নতুন পৃথিৱীৰ উদ্গাতা কাৰ্ল মাৰ্ক্স (নিৰংকুশ নাথ)
৫ মে’, ১৮১৮ চনত জাৰ্মানীৰ ট্ৰায়াৰ নগৰীত কাৰ্ল মাৰ্ক্সৰ জন্ম হয়। ২০১৮চনৰ ৫মে’তাৰিখে তেওঁৰ ২০০ বছৰ হ’ল। এই ২০০ বছৰীয়া বৃদ্ধজনক সোঁৱৰাৰ কিবা অৰ্থ আছে নে ? যোৱা বছৰৰ এই দিনটোত ইউৰোপিয়ান কমিছনৰ সভাপতি জ্যা ক্ল’ড জাংকাৰে জাৰ্মানীৰ ট্ৰায়াৰ নগৰত মাৰ্ক্সৰ এটি প্ৰতিমূৰ্তি উদ্বোধন কৰিলে। লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম য’ত মাৰ্ক্সে তেওঁৰ ঐতিহাসিক গ্ৰন্থ ‘পুঁজি’ৰ বাবে গৱেষণা কৰিছিল, তাত বিভিন্ন প্ৰদৰ্শনী আৰু আলোচনাৰ আয়োজন কৰা হৈছিল । ২০১৭ চনত মুক্তি পাইছে এখন চিনেমা– ‘দি য়াং কাৰ্ল মাৰ্ক্স’। পোপৰ অন্যতম উপদেষ্টা কাৰ্দিনেল ৰেইনহাৰ্ডে কৈছে- মাৰ্ক্সে কেথলিক তত্ত্বকো প্ৰভাৱিত কৰিছে। মাৰ্ক্স আছিল এক মধ্যবিত্তীয় স্বচ্ছল ইহুদি পৰিয়ালৰ তৃতীয় সন্তান। তেওঁৰ দেউতাক হেনৰিখ মাৰ্ক্স এজন সফল আইনী বিষয়া আছিল। ৰাইনলেণ্ড প্ৰদেশৰ অন্তৰ্গত ট্ৰায়াৰ অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে জাৰ্মানীৰ এখন অতি আগবঢ়া নগৰ আছিল। ফৰাচী বিপ্লৱে ইয়াক সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিল। মাৰ্ক্সৰ দেউতাকেও ৰুছ আৰু ভলটেয়াৰৰ তত্ত্ব হৃদয়ংগম কৰিছিল আৰু যুক্তিবাদী চিন্তাৰ প্ৰসাৰত বিশ্বাসী আছিল। তেওঁ বিয়া কৰাইছিল হলেণ্ডৰ এগৰাকী ধনী ইহুদি ছোৱালী হেনৰিয়েটা প্ৰেছবাৰ্গক, ইহুদি হিচাপে প্ৰশাসনিক দিশত নানা অসুবিধাত পৰাৰ বাবে পৰিয়ালটোৱে খৃষ্টধৰ্ম গ্ৰহণ কৰিছিল। মাৰ্ক্সে স্কুলীয়া শিক্ষা সেই নগৰৰেই এখন হাইস্কুলত গ্ৰহণ কৰিছিল। এই পৰিয়ালৰ ওচৰতেই বাস কৰিছিল এজন প্ৰুচীয়ান সামৰিক বিষয়া– বেৰন লাডৱিগ ভন ৱেষ্টফেলেন। মাৰ্ক্সৰ জীৱনত এইজন ব্যক্তিৰ প্ৰভাৱ আছিল সাংঘাতিক। তেৱেঁই মাৰ্ক্সক হোমাৰ আৰু ছেইক্সপিয়েৰৰ লগত পৰিচয় কৰাই দিছিল আৰু তেওঁৰ জীয়ৰী– জেনী ভন ৱেষ্টফেলেন, যাৰ সৌন্দৰ্য আৰু বৌদ্ধিক দীপ্তিয়ে সমগ্ৰ ট্ৰায়াৰবাসীক মোহিত কৰিছিল, কাৰ্ল মাৰ্ক্সৰ সংগ্ৰামী জীৱনৰ বিপ্লৱী সহকৰ্মী হৈছিল। চহৰৰ অন্যান্য সাধাৰণ ল’ৰাৰ দৰেই মাৰ্ক্স ডাঙৰ-দীঘল হৈছিল। স্কুলত পঢ়ি থাকোঁতেই মাৰ্ক্সে ‘এজন যুৱকে কেনেকৈ বৃত্তি নিৰ্বাচন কৰা উচিত’বুলি এখন ৰচনা লিখিছিল য’ত মাৰ্ক্সৰ কোনো এটা বিষয়ক এক সুকীয়া দৃষ্টিৰে লক্ষ্য কৰাৰ প্ৰতিভা প্ৰতিফলিত হৈছিল।
১৮৩৫ চনত হাইস্কুলত মাৰ্ক্সে শিক্ষা সামৰি বন বিশ্ববিদ্যালয়ত আইন বিভাগত নামভৰ্তি কৰে আৰু গভীৰভাৱে আইন অধ্যয়ন কৰিবলৈ ধৰে।এজন সাধাৰণ কলেজীয়া ছাত্ৰক স্পর্শ কৰাৰ দৰে যৌৱনে মাৰ্ক্সকো চুই যায়। মাৰ্ক্সে কবিতাৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰে আৰু জেনীৰ বাবে তিনিটা খণ্ডৰ প্ৰেমৰ কবিতা লিখে। ১৮৩৬ চনত তেওঁ বাৰ্লিন বিশ্ববিদ্যালয়লৈ যায়। মাৰ্ক্সে আইন আৰু দ্ৰুপদী সাহিত্য পঢ়ি শেষ কৰি পেলায়। তেওঁ অপৰাধ সম্বন্ধীয়, অসামৰিক আৰু অনুশাসনমূলক আইন পঢ়ি ৰোমান আইন জাৰ্মান ভাষালৈ অনুবাদ কৰে আৰু লগতে এক তিনিশ পৃষ্ঠাৰ আইনৰ দৰ্শন লিখি উলিয়ায়। গ্ৰীক ভাষাৰ এৰিষ্ট’টলৰ ‘ৰেটোৰিক’, লেটিন ভাষাৰ ‘জাৰ্মানিয়া’, ‘ট্ৰিছ’টা’আদি অনুবাদ কৰে আৰু ইংৰাজী তথা ইটালীয় ভাষা শিকি এখন ৰসাত্মক উপন্যাস আৰু নাটক লিখে। তথাপি তেওঁ সন্তুষ্ট হ’ব নোৱাৰিলে। লাহে লাহে কবিতা, সাহিত্য, আইনে আমুৱালে মাৰ্ক্সক। এই সময়তেই জ্ঞানৰ স্পৃহাত ব্যাকুল হৈ থকা মাৰ্ক্সে আৱিষ্কাৰ কৰিলে হেগেলক। দাৰ্শনিক হেগেলৰ চিন্তাত জাৰ্মান সমাজৰ দ্বন্দ্বসমূহ প্ৰতিফলিত হৈছিল। মাৰ্ক্সে জাৰ্মানীৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাত দেখা দিয়া সমস্যাসমূহ বাখ্যা কৰিব পৰা দৰ্শন হেগেলৰ চিন্তাত আৱিষ্কাৰ কৰিলে। তেওঁ যোগদান কৰিলে ‘ইয়াং হেগেলিয়ানছ’বুলি এটা গোটত। ১৮৪১ চনত মাৰ্ক্সে ডক্টৰেট ডিগ্ৰী লাভ কৰি ১৮৪২ চনৰ মে’মাহত কলোনত ‘ৰেইনিছ জেইটুং’নামৰ বাতৰি কাকতখনত যোগদান কৰে আৰু অক্টোবৰত তাৰ সম্পাদক হয়। এই সময়ছোৱা মাৰ্ক্সৰ জীৱনৰ এক টাৰ্নিং পইণ্ট আছিল। এই পত্ৰিকাখনত যোগদান কৰাৰ পিছত মাৰ্ক্সে কৃষকসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা অধ্যয়ন কৰিবলৈ ধৰে। তেওঁ লাহে লাহে অৰ্থনৈতিক প্ৰশ্নসমূহ বেছিকৈ অধ্যয়ন কৰিবলৈ লয়। মাৰ্ক্স দৰ্শনৰ পৰা অৰ্থনীতিলৈ গতি কৰিবলৈ আৰম্ভ কৰে। মাৰ্ক্সে হেগেলৰ দৰ্শনৰ দ্বন্দ্বতত্ত্বক গ্ৰহণ কৰে আৰু ‘ৰাষ্ট্ৰব্যৱস্থা শ্ৰেণীৰ ঊৰ্ধত’এই ধাৰণাক প্ৰত্যাখ্যান কৰে। তেওঁ ফয়েৰবাখৰ বস্তুবাদৰ প্ৰতি আকৃষ্ট হয়। অৱশ্যে তাৰ যান্ত্ৰিকতাক পৰিহাৰ কৰে। ‘ৰেইনিছ জেইটুং’কাকতখন গণতন্ত্ৰ আৰু বিপ্লৱী চিন্তা-চৰ্চাক সমৰ্থন দিয়াৰ বাবে বন্ধ হয়। মাৰ্ক্সে জেনীক বিয়া কৰাই ১৮৪৩ চনত পেৰিছলৈ গমন কৰে য’ত বন্ধু ৰগৰ সৈতে এখন নতুন বাতৰি কাকত ‘ডিউটচ ফ্ৰানজুচেক জাৰবুকাৰ’প্ৰকাশ কৰে। অৱশ্যে পেৰিছতো বাতৰি কাকতৰ ওপৰত জাৰ্মানীৰ দৰেই নিষেধাজ্ঞা চলি আছিল। কিন্তু ইয়াত থকাৰ সময়ছোৱাতেই মাৰ্ক্সে এডাম স্মিথ, ডেভিড ৰিকাৰ্ডো’আদি ৰাজনৈতিক অৰ্থনীতিবিদৰ লেখাসমূহৰ গভীৰ অধ্যয়ন আৰম্ভ কৰে আৰু লিখি উলিয়ায় ‘অৰ্থনৈতিক আৰু দাৰ্শনিক পাণ্ডুলিপি’, ১৮৪৪। এই যাত্ৰাতেই মাৰ্ক্সৰ ইতিহাসৰ বস্তুবাদী তত্ত্বৰ ভ্ৰূণ তৈয়াৰ হৈছিল আৰু উদ্ভাৱন কৰিছিল শ্ৰমিক শ্ৰেণীক। ঘোষণা কৰিছিল শ্ৰমিক শ্ৰেণী কেৱল এটা নিৰ্যাতিত শ্ৰেণীয়েই নহয়, বৰঞ্চ এটা বিপ্লৱী শ্ৰেণী। সেইসময়ৰ জাৰ্মান শ্ৰমিকসকলৰ আন্দোলন দেখি শ্ৰমিকসকল ভাবী জাৰ্মান বিপ্লৱৰ অটাইতকৈ গতিশীল উপাদান বুলি চিহ্নিত কৰিলে। এই আৱিষ্কাৰে মাৰ্ক্সক এজন মানৱতাবাদীৰ পৰা কমিউনিষ্টলৈ ৰূপান্তৰিত কৰিলে।
মাৰ্ক্সবাদ বুলিলে মাৰ্ক্সৰ লগত উচ্চাৰিত হোৱা আনজন ব্যক্তি ফ্ৰেডৰিখ এঙ্গেলছ।
১৮৪৪ চনত মাৰ্ক্সে তেওঁ জীৱনজোৰা বন্ধু ফ্ৰেডৰিখ এঙ্গেলছক পেৰিছত লগ পালে। মাৰ্ক্সতকৈ দুবছৰ সৰু এঙ্গেলছেও মাৰ্ক্সৰ দৰে শ্ৰমিক শ্ৰেণীৰ বৈপ্লৱিক শক্তিৰ ওপৰত বিশ্বাসী হ’বলৈ আৰম্ভ কৰিছিল। দুয়োৰে চিন্তাৰ সাদৃশ্যই বন্ধুত্ব গঢ়ি তুলিলে। দুয়োজনে একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু প্ৰথমেই লিখিলে ‘পবিত্ৰ পৰিয়াল’ (The Holy Family)। পেৰিছতো চৰকাৰৰ চকুত পৰাত তেওঁ ব্ৰুছেলছ পালেগৈ। ১৮৪৫ চনত মাৰ্ক্স আৰু এঙ্গেলছ দুয়ো ইংলেণ্ডলৈ গ’ল আৰু নিজ নিজ ধাৰণাবোৰ স্পষ্ট কৰিবলৈ লিখিলে ‘জাৰ্মান মতাদৰ্শ’ (The German Ideology)। বিপ্লৱ সম্পৰ্কীয় ধাৰণাসমূহ পৰিষ্কাৰ কৰি ইউৰোপৰ চুকে-কোণে বিয়পি পৰা ‘লীগ অব জাষ্ট’নামৰ সংগঠনটোৰ লগত যুক্ত হয়। ১৮৪৭ চনত এই সংগঠনটোক ‘কমিউনিষ্ট লীগ’নামকৰণ কৰা হয় তথা এই সংগঠনৰ কৰ্মসূচী হিচাপে ১৮৪৮ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা হয় মাৰ্ক্স আৰু এঙ্গেলছৰ কিংবদন্তি গ্ৰন্থ ‘কমিউনিষ্ট ইস্তাহাৰ’ (The Communist Manifesto)। ঘোষণা কৰা হয়– ‘এটা ভূতে ইউৰোপক খেদি ফুৰিছে, সাম্যবাদৰ ভূত’। জনগণৰ সন্মুখত সাম্যবাদৰ ৰূপৰেখা দাঙি ধৰা হয়। তেতিয়া মাৰ্ক্সৰ বয়স আছিল মাত্ৰ ৩০ বছৰ।
১৮৪৮ চনত সমগ্ৰ ইউৰোপত বিপ্লৱৰ ঢৌ আৰম্ভ হয়। তেওঁ ইউৰোপৰ বিভিন্ন দেশৰ পৰা খেদা খায়। পেৰিছ, জাৰ্মানী বিভিন্ন ঠাইত নিৰ্বাসিত হৈ শেষত লণ্ডনলৈ নিৰ্বাসিত হয়। ১৮৫১ চনৰ পৰা মাৰ্ক্সে লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম লাইেব্ৰৰীত অধিকাংশ সময় কটোৱা হ’ল। তেওঁ অৰ্থনীতিৰ অধ্যয়নত নিজকে বুৰাই ৰাখিলে। এই অধ্যয়নেই তেওঁৰ ঐতিহাসিক গ্ৰন্থ ‘পুঁজি’ৰ জন্ম দিলেগৈ। ‘দৰ্শনৰ দৰিদ্ৰতা’ (The poverty of philosophy) আৰু ‘মজুৰী, শ্ৰম আৰু পুঁজি'(Wage,labour and Capital)ত ইয়াৰ সাৰাংশ প্ৰতিফলিত হৈছিল, কিন্তু বিশদভাৱে বৰ্ণনা কৰা হোৱা নাছিল। ‘কমিউনিষ্ট ইস্তাহাৰ’তপুঁজিবাদী ব্যৱস্থাৰ দোষ-ত্ৰুটিবোৰ চিহ্নিত কৰাহে হৈছিল। তাৰ মাজতেই সমসাময়িক ঘটনা সম্পৰ্কেও মাৰ্ক্সে লিখিছিল। সেই সময়তেই মাৰ্ক্সৰ এখন বিখ্যাত গ্ৰন্থ– ‘The Eighteenth Brumaire of Louis Bonaparte’প্ৰকাশ পাইছিল। তাতেই তেওঁ লিখিছে যে ইতিহাসৰ পুনৰাবৃত্তি দুবাৰ হয়, প্ৰথমে ট্রেজেডি হিচাপে, দ্বিতীয়তে প্ৰহসন হিচাপে।
লণ্ডনত থকা এই সময়ছোৱাত দৰিদ্ৰতাই মাৰ্ক্সৰ পৰিয়ালক কোঙা কৰি পেলালে। চেলচাৰ পৰা চহোৰ, এটা বস্তিৰ পৰা আন এটালৈ ঢপলিয়াই ফুৰিব লগা হ’ল। পইচাৰ অভাৱত বহু নিশা খালী পেটে কটাব লগাত পৰিল। একেৰাহে ৮-১০ দিন কেৱল আলু খাই কটাব লগাত পৰিছিল। ঔষধৰ অভাৱত এবছৰীয়া সন্তান ফ্ৰাঞ্জীছকা আৰু পৰৱৰ্তী সময়ত গুইভো আৰু ১৮৫৫ চনত এডগাৰে মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য হৈছিল। আনকি ১৮৫০-৫১ চনত কমিউনিষ্ট লীগো বন্ধ কৰা হ’ল। এনে এক সময়ত আহিল যেতিয়া ধনৰ অভাৱত ব্ৰিটিছ মিউজিয়ামৰ পুথিভঁৰালৰ কাৰ্ডখনেই নৱীকৰণ কৰিব পৰা নাছিল। তথাপি মাৰ্ক্সে ‘পুঁজি’লিখি গ’ল। বন্ধু এঙ্গেলছ আৰু বহুজনে সময়ে সময়ে সহায় আগবঢ়ালে। ইয়াৰ কামত নিজকে অৰ্পণ কৰি মাৰ্ক্স নিজেও বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিলে। অশেষ কষ্টৰ মাজত ১৮৬৭-ৰ এপ্ৰিলত ‘পুঁজি’ গ্ৰন্থ লিখি উলিয়ালে৷ ১৮৭২ চনত প্ৰথমে ৰুছ আৰু তাৰ পিছত ফৰাচী ভাষাত আৰু মাৰ্ক্সৰ মৃত্যুৰ পিছত ১৮৮৭ চনত প্ৰথম ইংৰাজী ভাষাত প্ৰকাশ পায়। এইসকলোবোৰৰ মাজতো মাৰ্ক্সে শ্ৰমিকসকলক সংগঠিত কৰিবলৈ এৰা নাছিল। ১৮৬৪-ত ‘আন্তৰ্জাতিক শ্ৰমজীৱী মানুহৰ সংস্থা’আৰু প্ৰথম কমিউনিষ্ট আন্তৰ্জাতিক গঠন কৰিছিল। ১৮৭৬ চনত এই আন্তৰ্জাতিক ভংগ কৰি দিয়া হৈছিল। মাৰ্ক্সে ইয়াৰ পিছত ৰাজনৈতিক কৰ্মকাণ্ডৰ পৰা বিৰত আছিল। অৱশ্যে ‘পুঁজি’ৰ দ্বিতীয় আৰু তৃতীয় অধ্যায় লিখাতো মনোনিৱেশ কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ ভাঙিযোৱা দেহাৰ বাবে এই কাম সম্পূৰ্ণ নহ’ল। এঙ্গেলছে মাৰ্ক্সৰ মৃত্যুৰ পিছত এই অসম্পূৰ্ণ কাম আগুৱাই নিবলৈ ধৰে। এঙ্গেলছৰ সহায়ত বিত্তীয় অৱস্থাও স্বচ্ছল হয় আৰু মাৰ্ক্সৰ পৰিয়ালক ভালদৰে সাহায্য আগবঢ়াবলৈ সক্ষম হয়। ১৮৮৩ চনৰ ১৪ মাৰ্চত মাৰ্ক্সৰ মৃত্যু হয়। এঙ্গেলছে মাৰ্ক্সৰ সমাধি ক্ষেত্ৰত থিয় দি ক’লে– ‘‘The greatest thinker ceased to think”.
২০০৩ চনত বিখ্যাত ইতিহাসবিদ এৰিক হবছবমে লিখিছে যে ইংলেণ্ডৰ হাইগেট সমাধি ক্ষেত্ৰলৈ গ’লে ঊনবিংশ শতাব্দীৰ দুজন দাৰ্শনিকৰ সমাধি একেলগে দেখিবলৈ পোৱা যায়। এজন আছিল সেই সময়ৰ ‘এৰিষ্ট’টল’বুলি বিখ্যাত আৰু এজন সেই সময়ৰ তেনেই এজন সাধাৰণ ব্যক্তি যিয়ে নিজৰ বন্ধুৰ টকাৰে হেম্পষ্টিডৰ কাষৰীয়া অঞ্চলত বাস কৰিছিল। প্ৰথমজনক আজি কোনেও বিচাৰি নাযায়। তেওঁৰ সমাধি হাইগেট কবৰখানাত আছে বুলি কোনেও নাজানে– তেওঁ হাৰ্বাৰ্ট স্পেঞ্চাৰ। আনজনৰ সমাধি চাবলৈ, ফুলৰ থোপা যাচিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহ সমাগত হয়– তেওঁ কাৰ্ল মাৰ্ক্স। ১৯৯৯ চনত বিবিচি-ৰ সমীক্ষণত সহস্ৰাব্দৰ মহত্তম চিন্তাবিদ হিচাপে পৰিগণিত হয়।
আকৌ কি যে পৰিহাস!! সংকটৰ বেলিকা মাৰ্ক্সলৈ ঘূৰি চায় খোদ পুঁজিপতিসকলেই । ২০০৮ চনত সমগ্ৰ পৃথিৱীত পুনৰ মন্দাৱস্থা আৰম্ভ হ’ল। খহি পৰিল বিভিন্ন দেশৰ অৰ্থনীতি। এই মন্দাৱস্থা এনে গভীৰ যে তাৰ পৰা এতিয়াও পৰিত্ৰাণ পোৱা নাই। মন্দাৱস্থাই সৃষ্টি কৰা সংকটৰ বাবে বিভিন্ন উদাৰবাদী চৰকাৰক দায়ী কৰি সোঁপন্থী বা অতি-সোঁপন্থীসকলে ক্ষমতা দখল কৰিও সংকট মোচনৰ উপায় বিচাৰি হাবাথুৰি খাইছে। ঘোষণা হৈছে এই সংকট পুঁজিবাদী নীতিৰ ভ্ৰান্ত প্ৰয়োগৰ বাবে নহয়, বৰঞ্চ এই পুঁজিবাদী ব্যৱস্থাৰেই সংকট- এটা systemic crisis। মুখৰিত হৈছে চৌদিশ– বেক টু মাৰ্ক্স। মাৰ্ক্সলৈ আকৌ উভতি চোৱাৰ সময় আহি পৰিছে। শাসকীয় দলৰ মুৰব্বীয়েই হওক বা বৃহৎ পুঁজিপতিয়েই হওক, বাধ্য হৈছে ‘ডাছ কেপিটেল’ৰ পৃষ্ঠাত চকুফুৰাবলৈ। উল্লেখযোগ্য যে ‘ডাছ কেপিটেল’বা ‘পুঁজি’ৰ২০১৮ চনত প্ৰকাশ পোৱাৰ ১৫০ বছৰ হৈছে।
কোনোবাই মাৰ্ক্সক পূজা কৰক বা ঘৃণা কৰক এটা কথা স্বীকাৰ কৰিবই লাগিব যে তেওঁ অপৰিহাৰ্য। কিন্তু কিয়?
