অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

ফিডেল কেষ্ট্ৰ’: বিশ্বজনতাৰ সংগ্ৰামী প্ৰেৰণা (সৌৰভ শইকীয়া)

মহান বিপ্লৱী ফিডেল : সাহস আৰু বুদ্ধিমত্তাৰ সমাহাৰ

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বিশ্ব ৰাজনীতিত উত্থান ঘটা আটাইতকৈ জনপ্ৰিয় বিপ্লৱী নেতাজন নিঃসন্দেহে ফিডেল কেষ্ট্ৰ’। দেশীয় শোষকক পৰাস্ত কৰি সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে বলিষ্ঠ প্ৰতিৰোধ গঢ়ি তুলিবলৈ  সক্ষম হোৱা ফিডেল কেষ্ট্ৰ’ই কিওবাৰ দৰে ক্ষুদ্ৰ দেশ এখনক শোষণমুক্ত গণতান্ত্ৰিক দেশত পৰিণত কৰে। মহান মানৱীয় অৱদানৰ বাবে ফিডেল চিৰদিনলৈ শোষিত বিশ্বজনতাৰ সংগ্ৰামী প্ৰেৰণা হৈ ৰ’ব। বিশ্ববন্দিত কবি পাবলো নেৰুদাই ফিডেলৰ প্ৰতি কবিতাত লিখিছে এইদৰে- “ফিডেল, ফিডেল তোমাৰ কথা আৰু কামৰ বন্দনাত সুদূৰ মাতৃভূমিৰ পৰা আনিছোঁএপিয়লা মদিৰা…….”

আদি কাল:

এঞ্জেল’কেষ্ট্ৰ’ৱাই অগ্ৰীগজ আৰু লীনা ৰুজ গঞ্জেলেজৰ তৃতীয় সন্তান ফিডেল কেষ্ট্ৰ’ৰ জন্ম হয় ১৯২৬ চনৰ ১৩ আগষ্ট তাৰিখে কিওবাৰ  বাইৰানত।  স্পেইনৰ পৰা পলায়ন কৰি কিওবাৰ বাইৰানত প্ৰতিষ্ঠিত কুঁহিয়াৰ খেতিয়ক হিচাবে এঞ্জেল’কেষ্ট্ৰ’ৱে জীৱননিৰ্বাহ কৰিছিল। ৬ বছৰ বয়সত  শিশু কেষ্ট্ৰ’ৰ শিক্ষাকাল আৰম্ভ হয়। ছাত্ৰ হিচাপে তেওঁ মধ্যমীয়া আছিল যদিও খেলা-ধুলাত (বিশেষকৈ বেছবলত) দেখুওৱা পাৰদৰ্শিতাৰ বাবে ছাত্ৰসমাজত জনপ্ৰিয় আছিল। ১৯৪৫ চনত কেষ্ট্ৰ’ৱে হাভানা বিশ্ববিদ্যালয়ৰ আইন বিভাগত যোগদান কৰে। কম দিনৰ ভিতৰতে তেওঁ কিওবান জাতীয়তাবাদ, সাম্ৰাজ্যবাদ-বিৰোধ, সমাজবাদ ইত্যাদি ৰাজনৈতিক ধাৰণাৰ লগত পৰিচিত হয়। সেই সময়তে কেষ্ট্ৰ’ৱে কেৰিবিয়ানত সংযুক্ত যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰা  আৰু পুৱেৰ্ত’ৰিক’ৰ স্বাধীনতা সমৰ্থন কৰা বিশ্ববিদ্যালয় সমিতিত যোগদান কৰে। কেষ্ট্ৰ’ৱে দুৰ্নীতি, হিংসা আৰু অন্যায়ৰ বিৰুদ্ধে মুক্তভাৱে বক্তৃতা দিবলৈ আৰম্ভ কৰে আৰু বাতৰিকাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাবলৈ ধৰে।

ৰাজনৈতিক জীৱন:

১৯৪৭ চনত ফিডেল কেষ্ট্ৰ’ৱে এডৱাৰ্ডো চিবাছৰ সংস্কাৰধৰ্মী Party of the Cuban Peopleত যোগদান কৰে আৰু জনপ্ৰিয় যুৱনেতাত পৰিণত হয়। নিৰ্বাচনত চিবাছ শোচনীয়ভাৱে পৰাজিত হয় যদিও কেষ্ট্ৰ’ৱে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখে। বিশ্ববিদ্যালয়ত থকা অৱস্থাত কেষ্ট্ৰ’ৱে বিশ্ববিদ্যালয় এৰিবলৈ আৰু লগতে মৃত্যু ভাবুকিও পায়। পিছে বিশ্ববিদ্যালয় এৰাৰ সলনি তেওঁ পিষ্টলসহ সজ্জিত এক বাহিনীৰ লগত ঘূৰা-পকা কৰিবলৈ ধৰে। সেই সময়ছোৱাতে ফুলগে্ঞ্চিঅ’বাতিস্তাৰ নেতৃত্বত কিওবাত সামৰিক অভ্যুত্থান ঘটে। বাতিস্তাই ৰাষ্ট্ৰক্ষমতা হস্তগত কৰি একনায়কত্ববাদী শাসন আৰম্ভ কৰিছিল। এইবাৰ কেষ্ট্ৰ’ৱে একনায়কত্ববাদী শাসনৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰে । ১৯৫৩ চনত তেওঁ এক গুপ্ত বাহিনী সজ্জিত কৰি মানকাডা মিলিটাৰী বেৰেকত  আক্ৰমণ হানে। কিন্তু এই আক্ৰমণ ব্যৰ্থ হোৱাত ফিডেলবাহিনী কৰাবন্দী হ’ব লগা হয়। অভিযুক্ত ফিডেলে নিজে নিজৰ হৈ আইনী মোকৰ্দমা যুঁজে আৰু বিখ্যাত “হিষ্ট্ৰী উইল এবজলভ মি” শীৰ্ষক বক্তৃতা প্ৰদান কৰে।  বিচাৰত কেষ্ট্ৰ’ৱে  ১৫ বছৰৰ জেইলৰ শাস্তি পায়। জেইলত থকা অৱস্থাত  গভীৰভাৱে দৰ্শন, ইতিহাস, সাহিত্য ইত্যাদি অধ্যয়ন কৰি তেওঁ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে আৰু নিজৰ দুৰ্নীতিবিৰোধী নীতিক সামাজিক ন্যায়ৰ নীতিলৈ ৰূপান্তৰ কৰে।

কিউবা বিপ্লৱ:

১৫ বছৰীয়া জেইল শাস্তি সত্ত্বেও ব্যাপক গণ বিক্ষোভৰ হেঁচাত পৰি কিছুদিন পিছতে বাতিস্তা চৰকাৰে ফিডেল আৰু ভাতৃ ৰাউলসহ আন সকলো ৰাজনৈতিক কৰাবন্দীক মুকলি কৰি দিয়ে। জেইলৰ পৰা মুক্তি পাই ফিডেলৰ বিপ্লৱীসত্তা কমক ছাৰি দুগুণ বৃদ্ধিহে হ’ল। তেওঁ অতি শীঘ্ৰে মেক্সিকোলৈ গমন কৰে আৰু তাত এক গেৰিলাবাহিনী সংগঠিত কৰে যাৰ উদ্দেশ্য আছিল কিওবাৰ স্বেচ্ছাচাৰী চৰকাৰক ক্ষমতাচ্যুত কৰা। তাতেই তেওঁৰ ঐতিহাসিক মিলন ঘটে ছে গুৱেভাৰাৰ লগত। ছেয়ে সেইসময়ত মেক্সিকোত ভ্রমণকাৰী হিচাবে চিকিৎসা সেৱা আগবঢ়াই আছিল। তেওঁলোকে ৮২ জন গেৰিলা যোদ্ধাক সংগঠিত কৰি গেৰিলা কলা-কৌশলৰ প্ৰশিক্ষণ দিয়ে। ১৯৫৬ চনৰ ২৫ নৱেম্বৰ তাৰিখে সেনাদলটোৱে গ্ৰেনমা নামে এখন নাৱত উঠি ২ ডিচেম্বৰ তাৰিখে কিওবাৰ পূব উপকূলত অৱতৰণ কৰে আৰু বিপ্লৱ ঘোষণা কৰে। পিছে অতি কম সময়ৰ ভিতৰতে গেৰিলা বাহিনীটো কিউবান আৰ্মিৰ হাতত ধৰাশায়ী হয়। ফিডেল,  আৰু ফিডেলৰ ভাতৃ ৰাউলসহ মাত্ৰ কেইজনমান জীৱিত সেনাই পলায়ন কৰি পাহাৰৰ বুকুত আত্মগোপন কৰে। ২ দিন পিছত ছে গুৱেভাৰা, জুৱান অলমেইডা, ৰামিৰ’ভালদেছ প্ৰমুখ্যে কেইবাজনো দক্ষ ব্যক্তি তেওঁলোকৰ লগত আহি চামিল হয়। তাৰ পৰা  তেওঁলোকে গোপনে কাম-কাজ চলাই জনতাৰ ব্যাপক সমৰ্থন আদায় কৰিবলৈ সক্ষম হয়। এইদৰে নতুন উদ্যমেৰে বিপ্লৱত জঁপিয়াই পৰি অৱশেষত ১৯৫৯ চনত বাতিস্তা চৰকাৰক ধৰাসায়ী কৰিবলৈ সক্ষম হয়। বাতিস্তাই কিওবাৰ পৰা পলায়ন কৰে আৰু বিপ্লৱীসকলে ৰাষ্ট্ৰ ক্ষমতা দখল কৰে।  ১৯৫৯ চনৰ ৮ জানুৱাৰীত ফিডেলে হাভানাত প্ৰৱেশ কৰি বিপ্লৱী চৰকাৰ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে। ফিডেল কিওবাৰ প্ৰধানমন্ত্ৰী হয় আৰু  দুৰ্নীতিমুক্ত জনতাহিতৈষী শাসনৰ প্ৰতিশ্ৰুতি দিয়ে।

কিওবালৈ কেষ্ট্ৰ’ চৰকাৰৰ অৱদান:

কেষ্ট্ৰ’আছিল এগৰাকী মহান মানৱতাবাদী যিয়ে বিংশ শতিকাৰ কঠোৰ পুঁজিবাদী হাতোৰাৰ পৰা কিওবাৰ জনগণক উদ্ধাৰ কৰিছিল আৰু সন্মানসহকাৰে জীয়াই থাকিবলৈ পৰিবেশ গঢ়ি দিছিল।

বিপ্লৱী চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পিছতে মানকাডা কাৰ্যসূচী মতে কৃষি সংস্কাৰ আইন কাৰ্যকৰী কৰা হয়। ১৯৬০ চনৰ ফিডেল কেষ্ট্ৰ’ৱে আমেৰিকা অধিকৃত তৈল-শোধনাগাৰ আৰু চেনি শোধনাগাৰসমূহৰ লগতে বেংক, বিদ্যুৎ আৰু টেলিফোন সেৱাৰ জাতীয়কৰণ ঘোষণা কৰে। উক্ত বৰ্ষৰে ২৬ ছেপ্টেম্বৰত কেষ্ট্ৰ’ৱে  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰসংঘত ইতিহাসৰ সৰ্বাধিক দীঘলীয়া বক্তৃতা ৪ ঘণ্টা ২০ মিনিট ধৰি প্ৰদান কৰে। ১৯৬১ চনত কেষ্ট্ৰ’ৱে সমাজবাদ আৰু গণতন্ত্ৰক কিওবাৰ আৰ্হি হিচাপে ঘোষণা কৰে। ১৯৬৫ চনত কিওবা কমিউনিষ্ট পাৰ্টি গঠন হয় আৰু ফিডেল কেষ্ট্ৰ’ইয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৭৩ চনত তেওঁ গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্ৰহণ কৰে। ১৯৭৬ চনত গণভোটৰ ভিত্তিত কিওবাৰ সমাজতান্ত্ৰিক সংবিধান গ্ৰহণ কৰা হয়। ১৯৭৯ চনত হাভানাত বহা গোষ্ঠী নিৰপেক্ষ সন্মিলনত ফিডেল ইয়াৰ সভাপতি নিৰ্বাচিত হয়। ১৯৮৯ চনত ছোভিয়েট ইউনিয়নৰ ভাঙোন কালত কেষ্ট্ৰ’ৱে বলিষ্ঠভাৱে ঘোষণা কৰে যে ছোভিয়েট ইউনিউন ভাঙি গ’লেও কিওবাৰ বিপ্লৱ বাহাল থাকিব। ১৯৯০ চনত কিওবা চৰকাৰে “বিশেষ শান্তি সময়” ঘোষণা কৰে আৰু পেট্ৰ’ল আৰু বিদ্যুতৰ  পৰিমিত ব্যৱহাৰৰ বাবে ১৪ টা নীতি ঘোষণা কৰে। ২০০৩ চনত ১ মিলিয়ন কিওবান নাগৰিকৰ স্বাক্ষৰ মৰ্মে কিওবাৰ সংবিধান সংশোধন কৰি সমাজবাদক কিওবা ৰাষ্ট্ৰৰ অপৰিবৰ্তনীয় নীতি হিচাপে ঘোষণা কৰা হয়।  ২০০৪ চনত কিওবা বিপ্লৱৰ ৪৫ বৰ্ষপূতি উপলক্ষে চৰকাৰে কিওবাৰ নাগৰিকৰ সামগ্ৰিক বিকাশৰ বাবে “মতাদৰ্শগত সংগ্ৰাম” নীতি ঘোষণা কৰে। ২০০৬ বৰ্ষত  গভীৰ স্বাস্থ্যজনিত কাৰণত ফিডেলে প্ৰশাসনৰ পৰা অৱসৰ গ্ৰহণ কৰে। কেষ্ট্ৰ’চৰকাৰৰ দিনত কিওবাই বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়। বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কৰা প্ৰগতিৰে কিওবাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে।

আমেৰিকাৰ আতংক ফিডেল:

ফিডেলে সমাজবাদৰ লগত ঘনিষ্ঠতা গঢ়ি তোলা মাত্ৰকে পুঁজিবাদৰ মুখ্যকেন্দ্ৰ আমেৰিকা শংকিত হৈ পৰে। ১৯৬০ চনৰ পৰা অৱসৰপৰ্যন্ত আমৰিকাই অহৰহ ফিডেল কেষ্ট্ৰ’প্ৰশাসনৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ পিছত ষড়যন্ত্ৰ ৰচনা কৰে। কোৱা হয় যে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এয়ে ফিডেলক হত্যা কৰিবলৈ মুঠ ৬৩৮ বাৰ  প্ৰচেষ্টা চলায়ো বিফল হৈছিল। অৰ্থনৈতিক অৱৰোধ,  কিওৱা প্ৰতিবিপ্লৱী বাহিনী, কিউবান মিছাইল সংকটৰ পৰা আদি কৰি চৰকাৰী মাফিয়া নিয়োগলৈ আমেৰিকাই যৎপৰোনাস্তি চেষ্টাৰে ফিডেলৰ বিৰুদ্ধে ষড়যন্ত্ৰ অব্যাহত ৰাখে৷ কিন্ত ফিডেলে ক্ষুদ্ৰ দ্বীপৰাষ্ট্ৰ কিওবাক শক্তিশালী কৰাৰ লগতে আমেৰিকান সাম্ৰাজ্যবাদৰ বিৰুদ্ধে আজীৱন সিংহৰ দৰে গৰজি যায়।

২০১৬ চনৰ ২৫ নৱেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰা মুহূৰ্তলৈ ফিডেল কেষ্ট্ৰ’অটল আছিল শোষণ-সাম্ৰাজ্যবাদৰ বিৰুদ্ধে মানৱতাৰ পক্ষত। সঁচা অৰ্থত ফিডেল আছিল মুক্তিকামী জনতাৰ বিশ্বস্ত সহচৰ। এইজন মহানায়কৰ মহাপ্ৰস্থানত সমগ্ৰ বিশ্বই  নতশিৰ কৰি শোক পালন কৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *