বিবিধ চিন্তা

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু পৰিৱৰ্তন আৰু থলুৱাৰ লংমাৰ্চ ‌— বুবুল শৰ্মা (কাজিৰঙা)

অপৰিৱৰ্তনীয় জলবায়ু বিপৰ্যয়ৰ গৰাহত মানৱসভ্যতা, যাক দুটা শব্দত প্ৰকাশ কৰা হয়— টিপিং পইণ্ট অৰ্থাৎ যি ঠাইৰ পৰা আৰু বৰ্তমান অৱস্থালৈও ঘূৰি অহাৰ সম্ভাৱনা বিচাৰি পোৱা নাযায়৷ বিশ্বৰ পৰিৱেশ সম্পৰ্কীয় বিশিষ্ট জাৰ্নেল “নেচাৰ জাৰ্নেল”ত ২৭/১১/২০১৯ তাৰিখে এদল গৱেষককে একেমুখে কৈছে যে— “পৃথিৱীৰ অৱস্থা ইতিমধ্যেই অত্যন্ত সংকটজনক৷ পৰিবেশ ৰক্ষাৰ কামত সংঘবদ্ধভাৱে হাত দিয়াৰ ক্ষেত্ৰত ইমানেই পলম হৈ গ’ল যে আৰু অপেক্ষা কৰাৰ সময়কণো আমাৰ হাতত নাথাকিল৷ যি মাত্ৰা আৰু গতিত জলবায়ু সমস্যা বৃদ্ধি হৈছে, এনে স্থিতাৱস্থাত গ্লোবেল টিপিং পইণ্ট বা সহ্যৰ শেষ সীমা পাবলৈ পৃথিৱীৰ আৰু বেছি সময় নালাগিব৷
 
অসমৰ অন্যতম বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা, মানাহ আদি ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদিৰ লগতে তাৰ চৌদিশৰ অঞ্চলবোৰৰ পৰিৱেশ অৱক্ষয় আৰু জলবায়ু পৰিৱৰ্তনক লৈও দুশ্চিন্তা কৰিব লগা আছে বুলি ভাৱেনে? ভাৰতীয় এক খড়্গযুক্ত গঁড়ৰ সংৰক্ষণ আৰু গঁড়ৰ আৱাসস্থলীৰ সংৰক্ষণক কেন্দ্ৰ কৰি কাজিৰঙাত পৰ্যটন আৰম্ভ হৈছিল৷ এই পৰ্যটনক কেন্দ্ৰ কৰি উন্নয়নৰ এজাক বতাহে অঞ্চলটোলৈ নানান পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ আজিৰ সেই উন্নয়নে পাহৰি গৈছে নেকি যে কাজিৰঙাৰ পৰ্যটন মানে আছিল বন্যপ্ৰাণী আৰু ইহঁতৰ আৱাসস্থলী সুৰক্ষাৰ শ্লোগান৷ এচাটি অচিনাকি উন্নয়নৰ সংজ্ঞাই এজাক ধুমুহা বতাহ হৈ কাজিৰঙাত বলিবলৈ আৰম্ভ কৰিছে৷ আজি যেন কাজিৰঙাৰ উন্নয়নৰ সংজ্ঞা হ’ল— বহিৰাগত পুঁজিপতিৰ দ্বাৰা কেৱল হোটেল নিৰ্মাণ,থ্ৰী ষ্টাৰ, ফাইভ ষ্টাৰ এক ভোগবাদী কুচকাৱাজ৷ থলুৱা মানুহৰ গাঁও, চুবুৰীৰ গ্ৰাম্য পৰ্যটনৰ সজাগতাক লৈ নাই কোনো সুস্থ চিন্তা পৰিকল্পনা আৰু পৰিবেশৰ৷ কাজিৰঙাক এতিয়া এখন ভোগবাদী পৰ্যটন নগৰী কৰি তোলাৰ স্বপ্নত বিভোৰ আমি৷ যি পৰ্যটন যেন প্ৰকৃতিৰ পৰা বিচ্ছিন্ন কৰাৰ এক প্ৰতিযোগিতাহে৷ যি প্ৰতিযোগিতাত প্ৰতিযোগীসকলে কাজিৰঙাৰ কৃষকৰ পথাৰ পানীৰ দৰত কিনি কৃষি আইন ভংগ কৰি কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিবলৈ পিছ নুহুকে৷ যি প্ৰতিযোগীয়ে বিনাদ্বিধাৰে কাজিৰঙাৰ জান-জুৰি, হোলা পুতি কাজিৰঙাত কাৰ্বনৰ মাত্ৰা বৃদ্ধি কৰি জলবায়ু আৰু পৰিৱেশ ধ্বংস কৰিব আৰু এই ভয়াবহতাৰ বিৰুদ্ধে মাত মাতিলেই উন্নয়ন বিৰোধী আখ্যা দিয়া হ’ব৷
 
