নিবন্ধশিল্প-কলা-সংস্কৃতি

জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতি-সাহিত্য-(ডঃ খগেশ সেন ডেকা)

বিশ্ব প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দৃষ্টিগোচৰ হোৱাৰে পৰা মহাকালৰ বৈতৰণীৰ সিপাৰ পোৱালৈকে সংসাৰত নিজৰ অস্তিত্বৰ গৌৰৱ ঘোষণা কৰিবলৈ প্ৰতিগৰাকী ব্যক্তি অহৰহ সংগ্ৰামত ৰত হ’বলগীয়া হয়৷ এই সময়ছোৱাত বহিৰ্জাগতিক আৰু মনোজাগতিক উভয় প্ৰকাৰৰ সংঘাতৰ দ্বাৰা প্ৰপীড়িত মানৱ-সত্তাই বাৰে বাৰে মূৰ তুলি উঠিবলৈ প্ৰয়াস কৰে আৰু এনে প্ৰয়াসতে উজ্জীৱিত হয় মানুহৰ মহত্ত্ব৷ জীৱনক মহীয়ান কৰাৰ কঠোৰ সংগ্ৰামৰ বুকুতে নিহিত থাকে মানুহৰ শিল্পীসত্তা৷ সেই বাবেই জগতৰ প্ৰতিগৰাকী মানুহক একো একোগৰাকী সংগ্ৰামী তথা শিল্পী বুলিব পৰা যায়৷

গীতি-সাহিত্য এনে এক শিল্প, যাৰ মাজেৰে সংঘাত আৰু সংগ্ৰামপীড়িত মানৱ-সত্তাই ক্ষণিকৰ সুখ উপলব্ধি কৰিবৰ প্ৰয়াস কৰে৷ কিন্তু, সেয়ে হ’লেও, সংগীতক কেৱল ক্ষন্তেকীয়া সুখ উপভোগৰ উপাদেয় উপকৰণ বুলিলেই যথেষ্ট নিশ্চয় নহয়৷ কাৰণ, সংগীত-শিল্প সমাজ-পৰিৱৰ্তনৰ আহিলা হ’বও পাৰে৷ শিল্পী মহান হয় তেতিয়া, যেতিয়া তেওঁৰ সৃষ্টিয়ে জগতক নতুন পথৰ সন্ধান দিয়ে, বিশ্ব-মানৱৰ কল্যাণৰ হকে ত্ৰাণকৰ্তাৰ ভূমিকা লয়৷ সংগীত-শিল্পও এই নিয়মৰ ব্যতিক্ৰম নহয়, হ’ব নোৱাৰে৷

অসমৰ সাংস্কৃতিক সৌৰমণ্ডলৰ বৃহস্পতি স্বৰূপ, জীৱন-শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতি-সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে প্ৰাসঙ্গিকভাৱে তেওঁৰ সমস্ত শিল্প-কৰ্মৰ প্ৰতিটো দিশ তন্ন-তন্নকৈ ফঁহিয়াই চোৱাৰ আৱশ্যক হয়৷ কাৰণ, সাত বৰণীয়া ইন্দ্ৰধনুৰ দৰে সৃষ্টিৰ বৰ্ণাঢ্য ৰূপৰ সৈতে তেওঁৰ জীৱন-দৰ্শনে অঙ্গাঙ্গীভাৱে সহাৱস্থান কৰি আছে৷
অসমীয়া সাহিত্য-সংস্কৃতিৰ পৰিপূৰ্ণ বিকাশ হৈছিল খ্ৰীষ্টীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ অনুগামী শিষ্য-প্ৰশিষ্যসকলৰ হাতত৷ সমসাময়িক সমাজৰ ভণ্ডামি আৰু বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে এইজনা মহাপুৰুষে তেওঁৰ অন্যতম প্ৰিয়শিষ্য মাধৱদেৱৰ সৈতে লগ লাগি জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে একেখন পতাকাৰ তলত সমবেত কৰাই এক মহান অসমীয়া জাতি গঢ় দিয়াৰ নিৰঙ্কুশ প্ৰচেষ্টা চলাইছিল৷ তাৰাসৱৰ ধ্যান-ধাৰণা যে পৰলোকমুখী আছিল, তাত কোনো সন্দেহ নাই৷ কিন্তু, তথাপি সাধাৰণজনৰ দৰে পৰিৱেশৰ দাস নহৈ সেই পৰিৱেশক নিজৰ আয়ত্তলৈ আনি তেওঁলোকে অসমীয়া জাতি-গঠন-প্ৰক্ৰিয়ালৈ যি অভূতপূৰ্ব বৰঙনি যোগাই থৈ গ’ল, সেইখিনিৰ বাবেই তেওঁলোকক প্ৰগতিশীল আখ্যা দিব পাৰি৷ শঙ্কৰদেৱৰ সাম্যবাদী জীৱন-দৰ্শনে পাছলৈ জ্যোতিপ্ৰসাদক প্ৰভুতভাৱে প্ৰভাৱান্বিত কৰিছিল৷ তেৱোঁ দেখিছিল– জাত-কুলৰ ঊৰ্ধত একতাৰ বান্ধোনেৰে বান্ধ খাই থকা এক মহান অসমীয়া জাতিৰ স্বপ্ন৷

শঙ্কৰ-মাধৱৰ অব্যৱহিত পৰৱৰ্তী কালত যোগ্য উত্তৰাধিকাৰৰ অভাৱত অসমীয়া জাতীয় জীৱন পুনৰ সাংস্কৃতিক সংকটত নিমজ্জিত হয়৷ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ পৰা কুৰি শতিকাৰ প্ৰথমাৰ্ধলৈ প্ৰায় তিনিশ বছৰ কাল ৰজাঘৰীয়া গৃহ-কন্দল, মোৱামৰীয়া বিদ্ৰোহ, মানৰ উপৰ্যুপৰি আক্ৰমণ আৰু শেষত ইংৰাজৰ ঔপনিৱেশিক শাসন-শোষণ আদি নানান আহুকলীয়া ঘটনাই অসমৰ সমাজ-জীৱন পঙ্গু তথা অথৰ্ব কৰি তোলে৷ তাতোকৈয়ো ডাঙৰ কথা, সাম্ৰাজ্যবাদী ইংৰাজ ৰাজত্বৰ নিৰাপদ আশ্ৰয়ত বৰমানুহ বোলোৱা এচাম অজীন পাতকী অসমীয়াৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ১৮৩৬ চনত ইংৰাজ শাসকৱৰ্গই অসমৰ পঢ়াশালি আৰু আদালতত অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰৱৰ্তন কৰে৷ এই ঘটনাৰ পৰিণতিস্বৰূপে সেই কালছোৱাত অসমত সাহিত্য-সংস্কৃতিৰ চিন্তা একপ্ৰকাৰ অসম্ভৱ হৈ পৰে৷

জাতীয় জীৱনৰ এনে অধঃপতনৰ গড়িলা লৈ অসমত লাহে লাহে বিজতৰীয়া অপকৃষ্টিৰ অভ্যুত্থান ঘটিবলৈ লয়৷ এনে এক সংকটপূৰ্ণ মুহূৰ্তত অসমলৈ আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ আগমন ঘটে৷ মিছনেৰীসকলৰ ঘাই উদ্দেশ্য আছিল ব্ৰিটিছ প্ৰশাসনৰ নিৰাপদ আশ্ৰয়ত থাকি অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা৷ সেয়ে হ’লেও, সেই উদ্দেশ্য সাধনৰ সমান্তৰালভাৱে তেওঁলোকে অসমীয়া ভাষাৰ ব্যাকৰণ, অভিধানকে ধৰি বিভিন্ন গ্ৰন্থ প্ৰণয়ন কৰি, অৰুনোদই [১৮৪৬] নামেৰে মাহেকীয়া কাকত এখন উলিয়াই, অসমীয়া ভাষাৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ বাবে এক সচেতন প্ৰচেষ্টা চলায়৷ তদুপৰি, তেওঁলোকে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে মুষ্টিমেয় দেশহিতৈষীৰ সহযোগিতাত অসমীয়া ভাষাৰ পুনৰ্বাসনৰ বাবে তৎকালীন ব্ৰিটিছ চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে৷ মিছনেৰী সমাজৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনৰ ওচৰত সেও মানি অৱশেষত ব্ৰিটিছ চৰকাৰে ১৮৭৩ চনত অসমীয়া ভাষাক মৰ্যাদা সহকাৰে পুনৰ স্বস্থানত বহুৱাবলৈ বাধ্য হয়৷ অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰ কেইগৰাকীমানে এনে কাৰণতেমিছনেৰীসকলক ‘ঈশ্বৰপ্ৰেৰিত দূত’ আখ্যা দিছে৷ সেয়ে হ’লেও, ইতিমধ্যে ভাগি পৰা সমাজ-জীৱন মেৰামতি কৰি অসমীয়া জাতিৰ আত্মপ্ৰত্যয় ওভতাই আনিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়৷ নক’লেও চলে, ভাষা-সাহিত্য-সংস্কৃতি আদি সকলোফালে দুৰ্বল হৈ পৰা অসমীয়া জাতিৰ এনে এক দুৰ্যোগপূৰ্ণ ক্ষণতে জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ৷

