গল্প-কবিতা

যুযুৎসু-(অজিত তালুকদাৰ)

গান গোৱা
বতাহজাক বিচাৰি
মানুহবোৰে আকাশলৈ চাইছিল
পকা সুমথিৰা টেঙা এটাৰ দৰে হৈ অহা
এই ভূ-গোলক

স্তব্ধ
জুই জ্বলা সাগৰঢৌ নাই
কোলাহল নাই
ওখ আৰু ওখ হৈ গৈ থকা
জুইৰ ক’লা ধোঁৱাই ছানিধৰা
আকাশ

সেউজীয়া ঘাঁহনি
ওখ পৰ্বতৰ গোটেই গাত
সীহ আৰু গভীৰ ক্ষতচিহ্ন
প্ৰতিটো নক্ষত্ৰ
মৃত সৈনিকৰ কফন

ওহোঁ,
কোনেও কোৱা নাছিল যুদ্ধৰ কথা
কোনেও ভবা নাছিল মৃত্যুৰ কথা…

গান গোৱা বতাহজাক বিচাৰি
হাহাকাৰ কৰি ঘূৰি আছে
লাটুমৰ দৰে এই পৃথিৱী…

Leave a Reply

Your email address will not be published. Required fields are marked *