কাউৰীৰ প্ৰেমত এখন চহৰ-( বাপুকণ চৌধুৰী)
ওখ ওখ কংক্ৰিটৰ মাজত আবদ্ধ মহানগৰীত থকা বাসিন্দাসকলে বুজে মুক্ত হোৱাৰ ব্যাকুলতা আৰু বন্দী জীৱনৰ হাঁহাকাৰবোৰৰ তীব্ৰতা। কিদৰে প্ৰতিটো দিন আৰু ৰাতি এই মানুহবোৰে হিচাপ কৰে পোৱা-নোপোৱাৰ সুদীৰ্ঘ তালিকা এখনৰ, য’ত নোপোৱাৰ অগণিত হিচাপে পোৱাৰ হিচাপবোৰৰ সুখকণ তিলে তিলে নিঃশেষ কৰে। ৰাতিপুৱা এজাক কাউৰীৰ কোৰ্হালত সাৰ পোৱা এই মহানগৰীৰ জাৱৰ-জোঁথৰবোৰৰ দৰেই কদৰ্য হৈ পৰিছে মানুহৰ মনবোৰো। জীৱন ধাৰণৰ সীমিত সুবিধাৰ মাজতো জীয়াই থাকে জাক জাক মানুহ, আচলতে তেওঁলোক জীয়াই নাথাকে, জীয়াই থকাৰ অভিনয় কৰে এই মহানগৰীত! গাঁওবোৰত কামৰ আকাল, ভাতৰ আকাল। অভাব-অনাটনৰ বাবেই মানুহ নগৰমুখী হয়, কিন্তু অহাৰ পাছত নগৰত কি পায়? যান্ত্ৰিকতা, সংকীৰ্ণতা, জোৰা-টাপলি মৰা সংসাৰত সুখী হোৱাৰ অভিনয় কৰা মানুহবোৰে হেৰুৱাই পেলায় গাঁৱলীয়া জীৱনৰ সৰলতা আৰু উদাৰতা। এজনৰ দুখত দুখী হোৱা, সুখত সুখী হোৱাৰ সেই প্ৰজন্মৰ পৰা প্ৰজন্ম জুৰি বৈ যোৱা আত্মজ জীৱন ৰেখা।
বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: গোঁহাইয়ে অন্তত: তেনেকৈয়ে ভাবে কথাবোৰ। দিনটো ঘৰৰ বাৰান্দাত বহি তেওঁ চাই থাকে পৰুৱাৰ দৰে লানি নিচিগাকৈ ইপিনৰ পৰা সিপিনলৈ দৌৰি ফুৰা মানুহ জাকক। তেওঁৰ মনত পৰে উজনিৰ ভিতৰুৱা গাঁও এখনৰপৰা এদিন তেৱোঁ আহিছিল এই মহনগৰীলৈ। তাৰ পাছত বিদেশলৈ গ’ল। উচ্চ শিক্ষা লৈ পুনৰ এই চহৰৰ বিশ্ববিদ্যালয়ত নিযুক্ত হ’ল। আপাত দৃষ্টিত এজন সুখী আৰু সফল জীৱনৰ অধিকাৰী মানুহ। কিন্তু তেওঁৰো সময় নহ’ল নিজৰ অপোন গাঁও খনলৈ ঘূৰি যোৱাৰ। যোৱা নিশা খবৰ পাইছিল শৈশৱৰ আপোন সহপাঠী এজনৰ মৃত্যুৰ, বহু স্মৃতিয়ে জোকাৰি যোৱাৰ পাছতো তেওঁ নগ’ল সহপাঠীৰ শেষকৃত্যত উপস্থিত হ’বলৈ। আচলতে ৰাতি খবৰটো পোৱাৰ পাছৰে পৰাই অস্থিৰ হৈ আছে তেওঁ। এজন এজনকৈ লগৰ মানুহবোৰ পৃথিৱীৰ পৰা আঁতৰি গৈ আছে। ডঃ গোহাঁই শংকিত হৈছে, মৃত্যু ভয়ে ক্ৰমাৎ গ্ৰাস কৰিছে তেওঁকো।
জীৱনৰ বহু উত্থান-পতনৰ কথা আৰু পোৱা-নোপোৱাৰ হিচাপ-নিকাচ কৰোঁতে কৰোঁতে আগৰাতি টোপনি ভালকৈ অহা নাছিল তেওঁৰ। সদায় দোকমোকালিতে বিছনা এৰা মানুহজনৰ সেই দিনা উঠোঁতে দেৰি হৈছিল। শোৱাৰ পৰা উঠিয়েই প্ৰথম ঘড়ীটো খেপিয়াই সময় চোৱাটো মানুহজনৰ ডেকা কালৰে অভ্যাস। সময় তেতিয়া আঠ বাজি পঞ্চল্লিশ মিনিট হৈছিল। বিছনাৰ পৰা ধহ-মহকৈ উঠি বাথৰুমলৈ যোৱাৰ সময়ত তেওঁ বন কৰা ছোৱালীজনীক কৈ গ’ল— “এই লক্ষী মোৰ চাহ কাপ ৰেডি কৰ, আজি উঠাত বৰ দেৰি হ’ল মোৰ।” লক্ষীৰ পৰা কোনো উত্তৰ বা সঁহাৰি নাহিল। হয়তো সেই সময়ত লক্ষী পাকঘৰত নাছিল। লক্ষী ক’ত আছে, ক’ত নাই সেইটো গুৰুত্ব নিদি তেওঁ খবৰ কাগজখন লৈ বাৰান্দাত বহিল। আজিৰ বতৰটো কিয় জানো সচৰাচৰ বতৰৰ দৰে লগা নাছিল তেওঁৰ, গোটেই দিনটো জাক জাক কাউৰীৰ কোৰ্হালত জীয়াই থকা চহৰখন আশ্চৰ্যজনকভাৱে নিৰৱ আৰু নিস্তব্ধ আছিল! খবৰ কাগজখনৰ পৰা চকু আঁতৰাই পাকঘৰৰ পিনে চাই তেওঁ অলপ ডাঙৰকৈ পুনৰ ক’লে– “এই লক্ষী মোৰ চাহ কাপ আন আকৌ, কিমান বাৰ ক’ব লাগিব বাৰু?” সাধাৰণতে ডঃ গোঁহাইয়ে বন কৰা মানুহক টানকৈ কথা নকয়, কেৱল বনকৰা মানুহেই নহয় তেওঁ আচলতেই কাকো টানকৈ একো নকয়। তাতে এই লক্ষী হ’ল বুঢ়া কালত তেওঁৰ আৰু তেওঁৰ পত্নীৰ বাবে কণাৰ লাখুটি। গতিকে লক্ষীৰ ওপৰত খং কৰা মানেই স্বয়ং লক্ষ্মী দেৱীকেই ৰুষ্ট কৰাৰ দৰে হ’ব!
খবৰ কাগজখনৰ পৰা চকু আঁতৰাই এনেই এবাৰ সন্মুখলৈ চাওঁতে তেওঁ দেখিলে খিৰিকীৰ গ্ৰীলত এটা কাউৰী, হিম শীতল নিৰৱ আৰু নিস্তব্ধভাৱে তেওঁকেই চাই আছিল। কাউৰীটোৰ চকু দুটা নিমিষ নমৰা আছিল মৰা মাছৰ চকুৰ দৰে! ডঃ গোহাঁইৰ গাটো জিকাৰ খাই উঠিল মুহূৰ্তৰ বাবে। ইফালে সিফালে চাই তেওঁ আন এটা দিশত পুনৰ আৰু এটা কাউৰী দেখিলে, একেই মৰা মাছৰ চকু আৰু নিৰ্লিপ্ত ভাৱত ট ট কৈ তেওঁকেই চাই আছে! বাৰান্দাৰ গ্ৰীল খনৰ ওপৰলৈ চাই আৰু চাৰিটা মান কাউৰী দেখিলে তেওঁ একেই ধৰণত!
“লক্ষী, এই লক্ষী মোৰ চাহ কাপ আন, ক’ত মৰিলি আজি?” এইবাৰ তেওঁৰ মাতটো প্ৰায় চিঞৰাৰ দৰেই ওলাল। আঁৰ চকুৰে চাই মন কৰিলে তেওঁ চিঞৰাৰ পাছতো কাউৰীবোৰ নিৰ্লিপ্তভাৱেই থাকিল, যেন একোৱেই হোৱা নাই অথবা ডঃ গোহাঁই যেন গুৰুত্ব দিবলগীয়া মানুহেই নাছিল সিহঁতৰ বাবে! ক’ৰবাত কিবা এটা খেলি মেলি হৈছে। নহ’লে ইমান জাক কাউৰী তেওঁৰ বাৰান্দাত ৰৈ ট ট কৈ চকুৰ নিমিষ নমৰাকৈ তেওঁকেই চাই নাথাকে!
ডঃ গোহাঁইৰ ল’ৰাটো এল পি স্কুলত পঢ়ি থকাৰ সময়ত তেওঁলোকৰ বনকৰা ল’ৰা জব্বৰে কাউৰীৰ পোৱালি এটা ধৰি আনি লুকুৱাই ৰাখিছিল। সেইদিনা এজাক কাউৰীৰ কোৰ্হালত অকল তেওঁলোকৰ ঘৰেই নহয়, সমগ্ৰ প্ৰফেছৰ কলনী উৰি যোৱাৰ দৰে হৈছিল। শেষত কাউৰী পোৱালিটো বান্ধি থোৱাৰপৰা উলিয়াই এৰি দিহে ৰক্ষা পাইছিল কলনীটোৱে। ডঃ গোহাঁই তেতিয়া বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ কোৱাৰ্টাৰত থাকিছিল। সেই জব্বৰো এতিয়া নাতি-পুতি এগালেৰে ঘৰ ভৰা সংসাৰৰ গৰাকী হ’ল, তেওঁৰ একমাত্ৰ ল’ৰাও আমেৰিকালৈ গৈ সু-চিকিৎসক ৰূপে প্ৰতিস্থিত হ’ল।
কাউৰী নিজৰ সামাজিক জীৱনত সদায়ে দলবদ্ধ। সিহঁতৰ কেৱল পোৱালিয়েই নহয়, বাঁহ এটা ভাঙিলে অথবা কণী এটাও কোনোবাই লৈ গ’লে সিহঁতে সংঘবদ্ধভাৱে আক্ৰমণ কৰে। এই সংঘবদ্ধ আক্ৰমণ কিমান মাৰাত্মক আৰু ভয়াবহ হ’ব পাৰে, সেইটো সম্ভৱতঃ এই চহৰৰ সকোলোৱেই জানে। আজি পিছে কাউৰী জাকে কোৰ্হাল কৰি ৰজনজনাই থকা নাই, কিবা এক হিমশীতল ভাৱে তেওঁলৈ চাই আছে! ডঃ গোঁহাইৰ পৰিৱেশটো সহ্য নহ’ল। নিস্প্ৰাণ মৌনতাত তেওঁৰ ঘৰখনত এক ভৌতিক পৰিৱেশৰ সৃষ্টি হৈছে ৰাতিপুৱাতে! নিজৰ মনলৈ অহা অহেতুক ভীতিতো স্বাভাৱিক হ’বলৈ চেষ্টা কৰি লক্ষীক পুনৰ চিঞৰিলে, “এই লক্ষী, চাহ কাপ দিবি নে? আজি বাৰু পাকঘৰত তলা ওলমিল নেকি?” প্ৰয়োজনতকৈ বেছি জোৰেৰে চিঞৰি আঁৰ চকুৰে সন্মুখৰ কাউৰী কেইটালৈ চাই তেওঁ দেখিলে, সিহঁতৰ এতিয়াও কোনো প্ৰতিক্ৰিয়া নাই, একেই আগৰ দৰে চকু নিমিষ নমৰাকৈ প্ৰস্তৰ মূৰ্তিৰ দৰে সিহঁতে তেতিয়াও তেওঁকেই চাই আছিল! ডঃ গোহাঁইৰ গাটো পুনৰ জিকাৰ খাই উঠিল মুহূৰ্তৰ বাবে।
ক্ৰমাৎ বাঢ়ি অহা বুকুৰ ঢপ ঢপনি লুকুৱাই তেওঁ পাকঘৰলৈ খোজ ল’লে। লক্ষী কিন্তু পাকঘৰতেই আছিল। ডাইনিং টেবুলৰ চকীত বহি তাই কিবা এটা কৰি আছিল নিৰৱে। কিন্তু পাকঘৰৰ স্বাভাৱিক অন্ধকাৰত তেওঁ ধৰিব নোৱাৰিলে তাই কিহত ইমান ব্যস্ত।
“বুঢ়া মানুহে মাত দিলে সঁহাৰিকণ দিবি, মই তোৰ বাপেৰৰ বাপেকৰ বয়সৰ বুলি জানো নাজান?” ভোৰভোৰাই তেওঁ পাকঘৰৰ লাইটটো জ্বলালে। ডাইনিং টেবুলত বহি আছিল চাৰিটা কাউৰী, লক্ষীয়ে অপোনমনে ভাত খুৱাই আছিল সিহঁতক। পিছপিনে কোনোবাই মাত দিছে নে নিদিছে, সেইবোৰ শুনিবলৈ তাইৰ সময়েই নাছিল। আনকি কাউৰীকেইটায়ো গুৰুত্ব দিয়া নাছিল ডঃ গোঁহাইক!
হঠাৎ তেওঁ মন কৰিলে লক্ষীৰ মূৰতো বহি আছে দুটা কাউৰী, সিহঁতে তাইৰ লাওখোলা ভাঙি খুটিয়াই খুটিয়াই তাৰ পৰা খাইছে মগজু আৰু তেজ! লক্ষীৰ মুখত কোনো যন্ত্ৰণা বা দুখ-কষ্টৰ চিন নাছিল। তাইৰ মুখ আৰু ডিঙিৰে বৈ আহিছিল তেজৰ স্ৰোত! তাই কিন্তু ইমানৰ পাছতো আপোন মনে কেৱল সন্মুখৰ কাউৰী কেইটাক ভাত খুৱাই আছিল। “লক্ষী, এই লক্ষী” বুলি দুবাৰ মান চিঞৰাৰ পাছতো তাইৰ পিনৰ পৰা কোনো সাৰসুৰ নাহিল। ডিঙিলৈ উজাই অহা বমি আৰু আচন্দ্ৰাই ধৰা মন-মগজুৰে শৰীৰটো কোনোমতে চোঁচৰাই নিয়াৰ দৰে তেওঁ পত্নী সাবিত্ৰীক বিচাৰি কীৰ্তন পুথি ৰখা ঘৰটোলৈ আগুৱাই গ’ল। দুৱাৰৰ পিনে পিঠি দি সাবিত্ৰীয়ে কীৰ্তন পাঠ কৰি আছিল। এইখিনি সময় তেওঁৰ নিয়মিত কীৰ্তন পঢ়াৰ সময়। আজিও তাৰ ব্যতিক্ৰম দেখা নগ’ল। তেওঁ দৌৰি গৈ সাবিত্ৰীক লক্ষীৰ অৱস্থাটো দেখুৱাবলৈ মাতষাৰ দিব লওঁতেই দেখিলে সাবিত্ৰীৰ সন্মূখতো এজাক কাউৰী, সিহঁতে অপোনমনে শুনি আছিল কীৰ্তন পাঠ। আধা খোলা অৱস্থাত থকা দূৱাৰখন সম্পূৰ্ণকৈ খুলি ডঃ গোঁহাই ৰুমৰ অকণমান ভিতৰলৈ সোমাই যাওঁতেই দেখিলে সাবিত্ৰীৰ মুৰটোতো বহি আছিল দুটা কাউৰী, লক্ষীৰ দৰে একেধৰণতেই লাওখোলা ফুটাই মগজু আৰু তেজ খাই আছিল। তেওঁ প্ৰায় দৌৰি যোৱা দি গৈ সাবিত্ৰীক কাউৰীকেইটাৰ পৰা মুক্ত কৰিবৰ চেষ্টা কৰিলে। ইমান পৰে সন্মুখত বহি কীৰ্তন পাঠ শুনি থকা কাউৰীকেইটা বিতুষ্ট হৈ উঠিল। জিঘাংসু দৃষ্টি আৰু আক্ৰমণাত্মকভাৱে সিহঁতে লাহে লাহে আগুৱাই আহিব ধৰিলে ডঃ গোঁহাইৰ পিনে, সাবিত্ৰীৰ মূৰত বহি মগজু আৰু তেজ খাই থকা কেইটাইও সাজু হ’ল তেওঁক আক্ৰমণ কৰিবলৈ! সাবিত্ৰী কিন্তু তেতিয়াও ব্যস্ত কীৰ্তন পাঠত। কাউৰীকেইটাৰ মুখত আৰু চকুত দেখা জিঘাংসু চাৱনিয়ে ডঃ গোঁহাইৰ ষষ্ঠ ঈন্দ্ৰিয়ক সজাগ কৰি দিলে। চলচলীয়া চকুৰে সাবিত্ৰী আৰু লক্ষীক তেনেকৈয়ে এৰি ৰুমৰ দৰ্জাখন ধামকৈ মাৰি তেওঁ প্ৰায় দৌৰাৰ দৰেই ড্ৰয়িং ৰুমলৈ আগবাঢ়িল। হঠাতে ড্ৰয়িং ৰুমত ফোনটো দেখি আমেৰিকাত থকা একমাত্ৰ পুত্ৰ ঋষিলৈ ৰিং কৰিলে। বুকুৰ বাঢ়ি অহা ধপধপনি আৰু কঁপি থকা হাত দুখনেৰে তেওঁ ধৰিব নোৱাৰিলে ফোনটো সঠিক কৈ আমেৰিকাত থকা পুত্ৰ ঋষিৰ তাত লাগিছিল নে নাই! দ্বিতীয়বাৰ পুনৰ ফোন যে কৰিব পাৰিব সেই সময়ো তেওঁৰ হাতত নাছিল। কাৰণ তেতিয়ালৈকে কাউৰীজাক সতৰ্ক আৰু আক্ৰমণাত্মক হৈ উঠিছিল। আমেৰিকাত তেতিয়া ৰাতি গভীৰ, খপজপকৈ ফোনটো ধৰি ঋষিয়ে বিৰক্তিৰে ক’লে, “অস্ দেউতা, অপ্ৰয়োজনীয় টেনশ্বন কিছুমান লোৱাটো মানুহে তোমাৰ পৰাই শিকা উচিত। চৰকাৰে নিজেই কাউৰীৰ সুৰক্ষা আৰু প্ৰতিপালনৰ বাবে ইমানবোৰ কাম কৰিছে, তোমাৰনো কি ইমান অসুবিধা হ’ল কাউৰীক লৈ!”
চৰম বিৰক্তিত ঋষিয়ে সিপিনৰ পৰা ফোনটো কাটি দিলে। ডঃ গোঁহাইক ঘৰৰ পৰিস্থিতিটো পৰ্যন্ত ক’বলৈ সুযোগ নিদিলে ল’ৰাটোৱে। ধৰফৰাই ফোনটো থৈ ডঃ গোঁহাইয়ে মন কৰিলে ড্ৰয়িং ৰুমটোতো এজাক কাউৰী!! একেই আগৰ দৰে চকু দুটা নিমিষ নমৰা যেন মৰা মাছৰ চকু আৰু প্ৰস্তৰ মুৰ্তিৰ দৰে তেওঁলৈ চাই থকা।
এই চহৰত দুবছৰ মানৰ আগতে কাউৰীৰ বিৰুদ্ধে বহুত প্ৰতিবাদ হৈছিল। মানুহ ৰাজপথলৈ আহি উত্তাল কৰি দিছিল ৰাজপথ!! ঘৰে ঘৰে জুই জ্বলিছিল প্ৰতিবাদৰ। কাউৰীৰ বিৰুদ্ধে চৰকাৰক বিহিত ব্যৱস্থা ল’বলৈ আৰু কাউৰীৰ আতিশয্য নিয়ন্ত্ৰণ কৰাবলৈ চৰকাৰৰ সোপাঢিলা আৰু কাউৰী তোষণ নীতিৰ বিৰোধিতাৰে ডেকা-গাভৰু বৃদ্ধ বৃদ্ধা পৰ্যন্ত ৰাজপথত নামিছিল। অচল হৈ পৰিছিল স্কুল-কলেজ, আইন-আদালত, অফিচ-কাচাৰী সকলোবোৰ। এতিয়াও এই চহৰৰ বহুতো দেৱালত আৰু বহু ঠাইত সতেজ হৈ আছে সেই প্ৰতিবাদৰ চিন। এই চহৰৰ প্ৰতিজন মানুহৰ এতিয়াও মনত নিশ্চয় আছে কিদৰে কাউৰীৰ বিৰুদ্ধে জ্বলি উঠিছিল এখন এখনকৈ বহুতো চহৰ। ডঃ গোঁহায়ে ভাবে এই বয়সতো তেওঁৰ যদি স্মৃতি বিভ্ৰম হোৱা নাই, তেন্তে ঋষিৰ স্মৃতি বিভ্ৰম কেনেকৈ হ’ল? সি আমেৰিকাত থাকিলেও সেই সময়ৰ পৰিস্থিতিৰ ওপৰত জ্ঞাত নাছিল জানো? সিচোন ভয়ে-ভীতে বাৰে বাৰে মাকলৈ ফোন কৰিছিল আৰু তেওঁ যাতে প্ৰতিবাদ সমদললৈ যাব নোৱাৰে তাৰ বাবে বাৰে বাৰে মাকক সতৰ্ক কৰি দিছিল।
কথাবোৰ মনতে ভাবি ভাবি আহি থাকোঁতে তেওঁ ঘৰৰ পদূলি মুখ পালেহি। সাবিত্ৰী আৰু লক্ষীৰ অৱস্থাটোৱেই তেওঁৰ মুৰত আচন্দাই ধৰা দি ধৰি আছিল। কেনেকৈ দুজনীকৈ মানুহক কাউৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিব সেইটো তেওঁৰ সামৰ্থ্যৰ বাহিৰ হৈ পৰিছিল সেই সময়ত। পদূলিমুখ পায়েই তেওঁ ঠিক কৰিলে প্ৰতিবেশী তালুকদাৰৰ ঘৰলৈ যোৱাৰ। এই বিপদৰ সময়ত তেওঁৰ দৰে আশী বছৰীয়া বৃদ্ধ শৰীৰে তালুকদাৰ বা তেওঁৰ পুত্ৰৰ সাহায্য লোৱাৰ বাহিৰে উপায় নাই।
‘নিজৰ ল’ৰাইতো কথাৰ গুৰুত্বই নিদিলে বুলি হুমুনিয়াহ কাঢ়ি গৈ থাকোঁতে তেওঁ মন কৰিলে কেৱল, টেলিফোন, ইলেকট্ৰিক তাঁৰ সকলোতে বহি আছে জাক জাক কাউৰী। ইমান পৰে কাউৰীৰ ভীতিয়ে তেওঁক প্ৰায় সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাইছিল।কাউৰীজাকে কিন্তু তেওঁক দেখি খেদি নাহিল আক্ৰমণ কৰিবলৈ, সিহঁতে ঠিক তেওঁৰ ঘৰৰ বাৰান্দাত বহি থকাৰ দৰেই নিৰৱ আৰু নিস্তব্ধভাৱে চকু নিমিষ নমৰাকৈ মৰা মাছৰ চকুৰ দৰে ঘোলা দৃষ্টিৰে তেওঁলৈ চাই আছিল।
গোটেই চহৰখন ৰাতিপুৱাতে ক্ৰমাৎ ৰহস্যৰ আচ্ছাদনত ঢাক খাইছিল। বাটে-পথে মানুহৰ দেখা দেখিয়েই নাছিল, আনকি নাছিল চিটিবাছবোৰো। অন্তহীন ব্যস্ততা বুকুত লৈ তৃতীয় প্ৰহৰতে সাৰ পোৱা এই চহৰ আজি আচৰ্যকৰভাৱে নিৰৱ! ডঃ গোহাঁয়ে নিজৰ হাত ঘড়ীত চকু দিলে, সময় তেতিয়া ৰাতিপুৱাৰ প্ৰায় দহ বাজিছিল। অথচ এই চহৰত যেন প্ৰতিটো ৰাস্তা-ঘাট আৰু মানুহৰ ঘৰবোৰত মৃত্যুৰ নিৰৱ শোক সভা বহিছিল।
“তালুকদাৰ, হেৰি তালুকদাৰ, মই বৰ বিপদত পৰিছোঁ। অপোনাৰ ল’ৰা ক’ত, আপুনিয়ো আহকচোন, মোৰ মানে মোৰ মানে….” মাত ঠোকাঠুকি হৈ তেওঁৰ মুখৰ পৰা সাৱিত্ৰী আৰু লক্ষীৰ ঘটনাটোৰ সলনি কান্দোনহে ওলাল। এজন অশীতিপৰ বৃদ্ধৰ কান্দোনৰ মাত্ৰা ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিল। তালুকদাৰৰ চোতালত কোনো নাছিল, ডঃ গোহাঁয়ে কৈ থকা কথাবোৰ শুনিবলৈকো কাকো দেখা নগ’ল বাহিৰত। কিন্তু বৃদ্ধ ব্যক্তিৰ কান্দোনৰ শব্দ হয়তো ঘৰৰ ভিতৰলৈ শুনা গৈছিল। সেয়ে তেওঁ চোতালত থাকোঁতেই তালুকদাৰ, তালুকদাৰৰ পত্নী আৰু পুত্ৰ ওলাই আহিছিল।
সন্মুখত তালুকদাৰ আৰু তেওঁৰ পৰিয়ালক দেখি ডঃ গোহাঁইৰ মূৰত ব্ৰজ পৰিল, পিছলৈ নাচাই এইবাৰ তেওঁ দৌৰিবলৈ আৰম্ভ কৰিলে।
“শুনকচোন শুনক গোহাঁই ছাৰ, হৌৰি গোহাঁই ছাৰ… কিনো কাউৰীৰ পাছত ইমানকৈ লাগিছে আপুনি, ইমান জনা-বুজা মানুহ, আপুনিহে আমাক বুজাব লাগে কাউৰী আমাৰ কিমান আপোন মিত্ৰ….”— পিছফালৰ পৰা তালুকদাৰৰ কথাবোৰ শুনা গৈছিল।
“ই, চাল্লা বুঢ়া কম বস্তু নহয়, মিছা মিছি কথা কিছুমান কৈ মানুহবোৰক উচটুৱাত খুউব ভাল ই, টেঙৰ বুঢ়া নমৰেও….” তালুকদাৰৰ পুতেকৰ কথাখিনি ঠহৰ ঠহৰকৈ ডঃ গোহাইৰ কাণত বাজিল। তেওঁৰ প্ৰিয় ছাত্ৰ আছিল তালুকদাৰৰ ভদ্ৰ আৰু নিমাষিত ল’ৰা নিপন। আজি পিছে সেই নিপনৰে মুখত এনে কথা ফুটিল৷ অলপ পাছত তালুকদাৰ, তেওঁৰ পত্নী আৰু নিপনৰ মুখৰ পৰা সমস্বৰে ওলাল— “ধৰ, ধৰ, বুঢ়াক ধৰ আজি ।”
এজাক কাউৰীয়ে পিছে পিছে খেদি আহিছিল ডঃ গোহাঁইক। কাউৰীৰ জাকটো কিন্তু আগৰ দৰে মৰা মাছৰ চকুৰ দৰে নিৰ্লিপ্ত আৰু শান্ত হৈ থকা নাছিল। জিঘাংসু ভাবেৰে তেওঁৰ পিনে চোঁচা মাৰি আহিছিল এজাক ৰক্ত পিপাসু কাউৰী।
বহুদুৰৈৰ পৰা দেখা গৈছিল ক্ৰমাৎ জুইৰ দৰে জ্বলি উঠা দুপৰীয়া এটাত জনশূন্য চহৰৰ মাজেৰে দৌৰি আছিল এজন বৃদ্ধ মানুহ, যাৰ পিছে পিছে খেদি গৈ আছিল এজাক ক্ষুধাতুৰ আৰু ৰক্ত পিপাসু কাউৰী। ডঃ গোহাঁয়ে বুজিলে এই চহৰৰ প্ৰতিজনেই এতিয়া কাউৰীৰ দাসত্ব স্বীকাৰ কৰিছে, মানুহবোৰৰ এতিয়া আৰু কাউৰীক লৈ সমস্যা নাই। কিন্তু কাউৰীবোৰ আৰু কাউৰীৰ দাসত্ব গ্ৰহণ কৰা মানুহবোৰৰ এতিয়াও সমস্যা শেষ হোৱা নাই। কাউৰীবোৰ আৰু কাউৰীৰ দাসত্ব গ্ৰহণ কৰা মানুহবোৰৰ প্ৰধান সমস্যা হৈ আছে ডঃ গোহাঁই, তেওঁ যেতিয়ালৈকে এই চহৰত থাকিব তেতিয়ালৈকে কাউৰীবোৰ সুৰক্ষিত নহ’ব।
বহুদূৰ আগুৱাই অশীতিপৰ বৃদ্ধজন এঠাইত ৰ’ল, কাউৰীজাক তেতিয়া তেওঁৰ পৰা বহু দূৰৈত! সন্মূখত তেতিয়াও শান্ত আৰু ধীৰ গতিত বৈ আছিল ব্ৰহ্মপুত্ৰ!!