মাৰ্ক্সে পৃথিৱীখন পৰীক্ষা কৰাৰ ক্ষেত্ৰত এক মৌলিক অৱদান আগবঢ়াইছিল। একেবাৰে এটা সাধাৰণ ধাৰণা যে– ‘মানুহে ৰাজনীতি, বিজ্ঞান, কলা, ধৰ্ম ইত্যাদি সম্পৰ্কে আলোচনা কৰাৰ আগতে অন্ন, বস্ত্ৰ, বাসস্থান প্ৰথমে যোগাৰ কৰিব লাগিব।’ইতিহাসৰ বস্তুবাদী ধাৰণা। যেনেকৈ ডাৰউইনে প্ৰাকৃতিক বিকাশৰ নিয়মসমূহ আৱিষ্কাৰ কৰিছিল, মাৰ্ক্সে আৱিষ্কাৰ কৰিছিল মানৱ ইতিহাসৰ বিকাশৰ নিয়মসমূহ। এই ধাৰণাৰ ভিত্তিতেই সেই সময়ৰ সমাজখন বিশ্লেষণ কৰিছিল। ‘আধুনিক সমাজ (অৰ্থাৎ পুঁজিবাদী সমাজৰ) অৰ্থনৈতিক ক্ৰিয়া পদ্ধতি আৱিষ্কাৰ কৰিছিল, আবিষ্কাৰ কৰিছিল উদ্বৃত্ত মূল্যৰ তত্ত্ব (Theory of Surplus value)। সেয়েহে বৰ্তমানৰ সমস্যাসমূহ দূৰ কৰি সমাজ পৰিৱৰ্তন আৰু এক উন্নত ব্যৱস্থালৈ গতি কৰিবলৈ হ’লে মাৰ্ক্স অপৰিহাৰ্য। কেৱল সেয়াই নহয়, মাৰ্ক্সে চুই নোযোৱা বিষয় নাছিল বুলিয়েই ক’ব পাৰি– আনকি গণিতৰ ক্ষেত্ৰখনতো স্বতন্ত্ৰ আৱিষ্কাৰ কৰিছিল।
১৯১৪ চনত প্ৰকাশিত মাৰ্ক্সৰ জীৱনী এখনিত লেনিনে লিখিছে– ‘মাৰ্ক্স এজন প্ৰখৰ প্ৰতিভাশালী ব্যক্তি আছিল। ঊনবিংশ শতিকাৰ আটাইতকৈ বিকশিত তিনিওখন দেশ– জাৰ্মানী, ইংলেণ্ড আৰু ফ্ৰাঞ্চে প্ৰতিনিধিত্ব কৰা মতাদৰ্শৰ তিনিওটা মূল ধাৰা– ধ্ৰুপদী জাৰ্মান দৰ্শন, ইংৰাজী ৰাজনৈতিক অৰ্থনীতি আৰু ফৰাচী সমাজবাদৰ বিকাশ অব্যাহত ৰাখি তেওঁ সিবিলাকৰ এক সফল সমন্বয় গঢ়ি তুলিছিল।’জাৰ্মান দৰ্শন, ইংলেণ্ডৰ ৰাজনৈতিক অৰ্থনীতি আৰু ফ্ৰান্সৰ সমাজতান্ত্ৰিক চিন্তাধাৰাক মাৰ্ক্সবাদৰ তিনিটা উৎস বুলি কোৱা হয় আৰু সেইসমূহক ভিত্তি কৰি মাৰ্ক্সে আৱিষ্কাৰ কৰিলে মাৰ্ক্সবাদী দৰ্শন, ৰাজনৈতিক অৰ্থনীতি আৰু বৈজ্ঞানিক সমাজতন্ত্ৰ।
মাৰ্ক্সক বহু সময়ত এজন তাত্ত্বিক বুলি ধাৰণা কৰা হয়। তেওঁ এজন অসামান্য চিন্তাবিদ আছিলেই, কিন্তু সকলো কথাৰে ঊৰ্ধত তেওঁ আছিল এজন বিপ্লৱী। তত্ত্ব তেওঁৰ বাবে পৃথিৱীখন পৰিৱৰ্তন কৰাৰ আহিলাহে। তেওঁৰ সমস্ত তত্ত্ব ইতিহাসৰ বস্তুবাদী ধাৰণা বা ‘পুঁজি’গ্ৰন্থৰ অৰ্থনৈতিক বাখ্যা আছিল মূলতঃ শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ লক্ষ্যৰেই। তেওঁৰ এজন সমসাময়িক ব্যক্তিয়ে মাৰ্ক্সৰ বৰ্ণনা এই বুলি আগবঢ়াইছে– ‘ৰুছ’, ভলটেয়াৰ, হলবাখ, লেছিং, হায়নে আৰু হেগেলক মিশ্ৰণ কৰি এজন ব্যক্তি তৈয়াৰ কৰা আৰু তেৱেঁই ড০ মাৰ্ক্স। তেওঁ বিপ্লৱত অংশগ্ৰহণ নকৰি কেৱল বৌদ্ধিক দিশত মনোনিৱেশ কৰা হ’লে এজন ধনী, বিখ্যাত বুদ্ধিজীৱী হিচাপে মৃত্যুবৰণ কৰিলে হয়। কিন্তু এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁ চৰম দৰিদ্ৰতাকো আঁকোৱালি লৈছিল।
বৰ্তমান সময়ত যেতিয়া বিশ্বৰ এক শতাংশ মানুহৰ হাতত পঞ্চাশ শতাংশ সম্পদ গোট খাইছে, যেতিয়া পুঁজি কেন্দ্ৰীভূত হৈ ‘এক বিশ্ব’ব্যৱস্থা প্ৰতিষ্ঠা হৈছে– মাৰ্ক্সৰ বাখ্যাসমূহৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। বৰ্তমানৰ নব্য-উদাৰবাদী বিশ্বত অধিক মুনাফা অৰ্জনেই কেন্দ্ৰীভূত হোৱা পুঁজিৰ লক্ষ্য। এই কাম সুচাৰুৰূপে পৰিচালনা কৰি এক শতাংশ ধনী মানুহৰ স্বাৰ্থপূৰণ কৰিবলৈ সৃষ্ট আন্তৰ্জাতিক মুদ্ৰা ভাণ্ডাৰ, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপ আমি লক্ষ্য কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ কেনেকৈ ধনিক শ্ৰেণীৰ বাবে বিশ্বজুৰি এক বজাৰ সৃষ্টি হৈছে। আনকি আমাৰ জকাই চুকতো স্কুল বা হস্পিতাল নেথাকিলেও ভ’ডাফোন বা জিঅ’ৰ ৰিচাৰ্জ পোৱা যায়। ঔষধ নেথাকিলেও পোৱা যায় পেপছি-কোকোকোলা। দেখা গৈছে, পুঁজিয়ে কেনেকৈ দেশসমূহৰ চৰকাৰ নিয়ন্ত্ৰিত কৰিছে। ‘আধুনিক ৰাষ্ট্ৰৰ কাৰ্যপালিকা হ’ল আচলতে গোটেই বুৰ্জোৱা শ্ৰেণীৰে উমৈহতীয়া কাম-কাজ পৰিচালনাৰ বাবে গঠিত এখন কমিটী মাত্ৰ।’আমাৰ দেশতো সেয়া স্পষ্ট ৰূপত প্ৰকাশ পাইছে। বৃহৎ পুঁজিপতিসকলক সকলো ৰাজহুৱা আৰু প্ৰাকৃতিক সম্পদ গোটাই দিয়া হৈছে। আমি দেখা পাইছোঁ কিদৰে আদানী আৰু আম্বানীৰ সম্পদৰ পৰিমাণ সূচক হাৰত বৃদ্ধি পাইছে। বজাৰেই নহয়, পুঁজিবাদী বিশ্বায়নে দেশীয় ভাষা-সংস্কৃতিকো গ্ৰাস কৰিছে আৰু সকলো বস্তুৱেই পণ্যলৈ ৰূপান্তৰিত হৈছে। বিখ্যাত গ্ৰন্থ কমিউনিষ্ট ইস্তাহাৰত মাৰ্ক্সে লিখিছিল– ‘জাতি বিশেষৰ বৌদ্ধিক সৃষ্টিসমূহো সাধাৰণ সম্পত্তিত পৰিণত কৰিছে।…যিবিলাক ব্যৱসায় বৃত্তিক মানুহে ইমানদিনে শ্ৰদ্ধা আৰু সন্মানৰ চকুৰে চাইছিল, এই বুৰ্জোৱা শ্ৰেণীয়ে সেই বৃত্তিবিলাকৰ সকলো মহিমা বিনষ্ট কৰি দিছে। ডাক্তৰ, উকীল, ধৰ্মজাজক, কবি, বিজ্ঞানী সকলোকে ই নিজৰ দৰমহা খোৱা মজুৰি শ্ৰমিকলৈ ৰূপান্তৰিত কৰিছে।’শিক্ষা, স্বাস্থ্য সেৱা বৰ্তমান এক পণ্যলৈ ৰূপান্তৰিত হৈছে। আনকি ‘‘পৰিয়ালৰ সম্পৰ্কক টকা-কড়িৰ সম্পৰ্কত পৰিণত কৰিছে।”দেখা গৈছে পুঁজিবাদী ব্যৱস্থাৰ কৰ্মসংস্থাপনহীনতা চিৰ লগৰী। মুনাফা লাভৰ আকাংক্ষাই শ্ৰমিক চাটাই তথা শ্ৰমিকৰ দৰমহা কৰ্তনৰ পথ ল’বলৈ বাধ্য কৰায়। চৌদিশে সৃষ্টি হয় ‘শ্ৰমিকৰ ৰিজাৰ্ভ বাহিনী’আৰু সৃষ্টি হয় আন্দোলনৰো সংকট জৰ্জৰিত পুঁজিবাদী ব্যৱস্থাৰ বিৰুদ্ধে। আমাৰ দৈনন্দিনৰ আন্দোলনেই হওক বা ‘অকিউপাই ৱাল ষ্ট্ৰীট’বা ‘ব্ৰেক্সিট’সকলোতেই পুঁজিবাদী ব্যৱস্থাৰ সংকটসমূহ স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
আজি ছোভিয়েট ৰাছিয়া নাই। বিংশ শতাব্দীৰ পূব ইউৰোপৰ দেশসমূহতো নাই কমিউনিষ্ট পাৰ্টিৰ শাসন। বৌদ্ধিক মহলতো চীন দেশৰ সমাজতন্ত্ৰ সম্পৰ্কত বিভিন্ন মত। তথাপি মাৰ্ক্সৰ গুৰুত্ব কোনো কাৰণতে কমা নাই। প্ৰতিদিনে সমগ্ৰ বিশ্বত প্ৰকাশ পাইছে মাৰ্ক্স আৰু মাৰ্ক্সবাদ সম্পৰ্কে নতুন নতুন গ্ৰন্থ। সেয়েহে আমাৰ মুলুকতো মাৰ্ক্স কোন, তেওঁৰ মতবাদত কি আছিল, সেই সম্পৰ্কে বৌদ্ধিক, বিদায়তনিক অথবা পুঁজিবাদী সমাজৰ সংশোধনৰ বাবে হ’লেও আমি মাৰ্ক্সলৈ এবাৰ উভতি চোৱাৰ প্ৰয়োজন আছে। সমাজ ৰূপান্তৰৰ ডিট’নেটৰ খেপিয়াই ফুৰাসকলৰ বাবে ই অধিক প্ৰয়োজনীয় । কাৰণ বিখ্যাত অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে কোৱাৰ দৰে –
“আমি এটা ঐতিহাসিক সন্ধিক্ষণত উপনীত হৈছো। কম সময়ৰ বাবে সোঁপন্থীসকলে জনসাধাৰণক মিছা অথবা বিভাজনবাদী কৰ্মসূচীৰ ভিত্তিত সমৱেত কৰিবলৈ সক্ষম হ’লেও সাম্প্ৰতিক কৰ্মসংস্থানহীনতা আৰু শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা উলিয়াই নিবলৈ তেওঁলোক মূলগতভাৱেই অক্ষম।
ইতিহাসত এনেকুৱা কিছুমান সময় আছে যেতিয়া প্ৰচলিত সমাজ ব্যৱস্থাটো সুস্থিৰ আৰু দীৰ্ঘস্থায়ী যেন লাগে। কিন্তু যেতিয়াই ব্যৱস্থাটো পূৰ্বৰ দৰে চলিব নোৱৰা হৈ পৰে তেতিয়া এই সকলোবোৰ দ্ৰুততাৰে সলনি হয় আৰু নতুন সময় সমুপস্থিত হয়। কেৱল ভাৰততেই নহয়, সমগ্ৰ পৃথিৱীতে পুঁজিবাদ তেনেকুৱা এটা সময়ত উপনীত হৈছে। সোঁপন্থীসকলে ইফালে-সিফালে যিমানেই সফল নহওক কিয়, এই মৌলিক সত্যটো ই সলনি কৰিব নোৱাৰে।” আহক, আজিৰ এই সময়ত স্থবিৰ নহৈ গতিশীল হৈ আগবাঢ়োঁ, কমৰেড কাৰ্ল মাৰ্ক্সৰ সৈতে ।
উপকৃত হলো