বিজ্ঞান-প্ৰযুক্তি

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (পঞ্চম অংশ)- (পূৰৱী দেৱী)

পূৰ্বৰ অংশসমূহ প‌ঢ়িবলৈ:-

প্রথম অংশ

দ্বিতীয় অংশ

তৃতীয় অংশ

চতুৰ্থ অংশ

আনহাতে দ্রুত যান্ত্রিক কৌশলৰ বিকাশৰ ফলক্রমে অর্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ গতিও হৈছিল অত্যন্ত দ্রুত। কল-কাৰখানা বৃদ্ধি হৈছিল; জনসংখ্যাৰ এক বুজন পৰিমাণ হৈ পৰিছিল মজুৰিভোগী বনুৱা। কুৎসিত, অপৰিস্কাৰ, ধোঁৱা-ধূলিৰে ভৰা চহৰৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি হৈছিল। এচাম মানুহৰ হাতত অতি সহজে ধন-সম্পত্তি পুঞ্জীভূত হৈছিল। আনহাতে সামাজিক সুৰক্ষাবিহীন, অপ্রশমিত দুখ-যাতনাগ্রস্ত জীৱনে সাধাৰণ মানুহক জীয়াই থকাৰ ন্যূনতম আনন্দৰ পৰাও বঞ্চিত কৰিছিল।

এনে সামাজিক পৰিৱেশ চিন্তাশীল লোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰাকৈ থকা নাছিল। বহু চিন্তাবিদৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু সেই যুগৰ বিশিষ্ট চিন্তাবিদ হ’ল বিখ্যাত কার্ল মার্ক্স (১৮১৮-৮৩)। মার্ক্স আছিল একাধাৰে ইতিহাসবিদ, দার্শনিক, সমাজ-বিজ্ঞানী আৰু অর্থনীতিবিদ। এই বিদগ্ধ পণ্ডিতজনে ইতিহাস, দর্শন, অর্থনীতি আৰু সমাজবিজ্ঞানক নতুন দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ কেইষাৰমান মন্তব্যই ইয়াৰ প্রমাণ দিব পাৰে।

ইতিহাস সম্বন্ধে তেখেতে কৈছিল—

“History does nothing, it possesses no immense wealth, fights no battle. It is rather man, real living, man who does everything, who possesses and fights”।

দর্শন সম্বন্ধে দিয়া মন্তব্য হ’ল—

“Philosophers have only interpreted the world in various ways, the point is to change it”।

অর্থনীতিৰ ক্ষেত্ৰত তেখেতে কৰা মৌলিক প্রশ্নসমূহ আছিল— ধন (money) কি? দৰ্মহাই বা কি বুজায়? দৰ্মহা বৃদ্ধি হলেও মানুহৰ অভাৱ নকমে কিয়?

অৱশেষত এই সকলো প্ৰশ্নৰ সমিধান বিচাৰি তেখেতে লিখা পুথি হ’ল “ডাচ কেপিটেল” (১৮৬৭, ১৮৮৫, ১৮৯৫)। এই পুথিখনৰ প্ৰভাৱৰ পাছলৈ বিষয়ে পুনৰ আলোচনা কৰা হ’ব।

এইদৰেই ষ্টীম ইঞ্জিনে প্রথমে আৰম্ভ কৰা যান্ত্রিক প্রভাৱে সমাজৰ সকলো দিশৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিছিল।

ঊনৈশ শতিকাৰ শেষ আৰু কুৰি শতিকাৰ আৰম্ভণিৰ কেইটামান বৈজ্ঞানিক আৱিষ্কাৰ আৰু সমীকৰণৰ ওপৰত ভিত্তি কৰিয়েই আধুনিক বিজ্ঞানৰ সৌধ গঢ়ি উঠিছে। ইয়াৰ ভিতৰত যুগ-পৰিৱর্তনকাৰী গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হ’ল বিদ্যুৎ।

