বিবিধ চিন্তা

“জুয়ে পোৰা তিৰাশীৰ…” (পাপুলজ্যোতি বৰগোহাঁই)

(হঠাতে গীত এটা শুনি)

চি পি এমৰ স্কুল।

মই পঢ়া হাইস্কুলখনৰ এইটো আছিল আন্অফিচিয়েল নাম। সাম্যবাদৰ প্ৰতি অনুৰক্ত এখিনি মানুহৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল স্কুলখন।

সৰু স্কুল। দুখীয়াৰ ল’ৰাই পঢ়া, খেৰ-বাঁহৰ ‘দুখীয়া’ স্কুল। স্কুলৰ কাষতে আছিল চি পি আই (এম)ৰ সৰু অফিচ এটা। তিৰাশীৰ কোনোবা এটা ৰাতি স্কুলত জুই লাগিল। দুটামান ঘন্টাৰ ভিতৰতে, ‘মুক্তি’ৰ ৰঙা ৰঙেৰে ৰাঙলী কৰি ৰাতিৰ আকাশ, ‘চিপিএম’ৰ স্কুল চাইত পৰিণত হ’ল।

অত্যন্ত আওঁহতীয়া আমাৰ ঠাইখনৰ পৰা বাহিৰৰ পৃথিৱীলৈ যাবলৈ এটাই মাত্ৰ পথ আছিল; আৰু এই পথটো গৈছিল চামপৰাৰ কাঠৰ দলংখনৰ ওপৰেদি।  সেই দলঙো জ্বলিল― তিৰাশীতে।

‘অশান্ত অঞ্চল’বোৰত (‘Disturbed area’) নিৰ্বাচনে প্ৰায়ে এনে উগ্ৰ ৰূপ লয়। নিৰ্বাচন ‘বিফল’ কৰি ৰাষ্ট্ৰবিৰোধী বা ৰাষ্ট্ৰৰ নীতিবিৰোধীয়ে ইয়াক জনতাৰ ক্ষোভ হিচাবে দেখুৱাব খোজে; আনহাতে নিৰ্বাচন ‘সফল’ কৰি ৰাষ্ট্ৰই ৰাষ্ট্ৰবিৰোধীক জনসমৰ্থনহীন দুষ্কৃতিকাৰীৰ দল (a small group of miscreants) বুলি প্ৰমাণ কৰিব খোজে ।

তিৰাশীত তেনেকুৱাই হ’ল। ‘চিপিএম’ৰ স্কুল জ্বলিল, শ শ দলং জ্বলিল চামপৰাৰ দৰে, সাতশ আন্দোলনকাৰী ঢুকাল; নেলী ঘটিল, গহপুৰ ঘটিল, খৈৰাবাৰী ঘটিল; ৩৪ শতাংশ মানুহে ভোট দিলে― চৰকাৰ গঠন হ’ল আৰু ভাগিল।

আৰু?

আৰু তাৰ মাজতে ঘটি গ’ল এক সৰু, প্ৰায় গুৰুত্বহীন ঘটনা―

ভাইটি নোহোৱা হৈ গ’ল হঠাতে এদিন।

আৰু কোনো খবৰো পোৱা নগ’ল।

“ভাইটি নোহোৱা হ’ল”― অত্যন্ত সাধাৰণ তিনিটা ঘৰুৱা শব্দ। কিন্তু সংবেদনশীল শ্ৰোতাৰ মনত সৰুকৈ এক হাহাকাৰ লগাব পৰাকৈ যি শক্তি আছে এইকেইটা শব্দত, তেনে শক্তিসম্পন্ন শব্দ গীতটোত আৰু নাই।

ভাইটি নিহত হোৱা নাই,

ছহিদ বা নিৰুদ্দেশো হোৱা নাই,

ভাইটি মাত্ৰ নোহোৱা হৈ গ’ল।

……লগত আছিল ৰংপী পেগু গগৈ বসুমতাৰী।

ৰহিম কুৰ্মী যোশেফ আছিল ক্ষেত্ৰী তিৱাৰী।।

Cliche!

পুৰণি ক্লীচে!

সেই যে ভাৰতৰ মানচিত্ৰ সদৃশ ৰুটিখন ― তাতকৈও পুৰণি এক ক্লীচে।

ভাইটিৰ লগতে যে আছিল এই ল’ৰাবোৰ― উপাধিৰ লগতে সিহঁতৰ প্ৰত্যেকৰে নিশ্চয় নামো আছিল একো একোটা। কিন্তু নামতকৈ সিহঁতৰ উপাধিবোৰ বেছি দৰকাৰী কিয়? বাগৰুম্বা নাচৰ থলীত, লৃগাংৰ পথাৰত নাইবা নামঘৰৰ পানীতোলা সবাহত সিহঁতক একেলগে দেখা নাযায়; কিন্তু দেশৰ বাবে মৰিবলৈ, বিশেষকৈ গান-নাট-সাহিত্যত, এনেকুৱা ভিন ভিন উপাধিৰ ল’ৰাবোৰ একেলগে ক’ৰ পৰা ওলাই আহে?

ক্লীচে!

অত্যধিক ব্যবহাৰত ভোটা হোৱা ক্লীচে!

তথাপি, ক্লীচে হলেও কিছুমান কথা আমি কৈয়েই থাকিব লাগিব। ‘সিঁহতৰ’ ৰহমত আলীয়ে যে তেজ দি বচাইছিল ‘আমাৰ’ হৰিনাথ বৰদেউতাক― সেই clichéd গল্পটো আমি লিখিয়েই থাকিব  লাগিব বাৰে বাৰে। যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসৰ গীত গাবলৈ  ওলাবই লাগিব কোনোবা নতুন গায়ক।

নহ’লে ভৱিষ্যতৰ নেলীবোৰৰ সম্ভাৱনা নোহোৱা হ’ব কেনেকৈ?

কি দি গ’ল আমাক জ্বলি চাই হোৱা স্কুলখনে, তাত পঢ়িবলৈ অহা ল’ৰা-ছোৱালীহঁতৰ গাত পৰা চৰ-ঘোচা আৰু লাঠিৰ কোববোৰে, মৃত দুগ্ধপোষ্য শিশুৰ শাৰী শাৰী শৰীৰবোৰে? কি মহৎ আদৰ্শ থাকে এনেকুৱা, যি এইবোৰ দাবী কৰে?

এইবোৰ প্ৰশ্নৰ উত্তৰ দিওঁতা এতিয়া আৰু কোনো নাই। ভাইটি পঢ়া শুনা কৰা বুজন ল’ৰা আছিল― তাক এবাৰ সুধিব চাব পৰা গ’লহেতেন।

কিন্তু সিয়ো নোহোৱা হৈ গ’ল!

আৰু নোহোৱা হৈ নোযোৱা ভাইটিৰ লগৰবোৰে আমাৰ প্ৰশ্ন সোধাৰ অধিকাৰকে বাতিল কৰি দিলে।

(তিৰাশীত নহয়, তাৰ প্ৰায় বিশবছৰৰ পাছত চিপিএমৰ স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ। বাকী একো নহ’লেও bourgeois শব্দটোৰ উচ্চাৰণটো তাতেই শিকি আহিলোঁ।)

Leave a Reply

Your email address will not be published. Required fields are marked *