কেন্দ্ৰীয় নিবন্ধ

যৌনপ্ৰেমৰ ইতিহাস : এক বিশ্লেষণ – (টুনুজ্যোতি গগৈ)

মহানাদ তত্ত্ব মতে, এই মহাবিশ্ব প্ৰায় ১৩.৭ শ কোটি বছৰ পূৰ্বে সৃষ্টি হ’লেও সৌৰজগতৰ অন্যতম সদস্য পৃথিৱীৰ প্ৰায় ৪.৫৪ শ কোটি বছৰ পূৰ্বে সৃষ্টি হৈছিল। সৃষ্টিৰ আদিম অৱস্থাত প্ৰকাণ্ড অগ্নিপিণ্ডসদৃশ পৃথিৱী সূৰ্যৰ চাৰিওকাষে প্ৰচণ্ড গতিত ঘূৰিছিল আৰু আজিৰ ২৪ ঘন্টাৰ পৰিৱৰ্তে আঠ ঘন্টাতে এদিন হৈছিল। কোটি কোটি বছৰৰ পাছত পৃথিৱীৰ তাপমান ধীৰে ধীৰে পূৰ্বতকৈ হ্ৰাস পাবলৈ ধৰে আৰু মাধ্যাকৰ্ষণ শক্তি সক্ৰিয় হৈ পৃথিৱীৰ উত্তপ্ত লাভাবোৰ একত্ৰিত কৰাৰ লগতে উপৰিভাগ গঠন কৰে। সেই সময়ছোৱাত পৃথিৱীক ইটোৰ পাছত সিটো ধূমকেতুৱে খুন্দা মাৰিছিল। এবাৰ মংগল গ্ৰহৰ সমান এক প্ৰকাণ্ড ধূমকেতুৱে প্ৰচণ্ড বেগত আহি পৃথিৱীক খুন্দা মৰাৰ ফলত পৃথিৱীৰ এক বিশাল খণ্ড বহু আঁতৰলৈ বিচ্ছিন্ন হৈ যায়। এই বিচ্ছিন্ন খণ্ডটোৱেই হ’ল চন্দ্ৰ, পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। চন্দ্ৰ সৃষ্টি হোৱাৰ পাছৰপৰাই পৃথিৱীৰ বাতাবৰণ ব্যাপক ৰূপত সলনি হোৱাৰ লগতে আঠ ঘন্টাৰ পৰিৱৰ্তে ২৪ ঘন্টাত এটা দিন হ’ল।

চন্দ্ৰ সৃষ্টি হোৱাৰ পাছতো পৃথিৱীৰ তাপমান স্বাভাৱিক অৱস্থালৈ অহা নাছিল, তেতিয়াও পৃথিৱী এক অগ্নিপিণ্ডই হৈ আছিল। হেজাৰ হেজাৰ বছৰৰ অন্তত জ্বলন্ত  গ্ৰহটোৰ চৌপাশৰ আকাশত মেঘৰ উৎপন্ন হোৱাত প্ৰচুৰ বৃষ্টিপাত হ’বলৈ ধৰে। বহু হেজাৰ বছৰীয়া অবিৰাম বৃষ্টিপাতৰ ফলত পৃথিৱীখন ক্ৰমাৎ শীতল হৈ পৰিল আৰু পৃথিৱীৰ উপৰিভাগত জমা হোৱা পানীৰে সাগৰ-মহাসাগৰ, নদ-নদী আদি সৃষ্টি হ’বলৈ ধৰে। পৃথিৱীত জলপৃষ্ঠ সৃষ্টি হোৱাৰ পাছতে  জীৱ উৎপত্তিৰ পৰিৱেশ সূচনা হ’ল আৰু দীঘলীয়া বিৱৰ্তনৰ পৰিণতিত প্ৰায় ৫০ কোটি বছৰ পূৰ্বে মহাসাগৰত প্ৰথমটো এডাল হাড়-বিশিষ্ট জলচৰ প্ৰাণীৰ জন্ম হ’ল।

পৃথিৱীৰ স্থলভাগত প্ৰায় ৩১ কোটি বছৰ পূৰ্বৰপৰা সৰীসৃপ জাতীয় প্ৰাণীয়ে বাস কৰিছিল আৰু প্ৰায় ১৬ কোটি বছৰ পূৰ্বৰপৰা স্তন্যপ্ৰায়ী প্ৰাণীসমূহৰ পূৰ্ব প্ৰজাতিৰ উদ্ভৱ হৈছিল। ৬.৫ কোটি বছৰ পূৰ্বে এক প্ৰকাণ্ড ধূমকেতুৱে পৃথিৱীত আঘাত কৰাৰ পাছৰপৰাই ডাইন’ছৰ প্ৰজাতিৰ লুপ্ত হয় আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ স্বাভাৱিক গতিত বিকাশ হয়। বিৱৰ্তনবাদৰ প্ৰৱৰ্তক ডাৰউইনে তিনিটা সূত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক নিৰ্বাচনৰ ফলত জীৱৰ উৎপত্তি সম্পৰ্কীয় সিদ্ধান্তত উপনীত হৈছে। সূত্ৰকেইটা হ’ল–

