জ্যোতিষশাস্ত্ৰ প্ৰকৃততে বিজ্ঞান নে?-( ডাঃ জীৱন দত্ত বৰুৱা)
প্ৰাচীন কালত মানুহৰ জগত সম্পৰ্কীয় চিন্তা আৰু জীৱনবােধ আছিল অস্পষ্ট, কোনাে কোনো ক্ষেত্ৰত ভ্ৰান্তও৷ সেই সময়ত মানৱ সভ্যতা আৰু বিজ্ঞান আছিল অনুন্নত৷ আনহাতে, কেবাহাজাৰ বছৰৰ পৰীক্ষা-নিৰীক্ষা তথা অভিজ্ঞতাৰ ভিত্তিত গঢ়ি উঠিছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা৷ অসাৰ ভ্ৰান্ত ধাৰণা, তথ্য আদি বিজ্ঞানে বৰ্জন কৰিলেও মানুহৰ মনত আজিও সেইবোৰৰ যথেষ্ট প্ৰভাৱ থাকি গৈছে৷ আশা-আকাংক্ষা, কামনা-বাসনা চৰিতাৰ্থ কৰাৰ আশাত মানুহে আজিও নানা ক্ৰিয়া-কৃতিত ৰত হয় যিবিলাকৰ সৰহভাগেই বাস্তৱসন্মত নহয়৷ নানা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ এতিয়াও প্ৰচলিত হৈ আছে৷ পঞ্জিকাৰ ওপৰত বিশ্বাস, কোষ্ঠী, ভাগ্য গণনা, গ্ৰহৰত্ন ধাৰণ ইত্যাদি তাৰ ভিতৰত উল্লেখযােগ্য৷ কিছুমান অন্ধবিশাসৰ মূল হ’ল Indian (Astrology)! বহু প্ৰাচীন কালৰ পৰা প্ৰচলিত হ’লেও, অনেক হিচাপ-নিকাচ, আঁক-বাক থাকিলেও জ্যোতিষবিদ্যা কিন্তু জ্যোতিৰ্বিজ্ঞান (Astronomy)নহয়৷ জ্যোতিৰ্বিজ্ঞানৰ ভেটি হ’ল যন্ত্ৰপাতিৰ সহায়ত বাস্তৱ পৰ্যবেক্ষণ, পৰিমাণ আৰু গাণিতিক প্ৰক্ৰিয়াৰ দ্বাৰা গৃহীত সিদ্ধান্ত৷ এনেকৈ লাভ কৰা তথ্যসমূহ সঠিক বুলি প্ৰমাণিত হৈছে৷ ইয়াৰ ভিত্তিত প্ৰতিষ্ঠিত নিয়মাৱলী বা তত্ত্বৰ পৰা প্ৰাপ্ত ভৱিষ্যতবাণী পুনৰীক্ষণৰ দ্বাৰা প্ৰমাণ কৰা সম্ভৱপৰ হৈছে৷ সাম্প্ৰতিক আধুনিক বিজ্ঞানে জ্যোতিৰ্বিদ্যাক অধিক শুদ্ধ, উন্নত, ব্যাপক কৰি তুলিছে৷ জ্যোতিষীসকলে কয়, মানুহৰ স্বভাৱ চৰিত্ৰ, আয়ু, ভাগ্য ইত্যাদি সকলোবোৰ নিৰ্ভৰ কৰে একোজন ব্যক্তিৰ জন্ম লগ্নত গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ওপৰত৷ আকৌ এই কথাও কয় যে জন্মমুহূৰ্তৰ প্ৰতিকূল গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱৰ উপশম ঘটাব পাৰি তাবিজ, কবচ, গ্ৰহৰত্ন, ধৰ্মানুষ্ঠান আদিৰ মাধ্যমেৰে৷ মন কৰিব লগীয়া কথা, এই দুয়োটা ধাৰণা পৰস্পৰবিৰোধী৷ এই কাৰণেই জন্মপত্ৰিকা বা কোষ্ঠী তৈয়াৰ কৰা, ভাগ্য গণনা কৰা আদি বহুলভাৱে প্ৰচলিত৷ জ্যোতিষ চৰ্চা, ব্যক্তি আৰু ৰাষ্ট্ৰীয় জীৱনত জ্যোতিষীসকলৰ প্ৰভাৱ আদি পৃথিৱীৰ নানা দেশৰ লগতে ভাৰততাে অতি প্ৰাচীন কালৰে পৰা চলি আছে৷ অৱশ্যে ভাগ্য, অদৃষ্টবাদ, জ্যোতিষীৰ ভৱিষ্যতবাণী আদিৰ ওপৰত জনসাধাৰণৰ আস্থা কেতিয়াবা বৃদ্ধি হৈছে, কেতিয়াবা আকৌ কমিছেও৷ কিন্তু আজি কিছুদিন ধৰি ভাৰতীয় মানুহৰ মাজত কোষ্ঠী, ভাগ্য বিচাৰ, গ্ৰহৰত্নৰ ধাৰণা, গ্ৰহপূজা আদিৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈছে৷ ফলত এই ব্যৱস্থাত জড়িত ব্যক্তিসকলৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটে৷ দুৰ্ভাগ্যৰ কথা যে বিজ্ঞান বিষয়ত শিক্ষা লাভ কৰা তথাকথিত শিক্ষিত লোকেও জ্যোতিষৰ সপক্ষে নানান যুক্তি দাঙি ধৰি সাধাৰণ মানুহক বিভ্ৰান্ত কৰে৷ অৱশ্যে উন্নত দেশসমূহৰ লােকৰ মাজতাে ইয়াৰ প্ৰভাৱ কিছু নথকা নহয়৷ কিন্তু আমাৰ দেশৰ দৰে ইমান ব্যাপক নহয়৷ বিজ্ঞানৰ সত্যতা, প্ৰামাণ্যতা, শক্তি, ব্যাপ্তি এতিয়া সৰ্বজনস্বীকৃত৷ তথাপি আধুনিক বিজ্ঞানে এই কথা নকয় যে সকলাে কথাই জনা হৈ গ’ল; বৰং অস্পষ্টতাৰ পৰা স্পষ্টতাৰ ফালে গতি কৰাটোৱেই বিজ্ঞানৰ অহৰহ প্ৰচেষ্টা৷ জ্যোতিষবিদ্যাৰ অভ্যুত্থানৰ ইতিহাস বিচাৰ কৰা চাওক৷ প্ৰাচীন কালত নিতান্ত স্বাভাৱিকভাৱে মানুহে কৃষিকাৰ্য, নৌ চালনা, ধৰ্মীয় আচাৰ-অনুষ্ঠান আদিৰ তাগিদাত চন্দ্ৰ, সূৰ্য, গ্ৰহ আদি সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছিল৷ সেই সময়ত (Astrology) আৰু জ্যোতিৰ্বিজ্ঞান (Astronomy)ৰ মাজত কোনো পাৰ্থক্য নাছিল৷ তেতিয়া দূৰবীণ যন্ত্ৰ নাছিল, গণিত আৰু বিজ্ঞানৰ উন্নতি হােৱা নাছিল৷ ফলত মানুহৰ জ্ঞান আছিল সীমিত আৰু নিম্নমানৰ৷ কালক্ৰমত, বিশেষকৈ ইউৰোপীয় নৱজাগৰণৰ সময়ত কোপাৰ্নিকাছ, গেলিলিও, টাইক্ৰোব্ৰাহে, নিউটন আদিৰ প্ৰচেষ্টাত পৰীক্ষা আৰু মনলব্ধ জ্ঞানৰ সহায়ত অস্পষ্ট, অসম্পূৰ্ণ, ভ্ৰান্ত ধাৰণাসমূহ পৰিমাৰ্জিত আৰু পৰিশোধিত হৈ বৰ্তমানৰ জ্যোতিৰ্বিদ্যাৰ ৰূপ লয়৷ আনহাতে, এপােলেনিয়াছ, হিপাকছ, আৰ্যভট্ট, ভাস্কৰ আদিৰ জ্যোতিষবিদ্যাত গণনা থাকিলেও সেয়া বিজ্ঞান৷ প্ৰায় পাঁচ হাজাৰ বছৰৰ পূৰ্বে ছুমেৰিয়া, আলকাছ, বেবিলন, মিছৰ, হৰপ্পা আদি ঠাইত সভ্যতাৰ যিবােৰ কেন্দ্ৰ গঢ়ি উঠিছিল, সেইবােৰ আছিল ৰজা আৰু পুৰোহিত-শাসিত৷ ব্যৱসায়-বাণিজ্যৰ খাতিৰত সেই ঠাইসমূহৰ মানুহে শিকিছিল জোখ-মাখ, গণনা আৰু সাধাৰণ হিচাপ৷ কিন্তু তেতিয়া কেলেণ্ডাৰ, ঘড়ী আদি নাছিল৷ মাহ, ঋতু আদিৰ ধাৰণা নাছিল৷ মানুহ আছিল প্ৰকৃতিৰ সৈতে একাত্ম৷ প্ৰকৃতিৰ পশু-পক্ষী, কীট-পতংগৰ বিভিন্ন সময়, বিভিন্ন ঋতুত আগমন নিৰ্গমন তথা আচাৰ, আচৰণ লক্ষ্য কৰি মানুহে নিজৰ কামবোৰ কৰিছিল৷ উদাহৰণস্বৰূপে, কাউৰী, কুকুৰা আৰু অন্যান্য চৰাইৰ মাত শুনি বুজি পোৱা হ’ল যে শীতৰ শেষ হৈছে আৰু বসন্তৰ আগমন হ’ব৷ মিছৰৰ প্ৰাণস্বৰূপ নীল নদীত প্ৰতিবছৰেই বান আহে, বন্যাত উটি অহা পলসে মাটি সাৰুৱা কৰে, খেতি-বাতি ভাল হয়৷ গতিকে বন্যাৰ পিছত খেতি কৰিব লাগে৷ লাহে লাহে মানুহৰ দৃষ্টি গল আকাশৰ ফালে৷ চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ সমূহৰ নিয়মবদ্ধ চলাচলৰ ফালে৷ তাৰ পৰা আবিষ্কৃত হ’ল সময়ৰ গণনা, কেলেণ্ডাৰৰ৷ নীল নদীৰ বন্যাৰ সৈতে সূৰ্যৰ অৱস্থানৰ সম্পৰ্ক থকা হেতুকে মিছৰত আৱিষ্কৃত হয় সৌৰ কেলেণ্ডাৰ৷ অন্যান্য ঠাইত চন্দ্ৰকলাৰ হ্ৰাস-বৃদ্ধিৰ ওপৰত ভিত্তি কৰি চান্দ্ৰ-কেলেণ্ডাৰ প্ৰস্তুত কৰা হ’ল৷ চন্দ্ৰ আৰু তিথিসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠে নানান ধৰ্মীয় অনুষ্ঠান৷ ভাৰতত প্ৰচলিত আছিল চান্দ্ৰ-কেলেণ্ডাৰ৷ সেইবাবে আমাৰ দেশত আজিও প্ৰচলিত আছে পূৰ্ণিমা, অমাৱস্যা, একাদশী আদিৰ সৈতে জড়িত ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ৷ স্বাভাবিক বাস্তৱ বুদ্ধিৰ বলতে প্ৰায় সকলােবােৰ সভ্যতাৰ প্ৰাৰম্ভণ কালত মানুহে বুজিব পাৰিছিল যে কৃষিকৰ্ম, বৃষ্টিপাত, বায়ুপ্ৰৱাহ আদিৰ বাবে সূৰ্যৰ গুৰুত্ব অধিক৷ সেইবাবে সূৰ্য দেৱতাৰ স্থান চন্দ্ৰৰ ওপৰত৷ ভাৰতকে ধৰি পৃথিৱীৰ সকলাে ঠইতে সমসাময়িক কালছােৱাত সূৰ্য বন্দনাই গুৰুত্ব লাভ কৰে৷ ছুমেৰিয়া, বেবিলন আদি স্থানত মিছৰৰ দৰে সৌৰ কেলেণ্ডাৰ নথকা হেতুকে সেইবােৰ ঠাইৰ পুৰােহিতসকল ব্ৰতী হৈছিল চান্দ্ৰ আৰু সৌৰ বছৰৰ মাজত সামঞ্জস্য বিধানৰ নিচিনা কঠিন কামত৷ শেষ পৰ্যন্ত সফল নহ’লেও গাণিতিক জ্যোতিষবিদ্যা ইয়াৰ ফলত উপকৃত হৈছিল৷ এটি বৃত্তক ৩৬০ ডিগ্ৰীত ভাগ কৰা, এটা দিনক ২৪ ঘণ্টাত ভাগ কৰা, ঘণ্টা আৰু মিনিটক ৬০ ভাগ কৰা আদি ছুমেৰীয়সকলৰ অৱদান৷ খৃষ্টপূৰ্ব ৭৪৭ চনৰ পৰা সু-শৃংখল আৰু ধাৰাবাহিকভাবে গ্ৰহসমূহৰ তালিকা এখন প্ৰস্তুত কৰাৰ দাবী কৰিব পাৰে বেবিলনে৷ ৯০০ বছৰ পিছত ট’লেমিয়ে এই তালিকা ব্যৱহাৰ কৰি গণিতৰ সহায়ত বিশ্ব গঠনৰ এক পৰিকল্পনা সৰ্বগ্ৰাহ্য কৰিছিল৷ তথাপিও ক’ব লাগিব, প্ৰাচীন বেবিলনীয় জ্যোতিষচৰ্চা সীমিত আছিল আকাশৰ খেলিমেলি বিভাজন, কেইটামান উজ্জ্বল জ্যোতিষ্ক চিনাক্ত কৰা আৰু গুৰুত্বপূৰ্ণ বায়ুমণ্ডলীয় কিছু ঘটনাৰ সংগ্ৰহত৷ এইবিলাকৰ ভিত্তিতে শুভ-অশুভ অনাগত ঘটনাৱলীৰ ইংগিত দিয়াৰ লিখিত প্ৰমাণো পোৱা যায়৷ জ্যোতিষবিদ্যাৰ আৰম্ভ হয় তেনেকৈয়ে৷ ৷ ১৬০৮ খ্ৰীষ্টাব্দত দূৰবীণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ আগৰছোৱা কালত আকাশ আৰু জ্যোতিষ্কমণ্ডলীৰ সম্বন্ধে নতুন আৰু উন্নত তথ্য তথা জ্ঞান আহৰণ সম্ভৱপৰ নাছিল৷ ফলত ষোড়শ শতিকা পৰ্যন্ত প্ৰাচীন জ্ঞানৰ সুসংঘবদ্ধ গ্ৰহণ আৰু ভাগ্য গণনাৰ প্ৰসাৰতে আবদ্ধ থাকিল৷ ইয়াৰ লগত যােগ হ’ল ৰসায়ন বিজ্ঞানৰ বিকৃত ৰূপ কিমিয়াবিদ্যা৷ প্ৰসঙ্গতঃ ক’ব পাৰি কিমিয়াবিদ্যাৰ ধাৰণা মূলতঃ ইউৰােপীয়৷ ভাৰত, চীন আদি দেশত এই সম্পৰ্কত বিশেষ চৰ্চা হোৱা নাছিল৷ অৱশ্যে ভাৰতৰ তান্ত্ৰিক আচাৰ-অনুষ্ঠান আৰু নানা ধৰণৰ ধাৰণাবিধিত কিমিয়া ধাৰণা লক্ষ্য কৰা যায়৷ জাগতিক বস্তুসমূহ আৰু গ্ৰহ বা নক্ষত্ৰ একেজন ঈশ্বৰে সৃষ্টি কৰিছে, গতিকে এইবিলাকৰ মাজত নিগূঢ় সম্পৰ্ক আছে৷ এয়ে আছিল ধাৰণা৷ পৃথিৱীৰ কিছু ৰত্ন পাহাৰৰ সৈতে গ্ৰহ-তৰাৰ ৰঙৰ সাদৃশ্য কল্পনা কৰি প্ৰাচীন কালত যাদু বিশ্বাস অনুসৰি গ্ৰহৰত্নৰ ধাৰণা প্ৰচলিত হয়৷ এই ধাৰণাই কিমিয়াবিদ্যা, ধৰ্মীয় কুসংস্কাৰ তাবিজ-কবচ, পাথৰ আৰু জ্যোতিষ সংমিশ্ৰণ ঘটাই সমাজত প্ৰচলন কৰা হ’ল৷ বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে, কোষ্ঠী-বিচাৰ কৰি মানুহৰ ভৱিষ্যত সঠিককৈ ক’ব পৰা যায় আৰু নানা ব্যৱস্থাৰ জৰিয়তে দুৰ্ভাগ্য প্ৰতিৰোধ কৰি সৌভাগ্য অনা যায়৷ বেছিভাগ লোকেই এই দুই ধাৰণাত বিশ্বাস কৰিছিল, কিন্তু এই দুটাৰ মাজৰ অসংগতি কাহানিও লক্ষ্য কৰা নাছিল৷ প্ৰাচীনকালৰ শ্ৰেষ্ঠ দাৰ্শনিকসকলেও জ্যোতিষ বিদ্যাত বিশ্বাস কৰিছিল৷ চিন্তাজগতৰ এই ধৰণৰ খেলিমেলিয়ে মানুহৰ বুদ্ধি দুৰ্বল কৰিছিল৷ সমাজলৈ অধিক৷ নৈতিক অধঃপতন আনিছিল৷
প্ৰাচীনকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিদ আছিল হি পাকছ্ (১৯০-১২০ খৃষ্টপূৰ্ব)৷ ভাৰতীয় জ্যোতিৰ্বিদ্যাই উন্নতি লাভ কৰিছিল গুপ্ত যুগত (৪ৰ্থ-৬ষ্ঠ শতাব্দী)৷ এই ক্ষেত্ৰত গ্ৰীক প্ৰভাৱ যথেষ্ট আছিল৷ খৃষ্টীয় পঞ্চম শতিকাত গণিতবিদ আৰ্যভট্টই ৰচনা কৰিছিল ’আৰ্যভট্টীয়’ গ্ৰন্থ৷ ভাৰতীয় জ্যোতিৰ্বিদ্যা চৰ্চাৰ ক্ষেত্ৰত এই গ্ৰন্থখনকে প্ৰাচীনতম প্ৰামাণ্য গ্ৰন্থ বুলি ধৰা হয়৷ ইয়াৰ বহু আগৰে পৰা ভাৰতত জ্যোতিষ চৰ্চা হৈছিল৷ বৈদিক সাহিত্য, পুৰাণ সাহিত্য, প্ৰচলিত গ্ৰাম্য গীত পদ, ডাকৰ বচন, খনাৰ বচন আদিত ইয়াৰ প্ৰমাণ পোৱা যায়৷ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল খৃষ্টপূৰ্ব ৩২৭ত৷ তেওঁৰ সৈতে গ্ৰীক জ্যোতিষ ভাৰতলৈ আহে৷ তাৰ পিছত ৰোমান জ্যোতিষো ভাৰতত প্ৰৱেশ কৰে৷ এৰিষ্ট ’টলৰ পিছত গ্ৰীচত দুটা বিখ্যাত দাৰ্শনিক মতবাদ সৃষ্টি হয়৷ ডায়োজিনিছৰ চিনিকিজম্ (cynicism)আৰু বৈৰাগ্যবাদ (stoicism)৷ কামনা-বাসনাৰ প্ৰতি ঔদাসীন্য আৰু পাৰ্থিৱ বস্তুৰ প্ৰতি বীতৰাগ এই মতবাদৰ বৈশিষ্ট্য্য্য্য্য্য্য৷ চিনিকিজমৰ ওপৰত ভিত্তি কৰি পূৰ্ণৰূপ পালে বৈৰাগ্যবাদে৷ খৃষ্টপূৰ্ব ২০৩ ৰ পৰা খৃষ্টাব্দ ২০০ৰ ভিতৰত ৰচিত শ্ৰীমদ্ভাগৱত গীতাত এই দৰ্শনৰ প্ৰকাশ ঘটে৷ ফলত বেদ-উপনিষদৰ বলিষ্ঠ ভাবধাৰাক পৰাভূত কৰি অদৃষ্টবাদে ভাৰতীয় গণমানসৰ গভীৰত স্থান দখল কৰে৷ এৰিষ্ট’টলৰ পৰৱৰ্তী প্ৰায়বােৰ দাৰ্শনিকেই আছিল বিষণ্ণতা আৰু বাস্তৱ সংগ্ৰামৰ পৰা পলায়নবাদী মনােভাবৰ৷ ৰােমান সাম্ৰাজ্যৰ সময়ছােৱাত বৈৰাগ্যবাদে ব্যাপক প্ৰসাৰ লাভ কৰে; লগতে প্ৰসাৰ লাভ কৰে জ্যোতিষ আৰু ভাগ্য গণনাৰ ব্যৱস্থায়ো ৰােমান সাম্ৰাজ্যৰ অনুৰূপ ভাৰতীয় সাম্ৰাজ্য আছিল মৌৰ্য সাম্ৰাজ্য৷ জ্যোতিষ গণনাৰ মূল কথা আছিল নিয়তি বা অদৃষ্ট৷ ৰােমানসকলৰ বৈৰাগ্যবাদ আৰু ভাৰতীয় হিন্দু সকলৰ গীতা ৰ মূল কথাও সেয়ে৷ খৃষ্ট ধৰ্মৰ প্ৰচাৰৰ আৰম্ভণিতে প্ৰথমছোৱাত খ্ৰীষ্টীয়সকলে জ্যোতিষ গণনা ঘৃণা কৰিছিল৷ খৃষ্টধৰ্মৰ প্ৰসাৰৰ লগে লগে আৰম্ভণি কালছােৱাত বৈৰাগ্যবাদৰ প্ৰভাৱ স্তিমিত হয়, কিন্তু ত্ৰয়োদশ শতাব্দীত আৰৱসকলৰ প্ৰভাৱত আৰু ধৰ্মীয় বিশ্ববিদ্যালয়বোৰৰ আৱিৰ্ভাৱৰ পিছত পুনৰ বৈৰাগ্যবাদৰ ধাৰণাই জীপ পায়৷ ভাৰতত ধৰ্মীয় অথবা দৰ্শন ৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তন হোৱা নাই৷ ফলত ভাৰতীয় সমাজ প্ৰায় অপৰিৱৰ্তিত হৈ থাকি যায়৷ ব্ৰাহ্মণ্যধৰ্মৰ পুনৰুত্থানৰ লগে লগে জ্যোতিষশাস্ত্ৰই বিশেষ বিকাশ লাভ কৰে৷ দ্বাদশ শতিকাত বঙ্গ দেশৰ সেন বংশৰ ৰাজত্ব কালত এনে বিকাশে প্ৰবলতা লাভ কৰে৷ এই কালছােৱাত ৰচিত সৰহভাগ গ্ৰন্থই হ’ল স্মৃতিশাস্ত্ৰ, ধৰ্মশাস্ত্ৰ আৰু জ্যোতিষ সম্পৰ্কিত৷ গৌৰৱময় প্ৰাচীন সভ্যতাৰ ধ্বংসস্তূপৰ মাজত কু-সংস্কাৰ, অপবিজ্ঞান আদি ৰ ফলত ভাৰতীয় সমাজক ক্ৰমে অধিক দৰিদ্ৰ, নৈৰাশ্য আৰু অন্ধকাৰে আৱৰি ধৰে৷
জ্যোতিষবিদ্যা বিজ্ঞানসম্মত নে?
আধুনিক সৌৰকেন্দ্ৰিক ব্ৰহ্মাণ্ডৰ পৰিকল্পনাৰ জন্মদাতা হ’ল কোপাৰ্নিকাছ (১৪৭৩-১৫৪৩)৷ তেওঁৰ আৱিষ্কাৰে জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰে৷ তদুপৰি মধ্যযুগীয় ধ্যান-ধাৰণাৰ অৱসান ঘটাই আধুনিক সমাজ আৰু বিজ্ঞানৰ সূচনাও কৰে তেওঁৰ এই আৱিষ্কাৰে৷ তাৰ আগৰ বিশ্বতত্ত্ব আছিল পৃথিৱীকেন্দ্ৰিক৷ গেলিলিওৱে (১৫৪৪-১৬৪২) দূৰবীক্ষণ যন্ত্ৰ আৱিষ্কাৰৰ আগৰ কালছােৱাত গ্ৰহ-নক্ষত্ৰ সম্বন্ধে ধাৰণা আছিল খুব সীমিত আৰু অস্পষ্ট৷ আধুনিক বিজ্ঞান সম্পৰ্কিত গ্ৰন্থ সমূহ ৰ বিপৰীত জ্যোতিষবিদ্যা সংক্ৰান্তিয় গ্ৰন্থসমূহ প্ৰাচীন৷ জ্যোতিষশাস্ত্ৰ ৰচকসকল আছিল স্বল্পজ্ঞানী৷ কিন্তু তথাপিও আজিও জ্যোতিষ চৰ্চাকাৰীসকলে সেই গ্ৰন্থসমূহকেই প্ৰামাণ্য গ্ৰন্থ বুলি প্ৰচাৰ কৰি আহিছে৷ অধিক কি, কেইবছৰমান আগেয়ে খোদ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয় পৰ্যায়ত জ্যোতিষবিদ্যা অন্তৰ্ভুক্তিৰ চিন্তা চৰ্চা চলিছিল৷ জ্যোতিষ বিদ্যাৰ গ্ৰন্থসমূহত পৰৱৰ্তী কালত আৱিষ্কৃত ইউৰেনাছ, নেপচুন আদি গ্ৰহৰ অন্তৰ্ভুক্তি কৰা হোৱা নাই৷ তাৰ বিপৰীতে ৰাহু আৰু কেতু নামৰ দুটা কাল্পনিক গ্ৰহৰহে পোষকতা কৰা হৈছে৷ সূৰ্যকো গ্ৰহ বুলিয়েই ধৰা হৈছে৷ কাৰণ প্ৰাচীনকালত জ্যোতিষীসকলে সূৰ্যক নক্ষত্ৰ বুলি নাজানিছিলেই৷ ধৰা যাওক, গ্ৰহ নক্ষত্ৰই মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে৷ কিন্তু বিশ্বব্ৰহ্মাণ্ডত আৰু অলেখ গ্ৰহ আৰু নক্ষত্ৰ আছে৷ যদি প্ৰভাৱ পেলায়, তেন্তে কেইটামান মুষ্টিমেয় গ্ৰহেই কিয় পেলাব লাগে, আনবোৰে নেপেলাব কিয়? জাতকৰ জন্ম সময় সম্পৰ্কে জ্যোতিষীসকলৰ মাজতে মতভেদ আছে৷ কিছুমানে কয়, সন্তান ভূমিষ্ঠ হোৱাৰ সময়তেই জন্ম সময়, আন কিছুমানৰ মতে নাড়ী ছেদন কৰাৰ সময়হে জন্ম সময়৷ কিন্তু প্ৰকৃততে শিশু ভ্ৰূণৰ জন্ম হয় ইয়াৰ ২৮০ দিন আগেয়ে, গৰ্ভধাৰণৰ সময়তে৷ প্ৰাচীন গ্ৰীচ আৰু বেবিলনত এইসময়কে জন্ম সময় বুলি ধৰি কোষ্ঠী ৰচনা কৰা হৈছিল৷ আনহাতে, ডাঙৰ চিকিৎসালয়বোৰত একে সময়তে ভালেসংখ্যক শিশুৰ জন্ম হয়, কিন্তু সকলােৰে ভাগ্য একে নহয়৷ প্ৰকৃততে ভাগ্য নিৰ্ধাৰিত হয় পৰিৱেশ, পাৰিবাৰিক অৱস্থা, শিক্ষা-দীক্ষা, অৰ্থ সামাজিক অৱস্থা, দৈহিক গঠন তথা স্বাস্থ্য, স্বভাৱ চৰিত্ৰ আদিৰ ওপৰত ভিত্তি কৰি৷ ৷ জন্মলগ্নৰ ভিত্তিত জ্যোতিষী সকলে কোষ্ঠীত আকাশৰ যি চিত্ৰ অংকন কৰে, সেয়াও সঠিক আৰু যথাৰ্থ নহয়৷ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে, সূৰ্য তথা অন্যান্য জ্যোতিষ্কসমূহৰ পৰা পােহৰ আহি পাওঁতে নিৰ্দিষ্ট সময়ৰ প্ৰয়ােজন হয়৷ পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১৮০০০০ মাইল৷ জ্যোতিষীসকলে ১২টা ৰাশি চক্ৰত অন্তৰ্ভুক্ত কৰা নক্ষত্ৰসমূহৰ কোনো এটা নক্ষত্ৰৰ পৰা পােহৰ আহি ৪.৫ বছৰৰ আগয়ে পৃথিৱী নেপায়হি৷ এই সত্য হয়ে জ্যোতিষীসকলে নেজানে৷ বহু আলােকবৰ্ষ দূৰত থকা কোনােবা এটা নক্ষত্ৰ যদি বিস্ফোৰিত হৈ ধ্বংসপ্ৰাপ্ত হয়, সেই কথা জানিবলৈ শত-সহস্ৰ বছৰ লাগিব পাৰে৷ জ্যোতিষীসকলে এই বিষয়ে খবৰ ৰাখেনে?
জ্যোতিষবিদ্যা বিজ্ঞান নহয়৷ জ্যোতিষ গণনা, ভাগ্য বিচাৰ আদি ভিত্তিহীন আৰু ভ্ৰান্ত৷ অতীতৰ অচল, অশুদ্ধ তথা অসাৰ তথাকথিত জ্ঞানৰাশিৰ আৱৰ্জনাকে ব্যৱহাৰ কৰি জ্যোতিষীসকলে ঠগবাজি কৰে, ব্যৱসায় কৰে৷ যােড়শ শতিকাৰ কোপাৰ্নিকাছৰ পিছত কোনো জ্যোতিৰ্বিজ্ঞানীয়ে জ্যোতিষ গণনা কৰা নাই৷ এই ব্যৱসায় কৰা হ’লে কেপলাৰ কপৰ্দকহীন হৈ মৃত্যুৰ মুখত পৰিব লগা নহ’লহেঁতেন৷ জ্যোতিষৰ ওপৰত বিশ্বাস দুৰ্বল মনৰ লক্ষণহে৷ বিজ্ঞান নোহোৱা সত্ত্বেও জ্যোতিষৰ কোষ্ঠী ৰচনা, ভাগ্য গণনা, তাবিজ, কবচ, গ্ৰহৰত্নধাৰণ আদি ব্যাপকভাৱে চলি আছে৷ ইয়াৰ কাৰণ হ’ল জীৱন সংগ্ৰামত জৰ্জড়িত, অথচ জীৱন পিয়াসী, যাৰ যুক্তি আৰু বুদ্ধিৰে বিচাৰ কৰাৰ ক্ষমতা সীমিত সেই সাধাৰণ মানুহৰ অধিকাংশই প্ৰচলিত সংস্কাৰ আৰু আৱেগৰ দ্বাৰা পৰিচালিত হয়৷ জ্যোতিষীসকলে মানুহৰ বুজ লৈ কথা ক’ব জানে৷ দুৰ্বল মনৰ মানুহে অনিশ্চিত আৰু মিছা হলে নিজৰ সম্পৰ্কে ভাল কথা, আশাৰ কথা শুনিবলৈ ইচ্ছা কৰে৷ সাধাৰণ মানুহক অতীতৰ ব্যৰ্থতাৰ পৰা মুক্তি দিবলৈ গ্ৰহ-নক্ষত্ৰ আদিৰ ধাৰণা জাপি দি বৰ্তমানৰ বাবে প্ৰশংসা আৰু ভৱিষ্যতৰ বাবে আশা দি জ্যোতিষীসকলে মুনাফা আদায় কৰে৷ সমাজত যিমানেই অৱক্ষয় বাঢ়ে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট বাঢ়ে, সিমানেই বিপন্ন মানুহে অৱলম্বন বিচাৰে৷ সেই বাবেই তেনে সময়ত ভক্তিৰস আৰু দৈৱবিশ্বাসৰ ওপৰত মানুহৰ আস্থা বাঢ়ে অৱলম্বনৰ আশাত৷ মন কৰিবলগীয়া, যদিওবা সাধাৰণতে মধ্যযুগৰ কথা কোৱা হয়, বিংশ শতাব্দীৰ মধ্যভাগত বিশেষকৈ দুই বিশ্বযুদ্ধৰ আগৰ আৰু পিচৰ কালছােৱাই হ’ল জ্যোতিষীসকলৰ বাবে স্বৰ্ণযুগ৷ সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা ঊনবিংশ শতাব্দীৰ প্ৰায় শেষ পৰ্যন্ত জ্যোতিষবিদ্যাৰ প্ৰসাৰ স্তিমিত হৈছিল৷ আধুনিক সমাজবিজ্ঞান, শিল্প আদি গঢ়ি তোলা ব্যস্ত ইউৰোপীয়সকলে জ্যোতিষবিদ্যা প্ৰায় পাহৰিয়েই গৈছিল৷ সংকটত পৰিলে, নৈৰাজ্যত ভুগিলে দৈৱ বা জ্যোতিষ্কৰ অনুগ্ৰহে মানুহক পৰিত্ৰাণ কৰিব নােৱাৰে৷ এই কথা উপলব্ধি কৰিব লাগিব, মানুহে নিজৰ ভাগ্য নিজেই গঢ়ে৷ এক শ্ৰেণী মানুহৰ বাবেই সাধাৰণভাৱে মানুহে দুঃখ আৰু দুৰ্ভাগ্যত ভুগিবলগীয়া হয়৷ যুক্তি, বুদ্ধি, বাস্তৱ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি পাৰস্পৰিক সহযােগিতা আৰু সমবেত প্ৰচেষ্টাৰেহে মানুহে সংকটৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ আত্মবিশ্বাস আৰু কৰ্মোদ্যমহে মূলমন্ত্ৰ হোৱা উচিত – জ্যোতিষ গণনা হয়৷