নিবন্ধশিল্প-কলা-সংস্কৃতি

কেৱল মানুহৰ আছে গান-(ফটিক বৰা)

কেৱল মানুহৰহে সংস্কৃতি আছে। অন্য জীৱৰ সংস্কৃতি বুলি একো নাই। মানুহ হিচাপে মানুহৰ আচল পৰিচয়েই হ’ল মানুহৰ সংস্কৃতি। কৃতি বা কর্মৰ বলতে মানুহ হৈছে মানুহ!

প্রাণী মাত্ৰেই জীৱনৰ মূল প্ৰেৰণা হৈছে বাচি থকা। আন আন প্ৰাণীয়ে প্রকৃতিয়ে গঢ় দিয়া পৰিবেশৰ সীমাবদ্ধতাকে মানি তাৰ মাজত বাস কৰে। মানুহেও যিমান দূৰলৈকে প্রয়োজন আৰু অপৰিহাৰ্য্য সিমান দূৰলৈকে প্রকৃতি নিৰূপিত পৰিবেশৰ লগত খাপ খুৱাই অস্তিত্ব ৰক্ষা কৰে। কিন্তু মানুহ তাতে সন্তুষ্ট নহয়। মানুহে প্রকৃতি নিৰূপিত সীমাবদ্ধতা অতিক্রম কৰি প্ৰকৃতিক নিজৰ আয়ত্বলৈ আনি নিজৰ উপযোগী কৰিবলৈ চেষ্টা কৰে।  

মানুহে যিমান পাৰে প্ৰকৃতিৰ পৰা জীয়াই থকাৰ উপায় বিচাৰি লয়। ইয়াৰ নামেই হ’ল জীৱিকা প্রচেষ্টা। মানুহৰ সভ্যতাৰ মূলপ্ৰেৰণা হৈছে প্ৰকৃতিৰ অন্ধ দাসত্বৰ পৰা মুক্তিলাভ কৰা। কায়িক আৰু মানসিক চেষ্টাৰ বলত মানুহে ক্রমান্বয়ে জীৱিকাৰ উন্নত প্রণালী আয়ত্ব কৰিছে। উন্নত জীৱিকা প্রণালীৰ অন্তৰালত আছে মানুহৰ শ্ৰম (human labour)। এই শ্ৰমৰ বলতে মানুহ অন্য জীৱনৰ তুলনাত উন্নত হৈছে: প্ৰকৃতিৰ দাসত্বৰ পৰা কিছু স্বতন্ত্রতাৰ অধিকাৰী হৈছে‌। মানুহে সৃষ্টি কৰিছে সভ্যতাৰ নতুন নতুন উপাদান।  

জীৱিকাৰ উপকৰণবোৰ মানুহে নিজেই শ্ৰমৰ দ্বাৰা সৃষ্টি কৰিব পাৰে। নিষ্কর্মা হৈ প্রকৃতিৰ মুখলৈ চাই মানুহে হাত সাবতি বহি নাথাকে‌। অফুৰন্ত শ্ৰম আৰু প্ৰকৃতিৰ শক্তিক নিজৰ আয়ত্বলৈ আনিবলৈ চলিছে মানুহৰ অন্তহীন সংগ্ৰাম‌। এই সংগ্ৰামত মানুহ যিমানেই জয়ী হৈছে, জীৱিকাৰ চাহিদা আৰু জীৱনৰ প্ৰয়োজন যি পৰিমানে পূৰ কৰিব পাৰিছে তাৰ প্ৰতিফলন মানুহৰ সভ্যতা-সংস্কৃতিত ঘটে‌। মানুহৰ সভ্যতা বা সংস্কৃতি হৈছে মানুহৰ নিৰলস জীৱন সংগ্ৰামৰ জয়ৰ স্বাক্ষৰ‌।

জীৱিকা অৰ্জনৰ বাবে কৰা সংগ্ৰামৰ পথত মানুহে বাস কৰা পৰিবেশ সলনি হৈছে‌। মানুহৰ পৰিবৰ্তনৰ অৰ্থ এইটো নহয় যে জীৱ বা প্ৰাণী হিচাপে মানুহৰ জৈৱিক তাড়না, কামনা, বাসনা আদিও লুপ্ত হৈছে‌।আনপ্ৰাণীৰ দৰে মানুহৰৰ ভোক, ভাগৰ, নিদ্রা, যৌন প্রবৃত্তি, ভয়, শংকা আদি আছে। কিন্তু ইতৰ প্ৰাণীৰ পৰা মানুহৰ পাৰ্থক্য ইয়াতে যে মানুহে নিজৰ জীৱিকাৰ বাট উলিয়াই লৈছে; এক সামাজিক-অর্থনৈতিক জীৱন গঢ়িছে: প্রকৃতিৰ ৰাজ্যত তেওঁ নানাধৰণে আধিপত্য স্থাপন কৰিছে।

জীৱিকাৰ প্ৰয়োজনত মানুহৰ জৈৱ-ধর্ম বিলুপ্ত নহয়। কিন্তু তাৰ প্রকাশভঙ্গী আৰু শক্তিৰ মাত্ৰাৰ ৰূপান্তৰ হয় – যাতে তেনে নিয়ন্ত্রণ আৰু ৰূপান্তৰ তেওঁৰ জীৱনযাত্ৰাৰ সহায়ক হয়। এনেকৈয়ে জৈৱধৰ্মৰ ৰূপান্তৰ হৈ মানৱপ্ৰবৃত্তিৰ ৰূপ লয়। জীৱনধাৰণৰ প্রয়োজনত যিমানেই মানুহৰ আর্থিক জীৱন পৰিবর্তিত হয়, সিমানেই তেওঁৰ মানৱ প্রবৃত্তিও বিকশিত হয়; নতুন শক্তিৰে, নতুন সংযম নিয়মেৰে তাৰ প্রকাশ ঘটে। এনে অর্থতেই জৈৱপ্ৰবৃত্তিৰ অংশীদাৰ হৈও মানৱ প্ৰকৃতিৰ পৰিবর্তন হয়।

ইতৰ প্ৰাণীৰ দৰে মানুহ কেৱল জৈৱ প্রবৃত্তিৰ অচেতন দাস হৈ থকা হ’লে মানুহৰ প্ৰকৃতিৰ এনে পৰিবর্তন নহ’লহেঁতেন। আর্থিক আৰু সাংস্কৃতিক জীৱন নথকা হ’লে থাকিলেহেঁতেন মানুহৰ কেৱল পশুৰ জীৱন, যি জীৱনৰ পৰিবৰ্তন আৰু বিকাশ নাই; যি পৰিবেশক সলাব নোৱাৰে আৰু নিজেও সলনি হ’ব নোৱাৰে; য’ত থাকে মাথোঁ প্রকৃতি নিৰূপিত পৰিবেশত আবদ্ধ গতানুগতিকতা।  

জীয়াই থকাৰ প্ৰয়োজনত মানুহে গঢ়িছে তেওঁৰ আর্থিক আৰু সামাজিক জীৱন। জীৱনাত্ৰাৰ পথত পোৱা প্রতিকূল পৰিবেশ আৰু অশুভ শক্তিসমূহৰ স’তে যুঁজিবলৈ মানুহক লাগে আন আন মানুহৰ সহযোগিতা। অন্তহীন শ্ৰমৰ যোগেদি মানুহে অর্জন কৰা জীৱিকা প্রণালীক শৃংখলাবদ্ধ ৰূপ দিবলৈ আৰু শ্ৰমৰ ফচলক সুৰক্ষিত কৰিবলৈ মানুহে গঢ়ি তুলিছে দেশ, কালভেদে নানা ৰূপৰ সমাজ আৰু অর্থনীতি। জীৱনযাত্ৰাৰ গতি আগুৱাই যাওঁতে নিজৰ অজানিতে মানুহ পৰিবৰ্তন হৈ আছে। এই পৰিবর্তন প্রতিদিনে চকুত পৰা পৰিবর্তন নহয়। এক সুদীর্ঘ কালজুৰি ভঙা-গঢ়া, সামাজিক আলোড়ন-উত্থানৰ মাজেদি এই পৰিবর্তন হয়। যুগান্তৰে যুগান্তৰে সমাজৰ আকৃতি প্রকৃতি সলনি হয় আৰু সংস্কৃতিৰো ৰূপান্তৰ হয়।  

বস্তুজগত আৰু মানুহৰ বাস্তৱিক সমাজজীৱন কেৱল মানুহৰ মনৰ সৃজন নহয় [not the subjective creation of the mind]। বস্তুজগত আৰু মানুহৰ সমাজ জীৱনত অনবৰতে সৃষ্টি, স্থিতি, বিলয়ৰ প্রক্রিয়া যুগপৎ চলিব লাগিছে৷ বস্তুজগত আৰু তাৰ ওপৰত নিৰ্ভৰশীল মানৱ জীৱন কোনোটোৱেই জড় নহয়। বস্তু আৰু প্রকৃতিও জড় নহয়, বৰং সিবিলাক চিৰচঞ্চল আৰু গতিশীল। তাৰ ফলতেই হয় নতুন নতুন সৃষ্টি।

বিশ্ব প্রকৃতিৰ সকলো বস্তুৰ কোঁহে কোঁহে, আঁহে আঁহে এক অন্তহীন আলোড়ন চলিবই লাগিছে। এই আলোড়নেই সৃষ্টি, স্থিতি, বিলয়ৰ ধাৰা চলাই ৰাখিছে। বিলয়ৰ পিছৰ অৱস্থা শূন্যতা নহয়, বৰং নতুন ৰূপান্তৰ, নতুন সৃষ্টি। নতুন সৃষ্টিৰ বাবেই পুৰণিৰ বিলয়। সৃষ্টিৰ পিছৰ অৱস্থা যদিও দেখাত স্থিতি, কিন্তু সেই স্থিতিৰ আঁৰতো পুনৰ নতুন সৃষ্টিৰ বাবে পুৰণিৰ বিলয়ৰ প্রক্রিয়া চলি থাকে। ক’ব পাৰি যে The things are in constant flux. There is an endless process of being and becoming. ওপৰৰ কথাখিনিত ইংৰাজী বাক্য দুটিৰ অৰ্থ সোমাই আছে।

বস্তু প্রকৃতি আৰু মানৱ সমাজৰ ধাৰাবাহিক আৰু নিৰন্তৰ ৰূপান্তৰৰ কথা কোৱা হৈছে – আমাৰ সমাজৰ আমি বিচৰা পৰিবৰ্তনৰ স্বাৰ্থৰ কথা মনত ৰাখিয়ে। বর্তমানে বিৰাজমান অসূয়া-অপ্রীতি, দ্বন্দ্ব-সংঘাতত জর্জৰিত সমাজখনকো যে পৰিবৰ্তনৰ অমোঘ নিয়মক সাৰথি কৰি সচেতন চিন্তা আৰু কৰ্মৰ দ্বাৰা সলাব পাৰি – সেই কথা বুজাবৰ বাবেহে জগত পৰিবৰ্তনৰ চিৰন্তন নিয়মৰ কথা কোৱা হৈছে।

আমি কৈ আহিছোঁ যে মানুহ ইতৰ প্ৰাণীৰ পৰা পৃথক তেওঁৰ সংস্কৃতিৰ বাবে। মানুহৰ ভাষা হ’ল মানৱ-সংস্কৃতিৰ এটি উপাদান, এটি অঙ্গ। প্রথিতযশা কবি নৱকান্ত বৰুৱাই কৈছেঃ “আন জীৱজন্তুৰ লগত মানুহৰ পার্থক্য হেনো ভাষাত।” ভাষা হেনো ধবনিৰ অনুকৰণৰ সৃষ্টি। আকৌ ধবনিৰ অনুকৰণ হ’ল ধবনি অনুবৃত্তি (onomaetopia)। ভাষা হৈছে বস্তু আৰু কাৰ্য্যৰ নির্দেশক সংকেত। একোটা ভাষাত বিশেষ বিশেষ ধ্বনি কোনো বস্তুবিশেষ নির্দেশক। কোনো বস্তুৰ গুণ-প্রকৃতি বুজোৱা ধ্বনি আৰু কোনো কাৰ্য্যৰ চিত্র বর্ণনাৰ যোগেদি আমি ভাষাক অলংকাৰ পিন্ধাওঁ।

বৰুৱাদেৱে কৈছে যে অভিজ্ঞতালব্ধ তুলনা, বিৰোধ, সমানতা আদি ধাৰণাবোৰে ভাষাক অলংকাৰপূৰ্ণ কৰি তোলে। কবিতা বা সাহিত্যৰ মাধ্যম হ’ল ভাষা। গতিকে, ভাষাৰ অলংকাৰযুক্ত প্রকাশভঙ্গী সাহিত্যলৈ সোমাই আহে। ভাষা যদি বস্তুৰ সত্তা, গুণ আৰু প্রকৃতি নির্দেশক ধ্বনি সমষ্টি হয়, তেন্তে আমাৰ আলোচনাৰ বিষয় হ’ল ভাষাই বহন কৰা ভাৱসম্পদহে। ভাষা হৈছে সমাজ পাতি থকা মানুহে জীয়াই থকাৰ বাবে কৰা যৌথশ্ৰমৰ (collective labour) ফচল। যৌথশ্রম প্রক্রিয়াত সহযোগিতা অপৰিহাৰ্য্য। সচেন অনুকৰণেই হৈছে সহযোগিতাৰ প্রথম খোজ। সহযোগিতাৰ প্ৰয়োজনতে মানুহে নিজৰ জনসমষ্টিয়ে গ্রহণ কৰি লোৱা অৰ্থ আৰু ইঙ্গিতসূচক ধ্বনিসমূহ আয়ত্ব কৰে৷ কাৰণ, শ্রম প্রক্রিয়াত আন মানুহৰ সহায়ৰ প্রয়োজন, হলেই সেইসমূহ পৰিচিত ধ্বনিৰে আনক সহায় খুজিব লাগিব। কিন্তু সচেতন অনুকৰণৰ। শক্তি আয়ত্ব কৰিব পাৰিলেই সহযোগিতাৰ স্বভাৱ আপোনা আপুনি আহিব বুলি কোনো কথা নাই। আচলতে, হাতিয়াৰ-সঁজুলি আৰু বাগধ্বনি বা বাণী ব্যৱহাৰৰ লগত সহযোগিতাৰ বিকাশৰ নিবিড় সম্পর্ক আছে। সহযোগিতা অবিহনে বাগধ্বনি বা বাণী সৃষ্টিয়েই নহ’লহেতেন‌।

সহযোগিতাৰ প্রধান অর্থই হৈছে – এজনৰ মগজুতকৈ বহুজনৰ মগজু শ্রেষ্ঠ। এজন মানুহৰ মগজুসঞ্চিত/উদ্ভূত ধ্যান ধাৰণা সীমিত। কিন্তু বহুজন মানুহৰ মগজুনিসৃত চিন্তা-ধাৰণা তাতোকৈ বহল – এয়ে মূল কথা। এই চিন্তা ধাৰণাবোৰৰ কেন্দ্ৰ হৈছে জীৱন যুদ্ধত মানুহৰ জয়লাভৰ উপায় সাধনা। জয়লাভৰ কাৰ্যকৰী উপায় উলিয়াবলৈ হলে মগজুৰ বিকাশ ঘটিব লাগিব। তাৰ অবিহনে মানুহৰ অস্তিত্ব নৰয়। বাস্তৱ সত্যক চিনি লৈ তাৰ পোহৰত জীৱনযুঁজত আগুৱাই যোৱাৰ প্রয়োজনে মানুহৰ মগজুৰ বিকাশ

অনিবাৰ্য্য কৰি তুলিছে। এয়া ইতিহাসৰ সত্য। এই সত্যক সাৰথি কৰি সমষ্টি মানুহে নিজৰ মগজুৰ সামগ্রিক বিকাশ ঘটালে।

মানুহে প্ৰকৃতিৰ দাস আৰু খেলাৰ পুতলা হৈ নাথাকি নিজৰ স্বাৰ্থৰ অনুকুলে প্ৰকৃতিৰ পৰিবেশ সলনি কৰিবলৈ জীৱিকাৰ সঁজুলি তৈয়াৰ কৰিলে। সেই সঁজুলিক সামাজিক শ্ৰমত ব্যৱহাৰ কৰোঁতে মানুহে বাগ্‌ধ্বনি আৰু সহযোগিতা যুগপৎ কামত লগালে। জর্জ টমচনে কৈছে – tools, speech, co-operation- are parts of a single process – the labour of production. This process is distinctively human, and its organizing unit is society [ The Human Essence, P.P.-18-19)‌। চাবলগীয়া কথা হ’ল-বাগধ্বনি (speech) আৰু চিন্তা পৰস্পৰ ওতঃপ্ৰোতভাৱে জড়িত। মানৱ সমাজৰ বিকাশৰ এটা উন্নত স্তৰতহে অৱশ্যে বাগধ্বনি বা বাণী (speech) আৰু চিন্তা – দুয়োটা লগালগি হৈছিল। বাগধ্বনি বহুসময়ত চিন্তাৰ বাহক নাছিল – মানুহৰ অনগ্ৰসৰ অৱস্থাত। কিন্তু সমাজপাতি থাকি সহযোগিতাৰে জীৱনযাত্রাত আগুৱাই যাওঁতে চিন্তাশক্তিৰ বিকাশ হয় আৰু বাগ্‌ধ্বনিয়ে বিকশিত চিন্তা বহন কৰিব পৰা হয়।

বহু সময়ত, বিশেষকৈ বাগধ্বনিৰ (speech) বিকাশৰ আগতে অঙ্গিভঙ্গিয়ে মানুহৰ ভাৱ প্ৰকাশ কৰিছিল। আজিও অঙ্গিভঙ্গীৰে ভাব প্রকাশ ঘটে। বিশেষকৈ, কলাৰ ৰূপলোৱা – mime অত, নৃত্যৰ মুদ্ৰাত আৰু নাট অভিনয়ৰ মুদ্ৰাত শব্দহীন অঙ্গিভঙ্গীয়ে কথাবস্তুক প্রকাশ কৰে।

জর্জ টমচনে কৈছে : The structural principles of speech and music have a common origin in the labour process [The Human Essence, P.P.-21].সকলো ভাষাতে একোটা বাক্যত বস্তু আৰু তাৰ কাৰ্য্যৰ বর্ণনা থাকে। বাক্যত ব্যৱহাৰ হোৱা শব্দমালাৰ প্রধান ভাগ কেইটা হৈছে – বস্তুৰ নাম (name word, noun) আৰু তাৰ গতি (move-word, verb) বা কাৰ্য। প্রতি বাক্যতে কর্তা আৰু তাৰ কাৰ্য/ক্রিয়াৰ উল্লেখ থাকে। Noun আৰু Verb উভয়ে একোটা ধাৰণা দিয়ে। Noun টো স্থিতিশীল আৰু Verb টো গতি চঞ্চল অর্থাৎ কর্মময়। সাধাৰণ বাক্যত যি Noun কর্তা (Subject) আৰু কৰ্ম (Object) উল্লেখ থাকে মার্ক্সে তাৰ অর্থ বিস্তাৰিত কৰি কৰ্তাক (Subject) মানুহ আৰু কৰ্মক (Object) মানুহৰ কৰ্মৰ স্থল প্রকৃতি – এই ৰূপে দাঙি ধৰিছে। কর্তা মানুহ আৰু কর্ম (Object) প্ৰকৃতিৰ মাজত আহি থিত দিছে মানুহৰ সা-সঁজুলি,- যিটোৱে মানুহৰ উৎপাদন সহজ কৰি তোলে আৰু উৎপাদনৰ পৰিমাণ আৰু গুণ বৃদ্ধি কৰে।  

জর্জ টমচনে কৈছে যে যিদৰে শ্ৰম প্ৰক্ৰিয়াত কর্তা মানুহ আৰু কৰ্ম-প্রকৃতিৰ মাজত সা-সঁজুলিয়ে স্থিতি লৈছে (interpolate), তেনেকৈ মানুহৰ বাগ্‌ধ্বনি (ভাষা)য়ে শ্রমজীৱি মানুহবিলাকৰ মাজত তেওঁলোকৰ কৰ্মৰ সমন্বয়ৰ মাধ্যম হিচাপে কাম কৰিছে। ভাষা হ’ল উৎপাদনশীল শ্ৰমত নিযুক্ত বিভিন্ন মানুহৰ কাৰ্য্যৰ মাজত সংযোগ সাধনৰ মাধ্যম।  

‘ইতিপূর্বে নৱকান্ত বৰুৱাই ভাষাক ধ্বনি অনুকৰণৰ সৃষ্টি বুলি কোৱাৰ কথা কৈছোঁ। জর্জ টমচনেও সকলো ভাষাতে অনুকাৰ শব্দ (mimetic doublets) থকাৰ কথা কৈছে। তেওঁ কৈছে যে প্রাকৃতিক বস্তুৱে কৰা স্বাভাৱিক ধ্বনিক অনুকৰণ কৰিব পাৰে কেৱল মানুহে। সেয়েহে, ধ্বনিৰ অনুকৰণেৰে অনুকাৰ শব্দৰ সৃষ্টি হৈছে ভাষা সম্পদৰ এটা প্রধান উৎস। এই অনুকাৰ শব্দৰাজিয়েই শ্রমগীতৰ [labour-song] প্রকৃত আধাৰ। টমচনে কৈছে, –  “A labour-song or work-song, is a directive accompaniment to some form of manual labour, collective or individual, such as rowing, heaving, hauling, reaping, spinning etc. It … is a reflex action of the vocal organs accompanying the other bodily movements but charged with the conscious purpose of synchronizing the action [The Human Essence P.P.26]

পূর্ণ বিকশিত আৰু পূর্ণাঙ্গ গীত শ্ৰম-গীতৰ (Labour-song) পৰা পৃথক। যিহেতু, সি শ্রমপ্রক্রিয়াৰ পৰা নিলগত। তথাপি, পূর্ণাঙ্গ গীততো দুটা ভাগ আছে – এটা কণ্ঠ বা বাক্‌নিসৃত আৰু আনটো কায়িক [vocal and manual]। কণ্ঠই বাগধ্বনি সৃষ্টিৰে সুৰতৰঙ্গৰ সৃষ্টি কৰে আৰু কায়িক দিশত অঙ্গ-প্রত্যঙ্গৰ সঞ্চালন। পূর্ণাঙ্গগীতত শ্রম সঁজুলিৰ ঠাইত আছে সংগীতৰ বাদ্যযন্ত্র। এনে গীতত কণ্ঠৰ জোৰ আৰু প্রাধান্য বেচি। কণ্ঠধ্বনিয়ে অকলশৰীয়াকৈও গীতৰ সুৰৰ মুৰ্চনা সৃষ্টি কৰিব পাৰে।

ভূপেন হাজৰিকাৰ গীতবোৰত তেওঁৰ কণ্ঠৰ জোৰটোৱেই বেচি। ইয়াৰ কাৰণ হ’ল তেওঁ মানুহৰ জীৱনচৰ্য্যা আৰু জীৱন সংগ্ৰামক অন্তৰঙ্গভাৱে বুজি পায়; মানুহৰ জীৱনৰ অন্তনিহিত সত্য তেওঁ উপলব্ধি কৰে আৰু জীৱনসত্যক প্রকাশ কৰোঁতে মানুহৰ সমাজবদ্ধ জীৱনৰ অন্যতম শ্রেষ্ঠ সৃষ্টি অর্থপূর্ণ বাগধ্বনি বাণীৰ (speech) সচেতন তথা সুৰীয়া প্ৰয়োগৰ তাৎপর্য বুজি পায়। তেওঁ যে গায় –

পৰহি পুৱাতে তুলুঙানাঁৱতে

ৰংমন মাছলৈ গ’ল

মাছকে মাৰিবলৈ নালাগে যাবলৈ

ধুমুহা আহিবৰ হ’ল –

গীতটো গাওঁতে নাঁৱৰীয়াৰ শ্ৰম-ছন্দ আৰু গতিৰ তাল অনুকৰণ কৰি নিজ বাণী শক্তিৰে বাস্তৱৰ এক ইন্দ্রিয়ানুগ ছবি আঁকে।

মুঠৰ ওপৰত মানুহৰ জীৱিকাৰ শ্ৰম-ছন্দৰ লগত গীত-সঙ্গীতৰ যে নিবিড় সম্পর্ক আছে তাকে কোৱা হ’ল। শ্রম-বিভাজন আৰু উৎপাদনত উন্নত কাৰিকৰী কৌশল তথা সঁজুলিৰ ব্যৱহাৰে উৎপাদন প্রক্রিয়াক জটিল ৰূপ দিছে। জটিলতাৰ মাজেৰে মানুহৰ সভ্যতা-সংস্কৃতি আগবাঢ়িছে। কিন্তু দেশৰ সম্পদ আৰু সেৱাৰ স্ৰষ্টা শ্রমজীৱি জনসাধাৰণৰ শোষণ-নিপীড়ণৰ অৱসান বিচৰা মানৱতাবাদী গণতন্ত্রপ্রেমী লোকসকলে সংগীতৰ প্রকৃত উৎসৰ কথা পাহৰিলে নচলিব। সেয়ে, সামৰণিত কওঁ :

কেৱল মানুহৰ আছে কৃষ্টি, কেৱল মানুহৰ আছে গান‌।

* সহায়ক গ্রন্থ।

(১)নৱকান্ত বৰুৱা: কবিতাৰ দেহবিচাৰ

(২) Frederich Engels : Dialectics of Nature

(৩) George Thompson : The Human Essence

(8) গোপাল হালদাৰঃ সংস্কৃতিৰ বিশ্বৰূপ

Leave a Reply

Your email address will not be published. Required fields are marked *