অৱশ্যে বিদ্যুতৰ ইতিহাস হ’ল অতিপাত দীঘলীয়া। প্রাচীন গ্রীকসকলে লক্ষ্য কৰিছিল যে ঘঁহনি খালে জাংকায়ে (amber, Greek – elekton বর্তমান যুগৰ ইলেকট্রন শব্দটো ইয়াৰ পৰাই আহিছে) সৰু খেৰ এটুকুৰা আকর্ষণ কৰি পাৰে। সেয়েহে জাংকাইক মানুহে মহামূল্যবান ৰত্ন হিচাপে গণ্য কৰিছিল। উলিয়াম গিলবার্টে (১৫৪০-১৬০৩) চুম্বকৰ লগতে বিদ্যুতৰ ওপৰও পৰীক্ষা কৰিছিল। কিন্তু সেই যুগত তেখেতৰ পৰীক্ষাবোৰে একো বিশেষ দৃষ্টি আকর্ষণ কৰা নাছিল। ১৬৫৫ খৃষ্টাব্দত ভন গেৰিকে ঘূর্ণায়মান চালফাৰৰ গোলক এটাত ঘৰ্ষণৰ সহায়ত বিদ্যুতৰ ফিৰিঙতিৰ সৃষ্টি কৰে। ১৭২৯ খৃষ্টাব্দত ষ্টিফেল গ্রে নামৰ নিউটনৰ এজন অনুসৰণকাৰীয়ে এক চমকপ্রদ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছিল যে বিদ্যুতক এঠাইৰ পৰা আনঠাইলৈ প্ৰেৰণ কৰিব পাৰি। ১৭৩৩ খৃষ্টাব্দত ফ্রান্সত ডুফেই আৱিষ্কাৰ কৰিছিল যে কাঁচ বা জাংকাইক ঘর্ষণ কৰি দুই ভিন্নধর্মী বিদ্যুতৰ সৃষ্টি কৰিব পাৰি। কিন্তু এনেবোৰ বিদ্যুৎ সম্পর্কীয় পৰীক্ষাই বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ একো প্রভাৱ পেলাব পৰা নাছিল।

বিদ্যুতৰ ক্ষেত্ৰত বিস্ফোৰক প্ৰভাৱ পেলোৱা আৱিষ্কাৰ আছিল লিডেন বটল। ১৭৪৫ খৃষ্টাব্দত পোলেণ্ডৰ ভন কিষ্ট নামৰ এজন পুৰোহিতে এটা গজালৰ সহায়ত বিদ্যুতক বটলত ভৰাবলৈ চেষ্টা কৰে। এহাতে বটলটো ধৰি আনহাতে গজালটো স্পর্শ কৰোতে সম্ভৱতঃ তেখেতে প্রথম কৃত্রিমভাৱে উৎপাদিত বিদ্যুতৰ আঘাত অনুভৱ কৰিছিল। আপাততঃ স্বাধীনভাবে হলেণ্ডৰ মুচেনব্রকেও একে ধৰণৰ পৰীক্ষা কৰি একে সময়তে তেখেতৰ পৰীক্ষাটোৰ ফল ঘোষণা কৰে। অসংখ্য শিক্ষিত লোকৰ লগত যোগাযোগ থকা সঁজুলি নির্মাতা হোৱা বাবেই তেখেতৰ নাম অনুসৰিয়েই এই বটলক লিডেন বটন বোলা হয়। এই বটলে ফ্রান্সৰ ৰজাকে আৰম্ভ কৰি সকলো শিক্ষিত মানুহৰ দৃষ্টি আকর্ষণ কৰিছিল।

বিদ্যুতৰ খবৰ এনে বহুল হাৰত প্ৰচাৰ হোৱাৰ ফলক্রমে আমেৰিকাৰ বেঞ্জামিন ফ্রেংকলিনে কেইটামান বৈদুতিক যন্ত্র খুজি পঠিয়াইছিল। অৱশেষত বহু পৰীক্ষাৰ পাছত তেখেতে বিদ্যুতৰ প্রকৃত ৰহস্য উদঘাটন কৰিবলৈ সমর্থ হয়। সকলো পদাৰ্থতে নিহিত থকা বিদ্যুৎ এবিধ তৰল পদার্থ বুলি ফ্রেঙ্কলিনে বিদ্যুতৰ কল্পনা কৰিছিল। তেখেতে কৈছিল যে বিদুৎ প্রকৃততে দুবিধ নহয় এবিধহে৷ তেখেতে ইয়াকো কৈছিল যে বিদ্যুতেৰে সংপৃক্ত হৈ থকা বস্তু এটাত বিদ্যুতক ধৰা পেলাব নোৱাৰি। এখন চিলাৰ সহায়ত আকাশৰ বিজুলীক ধৰি আনি বিদ্যুৎ বুলি প্রমাণ কৰাৰ ফলতেই আৰু বজ্রপাত পৰিবাহকৰ আৱিষ্কাৰক বুলিয়েই তেখেতৰ খ্যাতি দেশে-বিদেশে বিয়পি পৰিছিল।

১৭৮০ খৃষ্টাব্দ গালভেনিয়ে প্রথম বৈদুতিক প্রবাহ (Electric Current) আৱিষ্কাৰ কৰে যদিও ইয়াক চিনাক্ত কৰিব পৰা নাছিল। ১৭৯৫ খৃষ্টাব্দত ভল্টাই দুডাল ভিন্ন ধর্মী দণ্ড এচিডত ডুবাই দণ্ড দুডাল তামৰ সূতাৰে সংযোগ কৰি প্রথম বৈদ্যুতিক প্রবাহ উৎপাদন কৰিব পৰা বেটেৰী সাজে।

ভল্টাৰ বেটেৰীয়ে ৰসায়নবিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰে। প্রথমেই উইলিয়াম নিকলচনে (১৭৫৩-১৮১৬) বৈদ্যুতিক প্ৰৱাহৰ সহায়ত পানী অপঘটন কৰি অক্সিজেন আৰু হাইড্রোজেন প্রস্তুত কৰিবলৈ সমর্থ হয়। ১৮০২ চনত এটা ডাঙৰ বেটেৰী ব্যৱহাৰ কৰি ডেভিয়ে চ’ডিয়াম আৰু পটাছিয়াম প্রস্তুত কৰে।

১৮২০ চনত কোপেন হেগেনৰ অ’ৰষ্টেডে (১৭৫৭-১৮৫১) বক্তৃতা-কক্ষত আকস্মিকভাৱে আৱিষ্কাৰ কৰে যে কম্পাছৰ বেজীটোক বিদুৎ প্রবাহে বিচ্যুত কৰিব পাৰে। তেখেতেই প্রথমে বিদ‌্যুৎ আৰু চুম্বকৰ মাজৰ সম্বন্ধ স্থাপন কৰে। ১৮৩১ চনত প্ৰণালীবদ্ধ অনুসন্ধান কৰি ফাৰাডেই প্রমাণ কৰিছিল যে চুম্বকেও বিদ্যুৎ উৎপাদন কৰিব পাৰে। তেখেতে ইয়াকো প্রমাঁ কৰিছিল যে চুম্বক পৰিবাহীৰ ওচৰত লৰচৰ কৰিলেহে পৰিবাহীত বিদ্যুতৰ সৃষ্টি হয়।

ফাৰাডেৰ আৱিষ্কাৰ আছিল এক যুগান্তকাৰী আৱিষ্কাৰ। ক’বলৈ গ’লে সমগ্ৰ গধুৰ বৈদুতিক উদ্যোগ হ’ল ফাৰাডেৰ আৱিষ্কাৰ। ফাৰাডেই কৰা কিছুমান সৰল পৰীক্ষাৰ ভিত্তিতে বর্তমান যুগৰ ডাইনেমো, ট্রেন্সফৰ্মাৰ আৰু বৈদ্যুতিক নেটৱৰ্ক (Electrical Network) গঢ়ি উঠিছে।

পৰীক্ষাৰ সহায়ত ফাৰাডেই প্রমাণ কৰিছিল যে বিদ্যুৎ ৰেখাই চুম্বকক্ষেত্র সৃষ্টি কৰিব পাৰে। এই পৰীক্ষাসমূহৰ যোগেদি ফাৰাডেই বিদ্যুৎ চুম্বকীয় পদার্থ-বিজ্ঞানৰ ভেটি স্থাপন কৰে।

ইয়াৰ ত্রিশ বছৰৰ পাছত জেমছ ক্লার্ক মেক্সৱেলে (১৮৩১-৭৯) ফাৰাডেৰ গুণাত্মক পৰীক্ষাসমূহ এলানি সমীকৰণৰ সহায়ত মাত্ৰাত্মকৰূপে প্ৰকাশ কৰিবলৈ সমর্থ হয়। ১৮৬৪ খৃষ্টাব্দত তেখেতে বিদ্যুৎ আৰু চুম্বকক্ষেত্ৰৰ মাজত হোৱা ক্রিয়াক চাৰিটা সমীকৰণৰ দ্বাৰা প্ৰকাশ কৰি বিদ্যুৎ বিজ্ঞানত চূড়ান্ত পদক্ষেপ পেলায়। এই সমীকৰণকেইটা হ’ল Maxwell’s Equations of Electromagnetic Wave। কেৱল সেয়ে নহয়, সমীকৰণকেইটাৰ ঈষৎ সালসলনি কৰি মেক্সৱেলে এই সিদ্ধান্তলৈ আহে যে পোহৰ হ’ল এটা বিদ্যুৎ চুম্বকীয় তৰংগ। এইদৰেই পোহৰ, বিদ্যুৎ আৰু চুম্বকৰ মাজত সংযোগ স্থাপন কৰিব পৰা হয়। এই সমীকৰণে ভৱিষ্যতবাণী কৰে যে সকলো তৰংগ দৈর্ঘৰ বিদ্যুৎ চুম্বকীয় তৰংগৰ অস্থিত্ব সম্ভৱপৰ। পোহৰৰ দৰে বিদুৎ চুম্বকীয় তৰংগ আমাৰ চকুৱে ধৰা পেলাব পাৰে। কিন্তু ৰেডিও তৰংগৰ দৰে তৰংগ আমি চকুৱে ধৰা পেলাব নোৱাৰোঁ। ১৮৮৭ খৃষ্টাব্দত হার্টজে ৰেডিও তৰংগৰ অস্তিত্ব পৰীক্ষাৰ দ্বাৰা প্রমাণ কৰে।

বিদ‌্যুতৰ এই সকলো আৱিষ্কাৰে অৱশেষত পৃথিৱী ওলট-পালট কৰিবলৈ আৰম্ভ কৰে। বিশুদ্ধ বৈজ্ঞানিক পৰীক্ষা আৰু তত্ত্ব এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হোৱাৰ ইতিহাসত প্রথম উদাহৰণ হ’ল বিদ্যুৎ। টেলিগ্রাফ, ইলেকট্রপ্লেটিং, আর্কলাইটিং আৰু অৱশেষত বিজুলী চাকি বিদ্যুৎ আৱিষ্কাৰৰ ফলত সম্বৱপৰ হয়। ১৮৮১ চনত থমাচ আলভা এডিচনে প্রথম “পাৱাৰ ষ্টেচন” স্থাপন কৰি বিদ্যুৎ “নেটৱৰ্ক”-ৰ সহায়ত বিদ্যুৎ যোগান ধৰিবলৈ সমর্থ হয়। লাহে-লাহে পৰিবহন, যন্ত্রচলন, তাপ আৰু পোহৰ দিবলৈ ব্যৱহাৰ কৰাৰ লগতে টেলিগ্রাফ আৰু টেলিফোনত বিদ্যুৎ ব্যৱহৃত হ’বলৈ ধৰিলে।

