বিজ্ঞান-প্ৰযুক্তি

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (ষষ্ঠ অংশ) পূৰৱী দেৱী

এক্স-ৰশ্মিৰ আৱিষ্কাৰৰ চাৰি মাহৰ ভিতৰতে এক্স-ৰশ্মি আৰু ডিচছার্জ টিউবৰ স্বয়ংপ্রভ ধৰ্মৰ কিবা সম্বন্ধ থাকিব পাৰে বুলি ভাবি ফ্রান্সত হেনৰি বেক্যুৰেলে (১৮৫২-১৯০৯) স্বয়ংপ্রভ খনিজ পদার্থ আৰু লৱণে বিশেষকৈ ইউৰেনিয়ামৰ লৱণে একেই ধর্মপ্রকাশ কৰিব পাৰে নেকি বুলি পৰীক্ষা কৰিবলৈ ধৰিছিল আৰু সকলোকে বিস্মিত কৰি তেখেতে প্রমাণ কৰিছিল যে ইউৰেনিয়ামে স্বতঃস্ফূর্তভাবে বিকিৰণ কৰা কিবা এটা ৰশ্মিয়ে এক্স-ৰশ্মিৰ দৰে ধৰ্ম প্ৰকাশ কৰে। এই ৰশ্মিয়ে এনেকি পাতল ধাতুৰ পাতৰ মাজেৰেও যাব পাৰে। এইদৰেই বিজ্ঞানৰ ইতিহাসত ঘটা এটা দুর্ঘটনা ফলতেই পদার্থৰ তেজস্ক্রিয়তা আৱিষ্কৃত হয়।

এবাৰ তেজস্ক্রিয়তা আৱিস্কাৰ হোৱাৰ পাচত বৈজ্ঞানিক প্রগতিৰ গতি হৈছিল অত্যন্ত দ্রুত। সেই সময়ত এক্স-ৰশ্মিক লৈ সৰহভাগ পদার্থবিদ ব্যস্ত থকা হেতুকে তেজস্ক্রিয়তাৰ প্ৰতি তেখেতসকলে বিশেষ মনোযোগ দিয়া নাছিল। এগৰাকী বৈজ্ঞানিক আছিল ইয়াৰ ব্যতিক্রম আৰু তেখেত হ’ল মেৰী কিউৰি (১৮৫৭-১৯৩৪)। মেৰী আৰু তেখেতৰ পতি প্যেৰী কিউৰিয়ে ইউৰেনিয়ামতকৈ বহু বেচি শক্তিশালী তেজস্ক্রিয় পদার্থ ৰেডিয়াম আৰু পোলেনিয়াম আৱিষ্কাৰ কৰে। ৰেডিয়াম ইমানেই শক্তিশালী যেই আন্ধাৰতো জিলিকি থাকে। ইয়াৰ পৰা হোৱা বিকিৰণে  শৰীৰ কোষৰ গুৰুতৰ ক্ষতি সাধন কৰিব পাৰে।

আর্নেষ্ট ৰাডাৰফোর্ডে (১৮৭১-১৯৩৭) এই বিকিৰণৰ চৰিত্ৰ অধ্যয়ন কৰিবলৈ ধৰে আৰু ১৮৯৯ চনত প্রমাণ কৰে যে বিকিৰণ প্ৰকৃততে দুবিধ, এবিধ নহয়। ইউৰেনিয়ামৰ পৰা ওলোৱা এবিধ বিকিৰণৰ ভেদ্যতা অতি কম। এখন কাগজৰ সহায়ত ইয়াক শুহি থব পাৰি। আনহাতে আনবিধ বিকিৰনৰ ভেদ্যত ১০০ গুণে  বেছি। তেখেতে প্রথমবিধক আলফা আৰু দ্বিতীয়বিধক বিটা বুলি নাম দিলে । তেখেতে ইয়াকো প্ৰমাণ কৰিলে যে আলফা ৰশ্মি হ’ল পদাৰ্থৰ পৰা অভাৱনীয় গতিবেগেৰে নির্গত হোৱা একধৰনৰ কণিকা আৰু এইবোৰ প্ৰকৃততে হিলিয়ামৰ কণিকাহে মাথোন। আনহাতে বিটা ৰশ্মি হ’ল আন এবিধ কণিকা ইলেকট্রন। একে সময়তে ভিল্লাদে তেজস্ক্রিয়তাত অত্যন্ত প্রখৰ ভেদ্যতাৰ আন এবিধ ৰশ্মিৰ অস্তিত্ব প্রমাণ কৰিলে আৰু ইয়াৰ নাম দিলে গামা- ৰে। গামা-ৰে, এক্স ৰশ্মিৰ দৰেই এবিধ ৰশ্মি।

অত্যন্ত ধৈৰ্যসহকাৰে কৰা এলানি প্রণালীবদ্ধ পৰীক্ষাৰ সহায়ত ৰাডাৰফোর্ডে, ১৮৯৯ ৰ পৰা ১৯০৭ চনৰ ভিতৰত ইউৰেনিয়াম, থৰিয়াম আৰু একটিনিয়ামৰ পৰা নিৰ্গত হোৱা বিকিৰণ পৰীক্ষা কৰি প্রমাণ কৰে যে প্রতিটো তেজস্ক্রিয় মৌলই আলফা, বিটা আৰু গামা ৰশ্মি বিকিৰণ কৰি আন এটা মৌললৈ ৰূপান্তৰিত হ’ব পাৰে আৰু অৱশেষত সকলোবোৰ তেজস্ক্রিয় মৌল নিস্ক্রিয় মৌল লে’ডলৈ ৰূপান্তৰিত হয়।

কেৱল সেয়ে নহয়। আলফা ৰশ্মিৰ সহায়ত কৰা এলানি পৰীক্ষাৰ সহায়ত ৰাডাৰফোর্ডে ইতিহাসত প্রথমবাৰৰ বাবে ১৯১১ চনত মৌলৰ পাৰমাণবিক গঠনৰ এক সহজ আৰ্হি আগবঢ়ায়। তেখেতে ঘোষণা কৰে যে পৰমাণুত ধনাত্মক আধানযুক্ত প্রটনৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেকট্রন ঘূৰি ফুৰে। নিলছ ব’ৰৰ পৰা আৰম্ভ কৰি ৰাছিয়ান বিজ্ঞানী কপিইজালৈকে সেই সময়ৰ পৃথিৱীৰ সকলোবিশিষ্ট পদার্থবিদে এটা নহয় এটা সময়ত পদাৰ্থৰ গঠনৰ ওপৰত ৰাডাৰফোর্ডৰ লগত গৱেষণা কৰিছিল। ১৯৩২ চনত জেমচ চেদউইকে নিউট্রন আৱিষ্কাৰ কৰে (এই সকলো তথ্য বর্তমান আমাৰ স্কুলীয়া পাঠ্যপুথিৰ অংগ)।

এইদৰে ইলেকট্রনৰ আৱিষ্কাৰে পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ বহু বিশৃংখল তথ্য আৰু ঘটনা শৃংখলাবদ্ধ কৰা সম্ভৱপৰ হোৱাত অভাৱনীয় দ্রুতগতিত ৰসায়ন শাস্ত্ৰৰ উন্নতি সাধন হয়।

ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা আৰম্ভ কৰি কুৰি শতিকাৰ প্ৰথম ভাগলৈকে হোৱা বহু পৰীক্ষাভিত্তিক খেলিমেলি তথ্য ব্যাখ্যা কৰিবলৈ চেষ্টা কৰোতে বিশুদ্ধ তাত্ত্বিক চিন্তাৰ ফলত উদ্ভৱ হোৱা কেইটামান তত্ত্বই বিজ্ঞানৰ জগতত প্ৰকৃতাৰ্থত বিপ্লৱ ঘটাইছিল বুলিব পাৰি।

ইয়াৰ প্ৰথমটো হ’ল প্লাংকৰ কোৱান্টাম তত্ত্ব।

ঊনৈশ শতিকাত বহু বিজ্ঞানীয়ে পদার্থ বিজ্ঞানত ব্যৱহৃত দুটা সংজ্ঞা “কার্য” আৰু “শক্তি”ৰ সন্দৰ্ভত গৱেষণা চলাইছিল আৰু চিন্তাচর্চাও কৰিছিল। ইয়াৰ কাৰণ আছিল বহুতো। কিন্তু প্রধান কাৰণ আছিল কল-কাৰখানাত ষ্টীম ইঞ্জিন আৰু বিদ্যুতৰ ব্যৱহাৰ। কাৰণ মানুহ বা ঘোঁৰায়ে কৰা কাম কৰিবলৈ ষ্টীম ইঞ্জিন আৰু তাৰ পাছত বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ ধৰা হৈছিল। অর্থাৎ ষ্টীম ইঞ্জিন আৰু বিদ্যুতে বৃহৎ হাৰত মানুহক “শক্তি”ৰ যোগান ধৰিছিল। সেয়েহে শক্তিক ক্রয়-বিক্রয় কৰিবলগীয়া হোৱাত ক্রয়-বিক্রয়ৰ মান নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তাই দেখা দিয়ে। বিজ্ঞানী সকলে প্ৰশ্ন কৰিছিল, শক্তি কি? ইয়াৰ উৎসই বা ক’ত? ই কেনেকৈ বিকিৰিত হয়? বিনিময়েই বা হয় কেনেকৈ?

সেই সময়ত এজন ছাত্ৰই এদিন স্কুলত শিক্ষকৰ মুখত শুনিছিল– “ধৰি লোৱা এজন মানুহে প্রচণ্ড শক্তি প্রয়োগ কৰি এটুকুৰা শিল ঘৰৰ মুধচত থৈ আহিল। মানুহজনৰ পেশীয়ে খৰচ কৰা শক্তি অদৃশ্য হৈ নেযায়। বহু বছৰৰ পাচতো শিল টুকুৰা কাৰোবাৰ মূৰত পৰিলে মানুহজনৰ মূৰ ভাঙিব। শিলটুকুৰাই লাভ কৰা শক্তি মূলতে আছিল শিলটুকুৰা ওপৰলৈ তোলোতে মানুহজনে খৰচ কৰা শক্তিহে।” “শক্তিৰ সংৰক্ষণৰ নীতে”য়ে এই ছাত্ৰজনক ইমানেই আকর্ষণ কৰিছিল যে ভৱিষ্যতে এজন পদার্থবিদ হ’বলৈ তেওঁ মনতে থিৰ কৰিছিল। পাচলৈ তেওঁ কৈছিল,“প্ৰকৃততে সেইদিনা মোৰ মূৰত এটুকুৰা প্রচণ্ড শিলে আঘাত কৰিছিল”। অথচ এই ছাত্রজন যেতিয়া আহি বিশ্ববিদ্যালয়ৰ প্রফেচাৰক নিজ অভিপ্রায়ৰ সম্বন্ধে কৈছিল তেতিয়া প্ৰফেচাৰজনে উত্তৰ দিছিল,“পদার্থ বিজ্ঞানত গবেষণা কৰিবলগীয়া আৰু একো নাই। এই বিজ্ঞান পঢ়িনো কি কৰিবা?” অৱশেষত এই ছাত্রজনে আগবঢ়োৱা তত্ত্বক কোৱা হৈছিল “The most revolutionary idea which ever has shaken physics” এই ছাত্রজন আছিল বিখ্যাত পদার্থবিদ মেক্স প্লাংক (১৮৫৮-১৯৪৭)। ১৯০০ চনত তেখেতে কোৱান্টাম তত্ত্ব প্রকাশ কৰে।

ইতিমধ্যে তাপ আৰু বিদ্যুৎ সম্বন্ধীয় বহু তথ্য পুঞ্জীভূত হৈছিল। বহু পদার্থবিদৰ লগতে প্লাংকেও মন কৰিছিল যে ধ্রুপদী পদার্থ বিজ্ঞানে এনেবোৰ পৰীক্ষাভিত্তিক তথ্য ব্যাখ্যা কৰাত সহায় নকৰে। ধ্রুপদী বিজ্ঞানৰ মতে তাপ, পোহৰ আদি শক্তিৰ বিকিৰণ হয় তৰংগ হিচাপে আৰু এই বিকিৰণ হয় নিৰৱচ্ছিন্নভাবে। শক্তিৰ অৱশোষণ আৰু বিনিময় নিৰৱচ্ছিন্নভাবেই হয়। কিন্তু প্লাংকৰ তত্ত্ব অনুসৰি শক্তিৰ বিকিৰণ বা অৱশোষণ নিৰৱচ্ছিন্নভাবে নহয়, বৰং একো একোটা “গোট” বা “পেকেট”-তহে হয়। ইয়েই প্লাংকৰ কোৱান্টাম তত্ত্বৰ মূল কথা। এই তত্ত্বৰ সহায়েৰে তাপ, আলোক আদি শক্তিৰ বহু পৰীক্ষাভিত্তিক তথ্যৰ ব্যাখ্যা আগবঢ়াব পৰা যায়।

পদার্থ বিজ্ঞানৰ নতুন ক্ষেত্ৰত এই তত্ত্বৰ ব্যৱহাৰিক প্ৰয়োগ কৰা প্রথম মানুহজন হ’ল এলবার্ট আইনষ্টাইন। ৰঙীন পোহৰে ধাতুৰ ওপৰত আঘাত কৰিলে ধাতুৰ পৰা ইলেকট্রন নির্গত হয় আৰু গতিশীল ইলেকট্রনে বৈদ্যুতিক প্রবাহ সৃষ্টি কৰে। অর্থাৎ পোহৰক বিদ্যুৎ-শক্তিলৈ এইদৰে ৰূপান্তৰিত কৰিব পাৰি। এই ঘটনাক আলোক বৈদ্যুতিক প্রভাৱ (Photo electric effect) বুলি কোৱা হয়। বর্তমান সৌৰশক্তিক বিদ্যুৎ-শক্তিলৈ ৰূপান্তৰিত কৰা হয় আৰু ইয়াৰ মূলতে হ’ল আলোক বৈদ্যুতিক প্ৰভাৱ।

ধাতুৰ পৰা নিৰ্গত হোৱা ইলেকট্রনৰ গতিবেগ পোহৰৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। পোহৰ তীব্ৰই হওক বা দুর্বলেই হওক, ওলাই অহা ইলেকট্রনৰ গতিবেগ সদায়েই সমান হয়। পৰীক্ষাভিত্তিক এই তথ্য আইনষ্টাইনে কোৱান্টাম তত্ত্বৰ সহায়ত ব্যাখ্যা কৰে। প্লাংকৰ তত্ত্ব মতে আলোক ৰশ্মিয়ে একোটা নির্দিষ্ট পৰিমাণৰ শক্তিহে বিকিৰণ বা শোষণ কৰিব পাৰে। আইনষ্টাইনে ক’লে যে আলোক ৰশ্মি প্ৰসাৰিত হওতে ইহঁতে নির্দিষ্ট শক্তিৰ গোট (কোৱান্টাম) হিচাপেহে প্ৰসাৰিত হয়। অর্থাৎ পোহৰক ক্ষুদ্র কণিকাৰ সমষ্টি বুলিও ধাৰণা কৰিব পাৰি। এইদৰে আইনষ্টাইনে কোৱান্টাম তত্ত্বক এক গুৰুত্বপূৰ্ণ তত্ত্ব বুলি প্ৰমাণ কৰিলে।

কুৰি শতিকাৰ প্ৰথমভাগত পৰমাণুৰ গঠন ব্যাখ্যা কৰিবলৈ বহু পৰীক্ষাভিত্তিক তথ্য পুঞ্জীভূত হ’বলৈ ধৰে। এনেবোৰ তথ্য ব্যাখ্যা কৰিবলৈ নিলছ ব’ৰে পৰমাণুৰ গঠন সম্বন্ধীয় তত্ত্ব আগবঢ়ায়। ব’ৰৰ তত্ত্ব অনুসৰি বহু তথ্য ব্যাখ্যা কৰিব পৰা গৈছিল। কিন্তু বহু ধৰ‌ঢ়ণৰ তাত্ত্বিক প্ৰশ্নৰ উত্তৰ দিবলৈ এই তত্ত্ব সক্ষম হোৱা নাছিল। আনহাতে ১৯২২ চনত কম্পটনে (১৮৯২-১৯৬২) পৰীক্ষাৰ সহায়ত প্রমাণ কৰিছিল যে পোহৰ তৰংগধর্মী হ’লেও ইয়াৰ কণিকা সুলভ ধর্মও আছে। এনেবোৰ তথ্য ব্যাখ্যা কৰিবলৈ গৈ দ্য ব্রয়লিয়ে (১৮৯২-১৯৮৮) তেখেতৰ বৈপ্লৱিক তত্ত্ব আগবঢ়ালে। এই তত্ত্ব অনুসৰি প্ৰকৃতিৰ সকলো পদার্থই তৰংগ আৰু কণিকাৰ যুগপৎ (Dual) চৰিত্ৰ প্ৰকাশ কৰা উচিত। এই তত্ত্ব অনুসৰি ইলেকট্রন, প্রটনা আদি অতি ক্ষুদ্র কণিকাসমূহে কণিকাৰ লগতে তৰংগ ধর্মও প্রকাশ কৰা উচিত। ডেভিছন, জার্মাৰ আৰু থমচনে পৰীক্ষাসহ প্রমাণ কৰে যে ইলেকট্রনে তৰংগৰ দৰে অপৱৰ্তন, সমবর্তন আদি ঘটনা দর্শাব পাৰে।

এই সকলোবোৰ খেলিমেলি তথ্যৰ উত্তৰ দিয়া মানুহকেইজন হ’ল পল ডিৰাক (১৯০২-১৯৮৪), ৱেৰ্ণাৰ হাইজেনবার্গ (১৯০১-১৯৮২), এৰৱিন শ্রুডিংগাৰ (১৮৮৭-১৯৬১)।

শ্রুডিংগাৰে আগবঢ়োৱা তত্ত্ব “Schrodinger Wave Equation” নামে জনাজাত। এই সমীকৰণে “কোৱান্টাম বল বিজ্ঞান”-ৰ ভেটি গঢ়ি তুলি বিজ্ঞান ইতিহাসত এক নতুন যুগৰ সূচনা কৰে। এই তত্ত্বৰ সহায়ত ইলেকট্রনৰ তৰংগ ধৰ্মৰ সুন্দৰ ব্যাখ্যা আগবঢ়াব পৰা যায়। মেক্স জেমাৰে মন্তব্য কৰিছিল, “বিজ্ঞানৰ ইতিহাসত ই অতি গুৰুত্বপূৰ্ণ অৱদান”। এই সমীকৰণৰ সহায়ত হাইজেনবার্গ, পাউলি আদি পদার্থবিদে আগবঢ়োৱা তথ্যও ব্যাখ্যা কৰিব পৰা যায়। এইদৰে এই সমীকৰণে বিজ্ঞানৰ ইতিহাসত পাৰমাণবিক বিজ্ঞানৰ ভেটি স্থাপন কৰাৰ উপৰিও সুদৃঢ় কৰে।

অত্যন্ত ৰহস্যজনক তাত্ত্বিক সাঁথৰ যেন মনে ধৰিলেও প্রকৃততে এই সমীকৰণৰ প্রয়োগ বর্তমান আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায় সকলো যন্ত্রতে যেনে কম্পিউটাৰ, মোবাইল ফোন, মটৰ গাড়ী, ৰিফ্রিজিৰেটৰ আদি যন্ত্ৰত প্ৰয়োগ কৰা হয়। কাৰণ এনেবোৰ যন্ত্ৰত ব্যৱহাৰ কৰা ট্রেনজিচটৰ গোটকে আমি “মেমৰি চিপ” বোলো।

এই “মেমৰি চিপ” বোৰ সাজিবলৈ ব্যৱহাৰ কৰা “Semi-Conductor”-সমূহৰ ক্রিয়া-কলাপ কোৱান্টাম বলবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান ৰসায়নবিদ সকলে অত্যন্ত ক্ষুদ্র কিছুমান Semi-Conductor-ৰ গোট সাজিবলৈ সমৰ্থ হৈছে। এইবোৰে যি কোনো ৰঙৰ পোহৰ বিকিৰণ কৰিব পাৰে। এইবোৰ “Biological Imaging”-ত ব্যৱহাৰ কৰা হয়। কোৱান্টাম বলবিজ্ঞানৰ আন এটা প্রয়োগ হ’ল লেজাৰ ৰশ্মিত। CD, DVD আদি disc-ত পৰোক্ষভাৱে লেজাৰ ব্যৱহাৰ কৰা হয়।

UV, IR, NMR আদি যন্ত্রত কোৱান্টাম বল বিজ্ঞানৰ প্রয়োগ বহুলভাবে কৰা হয়। এই যন্ত্ৰবোৰ মাথো পদার্থবিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ বাবে ব্যৱহাৰ কৰা নহয়, বর্তমান এইবোৰ চিকিৎসা বিদ্যাতো ব্যৱহাৰ কৰা হয়। কোৱান্টাম বল বিজ্ঞানে সৃষ্টি কৰা আধুনিক এই পৃথিৱীখন একালত মানুহৰ কল্পনাৰো অগোচৰ আছিল।

কিন্তু আক্ষৰিক অর্থত বিজ্ঞানৰ লগতে ৰাজনৈতিক পৃথিৱী তল-ওপৰ কৰা তত্ত্ব হ’ল আইনষ্টাইনৰ আপেক্ষিকতাবাদ। ১৯১৫ চনত আইনষ্টাইনে “The general Theory of Relativity” প্ৰকাশ কৰে। ১৯০৫ চনত তেখেতে “Special Theory of Relativity” প্ৰকাশ কৰিছিল। এই দুয়োটা তত্ত্ব বুজিবলৈ যথেষ্ট কঠিন। তথাপিও দুশাৰীমান কথাৰে ইয়াৰ মূল অর্থ বুজিবলৈ আমি চেষ্টা কৰিম।

ধ্রুপদী পদার্থ বিজ্ঞানত কোনো এটা বস্তুৰ গতিবেগ বা ত্বৰণ নির্ণয় কৰিবলৈ হ’লে নিৰীক্ষণকাৰীজন স্থিৰ অৱস্থাত থাকে বুলি ধৰি লোৱা হয়। আইনষ্টাইনে ক’লে যে যিহেতু পৃথিৱীৰ লগতে সমগ্র বিশ্বব্রহ্মাণ্ড প্ৰকৃততে ভ্রমণশীল সেইহেতুকে আমি আপেক্ষিক চলনহে প্রত্যক্ষ কৰোঁ। অর্থাৎ, নিৰীক্ষণকাৰীজন স্থিৰ নহয়, চলমানহে। সেয়েহে ক’বলৈ গ’লে তেখেতে নিউটনৰ বলগতি বিজ্ঞানক নতুন দৃষ্টিৰে বিচাৰ কৰিবলৈ ধৰিলে। মধ্যাকর্ষণ বলৰ কাৰণ বিচাৰ কৰিবলৈ তেখেত সমর্থ হয়। কিন্তু ইয়াকে কৰিবলৈ গৈ তেখেতে নিউটনৰ বল-বিজ্ঞানৰ লগতে দৃঢ় ভেটিত প্রতিষ্ঠিত ইউক্লিডৰ জ্যামিতিৰ লগতো মিত্রতা ভংগ কৰে। পদার্থবিজ্ঞান আৰু অংকশাস্ত্ৰৰ গতি সম্পূৰ্ণৰূপে সলনি কৰে ।

তদুপৰি আইনষ্টাইনে এই তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ এটা সমীকৰনেৰে প্ৰকাশ কৰে ।

E= mc2

E= শক্তি, m= ভৰ আৰু c= পোহৰৰ গতিবেগ।

এই সমীকৰণ অনুসৰি অত্যন্ত সামান্য পৰিমাণৰ ভৰক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিলে প্রচণ্ড শক্তিৰ উদ্ভৱ হ’ব।

দুর্ভাগ্যবশতঃ সমগ্র বিজ্ঞানজগতৰ বাবে মহামূল্যবান এই তত্ত্ব প্রয়োগ কৰা হ’ল সৃষ্টিৰ বাবে নহয় ধ্বংসৰ বাবেহে। এই তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই আণৱিক বোমা সজা হ’ল (এই সম্বন্ধে পাছলৈ আলোচনা কৰা হৈছে)।

[অহা সংখ্যাত এই ধাৰাবাহিক ৰচনাখনৰ অন্তিম অংশটি প্ৰকাশ পাব]

Leave a Reply

Your email address will not be published. Required fields are marked *