কাজিৰঙাৰ ভৱিষ্যত প্ৰজন্মই হয়তো বিশ্বাসেৰে অপেক্ষা কৰি আছে যে আমি সিহঁতৰ বাবে থৈ যাম এখন বাসযোগ্য, সমৃদ্ধিশালী কাজিৰঙা৷ পাৰিমনে বাৰু? কাজিৰঙাৰ বনৰ বাঘত কৈ বহিৰাগত বেপাৰীৰ কংক্ৰিটৰ পৰ্যটন নামধাৰী বাঘে চোবাই আনিছে ক্ৰমশঃ কাজিৰঙাৰ সৰল গ্ৰাম্য লোকজীৱন,পৰম্পৰা,উৎপাদনশীলতা ইত্যাদি৷ কাজিৰঙাত এইসকলৰ পৰ্যটনৰ দানবীয় আস্ফালন অতি ভয় লগা৷ পৰীক্ষাৰ বতৰতো দিনে-ৰাতিয়ে এই বহিৰাগত পৰ্যটন ব্যৱসায়ী অনুষ্ঠানৰ ডিজি পাৰ্টীৰ আস্ফালন৷
 
আমি আমাৰ চকুত পিন্ধা চশমাযোৰ জাৰি-জোকাৰি, মোহাৰি চাফা কৰি ল’বলৈ হ’ল৷ কেৱল বন্যপ্ৰাণীৰ ফটো আৰু ভিডিঅ’ আপলোড কৰি ডাটা শেষ কৰিলেই কাজিৰঙাৰ থলুৱা বন-জন সুৰক্ষিত হৈ থাকিবনে? কাজিৰঙাত কৰ্মৰত প্ৰকৃতি-পৰিৱেশ সংগঠনৰূপী এনজিঅ’বোৰ কাজিৰঙাৰ উদ্যানৰ বহিঃভাগৰ এই পৰিৱেশ ধ্বংসৰ প্ৰতি সৰব নহয়৷ তেওঁলোকে এষাৰ কথা জানি থোৱা ভাল উদ্যানৰ বহিঃভাগৰ পৰিৱেশ ধ্বংসক আমি বালিলৈ মৰা শৰ পাত বুলি ভাৱোঁ৷ যি পাত শৰে সুগ্ৰীৱক আঘাত কৰাৰ দৰে উদ্যানৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বা আনিছে৷
 
মাৰ্কিন গৱেষণা সংস্থা নাছাই ১৮৫০ চনৰ পৰা ২০১৪ চন পৰ্যন্ত বিশ্ব উষ্ণায়ন (global warming)ৰ ইতিহাস আৰু ৰেকৰ্ড লেখ চিত্ৰৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছিল৷
(লেখ চিত্ৰৰ ছবি)
 
এই লেখ চিত্ৰক সন্মুখত ৰাখি আমি আমাৰ দেশৰ বহুতো অঞ্চলৰ লগতে কাজিৰঙাৰ জলবায়ুৰ আলেখ লেখ তুলনা কৰাৰ চেষ্টা কৰিব পাৰোঁ৷ আমি জানো যে ১৮৮০ শতকৰ পৰা ১৯৪৬ চনলৈ এই সময়ছোৱাত বৃটিছে অসমত প্ৰকৃতি ধ্বংস কাৰ্য প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বাবে সংঘটিত কৰিছিল (এই সময়ছোৱাৰ ভিতৰত দেশৰ ৪০% গছ বৃটিছেই ধ্বংস কৰিছিল)৷ সেইসময়ত অখ্যাত কাজিৰঙা নামৰ অঞ্চলটোৰ চৌদিশৰ সেউজীয়া অৰণ্য ,হোলা আদি ইউৰোপীয় চাহ খেতিয়কসকলে ধ্বংস কৰি চাহ বাগিচা পতা আৰম্ভ কৰিছিল আৰু তেতিয়াই আচলতে অঞ্চলটোৰ বন্যপ্ৰাণীৰ অধিকাৰ খৰ্ব কৰা আৰম্ভ হৈছিল৷
 
তাৰ মাজতে দেখা গ’ল লাহে লাহে বিশ্বজুৰি উষ্ণায়ন বৃদ্ধি পোৱা৷ ইতিমধ্যে সেই সময়ছোৱাতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অসমলৈ প্ৰৱজন বাঢ়িল৷ বন্যপ্ৰাণীৰে ব্যাপক হাৰত বৃটিছৰ প্ৰমোদ চিকাৰৰ নামত লগতে অসমৰ জমিদাৰ শ্ৰেণীটোৰ হাতত বন্যপ্ৰাণী যেনে হাতী, গঁড়, হৰিণা, বাঘ, ম’ৰা চৰাই আদিৰ কৰুণ মৃত্যু ঘটিল৷
 