১. জীৱন আৰু জীৱিকাৰ তাড়নাত সকলো জীৱই অবিৰামভাৱে সংগ্ৰাম কৰিব লাগিব।

২. এনে সংগ্ৰামত জয়ী হোৱাসকলে অৰ্থাৎ প্ৰাকৃতিক নিৰ্বাচনত সক্ষমবোৰে স্থিতি লাভ কৰে। পৰাজিতসকল অৱধাৰিতভাৱেই বিলুপ্ত হয়।

৩. জীৱই জীয়াই থাকিবৰ বাবে পাৰপাৰ্শ্বিক অৱস্থাৰ লগত নিজকে খাপ খুৱাই লোৱাৰ ফলত শাৰীৰিকভাৱেও পৰিৱৰ্তনৰ সন্মুখীন হয়। এই পৰিৱৰ্তনবোৰে কালক্ৰমত স্থায়ী ৰূপ লাভ কৰে আৰু বংশগতিৰ প্ৰক্ৰিয়া চলি থাকে। এই প্ৰক্ৰিয়াতে নতুন নতুন জীৱৰো সৃষ্টি হয়।

আদিম এককোষী বা বহুকোষী প্ৰাণী আৰু বিভিন্ন অমেৰুদণ্ডী বা মেৰুদণ্ডী প্ৰাণীৰ উৎপত্তি, বিকাশ আৰু বিলুপ্তিৰ দীৰ্ঘ বিৱৰ্তন প্ৰক্ৰিয়াৰ কোনো এক স্তৰত প্ৰায় ১.৪ কোটি বছৰ পূৰ্বৰ পৰাহে মানৱ প্ৰজাতিৰ উদ্ভৱ হয় বুলি নৃতত্ত্ববিদসকলে মত পোষণ কৰে। নৃতত্ত্ববিদসকলে মানুহৰ বান্দৰসদৃশ পূৰ্বপুৰুষসকলক ভিন ভিন স্তৰত ভিন ভিন নামেৰে নামকৰণ কৰিছে। যেনে– ড্ৰায়াপিঠিকাচ্ [Dryopithecus]এষ্ট্ৰালপিঠিকাচ্ [Astralopithecus], হম’ ইৰেক্টাচ [Homo Eractus], নিয়ান্দৰ্থাল [Neanderthal],  ক্ৰো-মেগনন [Cro-Magnon] ইত্যাদি। এই বান্দৰসদৃশ প্ৰাণীসমূহৰ দেহ দীঘল নোমেৰে ভৰা আছিল আৰু প্ৰাণীসমূহ পৰ্বতৰ গুহা, গছৰ খোৰোং আদিত বসবাস কৰিছিল। প্ৰাণীসমূহে প্ৰয়োজনবোধে দুই ভৰিৰে কিছু দূৰ খোজো কাঢ়িব পাৰিছিল। এষ্ট্ৰালপিঠিকাচ্ শ্ৰেণীৰ প্ৰাণীসমূহ মানৱ প্ৰজাতিৰ দিশলৈ ক্ৰমবিকাশৰ প্ৰথম পদক্ষেপ বুলি কোৱা হয় আৰু ক্ৰো-মেগনন শ্ৰেণীৰ প্ৰজাতিসমূহ আধুনিক মানুহৰ অগ্ৰগামী বুলি ধৰিব পাৰি। এই দুই স্তৰৰ মাজৰ মানৱ জীৱাশ্মবোৰ অধ্যয়ন কৰিলে এইবোৰৰ দৈহিক পৰিৱৰ্তন পৰিলক্ষিত হয়। তেনে দুটিমান পৰিৱৰ্তন হ’ল—

১. পোন হৈ দুই ভৰিৰ ওপৰত দেহৰ ভৰ দি খোজ কঢ়া৷ প্ৰথমে মানুহে গছে গছে জঁপিয়াই ফুৰিছিল আৰু মাজে মাজে মাটিলৈ নামি আহিছিল। তেওঁলোকে উদৰৰ ক্ষুধা পূৰণৰ বাবে গছৰ ফল-মূল, পোক-পৰুৱা আদি ভক্ষণ কৰিছিল।

২. শৰীৰৰ নোম ক্ৰমশঃ পাতল হৈ অহা৷ প্ৰথমাৱস্থাত মানুহৰ শৰীৰত নোমৰ পৰিমাণ বেছি আছিল যদিও লাহে লাহে পাতল হৈ আহে। ইত্যাদি।