সকলোৱে জনা কথা যে, জ্যোতিপ্ৰসাদ আছিল মূলতঃ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক৷ তেওঁৰ পূৰ্বপুৰুষ সুদূৰ ৰাজস্থানৰ পৰা ঘাইকৈ ৰবৰৰ বেহা-বেপাৰৰ উদ্দেশ্য লৈ অসমলৈ আহিছিল৷ কিন্তু, এই বিশেষ আগৰৱালা পৰিয়ালটোৰ চিন্তা কেৱল ‘কেঞা সংস্কৃতি’তে, অৰ্থাৎ ব্যৱসায়-বাণিজ্যতে সীমাবদ্ধ নাছিল৷ যি সময়ত খোদ অসমীয়া আঢ্যৱন্তৰ চ’ৰাঘৰত হিন্দুঃস্থানী ৰাগ-সঙ্গীতৰ ‘জলসা’ বহিছিল, সেই সময়ত উল্লিখিত আগৰৱালা পৰিয়ালৰ ভিতৰ চ’ৰা মুখৰিত হৈছিল অসমীয়া বৰগীত, লোকগীত, কীৰ্তন, নামঘোষাৰ সুৰৰ মধুৰ মূৰ্ছনাৰে৷ জ্যোতিপ্ৰসাদৰ বৰদেউতাক ‘প্ৰতিমাৰ খনিকৰ’ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘সুন্দৰৰ আৰাধনা’ জ্যোতিপ্ৰসাদৰ বাবে আছিল প্ৰেৰণাৰ উৎস৷ তদুপৰি, দেউতাক পৰমানন্দ আগৰৱালাই অৰ্গেনত বজোৱা ‘অ’ আইটি বেঙুন বৰা’, ‘তুলসীৰ তলে তলে মৃগপহু চৰে’ আদি গীতেও তেওঁৰ শিল্পীসত্তাক সাংগীতিক চিন্তাৰ বাবে উদ্বুদ্ধ কৰি তুলিছিল৷

মানুহৰ অন্তৰৰ নিভৃত কোণত সংগোপনে লুকাই থকা প্ৰতিভা-মুকুল বিকশিত হয় অনুকূল পৰিৱেশৰ সহযোগত৷ সংগীত-মধুৰ ঘৰুৱা পৰিৱেশে জ্যোতিপ্ৰসাদক লোক-সংগীতৰ কোমল আঁহ ফালি সুৰৰ সাতসৰী গাঁথিবলৈ অহৰহ অনুপ্ৰেৰণা যোগালেও, চৌপাশৰ পূতিগন্ধময় সামাজিক পৰিৱেশে তেওঁক দুষ্কৃতিনাশক বিপ্লৱী হ’বলৈহে আহ৩ান জনাইছিল৷ কাৰ্যতঃ সেয়াই হৈছিল৷ তেওঁ গীতিকাৰ-সুৰকাৰৰূপে দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ মন্ত্ৰ ফোকাৰি অসমীয়া জন-মানসৰ সাংস্কৃতিক উত্তৰণ ঘটাবলৈ জীৱন জুৰি অহোপুৰুষাৰ্থ কৰিছিল৷ এনে কাৰণতে জ্যোতিপ্ৰসাদ আগৰৱালাক যথাৰ্থ বিপ্লৱী শিল্পীৰূপে অভিহিত কৰিব পাৰি৷

জ্যোতিৰ গান’ 

জ্যোতিপ্ৰসাদৰ গীতৰ হাতেলিখা পুথিখন ‘জ্যোতিৰ গান’ নাম দি তেওঁৰ শিল্পী-জীৱনৰ সতীৰ্থ বিষ্ণুপ্ৰসাদ ৰাভাই বুকুত বান্ধি লৈ ফুৰিছিল৷ শঙ্কৰদেৱৰ বাৰেকুৰি বৰগীত কমলা গায়নে আওৰাবলৈ নি ঘৰ পোৰা জুইত জাহ নিওৱাৰ দৰে ৰাভাৰ খেয়ালী তথা কৰ্মব্যস্ত ৰাজনৈতিক জীৱনৰ চাকনৈয়াত ‘জ্যোতিৰ গান’ হেৰাই গ’ল৷ আজিকোপতি যিখিনি গীত উদ্ধাৰ হৈছে সংখ্যাগতভাৱে সেইখিনিকো নিচেই কম বুলিব নোৱাৰি৷ তদুপৰি, গুণগত দিশতো এই গীতবোৰৰ শ্ৰেষ্ঠত্ব অনস্বীকাৰ্য৷ বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদৰ গীতসমূহক তেওঁৰ তিনিখন নাটৰ নামেৰে তিনিটা যুগত এনেদৰে ভগাইছে– [ক] শোণিত কুৱঁৰীৰ যুগ, [খ] কাৰেঙৰ লিগিৰীৰ যুগ আৰু [গ] লভিতাৰ যুগ৷ এই শ্ৰেণী-বিভাজন যে তেনেই শিথিল প্ৰকৃতিৰ তাৰ উল্লেখ নকৰিলেও চলে৷ কাৰণ, ইয়াৰ ফলত অন্যান্য প্ৰসঙ্গত ৰচিত তথা কোনো নাটকৰ অন্তৰ্ভুক্ত নোহোৱা গীতবোৰ আলোচনাৰ বাহিৰত ৰৈ যোৱাৰ সম্ভাৱনা থাকিব৷ এই আলোচনাত সেই বাবে উক্ত যুগ-বিভাজনৰ যুক্তিযুক্ততা স্বীকাৰ কৰিও, জ্যোতিপ্ৰসাদৰ সমস্ত গীতি-সাহিত্যক [ৰ] নাটকত ব্যৱহৃত গীত আৰু [২] অন্যান্য গীত– এই দুটা বহল ভাগত ভাগ কৰি লোৱা হৈছে যাতে শিল্পীগৰাকীৰ দ্বাৰা ৰচিত সকলোবোৰ গীত সামৰি এক সম্যক আলোচনা আগবঢ়াব পৰা যায়৷ অৱশ্যে এইখিনিতে এটা কথা উনুকিয়াই থোৱা উচিত হ’ব যে, গীতৰ সৈতে সুৰৰ ওতপ্ৰোত সম্বন্ধ থাকে৷ গতিকে, সুৰ-বিন্যাসৰ যথাযথ জ্ঞান অবিহনে গীতি-সাহিত্যৰ যথাৰ্থ মূল্যায়ন একোপধ্যেও সম্ভৱ নহয়৷ তেনে আলোচনা এই লেখকৰ সাধ্যৰ বাহিৰত৷ ইয়াত মাত্ৰ সাহিত্যৰ দৃষ্টিৰে উল্লিখিত দুয়ো প্ৰকাৰৰ গীতৰ মূল্যায়ন কৰিবৰ প্ৰয়াস কৰা হৈছে৷ তদুপৰি, এইখিনিতে আৰু এটা কথা স্পষ্ট কৰি থোৱা উচিত হ’ব যে, কেতবোৰ গীতৰ আলোচনাত উল্লিখিত শ্ৰেণী-বিভাজনৰ কথা মনত ৰখা হোৱা নাই বৰং বিষয়বস্তুৰ প্ৰতিহে লক্ষ্য ৰখা হৈছে৷

