীত বাহিৰে সেই ছোৱালীজনীৰ অস্তিত্ব সম্পৰ্কে পিছে সন্দেহৰ অৱকাশ নথকা নহয়।
সম্ভৱতঃ নেৰুডাই তেওঁৰ কাহিনীটো মণ্ডিত কৰিবলৈ গৈ তাইৰ কল্পিত নামটো আবিষ্কাৰ কৰিছিল; হয়তোবা সেয়া আছিল তাইৰ নিজৰ পছন্দ অনুসাৰে লোৱা নাম। অৱশ্যে তেতিয়াৰ প্ৰজন্মৰ কিছু স্থানীয় বাসিন্দাই উপনিবেশবাদী চাহাবৰ সৈতে মিলিবলৈ গৈ প্ৰায়ে ইংৰাজী নাম গ্ৰহণ কৰাটো দস্তুৰত পৰিণত হৈছিল৷ যিয়ে নহওক, আজিলৈকে কোনেও তাইৰ আচল নামনো কি আছিল তাক জানিব পৰা নাই আৰু চৰকাৰীভাৱে যোছি ব্লিছ নামৰ কোনো ছোৱালীৰ ফটো বা তথ্যও উদ্ধাৰ কৰিব পৰা নাই। অনুমান কৰামতে তাই আছিল হুঁটা মাতকথাৰে অস্থিৰ চিত্তৰ এজনী ছোৱালী৷ কিন্তু তাইৰ অৱস্থিতি সম্পৰ্কে প্ৰামাণ্য তথ্য আজিকোপতি কোনেও আগ বঢ়াব পৰা নাই। তাইৰ কোনো ফটোও পাবলৈ নাই। আনহাতে এয়াও আচৰিত যে এই ছোৱালীজনীয়ে যিজনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল, তেওঁৱো ভনীয়েক বা মাকৰ সৈতে চিঠিপত্ৰ মাৰফৎ যোগাযোগ ৰক্ষা কৰাৰ সময়ত এই বাঘিণীৰূপী প্ৰেমিকাৰ কথা ঘূণাক্ষৰেও উল্লেখ কৰা দেখা নগৈছিল৷ সকলোতকৈ আশ্চৰ্যজনক এয়ে যে, যিজনে এই ছোৱালীজনীৰ সৈতে আবেগ-বিহ্বল হৈ দিনৰ পাছত দিন ইমান সময় আৰু শক্তি ক্ষয় কৰিছিল, সেইজন প্ৰেমিকেও হেক্টৰ ইয়ান্দিৰ সৈতে ইমান মুকলি আৰু খোলা মনেৰে পত্ৰালাপ কৰোঁতে এবাৰো এই ছোৱালীজনীৰ কথা উল্লেখ নকৰাটো আছিল মন কৰিবলগীয়া।
“তোমাৰ (যোছি) ব্লিছৰ পম খেদি: পাবলো নেৰুডাৰ ব্ৰহ্মদেশীয় প্ৰেমিকাৰ প্ৰতিকূল আৰু গোলমলীয়া জীৱনৰ পাছৰ ছোৱা”। নামৰ গৱেষণামূলক গ্ৰন্থখনত ৰোনি কেণ্টোৰে লিখিছিল, “নেৰুডাৰ জীৱন আৰু কৃতি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ গৈ প্ৰজন্মৰ পাছত প্ৰজন্মৰ সমালোচকসকলে পৃষ্ঠাৰ পাছত পৃষ্ঠা ভৰাই পাবলোৰ ব্ৰহ্মদেশীয় প্ৰেমিকা যোছিক এজনী আচহুৱা, প্ৰবল অনুভূতিপ্ৰবণা, কুট্কটিয়া আৰু জীঘাংসু চৰিত্ৰৰ ছোৱালী হিচাবে চৰিত্ৰায়ণ কৰা দেখা যায়৷ প্ৰকৃততে এই মূল্যায়নবোৰ আছিল অৰ্থহীন : কাৰণ, পুৰাতত্ত্ববিদসকলে দাঙি ধৰা তথ্যৰ সৈতে ইবোৰ সংগতিপূৰ্ণ নহয়, বৰঞ্চ তথ্যপাতিয়ে যোছিৰ অস্তিত্ব সম্পৰ্কে প্ৰশ্নৰহে উদ্রেক কৰা দেখা যায়’।’
ভৌতিক ৰসায়নে সৃষ্টি কৰা প্ৰচণ্ডভাৱে অসংযত আচৰণৰ দৰে আছিল তেওঁলোকৰ ৰোমাঞ্চ। দশক দশক পাছত নেৰুডাই প্ৰধানতঃ তেওঁৰ স্মৃতিকথাত যোছি ব্লিছৰ যি বৰ্ণনা দিছে সেয়া বিশ্বাসযোগ্য বুলি ক’ব পৰা নাযায় : “তাইৰ সাংঘাতিক পৰশ্ৰীকাতৰতা আৰু কৰ্তৃত্বশীল মেজাজ; পাবলোৰ ঘৰৰ পৰা অহা টেলিগ্ৰামবোৰত তাইৰ দৰক লগা ৰঙা চকু, আৰু সিবোৰ দেখা মাত্ৰকে খঙৰ ভমকত জ্বলি উঠা; পাবলো নথকা অৱস্থাত নিজে পিয়নৰ পৰা গ্ৰহণ কৰা টেলিগ্ৰামবোৰ নোখোলাকৈ লুকাই ৰখা; আৰু পাবলোৰ ভাষাত কেনেকৈ তাই ‘মই শান্তভাৱে বহি থাকিলেও কোপদৃষ্টিৰে চায়’ ইত্যাদি’।’
পাবলোৱে স্মৃতিকথাত লিখিছিল : “কেতিয়াবা ৰাতি পোহৰ দেখি মই সাৰ পাইছিলোঁ; আঁঠুৱাৰ সিপাৰে এটা ভূতে লৰচৰ কৰি থকা দেখিছিলোঁ৷ অ’, সেয়া দেখোন শুকুলা সাজত তাই, তাইৰ হাতত এখন দীঘল আৰু ধাৰাল দেশীয় ছুৰী, মোৰ পিনে লক্ষ্য ৰাখি সেইখন তাই হাতেৰে নচুৱাই আছিল; হয়, এইজনীয়ে তাই, প্ৰায় এঘণ্টা ধৰি তাই মোৰ বিছনাৰ চাৰিওফালে ঘূৰি আছিল; মোক এতিয়াই বধ কৰিবনে নাই, এই লৈ যেন দোধোৰ-মোধোৰত আছিল৷ হঠাৎ তাই চিঞৰি কৈছিল, ‘তুমি মৰিলেহে মই ভয়শূন্য হ’ম’। পাছদিনাখন তাই, অদ্ভুত অদ্ভুত লগা ধৰ্মীয় আচাৰ-অনুষ্ঠান পাতি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, যাতে তাইৰ প্ৰতি মোৰ বিশ্বস্ততা অক্ষুণ্ণ থাকে”।
অৱশ্যে, এনে অত্যধিক উগ্ৰ আৰু অত্যন্ত অস্থিৰ স্বভাৱৰ তজবজীয়া ছোৱালীৰ স’তে তেওঁৰ যে সাক্ষাৎ হোৱা নাছিল, এনে নহয়, আৰু যিজনীক হয়তো পাবলোৱে প্ৰবল অনুৰাগ ঢালি ভাল পাইছিল৷ কিন্তু যিয়েই নহওঁক, এয়াও সত্য যে, নেৰুডাই তেওঁৰ ওৰে জীৱনৰ সমগ্র লিখনিত অতিৰঞ্জনৰো আশ্ৰয় নোলোৱাকৈ থকা নাছিল। তাতে তাহানিৰ সৌ দিনবোৰত প্ৰাচ্যত বিৰাজ কৰা জাতি,লিংগ আদিৰ অৱস্থানৰ ক্ষেত্ৰত তাইৰ যোগেদি দাঙি ধৰা সমস্যাবহুল বৰ্ণনাবোৰৰ স্পষ্টতা কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া। তেওঁ ৰাত্ৰিযাপন কৰা আন দহজনী শ্যামদেশীয় শ্যাম বৰণীয়া ছোৱালীৰ দৰে যোছি আছিল যদিও, মেমৰ লেখীয়া পোছাক পৰিধান কৰা বদমেজাজী তাই পাবলোৰ চকুত অনন্য হিচাবে দেখা দিছিল। তেওঁ তাইক হৃদয়ৰ ৰাণী হিচাপে বৰণ কৰি নিষ্ঠাবান প্ৰেমিকৰ দৰে বিয়া কৰাৰ কথাও চিন্তা কৰিছিল, যিটো অন্যান্য ব্ৰহ্মদেশীয় ছোৱালীৰ বেলিকা তেওঁ ভাবিব পৰা নাছিল। অন্যধৰণে ক’বলৈ হ’লে, কল্পনাৰ বিষয়বস্তু হিচাবে তাইক তেওঁ এজনী আদৰণীয় আৰু গ্ৰহণযোগ্যা ছোৱালী বুলি ধৰি লৈছিল, যাৰ ওপৰত নেৰুডাই তেওঁৰ সকলো বৰ্ণবাদী চিন্তাচেতনা নিৰ্বিবাদে আৰোপ কৰিব পাৰে।
এইখিনিতে উল্লেখ কৰিব পাৰি ১৯৩৪ চনত প্ৰকাশিত, জৰ্জ অৰৱেলৰ “ব্ৰহ্মদেশৰ দিনবোৰ” নামৰ গ্ৰন্থখনৰ কথা, যিখনক নেৰুডাই মডেল হিচাবে লৈ, সেইখনক আত্মস্থ কৰি পৰৱৰ্তী বছৰবোৰত হয়তো নিজৰ ৰচনাত অন্য ৰূপত মূৰ্ত কৰাৰ চেষ্টা
কৰিছিল। কাৰণ, অৰৱেলৰ কিতাপখনৰ ব্ৰহ্মদেশীয় মাৰাত্মক নাৰীচৰিত্ৰ মা লা মেৰ লগত যোছিৰ নিকট সাদৃশ্য দেখা যায়৷ পশুবৎ তুলনাৰে মা লা মেকো মাজেসময়ে মেকুৰীপোৱালি সজোৱা হৈছিল; আৰু কেতিয়াবা কীটৰূপে বৰ্ণনা কৰা হৈছিল। যোছিয়ে যিদৰে পশ্চিমীয়া সাজ পিন্ধি নিজৰ পৰিচয় গোপন কৰিবলৈ চেষ্টা কৰিছিল, ঠিক সেইদৰে মা লা মেই বগা পাউদাৰ মুখত সানি আত্মগোপন কৰিছিল।
উত্তৰ-ঔপনিৱেশিক যুগৰ তাত্ত্বিক এডৱাৰ্ড চইডৰ মতে, সেই সময়ত পাশ্চাত্যৰ লেখক সকলে “প্ৰাচ্যৰ মহিলা”সকলক বাধ্য, সুৰুচিপূৰ্ণ আৰু যৌনবাসনাৰ ক্ষেত্ৰত নমনীয় আখ্যা দিছিল। আনহাতে, কেণ্টৰৰ ভাষ্য অনুযায়ী প্ৰাচ্যৰ মহিলাসকল আছিল “জ্ঞানী”, কিন্তু পৰস্পৰবিৰোধী চৰিত্ৰেৰে মহিমাময়ী, অৰ্থাৎ এপিনে বোধশক্তিৰ ফালৰ পৰা অজলা প্ৰকৃতিৰে সৰল যাক মূৰ্খতা বুলিও ক’ব পাৰি, আনপিনে স্বাস্থ্যবিধি আৰু থকাখোৱাৰ ক্ষেত্ৰত জান্তৱভাৱে অপৰিষ্কাৰ আছিল। পিছে আনএটি দিশ হ’ল, এওঁলোক আৱেগ অনুভূতিৰ বেলিকা বিস্ফোৰক পদাৰ্থৰ দৰে, উদ্গীৰিত হৈ স্বপীড়ানন্দিতাৰে ভয়ানক ৰূপ ধাৰণ কৰাবিধৰ। যোছি ব্লিছত তাৰেই প্ৰকাশ দেখা যায়, যিজনীক নেৰুডাই গছৰ লগত ৰিজাই চিত্ৰাংকণ কৰিছিল৷
তেওঁৰ “সৈনিকৰ ৰাতি’’ নামৰ কথাকবিতাটোত প্ৰথম প্ৰথম যোছি ব্লিছৰ লগত সম্পৰ্কিত চিন্তাৰ প্ৰতিফলন দেখা যায়। “যুৱক সম্ৰাট” (The Young Monarch) জনে, এই চুটি কথাকবিতাটোত যোছি ব্লিছৰ চৰিত্ৰৰ পৰিষ্কাৰ আলেখ্য এটা দাঙি ধৰি কৈছিল যে তেওঁ মান্দালয়ৰ (মন কৰিবলগীয়া যে বৃটিছসকল অহাৰ আগতে মান্দালয় ব্ৰহ্মদেশৰ ৰাজধানী আছিল) আটাইতকৈ ধুনীয়া ছোৱালী এজনীক বিয়া কৰাব খোজে৷ মুখত চিগাৰ আৰু কণ কণ সৰু ভৰি দুখনিৰে তাই এজনী ধুনীয়া ছোৱালী আছিল। “চুঙাৰ আকৃতিৰ তাইৰ ক’লা চুলিকোছা জাংফাই ৰঙৰ ফুলেৰে আবৃত আছিল৷ তাই বাস কৰিছিল ভয়ানকভাৱে; তাই ৰজাৰ জীয়ৰী; তাই তেওঁৰ “বাঘ”। তথাপি তেওঁ তাইৰ কুণ্ডলী পকোৱা চুলিকোছাত চুমা খোৱাৰ পাছত, কথাকবিতাৰ বক্তাজন উচুপি উঠিছিল তেওঁৰ “আনমনাজনীৰ বাবে’’— সেইজনী পিছে এই ছোৱালীজনী নহয়, সম্ভৱতঃ এলবেৰ্টিনাহে ৷ অৱশ্যে বক্তাজনে তেওঁৰ কইনাজনীক বিয়া কৰাইছিল নে নাই অথবা বিয়া কৰাব খুজিছিল নে নাই সেয়া অস্পষ্ট থাকি গৈছিল ৷
তেওঁ লিখা কথাকবিতাটোৰ কাহিনীভাগ যিমানে আগ বাঢ়িব ধৰিছিল, আৰু পাছত স্মৃতিকথাত লিখাৰ দৰে, নেৰুডাই ব্ৰহ্মদেশ এৰিবৰ পৰ হৈছিল আৰু তেওঁ নিজকে বৰলা হিচাবে বৰণ কৰিবলৈ লৈছিল। এইযে যোছি ব্লিছৰ সৈতে বিচ্ছেদ, তাক তেওঁ তেওঁৰ উল্লেখযোগ্য কবিতা এটিৰ মাজেদি মূৰ্ত কৰিছিল, যিটোৰ নাম আছিল “বৰলাৰ নৃত্য”। এতিয়া আৰু দপদপাই থকা ৰাজকুমাৰীজনী নাই, তাই এতিয়া “মাৰাত্মকভাৱে ক্ৰুৰ“ হৈ পৰিছে—ইপিনে তাইৰ প্ৰকৃততে মৃত্যুও হোৱা নাই।
যোছি ব্লিছে মোক “বধ কৰিহে এৰিলেহেঁতেন,’’ নেৰুডাই তেওঁৰ ‘স্মৃতিকথা’ত লিখিছিল৷ সেয়েহে নতুন পদত নিযুক্তিৰে শ্ৰীলংকালৈ বদলিৰ চৰকাৰী নিৰ্দেশনামা পোৱা মাত্ৰকে তেওঁ এইখনক সাৰথি কৰি তাইৰ পৰা পলাই আঁতৰি যোৱাৰ বাবে সাজু হৈছিল আৰু অতি সংগোপনে ৰাখিছিল তেওঁৰ প্ৰস্থানপৰ্বক। ‘স্মৃতিকথা’ত বিবৰাৰ দৰে, তেওঁ তেওঁৰ “কাপোৰকানি আৰু কিতাপপত্ৰ’’ যেনেকৈ আছিল তেনেকৈ এৰি থৈ পলাই গুচি গৈছিল, যাতে তাই তেওঁৰ নিৰুদ্দেশৰ কোনো উমঘাম নাপায়। “মই পৰিকল্পনা অনুসৰি যথাৰীতি ঘৰৰ বাজ হৈছিলোঁ আৰু জাহাজত উঠিছিলোঁ, যিখনে মোক দূৰ সুদূৰলৈ লৈ যাব”। আক্ষৰিক অৰ্থত, ‘বৰলাৰ নৃত্য’ নামৰ কবিতাটোৰে তেওঁ যেন যোছিৰ ওচৰত জবাবদিহি হ’ব বিচাৰিছিল৷ বদলিৰ নিৰ্দেশ পোৱাৰ পাছত আৰু শ্ৰীলংকা গমনৰ পূৰ্বে ১৯২৮ চনৰ নৱেম্বৰ মাহৰ পৰা বছৰটোৰ শেষলৈ, দুমাহ তেওঁ কলিকতাত কটাইছিল। (তাত হিনোজোছাৰ সৈতে তেওঁৰ পুনৰ্মিলন হৈছিল)। ‘বৰলাৰ নৃত্য’ৰ ৰচনাৰ তাৰিখ আছিল ‘কলিকতা, ১৯২৮’৷ এই কবিতাটোৱেও নেৰুডাৰ অন্যান্য উৎকৃষ্ট ৰচনাৰ শাৰীত বহিবলৈ সক্ষম হৈছিল। ‘মৰতৰ আবাস’খন মাদ্ৰিদত প্রকাশিত হোৱাৰ ঠিক পাছতেই গিলাৰ্মো দা টোৰিয়ে ‘বৰলাৰ নৃত্য’ক অন্যতম গভীৰ অৰ্থবহ কবিতা বুলি উচ্চস্বৰে প্ৰশংসা কৰিছিল৷ ২০১০ চনত নোবেল বঁটাপ্ৰাপ্ত পেৰুৰ সাহিত্যিক মেৰিও ভাৰ্গাছ লোছাই লিখিছিল যে কবিতাটোৱে “মোৰ ৰাজহাড়জুৰি গভীৰ শিহৰণৰ সৃষ্টি কৰে,’’ আৰু সকলো অনুপম সাহিত্যকৃতিৰ দৰে এহাতে উদ্বিগ্নতা আৰু আনহাতে আশ্চৰ্যময় সুখানুভূতিৰে আমাক বুৰাই দিয়ে”। কবিতাটো ইমানেই শক্তিশালী যে, ই যোছি ব্লিছৰ ৰহস্যম়য় উপাখ্যানকো ম্লান কৰি প্ৰজন্মৰ পাছৰ প্ৰজন্মৰ কবিতাপ্ৰেমিকক মুগ্ধ কৰিব পাৰিছিল। অনুভূতিৰ প্ৰাবল্য আৰু প্ৰৰোচিত কৰিব পৰা চিত্ৰকল্পৰ সূক্ষ্ম গাঁথনিৰে সমৃদ্ধ কবিতাটো যে এক অনুপম সৃষ্টি তাক সকলোৱে একেমুখে স্বীকাৰ কৰিছে। কবিতাটোত এলবেৰ্টিনালৈ লিখা অধিকাংশ চিঠিৰ প্ৰতিফলন দেখা যায়, যিবোৰত আছিল অকথ্য গালিগালাজ ভৰা আকুল প্ৰেমৰ ছটফটনি৷
কবিতাটো আৰম্ভ হৈছে এইদৰে :
“হে ক্ৰুৰমতি“—বিদ্বেষপৰায়ণা, দুষ্টা ক’ৰবাৰ—
ইতিমধ্যে মোৰ চিঠিখন তুমি নিশ্চয় পাইছা,
আৰু তুমি মোৰ মাক ধৰি গালি পাৰিছা,
শাওপাত দিছা তেওঁক পচা ঢেঁকুৰি
বুলি আৰু কুকুৰৰ মাক বুলি;
তুমি চাগে মোৰ চিৰদিনৰ বাবে পৰিত্যক্ত,
পুৰণি জোতাযোৰৰ পিনে চাই চাই, আলিজালি পোহৰত,
অকলে অকলে সুৰাৰ ৰাগীত মতলীয়া হৈছা…..
কবিতাটো যিমানে অগ্ৰসৰ হৈছে, তেওঁলোকৰ মাজৰ দূৰত্ব যেন অসহ্য যন্ত্ৰণাদায়ক হৈ পৰিছে। তেওঁৰ মনত পৰিছে এৰি থৈ অহা তেওঁলোকৰ ঘৰুৱা জীৱনলৈ :
“কাপোৰ ওলোমাবলৈ মোৰ কোঠাত নাই কোনো হেংগাৰ, বেৰত নাই কাৰো ছবি”। ইয়াৰ পাছতে তেওঁ তাইক এক প্ৰাচীন স্বপীড়ানন্দিত, হিংসুক, “মাৰাত্মক ছোৱালী”ৰ ৰূপত ৰূপায়িত কৰিছে :
নাৰিকলজোপাৰ কাষত,
মই লুকাইচুৰকৈ পুতি থোৱা ছুৰীখন তুমি পাছত পাবা,
যিখনক মই, তুমি মোক মাৰিবা বুলি ভয়তে লুকাই থৈছিলোঁ……
তেওঁ যেন ইয়াৰ পাছতো পুনৰ দৃশ্যটোলৈ উভতি যাব বিচাৰিছে :
আৰু হঠাৎ এতিয়া মই পাকঘৰৰ
ষ্টিলৰ গোন্ধৰ প্ৰতি লালায়িত হৈছোঁ….
নেৰুডাই সমগ্ৰ কবিতাটোত প্ৰত্যক্ষ কৰিছিল, ভয়-ভাবুকি, যৌন-বাসনা আৰু নিষ্ঠুৰতাৰ আৱৰ্তনচক্ৰ।
তোমাৰ কৰ্কশ নিশ্বাসৰ বিনিময়ত মই তোমাক দিলোঁহেঁতেন এই ৰাক্ষসী সাগৰখন……
শুনিলোঁহেঁতেন ঘৰৰ পাছফালে অন্ধকাৰত জিৰজিৰকৈ মূতি থকা তোমাৰ মূতৰ শব্দ, যেন তুমি অবিৰতভাৱে কঁপাই কঁপাই বোৱাইছা ৰূপ বৰণীয়া, পাতল মৌ,
হায়, কিমানবাৰ যে মই মোৰ ছায়ানৃত্যবোৰক বিসৰ্জন দিম, যিবোৰ মোতেই পালিত আৰু
কিমানবাৰযে মই মোৰ অন্তৰৰ পৰা
নিগৰোৱা অৰ্থহীন তৰোৱালৰ ঝনঝননিবোৰ নুশুনাকৈ থাকিম ৷
“ অন্ধকাৰত জিৰজিৰকৈ মূতি থকা তোমাৰ মূতৰ শব্দ’’ স্পেনিছ ভাষাত লিখা এই শব্দকেইটা আছিল সঁচাকৈয়ে বিপ্লৱী, যি শব্দকেইটা ক্ৰোধ উদ্ৰেককাৰী মৰ্মাৰ্থৰে কাণত বাজি থাকে। ইয়ে নিত্যনিমিত্তিক জীৱনৰ নিৰ্মম বাস্তৱতাক সূচায়, সেইদৰে, অন্তৰংগতাই পেচাবকো মৌমিঠা কৰে৷ তেওঁ তাইৰ নিৰ্গত পায়খানাকো প্ৰায় সৰগসম মহিমাৰে মহিমামণ্ডিত কৰিছে। তথাপিও যেন হৃদয়ৰ গভীৰত তলসুৰীয়াকৈ বাজি থাকে : কবিতাৰ ছোৱালীজনী এটি হিংস্ৰ জন্তুৰ দৰে।
নেৰুডাৰ “স্মৃতিকথা’’ত যোছি ব্লিছৰ পুনৰোল্লেখ দেখা যায়। তাই তেওঁৰ নতুন ঠিকনাৰ সম্ভেদ পাই কলম্বোত গৈ উপস্থিত হৈছিল আৰু তেওঁৰ ঘৰৰ সম্মুখতে বাহৰ পাতিছিল। “ৰেংগুনত বাহিৰে ক’তো ধানৰ খেতি নহয় বুলি ভাবি তাই লগত এবস্তা চাউল নিছিল, আৰু নিছিল তাইৰ প্ৰিয় গায়ক পল ৰবচনৰ এখন ৰেকৰ্ড, তদুপৰি তাই শুবৰ বাবে নুৰিয়াই নিছিল এখন দীঘল কাৰ্পেট। নেৰুডাক লগ কৰিবৰ বাবে কোনোবাই ঘৰৰ সম্মুখ পালেই তাই ঠাট্টা বিদ্ৰূপেৰে গালিগালাজ কৰি আক্ৰমণ কৰিছিল’’। এইদৰে বাটৰুৱাৰ ওপৰত যোছি ব্লিছে অনাহকতে খড়্গহস্ত হোৱা দেখি উপনিবেশবাদী পুলিচে নেৰুডাক সতৰ্ক কৰি কৈছিল যে, তেওঁ তাইক নিজৰ ঘৰত ৰখাৰ ব্যৱস্থা নকৰিলে তেওঁলোকে তাইক দেশৰ বাহিৰ কৰি দিব’’। এই সকীয়নিৰ ফলস্বৰূপে, মই কেবাদিনলৈকে অন্তৰ্দ্বন্দ্বত ভুগিছিলোঁ৷ এপিনে চেনেহেৰে আপ্লুত কৰা তাইৰ হতভাগা কোমল গান্ধাৰ প্রেম আৰু আনপিনে তাইৰ ৰঙাচকুৰ আতংক, ইয়াৰ মাজতে মই ভালেকেইদিন অগাদেৱা কৰিছিলোঁ। মই তাইক মোৰ ঘৰত সুমুৱাবলৈ দিয়াৰ সাহস গোটাব পৰা নাছিলোঁ। কাৰণ তাই আছিল যি কোনো পৰ্যায়লৈ যাব পৰা প্ৰেমচণ্ডী আতংকবাদী”।
এখন দীঘল ছুৰীৰে তাই (সম্ভৱতঃ সেইখন সেই পাকঘৰৰে ছুৰী), বাণিজ্য দূতগৰাকীক লগ কৰিবলৈ অহা ডেকা ব্ৰিটিছ ৰমণী এগৰাকীক আক্ৰমণ কৰিছিল। অৱশেষত যেনিবা ওচৰচুবুৰীয়াৰ হস্তক্ষেপত ঘটনাটোৰ সিমানতে ওৰ পৰিছিল আৰু তাই কবিগৰাকীক উদ্দেশ্য কৰি ভোৰভোৰাই বলকি তেওঁক তাইৰ সৈতে ৰেংগুনলৈ জাহাজেৰে উভতিবলৈ অনুনয়বিনয় কৰিছিল৷ নেৰুডাই তাইক বন্দৰৰ ডকলৈ আগ বঢ়াই দিছিল, আলিংগনেৰে বিদায় দিয়াৰ পৰত, তাই ধাৰাসাৰে চকুলো বোৱাই তেওঁক কপালৰ পৰা ভৰিৰ আঙুলিৰ মূৰলৈকে চুমা খাইছিল, “ফলত মোৰ জোতাত লগোৱা চকমাটিৰ বগা ৰংবোৰ আটাগুৰিৰ দৰে চমকাচমকে তাইৰ মুখমণ্ডলত লাগি ধৰিছিল…..সেইযে হৃদয় চূৰমাৰ কৰি দিয়া দুখ, সেই আটাগুৰি সনা গালেৰে বৈ পৰা ভয়ানক চকুলো, সিবোৰ আজিও মোৰ স্মৃতিপটত ভাঁহি আছে”।
দেখা যায় যে, বাস্তৱিকতে তাইৰ অস্তিত্ব থাকিলেও, নেৰুডাই সুষমাযুক্ত লেখনীৰে যোছিক যেন এক অনন্য কল্পকাহিনীৰ নায়িকা হিচাপেহে তুলি ধৰিছে। তেওঁৰ দৃষ্টিত তাই আছিল সাম্ৰাজ্যবাদী সংস্কৃতিৰ বৈপৰীত্যৰে ভৰা, তেওঁৰ বৰ্ণবাদী মানসিকতাৰ ভাষাৰে যাক কোৱা হয় অজলা আৰু অপৰিপক্ব প্ৰকৃতিৰ। “মই সেইমানুহবোৰৰ জীৱনজীৱিকা আৰু আত্মাৰ গভীৰলৈ এনেকৈ প্ৰৱেশ কৰিছিলোঁ যে, মই শেহত সেই দেশৰেই থলুৱা বাসিন্দা এজনীৰ সৈতে প্ৰেমত পৰিছিলোঁ”। তেওঁ অনুভৱ কৰিছিল যে তেওঁ এজন নৃতত্ত্ববিদৰ দৰে ব্ৰহ্মদেশীয় সংস্কৃতিৰ বিষয়ে অৱগত। কিন্তু গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে, যোচি ব্লিছৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল উপৰুৱা আৰু গতানুগতিক। পৰস্পৰে সঠিকভাৱে মিলা-মিচা কৰাৰ ক্ষেত্ৰত তেওঁ যে “গভীৰলৈ যাব পাৰিছে’’ তাৰ বাবে তেওঁ তেওঁৰ সাহসী আৰু সৎ পদক্ষেপক নথৈ অভিনন্দিত কৰিছে যদিও, বৰ্ণবাদী চিন্তা আৰু পুৰুষ প্ৰাধান্যতাৰ বিষয়ে বাক্যালংকাৰেৰে প্ৰচাৰ কৰিবলৈ এৰা নাছিল। ১৯৬০ চনত নেৰুডাই যেতিয়া স্মৃতিকথাখন লিখি আছিল, সেই সময়ত, তেওঁ সক্ৰিয়তাৰে সামাজিক সমতা আৰু ন্যায়ৰ হকে যুঁজ দি আছিল। সেয়েহে, যেতিয়া তেওঁ “দলিত’’ জনৰ পক্ষে সৰৱ হৈ লেখালেখি কৰিছিল, সেই সময়ত অশ্বেতাংগ ছোৱালী এজনীক লৈ কৰা বিবেকহীন অমানৱীয় কথাবতৰাই নিশ্চয়কৈ তেওঁৰ নৈতিক সততাৰ ওপৰত প্ৰশ্নৰ উদ্ৰেক কৰে। এছিয়াত থকা কালত গঢ়ি উঠা নেৰুডাৰ ব্যক্তিগত জীৱন তথা মনোভংগী আৰু তেওঁৰ ভবিষ্যতৰ ৰাজনৈতিক আদৰ্শৰ মাজত বিৰাজ কৰা এইযে দুস্তৰ ফাৰাক আৰু স্ববিৰোধিতা, এইবোৰ তেওঁৰ সমগ্ৰ জীৱনত বাৰে বাৰে ভুমুকি মৰা দেখা গৈছিল।