সি যি নহওক, আধুনিক মানুহৰ পূৰ্বপুৰুষ হম’ চেম্পিয়নছ [Homo sapiens]ৰ মাত্ৰ ডেৰ লাখ বছৰ পূৰ্বেহে দক্ষিণ আফ্ৰিকাত উদ্ভৱ হৈছিল আৰু হেজাৰ হেজাৰ বছৰ তেওঁলোক আফ্ৰিকাৰ সঘন অৰণ্যতে কটাইছিল। আজিৰপৰা প্ৰায় ৫০-৬০ হেজাৰ বছৰ পূৰ্বেহে হম’চেম্পিয়নছৰ এটি সৰু অংশই আফ্ৰিকাৰপৰা বহিৰ্গমন আৰম্ভ কৰে আৰু সেই অংশটো দ্ৰুতগতিত পৃথিৱীৰ চুকে-কোণে সিঁচৰতি হৈ পৰে।

পৃথিৱীৰ পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশৰ সৈতে সহাৱস্থান কৰাৰ ক্ষেত্ৰত মানুহ আছিল আগৰণুৱা। ক’বলৈ গ’লে, মানুহৰ বিৱৰ্তনৰ প্ৰক্ৰিয়া খুবেই বিস্ময়কৰ আৰু অন্য প্ৰাণীৰ তুলনাত বহু পৰিমাণে জটিল। মানুহে নিজৰ বুদ্ধিমত্তাৰ ফলতে পৰিৱেশ আৰু পৰিস্থিতি অনুযায়ী পৃথিৱীত বৰ্তি থকাৰ উপায় উদ্ভাৱন কৰি আহিছে। নৃতত্ত্ববিদ লুই হেনৰী মৰ্গানে যথাৰ্থভাৱে কৈছে— ‘The important fact that mankind commenced at the bottom of the scale and worked up, is revealed in an expressive manner by their successive arts of subsistence. Upon their skill in this direction, the whole question of human supremacy on the earth depended. Mankind are the only beings who may be said to have gained an absolute control over the production of food; which at the outset they did not possess above other animals. Without enlarging the basis of subsistence, mankind could not have propagated themselves into other areas not possessing the same kinds of food, and ultimately over the whole surface of the earth; and lastly, without obtaining an absolute control over both its variety and amount, they could not have multiplied into populous nations.’

[https://www.marxists.org/reference/archive/morgan-lewis/ancient-society/ch02.htm]

সমাজবিজ্ঞানী ফ্ৰেডৰিক এংগেলছে ‘পৰিয়াল, ব্যক্তিগত মালিকানা আৰু  ৰাষ্ট্ৰৰ উৎপত্তি’ (ইংৰাজী সংস্কৰণ, ১৯০২) শীৰ্ষক মূল্যবান গ্ৰন্থখনত তেওঁৰ পূৰ্বসুৰী আৰু সমসাময়িক নৃতত্ত্ববিদ তথা সমাজবিজ্ঞানীসকলৰ মানৱ প্ৰজাতিৰ ক্ৰমবিৱৰ্তন আৰু যৌনপ্ৰেমৰ ইতিহাস সম্পৰ্কীয় বিভিন্ন মতবাদৰ বিচাৰ-বিশ্লেষণেৰে আৰু নিজৰ সুচিন্তিত মতামত সংযোজনেৰে বস্তুনিষ্ঠভাৱে বিশ্লেষণ কৰি গৈছে।

সমাজবিজ্ঞানীসকলে সমাজতাত্ত্বিক দৃষ্টিকোণৰপৰা মানৱ প্ৰজাতিৰ সুদীৰ্ঘ ইতিহাসক বন্য, বৰ্বৰ আৰু সভ্য ৰূপে মূলতঃ তিনিটা স্তৰত ভাগ কৰিছে। এই তিনিওটা স্তৰতে মানুহৰ যৌনপ্ৰেমৰ স্বৰূপ ভিন্ন আছিল।

১. বন্য স্তৰৰ যৌনপ্ৰেম : বন্যস্তৰৰ মানুহে প্ৰথমাৱস্থাত ফল-মূল খায়েই জীৱন নিৰ্বাহ কৰিছিল। পাছলৈ তেওঁলোকে নদীৰ মাছ, কেঁকোৰা, শামুক আদি জলজ প্ৰাণীবোৰ কেঁচাই কেঁচাই ভক্ষণ কৰিছিল। দুছটা শিল ঘঁহি জুই জ্বলাবলৈ শিকাৰ পাছৰ পৰা তেওঁলোকে জুইত মাছ, পহু, গাহৰি আদি পুৰি খাবলৈ ধৰে। তেওঁলোকে খাদ্য সংগ্ৰহৰ বাবে শিলৰ টুকুৰা, ষাঠি আদি লৈ চিকাৰ কৰিছিল আৰু কেতিয়াবা চিকাৰত একো নাপালে নৰমাংসও ভক্ষণ কৰিছিল। অৱশ্যে, ধনু-কাঁড় ব্যৱহাৰ কৰিবলৈ শিকাৰপৰা তেওঁলোকৰ খাদ্য সমস্যা দূৰ হৈছিল। এই স্তৰত তেওঁলোকে বিভিন্ন শব্দ উচ্চাৰণেৰে ভাব বিনিময় কৰিছিল আৰু ঘৰ সাজিবলৈ শিকিছিল।