[১] নাটকৰ গীত :

নাটকত গীত ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য হৈছে উপযুক্ত নাট্য পৰিৱেশৰ সৃষ্টি কৰা৷ এই প্ৰকাৰৰ গীতত নাট্যকাৰ বা আনপক্ষে গীতিকাৰৰ স্বাধীনতা কিছু কম৷ ইয়াৰ সুপ্ৰয়োগে যিদৰে নাট্যবস্তুক ৰমণীয় কৰি তোলে, তেনেদৰে তাৰ অহেতুক প্ৰয়োগে নাট্যৰস ব্যাহত কৰিবও পাৰে৷ নাটকত ব্যৱহৃত এনে গীতক সাধাৰণতে দুটা ভাগত ভগোৱা হয়– অন্তৰঙ্গ গীত আৰু বহিৰঙ্গ গীত৷ সাধাৰণতে বহিৰঙ্গ গীতবোৰ উপৰুৱা প্ৰকৃতিৰ৷ এনে গীত নাট একোখনৰ পৰা গুচাই থ’লেও নাটকৰ কাহিনীভাগৰ কোনো হানি-বিঘিনি নঘটে৷ আনহাতে, অন্তৰঙ্গ গীতবোৰ নাটকৰ এৰাব নোৱৰা সম্পদ৷ এনে গীত আঁতৰাই পেলালে নাট্য কাহিনীৰ গতি-প্ৰৱাহত ব্যাঘাত জন্মে৷ ফলত দৰ্শক-পাঠকৰ নাট্যৰস আহৰণ অসম্ভৱ হৈ পৰে৷ এই দিশত পূৰ্বসুৰী নাট্যকাৰসকলৰ তুলনাত জ্যোতিপ্ৰসাদ আছিল অনেক গুণে সচেতন৷ তেওঁ নাটসমূহত গীতৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নাটকীয় প্ৰয়োজন তথা ঔচিত্যৰ প্ৰতি সকলো সময়তে সজাগ দৃষ্টি ৰাখিছে৷ তেওঁ ব্যৱহাৰ কৰা নাটকীয় গীতসমূহৰ প্ৰায়ভাগেই নাট্য কাহিনীৰ সৈতে ওতপ্ৰোতভাৱে জড়িত, অৰ্থাৎ অন্তৰঙ্গ গীত৷ এই গীতবোৰে নাটকীয় পৰিৱেশ সৃষ্টি কৰিয়েই ক্ষান্ত নাথাকি চৰিত্ৰৰ মানস পট ফঁহিয়াই নাট্য কাহিনীত তাৰ অৱশ্যম্ভাৱী পৰিণতিও অলপো আঁৰ নলগাকৈ দেখুৱাবলৈ সমৰ্থ হৈছে৷ উদাহৰণস্বৰূপে শোণিত কুঁৱৰী নাটৰ দ্বিতীয় অঙ্কৰ প্ৰথম দৰ্শনৰ ‘গুমৰি উঠিছে হিয়া অভিনৱ তানে’ আৰু সমাপতি দৃশ্যৰ ‘চৰাই বনৰীয়া মুকলিমূৰীয়া গাৱ বনৰীয়া গীত’ শীৰ্ষক গীত দুটিয়ে যথাক্ৰমে ঊষা আৰু চিত্ৰলেখাৰ মনোজগতৰ সম্ভেদ দিয়ে৷ আকৌ ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’, ‘পদুম কলি নাচৰ গীত’, ‘আমাৰে সখীয়া আকুল বিয়াকুলে’ যৱনিকাৰ আগমুৰ্হূতৰ ‘নূপুৰে মাতে’ আদি গীতে যথোপযোগী নাট্য পৰিৱেশ সৃষ্টি কৰি নাটখনিৰ প্ৰতিপাদ্য বিষয়ক অধিক নিটোল ৰূপ দিয়াত সহায় কৰিছে৷

মাত্ৰ চৈধ্য বছৰ বয়সত ৰচনা কৰা শোণিত কুঁৱৰী নাটৰ গীতবোৰত কিছু পৰিমাণে যৌৱনৰ উচ্ছাস অনুভৱ কৰা যায়৷ সেয়ে হ’লেও, ইয়াৰ মাজেৰে শিল্পীগৰাকীয়ে যি প্ৰতিভাৰ প্ৰতিশ্ৰুতি দিবলৈ সমৰ্থ হৈছিল তাৰ পৰিপূৰ্ণ ৰূপ পৰৱৰ্তী সময়ত ৰচিত কাৰেঙৰ লিগিৰী নাটত লক্ষ্য কৰা যায়৷

কাৰেঙৰ লিগিৰী-ক জ্যোতিপ্ৰসাদৰ শিল্পী তথা সাহিত্যিক জীৱনৰ অন্যতম মহৎ সৃষ্টি বুলিব পাৰি৷ জ্যোতিৰ ‘বিপ্লৱী মনীষা’ৰ প্ৰতীকৰূপে অভিহিত এই নাটখনি আজিও অসমীয়া নাট্য পৰিক্ৰমাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ আছে৷ নাটখনৰ প্ৰথম অঙ্কৰ ‘সোণৰ পালেঙতে অ’ মনেতৰা’, পঞ্চম অঙ্কৰ ‘যাউতী যুগীয়া ধনে মোৰ অ’ গীত দুটিয়ে কাৰেঙৰ লিগিৰী শেৱালিৰ মানসিক অন্তদ্বৰ্ন্দ্বৰ সম্ভেদ দিয়াৰ উপৰি পৰৱৰ্তী নাট্য প্ৰৱাহত চৰিত্ৰটিয়ে ল’ব পৰা সম্ভাৱ্য ভূমিকাৰ আগজাননী দিয়ে৷ নগা পাহাৰৰ প্ৰাকৃতিক পৰিৱেশত ৰুণুক, জুনুক আৰু থুনুক নামৰ নাগিনী ছোৱালীকেইজনীৰ মুখত দিয়া ‘বনৰীয়া আমি বনৰ চৰাই’ আৰু ‘পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি’ গীত দুটিয়ে মুকলিমূৰীয়া পাহাৰীয়া জীৱন-চৰ্যাৰ প্ৰতিচ্ছবি তুলি ধৰাৰ উপৰি নায়ক সুন্দৰ কোঁৱৰৰ মানসিক সংঘাতৰ ইঙ্গিত দিয়ে৷ ‘মোৰে জীৱনৰে সখা কৃষ্ণ বজাৱ কি সুৰে বেণু’ সম্ভৱতঃ নাটখনিৰ সৰ্বোৎকৃষ্ট গীত৷ এই গীতটিয়ে নাটখনিত প্ৰয়োজনীয় গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাত সৰ্বতোপ্ৰকাৰে সহায় কৰিছে৷ তাৰ লগে লগে গীতটিৰ মাজেৰে জ্যোতিপ্ৰসাদৰ শিল্পী-প্ৰাণৰ চিৰ আকুতিও আঁৰ নলগাকৈ প্ৰকাশিত হৈছে৷ উল্লেখনীয় যে, জ্যোতিপ্ৰসাদৰ দৃষ্টিত ‘কৃষ্ণ’ হৈছে সংস্কৃতিৰ প্ৰতীক৷

লিগিৰী শেৱালিৰ আত্মত্যাগেৰে নাটকীয় কাহিনী ভাগ অন্ত পৰাৰ পাছতো পুনৰ এক সংলাপবিহীন সমাপতি দৃশ্যৰ অৱতাৰণা কাৰেঙৰ লিগিৰী নাটৰ এক উল্লেখযোগ্য বিশেষত্ব৷ মন কৰিবলগীয়া যে, মাত্ৰ নিম্নোক্ত গীতটিৰে এই দৃশ্যটিৰ সংযোজন ঘটোৱা হৈছে–
“অ’ সোঁৱৰণি সমিধান দিয়া
শাঁত কৰি প্ৰাণৰে অগনি
নিৰ্বাক অতীতৰ গোপন কুঞ্জ এৰি
আহা মৌসনা সোঁৱৰণি
উৰুৱাই মনৰ মাজলে’ সুৱৰ্ণৰে পখী
পাহৰণি পদুমৰ মন্ত্ৰপূত পাহি মেলি মেলি
অ’ সোঁৱৰণি৷ ”

প্ৰকৃতপক্ষে, শেৱালিৰ আত্মত্যাগৰ লগে লগে নাটখনিৰ পৰিসমাপ্তি ঘটিব লাগিছিল যদিও, নাট্যকাৰে সেয়া দেখুওৱা নাই৷ বৰং সুন্দৰ কোঁৱৰৰ বন্ধু সুদৰ্শনৰ মুখত দিয়া এই অৰ্থৱহ তথা অন্তৰঙ্গ গীতটোৰ জৰিয়তেহে নাটৰ গ্ৰন্থিমোচন ঘটোৱা হৈছে৷ এনে দৃশ্যৰ সংযোজনৰ বাবে নাট্যকাৰৰ বিশেষ প্ৰতিভাৰ আৱশ্যক৷ অন্যথা নাট্যমোদী সহৃদয় দৰ্শক-পাঠকৰ নাট্যৰস আহৰণত ব্যাঘাত ঘটাৰ সম্ভাৱনা থাকে৷ নাট্যকাৰৰূপে জ্যোতিপ্ৰসাদৰ সফলতাও সেইখিনিতে৷ নগা পাহাৰৰ খৰস্ৰোতা জুৰি এটিত শেৱালিয়ে আত্ম-বলিদান দিয়াৰ পাছত সৃষ্টি হোৱা কৰুণ পৰিস্থিতিৰ পৰা দৰ্শকক সকাহ দিবৰ বাবেই এই অৰ্থৱহ গীতটিৰ সম্প্ৰয়োগ ঘটিছে বুলি নিঃসন্দেহে পতিয়ন যাব পাৰি৷ এয়াই গ্ৰীক দাৰ্শনিক এৰিষ্ট’ট’লে উদ্ভাৱন কৰা ট্ৰেজেডীৰ ‘কেথাৰ্ছিছ’৷ কাৰো কাৰো মতে, শেৱালিৰ আত্মত্যাগৰ লগে লগে নাট্য কাহিনীৰো অন্ত পৰিছে৷ এতেকে, তাৰ পাছত পুনৰ এটি মাত্ৰ গীতেৰে এই বিশেষ দৃশ্যটোৰ সংযোজনৰ কোনো আৱশ্যকতা নাছিল৷ কিন্তু, সুন্দৰ কোঁৱৰৰ অহেতুক জেদৰ বেগবত্তা তটিনীত শেৱালিৰ আত্মত্যাগৰ সোঁৱৰণ যথাৰ্থ ৰূপত তুলি ধৰি তাৰ ফলত সৃষ্টি হোৱা শোকাৱহ পৰিস্থিতিৰ পৰা সহৃদয় নাট্যমোদীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ নাট্যকাৰৰ হাতত আন কিবা উপায় আছিল বুলি ভাবিবলৈ টান হয়৷

জ্যোতিপ্ৰসাদৰ আন এক উল্লেখযোগ্য নাট্যকৰ্ম ৰূপালীম-তো গীতৰ বৈচিত্ৰ্যপূৰ্ণ ব্যৱহাৰ লক্ষ্য কৰিব পাৰি৷ চৰিত্ৰৰ বৈচিত্ৰ্যৰে সমুজ্জ্বল এই নাটখনিক জ্যোতিপ্ৰসাদৰ নাট্য পৰিক্ৰমাৰ অন্যতম কীৰ্তিস্তম্ভ বুলিব পাৰি৷ এই নাটখনিৰ ‘জিৰ্ জিৰ্ নিজৰি’, ‘জিলিকা পাখিৰে… অ’ সোণ ম’ৰা চৰাই’ আদি গীতে মুক্ত জনজাতীয় জীৱন-শৈলী অধিক উন্মুক্ত কৰি তোলাৰ উপৰি প্ৰকৃতিৰ অনৱদ্য ৰূপ ফুটাই তোলাত বিশেষ ভূমিকা পালন কৰিছে৷ আকৌ চতুৰ্থ অঙ্কৰ ‘অ’ সখী আজি যৌৱন বন জুৰি’ গীতটিৰ জৰিয়তে প্ৰান্তদেশাধিপতি মণিমুগ্ধ কোঁৱৰৰ মনত ক্ৰমে ক্ৰমে স্তৰীভূত হোৱা উদগ্ৰ বাসনাৰ ইঙ্গিত দিয়া হৈছে৷ ৰূপালীমৰ ‘ৰূপৰ ফুলনিত শেৱালি-নেৱালী কতনা ফুল’ ফুলি ‘দশোদিশ আমোলাই’ মণিমুগ্ধ কোঁৱৰক আকুল কৰি তুলিছে৷ তাত বাজি উঠা চঞ্চল গীতৰ সুৰৰ লহৰত যেন কঁপি উঠিছে তেওঁৰ ‘যৌৱনৰ জোনাকী কাৰেং’ আৰু সেই কাৰেঙত আছে ‘বাসনা উৰ্বশী বিবসনা’ ৰূপেৰে ‘নৃত্যতে আকুল’ হৈ৷ গীতৰ মাধ্যমেৰে চৰিত্ৰৰ মনোজগতৰ এনে প্ৰতিফলন প্ৰতিভাশালী নাট্যকাৰৰ পক্ষেহে সম্ভৱ৷ ‘জয় আলোকময়য অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি’ গীতটিয়ে আলোচ্য নাটখনিত প্ৰয়োগ হোৱা গীতাৱলীৰ ভিতৰত সৰ্বোৎকৃষ্টতাৰ মৰ্যাদা দাবী কৰিব পাৰে৷ কোৱা বাহুল্য যে, এই গীতটিৰ জৰিয়তে ৰূপালীমৰ সমস্ত সৌন্দৰ্য মোহাৰি ধবংস কৰিবলৈ উদ্যত হোৱা দুষ্কৃতিৰূপী মণিমুগ্ধ নামৰ ক্ষমতাশালী শাসকগৰাকীৰ অন্তৰ্জগতত পুঞ্জীভূত হোৱা কামনা চৰিতাৰ্থ কৰাৰ দুৰ্বাৰ ইচ্ছাৰ উপশম ঘটাৰ ইঙ্গিত দিয়া হৈছে৷ গীতটি শেষ হোৱাৰ পাছতে মণিমুগ্ধ কোঁৱৰে ভাবালুতাৰে উচ্ছাৰণ কৰা “পোহৰ হ’ল, এৰা পোহৰ হ’ল ’’ সংলাপফাঁকিৰ অনুষংগই ৰাতিৰ অন্ধকাৰৰ পাছত জগত পুনৰ আলোকিত হোৱাৰ দৰে অন্তৰৰ সমস্ত কলুষ-কালিমা গুচি মণিমুগ্ধ কোঁৱৰ সুন্দৰৰ তথা সংস্কৃতিৰ পূজাৰীলৈ ৰূপান্তৰিত হোৱাৰ অথৱহ ব্যঞ্জনা আনি দিছে৷ উল্লিখিত গীতটিৰ প্ৰয়োগ অবিহনে এনে ব্যঞ্জনাৰ প্ৰকাশ সম্ভৱ হ’লহেঁতেন নে নাই, সেই কথা কোৱা টান৷ উপযুক্ত শব্দ-চয়নেৰে গঁথা উল্লিখিত গীত দুটিৰ কথাংশ এই ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া৷

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহৰ ভিতৰত লভিতা-তে সৰ্বাধিক গীতৰ প্ৰয়োগ ঘটিছে৷ সেয়ে হ’লেও, গীতৰ ব্যৱহাৰত নাটখনিত নাটকীয় ঔচিত্যৰ দোষ ঘটিছে বুলি ক’ব নোৱাৰি৷ এইখন নাটকৰ বিষয়বস্তুও আনকেইখন নাটতকৈ ভিন্ন৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত এই নাটকত দিয়া ‘বিশ্ব বিজয়ী নজোৱান’, ‘তই কৰিব লাগিব অগ্নিস্নান’ আদি গীতৰ মাজেৰে জ্যোতিপ্ৰসাদৰ নিভাঁজ দেশপ্ৰেমৰ সুপ্ৰকাশ লক্ষ্য কৰা যায়৷ নিজৰ ভৰিৰ তলৰ মাটিত স্বাধিকাৰ সাব্যস্ত কৰাৰ বাবে দেশৰ জনসাধাৰণক তেওঁ গীতৰ মাধ্যমেৰেই এনেদৰেই সকীয়াই দিছে–
‘‘… একঠা মাটি মই উপজিয়ে পাওঁ
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাকো নাপাওঁ
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰ দেশ আজি মই
নিজে ৰখাওঁ…৷ ’’

নক’লেও চলে, জ্যোতিপ্ৰসাদ বিৰচিত এনে দেশপ্ৰেমমূলক গীতবোৰে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত অসমীয়া জনগণৰ মাজত বিশেষৰূপে¸ সমাদৃত হৈছিল৷ ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু সিহঁতৰ স্বদেশী লেমটৌবোৰৰ বিৰুদ্ধে উচ্ছাৰিত বিদ্ৰোহৰ অগ্নিমন্ত্ৰস্বৰূপ এনেবোৰ গীত তৎকালীন অসমীয়া মানুহৰ দৈনন্দিন জীৱনৰ লগৰীয়া হৈ পৰিছিল বুলি বিভিন্ন উৎসৰ পৰা জািনব পৰা যায়৷
লভিতা নাটৰ অন্তিম নাট্যক্ষণটোত সংযোজিত–
‘‘লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজৰে মোৰ’’
গীতটিয়ে ব্ৰিটিছ-বিৰোধী ৰণত অসমীয়া গাভৰু লভিতাৰ আত্ম-বলিদানৰ মুহূৰ্তটো সকৰুণ আৰু মৰ্মস্পৰ্শী কৰি তোলাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷
খনিকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য নাট্যকৰ্ম নহ’লেও, ইয়াতো কেইবাটাও গীতৰ অপূৰ্ব সংযোজন লক্ষ্য কৰিব পাৰি৷ বিশেষকৈ পঞ্চম অঙ্কৰ–
‘‘মোৰ মনে মনে
হিয়াৰ বনে বনে
আন্ধাৰে আন্ধাৰে
কি ফুল ফুলালি’’
গীতটিৰ কথা এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি৷ ইয়াৰ মাজেৰে জ্যোতিৰ সৌন্দৰ্য পিপাপু শিল্পী মনৰ চিৰ আকু তি প্ৰস্ফুটিত হৈছে৷
নাট্যকাৰগৰাকীৰ অসম্পূৰ্ণ নাট কনকলতা-ত সন্নিৱিষ্ট–
‘‘কোন ক’ত আছ আহ অ’ ডেকা ল’ৰা
সমুখত হ থিয়
মাতৃপূজাৰ ভাগ ল’বলৈ
বেলি কৰ কিয়’’
গীতটিৰ মাজেৰেও তেওঁৰ দেশ তথা জাতিৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ প্ৰকাশ পাইছে৷ মাতৃভূমিৰ মুক্তি-সংগ্ৰামলৈ অসমীয়া যুৱ-সমাজৰ প্ৰতি এয়া আছিল জ্যোতিৰ উদাত্ত আহ্বান৷
নিমাতী কইনা আৰু সোণ পখিলি নাট্যকাৰগৰাকীৰ দুখনি উৎকৃষ্ট গীতি নাটিকা৷ ‘নিমাতী কইনা’ সমস্ত কলাৰ প্ৰতীক৷ জ্যোতিপ্ৰসাদৰ ভাষাত– ‘‘জগতৰ নিমাতী কইনা শান্তিয়ে সেইদিনাহে পৃথিৱীৰ বুকুত হাঁহিৰ ফুল ফুলাব– যিদিনা বিশ্বজনতা ৰূপকোঁৱৰ হৈ সাৰ পাই উঠিব আৰু নিমাতীৰ কণ্ঠত অভিনৱ গীত আৰু সুৰৰ বোধন কৰিব৷ ’’ এই গীতি নাটখনিত সংযোজিত প্ৰতিটো গীতৰ মাজেৰে জ্যোতিয়ে যেন সমস্ত শিল্পী সত্তা উজাৰি দিছে৷ ‘মোৰ ৰাগ কৰবীৰে পতা লবি পূজা’ৰ মাজেৰে প্ৰকাশিত হৈছে চিৰ সুন্দৰৰ প্ৰতি বিস্ময় বিমূঢ় দৃষ্টি৷ তেনেদৰে– ‘সেউজী সেউজী অ’, সেউজী ধৰণী ধুনীয়া’ গীতটিত আছে কৃষ্টিৰ জন্মদাতা কৃষক সমাজৰ শ্ৰমজলসিক্ত মাণিকী মধুৰী ধানেৰে চিৰ সেউজীয়া হোৱা ধৰণীৰ বিনন্দীয়া ৰূপ৷ দৰাচলতে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ৰূপকোঁৱৰ’ হিচাপে প্ৰসিদ্ধি লাভ কৰাৰ মূলতে আছে এই গীতি নাটিকাখনি৷ বীণ ব’ৰাগীৰ কণ্ঠেৰে জ্যোতিয়ে পৃথিৱীক আলোকিত কৰিব বিচাৰে৷ তেওঁ জানে, তেওঁৰ গান কেতিয়াও ‘বিফলে নাযায়’৷ ‘বিকশিত কমলৰ’ মন মতলীয়া গোন্ধৰ দৰে সি বিশ্ব জগতৰ প্ৰাণ চিৰ জাগৰুক কৰি ৰাখিব৷ সেই হেতুকে অসীমৰ সীমনাৰ জ্যোতিৰ দেশৰ পৰা অহা ৰূপকোঁৱৰৰ কণ্ঠেৰে নিগৰিত শুৱলা সংগীতৰ ধবনি শুনি নিমাতী কইনাৰ মুখত অমাতৰ মাত ওলাইছে আৰু অভিভূত কণ্ঠেৰে সেই ৰূপৰ কোঁৱৰৰ জয় গান গাইছে–
‘‘জয় ৰূপ মুগ্ধ
জয় সুৰ মুগ্ধ
জয় জয় অৰূপজ ৰূপকুমাৰ
জয় জয়৷ ”

অসমীয়া জাতিৰ দুৰ্ভাগ্য যে জ্যোতিপ্ৰসাদ আহিছিল অল্পায়ু হৈ৷ সোণ পখিলী-ৰ দৰে পোৱাল মণি জননীৰ কণ্ঠহাৰত গাঁথিবলৈ লোৱাতে থাকিল৷ অপূৰণীয় ক্ষতি হ’ল অসমীয়া জাতিৰ, অসমীয়া সাহিত্য-সংস্কৃতিৰ– বিশেষকৈ সঙ্গীত জগতৰ৷ তেৱেঁই আছিল অসমীয়া আৱহ-সঙ্গীত (Thematic music)-ৰ স্ৰষ্টা৷ অসমীয়া লোক-সঙ্গীতৰ সৈতে পাশ্চাত্য সঙ্গীতৰ তেওঁ অপূৰ্ব সমন্বয় সাধন কৰিছিল৷ তাৰ ‘অমিয়া জোকাৰ’ পৰৱৰ্তী কালৰ গীতি-সাহিত্য তথা সঙ্গীতৰ জগতখনত সহজেই প্ৰত্যক্ষ কৰিব পাৰি৷ জ্যোতিৰ গীতৰ সহজ-সৰল ভাষা আৰু থলুৱাভাৱে আহৰিত সুৰৰ দ্বাৰা পৰৱৰ্তী কালৰ সঙ্গীত সাধকসকল অনুপ্ৰাণিত হৈছিল৷ সেয়া নিশ্চয়কৈ অসমীয়া জাতিৰ বাবে, বিশেষকৈ সঙ্গীত জগতৰ বাবে মঙ্গলদায়ক হ’ল৷ অন্যথা বাহিৰা প্ৰভাৱক অতি সোনকালে আপোন কৰিলোৱা অসমীয়া জাতিৰ স্বকীয় সঙ্গীতৰ বৈশিষ্ট্য কালৰ গৰ্ভত হেৰাই যোৱাৰ সম্ভাৱনা আছিল৷

[২] অন্যান্য গীত
জ্যোতিপ্ৰসাদৰ এইটো থূলৰ গীতৰ সংখ্যা সৰ্বাধিক৷ ইয়াত তেওঁৰ চিত্ৰনাট্য, প্ৰবন্ধ, গল্প, ভাষণ আদিত সন্নিৱিষ্ট গীতবোৰ সামৰিবৰ যত্ন কৰা হৈছে৷
জ্যোতিপ্ৰসাদ আছিল অসমীয়া কথাছবিৰ জনক৷ তেৱেঁই প্ৰথমে আত্মত্যাগৰ মহিমাৰে অসমৰ ইতিহাসৰ পাত জিলিকাই থকা মহাসতী জয়মতী কুঁৱৰীৰ জীৱনৰ আধাৰত ‘জয়মতী’ নামেৰে প্ৰথমখন অসমীয়া কথাছবি নিৰ্মাণ কৰি উলিয়ায়৷ এই দুঃসাহসিক কাৰ্যত তেওঁ কিমান অসুবিধাৰ সন্মুখীন হৈছিল, শব্দযন্ত্ৰী ফৈজী চাহাবে লাহোৰত তেওঁক কেনে বিপদত পেলাইছিল আৰু তাৰ ফলত কথাছবিখনিৰ সৰহভাগ সংলাপত তেওঁ কেনেদৰে নিজে কণ্ঠদান কৰিবলগীয়া হৈছিল তাক দোহৰাৰ নিশ্চয় আৱশ্যক নাই৷ একাগ্ৰ সাধনা আৰু দৃঢ়মনা হোৱা বাবেই নানান প্ৰতিকূল পৰিস্থিতিকো নেওচি অৱশেষত তেওঁ লক্ষ্যত উপনীত হ’ব পাৰিছিল৷ সি যি কি নহওক, তেওঁ বোলছবিৰ বাবে যিকেইখন চিত্ৰনাট্য ৰচনা কৰিছিল তাৰ মাজতো ভালেখিনি গীত পোৱা যায়৷ উল্লিখিত ‘জয়মতী’ বোলছবিখনৰ অন্তিম দৃশ্যত সন্নিৱিষ্ট ‘লুইতৰে পানী যাবি অ’ বৈ’ গীতটিৰ আৱেদন প্ৰতি অসমীয়াই লুইত থাকে মানে মনত ৰাখিব৷ সেইদৰে ‘মানৰ দিনৰ অগ্নিসুৰ’ত ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলে’ ভয় নাই, ’ ‘জননীৰ সন্তান জাগা, জাগা মাতৃপ্ৰাণ’ গীত দুটিত ‘কৰ্মহীনতা’ ‘কাপুৰুষতাই’ ‘দুৰ্বল’ আৰু ‘ম্ৰিয়মাণ’ কৰি তোলা লুইতপৰীয়া যুৱশক্তিক ‘দুৰ্জেয় অভিযান’ৰ জৰিয়তে মাতৃভূমিৰ চকুলো মচি দিবলৈ জনোৱা উদাত্ত আহ্বান লক্ষ্য কৰিব পাৰি৷ আকৌ ‘ইন্দ্ৰমালতী’ৰ ‘মোৰে মন বনতে তই কি বাঁহী বজালি’ৰ জৰিয়তে শিল্পীগৰাকীৰ ‘চিৰসুন্দৰ সংস্কৃতি’ৰ প্ৰতি দেহ-মন শাঁত কৰা প্ৰাণৰ আকুতি অনুভৱ কৰা যায়৷
নাটক আৰু চিত্ৰনাট্যৰ উপৰি আন ভালেমান প্ৰসঙ্গতো জ্যোতিপ্ৰসাদে অনেক গীত ৰচনা কৰিছে৷ আনকি তেওঁৰ গল্প, প্ৰবন্ধ আৰু বিভিন্ন প্ৰসঙ্গৰ অন্যান্য লেখায়ো গীতৰ বোকোচাত উঠিহে যেন নিজ-কাৰ্য সম্পাদন কৰিছে৷ মন কৰিবলগীয়া যে, এইবোৰৰ সৰহভাগৰে সুৰকাৰ তেওঁ নিজে৷

জ্যোতি আছিল ৰূপান্তৰত বিশ্বাসী জনতাৰ শিল্পী৷ তেওঁৰ ‘তপ্ত হৃদযন্ত্ৰ’, ‘ফুলতো কুমলীয়া শিলতো কঠোৰ’৷ ইয়াৰে সুকোমল ফালটোৰ পৰা নিৰ্গত হৈছিল প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, জীৱনৰ অভিনৱ অৰ্থ বিচাৰি মহা শূইনৰ প্ৰতি স্তৰে স্তৰে চিৰ সুন্দৰৰ সতে মিলি যোৱাৰ আকুল বাসনা‌। আনহাতে, শিলতকৈ কঠিন ফালটোৰ পৰা বিস্ফোৰিত হৈছিল বিদ্ৰোহৰ অগ্নিস্ফুলিঙ্গ৷ বিশেষ প্ৰতিভা অবিহনে একেগৰাকী ব্যক্তিৰ মনোজগতত দুটা বিপৰীত ভাবৰ এনে সহাৱস্থান একোপধ্যেও সম্ভৱ নহয়৷ সততা আৰু আন্তৰিকতা তেওঁৰ সমস্ত শিল্পকৰ্মৰ মূল ভেঁটি৷ মানুহৰ প্ৰতি অগাধ ভালপোৱাই তেওঁৰ অন্তৰ্জগতত দুষ্কৃতি বিৰোধী এক বিপ্লৱী সত্তাৰ জন্ম দিছিল৷ দুষ্কৃতি বিৰোধী অবিৰত সংগ্ৰামত তেওঁ ‘জনগণৰ মুকুতি’ক ‘চিৰ সুন্দৰ সংস্কৃতি’ বুলি গণ্য কৰিছিল৷

দুষ্কৃতিৰ লগত সংস্কৃতিৰ বিৰোধ চিৰকলীয়া৷ এই দুই মহাশক্তিৰ সংৰ্ঘষত দুষ্কৃতিক পৰাভূত কৰি সংস্কৃতিৰ মৰ্যাদাপূৰ্ণ সংস্থাপনেই আছিল জ্যোতিপ্ৰসাদৰ জীৱনৰ ব্ৰত৷ নক’লেও চলে, তেওঁৰ সৰহভাগ গীত এই দিশলৈকে ধাবিত হৈছে৷

দুষ্কৃতিৰ অভিব্যক্তি সম্পৰ্কে জ্যোতিপ্ৰসাদৰ দৃষ্টিভঙ্গী আছিল কিছু ভিন্ন৷ তেওঁৰ মতে, – ‘‘ সাম্ৰাজ্যবাদ আৰু ধনতন্ত্ৰবাদ এই দুয়োটাই পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ ৰূপত ছদ্মৱেশী দুষ্কৃতিৰ পূৰ্ণৰূপ’’৷ সেই হেতুকে ছদ্মৱেশী দুষ্কৃতিৰ প্ৰতিভূ সাম্ৰাজ্যবাদী বৃটিছ আৰু সিহঁতৰ পদলেহী সেৱকসকলক মাতৃভূমিৰ বুকুৰ পৰা চিৰকাললৈ উচ্ছেদ কৰিবলৈ দেশৰ ন-জোৱানসকলক তেওঁ এনেদৰে আহ্বান জনাইছিল–

‘‘সমুখ সমৰত ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ৷ ’’

ভাৰতীয় জনগণৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী অভিযান গান্ধী নিৰ্দেশিত অহিংসাৰ গণ্ডীত আবদ্ধ হৈ থকাত জ্যোতিপ্ৰসাদ কিছু ক্ষুব্ধ হৈ পৰিছিল৷ তেজপুৰৰ জনসভাত তেওঁ মুক্তকণ্ঠে তাৰ চোকা সমালোচনা কৰিছিল৷ তাৰ অৱশ্যম্ভাৱী পৰিণতিস্বৰূপে আৰম্ভ হৈছিল তেওঁৰ অজ্ঞাতবাসৰ এক নতুন অধ্যায়৷ কিন্তু, এই অধ্যায়ত মহাভাৰতৰ পঞ্চ পাণ্ডৱৰ অজ্ঞাতবাসৰ দৰে তেওঁৰ বাবে কোনো ‘বিৰাট ৰজা’ৰ নিৰাপদ আশ্ৰয় ৰৈ থকা নাছিল৷ কেতিয়াবা খেতি-পথাৰ, কেতিয়াবা ৰে’লৰ প্লেট-ফৰ্ম আৰু কেতিয়াবা লুইতৰ বালি-চাপৰিত মুক্ত আকাশৰ তলত পাৰ হৈছিল তেওঁৰ বহু বিনিদ্ৰ ৰজনীৰ উজাগৰী প্ৰহৰ৷

স্বাধীনতাৰ অৰ্থ বেলট পেপাৰত আবদ্ধ এচাম কৌশলী ৰাজনীতিকৰ নিৰাপদ জীৱন বুলি তেওঁ কাহানিও ভবা নাছিল৷ তেওঁৰ দৃষ্টিত স্বাধীনতাৰ অৰ্থ– দেশৰ শোষিত, নিষ্পেষিত জনগণৰ মুক্তি৷ ভাৰতৰ স্বাধীনতাৰ পাছত স্বদেশী সুবিধাবাদী, ঠগ, প্ৰৱঞ্চকবোৰৰ শোষণ-শাসনৰ নিত্য নতুন কৌশলে তেওঁক অত্যন্ত বিৰক্ত আৰু ব্যথিত কৰি তুলিছিল৷ সিসকলক তেওঁ এনেদৰে সকীয়াই দিছিল–
‘‘সুবিধাবাদীৰ দল
মিছা হ’ব তোৰ কৌশল
——-
যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা
সেই জনতা আজি প্ৰবুদ্ধ হ’ল৷ ”

ভাৰতীয় মানুহৰ বহু ত্যাগৰ বিনিময়ত অহা স্বাধীনতাৰ স্বৰূপ দেখি, স্বাধীন ভাৰতত অনাকাংক্ষিত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পয়োভৰ দেখি জ্যোতিপ্ৰসাদৰ মোহভঙ্গ হৈছিল৷ তেওঁ গান্ধীবাদী আদৰ্শৰ পৰা ফালৰি কাটি লাহে লাহে মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল৷ মাৰ্ক্সবাদীসকলৰ দ্বাৰা প্ৰতিষ্ঠিত গণনাট্য সংঘৰ অসম শাখাৰ তেওঁ সভাপতিৰ আসনো অলঙ্কৃত কৰিছিল৷ আদৰ্শ তথা চিন্তাধাৰাত ঘটা এনে পৰিৱৰ্তনে তেওঁৰ গীতি-সাহিত্যকো স্বাভাৱিক কাৰণতে প্ৰভাৱিত কৰিছিল৷ তলৰ গীতকেইফাঁকিয়ে তাৰ প্ৰমাণ দাঙি ধৰিব–

‘‘আৰুতো নিলিখোঁ পদুম কলিৰ নাচ
কবিতা মই সখি
আৰুতো নাচাওঁ পদুম কলিৰ
পাহিবোৰ লেখি লেখি
আজি মই গাম
বোকাত জহি যোৱা
মানুহৰ জয় গান
কঁপাই জনৰ প্ৰাণ৷ ’’

কিংবা–

‘‘মোৰ গানত জ্বলে
শত যুগৰ কত অভিমান
মোৰ গানে বিচাৰে
চিৰ দুখীয়াৰ
চিৰ পৰিত্ৰাণ৷ ’’

এক কথাত জ্যোতিপ্ৰসাদ আছিল বিদ্ৰোহী শিল্পী৷ দেশৰ খাটিখোৱা, মেহনতী জনতা আছিল তেওঁৰ সমস্ত শিল্পকৰ্মৰ উৎস৷ সেই বাবেই তেওঁ মুক্তকণ্ঠে ঘোষণা কৰিব পাৰিছিল–
‘‘জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো মনত
শিল্পী যে মই লুকাই লুকাই আছোঁ৷ ’’

সাধাৰণ মানুহৰ ছবি অতি সহানুভূতিৰে অঙ্কন কৰিব পৰাটো তেওঁৰ গীতি-সাহিত্যৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য৷ তেওঁ লিখিছিল– ‘চৰনীয়া পথাৰৰ গৰখীয়াৰ গীত’, মাছমৰীয়া গাঁওখনিত কোনোবা গাভৰুৱে ‘বাঁহৰ আগৰ জিলিকনি ন পোহৰৰ বিৰিঙনি গণি পঢ়ি ন দিনীয়া পাতত ফুল বছা’ৰ গীত৷ দৰিদ্ৰতা কণা গোসাঁইৰ দান বুলি সান্তনা লোৱা বগী ছোৱালীজনীক শোষণৰ স্বৰূপ বুজাই দিবলৈকো তেওঁ পাহৰা নাই–
‘‘… ঘৰত গৰু নাই
নিলাম কৰা তোৰ পথাৰত
লোকে হাল বায়
——–
আছে যদিও গোসাঁইজনা নাই
থকা হ’লে তোৰনো কিয় এনুৱা বিলাই
দেশ চলোৱা, সমাজ পতাত
আছে কিবা ভুল…৷ ’’

সেই বুলি তেওঁ উদ্ধত নাছিল৷ নিজকে জনগণৰ শিল্পী বুলি জহাই ফুৰা, অথচ আত্মগৌৰৱত গপতে গঙাটোপ হৈ ওফন্দি থকা এচাম তথাকথিত সংস্কৃতি-কৰ্মীতকৈ তেওঁ আছিল ভিন্ন৷ নিজৰ সৃষ্টি-কৰ্মৰ জৰিয়তে অন্তৰ্জগতত অজানিতে উদ্ভৱ হ’ব পৰা অহংবোধ আত্ম-বিশ্লেষণেৰে আঁতৰ কৰিব পৰাৰ বিনম্ৰতা তেওঁ অৰ্জন কৰি লৈছিল৷

জ্যোতি আছিল সৌন্দৰ্য পিয়াসী৷ সুন্দৰৰ নিমাতী প্ৰতিমাই নীৰৱে হিয়াত থাকি তেওঁক অহৰহ অনুপ্ৰেৰণা যোগাইছিল৷ সেই বাবেই তেওঁ আছিল শিল্পী, অস্থিয়ে-মজ্জাই শিল্পী– সুন্দৰৰ একনিষ্ঠ সাধক এক মহান শিল্পী৷ অৱশ্যেই সেই সাধনাৰ অন্তৰালৰ প্ৰেৰণাদায়ী শক্তি আছিল মেহনতী মানুহ৷ তেওঁৰ সৃষ্টিত সত্য, সনাতন, শাশ্বত সুন্দৰৰ মহত্ত্বম ৰূপ প্ৰতিভাত হোৱাৰো সেয়ে কাৰণ৷ সেই চিৰ শাশ্বত সুন্দৰে যেন মহাশূইনৰ নক্ষত্ৰ দেশত অসীম নীলা ৰভা তৰি জোন-বেলি-তৰাৰে মহান জ্যোতিৰ মেলা পাতিছে–

‘‘সুন্দৰ অ’ তই
সুন্দৰ অ’
তৰিলি তই
অসীম নীলা ৰভা
নীহাৰিকা
জোন বেলিৰে
তৰাৰে তই
এই যে পাত
মহান জ্যোতিৰ সভা৷ ’’
———
“সৌ অসীমৰ শেষ তৰাটোৰ গান
কোন কাহানি
আহিবনো হাঁহিবনো
শাঁত কৰি মোৰ
শেষ বিচৰা গান৷ ’’
সুন্দৰে জ্যোতিৰ মন বননিত আলফুল সুৰ তুলি বাঁহী বজায়৷ নিশাৰ এন্ধাৰ আঁতৰাই আনে ‘পুৱতিৰ অৰুণাৱলী’৷ দুষ্কৃতিৰ ধবংসস্তুপত পুনৰ নতুন সংস্কৃতিয়ে, চিৰ সুন্দৰে অঙ্কুৰ মেলে৷ সেই সুন্দৰেই আছিল জ্যোতিপ্ৰসাদৰ জীৱনৰ সহচৰ–

‘‘মোৰে মন বননিতে কি বাঁহী বজালি
অ’ সুন্দৰ
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ৷ ’’

জ্যোতিপ্ৰসাদ আগৰৱালাই এলানি শিশুৰ উপযোগী গীতো ৰচনা কৰিছে৷ শিশুৰ জগত কল্পনাৰ জগত, ৰূপকথাৰ জগত৷ এতেকে সেই জগতৰ সুস্থ চিত্ৰায়নৰ বাবে বিশেষ প্ৰতিভাৰ আৱশ্যক৷ জ্যোতিপ্ৰসাদ আছিল তেনে বিৰল প্ৰতিভাৰ গৰাকী৷ সংখ্যাত তাকৰ হ’লেও, তেওঁ যিখিনি শিশু-উপযোগী গীত ৰচনা কৰি থৈ গৈছে, সেইখিনিয়ে তেনে কথাৰে সাক্ষ্য দিয়ে৷ শিশুৰ মনস্তত্ত্বৰ সৈতে সম্যক পৰিচয় আছিল বাবেই তেনে গীত তেওঁৰ কাপেৰে নিসৃত হোৱাটো সম্ভৱ হৈছে৷ গীতিকাৰগৰাকীৰ সৃষ্টিৰ সাৰ্থকতাও সেইখিনিতে৷
গীতৰ কথাৰ সৈতে সুৰৰ সম্পৰ্ক নিকপকপীয়া৷ দুয়োটা একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে৷ গীতৰ কথা যদি তেজ-মঙহ, তেন্তে সুৰ তাৰ প্ৰাণ৷ আন কথাত সুৰেহে গীতক সঞ্জীৱনী শক্তি যোগায়৷ আকৌ সুৰ-সঞ্চাৰৰ উপযোগী হ’বলৈ গীতৰ ভাষাও প্ৰাঞ্জল, সাৱলীল আৰু আঁৰ নলগা হোৱা আৱশ্যক৷ জ্যোতিপ্ৰসাদ আছিল এই দিশত অতি সচেতন৷ ধবনি-মাধুৰ্য যে তেওঁৰ গীতৰ অন্যতম আকৰ্ষণীয় সম্পদ, সেই কথাৰ উল্লেখ নকৰিলেও চলে৷ নিপুণ মালাকাৰে বছা বছা ফুলেৰে মালা গঁথাৰ দৰে জ্যোতিয়েও কোমল কোমল ঘৰুৱা শব্দেৰে গীতৰ মালা গাঁথিছে৷ আন কথাত, বাছকবনীয়া শব্দৰ সুবিন্যাস তেওঁৰ গীতি-সাহিত্যৰ আন এক উল্লেখযোগ্য বিশেষত্ব৷ কিছুমান শব্দ, যেনে– ‘আলোক’, ‘জ্যোতি’, ‘অভিনৱ’ আদিৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল বুলি অনুভৱ হয় যদিও, সেইবোৰে তেওঁৰ গীতি-সাহিত্যক দুৰ্বল কৰা বুলি ক’ব নোৱাৰি৷ বৰং সিবোৰৰ সচেতন আৰু সংহত প্ৰয়োগে তেওঁৰ শব্দ-ব্যৱহাৰৰ দক্ষতাৰহে পৰিচয় দিয়ে৷ তদুপৰি, অনুপ্ৰাস আৰু তজ্জনিত ধবনি-ব্যঞ্জনাই সুৰ অবিহনেই সিবোৰক সাংগীতিক মৰ্যাদা দান কৰিছে৷ সুৰাৰোপিত হোৱাৰ পাছত সিবোৰৰ আৱেদন কেনে হ’ব. তাক দোহৰাৰ নিশ্চয় আৱশ্যক নাই৷ সচেতনভাৱে যুক্তাক্ষৰ বৰ্জন তেওঁৰ গীতি সাহিত্যৰ আন এক বৈশিষ্ট্য্৷

জ্যোতিপ্ৰসাদ আছিল বাস্তৱৰ শিল্পী৷ দাৰিদ্ৰ্য পীড়িত দেশৰ জনগণৰ সমস্যাই তেওঁৰ শিল্পীমনক অহৰ্নিশে কষ্ট দিছিল৷ সেই বাবেই তেওঁৰ গীতৰ সুৰ আছিল অৱিচ্ছিন্ন ধাৰাৰে বৈ অহা পাহাৰী নিজৰাৰ গতিৰ দৰে স্বতঃস্ফূৰ্ত৷ সম্ভৱতঃ এইটো কাৰণতে তেওঁৰ গীতত কথা আৰু সুৰৰ মণি-কাঞ্চন সংযোগ লক্ষ্য কৰা যায়৷ জ্যোতিৰ গীত তেওঁৰ নিজস্ব সম্পদ৷ তাৰ লগত আন কাৰো তুলনা নহয়৷ থলুৱা সুৰৰ জুমুধিত হিন্দুঃস্থানী আৰু পাশ্চাত্য সংগীতৰ হেঙুল হাইতাল বোলাই অসমীয়া আধুনিক গীতক তেওঁ যি আসনত প্ৰতিষ্ঠা কৰি থৈ গ’ল সেয়া যাউতিযুগীয়া হৈ ৰ’ব৷

পৃথিৱীৰ প্ৰতিটো জাতিৰ সংস্কৃতি অইন জাতিৰ সংস্কৃতিৰ সৈতে সংশ্লেষিত হোৱাটো মানুহৰ সাংস্কৃতিক ইতিহাসৰ এক এৰাব নোৱৰা পৰিঘটনা৷ জ্যোতিয়ে নিজস্বভাৱে প্ৰাচ্য-পাশ্চাত্যৰ অপূৰ্ব সমন্বয় সাধন কৰি অসমীয়া সংস্কৃতিৰ বুকুত জীণ নোযোৱা বিজতৰীয়া বীজ আঁতৰাই জাতিৰ ‘বৰ-নামঘৰত সোণৰ ৰূপৰ পাট মেৰিওৱা বৰখুঁটা’ লগাই থৈ গ’ল৷ ব্যক্তি জীৱনৰ সাহস, সততা আৰু সংগ্ৰামশীলতাৰ লগত শিল্প-সংস্কৃতিৰ এনে সমন্বয়ৰ বহুৰঙী প্ৰকাশ বিশ্ব সাহিত্যতে বিৰল৷ ‘গাঁৱে গাঁৱে বন্তি জ্বলাই’ আলোকিত কৰা গাঁৱলীয়া ল’ৰাহঁত আৰু ‘গাঁৱৰ কোলাত হাঁহি মাতি সোণ পথাৰৰ জেউতি চৰাওঁ’ বুলি ক’ব পৰা শেৱালি-নেৱালীহঁতক জ্যোতিৰ গীতে নিঃসন্দেহে চিৰকাল নতুন সময়ৰ স’তে মুখামুখি হ’বলৈ অনুপ্ৰাণিত কৰিব৷ জ্যোতিপ্ৰসাদৰ মতে– ‘‘সংস্কৃতি যদি এটা ত্ৰিভুজ হয়, তেনেহ’লে সি যিমান ওপৰলৈ উঠিব, সিমানে তাৰ গুৰিটো বহলাব লাগিব, তেতিয়াহে সি শক্তিশালী গাঁথনি হিচাপে টিকিব পাৰিব৷ ’’ এই বাণী সাৰোগত কৰি সমাজৰ উপৰি সৌধৰূপে বৰ্তি থকা প্ৰতিটো সাংস্কৃতিক কৰ্মক সুস্থ ৰূপ দিবলৈ সমাজ-গাঁথনিৰ সংস্কাৰ সাধন কৰিলে অসমীয়া জাতি বিশ্বৰ বুকুত স্বকীয় বৈশিষ্ট্য্যে্যৰে সমুজ্জ্বল হৈ উঠিব পাৰিব৷ অৱশ্যে তাৰ বাবে প্ৰতিজন অসমীয়াই অহোপুৰুষাৰ্থ কৰিব লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *