বিবিধ চিন্তা

অষ্টম যুক্তি দিৱস উদযাপন ।। প্ৰতিবেদন

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

(যুক্তি-বিকাশ সমিতি, অসম (যোৰহাট শাখা) আৰু মুক্ত চিন্তাৰ উদ্যোগত অষ্টম যুক্তি দিৱস উদযাপনৰ কাৰ্যসূচীত আছিল – মুকলি আলোচনা, মত বিনিময়, ডিজিটেলী গ্ৰন্থ উন্মোচন, মৰণোত্তৰ দেহদান আৰু গ্ৰন্থ-মেজ।)

এটা সময়ত ভুলকৈ বিশ্বাস কৰা হৈছিল যে আমাৰ পৃথিৱীখন বিশ্বব্রহ্মাণ্ডৰ কেন্দ্রত অৱস্থিত। পৃথিৱী নামৰ ক্ষুদ্র গ্রহটো যে বিশ্বব্রহ্মাণ্ডৰ কথা বাদেই, আমাৰ সৌৰজগতৰেই কেন্দ্রত অৱস্থিত নহয়, সৌৰজগতৰ কেন্দ্রত সূৰ্যৰহে অৱস্থান— এই কথাটো নিকোলাছ ক’পাৰ্নিকাছ নামৰ বিজ্ঞানী এগৰাকীয়ে দেখুৱাই দিছিল। কিন্তু সেই সময়ত প্রচলিত প্রাতিষ্ঠানিক ধৰ্মই ভূকেন্দ্রিক সৌৰজগতৰ আৰ্হিটোতহে বিশ্বাস কৰিছিল। সূৰ্যকেন্দ্রিক সৌৰজগতৰ বৈজ্ঞানিক সত্যটোক প্রাতিষ্ঠানিক ধৰ্মই অনুমোদন জনোৱা নাছিল। কোনোবাই সূৰ্যকেন্দ্রিক সৌৰজগতৰ কথা ক’লেই বৰ নিৰ্মমভাৱে তেওঁলোকক দমন কৰা হৈছিল।

সমুখত ভয়াৱহ বিপদ বুলি জানিও বৈজ্ঞানিক সত্যৰ প্রচাৰ কৰিবলৈ ওলাই আহিছিল এগৰাকী অতুলনীয় প্রতিভাশালী মানুহ। তেওঁৰ নাম জ‍্যৰ্ডানো ব্ৰুনো (Giordano Bruno)। এই অসাধাৰণ বুদ্ধিমত্তাসম্পন্ন লোকজনৰ জন্ম হৈছিল ১৫৪৮ চনত, এতিয়াৰ ইটালিত। নিজৰ জীৱন বিপদাপন্ন বুলি জানিও অমিত সাহসেৰে বৈজ্ঞানিক সত্যৰ কথা তেওঁ অবিৰতভাৱে প্রচাৰ কৰি গ’ল। ৰচনা কৰি গ’ল এখনৰ পাছত এখনকৈ বিশাল পাণ্ডিত্যৰে পৰিপূৰ্ণ গ্রন্থ। বহুতো ভাবুকি আহিলেও যুক্তিবাদৰ পথৰ পৰা এধানিও বিচ্যুত নহ’ল তেওঁ।

অৱশেষত প্রাতিষ্ঠানিক ধৰ্মৰ প্রবক্তাসকলে তেওঁক বন্দী কৰিলে। তাৰ পাছত, বিচাৰৰ নামত এক প্রহসনৰ অন্তত বহুতো মানুহৰ উপস্থিতিত মুকলি আকাশৰ তলত জীৱন্তে জ্বলাই হত্যা কৰা হ’ল জ্যৰ্ডানো ব্রুনোক। মৃত্যুৰ সময়তো যুক্তিৰ বাটৰ পৰা অকণো আঁতৰি যোৱা নাছিল এই অসীম সাহসী পণ্ডিত মানুহজন। ব্রুনোৰ মৃত্যুৰ দিনটো আছিল ১৬০০ চনৰ ১৭ ফেব্ৰুৱাৰী।

জ্যৰ্ডানো ব্ৰুনোৰ হত্যা মানৱজাতিৰ ইতিহাসৰ এটা অতি তাৎপৰ্যপূৰ্ণ ঘটনা। তাৰ পাছত বহু যুগ পাৰ হৈ গ’ল। ব্রুনোৰ সময়তকৈ এতিয়া বিজ্ঞান আৰু যুক্তিবাদো বহুদূৰ আগবাঢ়ি আহিছে। কিন্তু অন্ধবিশ্বাসৰ বিপৰীতে যুক্তিবাদী কণ্ঠক আদৰি লোৱাৰ পৰিৱেশ জানো সঁচা অৰ্থত গঢ়ি উঠিল? ব্রুনোৰ দৰে যুক্তিবাদী কণ্ঠ আজিও জানো নিৰাপদ?

অন্ধবিশ্বাসৰ বিপৰীতে এক বিজ্ঞানসন্মত চিন্তাধাৰাক আদৰণি জনোৱাৰ বাবেই ২০১৮ চনত প্ৰথম বাৰৰ বাবে ‘যুক্তি-বিকাশ সমিতি, অসম (যোৰহাট শাখা)’ আৰু ‘মুক্ত চিন্তা’-ৰ তৰফৰ পৰা যুক্তিবাদী ছহিদ জ্যৰ্ডানো ব্ৰুনোৰ মৃত্যুৰ দিনটো (খোলা দিন হ’লে তাৰ নিকটতম বন্ধবাৰে) “যুক্তি দিৱস” হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। সেয়েহে বিগত বৰ্ষবোৰৰ দৰেই এই বৰ্ষতো যোৱা ১৬ ফেব্ৰুৱাৰী, ২০২৫ চন, দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যুক্তিৰ পক্ষত একেলগে হাতে হাত ধৰি থিয় হোৱা ব্যক্তিসকলক লৈ যোৰহাটৰ প্ৰীতম ভৱনত উদযাপন কৰা হয় অষ্টম বাৰ্ষিক যুক্তি দিৱস।

সুগায়িকা ৰ’জ্জা ৰুক্মীণ পাঠকৰ কণ্ঠৰ মুক্ত চিন্তাৰ গীত ‘মুক্ত নহয় চন্দ্ৰ সূৰ্য’-ৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰণী ভাষণ আগবঢ়ায় ‘মুক্ত চিন্তা’ৰ মুখ্য সম্পাদক তথা যুক্তিবাদী লেখক ড° কৌশিক দাসে। আদৰণী ভাষণত তেখেতে যুক্তি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে অমিত সাহসী যুক্তিবাদী ছহিদ জ্যৰ্ডানো ব্ৰুনোৰ সত্য প্ৰতিষ্ঠাৰ বাবে কৰা চৰম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। প্ৰতীতি প্ৰিয়দৰ্শিনীয়ে আঁত ধৰা অনুষ্ঠানটিত ‘অত্যাধুনিক প্ৰযুক্তি, বিজ্ঞানমনস্কতা আৰু অন্ধবিশ্বাস’ বিষয়ত এক আকৰ্ষণীয় মুকলি আলোচনা সম্পন্ন হয়। মননশীল লেখক কমল নয়ন মিশ্ৰই সঞ্চালনা কৰা আলোচনাটিত অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভালেসংখ্যক যুক্তিবাদী সতীৰ্থই ভাগ লয়।

অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণ আছিল অসমত প্ৰথমবাৰৰ বাবে ডিজিটেলী ভিডিঅ’ৰ জৰিয়তে হোৱা গ্ৰন্থ উন্মোচন। অনলাইন আলোচনী ‘মুক্ত চিন্তা’ত প্ৰকাশিত নিৰ্বাচিত সাক্ষাৎকাৰসমূহৰ একত্ৰ সংকলন ‘মুক্ত চিন্তাৰ সাক্ষাৎকাৰ’ (সম্পাদক: প্ৰসেনজিৎ চৌধুৰী, ড° কৌশিক দাস আৰু সহ সম্পাদক: ভাস্কৰ ভূঞা) আৰু যুক্তিবাদী লেখিকা ড° বৰ্ণালী বৰুৱা দাসৰ ‘ৰেইকী: বিজ্ঞান নে অবিজ্ঞান’ (দ্বিতীয় সংস্কৰণ)— গ্ৰন্থ দুখনৰ এটি ভিডিঅ’ স্ক্ৰিণিং কৰি উন্মোচন কৰে গীতিকাৰ-সুৰকাৰ-কণ্ঠশিল্পী, যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পবিত্ৰপ্ৰাণ গোস্বামীয়ে। অনুষ্ঠানটিতে কেইবাগৰাকীও মুক্ত মনৰ লোকে ইলোৰা বিজ্ঞান মঞ্চ, যোৰহাট শাখাৰ জৰিয়তে মৰণোত্তৰ দেহদান কৰে। সেইসকল হ’ল— অতনু কুমাৰ দত্ত, মনীষা ৰাজখোৱা, অজিত শইকীয়া, শিখা বৰা, জুৰিখ শইকীয়া (বিশেষভাৱে সক্ষম), অনামিকা শৰ্মা, কমল শৰ্মা আৰু ত্ৰিলোচন গগৈ।

অনুষ্ঠানটিৰ অন্য এটা আকৰ্ষণীয় কাৰ্যসূচী আছিল— ‘বিজ্ঞানমনস্কতাৰ প্ৰচাৰ-প্ৰসাৰ: সংগঠনসমূহৰ ভূমিকা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক বিষয়ত নিমন্ত্ৰিত সমভাবাপন্ন সংগঠনসমূহৰ মাজত মত-বিনিময়। কাৰ্যসূচীটোৰ আঁত ধৰে বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহে। আলোচনাটিত জ্যেষ্ঠসকলৰ লগতে বহুকেইগৰাকী নৱপ্ৰজন্মৰ ছাত্ৰছাত্ৰীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে।

মুক্ত চিন্তাৰ সদস্যসকলৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীয়ে অনুষ্ঠানটি সজীৱ কৰি তোলে। (প্ৰতিবেদক: ত্ৰিলোচন গগৈ, সমন্বয়ক, যুক্তি-বিকাশ সমিতি, যোৰহাট শাখা)

Leave a Reply

Your email address will not be published. Required fields are marked *