কাকো কথা দিব পৰা নাই (লুইত কিৰণ দাস)
যে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰ
এই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথত
পাহাৰৰ নামনিত সাজিব লাগে এখন উদ্যান
য’ত যৌনকৰ্মী আৰু ভিক্ষাৰীৰ মুকলি বিচৰণ
উপৰোক্ত প্ৰস্তাৱ আছিল এজাক ভোকাতুৰ শিশুৰ
প্ৰস্তাৱ আছিল কিছুমান বাওনা কবিতাৰ
জী থকা মানেই যে জী আছোঁ
ধাৰণাটোৰ মৃত্যু নোহোৱালৈকে মই কাকো কথা দিব পৰা নাই
কথা দিব পৰা নাই বোধহীন বন্ধুক
যে মৰি মৰিও মানুহ জী আছে
জী আছে নিষিদ্ধঘোষিত বহু কবিতা, বহু নাৰী
প্ৰস্তাৱকেইটা কাৰ্যকৰী হোৱালৈ আমি জী নাথাকিলোঁ
আমাক মাৰি পেলোৱা হ’ল
ড্ৰেইনেদি উটুৱাই দিয়া হ’ল সকলো আত্মীয়ৰ সত্বা
জৰাজীৰ্ণ ট্ৰাকখনে কঢ়িয়াই নিলে সকলোবোৰ মূৰ আৰু আঙুলি
(আজিৰ পৰা আমি কবিতা লিখিব নোৱাৰোঁ)
ৰঙা বেলিটোক লক্ষ্য কৰি আমি বাট বুলিছোঁ
ছন পৰা পথাৰখনত ৰৈ কিছুসময় জিৰাইছোঁ
ঠিক গল্পৰ দৰে পথাৰ ফাটি পানী ওলাইছে
আকাশৰ পৰা সৰিছে এজাক পৰুৱা আৰু এবস্তা গজাল
জ্বলি থকা শৱবোৰে জুই বতিয়াইছে
জুইৰ মাজত আৰম্ভ কৰিছে জুইৰ আখৰা
ঠিক সেই পৰতে গল্প এটাৰ আকস্মিক মৰণ
হে শান্ত মৃত্যু!
এই চহৰৰ পৰা বৃদ্ধ কবিক লৈ যোৱা আন এটা যুগলৈ
উৰুত তিনিটা তপত বুলেট
কাকো কথা দিব পৰা নাই
যাব পৰা নাই আগলৈ
….৷