যুক্তিৰ নিক্তি আৰু শক্তি – (গৌৰীশংকৰ বৰা)
আধুনিক আৰু সভ্য সমাজ এখনৰ অন্যতম মৰ্মবস্তু হৈছে যুক্তিবাদ। আমাৰ চিন্তন, আচৰণ আৰু সম্পাদনক ‘কাৰণ’ আৰু ‘তথ্য’ৰে বিশ্লেষণ আৰু সংশ্লেষণ কৰা পদ্ধতিটোৱেই হৈছে যুক্তিবাদ। যুক্তিবাদী পণ্ডিত ডঃ শিৱনাথ বৰ্মনদেৱে ‘ৰূপান্তৰৰ ৰেহৰূপ’ত যুক্তি সম্পৰ্কে লিখিছে: “…যুক্তিৰ নিক্তিৰে পোনতে জুখি নোলোৱাকৈ কোনো বক্তব্যকে আমি নিৰ্বিচাৰে গ্ৰহণ কৰা অনুচিত- তেহেলৈ সি যিমানেই বিখ্যাত শাস্ত্ৰোক্তি কিম্বা ব্যক্তুক্তি নহওক কিয়।…” (পৃ.১৭৬) আনহাতে একেই লেখকে তথ্যৰ সৈতে যুক্তিৰ সম্পৰ্ক সম্পৰ্কে লিখিছে: “…যুক্তি অবিহনে তথ্য নিষ্ক্ৰিয় আৰু তথ্য অবিহনে যুক্তি অন্ধ…” (‘ন মনুষ্যাৎ’,পৃ.৯)।
পিছে যুক্তিৰ নিক্তিৰে পোনতে জুখি লোৱাৰ আগতে ব্যক্তিক লাগিব মুক্ত-মন, মুক্ত-চিন্তা। যি বক্তব্যক নিৰ্বিচাৰে, বিনাপ্ৰশ্নে গ্ৰহণ কৰাৰ বিৰুদ্ধে যুক্তিবাদে কয় সেই বক্তব্যৰ বক্তাৰ স্বৰূপ চিনাটো আমাৰ গুৰু দায়িত্ব। তেনে বক্তাবোৰৰ সাধাৰণ নাম ‘গুৰু’। সামন্ত যুগত গুৰুৰ যিকোনো বাক্য শিলৰ ৰেখা আছিল। গুৰুবাক্য অমান্য কৰাটো অসম্ভৱ আছিল। স্বপ্ন দেখা মানুহে প্ৰশ্ন কৰিব নোৱাৰিছিল গুৰুক। যুক্তিবাদী আন্দোলনে য়ুৰোপত নৱজাগৰণ সৃষ্টি কৰি সামন্তবাদক নিশকতীয়া কৰি পেলালে। যুক্তিবাদে সবল স্থিতি ল’লে। মানুহ ব্যক্তিত পৰিণত হ’ল যি আগতে সমাজৰ এজন সদস্য মাথোন আছিল যি ব্যক্ত কৰিব নোৱাৰিছিল। ব্যক্ত নকৰাকৈ ব্যক্তি কেনেকৈ সম্ভৱ? যুক্তিবাদে সবল স্থিতি লোৱাৰ পাছতো কিন্তু এনেকুৱা হৈ নগ’ল যে প্ৰত্যেক ব্যক্তিয়ে বিজ্ঞানভিত্তিক যুক্তিবাদক সাৰোগত কৰি আগবাঢ়িল। তাৰ কাৰণ কি? প্ৰধান কাৰণ হৈছে ব্যক্তিমন, ব্যক্তিচিন্তাৰ বন্দীত্ব। এইটো পৃথিৱীৰ বৰ গুৰুতৰ সমস্যা যাৰ কাৰণে মাৰ্ক্সো বহুতৰ বাবে গুৰু হৈ পৰে অথচ বিজ্ঞানভিত্তিক যুক্তিবাদেই মাৰ্ক্সবাদৰ ভিত্তি। ব্যক্তিমন, ব্যক্তিচিন্তাৰ বন্দীত্বৰ বাবেই ধনতন্ত্ৰ-নিয়ন্ত্ৰিত মাধ্যমৰ মাৰফৎ আমাৰ দৰে অৰ্ধ-সামন্ততান্ত্ৰিক, অৰ্ধ-পুঁজিবাদী দেশত কোনো ব্যক্তি আৰু কোনো পৰিয়াল বিশেষ গুৰু তথা কিবা অলৌকিক ক্ষমতাৰ অধিকাৰীত পৰিণত হোৱাত সফল হৈছে। সেই ব্যক্তি কোনো ৰাজনৈতিক নেতাও হ’ব পাৰে, কোনো গায়ক/নায়কো হ’ব পাৰে। যুক্তিবাদী আন্দোলনটোৱে মুক্তমন, মুক্তচিন্তাক প্ৰোৎসাহিত কৰি ব্যক্তিক গুৰুত পৰিণত কৰাৰ ক্ৰমবৰ্ধিত ভয়ঙ্কৰ প্ৰবণতাটো ৰোধ কৰিব লাগিব।
আনহাতে তথ্য
অবিহনে যুক্তি যিহেতু অন্ধ গতিকে অন্য এটা ক্ষয়ঙ্কৰ প্ৰৱণতালৈ যুক্তিবাদী আন্দোলনকাৰীসকলে
মন কৰা উচিত। সেইটো হৈছে প্ৰকৃত তথ্যৰ অনুপলব্ধতা তথা তাৰ বিকৃতি আৰু তাৰ যোগেদি
নিসংকোচ মিথ্যাচাৰ। উপনিবেশপ্ৰেমী সকল দেশপ্ৰেমী হৈ জনমানসত প্ৰতিষ্ঠিত হোৱাটো পৰিব্যাপক
জনমসমৰ্থন লাভ কৰাটোৰ অন্যতম কাৰণ জনতাত সেই তথ্যৰ অনুপলব্ধতা। আৰ্যসকলে গো ভক্ষণ
নকৰে;
গো-পূজনহে কৰে- এইটো হৈছে তথ্যৰ বিকৃতি। (ড. দ্বিজেন্দ্ৰ নাৰায়ণ
ঝাৰ ‘The Myth of the Holy Cow’, প্ৰসেনজিৎ চৌধুৰীৰ ‘ৰাম-কথা’,
শৈলেন বৰকটকীৰ ‘ফেচিবাদৰ পৰা হিন্দুত্ববাদলৈ’ আদি অনেক তথ্য
সমৃদ্ধ গ্ৰন্থ পাঠকে পঢ়ি চাব পাৰে)। তথ্যৰ এই ভয়ঙ্কৰ বিকৃতি আৰু তাৰ নিসংকোচ
প্ৰচাৰ আৰু প্ৰসাৰে ফেচিবাদৰ উত্থানক বাৰুকৈয়ে সহায় কৰিছিল। তেনে এক পৰিৱেশ এতিয়া
ভাৰতবৰ্ষতো বিৰাজমান।
গতিকে আহক আমি যুক্তিবাদী আন্দোলনকাৰী সকলে বক্তাৰ অলৌকিকীকৰণ তথা
পূজন আৰু তথ্যৰ অনুপলব্ধতা তথা তাৰ বিকৃতিৰ বিৰুদ্ধে ব্যাপক কাৰ্যকলাপ আৰম্ভ কৰোঁ।
তাৰ বাবে আমি সামাজিক মাধ্যমৰ সহায় ল’লে এনে কামত যথেষ্ট
সফল হোৱাৰ সম্ভাৱনা আছে। আমি চিত্ৰ-নাট-গীত-কবিতাৰেও এনে প্ৰলয়ংকৰী প্ৰৱণতাৰ
বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবই লাগিব।