বন্য স্তৰৰ মানুহৰ মাজত কোনোধৰণৰ ব্যক্তিগত যৌনপ্ৰেমৰ অনুভূতি উদ্গম হোৱা নাছিল আৰু পিতৃ-মাতৃ, ভ্ৰাতৃ-ভগ্নী সকলোৰে মাজত অবাধ যৌন সম্পৰ্ক ঘটিছিল। অৱশ্যে, নাৰীৰ বহুগামিতাৰ বাবে সন্তানৰ প্ৰকৃত পিতৃ পৰিচয় পোৱাটো সম্ভৱপৰ নহৈছিল। সময় যোৱাৰ লগে লগে এই অবাধ যৌনাচাৰলৈ পুৰুষানুক্ৰমিক বাধা অহাত পিতৃ-মাতৃৰ সৈতে সন্তানৰ যৌন-মিলন বন্ধ হ’ল। ভ্ৰাতৃ-ভগ্নীৰ মাজত যৌন মিলন চলি থাকিলেও পৰৱৰ্তী সময়ত তেনে মিলনো বন্ধ হৈ সমষ্টি বিবাহৰ প্ৰচলন হ’ল। অৰ্থাৎ এদল নাৰীৰ সৈতে এদল পুৰুষৰ যৌন সম্পৰ্ক স্থাপন হোৱাৰ পৰিৱৰ্তে দল-বহিৰ্ভূত সম্পৰ্ক নিষিদ্ধ হ’ল। সমষ্টি বিবাহ প্ৰচলন হোৱাৰ পাছত মানুহৰ বংশ পৰম্পৰা কেৱল মাতৃসকলৰ ফালৰপৰাই নিৰ্ধাৰণ কৰা হৈছিল আৰু এই পৰম্পৰা বৰ্বৰ স্তৰৰ আৰম্ভণি পৰ্যায়লৈকে অব্যাহত আছিল। অন্য অৰ্থত, বন্য স্তৰৰ মানৱ সমাজত নাৰীৰ স্থান উচ্চ আৰু মৰ্যাদাপূৰ্ণ আছিল।

 ২. বৰ্বৰ স্তৰৰ যৌনপ্ৰেম : বৰ্বৰ স্তৰত মানুহৰ মগজুৰ ভালেখিনি বিকাশ হয়। তেওঁলোকে সততে ব্যৱহাৰ কৰা খহটা শিলটো ঘঁহি-পিহি নিমজ আৰু  ধাৰাল কৰা, মাটিৰ বিভিন্ন পাত্ৰ সজা, খোৱা ফলৰ গুটিটো য’তে-ত’তে পেলাই নিদি গুহাৰ আশে-পাশে পুতি থোৱা আদি কামত মনোনিৱেশ কৰে। তেওঁলোকে উন্নত শ্ৰম সঁজুলি ব্যৱহাৰেৰে ডাঙৰ জীৱ-জন্তু চিকাৰ কৰিবলৈ আৰু বীজ সংগ্ৰহেৰে কৃষিকৰ্ম কৰিবলৈ শিকাত তেওঁলোকৰ যাযাবৰী জীৱনলৈ কিছু স্থায়িত্ব আহিল। কৃষিকৰ্মত অভ্যস্ত হৈ পৰাৰ পাছত তেওঁলোকে লাহে লাহে চিকাৰী আৰু সংগ্ৰহজীৱী চৰিত্ৰ ত্যাগ কৰে। লক্ষণীয় যে ‘মানৱত্বলৈ উন্নীত হোৱাৰ পথত মানুহৰ এই উৎপাদন-ক্ষমতা আন এটা বিৰাট বিপ্লৱ আছিল। ক’বলৈ গ’লে, উৎপাদনেই মানুহক প্ৰকৃতাৰ্থত মানুহ কৰি তুলিলে। খাদ্য সংগ্ৰহ, খাদ্য উৎপাদন আদিয়ে মানুহক যূথচাৰী হ’বলৈ আৰু ইজনে সিজনৰ লগত বাৰ্তা বিনিময় কৰিবলৈ বাধ্য কৰাইছিল, আৰু এই বাধ্যতাৰ পৰিণাম ৰূপেই উৎপত্তি হ’ল ভাষাৰ।’(বৰ্মন, শিৱনাথ : লোককৃষ্টিৰ উৎস, অসম প্ৰকাশন পৰিষদ, চতুৰ্থ প্ৰকাশ, ২০১৫ চন, পৃঃ ৪)