মেক্সৱেলৰ সমীকৰণৰ ফলতেই জন্ম হ’ল প্ৰথম অনাতাঁৰ। নিকোলা টেচলা আৰু মাৰকনিয়ে অনাতাঁৰ সম্ভৱপৰ কৰি তোলে। আজিৰ যুগৰ সকলো যোগাযোগ ব্যৱস্থা যেনে, ৰেডিও, টেলিভিশন, ৰাডাৰৰপৰা আৰম্ভ কৰি আমি হাতত লৈ ফুৰা মোবাইল ফোনলৈকে সকলো যোগাযোগ ব্যৱস্থাতে মেক্সৱেলৰ সমীকৰণ ব্যৱহৃত হয়।

বিদ্যুতে ৰসায়ন-বিজ্ঞানৰ ওপৰত প্রচণ্ড প্রভাৱ বিস্তাৰ কৰিবলৈ ধৰে। বহু ৰাসায়নিক যৌগ বিশ্লেষণ কৰা আৰু বহু ধৰণৰ ধাতু নিষ্কাশন কৰা সম্ভৱপৰ হৈ উঠে। ফলস্বৰূপে ৰসায়নশাস্ত্ৰৰ জ্ঞান দ্রুত হাৰত বৃদ্ধি হ’বলৈ ধৰিলে। ১৮৫৬ চনত এনিশিনৰ পৰা প্রথম কৃত্রিম ৰং মেজেন্টা প্রস্তুত কৰা হৈছিল। পাৰকিনচৰ দ্বাৰা আৱিষ্কৃত মেজেন্টা ইংলেণ্ডৰ চৰকাৰে অৱহেলা কৰিছিল। কিন্তু জার্মানীয়ে বস্ত্ৰ উদ্যোগৰ আনুষংগিক উদ্যোগৰূপে মেজেন্টা উদ্যোগ স্থাপন কৰি অতি কম সময়ৰ ভিতৰতে প্ৰভাৱশালী শিল্পভিত্তিক দেশ-ৰূপে পৰিগণিত হৈছিল। বৃহৎ হাৰত বিদ্যুৎ সৰবৰাহ কৰিবলৈ সমর্থ হোৱাৰ ফলতহে এনে ডাঙৰ উদ্যোগ কঢ়ি তোলা সম্ভৱপৰ হয় ।

ঠিক সেইদৰে পেট্রোলিয়াম উদ্যোগতো বিদ্যুতৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূর্ণ। পেট্রোলিয়াম উদ্যোগৰ ওপৰতে বর্তমান যুগৰ পৰিবহন ব্যৱস্থা নিৰ্ভৰ কৰিছে। তদুপৰি কৃত্রিম সূতা, ৰং, নানাধৰনৰ ঔষধ, প্লাষ্টিক ইত্যাদি আধুনিক যুগৰ সকলো উদ্যোগ পেট্রোলিয়াম উদ্যোগৰ ওপৰত নিৰ্ভৰশীল।

পৃথিৱীৰ ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰত প্ৰভাৱবিস্তাৰ কৰা এক ৰাসায়নিক উদ্যোগ আছিল এমোনিয়া উদ্যোগ (ইয়াৰ বিষয়ে পাচলৈ আলোচনা কৰা হৈছে)। এই উদ্যোগ বিদ্যুতৰ বিকাশ অবিহনে কেতিয়াও সম্ভৱপৰ নহ’লহেতেন।

বিদ্যুতক কেন্দ্ৰ কৰি ঊনৈশ শতিকাৰ শেষভাগত কিছুমান নতুন অর্থপূর্ণ ঘটনা পৰিলক্ষিত হৈছিল আৰু এই ঘটনাৰাশিৰ জন্মদাতা আছিল “ইলেকট্রিক ডিছচার্জ টিউব”।

বিজুলীচাকি জনপ্রিয় হোৱাৰ লগে লগে ইলেকট্রিক বাল্ব উদ্যোগ গঢ়ি উঠিছিল। বাল্ব উদ্যোগৰ প্রয়োজন ক্রমে ভেকুৱাম সৃষ্টি কৰিব পৰা যান্ত্রিক কৌশল উন্নত কৰাৰ প্রৱণতাই দেখা দিয়ে। ভেকুৱামত চমৎকাৰ ইলেকট্রিক ডিচছার্জ দেখিবলৈ পোৱা যায়। ১৮৩৮ চনত প্রথমে ফাৰাডেই লক্ষ্য কৰাৰ পাচত চাৰ উইলিয়াম ক্রুকছে (১৮৩২-১৯১৯) অত্যন্ত উচ্চ ভেকুৱামত থকা ডিচছার্জ টিউবল কেথডৰ পৰা ওলোৱা এক উজ্জ্বল জ্যোতি লক্ষ্য কৰে। তেখেতে এই ৰশ্মিৰ নাম দিয়ে কেথড ৰশ্মি। ১৮৯৪ চনত জনষ্টন ষ্টোনিয়ে কেথড ৰশ্মিৰ নাম দিয়ে ইলেকট্রন। জ্যাঁ পেৰিয়ে লক্ষ্য কৰে যে ইলেকট্রন ঋনাত্মক আধানযুক্ত কণা আৰু অৱশেষত জে. জে. থমচনে পুংখানুপুংখৰূপে ইয়াৰ ধৰ্ম আৰু গতিবেগ নিৰ্ধাৰণ কৰে। ইলেকট্রনৰ আৱিষ্কাৰ আছিল আধুনিক বিজ্ঞানৰ জগতত ভৰি দিয়া বিজ্ঞানৰ প্রথম পদক্ষেপ, সমগ্র পদার্থ, ৰসায়ন আৰু জীৱবিজ্ঞানৰ ইয়েই আছিল সঁচাৰ কাঠী।

ইলেকট্রন আৱিষ্কাৰৰ প্ৰথম প্ৰভাৱ জীৱবিজ্ঞান আৰু চিকিৎসাবিজ্ঞানৰ ওপৰত পৰিছিল বুলি ক’লে বঢ়াই কোৱা নহ’ব। কাৰণ ১৮৯৫ চনত Konrad von Rontgen (১৮৪৫-১৯৩২) নামৰ জার্মানীৰ এজন অখ্যাত পদার্থবিদে ডিচছার্জ টিউব লৈ পৰীক্ষা কৰি থাকোঁতে লক্ষ্য কৰে যে টিউবটোৰ বাহিৰৰ পৰা এক অদ্ভুত ধৰণৰ ৰশ্মি নির্গত হৈছে। এই ৰশ্মিৰ সহায়ত মোনাৰ ভিতৰত থকা পইচা বা হাতৰ হাড়ৰ ছবি তুলিব পৰা যায়। কেইদিনমানৰ ভিতৰতে এই বাতৰিয়ে বাতৰি কাকতৰ আন সকলো খবৰ তল পেলাইছিল আৰু সেই সময়ৰ প্ৰায় সকলো পদার্থবিদৰ দৃষ্টি আকর্ষণ কৰিছিল। এই ৰশ্মিয়েই হ’ল বর্তমান আমাৰ অতি চিনাকি এক্স-ৰশ্মি। এক্স-ৰশ্মিয়ে চিকিৎসাবিদ্যাক একে কোবেই আধুনিক চিকিৎসাবিদ্যাৰ শাৰীলৈ তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *