বিবিধ চিন্তা

পঢ়ুৱৈৰ কথা, আমাৰ কথা :: মুক্ত চিন্তাৰ পঞ্চম বৰ্ষপূৰ্তিৰ প্ৰাক্‌ক্ষণত

আমাৰ কথা

অন-লাইন আলোচনী “মুক্ত চিন্তা”-ই এটি-দুটিকৈ পাঁচোটি বছৰ অতিক্ৰম কৰিলে। এই যাত্ৰা সফল আৰু গৌৰৱময় হয় নে, সেইটো প্ৰশ্নত পৰিচালনামণ্ডলীৰ নিজৰ ধাৰণা থাকিলেও, তাক নিজৰেই আলোচনীখনত প্ৰকাশ কৰাটো সংগত আৰু শোভনীয় নহ’ব। সেইবাবেই প্ৰশ্নটোৰ উত্তৰ আমি আলোচনীখনৰ পাঠক-পাঠিকালৈ বিনম্ৰভাৱে এৰিছোঁ, লগতে “আমাৰ কথা”-ৰ তলত “পঢ়ুৱৈৰ কথা”—এই উপশিৰোনামেৰে তেখেতসকলৰ কিছু নিৰ্বাচিত মন্তব্য অশেষ ধন্যবাদ জনাই সন্নিৱিষ্ট কৰিছোঁ।

পঁচিশ বছৰ আগৰ কথা। ১৯৯৫ চনৰ ২১ ছেপ্টেম্বৰৰ দিনাখন অন্ধবিশ্বাসৰ প্রবল প্রতাপৰ সন্মুখত আমাৰ আধুনিকতাৰ গৌৰৱ চূৰ্ণীকৃত হৈ পৰিছিল। নিজৰ সাধাৰণ বিচাৰ-বুদ্ধিকো বিসৰ্জন দি সেইদিনা অগণন মানুহে প্রস্তৰ মূৰ্ত্তি এটাক “গাখীৰ খুৱাবলৈ” বুলি দৌৰি গৈছিল। অসমত যুক্তিবাদী বিচাৰ-বিশ্লেষণেৰে ঘটনাটোৰ স্বৰূপ উন্মোচন কৰি প্রকৃত সত্য ৰাইজৰ মাজত প্রচাৰ কৰা সংগঠনৰ অভাৱ সেইদিনা বাৰুকৈয়ে অনুভূত হৈছিল। তাৰ মাজতেই, ডিব্রুগ‌ড় নগৰত এমুঠি মানুহ লগ হৈ “ৰেশ্যনেলিষ্ট ছচাইটি” এখন ততাতৈয়াকৈ গঠন কৰে। অলপ দিনৰ পাছতেই নৱগঠিত ৰেশ্যনেলিষ্ট ছচাইটি-এ “গণেশৰ দুগ্ধপানঃ এক আলোকপাত” শীৰ্ষক এখনি পুস্তিকা প্রকাশ কৰি, সেইখন বিনামূলীয়াকৈ ৰাইজৰ মাজত বিতৰণ কৰে। উক্ত পুস্তিকাখনিয়ে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছিল (পুস্তিকাখনি গুৱাহাটীৰ প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ বিজ্ঞান সমিতিয়ে প্রকাশ কৰা “বিজ্ঞান অন্ধবিশ্বাস আৰু সমাজ” নামৰ গ্রন্থৰ তৃতীয় সংস্কৰণত সন্নিৱিষ্ট কৰা হৈছে)। পাছলৈ, ২০০৩ চনৰ অক্টোবৰ মাহত সেইসকল লোকেই যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ

যুক্তি-বিকাশ সমিতি, অসমে প্ৰকাশ কৰা কেইখনিমান পুস্তিকা আৰু পুস্তিকাসমূহৰ একত্ৰ সংকলন। সংকলনখনি প্ৰকাশ কৰিছিল অসম প্ৰকাশন পৰিষদে।

অনুশীলন সাংগঠনিক ৰূপত সম্পাদন কৰিবলৈ গঠন কৰে এখনি সমূহীয়া মঞ্চ, “যুক্তি-বিকাশ সমিতি, অসম”। সাম্প্রদায়িকতা, মৌলবাদ, বৰ্ণবাদ, ডাইনি-বিশ্বাস, নাৰী-অৱদমন, জ্যোতিষ, ফেংচুই, বুদ্ধিদীপ্ত নিৰ্মাণ আদিৰ দৰে নেতিবাচক আৰু অনিষ্টকৰ ধ্যান-ধাৰণাৰ আঁৰৰ অৰ্থনৈতিক-ৰাজনৈতিক-সামাজিক-মনস্তাত্ত্বিক দিশসমূহৰ কথা সহজ-সৰল প্রকাশভংগীৰে প্রচাৰ কৰাত অগ্রাধিকাৰ দিবলৈ স্থিৰ কৰা হয়। ২০১২ চনলৈকে সমিতিয়ে প্রকাশ কৰি উলিয়ায় স্বয়ং-সম্পূৰ্ণ ষোল্লখন উচ্চমানবিশিষ্ট পুস্তিকা।

পাছলৈ এই পুস্তিকাসমূহ একেলগ কৰি দুখন পৃথক গ্রন্থত সংকলিত কৰা হয়। পাঠকৰ বিপুল সঁহাৰি আৰু প্রতিক্রিয়াশীল মহলৰ বিৰূপ প্রতিক্রিয়াই সমিতিক অধিক সচেতন আৰু সক্রিয় কৰি তুলিলে। 

পুস্তিকাকেইখনমানৰ অন্য এখন একত্ৰ সংকলন।

ইন্টাৰনেট ব্যৱস্থাৰ আগমনৰ লগে লগে অসমতো ছচিয়েল মিডিয়াই ব্যাপকভাৱে জনপ্রিয়তা লাভ কৰিলে। এই কথাটোলৈ লক্ষ্য ৰাখি ২০১১ চনৰ অক্টোবৰ মাহত “মুক্ত চিন্তা” নামৰ ফেইচবুক গোট এটি গঠন কৰা হয়। গোটটিৰ মজিয়াত অন-লাইন জগতখনত সক্রিয় বহুকেইগৰাকী নৱীন-প্রবীণৰ উদ্দীপনাময় অংশগ্রহণে সমিতিৰ কামকাজ অধিক ত্বৰাণ্বিত কৰি তুলিলে। বিশেষকৈ, বহুতো উৎসাহী যুক্তিবাদী তৰুণ-তৰুণীৰ কণ্ঠেৰে মুখৰিত হৈ পৰে “মুক্ত চিন্তা”-ৰ প্রাংগণ।

ত্রৈমাসিক আলোচনী “এষণা”, এটি সংখ্যাৰ বেটুপাত।

২০১৪ চনৰ মাৰ্চ মাহত সমিতিৰ ত্রৈমাসিক আলোচনী “এষণা”-ই ৰাইজৰ মাজত আত্মপ্রকাশ কৰিলে। যুক্তিবাদ, বিজ্ঞানমনস্কতা, নিৰীশ্বৰবাদ, পুৰুষতন্ত্ৰ, সমাজনীতি আদিৰ বিষয়ে সহজ-সৰল ভাষাত বিভিন্ন প্ৰবন্ধ এই লিট্‌ল মেগাজিনখনত প্ৰকাশ পাই আহিছে। “এষণা”-ৰ প্ৰতি সচেতন পঢ়ুৱৈৰ, বিশেষকৈ ভিতৰুৱা অঞ্চলৰ পাঠক-পাঠিকাৰ আগ্ৰহে আমাক সময়ে সময়ে অভিভূত কৰি তুলিছে। ‌সাম্প্ৰতিক সময়ৰ পৰিৱৰ্তিত পৰিস্থিতিত এই লিট্‌ল মেগাজিনখনক নৱৰূপ দিবলৈ আমি পৰিকল্পনা যুগুত কৰাৰ চেষ্টা কৰি আছোঁ। কভিড ৰোগে উদ্ভৱ ঘটোৱা অভূতপূৰ্ব স্থবিৰ পৰিস্থিতিৰ অৱসান হ’লেই “এষণা” পুনৰ নিয়মিতভাৱে প্ৰকাশ পাব। 

“মুক্ত চিন্তা” ফেইচবুক গোটৰ কাভাৰ ফ’ট’। এই ফেইচবুক গোটটোৰ পৰাই “যুক্তি-বিকাশ সমিতি, অসম”-এ অন-লাইন আলোচনীখন প্ৰকাশ কৰিবলৈ উৎসাহ পাইছিল।

উপৰিউক্ত কামকাজৰ উপৰিও, সীমিত সামৰ্থৰ মাজতে “মুক্ত চিন্তা” গোটে বিভিন্ন ঠাইত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। প্ৰয়োজনসাপেক্ষে ৰাজপথত আয়োজন কৰিছে প্ৰতিবাদী কাৰ্যসূচীৰ।

নগৰৰ পৰা আঁতৰৰ কাৰ্যসূচীত “মুক্ত চিন্তা”-ই যথোচিত গুৰুত্ব দি আহিছে। ফ’ট’ত তেনে এটি সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত সমিতিৰ কেইগৰাকীমান সদস্য-সদস্যা।

২০১১ চনত আৰম্ভ কৰা “মুক্ত চিন্তা” ফেইচবুক গোটটিৰ কথা ইতিমধ্যেই উল্লেখ কৰিছোঁ। এইটো গোটত দিনে দিনে চিন্তাশীল লেখা আৰু আলোচনাৰ পয়োভৰ ঘটিবলৈ ধৰিলে। গোটটোৰ মজিয়াত বহুতো নতুন লেখক-লেখিকাৰ ভৱিষ্যতৰ সম্ভাৱনাৰ উমান স্পষ্টকৈ পৰিলক্ষিত হ’ল। তেখেতসকলৰ কৰ্মোদ্যম আৰু অভিজ্ঞসকলৰ দিহা-পৰামৰ্শক সাৰথি কৰি ২০১৫ চনৰ জুলাই মাহত অন-লাইন আলোচনী “মুক্ত চিন্তা” প্রকাশ কৰা হয়।

“মুক্ত চিন্তা”-ৰ প্ৰথম সংখ্যাটিৰ প্ৰকাশৰ আগ মুহূৰ্তৰ ৰাজহুৱা ঘোষণা। প্ৰথম প্ৰকাশৰ দিনটি আছিল ৫ জুলাই, ২০১৫ চন।

অন-লাইন জগতখনৰ সৈতে অপৰিচিত লেখক-লেখিকাসকলৰ ৰচনাকো আলোচনীখনিত গুৰুত্বসহকাৰে স্থান দি অহা হৈছে। সম্ভাৱনাপূৰ্ণ নতুন লেখক-লেখিকাৰ লিখা প্রকাশ কৰাটো এই আলোচনীখনিৰ এটা উল্লেখ কৰিবলগীয়া দিশ।

আলোচনীখনক পৰিচালনামণ্ডলীয়ে কেনেকুৱা ৰূপ এটি দিবলৈ অহৰহ চেষ্টা চলাই আহিছে? এইটো প্ৰশ্নৰ উত্তৰ চমুকৈ এনেকৈ প্ৰকাশ কৰা যায়:

  • আলোচনীখন অকণো নিৰপেক্ষ নহয়। আলোচনীখন সদায় যুক্তি আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে।
  • চিন্তাৰ মুক্ততাক অগ্ৰাধিকাৰ আৰু সন্মান দিয়া হয়। অৱশ্যে মুক্ততাৰ নামত যথেচ্ছাচাৰিতাক উৎসাহিত কৰা নহয়। আলোচনীখনৰ পূৰ্বৰ সংখ্যাত এইটো প্ৰসংগৰ বিস্তাৰিত ব্যাখ্যা আগ বঢ়োৱা হৈছে।
  • আলোচনীখন সংকীৰ্ণ দলীয় মতত সীমাবদ্ধ নহয়।  
  • অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা আৰু মৌলবাদৰ বিৰোধ কৰা হয়।
  • নতুন লেখক-লেখিকাক উৎসাহ দিয়া, নতুন লেখক-লেখিকাৰ সৃষ্টি কৰা আলোচনীখনৰ এটি প্ৰধান লক্ষ্য।
  • আলোচনীখনত প্ৰতিষ্ঠিত লেখক-লেখিকাৰ ৰচনা প্ৰকাশ কৰা হয়।
  • শুভাকাংক্ষীসকলৰ পৰামৰ্শ গুৰুত্বসহকাৰে বিবেচনা কৰা হয়।

“মুক্ত চিন্তা”-ই প্ৰকাশৰ পাছতেই পাঠক-পাঠিকাৰ সমাদৰ লাভ কৰিলে। প্ৰকাশিত ৰচনাসমূহ নানান সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱা চকুত পৰিল। নতুন নতুন লেখক-লেখিকাৰ আত্মপ্ৰকাশ ঘটিল আলোচনীখনত। সম্পাদনা সমিতিৰ ফালৰ পৰা নতুন লেখক-লেখিকাসকললৈ পূৰ্ণ সহায়-সহযোগিতা আগ বঢ়োৱা হ’ল। সদস্যসকলৰ সজীৱ-সক্ৰিয়তাক সম্বল কৰি ২০১৭ চনত জন্ম দিয়া হ’ল এটি প্ৰকাশন গোষ্ঠীৰ, নাম “মুক্ত চিন্তা প্ৰকাশন”। এতিয়ালৈকে প্ৰকাশন গোষ্ঠীটোৱে চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। যুটীয়াভাৱে প্ৰকাশ কৰিছে দুখন কিতাপ। প্ৰকাশিত গ্ৰন্থকেইখনক পঢ়ুৱৈসমাজে আগ্ৰহেৰে আদৰণি জনাইছে।

“মুক্ত চিন্তা প্ৰকাশন”-ৰ গ্ৰন্থৰ বিজ্ঞাপন।

ষষ্ঠ বছৰত ভৰি দিবলৈ আগ বাঢ়িছে “মুক্ত চিন্তা”-ই। “মুক্ত চিন্তা”-ৰ পঞ্চম বৰ্ষপূৰ্তিৰ প্ৰাক্‌ক্ষণত আমি আলোচনীখনৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জ‌ড়িত সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে, অনাগত দিনবোৰতো তেখেতসকলৰ সহায়-সহযোগিতা আমি এতিয়াৰ দৰেই লাভ কৰিম বুলি বিনম্ৰ আশা ৰাখিলোঁ।

পঢ়ুৱৈৰ কথা

মনজিতা শইকীয়া



প্ৰথমতেই “মুক্ত চিন্তা” অন-লাইন আলোচনীখনলৈ পঞ্চম বৰ্ষপূৰ্তিৰ অভিনন্দন জনাইছোঁ। ভিন্ন স্বাদৰ সুৰুচিপূৰ্ণ আলোচনীখনে সামাজিক মাধ্যমৰ জৰিয়তে পাঠকক প্ৰথমৰে পৰা আপ্লুত কৰি আহিছে। আশা কৰিছোঁ এই ধাৰা অব্যাহত থাকিব। “মুক্ত চিন্তা” নামটোতেই প্ৰতিভাত হয় আলোচনীখনৰ উদ্দেশ্য। সকলো বয়সৰ লোককে চিন্তাৰ খোৰাক যোগাই অহা আলোচনীখনে মোৰ দৰে পাঠককো নিজৰ মনৰ পৰা কিছুমান অন্ধবিশ্বাস বা আহুকলীয়া ধ্যান-ধাৰণা নিলগাই ৰখাত সহায় কৰিছে। বিজ্ঞান, অন্ধবিশ্বাস, ৰাজনীতি, সাহিত্যৰ পুংখানুপুংখ, যুক্তি আৰু তথ্যগত নিৰ্মোহ বিশ্লেষণ মুক্ত চিন্তাৰ স্বকীয়তা। এই স্বকীয়তাৰে মুক্ত চিন্তাই অনাগত বছৰবোৰত পাঠকক আৰু অধিক আকৃষ্ট কৰি তোলক। (~মনজিতা শইকীয়া)

ৰক্তিম শৰ্মা


মুক্ত চিন্তা“-ই আমাৰ দৰে মানুহবোৰৰ বাবে এখন প্লেটফৰ্ম তৈয়াৰ কৰিব পাৰিছে৷ এয়া আমাৰ বাবে সুখৰ কথা। আশাকৰোঁ “মুক্ত চিন্তা“-ই ইয়াৰ পৰিধি আৰু ব্যাপক কৰি তুলিব৷ বৰ্ষপূৰ্তিৰ ওলগ যাচিছোঁ৷ (~ৰক্তিম শৰ্মা)

চিৰঞ্জিৎ দত্ত

মুক্ত চিন্তা” অন-লাইন আলোচনীখনৰ সাফল্যমণ্ডিত পঞ্চম বৰ্ষপূৰ্তিত অভিনন্দন যাচিলোঁ। “মুক্ত চিন্তা“-ৰ প্ৰতিটো পোষ্টেই গোটটোৰ জন্মলগ্নৰে পৰা অনুসৰণ কৰি আহিছোঁ‌ আৰু “মুক্ত চিন্তা“-ৰ মজিয়াৰ পৰাই জন্ম পোৱা অন-লাইন আলোচনীখনো আমাৰ অতি আদৰৰ। “মুক্ত চিন্তা“-ত প্ৰকাশিত মননশীল আৰু গুৰুগম্ভীৰ লেখাবোৰে আমাক সদায় নতুন চিন্তাৰ খোৰাক যোগাই আহিছে। বিশেষকৈ কলা-সংস্কৃতি শিতানত প্ৰকাশিত লেখাবোৰ ব্যক্তিগতভাৱে আমাৰ আটাইতকৈ প্ৰিয়। “মুক্ত চিন্তা“-ৰ জয়যাত্ৰা অব্যাহত থাকক, আমাৰ বাবে নিতৌ ন ন চিন্তাৰ দুৱাৰ মুকলি কৰি থাকক সদায়ে। ন-পুৰণি বিভিন্ন আলোচনীৰ ক্ষেত্ৰত সততে হোৱাৰ দৰে “অধুনালুপ্ত” শব্দটি “মুক্ত চিন্তা” অলোচনীখনৰ লগত কোনোদিন যুক্ত নহওক। দীৰ্ঘায়ু নহয়, বৰং চিৰঞ্জীৱী হওক “মুক্ত চিন্তা“, তাকেই কামনা কৰিলোঁ। (~চিৰঞ্জিৎ দত্ত)

খগেশ সেন ডেকা

২০১১ চনৰ ১৯ অক্টোবৰ তাৰিখে যুক্তিবাদী আৰু বিজ্ঞানমনস্কতাক মূলধন হিচাপে লৈ ফে’চবুকৰ মজিয়াত “মুক্ত চিন্তা” শীৰ্ষক গোট এটিৰ সৃষ্টি হৈছিল৷ আৱেগতকৈ যুক্তিৰ প্ৰাধান্য আৰু ব্যক্তিতকৈ সমূহ তথা বিষয়ৰ প্ৰতি গুৰুত্ব আছিল গোটটোৰ মূল আদৰ্শ৷ এই আদৰ্শ আজিকোপতি অব্যাহত আছে৷ পৰৱৰ্তী সময়ত এই গোটটোৱে “মুক্ত চিন্তা” নামেৰে এখন অন লাইন আলোচনী প্ৰকাশ কৰিবলৈ লয়৷ আলোচনীখনে অহা জুলাই মাহত পাঁচোটা বছৰৰ সফল পৰিক্ৰমাৰ অন্তত ষষ্ঠ বছৰত ভৰি দিব৷
অসমীয়া অন লাইন আলোচনীসমূহৰ ভিতৰত ব্যতিক্ৰমী চিন্তাৰে এক সুকীয়া পৰিচয় দাঙি ধৰা “মুক্ত চিন্তা“-ৰ পঞ্চম বৰ্ষপূৰ্তিলৈ অভিনন্দন আৰু শুভেচ্ছা যাচিছোঁ৷ সকলো ধৰণৰ সাম্প্ৰদায়িকতা, ধৰ্মান্ধতা, কুসংস্কাৰ আদি সামাজিক ব্যাধিৰ বিৰুদ্ধে তথ্য আৰু যুক্তিৰে প্ৰতি নিয়ত যুঁজ দি সমাজত সুস্থ পৰিৱেশ গঢ়াৰ মুক্ত চিন্তা আলোচনীখনৰ প্ৰধান বৈশিষ্ট্য৷ মই আন্তৰিকতাৰে আশা কৰিছোঁ—আগন্তুক দিনবোৰত গল্প, কবিতা, প্ৰবন্ধ, অনূদিত লেখা আদি বিবিধ সাহিত্য কৰ্মৰ জৰিয়তে যুক্তিবাদী চিন্তাৰ সংগ্ৰাম অব্যাহত থাকিব৷ (~খগেশ সেন ডেকা)

ৰাহুল শ্যাম

মুক্তচিন্তা-’ৰ পঞ্চম বৰ্ষপূৰ্তিৰ শুভেচ্ছা জনালোঁ লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বিজ্ঞানমনস্কতাৰে ধৰ্মান্ধতা আৰু কুসংস্কাৰৰ অন্ধকাৰ আঁতৰাই সমাজৰ উত্তৰণৰ দিশত “মুক্ত চিন্তা” হৈ পৰক উদিত বেলি স্বৰূপ। ভৱিষ্যতে ‘মুক্ত চিন্তা’ ছপা আকাৰত প্ৰকাশ পোৱাৰ আশা এটা পুহি ৰাখিছোঁ। (~ৰাহুল শ্যাম)

ৰাছিদা ৰহমান

বহুত নজনা কথা জানিব পাৰিছোঁ “মুক্ত চিন্তা” আলোচনীখনৰ পৰা‌। বিশেষকৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে অন্ধবিশ্বাসৰ বিপৰীতে গৈ যুক্তিৰে কথাবোৰ চাবলৈ বা ভাৱিবলৈ শিকিছোঁ। তাৰ উপৰি পছন্দৰ লেখা এটা লিখিবলৈ সুযোগ এটা পাইছোঁ এই আলোচনীখনত‌। বিশেষকৈ লেখাসমূহ পঢ়িবলৈ পঢুৱৈ সমাজ এখন পোৱাটো সৌভাগ্যৰ কথা‌। (~ৰাছিদা ৰহমান)

ৰুমা অধিকাৰী

“মুক্ত চিন্তা” নামৰ অন-লাইন আলোচনীখনৰ পঞ্চম বৰ্ষপূৰ্তিত আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ৷ যুক্তিবাদী আৰু বিজ্ঞানমনস্ক মুষ্টিমেয় ব্যক্তিৰ বহু যত্ন আৰু পৰিশ্ৰমৰ ফচল এই আলোচনীখনে যুক্তিপূৰ্ণ লেখাক আগস্থান দি এক সুস্থ ৰুচিৰ সাহিত্যৰ সোৱাদ আমাক দি আহিছে৷ ইয়াত প্ৰকাশিত প্ৰায় প্ৰতিটো লেখাৰ মানদণ্ড উচ্চখাপৰ হোৱাৰ লগতে বিজ্ঞান, ৰাজনীতি, সামাজিক সমস্যা, অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰোধিতা আদি বিষয়ক প্ৰাধান্য দি নতুন লেখক আৰু প্ৰতিষ্ঠিত লেখকসকলে লিখা লেখাসমূহে আমাক উপৰিউক্ত বিষয়ৰ সমস্যাবোৰক লৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে৷ এই লেখাবোৰ “মুক্ত চিন্তা“-ৰ অমূল্য সম্পদ! “মুক্ত চিন্তা“-ৰ লগত সততে জড়িত হৈ থকা প্ৰতিগৰাকী মুক্ত মনৰ মানুহলৈ এই ছেগতে শলাগ ললোঁ, লগতে শলাগ ললোঁ ড° কৌশিক দাসৰ, তেখেতেই মোক আলোচনীখনৰ লগত পৰিচয় কৰি দিছিল৷ “মুক্ত চিন্তা“-ই সদায় মুক্ত চিন্তাৰে আগ বাঢ়ক সেই আশাৰে শুভকামনা জনালোঁ৷ (~ৰুমা অধিকাৰী)

পল্লবী কাঠকটীয়া

মুক্ত চিন্তা“-ৰ পাঠক হোৱা খুব কম দিনহে হৈছে‌। কিন্তু আলোচনীখনৰ মানে সঁচাকৈ আকৰ্ষিত কৰিছে। বৈজ্ঞানিক দৃষ্টিভংগী আৰু যুক্তিবাদৰ বিষয়ৰ প্ৰৱন্ধবোৰে চিন্তাৰ বাট মুকলি কৰিছে। ইয়াৰ উপৰিও, আলোচনীখনত প্ৰকাশিত লেখাবোৰ হ’ল তথ্যভিত্তিক। সেয়ে নিজৰ ব্যক্তিগত জীৱনত প্ৰয়োজন হোৱা সাধাৰণ জ্ঞানৰ লগতে অনান্য বহুতো তথ্য পাব পাৰি। তাতে এয়া সহজে উপলব্ধ। সকলো শ্ৰেণীৰ লোকৰ বাবেই উপযোগী “মুক্ত চিন্তা”-ই সমাজলৈ ইতিবাচক বার্তা কঢ়িয়াই অনা যেন ধাৰণা হয়।

শেষত আলোচনীখনক প্ৰাণ দিয়া, তাৰ সৈতে জড়িত থকা প্ৰত্যেকজন ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, লগতে “মুক্ত চিন্তা”ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বৰ্তমান সময়ত সত্য আৰু যুক্তিৰে বিচাৰ কৰিব পৰা মুক্ত মনৰ প্ৰয়োজন আৰু বিষয়টো খুবেই প্ৰাসংগিক। (~পল্লবী কাঠকটীয়া)

অৰ্চিতা গোস্বামী

মুক্ত চিন্তা”-ই নিজৰ নামৰ দৰেই পাঠকক মুক্তভাৱে চিন্তা কৰিবলৈ সহায় কৰে। প্ৰতিটো লেখা পঢ়িলে এনে লাগে যেন গোটেই পৃথিৱীখনৰ বাৰ্তা লাভ কৰিছোঁ। যেনেকুৱা বৈজ্ঞানিক দৃষ্টিভংগীৰে লেখাসমূহ প্ৰস্তুত কৰা হয়, সি প্ৰতিজন পাঠকক বিশ্বৰ নানন সমস্যাৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰায় আৰু মনত উৎপন্ন হোৱা বহু প্ৰশ্নৰ উত্তৰ দিবলৈও সক্ষম হয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে “মুক্ত চিন্তা” জ্ঞানৰ সমাহাৰ বুলি ক’লেও ভুল নহ’ব। এই আলোচনীখনৰ লগত জড়িত সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে “মুক্ত চিন্তা“-ই এনেদৰেই আমাক নতুন নতুন তথ্য প্ৰদান কৰি আমাৰ চকুৰ লগতে চিন্তাকো মুক্তি প্ৰদান কৰিব। (~অৰ্চিতা গোস্বামী)

দ্বিজেন্দ্ৰ মোহন বৰ্মন

মুক্ত চিন্তাৰ মূল আধাৰ হ’ল আত্মবিশ্বাস৷ আত্মবিশ্বাসে দিব পাৰে আত্মনিৰ্ভৰশীলতা৷ জীৱনটো সঠিককৈ চলাই নিবলৈ আত্মনিৰ্ভৰশীল হোৱাটো জৰুৰী৷ এই কথাটো ব্যক্তিৰ উপৰিও সমাজজীৱনৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ সমাজজীৱন বুলি কওঁতে সকলোকে সামৰে৷ মানুহৰ মন-মগজু হ’ল চিন্তাৰ মাইট’কন্দ্ৰিয়া৷ মন-মগজুৰ ওপৰত চাপ থাকিলেে মুক্ত চিন্তা কৰাটো সম্ভৱ নহয়৷ মানুহৰ আৰোপিত চাপৰ উৎস অনেক৷ আৰ্থিক, সামাজিক, ৰাজনৈতিক আৰু প্ৰাকৃতিক চাপ অন্যতম৷ দাৰিদ্ৰতাক জীৱনৰ অভিশাপ বুলি ক’ব পাৰি৷ দৰিদ্ৰজনৰ আত্মবিশ্বাস নাথাকে আৰু ইয়াৰেে সুবিধা লয় ধৰ্ম, সমাজ আৰু ৰাজনীতিয়ে৷ ইয়াৰ পৰা জীৱনক মুক্তি লাগে৷ এই মুক্তিৰ পথ মসৃণ নহলেও মসৃণ কৰিব পৰা যায়৷
বিগত পাঁচ বছৰ ধৰি “মুক্ত চিন্তা“ই তাৰবাবে অহৰহ প্ৰচেষ্টা কৰিছে৷ জীৱনৰ পথ মসৃণ কৰিবলৈ বিজ্ঞানমনস্কতা আৰু যুক্তিপূৰ্ণ চিন্তাৰ প্ৰয়োজন কিমান—”মুক্ত চিন্তা“-ই তাৰ প্ৰচাৰ আৰু প্ৰসাৰত নিৰৱচ্ছিন্নভাবেে চেষ্টা কৰি আছে৷ ক’ভিড-১৯ৰ সময়ত হাতৰ আঙুলিৰ গ্ৰহৰত্নৰ আঙঠিবোৰ খুলি থৈ দি জীৱন ৰক্ষা কৰিবলৈ যত্নপৰ হোৱা তথাকথিত শিক্ষিতই “মুক্ত চিন্তা” ৰ আহ্বানক হৃদয়ংগম কৰিব পাৰিলে সমাজেে মুক্ত চিন্তা কৰিবলৈ আৰম্ভ কৰিব৷ “মুক্ত চিন্তা“-ৰ পঞ্চম বৰ্ষপূৰ্তিত শুভেচ্ছা জনালোঁ আৰু আশা কৰিলোঁ অনাগত সময়ত সমাজক সঠিক দিশত আগবঢ়াই নিবলৈ সকলো স্তৰৰ ব্যক্তিক সামৰি পদক্ষেপ কৰিব ৷ (~দ্বিজেন্দ্ৰ মোহন বৰ্মন)

অজিৎ শইকীয়া

“মুক্ত চিন্তা”  ই-আলোচনীৰ জুলাই মাহৰ পঞ্চম বৰ্ষপূৰ্তিৰ বাবে অভিনন্দন জনালোঁ। সময়ৰ লগে লগে মানুহৰ বিভিন্ন সমসাময়িক বিষয়ৰ সন্দৰ্ভত কৰা চিন্তা-চৰ্চা বিকশিত হৈ থাকে। মননশীলতা, যুক্তিবাদী চিন্তা তথা বিজ্ঞানমানসিকতাক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আলোচনীখনে নিসন্দেহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ দ্বাৰা ৰাইজৰ মাজত নতুন চিন্তাৰ বাট মুকলি হৈছে বুলি নিশ্চয়কৈ ক’ব পাৰি। ৰাজনীতি, অৰ্থনীতিকে ধৰি অলেখ সামাজিক বিষয়ৰ যুক্তিপূৰ্ণ তথা বিশ্লেষণাত্মক লেখাৰে সাধাৰণ মানুহক প্ৰকৃত মানুহ হৈ জীয়াই থকাৰ পথ উক্ত আলোচনীখনে দেখুৱাইছে বুলি ক’বলৈ বিচাৰিম। সকলোধৰণৰ সামাজিক বৈষম্য, শোষণ, নিপীড়ন অন্ত পেলাই কেনেকৈ এখন সুস্থিৰ সমাজ নিৰ্মাণ কৰিব পাৰি আৰু তেনে এখন বৈজ্ঞানিক সমাজৰ বাবে মানুহৰ সংগ্ৰামক আগুৱাই লৈ যোৱাৰ বাবে যি গভীৰ চিন্তা চৰ্চাৰ প্ৰয়োজন, মুক্ত চিন্তা আলোচনীখনে তেনে চিন্তাধাৰাক আগুৱাই লৈ যোৱাৰ ক্ষমতা ৰখাৰ বাবেই ৰাইজে আলোচনীখন ক্ৰমাৎ আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে।
নিতৌ নতুন নতুন সু-চিন্তক লেখকসকলৰ লগত ই আলোচনীখনৰ জৰিয়তে পৰিচয় লাভ কৰি আমাৰ লগতে অন্যান্য বহুজন উপকৃত হৈছে। এইটো এটা ইতিবাচক পদক্ষেপ। এনেদৰে আগলৈও “মুক্ত চিন্তা“-ই নতুন নতুন বিষয়ৰ ওপৰত আলোকপাত কৰি যাব আৰু সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব বুলি নিশ্চিত হৈছোঁ। (~অজিৎ শইকীয়া)

প্ৰজিত নাথ

নিজৰ মুক্ত চিন্তাসমূহ তথা মতামতসমূহ ব্যক্ত কৰিবলৈ “মুক্ত চিন্তা”-ই মোৰ বোধেৰে সাম্প্ৰতিক সময়ৰ সৰ্বোত্তম মাধ্যম! (~প্ৰজিত নাথ)

বিথীকা হাজৰিকা

কেতিয়া কাৰ জৰিয়তে “মুক্ত চিন্তা’” ফেচবুক গোটৰ সদস্য হৈছিলোঁ আৰু ইয়াৰ পৰা প্ৰকাশিত “মুক্ত চিন্তা” অন-লাইন আলোচনীৰ পাঠক হৈছিলো সেয়া পাহৰিছোঁ। যুক্ত হোৱাৰে পৰা কু-সংস্কাৰ আৰু অযুক্তিৰ বিৰুদ্ধে, যুক্তি আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে ‘মুক্ত চিন্তা”-ই দৃঢ়তাৰে আগ বাঢ়ি যোৱা দেখি আহিছোঁ। এই গোটৰ বহু মুক্তচিন্তকৰ চিন্তাই আমাৰ চেতনাক সমৃদ্ধ কৰিছে।
সমাজ, শিল্প-সাহিত্য, বিজ্ঞান আৰু ৰাজনীতিৰ পাৰস্পৰিক সম্পৰ্কৰ ভিত্তিটোক দৃষ্টিত ৰাখি সমাজৰ আমূল পৰিৱৰ্তনৰ বাবে বাটটো মুক্ত কৰি ৰাখিছে “মুক্ত চিন্তা“-ই।
যিসকল প্ৰকৃতেই মুক্তচিন্তক তেওঁলোকৰ বাবেতো হয়েই এইখন মঞ্চ, লগতে যিসকলে যুক্তি আৰু বিশ্বাসৰ (বহুতে বিশ্বাসকো অন্ধবিশ্বাস বুলি যুক্তিৰে কৈছে) মাজত দুদোল্যমান অৱস্থা এটাত পৰিব লগা হয় তেখেতসকলকো এটা বাট দেখুৱাবলৈ সক্ষম হৈছে বুলি আমি ভাবোঁ।
যুক্তিৰ পথেৰে আগবাঢ়িব বিচৰাসকলক আলোচনাৰ বাবে সুযোগ দি “মুক্ত চিন্তা“-ৰ পৰিৱেশ এটা সহানুভূতিৰে গঢ়ি দিব পৰাটোতেই সমাজৰ আমূল পৰিৱৰ্তনৰ মূল কথাটো নিহিত হৈ আছে। এইক্ষেত্ৰত “মুক্ত চিন্তা” সকলোৰে বাবে সাহস আৰু প্ৰেৰণা হৈ ৰওক, তাৰেই কামনা কৰিলোঁ। (~বিথীকা হাজৰিকা)

অনুপমা বৰগোহাঁই

মুক্ত চিন্তা“-ৰ পঞ্চম বৰ্ষপূৰ্তিৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷ গোটৰ যি মূল উদ্দেশ্য— মানুহৰ মনত মুক্ত চিন্তাৰ বীজ ৰোপণ কৰা– সেয়া সফল হওক৷ “মুক্ত চিন্তা” বিজ্ঞানসন্মত চিন্তাচৰ্চাৰে মানুহৰ মাজত থকা মানৱীয়তা আৰু ভাল গুণবোৰ বিকাশ কৰাৰ এখন মুক্ত মঞ্চ হওক– এয়াই অন্তঃকৰণেৰে কামনা কৰোঁ৷ (~অনুপমা বৰগোহাঁই)

কল্যাণী বৰ্মন

চিন্তাৰ বিভিন্ন স্ৰোত সদা য’ত প্ৰৱাহমান আৰু আলোচিত, যি বিজ্ঞানমনস্কতাই সকলোকে এক কৰিব পাৰে তেনে মুক্ত দুৱাৰৰ মঞ্চই হ’ল “মুক্ত চিন্তা“। “মুক্ত চিন্তা“-ৰ এই মঞ্চলৈ আহিছিলোঁ বন্ধু অচ্যুৎ মাধৱ দাসৰ জৰিয়তে। উক্ত অন-লাইন আলোচনীখনৰ পঞ্চম বৰ্ষপূৰ্তিৰ আনন্দৰ এই সময়ত সকলোকে অভিনন্দন জনালোঁ। মনৰ এলান্ধুবোৰ আঁতৰাই মুক্তচিন্তাৰ বহল সমাজ এখন গঠন কৰাত “মুক্ত চিন্তা“-ৰ খোজবোৰ সুদূৰগামী হওক। (~কল্যাণী বৰ্মন)

অদিতি বৰুৱা

পোনপ্ৰথমে “মুক্তা চিন্তা” ই-আলোচনীখনলৈ পঞ্চম বর্ষপূৰ্তিৰ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। আলোচনীখন পঢ়িবলৈ লোৱা বৰ বেছিদিন হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে মোক আকৰ্ষিত কৰি তুলিছে। সঁচা অৰ্থত এই আলোচনীখনে সকলো বয়সৰ পাঠকক বাৰুকৈয়ে আকৰ্ষিত কৰিছে আৰু নামৰ দৰেই ই এক মুক্ত চিন্তাৰ ভাৱধাৰা আগবঢ়াইছে। আলোচনীখনৰ বৈজ্ঞানিক আৰু যুক্তিপূৰ্ণ লেখাই প্ৰায়বোৰ পাঠকৰে মন আৰু মগজু প্ৰাৰম্ভিক অজ্ঞানতাৰ পৰা আঁতৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰ দিশে টানি আনিছে বুলি মোৰ দৃঢ় বিশ্বাস।
তদুপৰি আলোচনীখনে বিভিন্ন প্ৰবন্ধৰ যোগেদি অসমীয়া বিজ্ঞান-সাহিত্যৰ মানো উন্নত কৰিছে। সেয়েহে মই আশা কৰিছোঁ, আগন্তুক কালতো যেন আলোচনীখনৰ লেখাসমূহে আমাৰ সমাজৰ গুৰিত থিতাপি লৈ থকা অন্ধবিশ্বাস, অপকৰ্ম ইত্যাদি মষিমূৰ কৰি জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ বিয়পাই থাকে। (~অদিতি বৰুৱা)

অজিৎ কুমাৰ পটংগীয়া

“মুক্ত চিন্তা”, মোৰ প্ৰিয় সুন্দৰ ই-আলোচনীখনলৈ পঞ্চম বর্ষপূৰ্তিৰ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ । (~অজিৎ কুমাৰ পটংগীয়া)

ৰাজা ফুকন

মুক্ত চিন্তা” অনলাইন আলোচনীখনে ষষ্ঠ বৰ্ষত ভৰি দিব। আমাৰ বাবে এক গৌৰৱৰ কথা। যিকেইজন ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত আলোচনীখনে জন্ম লাভ কৰিছিল, তেখেতসকলৰ লগতে আলোচনীখনৰ লগত ওতপ্ৰোতভাৱে জড়িত প্ৰতিজন ব্যক্তিলৈ আন্তৰিক অভিনন্দন জনালোঁ। যুক্তিৰ মাজেৰে সত্যক অন্বেষণ কৰাটো আলোচনীখনত প্ৰকাশিত লেখাসমূহৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। উদীয়মান লেখক-লেখিকাৰ তথ্য সমৃদ্ধ লেখাসমূহে পাঠকৰ মনত নতুন চিন্তাৰ উন্মেষ ঘটায়। উঠি অহা প্ৰজন্মৰ বাবে আলোচনীখন প্ৰতিভা বিকাশৰো এক মঞ্চ। কোনো বিষয়ৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে নিজস্ব মতামত দাঙি ধৰাৰ ক্ষেত্ৰত আলোচনীখনে লেখক-লেখিকাক পূৰ্ণ স্বাধীনতা প্ৰদান কৰে।
আলোচনীখনৰ প্ৰকাশে বৌদ্ধিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিছে। মোৰ অনুভৱ– “মুক্ত চিন্তা” ই-আলোচনীৰ প্ৰতিটো সংস্কৰণেই পঢ়ুৱৈসমাজৰ বাবে একো একোটা সৰ্বশ্ৰেষ্ঠ উপহাৰ। (~ৰাজা ফুকন)

ৰঞ্জিত ভূঞা

পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে “মুক্ত চিন্তা” অন-লাইন আলোচনীখনৰ স’তে জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এক বুজনসংখ্যক ৰুচিবোধসম্পন্ন লেখক আৰু পাঠক সৃষ্টিৰে সফলতাৰে পঞ্চম বৰ্ষপূৰ্তি এক আনন্দদায়ক আৰু প্ৰেৰণাদায়ক খবৰ আমাৰ সকলোৰে বাবে। “মুক্ত চিন্তা” ফেইচবুক গ্ৰুপৰ জৰিয়তে আলোচনীখনৰ স’তে চিনাকি হৈছিলোঁ। পাছলৈ “মুক্ত চিন্তা” গ্ৰুপতে লিখা প’ষ্ট আলোচনীখনত ঠাই দি সম্পাদনা সমিতিয়ে বৰ উৎসাহিত কৰিছিল। এদিন হঠাতে মুখ্য সম্পাদক ডঃ কৌশিক দাসৰ পৰা এটা সংখ্যাৰ অতিথি সম্পাদকৰ গুৰু দায়িত্ব পালন কৰা প্ৰস্তাৱ পাই প্ৰথমে অপ্ৰস্তুত হৈছিলোঁ। নিজৰ সামৰ্থৰ ওপৰত সন্দেহ আছিল। কিন্তু আজি ভাবি ভাল লাগে যে সেয়া মোৰ বাবে এক প্ৰচুৰ আনন্দদায়ক অভিজ্ঞতা হৈ ৰ’ল।
আলোচনীখন প্ৰকাশ হোৱালৈ সদায় বৰ আগ্ৰহেৰে বাট চাই ৰওঁ। নিজৰ লেখা প্ৰকাশ পালে পোৱা আনন্দৰ কথা নক’লেও হ’ব!
পুনৰবাৰ অশেষ শুভেচ্ছা আৰু অভিনন্দন! “মুক্ত চিন্তা” দীৰ্ঘজীৱি হওক! (~ৰঞ্জিত ভূঞা)

কল্যাণী বৰুৱা

বেৰবিহীন সমাজৰ প্ৰতিফলন হওক “মুক্ত চিন্তা”। শুভেচ্ছা থাকিল। (~কল্যাণী বৰুৱা)

ডালিম দাস

মুক্ত চিন্তা’” আলোচনীৰ সৈতে জড়িত আটাইলৈ আন্তৰিক শুভেচ্ছা জনালোঁ‌‌। চৌপাশে এতিয়া ‘অৱৰুদ্ধ চিন্তা’-ৰ বিচিত্ৰ কাৰচাজি‌। এনে অৱৰুদ্ধ, পয়ালগা চিন্তাক বিভিন্নধৰণে ‘পেকেজিং’ কৰি মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ এনেয়ে কৰা নহয়‌। চিন্তাক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে শাসন-শোষণ চলাই যাবলৈ সুবিধা‌। ‘মুক্ত চিন্তা’ ইয়াৰ বিপৰীত মেৰুৰ বৌদ্ধিক আয়োজন‌। যুক্তিবাদী চিন্তা কেৱল প্ৰাকৃতিক ঘটনাৰ বিশ্লেষণতেই ন্যস্ত থাকিব নোৱাৰে ; অৱশেষত ই সমাজ-সংস্কৃতিৰ সকলো বিসংগতি, ৰাজনীতি আৰু অৰ্থনীতিৰ অযৌক্তিক গাঁ‌থনি আৰু অনীতি– এই আটাইবোৰ ফঁ‌হিয়াই দেখুৱাবৰ প্ৰয়াস কৰাৰ মাজেৰে সুন্দৰ-মংগলময় সামাজিক জীৱনৰ সন্ধান কৰে‌। অৰ্থাৎ যুক্তিৰ একমাত্ৰিক অস্ত্ৰই এনে চৰ্চাৰ সাৰ নহয়ঃ বৈজ্ঞানিক যুক্তিবাদৰ লগত বৃহত্তৰ মানুহৰ মংগলৰ প্ৰশ্নটো এৰাবনোৱৰাকৈ যুক্ত‌।
আমাৰ চৌপাশৰ বৌদ্ধিক জাহি-জাবৰ আৰু যন্ত্ৰৱৎ চিন্তাৰ ভীৰৰ মাজত ‘মুক্ত চিন্তা’-ৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু আদৰণীয়‌। (~ডালিম দাস)

মমিন বৰা

যি ধাৰা আৰু গতিৰে আলোচনীখন আগবাঢ়ি গৈ আছে, সেইটো অক্ষুণ্ণ ৰখাটোৱেই বিচাৰোঁ। কাৰণ এই সময়ত সেই ধাৰা আৰু গতিক চলাই থাকিব পৰাটোও এটা প্ৰত্যাহ্বানেই। ওপৰৰ প্ৰায়বোৰ মতামতৰ লগত একমত। বিশেষ আৰু ক’বলগীয়া নাই। (~মমিন বৰা)

দিব্যজ্যোতি নেওগ

প্ৰথমে “মুক্ত চিন্তা”-লৈ পঞ্চম বৰ্ষপূৰ্তিৰ বাবে আন্তৰিক অভিনন্দন জনালোঁ। যোৱা তিনিটা বছৰৰ পৰা এই আলোচনীখন পঢ়ি আহিছোঁ। শ্ৰদ্ধেয় কৌশিক দাসৰ যোগেদি এই আলোচনীখনৰ সৈতে পৰিচিত হওঁ। পৰিধিবিহীন চিন্তাৰ অন্য নাম “মুক্ত চিন্তা”। যৌক্তিক চিন্তাৰ অনুশীলনৰ মুক্ত পথাৰ “মুক্ত চিন্তা”। ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান আদি সকলো বিষয়ৰে অনুসন্ধিৎসু, পুংখানুপুংখ বৈজ্ঞানিক বিশ্লেষণযুক্ত আলোচনাসমূহ “মুক্ত চিন্তা”-ৰ অন্যতম আকৰ্ষণ। বন্ধ কোঠালিৰ আবদ্ধ বায়ুক খোলা খিৰিকিৰে সোমাই অহা এচাটি বতাহে যিদৰে সতেজ কৰি তোলে সেইদৰে ব্যক্তিৰ আবদ্ধ চিন্তাক “মুক্ত চিন্তা”-ই এচাটি যৌক্তিক মলয়া বতাহ হৈ মনৰ এলান্ধু ধুই নি নিকা আৰু মুক্ত মনৰ মানুহৰ এখনি মুক্ত সমাজ গঠন কৰাত সহায় কৰক। শেষত “মুক্ত চিন্তা”-ৰ বোৱতী সুঁতি চিৰপ্ৰবাহিত হৈ থাকক, তাকে কামনা কৰিলোঁ। (~দিব্যজ্যোতি নেওগ)

মীনাক্ষী বৰুৱা

কেতিয়াবা কিছুমান লেখা পঢ়ি এনেকুৱা লাগে, এইখিনি কথাই যেন ময়ো ক’বলৈ বিচাৰি আছিলোঁ। কেতিয়াবা কিছুমান দৃষ্টিভংগী দেখি এনেকুৱা লাগে— ঠিকেই, এয়াহে গ্ৰহণযোগ্য যুক্তি, কথাবোৰ এই দিশৰপৰাও দেখোন ভাবিব পাৰি! আৰু ঠিক এই দুটা কাৰণতে হয়তো এদিন “মুক্ত চিন্তা” গোটটোৰ প্ৰতি ময়ো আকৰ্ষিত হৈছিলোঁ। পৰৱৰ্তী সময়ত “মুক্ত চিন্তা”  অন-লাইন আলোচনীৰ সৈতে এটা আন্তৰিক সম্পৰ্ক‌ গঢ়ি উঠিল। বুজি পালোঁ, আলোচনীখনে পঢ়ুৱৈৰ মুকলি চিন্তা আৰু যুক্তিৰ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰে। কিয়নো প্ৰকাশিত লেখাবোৰৰ অধিক সংখ্যকেই চিন্তাউদ্ৰেককাৰী আৰু বৈজ্ঞানিক যুক্তিত বিশ্বাসী। আমি আমাৰ ব্যক্তিগত চিন্তা আৰু যুক্তিৰ বন্ধ হৈ থকা দুৱাৰ খিৰিকীবোৰৰ কথা সাধাৰণতে অনুভৱ কৰিব নোৱাৰোঁ। একোটা তথ্যভিত্তিক আৰু অধ্যয়নপুষ্ট লেখাইহে বন্ধ দুৱাৰ খিৰিকীবোৰ খুলি দিয়াত সহায় কৰে। আৰু সেই সহায় “মুক্ত চিন্তা” অন-লাইন আলোচনীত প্ৰকাশিত লেখাসমূহে আমাক কৰিছে। চিন্তা আৰু যুক্তিৰ বিকাশ অবিহনে সমাজৰ উত্তৰণ সম্ভৱ নহয়। মনত খুদুৱাই থকা প্ৰশ্নবোৰ মুকলিকৈ প্ৰকাশ কৰাৰ সুবিধা সকলোতে নাথাকে। “মুক্ত চিন্তা” গোটে সেই মঞ্চ আমাক দিছে। এইবাৰ আলোচনীখনে পঞ্চম বছৰ পূৰ্ণ কৰি ষষ্ঠ বছৰত ভৰি দিব। ইয়াৰ নেপথ্যৰ কষ্টবোৰ দেখিছোঁ। সেইখিনি কষ্ট আৰু অসুবিধাক আওকাণ কৰি এটা বৃহত্তৰ স্বাৰ্থত কৰ্মকৰ্তাসকলে কাম কৰি আছে। এই সাহসী যাত্ৰাৰ সহযোগী হ’বলৈ পাই ধন্য হৈছোঁ আৰু ষষ্ঠ বছৰৰ প্ৰাক্ মুহূৰ্তত ম‌ই আন্তৰিকতাৰে কামনা কৰিছোঁ— “মুক্ত চিন্তা” অন-লাইন আলোচনী এদিন প্ৰতিজন সচেতন নাগৰিকৰে ভৰসাৰ আলোচনী হৈ উঠিব। শুভেচ্ছা আৰু কৃতজ্ঞতাৰে ….।

(~মীনাক্ষী বৰুৱা)

লক্ষ্যজ্যোতি বৰঠাকুৰ

অসমীয়া ভাষাত প্ৰকাশিত ই-আলোচনীসমূহৰ ভিতৰত “মুক্ত চিন্তা” অন্যতম। আলোচনীখনে পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ এই শুভক্ষণত ইয়াৰ লগত জড়িত সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। যুক্তিবাদ আৰু বিজ্ঞান-মানসিকতাৰ প্ৰসাৰৰ ক্ষেত্ৰত “মুক্ত চিন্তা“-ই প্ৰথমৰ পৰাই বলিষ্ঠ ভূমিকা লৈ আহিছে। সমাজ, শিল্প, বিজ্ঞান আদি সকলো দিশ সামৰি লোৱা আলোচনীখনৰ অধিকাংশ লেখাই উচ্চ মানৰ আৰু এইসমূহে পাঠকক নিৰ্দিষ্ট বিষয় একোটাৰ বিষয়ে আৰু গভীৰভাৱে অধ্যয়ন কৰাৰ বাট মুকলি কৰি দিয়ে। মৌলিকতা, নিৰপেক্ষতা, স্পষ্টবাদিতা তথা আপোচহীনতা “মুক্ত চিন্তা“-ৰ মূল শক্তি আৰু আধাৰ। নামটোৱে কোৱাৰ দৰেই “মুক্ত চিন্তা“-ই পাঠক সমাজক সকলো কথা মুক্ত আৰু গণতান্ত্ৰিকভাৱে চোৱাৰ আৰু ভবাৰ পৰিৱেশ এটা দিয়াৰ ক্ষেত্ৰত বহু পৰিমাণে সফল হৈছে। নতুন লেখকক সদায় অগ্ৰাধিকাৰ দি এচাম নতুন চিন্তাশীল আৰু যুক্তিবাদী লেখক সৃষ্টি কৰাৰ ক্ষেত্ৰতো “মুক্ত চিন্তা“-ৰ অৱদান নিশ্চয়কৈ প্ৰশংসনীয়। ‘অতিথি সম্পাদকৰ শিতান’-ত প্ৰত্যেক সংখ্যাত একোটা বিষয় বাছি লৈ প্ৰ্কাশ কৰা বিষয়ভিত্তিক লেখাসমূহ সঁচাকৈয়ে অসমীয়া সাহিত্য জগতলৈ এক অনবদ্য সংযোজন। আলোচনীখনৰ উত্তৰণ কামনা কৰিলোঁ আৰু আশা কৰিছোঁ অনাগত দিনত “মুক্ত চিন্তা“-ই অসমত যুক্তিবাদৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা ল’ব। এই সুযোগতে “মুক্ত চিন্তা“-ৰ পঞ্চম বছৰ পঞ্চম সংখ্যাৰ ‘অতিথি সম্পাদকৰ শিতান’টো সম্পাদনা কৰাৰ গধূৰ দায়িত্ব আমাক দিয়াৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জনালোঁ। (~ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

ভবেশ নাথ

মুক্ত চিন্তা” অন-লাইন আলোচনীখনে এইবেলি ষষ্ঠ বৰ্ষত ভৰি দিব। এয়া আমাৰ বাবে সঁচাকৈয়ে আনন্দৰ বিষয়। ই-আলোচনী হিচাপে এই আলোচনীখন অন্য আলোচনীতকৈ বহু দিশত পৃথক। ফেইচবুক বা অন্যান্য সামাজিক মাধ্যমসমূহত সততে মনোৰঞ্জনধৰ্মী কিছুমান গোট বা ই-আলোচনী চকুত পৰে। সাধাৰণতে ফেইচবুকৰ পাঠক সমাজক মনোৰঞ্জন প্ৰদানেই এইবোৰ আলোচনীৰ প্ৰধান উদ্দেশ্য। কিন্তু “মুক্ত চিন্তা” আলোচনীখন এইটো দিশৰ পৰা ব্যতিক্ৰম। বিশেষকৈ যুক্তি আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চাক মূল উপজীৱ্য হিচাপে লোৱা এই আলোচনীখনে সমাজত লগতে সামাজিক মাধ্যমসমূহত যুক্তিবাদী তথা বিজ্ঞানসন্মত এক চেতনা আগ বঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি ভাবোঁ। এইখন আলোচনীত প্ৰকাশিত লেখাসমূহৰ এক সুকীয়া বৈশিষ্ট্য আছে। বিশেষকৈ এই আলোচনীখনত প্ৰকাশিত লেখাসমূহে পাঠকক বহু কথা নতুনকৈ ভাবিবলৈ বা প্ৰশ্ন কৰিবলৈ শিকায়। সেইবাবেই চাগে সামাজিক বিভিন্ন ঘটনা-পৰিঘটনাসমূহৰ উৎপত্তিগত তথা আৰ্থসামাজিক বিভিন্ন বিজ্ঞানসন্মত দিশ সাঙুৰি লিখা লেখাসমূহকহে এই আলোচনীখনে প্ৰাধান্য দি আহিছে। তদুপৰি এই আলোচনীখনৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে— নতুন লেখক লেখিকাৰ সৃষ্টি। ব্যক্তিগতভাৱে লেখা-মেলাৰ জগতখনত আমি এইখন আলোচনীৰ জৰিয়তেই প্ৰৱেশ কৰোঁ। লিখা-মেলাৰ আৰম্ভণি এই আলোচনীখনৰ পৰাই হৈছিল। এবাৰ অতিথি সম্পাদকৰ দায়িত্বও পালন কৰিছিলোঁ। সাধাৰণতে দেখা যায় লেখা-মেলাৰ লগত জড়িত নতুন প্ৰজন্মৰ বহু ব্যক্তিয়ে একোখন উপযুক্ত মঞ্চৰ অভাৱৰ বাবেই তেওঁলোকৰ লিখন-প্ৰতিভা বিকাশৰ পৰা বঞ্চিত হয়। এই ক্ষেত্ৰত নিশ্চিতভাৱে নতুন প্ৰজন্মৰ বহু লিখকক “মুক্ত চিন্তা” অন-লাইন আলোচনীখনে এখন উপযুক্ত মঞ্চ দিবলৈ সক্ষম হৈছে। “মুক্ত চিন্তা” অন-লাইন আলোচনীখনৰ পঞ্চম বৰ্ষপূৰ্তিৰ এই শুভক্ষণত আলোচনীখনৰ লগত জড়িত প্ৰতিজন সদস্য/সদস্যাক লগতে সমূহ পৰিয়ালটোলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনালোঁ। “মুক্ত চিন্তা” অন-লাইন আলোচনীখনে এই যাত্ৰা অব্যাহত ৰাখক। (~ভবেশ নাথ)

ভাৰ্গৱ বৰঠাকুৰ

সফলতাৰে ষষ্ঠ বৰ্ষত ভৰি দিব প্ৰিয় আলোচনীখনে। সঁচাকৈয়ে ভাল‌ লাগিছে। “মুক্ত চিন্তা” আলোচনীখনলৈ পঞ্চম বৰ্ষপূৰ্তিৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন‌ কৰিলোঁ। ই-আলোচনীসমূহৰ ভিতৰত “মুক্ত চিন্তা” মোৰ খুব প্ৰিয়। বৈজ্ঞানিক মানসিকতা তথা যুক্তিবাদী চিন্তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আলোচনীখনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। যিটো এখন‌ সুস্থ আধুনিক সমাজৰ বাবে খুব প্ৰয়োজনীয়‌‌ কাম। “মুক্ত চিন্তা” এইদৰে সদায় আগুৱাই যাওক। শুভেচ্ছা থাকিল। (~ভাৰ্গৱ বৰঠাকুৰ)

ৰূপালীম দত্ত

আমাৰ চিন্তা-চেতনাক মুক্ত কৰি তুলিব নোৱৰা, স্বাধীন কৰি ৰাখিব নোৱৰা অৱস্থা এটাত অহৰহ ব্ৰতী থাকে ৰাষ্ট্ৰ নিৰ্দেশিত সমাজ-ব্যৱস্থা৷ সম্প্ৰতি বিজ্ঞান-প্ৰযুক্তিৰ জৰিয়তেই বিজ্ঞানৰ সোণপানী ছটিয়াই অযুক্তি, অপজ্ঞানৰ ব্যাপক প্ৰসাৰ চকুতলগা৷ কাজেই বিভ্ৰান্ত সময়, বিভ্ৰান্ত মগজুৰ প্ৰয়োজন হয় মুক্ত মনেৰে সত্যক ফঁহিয়াই চাব পৰা পৰিৱেশৰ৷ অৱধাৰিতভাৱেই সংখ্যালঘু বিজ্ঞানমনস্ক সমাজৰ দায়িত্ব হৈ পৰে প্ৰত্যাহ্বানমূলক৷ তেনে এমুঠি মানুহেই মুক্ত চিন্তাৰ পথ দেখুৱাবলৈ সাজু হ’ল৷ “মুক্ত চিন্তা”-ৰ জন্ম হ’ল৷ প্ৰাকক্ষণত তেওঁলোকে যথাৰ্থভাৱেই অনুভৱ কৰিলে— “ঐতিহ্য পৰম্পৰাৰ প্ৰভাৱ ইমান গভীৰভাৱে প্ৰোথিত হৈ আছে যে এই প্ৰভাৱৰপৰা মুক্ত হৈ নিজৰ চিন্তা-চেতনাক বেলেগ ধৰণে গঢ় দিয়াটো সঁচাই এটা কঠিন প্ৰত্যাহ্বান…” (২য় বছৰ ২য় সংখ্যা)। পিছে যোৱা পাঁচবছৰীয়া পৰিক্ৰমাই সেই প্ৰত্যাহ্বান নেওচি যাত্ৰাপথ মজবুত কৰি তোলা আমি দেখিলোঁ৷ আলোচনীখনৰ গঠনশৈলী যথেষ্ট আকৰ্ষণীয়৷ বিজ্ঞান, যুক্তিবাদ, দৰ্শন, কলা-সংস্কৃতি, সমসাময়িক বিষয়বস্তু সামৰি প্ৰতিটো সংখ্যাতে প্ৰকাশিত সম্পাদকীয়কে ধৰি উচ্চ মানবিশিষ্ট লেখাবোৰৰ কথা নক’লোৱেইবা৷ সাধাৰণতে যিটো দেখা নাযায় পৰিৱেশ-প্ৰকৃতি আৰু অনুবাদৰ নিয়মীয়া শিতান; সেয়া সঁচাকৈয়ে শলাগিবলগীয়া৷ তদুপৰি এগৰাকী অতিথি সম্পাদকৰ তত্ত্বাৱধানত একোটা নিৰ্দিষ্ট বিষয় বাছনিৰে সজোৱা শিতানটো নিসন্দেহে সুন্দৰ ব্যতিক্ৰম৷ বিশেষকৈ চৰ-চাপৰি, শ্ৰমিক-কৃষক, প্ৰান্তীয়-মূলসুঁতীয় সম্পৰ্কীয় বহুকেইটা গবেষণাধৰ্মী নিবন্ধই আমাক উপকৃত কৰিছে৷ বিষয়বস্তুৰ ফালৰ পৰা আন বহুকেইটা লেখাই ব্যক্তিগতভাৱে মোক আকৰ্ষণ কৰিছে৷ যেনে—– ষড়দ্ৰষ্টা – বিভিন্ন স্থান-কালৰ পৰিপ্ৰেক্ষিতত ছয় প্ৰকাৰৰ দ্ৰষ্টা আৰু দৰ্শকৰ সংজ্ঞা নিৰূপণৰ প্ৰয়াস (১ম বছৰ ১ম সংখ্যা) / হাট–বিৰোধী বিদ্ৰোহ আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচী/ প্ৰীতিলতা ওয়াদ্দেদাৰ (১ম বছৰ ২য় সংখ্যা) / বেংমৰাৰ বুৰঞ্জী ( ১ম বছৰ ৪ৰ্থ সংখ্যা)/ অশ্ৰুসিক্ত এল্ড্ৰুৱাইলচ মুক হৈ ৰোৱা মুহূৰ্তটো ( ১ম বছৰ ৫ম সংখ্যা ) / বাদভীতি (২য় বছৰ ৩য় সংখ্যা ) / বৈশ্বিক মহামাৰী আৰু এটা নৰখাদক নাহৰফুটুকী (সম্পাদকীয়, ৫ম বছৰ ৪ ৰ্থ সংখ্যা) ইত্যাদি ৷ এটা কথা লক্ষ্য কৰা যায় যে প্ৰকাশিত লেখাবোৰ যথেষ্ট অধ্যয়নপুষ্ট, তথ্যসমৃদ্ধ আৰু আন্তৰিকতাপূৰ্ণ৷ একেই ঐকান্তিকতা দেখা পোৱা যায় “মুক্ত চিন্তা” আলোচনীখনক কেন্দ্ৰ কৰি গঢ়ি তোলা সাংস্কৃতিক পৰিৱেশ গঠনৰ প্ৰচেষ্টাত৷ সমাজ-পৰিৱৰ্তনত গীত-মাতৰ ভূমিকাক সঁচা অৰ্থত বাস্তৱায়িত কৰাৰ আগ্ৰহেও আমাক আস্থায়িত কৰিছে৷
মুক্ত চিন্তাৰ পৰিসৰ বৃদ্ধি হওক, যুক্তিবাদ সফল হওক বুলি আশা কৰাৰ সময়ত কিছুমান ভাৱনাও মনলৈ আহিছে৷ যেনে- অনাগত দিনত ছাত্ৰ-সমাজক আৰু অধিক মুক্ত চিন্তাৰ সৈতে জড়িত কৰাৰ কথাটো৷ বিশেষকৈ নতুন লেখক সৃষ্টি কৰাটোও এক দায়িত্ব বুলি ভবাটো৷ নতুন লেখকে নতুন পাঠকো সৃষ্টি কৰে৷ তাকে কৰিবলৈ যাওঁতে অৱশ্যে লেখাৰ ‘মান’ৰ ক্ষেত্ৰত কিছু এৰা-ধৰাৰ প্ৰশ্নও আহিব৷ কিন্তু যুক্তিবাদৰ লক্ষ্য আৰু উদ্দেশ্যেই ইয়াক সম্ভৱ কৰি তুলিব বুলি ভাবিব পাৰি৷ কিয়নো ১ম বছৰ ১ম সংখ্যাৰ সম্পাদকীয়তো স্পষ্টভাৱেই কোৱা হৈছে — “…যিহেতু বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ প্ৰকৃততে কোনো নিৰালম্ব বৌদ্ধিক কচৰৎ নহয়, ইয়াৰ প্ৰায়োগিক দিশটো শোষিত শ্ৰেণীৰ মুক্তি-সংগ্ৰামৰ সৈতে সম্পৰ্কিত …” ৷ যি কি নহওক, “মুক্ত চিন্তা“-ৰ বৈপ্লৱিক যাত্ৰালৈ আমাৰ উষ্ম অভিনন্দন আৰু শুভেচ্ছা সদায়ে থাকিব৷ যুক্তিবাদী সমাজ এখন গঢ়াৰ সপোনটোত মানৱীয় পৃথিৱীখনৰ কথাই থাকে৷ তাক সুন্দৰভাৱে প্ৰকাশ কৰা সম্পাদকীয় (২য় বছৰ ৪ৰ্থ সংখ্যা) কলমৰ কথাখিনিয়েই আমাৰো মনৰ কথা —”ধৰ্ম-ঈশ্বৰহীন পৃথিৱী এখনৰ সপোন দেখাটো নিশ্চয় প্ৰগতিশীল চিন্তাৰ সাক্ষৰ৷ কিন্তু সেই সপোনৰ সৈতে কাৰাগাৰহীন সমাজ এখনৰ স্বপ্নক সম্পৰ্কিত কৰিব নোৱৰা নিৰালম্ব নাস্তিকতাই কোনো উচ্চতৰ বিকল্প নৈতিকতাৰ সন্ধান দিব পাৰিব বুলি ধাৰণা নহয় ৷” (~ৰূপালীম দত্ত)

মনোৰঞ্জন বৰদলৈ

বৰ্তমান আমি এক কঠিন সময়ৰ মাজেদি গতি কৰিছোঁ। বিশ্বজোৰা কৰ’নাৰ আতংক, অৰ্থনৈতিক স্থৱিৰতা, লক ডাউনে আনি দিয়া ভৱিষ্যতৰ অনিশ্চয়তা, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উত্তেজনা, এচাম বিবেকহীন লোকৰ জিঘাংসাই সৃষ্টি কৰা মৃত্যুশীতল নিৰৱতা—, মুঠতে এক অস্থিৰ সময়! অভাৱনীয়ৰূপে আহি পৰা অৰ্থনৈতিক মন্দাৱস্থা আৰু ভৱিষ্যত অনিশ্চয়তাৰ গৰাহত যি সময়ত বহু কেইখন প্ৰতিষ্ঠিত কাকত-আলোচনী বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে বা পৰিৱৰ্তিত ৰূপেৰে আত্মপ্ৰকাশৰ যো-জা চলিছে, সেই সময়ত “মুক্ত চিন্তা” অন-লাইন আলোচনীখনে পঞ্চম বছৰ পূৰ্ণ কৰি ষষ্ঠ বছৰত ভৰি দিবলৈ ওলোৱাটো নিঃসন্দেহে এক আশাব্যঞ্জক খবৰ। খবৰটো এই সময়ত অসমীয়া আলোচনীৰ ভৱিষ্যতৰ অন্য কিছু দিশৰো ইংগিতবাহক যেন বোধ হয়।
যুক্তিবাদী চিন্তা, তথ্যপূৰ্ণ তথা নিৰ্মোহ বিশ্লেষণাত্মক লেখাৰে “মুক্ত চিন্তা” অন-লাইন আলোচনীখনে ভাৰ্চুৱেল আলোচনীৰ জগতত ইতিমধ্যেই নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি আশা ৰাখিম, অনাগত দিনত “মুক্ত চিন্তা“-ৰ এই গতি দুৰ্নিবাৰ হওক, আৰু এখন প্ৰকৃততেই যুক্তিবাদী-সত্যসন্ধানী পাঠক সমাজ সৃষ্টি আৰু বৃদ্ধি কৰাৰ ক্ষেত্ৰত “মুক্ত চিন্তা“-ই অগ্ৰণী ভূমিকা লওক। অগতানুগতিক আলোচনী হিচাপে আশা কৰোঁ “মুক্ত চিন্তা“-ৰ ওপৰত আমি এখন সুস্থ পাঠক সমাজ গঢ়াৰ বিশ্বাস আৰু আস্থা ৰাখিব পাৰিম। (~মনোৰঞ্জন বৰদলৈ)

দেৱকান্ত সন্দিকৈ

“যুক্তি-বিকাশ সমিতি, অসম”-ৰ অনলাইন আলোচনী “মুক্তচিন্তা“-ই পাঁচ বছৰ পূৰ্ণ কৰিলে। এখন অনলাইন আলোচনীৰ বাবে এয়া এক বৃহৎ সাফল্য। নামটোৱেই সূচায় যে আলোচনীখনে বিভিন্ন সামাজিক মানৱিক বিষয় বা সমস্যা মুক্তভাৱে আলোচনা কৰাৰ পৰিৱেশ গঢ়িব পাৰিছে। বিষয়সমূহৰ যুক্তিপূৰ্ণ বিচাৰ বিশ্লেষণ আলোচনীখনৰ মূল বৈশিষ্ট্য। যুক্তিৰ প্ৰতি আমাৰ সমাজৰ সৰহভাগ লোকৰে ঘোৰ অনীহা। প্ৰচলিত কথা, ৰীতি-নীতিৰ ওপৰতে নিৰ্ভৰ কৰি বিনা প্ৰশ্নে বিনা চিন্তাই জীৱনটো যাপন কৰিব পৰাটোৱেই তেওঁলোকৰ একমাত্ৰ ধ্যানধাৰণা! ইয়াৰ বাবে যদি তেওঁলোকৰ জীৱনত অশেষ ক্ষতিও হৈছে, প্ৰতাৰণা বা শোষণৰ বলিও হৈছে, কোনো আক্ষেপ নাই! বহুতৰ বাবে যুক্তিবিচাৰ বৰ কঠিন কাম। এনে কামত মন দি তেওঁলোকে নিজৰ চিন্তা শূণ্য আৰামী জীৱনটোৰ শান্তি নষ্ট কৰিব নোখোজে। বহুতে খোলাকৈ কৈয়ে দিয়ে- জীৱনটো ইমান যুক্তিৰে চলিব নোৱাৰি!

কিন্তু যুক্তিক আদৰি ল’ব নুখুজিলেও এই কথা সত্য যে আমাৰ সমাজৰ সৰহভাগ সমস্যাৰে মূল কাৰণ যুুুক্তিৰ অভাৱ। অযুক্তিকৰভাৱে বহুতে নিয়ম বা আইন-কানুন নামানে। অযুক্তিকৰভাৱে বহুতে অপবিজ্ঞান অপবিশ্বাসৰ আশ্ৰয় লয়। অযুক্তিকৰভাৱে গ্ৰহণ কৰা সমস্যা সমাধানৰ উপায়বোৰে সমস্যাক বেছি জটিলহে কৰি তোলে।
পাঁচ বছৰ সফলতাৰে অতিক্ৰম কৰা “মুক্তচিন্তা” আলোচনীখনে সমাজৰ এমুঠিমান মানুহৰ মনতো যদি মুক্ত চিন্তাচৰ্চা তথা যুক্তিৰ বীজ সিঁচিব পাৰিছে- সেয়াই হ’ব এটা বৰ ডাঙৰ প্ৰাপ্তি।
আমি আলোচনীখনলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিকেইজন ব্যক্তিয়ে আশাশুধীয়া পৰিশ্ৰম কৰি এটা মানসম্পন্ন ৰূপত আলোচনীখন প্ৰকাশৰ ব্যৱস্থা কৰি আহিছে তেওঁলোকলৈ অভিনন্দন যাচিছোঁ।
মুক্তচিন্তা”-ই ভৱিষ্যতলৈ আৰু অধিক উদ্যমেৰে আগুৱাই যাওক। (~দেৱকান্ত সন্দিকৈ)


Print Friendly, PDF & Email