বৰ্বৰ স্তৰতে বিভিন্ন কাৰকৰ প্ৰভাৱত যুগ্ম বিবাহৰ প্ৰচলন হ’ল অৰ্থাৎ বন্য স্তৰৰ বৃহৎ দলবোৰৰ ঠাইত এযোৰ এযোৰ নাৰী-পুৰুষৰ পৰিয়ালে একেটা বাসস্থানতে থাকিবলৈ ল’লে। বহু সমাজবিজ্ঞানীয়ে ক’ব বিচাৰে যে এই স্তৰৰ যুগ্ম বিবাহতেই পৰৱৰ্তী সভ্য স্তৰৰ একক বিবাহৰ বীজ লুকাই আছিল। কিন্তু, এই স্তৰৰ যুগ্ম বিবাহভিত্তিক পৰিয়ালৰ সৈতে সভ্য স্তৰৰ একক বিবাহভিত্তিক পৰিয়ালৰ মাজত বিস্তৰ তফাৎ আছিল। কাৰণ, বৰ্বৰ স্তৰত পুৰুষে কোনো নাৰীক প্ৰেমৰ তাড়নাত স্ত্ৰী হিচাবে গ্ৰহণ কৰা নাছিল৷ একান্তই দৈহিক প্ৰয়োজন আৰু অন্যান্য কিছুমান সুবিধাৰ বাবেহে স্ত্ৰী হিচাবে গ্ৰহণ কৰিছিল। তেনে কাৰণতে সঘনাই বিবাহ বিচ্ছেদো হৈছিল আৰু নাৰী-পুৰুষ উভয়েই ইচ্ছানুসৰি বিপৰীত লিংগৰ সৈতে যৌন সম্ভোগত লিপ্ত হৈছিল।

৩. সভ্য স্তৰৰ যৌনপ্ৰেম : সভ্য স্তৰত মানৱ প্ৰজাতিয়ে নিজৰ বুদ্ধিমত্তাৰ সহায়ত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ শ্ৰম সঁজুলিৰ প্ৰভূত উন্নতি সাধন কৰিছিল। এনে উন্নত সঁজুলি ব্যৱহাৰৰ বাবে পেশী শক্তিৰ প্ৰয়োজন হোৱাত নাৰীসকল লাহে লাহে উৎপাদন প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিল। তেতিয়াৰ পৰাই দৈহিক সক্ষমতাৰ ভিত্তিত নাৰী-পুৰুষৰ মাজত মৌলিক শ্ৰম বিভাজনৰ সৃষ্টি হ’ল। পুৰুষে খাদ্যৰ কেঁচামাল সংগ্ৰহ, চিকাৰ, যুদ্ধ আদিত ব্যস্ত হোৱাৰ বিপৰীতে নাৰীয়ে সন্তান প্ৰতিপালন, পশুপালন, খাদ্য-বস্ত্ৰ প্ৰস্তুত কৰাৰ দৰে লঘু পৰিশ্ৰমৰ কামত ব্যস্ত হৈছিল। লক্ষণীয় যে নাঙলৰ দৰে উন্নত কৃষি সঁজুলি আৱিষ্কাৰৰ ফলত খাদ্যৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি পালে। উৎপাদিত খাদ্যৰ উদ্বৃত্ত আৰু পশুধন সংৰক্ষণৰ স্বাৰ্থতে এই স্তৰত ব্যক্তিগত মালিকানাৰ উদ্ভৱ হোৱাই নহয়, আদিম সাম্যবাদী সমাজখনত সম্পদশালী আৰু সম্পদহীন নামৰ দুটা শ্ৰেণীও উদ্ভৱ হ’ল।

এংগেলছৰ মতে, উদ্বৃত্ত সম্পদৰ মালিকানা স্বত্ব কেৱল পুৰুষৰ ওপৰতহে আৰোপিত হ’ল। সেই সম্পদৰ সংৰক্ষণৰ দায়িত্বত থকা নাৰীয়ে মালিকানা স্বত্ব লাভ নকৰিলে। অৰ্থাৎ উৎপাদন প্ৰক্ৰিয়াত পুৰুষৰ কায়িক শ্ৰম যিমানেই অপৰিহাৰ্য হৈ পৰিল, সিমানেই নাৰীৰ স্বাধীনতাও হ্ৰাস পাবলৈ ধৰিলে। এনে শ্ৰম বিভাজনৰ ভেটিতেই পুৰুষতন্ত্ৰৰ বীজ ধীৰে ধীৰে অংকুৰিত হৈছিল।

পুৰুষসকলে উদ্বৃত্ত সম্পদৰ গৰাকী হিচাবে সম্পদখিনিৰ প্ৰকৃত উত্তৰাধিকাৰী নিৰ্বাচন কৰাৰ প্ৰয়োজনীয়তাও অনুভৱ কৰিলে। তেওঁলোকে সম্পদৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ নাৰীক নিজৰ অধীনলৈ অনাৰ ফলত নাৰী সমাজৰ নতুন সদস্য জন্মদায়িনীৰপৰা একক পুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰীৰ জন্মদায়িনীলৈ ৰূপান্তৰিত হ’ল। সন্দেহ নাই, ব্যক্তিগত সম্পদৰ অবিতৰ্কিত উত্তৰাধিকাৰ নিৰ্বাচনৰ প্ৰশ্নতে নাৰীৰ বহুগামিতা নিষিদ্ধ কৰা হ’ল  আৰু একক বিবাহৰ প্ৰচলন হ’ল। সম্পদৰ উত্তৰাধিকাৰ সৃষ্টিয়েই একক বিবাহৰ মূল উদ্দেশ্য হোৱাত সমাজে নাৰীৰ একগামিতা বা একপতিত্বৰ ওপৰত বেছি গুৰুত্ব দিছিল। পুৰুষৰ বহুগামিতাই উত্তৰাধিকাৰৰ প্ৰশ্নত কোনো বিতৰ্কৰ সৃষ্টি নকৰিছিল বাবে পুৰুষৰ বহুগামিতা নিষিদ্ধও নহ’ল।

সভ্য স্তৰত একক বিবাহৰ প্ৰয়োজনতে মানৱ সমাজত প্ৰথমবাৰৰ বাবে প্ৰেমৰ অনুভূতি উদ্গম হ’ল। এংগেলছে মানৱ চেতনাত প্ৰেমানুভূতিৰ উদ্গমক মানৱ প্ৰজাতিৰ বিবৰ্তনৰ দীঘলীয়া পথত বৃহত্তম নৈতিক অগ্ৰগতি বুলি অভিহিত কৰিছিল। তেওঁৰ মতে, আদিম কালৰ সহজ যৌন কামনাতকৈ পৰৱৰ্তী কালৰ যৌনপ্ৰেমৰ চৰিত্ৰ সম্পূৰ্ণ পৃথক আছিল। এই অৰ্বাচীন যৌনপ্ৰেমৰ চৰিত্ৰ সম্পৰ্কে তেওঁ এনেদৰে বিশ্লেষণ আগ বঢ়াই থৈ গৈছে—

ক. যৌনপ্ৰেম নাৰী-পুৰুষৰ পাৰস্পৰিক ভালপোৱা আৰু মৰ্যাদাৰ ভেটিত প্ৰতিষ্ঠিত।

খ. যৌনপ্ৰেমত নাৰী-পুৰুষ উভয়ে পৰস্পৰক কাষত পাবলৈ ব্যাকুল হৈ পৰে। সকলোধৰণৰ প্ৰতিবন্ধকতা বা সংঘাত নেওচি দুয়ো মিলিত হ’ব বিচাৰে আৰু প্ৰয়োজন হ’লে পৰস্পৰৰ বাবে প্ৰাণ বিসৰ্জন দিবলৈও প্ৰস্তুত থাকে।

গ. যৌনপ্ৰেমে গভীৰত্ব আৰু স্থায়িত্ব আশা কৰাৰ বিপৰীতে বিচ্ছেদক এক দুৰ্ভাগ্য বুলি গণ্য কৰে।

লক্ষণীয় যে পুৰুষ-নাৰীৰ মাজত প্ৰেমৰ অনুভূতি উদ্গম কৰা পৰিৱেশ-পৰিস্থিতিয়ে প্ৰেমৰ স্বাভাৱিক বিকাশত বাধাৰো সৃষ্টি কৰিবলৈ ধৰিলে। একক বিবাহৰ প্ৰচলনৰ ফলত সন্তান লালন-পালন কৰা, সম্পত্তিৰ ৰক্ষণাবেক্ষণ দিয়া আদি কামত ব্যস্ত আৰু দায়বদ্ধ হৈ পৰা নাৰীসকলে বিবাহ বিচ্ছেদৰ কথা বা অন্য পুৰুষৰ সংগ লাভৰ কথা চিন্তা কৰিব নোৱৰা হ’ল। পৰিয়ালৰ বান্ধোনে নাৰীগৰাকীক স্বাভাৱিকতে সংযমী আৰু শৃংখলিত কৰি তুলিলে। কিন্তু, পুৰুষৰ বহুগামিতা পূৰ্বৰ দৰেই বৰ্তি থকাত এগৰাকী বিবাহিতা নাৰীয়ে ভাবিবলৈ ধৰিলে যে পুৰুষসংগীজনে তেওঁৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ আঁৰত সঁচা প্ৰেম নাথাকিবও পাৰে। অৰ্থাৎ যৌন সংগমৰ ক্ষেত্ৰত এক নতুন নৈতিক মানৰ প্ৰসংগ আহিল। যৌন সম্পৰ্কটো বৈধ নে অবৈধ, সম্পৰ্কটোত পৰস্পৰৰ প্ৰতি সঁচা ভালপোৱা আছে নে নাই আদি প্ৰশ্নৰ সৃষ্টি হ’ল।

সি যি নহওক, বহু নেতিবাচক দিশ থকাৰ পাছতো একক বিবাহ পদ্ধতিক প্ৰায়বোৰ মানৱ সমাজেই আদৰি লোৱাত এই বিবাহৰ ভেটি পৰৱৰ্তী সময়ত সুদৃঢ় হৈ পৰিল। কিন্তু, এই বিবাহ পদ্ধতিয়েই পুৰুষতন্ত্ৰক শক্তিশালী ৰূপ দিয়াত নাৰীৰ স্থান পুৰুষৰ ব্যক্তিগত সম্পত্তিৰ পৰ্যায়লৈ অৱনমিত হ’ল। তেতিয়াৰপৰাই বিবাহৰ বাবে পাত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নাৰীৰ ইচ্ছা-অনিচ্ছাৰ প্ৰসংগ অবান্তৰ হৈ পৰিল আৰু বিবাহ সম্পূৰ্ণভাবে অৰ্থনৈতিক বিচাৰ-বিবেচনাৰ ওপৰত নিৰ্ভৰশীল হৈ উঠিল। এংগেলছে পুৰুষসকল উদ্বৃত্ত সম্পত্তিৰ গৰাকী হোৱাৰ পাছত মাতৃ অধিকাৰ উচ্ছেদ হোৱা পৰিঘটনাক ‘নাৰীৰ বিশ্ব ঐতিহাসিক পৰাজয়’ বুলি অভিহিত কৰিছে। পুৰুষ জাতিয়ে গৃহস্থালিৰ কৰ্তৃত্ব দখল কৰাৰ লগে লগে নাৰী জাতি হৈ পৰিল পদানত, শৃংখলিত, পুৰুষৰ কামনাৰ দাসী আৰু সন্তান সৃষ্টিৰ যন্ত্ৰ।

আধুনিক নৃতত্ত্ববিদ আৰু সমাজ বিজ্ঞানীসকলে– বিশেষকৈ এলিন লীক, কেথলিন গখ, পিটাৰ এবী আদিয়ে এংগেলছৰ পৰিয়াল, ব্যক্তিগত মালিকানা আৰু  ৰাষ্ট্ৰৰ উৎপত্তি গ্ৰন্থখনৰ মতবাদক বিদ্যায়তনিকভাৱে বিশ্লেষণ কৰিছে। কেথলিন গখে পৰিয়ালৰ উৎপত্তি সম্পৰ্কত সঠিক মত দিয়াটো কঠিন বুলিয়েই মন্তব্য কৰিছে—‘‘The trouble with the origin of the family is that no one really knows. Since Engels wrote The Origin of the Family. Private Property and the State in 1884, a great deal of new evidence has come in. Yet the gaps are still enormous. It is not known when the family originated. although it was probably between two million and 100,000 years ago. It is not known whether it developed once or in separate times and places. It is not known whether some kind of embryonic family came before, with, or after the origin of language. [The Origin of the Family, Journal of Marriage and Family, Vol. 33, No. 4, National Council on Family Relations,  November 1971, p. 760)    

তথাপি, ক’ব লাগিব যে পৰিয়ালৰ উৎপত্তি আৰু মাতৃতন্ত্ৰৰপৰা পুৰুষতন্ত্ৰৰ উদ্ভৱৰ সম্পৰ্কত এংগেলছেই বিশ্বৰ অন্যান্য গৱেষকৰ তুলনাত সবাতোকৈ সৰল আৰু গ্ৰহণযোগ্য ব্যাখ্যা আগ বঢ়াইছে। এংগেলছৰ ব্যাখ্যা সন্দৰ্ভত আধুনিক নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানীসকলে আৱিষ্কাৰ কৰা কেইটিমান সীমাবদ্ধতা হ’ল—

ক. এংগেলছে সমাজ বিৱৰ্তনৰ ভেটি উৎপাদনৰ বাস্তৱ ব্যৱস্থাৰ ওপৰত  প্ৰতিষ্ঠিত বুলি দাবী কৰিলেও মাতৃতন্ত্ৰৰ পৰিৱৰ্তে পুৰুষতন্ত্ৰ প্ৰতিষ্ঠিত হোৱাৰ ব্যাখ্যা দিবলৈ যাওঁতে বহু সময়ত মনস্তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁৰ মতে, নাৰীয়ে বহুগামিতাৰ পৰিৱৰ্তে একগামিতা আঁকোৱালি লৈ এজন পুৰুষৰ কাষত আশ্ৰয় বিচৰাৰ বাবে সমাজত একক বিবাহ প্ৰচলন হৈছিল আৰু পুৰুষে নিজৰ ঔৰসজাত সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰী ৰূপে নিৰ্ধাৰণ কৰিবলৈ বিচৰাৰ বাবে পুৰুষতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। অৰ্থাৎ একক বিবাহ প্ৰচলনৰ ক্ষেত্ৰত ‘বাস্তৱ ব্যৱস্থা’ই নহয়, নাৰী-পুৰুষৰ ইচ্ছাইহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

খ. এংগেলছে নাৰী-পুৰুষৰ মাজত উদ্ভৱ হোৱা শ্ৰম বিভাজনৰ সম্পৰ্কত ‘ঘৰৰ বাহিৰৰ কাম পুৰুষৰ আৰু ভিতৰৰ কাম নাৰী’ৰ বুলি এক অনুমান-নিৰ্ভৰ ব্যাখ্যাহে দিছিল।  পুৰুষসকলে পশুপালনৰ মালিকানাৰপৰা উদ্বৃত্ত সম্পত্তি আৰু নাৰীৰ প্ৰজনন শক্তিৰ মালিকানা কেনেকৈ পালে, সেই প্ৰশ্নৰ যথোচিত উত্তৰ দিয়া নাই।

গ. এংগেলছে সমাজ বিপ্লৱৰ জৰিয়তে বৰ্তমান শ্ৰেণীবিভাজিত সমাজৰ একপতি-একপত্নী প্ৰথাৰ অৰ্থনৈতিক ভিত্তি লুপ্ত হ’লে বেশ্যাবৃত্তি আৰু পুৰুষৰ বহুগামিতাও লুপ্ত হ’ব বুলি আশা প্ৰকাশ কৰিছিল। কিন্তু, নাৰী-পুৰুষৰ সমমৰ্যাদা অৰ্জনৰ ধাৰাবাহিক ঐতিহাসিক বিকাশে কেনে ৰূপ পৰিগ্ৰহ কৰিব, সেই সম্পৰ্কত কোনো সঠিক ব্যাখ্যা দিয়া নাছিল।

সি যি নহওক, আদিম মানৱ সমাজত পুং আৰু স্ত্ৰী লিংগৰ সম গুৰুত্বই থাকিলেও নিৰন্তৰ সামাজিক বিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত সভ্যতাৰ এক বিশেষ স্তৰত পুং লিংগটোৱে বহু পৰিমাণে সামাজিক কাম-কাজবোৰক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে আৰু এই পুৰুষপ্ৰাধান্যই ক্ৰমাৎ পুৰুষ আধিপত্য আৰু পুৰুষ প্ৰভুত্বলৈ পৰিণত হ’ল। ‘প্ৰভুত্বৰ অস্তিত্ব সদায় দাস-নিৰ্ভৰ। গতিকে, স্বাভাৱিকতেই নাৰী-অৱদমন পুৰুষ-প্ৰভুত্বৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। ক’বলৈ গ’লে, সমগ্ৰ মানৱীয় মূল্যবোধ সম্পৃক্ত হৈ পৰিল পুৰুষ-প্ৰভুত্বৰ সৈতে। এই কথাটোৱে পুৰুষৰ প্ৰভুত্বৰ লগতে নাৰী-অৱদমনক এটা সবল প্ৰাতিষ্ঠানিক ৰূপ প্ৰদান কৰিলে। এই কৰ্তৃত্ববাদী আৰু আধিপত্যধৰ্মী পুংলিংগভিত্তিক সামাজিক মূল্যবোধৰ প্ৰাতিষ্ঠানিক অৱয়ব আৰু তৎজনিত সামাজিক ৰীতি-নীতিক আমি বহল ভিত্তিত পুৰুষতন্ত্ৰ বুলি ক’ব পাৰো।’(সম্পাদকীয়, এষণা, যুক্তি বিকাশ সমিতি, ষষ্ঠ সংখ্যা, ২০১৬, পৃঃ ১)

অন্যান্য তথ্য উৎস :

1. Darwin, Charles. The Origin of Species by Means of Natural Selection, or the Preservation of Favoured Races in the Struggle for Life (6th ed.). London: John Murray. 1859

1. http://darwin-online.org.uk

2.  https://en.m.wikipedia.org

3. https://www.livescience.com

4. https://www.marxists.org

Leave a Reply

Your email address will not be published. Required fields are marked *