১৯৫০ চনৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ১৯৭৪ চনৰ ৰাষ্ট্ৰীয় উদ্যানৰ সময়লৈ বা আজিলৈকে কাজিৰঙালৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ আগমন ঘটিছে (এইবোৰৰ কিমান অংশ কি কামত খৰছ কৰা হয় বা হ’ব সেইবোৰ জনাৰ অধিকাৰ থলুৱা মানুহৰ হাতত নাই)৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম-যশ বৃদ্ধিৰ লগে লগে পৰ্যটকৰ সোঁত কাজিৰঙালৈ বৃদ্ধি পাবলৈ ধৰিলে৷ প্ৰথমতে চৰকাৰী অতিথিশালা কেইবাটাও স্থাপন কৰা হ’ল৷ আজি কিন্ত অসম পৰ্যটনৰ ভূমিকা আৰু এই চৰকাৰী অতিথিশালাৰ অৱস্থা কাজিৰঙাত পয়ালগা৷ কাজিৰঙাত এতিয়া ব্যক্তিগত অতিথিশালাৰ জয়জয় ময়ময় অৱস্থা৷
 
প্ৰায় ২০০০ চনলৈকে কাজিৰঙাৰ পৰ্যটনে পৰিৱেশৰ ভাৰসাম্যতাৰ যি বিঘিনি ঘটাইছিল, সেই পৰিৱৰ্তনক প্ৰকৃতিয়ে মুটামুটিকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল৷ কিন্ত ২০০০ চনৰ পিছৰ পৰা কাজিৰঙাত পুনৰ পথাৰ, হোলা পুতি অনিয়ন্ত্ৰিত হাৰত বহিৰাগত ব্যৱসায়ীসকলৰ দ্বাৰা কংক্ৰিটৰ হোটেল, ল’জ নিৰ্মাণে কিন্ত জনাঞ্চলৰ জলবায়ুত কাৰ্বন-ডাই-অক্সাইড (CO2) ৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ধৰিলে৷ কাৰণ উন্নয়নৰ নামত ধ্বংস হোৱা কাজিৰঙাৰ থলুৱা হাবি-বননিবোৰে বুকুত বন্দী কৰি ৰখা কাৰ্বন-ডাই-অক্সাইড্ বায়ুমণ্ডলত মুকলি হৈ পৰিল৷ পাহাৰৰ বুকুত,শিলত বন্দী হৈ থকা CO2 আমাৰ বায়ুমণ্ডলত মুকলি হৈ পৰিল৷ পাহাৰৰ বালি-শিলগুটিয়ে ভৈয়ামৰ বিলবোৰ, জুৰিবোৰ পুতি পেলোৱাত সেই বিলৰ পানীত বন্দী হৈ থকা CO2 বায়ুমণ্ডলত মুকলি হৈ গ’ল৷ তাৰ লগে লগে বাহিৰৰ পুঁজিপতিয়ে নিৰ্মাণ কৰা বৃহৎ ব্যক্তিগত হোটেলৰ নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা প্ৰদূষণৰ সীমা-সংখ্যা নাই (আপুনি জানেনে এক কেজি চিমেণ্ট উৎপাদন তথা ব্যৱহাৰৰ বাবে ৯০০ গ্ৰাম CO2 উৎপাদন হয়)৷ কেৱল নিজৰ মুনাফাৰ বাবে বাহিৰৰ এই পুঁজিপতিসকলে নিৰ্মাণ কৰা এই কংক্ৰিটৰ বৃহৎ হোটেলবোৰৰ প্ৰতিটো ৰুমত এচি, ৰিফ্ৰিজাৰেটৰ, ৰুম হিটাৰ আদিয়ে কিমান CFC জাতীয় সাংঘাটিক ক্ষতিকৰ গেছৰ উৎপাদন কৰিছে তাৰ হিচাপ নাই৷ বহু অঞ্চলৰ কৃষিমাটি ক্ৰমান্বয়ে শুষ্কভূমিলৈ পৰিৱৰ্তিত হ’বলৈ ধৰিছে (উল্লেখযোগ্য বিশ্বৰ অনুন্নত দেশসমূহত বা আমাৰ দেশৰ শুষ্ক কৃষিভূমিসমূহ দ্ৰুতগতিত মৰুকৰণ (Desertification)ৰ দিশে গতি কৰিছে)৷ লাহে লাহে বায়ুৰ লগতে কাজিৰঙাৰ মাটি-পানী আদিত প্ৰদূষণৰ মাত্ৰা বাঢ়িবলৈ ধৰিলে৷ উন্নয়নৰ নামত পাহাৰবোৰত শিলখনন, মাটিখনন চলিবলৈ ধৰিলে৷ এসময়ত কাগজ কলৰ বাবে পাহাৰৰ বাঁহ কম কটা হ’লনে? বাঁহ কাটি পাহাৰ টকলা কেতিয়াবাই কৰা হ’ল (এতিয়া পাহাৰৰ বুকুৰ মঙহবোৰ খহোৱাৰ সময়!)৷ কংক্ৰিটৰ অট্ৰালিকা নিৰ্মাণৰ প্ৰকোপত পথাৰ, জান-জুৰি নিজৰা পোত খাই আহিল৷ কাজিৰঙাৰ দুখনকৈ জনাঞ্চলত থকা প্ৰাচীন বিল কাজিৰঙা-হুকুমালৈ অহা প্ৰাকৃতিক জান-জুৰিবোৰ বৈ অহা হঠাৎ বন্ধহৈ পৰিল, ক্ৰমান্বয়ে বিল দুখন পোত খাই আহিল, টনটনীয়া জৈৱবৈচিত্ৰ্যৰ ভঁঁৰাল দুটাক নিৰ্দয়ভাৱে হত্যা কৰা হ’ল৷ কাজিৰঙাত অহৰহ কৃষিভূমি আইন ভংগ হোৱা চলি থাকিল৷ কাৰো আহৰি নাই চৰকাৰী হওক বা বিৰোধীৰ হওক এই কৃষি পথাৰক সুৰক্ষা দিয়াত৷ জলবায়ুৰ বিপৰ্যয়ৰ বাবে কাজিৰঙাত বৰষুণৰ হাৰ কমি আহিল৷
 
অসমীয়া মানুহৰ আবেগ, গৌৰৱ এক খড়্গযুক্ত গঁড়ৰ আৱাসস্থলী কাজিৰঙাত কিদৰে জলবায়ু পৰিৱৰ্তনৰ সন্মুুখীন হ’ব লগা হৈছে, সেই বিষয়ে আলোচনা কৰিবলৈ যাওঁতে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু Indian Institute of Tropical Meteorology, Pune, ৰ শেহতীয়া গবেষণাত প্ৰকাশ পোৱা ভয়ংকৰ এক তথ্য হ’ল – ” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্বন-ডাই-অক্সাইড্ শোষণ (absorb) কৰাৰ ক্ষমতা, কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন (Release)ৰ তুলনাত হ্ৰাস পাইছে৷
 
গবেষণাৰ এই তথ্য প্ৰকাশ পাইছিল ২০২২ চনৰ ৯ ফেব্ৰুৱাৰীত “Agricultural and Forest Meteorology” নামৰ গৱেষণাধৰ্মী এক আলোচনীত৷ গৱেষণাৰ মতে পৃথিৱীৰ উত্তাপ বৃদ্ধি পাই অহাৰ পৰিস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্বন শোষণ কৰা ক্ষমতা হ্ৰাস পাবলৈ ধৰিছে৷ এই উষ্ণতা বৃদ্ধিয়ে ভৱিষ্যতলৈ আৰু নেতিবাচক প্ৰভাৱ পেলাব৷ মূলত ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙাৰ সমগ্ৰ অঞ্চলটোৰ কাৰ্বন-ডাই-অক্সাইড শোষণ ক্ষমতা হ্ৰাস পোৱাৰ মূল কাৰণ বৰষুণৰ হাৰ হ্ৰাস হোৱা৷ গৱেষকসকলৰ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত অৰণ্যৰ মাজত শোষণত কৈ বেছি কাৰ্বন উৎপন্ন কৰাৰ কাৰণ— কাজিৰঙাৰ ক্ৰান্তীয় আৰ্দ্ৰচিৰসেউজীয়া অৰণ্যৰ বিশেষ ভূমি৷ যি ভূমিত বৃহৎ সংখ্যক (অগণন) বেক্টেৰীয়া থাকে, যি নিশ্বাসত বৃহৎ পৰিমাণৰ কাৰ্বন বতাহত এৰি দিয়ে৷ ইয়াৰ লগত অন্য জীৱকূলে এৰি দিয়া কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ যোগ হয়৷ গবেষকসকলে গবেষণাত দেখিছে যে বাৰিষাৰ আগে আগে অৰ্থাৎ মাৰ্চ, এপ্ৰিল, মে’ মাহত এই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়৷ কাৰণ এই সময়ছোৱাত তৃৰ্ণ আৰু বৃক্ষৰ সালোক সংশ্লেষণৰ ক্ষমতা হ্ৰাস ঘটে আকাশত মেঘ জমা হোৱাৰ বাবে৷ সেই বাবে গছ-গছনিৰ কাৰ্বন শোষণ কৰা ক্ষমতা হ্ৰাস পায়৷ MetFlux India নামৰ প্ৰকল্পৰ অধীনত ২০১৫ চনত উদ্যানৰ ভিতৰত এটা Meteorological Tower সংস্থাপিত কৰা হৈছিল জলবায়ু সম্পৰ্কীয় গবেষণাৰ কৰ্মত৷ এই টাৱাৰত বিভিন্ন sensor আৰু যন্ত্ৰপাতি হেনো সংলগ্ন কৰা হৈছে যাতে বতাহত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ, বতাহৰ গতি, বেগ আৰু জলীয় বাষ্পৰ ঘনত্ব আদি নিৰ্ণয় কৰিব পৰা যায়৷ উল্লেখযোগ্য যে MetFlux India নামৰ এই প্ৰকল্পটোৰ ব্যয় বহন কৰিছে Union Ministry of Earth Sciences এ৷
 
জলবায়ুৰ বিষয়ে আলোচনাত কাৰ্বন চি্ংক (Carbon Sink)ৰ ভূমিকা সৰ্বাধিক৷ অৰ্থাৎ এখন অৰণ্যই বা এজোপা গছে সালোক সংশ্লেষণৰ বাবে কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰে৷ সেউজীয়া পাতত সালোক সংশ্লেষণৰ সময়ত পানীৰ অণু আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত হোৱা জৈৱ বিক্ৰিয়াত উদ্ভিদে শৰ্কৰা জাতীয় খাদ্য তৈয়াৰ কৰাৰ লগতে পানীৰ অণুৰ জাৰণ ঘটাই অক্সিজেন গেছৰ সৃষ্টি কৰে আৰু পত্ৰৰন্ধ্ৰেৰে বায়ুমণ্ডলত এৰি দিয়ে৷ ইয়াৰ বিপৰীতে সেই অৰণ্যৰ জীৱকূলে নিশ্বাসত কাৰ্বন-ডাই-অক্সাইড্ এৰি দিয়ে৷ যদিহে এই কাৰ্বন শোষণৰ পৰিমাণ নিশ্বাসত এৰি দিয়া কাৰ্বনৰ মাত্ৰাত অধিক হয়, তেতিয়া সেই অৰণ্যই কাৰ্বন চ্ৰিংকৰ দৰে কাম কৰে৷
 
সাধাৰণতে আমি ধাৰণা কৰো যে অৰণ্য এখনে কাৰ্বন শোষণ বেছি কৰে উৎপন্ন হোৱা পৰিমাণতকৈ৷ সেইয়ে অৰণ্যৰ সংখ্যা বা পৰিমাণ বৃদ্ধিক বিশ্বজুৰি গুৰুত্ব আৰোপ কৰা হয় যাতে মানৱ সৃষ্ট কাৰ্বনক শোষণৰ ব্যৱস্থা কৰিব পৰা যায়৷ অৰণ্যই প্ৰধানত কাৰ্বন শোষণ কৰে সালোক সংশ্লেষণৰ দ্বাৰা, যি সালোক সংশ্লেষণৰ দ্বাৰা ফল-ফুল উৎপাদন কৰি অৰণ্যৰ জৈৱবৈচিত্ৰ্যক জীয়াই ৰাখে৷ বিশ্বত অৰণ্যৰ এই কাৰ্বন চিংকবোৰ ধ্বংসৰ বাবে মুঠ ৩০% CO2 তথা গ্ৰীণ হাউছ গেছৰ সৃষ্টি হৈছে৷ জৈৱিক ইন্ধন (কয়লা, প্ৰাকৃতিক গেছ, তেল) ব্যৱহাৰৰ ফলত বিশ্বজুৰি ৩৫% CO2 ৰ উৎপাদন ঘটিছে৷ উল্লেখযোগ্য যে এই CO2 গ্ৰীণ হাউছ গেছ বৃদ্ধিৰ বাবে ৭৫-৮০% দায়ী৷
 
কাজিৰঙাৰ গছ-বন,পাহাৰৰ লগতে জলাশয় তথা বিলসমূহ এই কাৰ্বন চিংক হিচাপে বিবেচনা কৰা হয়৷ বিল-জলাশয়সমূহত থকা জলজ উদ্ভিদবোৰে (পানীৰ তলৰ আৰু ওপৰৰ) কাৰ্বন শোষণ কৰি কাৰ্বনৰ মাত্ৰা কমায়৷ গতিকে উদ্যানৰ ভিতৰৰ জলাশয়বোৰৰ লগতে কাজিৰঙাৰ জনাঞ্চলত থকা অতীজৰ কাজিৰঙা, হুকুমাৰ দৰে বিলবোৰ বৃহৎ কাৰ্বন চিংকৰ দৰে কামত লাগিছিল৷ অতি পৰিতাপৰ কথা এসময়ত কাৰ্বন চিংক হিচাপে কাম কৰা কাজিৰঙাৰ প্ৰাচীন এই বিল দুখন পোত খাই অহাটো কাজিৰঙাৰ জলবায়ুৰ বাবে এক বৃহৎ ভয়ংকৰ ভাৱুকি৷ এইবোৰ ঘটনাই জলবায়ু পৰিৱৰ্তনক আৰু ত্বৰান্বিত কৰিছে৷ সেয়ে ২০১৫ চনত পেৰিছত আন্তৰাষ্ট্ৰীয় জলবায়ু চুক্তিত সকলো দেশৰ লগতে ভাৰত চৰকাৰেও Zero CO2 emission ৰ প্ৰতিশ্ৰুতি দিলে৷ ভাৰতবৰ্ষত পৰিৱেশবহনক্ষম উন্নয়নৰ বাবে National Adaption fund for Climate Change (NAFCC) নামৰ পুঁজি নিৰ্মাণ কৰিলে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবে-পশ্চিমে, উত্তৰে-দক্ষিণে জনাঞ্চলত লাগি থকা পোতখাই যোৱা বিলবোৰক পুনঃজীৱিতকৰণৰ যোগেদি পুনৰ বিলসমূহৰ পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰি এইবোৰক কাৰ্বন চিংক হিচাপে তৈয়াৰ কৰি বহনক্ষম উন্নয়নক আদৰি অনাৰ আচঁনি হিচাপে কাজিৰঙাৰ দুখন প্ৰাচীন বিল কাজিৰঙা-হুকুমাক এই প্ৰকল্পৰ অধীনলৈ অনা হ’ল৷ বিলৰ চৌদিশৰ ৰাইজে সমৰ্থন আগবঢ়ালে৷ যদিও চৰকাৰী পাকচক্ৰ আৰু আমাৰ স্থানীয় ৰাজনৈতিক নেতাৰ কাৰ্বনমুক্ত অৰ্থনীতি আৰু উন্নয়নৰ প্ৰতি উদাসীনতাৰ ফলত বিল দুখন পুনঃজীৱিতকৰণৰ বাবে অহা পুঁজি চৰকাৰে ঘূৰাই ল’লে৷ (যি বিজেপি চৰকাৰে কাজিৰঙাৰ জলবায়ু পৰিৱৰ্তনক ৰোধ কৰি বহনক্ষম উন্নয়নৰ নামত আন্তৰ্জাতিক চুক্তি মৰ্মে পুঁজি আগবঢ়াইছিল— এই পুঁজি তৃতীয় বাৰ শাসনলৈ অহা চৰকাৰখনে মুকলি কৰি দিয়ে নে নিদিয়ে সেইটো সময়ে ক’ব)৷
 
যিটো দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত পেৰিছত হোৱা জলবায়ু পৰিৱৰ্তন ৰোধ চুক্তিত চহী কৰি ভাৰত চৰকাৰে NAFCC নামেৰে এক বৃহৎ পুঁজি গঠন কৰি অসম, কেৰেলা, কৰ্ণাটক আদি ৰাজ্যত সেই পুঁজিৰে কাৰ্বন চিংকসমূহ সংৰক্ষণৰ বাবে, বহনক্ষম তথা কাৰ্বন মুক্ত অৰ্থনীতি (Carbon free Economy) সৃষ্টি আদিৰ বাবে মহান চিন্তাৰে আগবাঢ়িছে যাৰ মহান উদ্দেশ্য হ’ল— বিশ্বজুৰি উৎপন্ন হোৱা ৫৯ বিলিয়ন মেট্ৰিকটন কাৰ্বন-ডাই-অক্সাইড তথা গ্ৰীণ হাউচ গেছক প্ৰত্যাহ্বান জনাই জিৰ’ কাৰ্বন নিঃসৰণ৷ পিছে আজিলৈকে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰিব পৰা বিল দুখনৰ বাবে অহা পুঁজিৰ পৰা কাজিৰঙাক বঞ্চিত কৰাটো কাজিৰঙাৰ জলবায়ুৰ বাবে নেতিবাচক খবৰ৷
 
ইতিমধ্যে আমি দেখিছোঁ ৰাষ্ট্ৰীয় উদ্যানৰ তৃৰ্ণভূমি অঞ্চললৈ নামি অহা প্ৰত্যাহবানবোৰ৷ জলবায়ু পৰিৱৰ্তন আৰু মানৱ সৃষ্ট প্ৰদূষণৰ বাবেই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কাঠনি অঞ্চল তথা অপতৃণৰ সংখ্যা বাঢ়ি যোৱা৷ ফলত বিশ্বৰ বিপদাপন্ন (Endangered) প্ৰাণী বাঘ, উলুমৰা. দল হৰিণ, হাতী, গঁড় আদিৰ বাবে ভাৱুকি কঢ়িয়াই আনিছে৷ বন্যপ্ৰাণী অহাযোৱা কৰিডৰবোৰতো মানুহৰ হেঁচা সৃষ্টি হ’ল৷ এনিমেল কৰিডৰবোৰ বন্ধ হৈ পৰাৰ ফলত দাঁতিকাষৰীয়া থলুৱা কৃষকে জীয়াতু ভুগিব লগা হ’ল৷ বন্যপ্ৰাণীবোৰ প্ৰায়ে ওলাই আহি থলুৱা সাধাৰণ মানুহৰ খেতি-খোলাত পূৰ্বতকৈ বেছি উৎপাত কৰিবলৈ ধৰিলে৷ শেহতীয়াকৈ দেখা গৈছে— উদ্যানৰ ভিতৰত বনজুই জ্বলোৱাৰ সময়ত বনকৰ্মীসকল বন্যপ্ৰাণীৰ দ্বাৰা আক্ৰান্ত হোৱা৷ এজন বনৰক্ষীয়ে নিজৰ জীৱন বিপদাপন্ন কৰি কৰ্তব্য সম্পাদন কৰে৷ কিন্ত সেইসকলৰ মাজৰ অস্থায়ী কৰ্মীসকলক স্থায়ী কৰাৰ বাবে কোনো এখন চৰকাৰৰে পুঁজি নাথাকে৷
 
কাজিৰঙাত কৰ্মৰত এনজিঅ’সমূহৰ কপাল ভাল৷ তেওঁলোকৰ প্ৰতি বনবিভাগ সদয়৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পঞ্চাশ সংখ্যক বৰ্ষপূতিত দাঁতিকাষৰীয়া থলুৱা মানুহৰ কোনো স্থানো নাছিল আৰু অংশগ্ৰহণো নাছিল৷ এই কথাই হয়তো অন্য ঠাইৰ শিক্ষিত সমাজক আচৰিত কৰি তুলিব৷ দুদিনৰ বাবে অহা অনাঅসমীয়া উচ্চপদস্থ বনবিষয়াই ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত বাস কৰা এইবোৰ অনাখৰী গঞা মানুহৰ উদ্যানখনৰ সংৰক্ষণৰ প্ৰতি অতীজৰে পৰা থকা বৰঙনি আজিলৈকে নেদেখিলে বা অনুভৱ কৰিবলৈ অক্ষম৷ কেৱল এমুঠিমান বনকৰ্মীৰে পাৰিবনে উদ্যানখনৰ বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ? আজি কিছু বছৰৰ আগতে উদ্যান কতৃপক্ষৰ এই আচৰণ নাছিল৷ ৰাষ্ট্ৰীয় উদ্যানখন কোম্পানী বা কোনো ব্যক্তিগত মালিকাধীন নহয়৷ ৰাইজৰ সম্পদ৷ কেৱল বিভাগীয় মন্ত্ৰী পাৰিষদক সন্তষ্টিকৰণ কাৰ্যকলাপে কোনোবা অফিচাৰৰ প্ৰমোচনত সহায়ক হ’ব পাৰে। ৰাষ্ট্ৰীয় উদ্যানৰ সহায়ক নহয়৷ বনৰ্কমীসকলৰ লগতে থলুৱা দাঁতিকাষৰীয়া কৃষক শ্ৰমিকেও নিজৰ কৃষি পথাৰ, নিজৰ গোধন, গো-চৰণীয়া পথাৰ ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত উছৰ্গা কৰি আহিছে৷ পুনৰ কওঁ উদ্যান কতৃপক্ষই চৰকাৰক সন্মত কৰাওক— দাঁতিকাষৰীয়া মানুহৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ, আহত বনকৰ্মী আৰু দাঁতিকাষৰীয়া মানুহৰ চিকিৎসাৰ বাবে কাজিৰঙাত এখন যাবতীয় সা-সুবিধা থকা চিকিৎসালয় প্ৰতিষ্ঠা কৰক অন্যথা কহঁৰাত থকা হস্পিতালখনক উপযুক্তভাৱে গঢ় দিয়াৰ বাবে চৰকাৰক দাবী কৰক৷ এইক্ষেত্ৰত এনজিঅ’বোৰকো বনবিভাগে আবেদন কৰক৷ অস্থায়ী বনকৰ্মীসকলৰ চাকৰিটো স্থায়ীকৰণৰ বাবে হেঁচা প্ৰয়োগ কৰক৷ আজিলৈকে উদ্যান কতৃপক্ষই কিয় ইক’ চেনচিটিভ জ’ন আইনখনৰ বিষয়ে জনতাক বুজাব নোৱাৰিলে বা বুজোৱাৰ চেষ্টা নকৰিলে? উদ্যানৰ বহিঃভাগৰ পৰিবেশ ধ্বংস বিষয়বোৰে কিয় তেওঁলোকৰ টেবুলত স্থান নাপায়? যি বন্যপ্ৰাণী পৰ্যটনক লৈ বৃহৎ ৰাজহ সংগ্ৰহ কৰা হৈছে,সেই পৰ্যটনেই যেন বন্যপ্ৰাণীৰ বাবে আজি কাজিৰঙাত মৰণফান্দ হৈ পৰিছে৷ বিশেষকৈ জীৱ-জন্তু আহযাহ কৰা এনিমেল কৰিডৰবোৰত পৰ্যটনৰ চাহিদা দেখি আজিও নতুন নতুন নিৰ্মাণ কাৰ্য চলি আছে অথচ উচ্চতম ন্যায়ালয়ে প্ৰতিবাৰে কঠোৰ নিৰ্দ্দেশ এই নিৰ্মাণৰ বিৰুদ্ধে প্ৰদান কৰে৷ এমপাৱৰমেণ্ট সমিতিও গঠন কৰি দিয়া হয়৷ তৎস্বত্ত্বেও এইবোৰ ৰক্ষা কৰিব পৰা নাযায় কিয়? এনিমেল কৰিডৰেদি বন্যজন্তু পাৰ হৈ যাব নোৱাৰিলে মানুহৰ ঘৰ-বাৰীলৈ জানো বন্যপ্ৰাণীবোৰ সোমাই নাহিব? কেৱল দাঁতিকাষৰীয়া সাধাৰণ মানুহৰ স্বাধীনতাৰ ওপৰতহে আইনী বাধ্য-বাধকতা থাকে, পাহাৰ, হোলা, পথাৰ ধ্বংস, এনিমেল কৰিডৰ বন্ধ কৰা বেপাৰীসকলৰ বিৰুদ্ধে নাথাকে নেকি? অলপতে কাজিৰঙাৰ সোঁমাজত থকা দক্ষিণ দিশত কাৰ্বিপাহাৰৰ সমতলত থকা থলুৱা মানুহৰ কৃষিভূমি আৰু বন্যহস্তী অহাযোৱা কৰা ঠাইত হায়াত গ্ৰুপৰ বিলাসী হোটেল নিৰ্মাণৰ বাবে স্থানীয় প্ৰশাসনে থলুৱা মানুহৰ ঘৰ ভাঙি দিছে, যিবোৰ মানুহৰ ভোটেৰে চৰকাৰ গঠন হয়৷ সেই চৰকাৰৰ প্ৰশাসনে সাধাৰণ মানুহৰ ক্ষেত্ৰত কেনেকৈ ইমান নিৰ্দয় হ’ব পাৰে? প্ৰশাসনে ঘৰ-দুৱাৰ ভাঙি দিয়া এগৰাকী আউলি বাউলি হোৱা থলুৱা মহিলাই চিঞৰি চিঞৰি অভিশাপ দিছিল— “মাটিও গ’ল! হাতীও গ’ল!” পাৰিপাৰ্শ্বিকতা ধ্বংসৰ এই আখৰা দেখিও কাজিৰঙাত কৰ্মৰত বৃহৎ প্ৰকৃতিপ্ৰেমী এনজিঅ’বোৰ নিমাত! তেন্তে ২০১৩ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সুন্দৰবন সংৰক্ষণৰ বাবে সংঘটিত ঢাকাৰ পৰা সুন্দৰবনলৈ হোৱা লংমাৰ্চৰ দৰে প্ৰতিবাদ কাজিৰঙাৰ থলুৱা মানুহেও কৰিব লাগিব নেকি?
 
প্ৰকৃতিৰ উদাৰ অভিপ্ৰায়ক লঙ্ঘন কৰি মানুহে এক অভিশাপ বহন কৰিবলৈ আগ বাঢ়িছে৷ মানুহ নামৰ স্বাৰ্থপৰ প্ৰাণীবিধক বাদ দি সকলো জীৱই প্ৰকৃতিৰ নিয়মত আগ বাঢ়ি দায়িত্ব পালন কৰি আছে, গছ-বনে নিৰ্মল বায়ু দি আছে, সৰাপাতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি আছে, চৰাইয়ে পোক পৰুৱা নিয়ন্ত্ৰণ কৰি আছে, বাঘে তৃৰ্ণভোজী প্ৰাণীৰ বংশবৃদ্ধি নিয়ন্ত্ৰণ কৰি পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰি আছে, মৌমাখি, পখিলাই পৰাগ সংযোগ কৰি আছে৷ ভালকৈ মন কৰকচোন, প্ৰকৃতিয়ে হিংসাৰ ভাষা শিকোৱা নাই, প্ৰকৃতিয়ে অহৰহ সৌহাদ্যৰ ভাষাৰে মাত দি আছে৷ প্ৰকৃতিৰ সৈতে কাজিৰঙাই সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপনতে লুকাই আছে থলুৱা মানুহৰ মুক্তি আৰু নিৰাপত্তাৰ সূত্ৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *