অনুবাদকবিতা

সেই সাহস (মূল: তাৰাপদ ৰায়; অনুবাদ : ৰুমা অধিকাৰী)

সময় আছিল ফুলপাহ সৰি পৰাৰ
তাৰ পাচতো গোটেই নিশা ফুলপাহে
এজোপা হতাশ গছৰ এটি বৃন্তক আকোঁৱালি ধৰি
ঠেঁটুৱৈ ধৰা জাৰৰ নিশা বাৰটি ঘণ্টা সৰি নপৰাকৈ থাকিল৷
এই সামান্য ফুলপাহিক
বীৰচক্ৰ অথবা পৰমবীৰচক্ৰ এটাও দিয়া নহ’ল,
দিয়া নহয়৷
কাৰণ,
এটি হিমচেঁচা জাৰৰ নিশা অকলশৰে
নিৰাশাৰে ভৰা এডাল গছৰ ঠেঙুলিত ওলমি
সৰি নপৰিবলৈ যিমান সাহসৰ প্ৰয়োজন হয়,
সেই সাহসক সকলোৱে বুজি নাপায়,
সকলোৰে বোধগম্য নহয়৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *