“কিছুমান মাথো গান” আৰু প্ৰাসংগিক কিছু কথা—(প্ৰাগজ্যোতি গগৈ)
সাম্প্ৰতিক অসমীয়া সংগীতৰ ক্ষেত্ৰখনত বজাৰমুখী চাহিদা পূৰণৰ অৰ্থে একশ্ৰেণীৰ তৰল গীতে উভৈনদী হৈ প্ৰভাৱ বিস্তাৰ কৰাৰ বিপৰীতে আন একশ্ৰেণীৰ গীতেও মাজে-মধ্যে আহি ভূমুকি মাৰে, যিবোৰক কমাৰ্চিয়েলধৰ্মী প্ৰফেচনেলৰপৰা আমি নিলগাই চাব পাৰোঁ বা যিবোৰত একধৰণৰ নান্দনিক দিশ এটা থাকে। নান্দনিক দিশৰ লগতে যদি ৰাজনৈতিক ধৰ্মী, প্ৰতিবাদী ভাইব এটাও পোৱা যায় তেন্তে ই খুবেই ভাল কথা কিন্তু তাৰ সমান্তৰালকৈ আমি এইটোও চাব লাগিব যে সেই প্ৰতিবাদী কাৰুকাৰ্যসমূহ মূল শত্ৰুৰ বিৰুদ্ধে, তেওঁলোকক উদ্দেশ্যি হৈছে নে নাই বা ৰাইজক আচল শত্ৰুৰে পৰিচয় কৰাই দিয়া হৈছেনে নাই? যদি তেনে নহৈ আনুষংগিক সমস্যাৰ আলোচনাৰ মাজেৰে মূল শত্ৰুৰ প্ৰসংগক এৰাই চলে তেন্তে তাত দুটা দিশ থাকিব পাৰে— গীতিকাৰৰ সাম্প্ৰতিক ৰাজনীতি সম্পৰ্কে অজ্ঞতা আৰু মূল শত্ৰুৰ প্ৰসংগক নিলগাই বিষয়টি ডাইভাৰ্টৰ আন্তৰিক স্পৃহা। যদি গীতিকাৰ লেখা-মেলাৰ দৰে বৌদ্ধিক দিশেৰে জড়িত তেন্তে আমি সচৰাচৰ দ্বিতীয় দিশটোৰেই তেখেতক চোৱাৰ থল থাকিব আৰু এইক্ষেত্ৰত গীতিকাৰৰ অৱস্থানে স্বাভাৱিকতেই মূল শত্ৰুৰ সহায়ক হৈ উঠিব।
গোটাচেৰেক দিন আগতে মিতালী দে’ই কণ্ঠ নিগৰোৱা অতনু ভট্টাচাৰ্যৰ এটি গীত শুনিলোঁ। গীতটো মোটামুটি ঠিকেই, শ্ৰৱণযোগ্য গীত পিছে গীতৰ কম্পজিশ্যন, গায়কীৰ লগতে টেকনিকেল কথাবোৰ বাদ দি মূল লিৰিকচৰ লগতে আন কিছু কথাহে মনলৈ আহিছে। মিতালী দে’ ক্লাচিকেল বেছৰ চিংগাৰ বুলি জানো (শুনাহে হোৱা নাই) বাকী অতনু ভট্টাচাৰ্যক আমি সাহিত্যিক, গল্পকাৰ, হিচাপে জানি আহিছোঁ। গীতটোৰ আৰম্ভণি বা শিৰোনামটো কাণত কিবা এটা খহটা লাগিল। কিছুমান মাথো গান, বাকী সৱ কোলাহল.. কিবা এক সাংঘাতিক জোছ পালোঁ এইখিনিতে। জোছটো অলপ মধ্যবিত্তবুলীয়া। গীতৰ নামত সাংঘাতিক তৰল কিছু গীত উভৈনদী হৈ আছে যিবোৰৰ উদ্দেশ্য মাথো বজাৰমুখী চাহিদা পূৰণ কৰা। এই গীতটো বজাৰমুখী চাহিদা পূৰণৰ অৰ্থে নহয়। গীতিকাৰে টকা ঘটিম বুলি গীতটো লিখা নাই, তেনেস্থলত আন প্ৰফেচনেলৰ স’তে কমপেৰিজনৰ যথাৰ্থতা ইয়াত নাথাকে। এনে কমপেৰিজনে গীতিকাৰৰ এক ট্ৰেডিশ্বনেলিষ্ট ভিউৰহে উন্মেষ ঘটায় যি কিবা এটাক ভাল আৰু বেয়াৰ দ্বি-বিভাজনমূলক বৈপৰীত্যৰ মাজেৰে প্ৰত্যক্ষ কৰে। যেনেকৈ পপুলাৰ আৰু ক্লাচিক বুলি দুটা বাইনেৰী কৰা যায়। এই গীতটো ক্লাচিক নহয় কিন্তু ধৰা গ’ল গীতিকাৰে গীতটো এক ক্লাচিক সৃষ্টি বুলি বিবেচনা কৰিয়েই সুৰ ধৰি কম্পজিশ্যনেৰে জীৱন্ত ৰূপ দিলে, তেনেস্থলত পপুলাৰৰ কেটেগৰীত আহিল আনবোৰ গীত যিবোৰ গীতিকাৰৰ মতে মাথো কোলাহল। ইয়াতেই যদি অলপ বেছিকৈ টানিবলৈ যোৱা যায় এই ‘কোলাহল’ শব্দটোৱে বিঘিনি চপাব। গীতিকাৰে কেনেধৰণৰ কোলাহলৰ কথা ইয়াত কৈছে? গান মানে অকল শান্তিময়, মাইণ্ড ৰিলেক্সিং, চ’লফুল মিউজিক নেকি? কোলাহলৰ কথাটো আহিলেই ৰকৰ কথা আহি পৰিব, বা তাতোকৈ বেছি হাৰ্ড ৰক, মেটেল ৰক ইত্যাদি ৰকৰ চাব ডিভিজনবোৰ আহি পৰিব। সেইবোৰ এতিয়া গান নহয় নেকি? মোৰ মতে গানটোৰ আৰম্ভণিয়েই ঘটিছে মধ্যবিত্তীয় ট্ৰেডিশ্বনৰ ডাইৰেক্টিভ দৃষ্টিভংগীৰে, আন কিছুমান গানৰ সমালোচনাৰে, এইবুলি যে সেই কিছুমানক বাদ দি এইটো ভাল গান, ইয়াত এক ডাইৰেক্টিভ ধৰণৰ কাৰবাৰ এটা আছে যি চেল্ফ প্ৰম’চনৰ কাম কৰে। গানটো শুনিবলৈ শ্ৰোতাক ডাইৰেক্টিভ ধৰণেৰে পৰিচালিত কৰে যে ভাল গান এটা আহিছে, শ্ৰোতাই শুনক। সেই যে মাথো কিছুমানহে গান হয়গৈ তাৰ লগতে এইটোও এটা গান। এমেচাৰৰ পৰা গান শুনাৰ ক্ষেত্ৰত আমাৰ বিৰক্তি এইখিনিতেই।
ধৰা গ’ল গানটো এক ভাল গান। (যদিওবা এই ভাল আৰু বেয়া বোলা ধাৰণাটি আৰু উক্ত শব্দযুগলৰ প্ৰয়োগ আমাৰ নচলে।) এতিয়া ৰাইজে কোৱা ভাল গীত হিচাপে সমালোচনাৰ বাছনিত উঠা গীত হয়নে বা যদি ইয়াৰ সমালোচনা হয় তেন্তে এভাৰেজ পৰ্যায়ৰ এক গীত হিচাপে হ’ব নে আমি বিচৰা ভাল গীতবোৰৰ পৰ্যায়ত ইয়াক ৰাখি সেইমৰ্মে সমালোচনা হ’ব? মোৰ বিবেচনাৰে গীতটো মোটামুটি ঠিকেই। গায়কী যথাযথ, ইনচট্ৰুমেণ্টেলৰ ক্ষেত্ৰত একেই একঘেয়ামী অসমীয়া এমেচাৰৰ মিউজিক, মোটামুটি এক শুনিব পৰাই এটা গান আৰু। (যদিওবা ব্যক্তিগতভাৱে এই মেজাজৰ গীত মোৰ পছন্দৰ নহয়, বাৰু সেয়া বাদ) মোৰ আলোচনাটোত গায়কী, গানৰ কম্পজিশ্যন এইবোৰ উল্লেখনীয় নহয়। গীতৰ কথাংশক লৈ অলপমান ক’বলগীয়া আছে। গীতটো শুনাৰ পাছত মই যি বুজিলোঁ গীতটোৰ উদ্দেশ্য পৰিস্ফূট নহয়। কিবা এক Illusion -ৰ মাজেৰে আহি থাকি শান্তি কামনাৰে, আশাব্যঞ্জক ভাইব এটাৰে গীতটো শেষ হৈ থাকে। কিন্তু আশাৰ বিপৰীতে নিৰাশাখিনিক, মূল সমস্যাখিনিক গীতৰ কথাংশই ভালদৰে এড্ৰেছ কৰিব পৰা নাই বা ক’ব পাৰি মূল সমস্যাৰ ওচৰ নাচাপি আনুষংগিক সমস্যাকেই মূল হিচাপে প্ৰতিষ্ঠাৰ তাগিদাহে য’ত বেছি। লিৰিকচৰ চমক বুলিবলৈ দুটামান টুকুৰা শব্দ সাম্প্ৰতিক ট্ৰেণ্ডৰে ৰজিতা খুৱাবলৈ নিৰ্মাণ কৰা যেনেই বোধ হয় লগতেই এই জাতি-মাটি-ভেটি বোলা শব্দযুগলে আকৌ এবাৰ টেঙাই পেলালে। ৰাজনৈতিক কণ্টেণ্টৰ যিমানবোৰ অসমীয়া চিৰিয়াছ গান আছে য’তেই এই শব্দযুগলৰ পয়োভৰ দেখিছোঁ তাতেই আমাৰ টেঙায়। কাৰণ এটাই— এই শব্দযুগল জাতীয়তাবাদৰ চানেকি। অসমীয়া জাতীয়তাবাদীৰ এই শ্লোগানৰ আঁৰত একধৰণৰ ডমিনেটিং এটিটিউডে কাম কৰে। ই এক আধিপত্যকামী স্থিতি এটাকেই সূচায়। যেতিয়া অসমীয়া মধ্যবিত্তই এইধৰণৰ শব্দৰ প্ৰয়োগ কৰে তেতিয়া মধ্যবিত্তৰ আধিপত্যবাদী শ্ৰেণী এটাৰ মাজৰপৰাই ওলাই আহি অটোমেটিকেলী প্ৰতিনিধিত্ব কৰে। যি মূলসূঁতি বনাম এৰাসূঁতি ধৰণৰ বাইনেৰী এটাৰ গঢ় দিয়ে। গোটেই গানটোত মূলতঃ এইধৰণৰ ethnocentric vibe এটা আছে। তাৰো ওপৰলৈ তুলিলে ইয়াত নেচনেলিষ্টিক ভাইবৰো গোন্ধ পোৱা যাব পাৰে। বাৰু যিকি নহওক, গানটোৱে কি কয় আমাক? গানটোৰ শব্দবোৰ বেচিজিল ধৰণৰ। টুকুৰা-টুকুৰ শব্দবোৰ এক প্ৰতীক ধৰণেৰে সজাই তুলিছে যদিও সেই প্ৰতীকৰ এক সুস্পষ্ট অৰ্থ আমাৰ চকুত নুঠে। অশান্তি বা ৰাজনৈতিক অস্থিৰতাৰ বিৰুদ্ধে শান্তি বিচাৰি এই গান বা শেহান্তৰত আশাব্যঞ্জক ৰেঙণিৰে ইয়াক এক আশাৰ গান হিচাপে তুলি ধৰিছে যদিও গীতিকাৰৰ শান্তি কেনেকৈ আহিব তাৰ সঠিক ধাৰণা নাই, কাৰ বিৰুদ্ধে সংগ্ৰামত কেতিয়া আৰু কেনেকৈ শান্তিৰ কামনা কৰিব তাকলৈও কনফিউজন থকা যেন লাগে। আচলতে এক Illusion । গীতিকাৰে নিজে এক Illusion – ত সোমাই শ্ৰোতাকো তাৰ মাজলৈ লৈ গৈছে। আশা নাই, কাৰো পৰা নাই, কিন্তু আশাহত কাৰ পৰা হোৱা গৈছে, সেয়া ভালদৰে এড্ৰেছ কৰা নাই। এইটো এইবাবেই কৈছোঁ যে গীতিকাৰে দেখুওৱা সমস্যা বা শত্ৰুবোৰ আমাৰ মূল নহয়, সি আনুষংগিকহে। প্ৰকৃত শত্ৰুক চিনাক্ত কৰিব পৰা নাই (হয়তোবা কৰিব খোজাঁ নাই)। গানটো এক গোৱালগালিৰ দৰে। গালি পাৰে অথচ কাৰো নাম নাথাকে। সাম্প্ৰতিক ৰাজনীতিৰেই কথা ক’লেও ফেচিষ্ট বুলি নাম নাথাকে। কাৰবাৰটো মোৰ দৃষ্টিৰে এক মধ্যবিত্তীয় মেৰপেচৰ মাজতেই থাকে। উদাৰনৈতিক কেটেগৰীৰ মাজৰপৰা এক উদাৰ মানৱতাবাদী ধৰণৰ এণ্ট্ৰি এটাও আমি শেষাংশত প্ৰত্যক্ষ কৰোঁ। য’ত গীতিকাৰৰ অতি নিৰপেক্ষ অৱস্থান এটাৰেই উন্মেষ ঘটে যি সচৰাচৰ মধ্যবিত্তীয় উদাৰনৈতিকবাদৰ চানেকি। অশান্ত পৰিস্থিতি এটাত দীৰ্ঘস্থায়ী শান্তিৰ বাবে সাময়িকভাৱে অশান্তজৰ্জৰ পৰিস্থিতি এটাৰ উদ্ভৱ হ’ব পাৰে, উদাহৰণ হিচাপে ধৰা গ’ল বুৰ্জোৱা ডিক্টেটৰৰ বিৰুদ্ধে চলা বৈপ্লৱিক সংগ্ৰাম। বাৰু এইধৰণৰ বামপন্থী ৰিভলুশ্বনেৰী উদাহৰণ আমি বাদেই দিলোঁ, (যিহেতু সকলোৰে ই প্ৰিয় উদাহৰণ নহ’বও পাৰে।) ধৰা গ’ল ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ব্ৰিটিছৰ শোষণ, দমন, উৎপীড়ন যেনে এক অশান্তজৰ্জৰ পৰিস্থিতি, কিছুমানৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয়ৰ যি সংগ্ৰাম সিও এক অশান্তজৰ্জৰ পৰিস্থিতি হ’ব পাৰে, প্ৰথমৰ অশান্তিক মষিমূৰ কৰিবলৈ এই দ্বিতীয় অশান্তিৰ যি সূত্ৰপাত সি হ’ল দীৰ্ঘস্থায়ী শান্তি অনাৰ হেতু, যাৰ নিশ্চয়কৈয়ে প্ৰয়োজন আছে। এতিয়া কথাটো হ’ল এই দ্বিতীয় অশান্তিৰ বেলিকা আমি সেই অশান্তিক নিবিচাৰি শান্তিৰ আবাহন দস্তুৰমত নকৰোঁ, তাতকৈ সেই বিদ্ৰোহৰ মাজেৰে পূৰ্বৰ অশান্তি আঁতৰ কৰি স্বাধীনতাক পোৱাটোহে হ’ব আমাৰ উদ্দেশ্য। যদি এনে অৱস্থাত আমি শান্তিৰ দাবী তোলোঁ তেন্তে তাত নিতান্তই মধ্যবিত্তীয় ন্যস্তস্বাৰ্থ জড়িত হৈ থাকিব যি স্ব-স্বাৰ্থৰ বাবেই শান্তি কামনা কৰে। ই আৰু এটা দিশ সূচাব যি পূৰ্বৰ ব্ৰিটিছসৃষ্ট অশান্তিক মান্যতা দি বা কেতবোৰ সুবিধাৰ মাজেৰে মূৰপোলোকা অৱস্থান গ্ৰ্হণ কৰে বা আওঁপকীয়াকৈ ব্ৰিটিছৰেই সমৰ্থন কৰে। গতিকেই আমি শান্তি কেনেদৰে কামনা কৰিম তাৰো perspective থাকে। মধ্যবিত্তীয় এটিটিউডেৰে শান্তিৰ আবাহন এক Illusionary কনচেপ্ত যি শাসকৰ অনুকুলেই গতি কৰে বা যাৰ গতিপথ উদাৰনৈতিক বেহুৰ মাজতেই নিমজ্জিত। উপৰোক্ত উদাহৰণৰ সৈতে গীতিকাৰৰ সম্পৰ্ক বাৰু নাই কিন্তু গীতৰ কথাংশত গীতিকাৰৰ উদ্দেশ্যৰ সন্দেহজনক অস্পষ্টতা আৰু কেতবোৰ ইংগিতে আমাক এনেকৈ ভবাই তোলাৰো বাট থাকে বা গীতিকাৰৰ মধ্যবিত্তীয় এটিটিউডক ধৰি আমি এই দিশটোকো তুলাচনীত ৰাখি চাব পাৰোঁ।
সাম্প্ৰতিক কালত অসমীয়া সংগীত চৰ্চাৰে জড়িত যিসকল লোকে ৰাজনৈতিক কণ্টেণ্টৰ গীত ৰচনা কৰিছে সেইসকলক মূলত আমি দুটা ভাগত বিভক্ত কৰোঁ। প্ৰথমৰ ভাগটোত থাকিব সেইসকল লোক যি ৰাজনীতি বৰ বেছি নাজানে বা যাৰ ধাৰণা মতে ৰাজনীতি মানেই বেয়া বা যি ৰাজনীতি মানেই নেতাই লুটি পুতি খোৱা বা সাধাৰণ দুৰ্নীতি, কেলেংকাৰীখিনিকে বুজে বা সেই কাৰবাৰখিনি লেটিয়াই তাৰ মাজতেই যিসকলৰ ৰাজনৈতিক জ্ঞান সীমাৱদ্ধ। এইসকলৰ গানত সততেই নেতাৰ কেলেংকাৰী, দুৰ্নীতিৰ কথাই শুনা যায়। গভীৰ ৰাজনৈতিক জ্ঞানৰ অভাৱৰ হেতু এওঁলোক ৰাজনীতিৰ ভিতৰলৈ সোমাব নোৱাৰে। এওঁলোকৰ কনটেণ্টে গধুৰ বিষয়সমূহ এড্ৰেছ কৰিবগৈ নোৱাৰে। কিন্তু এওঁলোকক লৈ আমাৰ আশা আছে। আশা এইবাবেই যে এওঁলোকে ৰাজনীতি ভালদৰে নুবুজিলেও বা ৰাজনীতিক বেয়া বস্তু যেন জ্ঞান কৰিলেও এওঁলোকৰ মাজত সচৰাচৰ একধৰণৰ সততা থাকে। যেতিয়া এওঁলোকে নেতাৰ দুৰ্নীতি, কেলেংকাৰীক লৈ গীত ৰচে তেতিয়া একধৰণৰ দায়ৱদ্ধ হৈয়েই কাম কৰা যেন বোধ হয় যদিওবা পাব্লিচিটীৰ জখলা বগোৱাৰ হেঁপাহটি থাকেই বাৰু তথাপি একৰকমৰ দায়ৱদ্ধতাও এওঁলোকৰ নোহোৱা নহয়। ঘঁহিলে পিতিলে, ভালদৰে অধ্যয়ন কৰিলে, সঠিক ডাইৰেকচন পালে এওঁলোকৰ ৰাজনীতিৰ জ্ঞানে পৰিপক্ক ৰূপ ল’বগৈ পাৰে। সেইবাবেই মাজে-মধ্যে এওঁলোকক সমৰ্থন দি থকা যায়।
দ্বিতীয় কেটেগৰীটো মূলত নিঅ’ লিবাৰেল এলিট মধ্যবিত্ত বেছৰ। এওঁলোক ৰাজনৈতিকভাৱে পৰিপক্ক। ৰাজনীতিৰ তলা-নলাবোৰ ভালদৰেই বুজে, তৎসত্ত্বেও সুবিধাজনক আসনত থাকি নাতিদূৰৈৰপৰা ৰাজনীতিৰ আলেখলেখ জুখি আলেঙে-আলেঙে থাকি খৰ-বাগৰ মাৰি আকৌ পলকতে আহি প্ৰৱেশ মাৰি ৰাজনীতি চেকি চায়। কেতিয়াবা ৰাজনৈতিক কণ্টেণ্ট ধৰি কোনোটি গীত ৰচনাৰ মাধ্যমেৰে ট্ৰেণ্ডলৈ প্ৰত্যাৱৰ্তন কৰিব খোজে বা সূঁতিৰ আঁত নেহেৰুৱাবলৈ দুয়োফালে তাল-মান ৰাখি খোপনি ৰাখিবৰ প্ৰয়াস কৰে। এওঁলোকৰ তেনে ৰাজনৈতিক কণ্টেণ্টত প্ৰত্যক্ষভাৱে কোনো কথা নাথাকে। মূল সমস্যাক নিলগাই আনুষংগিক সমস্যাক মূল হিচাপে পেচ কৰি শান্তিৰ আবাহনেৰেই মূলতঃ কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। প্ৰথমৰ কেটেগৰীৰে এওঁলোকৰ আন এক তফাৎ আছে, সেয়া হ’ল প্ৰথমৰ কেটেগৰীৰ মাজত তেওঁলোকৰ সৃষ্টিৰাজিক সাংঘাতিক কিবা হিচাপে উপস্থাপনৰ বিৰক্তিখিনি সচৰাচৰ পোৱা নাযায় (বৰঞ্চ এক এক্সপেৰিমেণ্ট হিচাপে চোৱাৰহে তাড়না দেখা যায়।) যিটো দ্বিতীয়টো কেটেগৰীৰ মাজত প্ৰায়ক্ষেত্ৰতেই দেখা যায়। ভট্ৰাচাৰ্যৰ অৱস্থান, প্ৰিভিলেজ, আলোচ্য গীতটিৰ কণ্টেণ্ট, ইত্যাদিসমূহ প্ৰত্যক্ষ কৰি আমি তেখেতক এই দ্বিতীয়টো কেটেগৰীত ৰাখিব পাৰোঁ।
বাৰু এতিয়া গীতৰ কথাংশলৈ যাওঁ। কথাংশত কি আছে? প্ৰথম দফাটো এৰিছোঁ, দ্বিতীয় দফাই এক অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ ইংগিত দিছে, অৱলীলাক্ৰমে সেই অস্থিৰ বাতাবৰণৰ বিস্ফোৰণ ঘটিছে তৃতীয় দফাত। তৃতীয় দফাত অশান্ত ৰাজনৈতিক বাতাবৰণৰ স্ফূৰণ ঘটিছে সমদল, বিক্ষোভ, প্ৰতিবাদী কাৰ্যসমূহৰ যোগেদি। কিন্তু এই সমদল কিয় উলিওৱা হয়? বিক্ষোভ, প্ৰতিবাদ কিয় হয় আৰু কাৰ বিৰুদ্ধে হয়? দস্তুৰমত চৰকাৰৰ বিৰুদ্ধে? প্ৰতিবাদ, বিক্ষোভবোৰৰ মাজৰপৰা এচাম নেতা ওলাই আহি আন্দোলনক ডাইভাৰ্ট কৰি চৰকাৰৰে হাত মিলাব পাৰে বা সেই নেতাই চৰকাৰ গঠন কৰি পুনৰ জনসাধাৰণলৈ, জাতীয় স্বাৰ্থলৈ পিঠি দিব পাৰে। এই দ্বিতীয়টোৰ উদাহৰণ হিচাপে এজিপিৰ জাতীয়তাবাদী চৰকাৰখনৰ প্ৰসংগ আনিব পাৰি কিন্তু বৰ্তমান প্ৰেক্ষাপটত সি প্ৰাসংগিক নহয়। বৰ্তমান প্ৰেক্ষাপটেৰে চাবলৈ গ’লে কা বিৰোধী আন্দোলনৰ প্ৰসংগক আনিব পাৰোঁ বা সেই আন্দোলনৰ নেতা, শিল্পীসকলৰ পৰৱৰ্তী পৰ্যায়ত ফাদিল হোৱা দুমুখীয়া চৰিত্ৰ, প্ৰতিবাদী আন্দোলনক বিহুমেলা আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ কাৰচাজিবোৰ আৰু তাত তেওঁবিলাকৰ স্বাৰ্থৰ দিশবোৰ আমি দস্তুৰমত ফঁহিয়াই চাব পাৰোঁ, কিন্তু কথাটো হ’ল সেইবিলাক দিশ দাঙি ধৰি সিবিলাকৰ আলোচনা কৰিও গীতৰ কথাংশত চৰকাৰলৈ বুলি কি থাকিল? মূল সমস্যা বা চৰকাৰ সমালোচনাৰ কথাটোৰ কি হ’ল? আন্দোলনৰ নেতাৰ দুমুখীয়া স্থিতি বাৰু ঠিকেই, মূল প্ৰতিবাদটো কিহক লৈ হৈছিল আৰু তাক লৈ গীতিকাৰৰ স্থিতি কি সেয়া ইয়াত স্পষ্ট নহয়। লিৰিকচত যিহেতু সমদল, বিক্ষোভৰ মাজেদি প্ৰজাবৰ্গক নেতৃত্ব দিয়া প্ৰতিবাদী আন্দোলনৰ নেতাসকলৰ কথাহে আহিছে তেনেস্থলত ইয়াত সেই প্ৰতিবাদ যাৰ বিৰুদ্ধে হৈছে সেই চৰকাৰৰ সমালোচনা কালৈ এৰিলে?
তাৰ পাছৰ দফালৈ যাওঁ। “বিবৃতি টক শ্ব’, জাগি উঠে দেশপ্ৰেম, আমাৰ জীৱনেৰে সিহঁতে যে খেলে গেম।” Us & them – ৰ যিটো বাইনেৰী তুলি ধৰা হৈছে আমি মনত ৰাখিব লাগিব যে them মানে ইয়াত চৰকাৰক বুজোৱা হোৱা নাই। পলিটিকেলী এংগেজড কিছুমান লাপি লুপা নেতাৰ ঠগবাজীহে ইয়াত মুখ্য হৈ উঠিছে। য’ত ফৰ্মূটিটো জেগাত নামাৰি পাৰে বামে দলিওৱা কাৰবাৰ এটাই হৈছে। সিহঁত ইয়াত চৰকাৰ নহয় আন্দোলনৰ লাপি লুপা নেতাবোৰহে বা কেতিয়াবা বুদ্ধিজীৱিসকল। উপৰোক্ত শাৰীটোৱে আমাৰ বোধেৰে চৰকাৰক নহয় একপ্ৰকাৰে বুদ্ধিজীৱিসকলকহে ৰিপ্ৰেজেণ্ট কৰিছে। যিসকলে টক শ্ব’ত উপৱিষ্ট হৈ ৰাজনৈতিক বিষয়, সমস্যাসমূহৰ ডিছকাছন কৰে। গীতিকাৰৰ মতে এইসকলে দেশপ্ৰেমৰ বা বলাই আমাক জাতি-মাটি-ভেটিৰ কথাৰে আবেগিক কৰি তোলে। কথাটো একপ্ৰকাৰে নোহোৱাও নহয় কিন্তু এনে আলোচনাৰ প্ৰয়োজনীয়তা তথা এই বৌদ্ধিক ডিছকাছনৰ প্ৰাসংগিকতাক নুই কৰিব পাৰিনে? মূল সমস্যা আমাৰ এতিয়া সেইটোনে? উক্ত শাৰীটোৰে চৰকাৰৰ কাষ চপাৰ কোনোৰকমেই সুবিধা নাই যিহেতু তাৰ পূৰ্বৰ শাৰীটোতেই একৰকমৰ ইংগিত আমি পাই গৈছোঁ। হিমন্তই সংবাদমেল কেইখন পাতিছে? কোনোবাদিনা বিজেপিৰ নেতা টক শ্ব’ত উপৱিষ্ট হৈছেনে? তেন্তে দায়ভাগ কালৈ এৰিলে? গীতটিত চৰকাৰৰ সমালোচনাৰ নামেই নাই তাৰ সলনি আন্দোলনৰ সৰু-সুৰা নেতা আৰু একাংশ বুদ্ধিজীৱিবৰ্গীয় লোকৰ লগতে আলফাৰ সমালোচনাহে হৈছে। নেতাৰ প্ৰসংগটো এনেকুৱা যে এইসকলে দেশপ্ৰেমৰ, জাতি-মাটি-ভেটিৰ দোহাই দি আমাক লুটি আহিছে। সেই জনসাধাৰণক লুটাৰ পটন্তৰ পেচ কৰিবৰ হেতু আলফাকো তুলি অনা হৈছে। মুঠৰ ওপৰত গীতিকাৰে যি ৰাজনৈতিক চিত্ৰপটৰ বৰ্ণন কৰিছে সি সাম্প্ৰতিক কালৰ নহয়, অতীতৰহে। গীতিকাৰ অতীততেই আছে। আলফাৰ সমালোচনাৰে সাম্প্ৰতিক কালত ৰাজনৈতিক গীত শুনিবৰ কাৰোৰেই সময় নাই। সমস্যা আমাৰ আলফা নহয়। মূল সমস্যাক একাষৰীয়া কৰি আনুষংগিক সমস্যাক মূল হিচাপে প্ৰোথিত কৰি সদৌশেষত শান্তি কামনাৰে গীতৰ অন্ত পৰিছে। প্ৰকৃত অশান্তি কি বা সেই অশান্তিখিনি কোনে যোগাইছে সেই সম্পৰ্কত ৰসহ্যজনক অৱস্থানেৰে লাপিলুপা আন্দোলনকাৰী নেতা, আলফা (পাৰিলে কেতবোৰ বুদ্ধিজীৱিৰো) ঠগবাজীক প্ৰমূখ্য কৰি তাৰ বৰ্ণনেৰেই পলিটিকেল কনটেণ্টৰ এপলিটিকেল সমাধানেৰে বিষয়ৰ অন্ত পেলাইছে। শেষৰ শান্তি কামনাৰ কাৰবাৰটোত শান্তি কেনেকৈ আহিব তাৰ সুস্পষ্ট ধাৰণা নাই। এই শান্তি কামনাৰ মাজত আমি মধ্যবিত্তীয় উদাৰনৈতিক মানৱতাবাদী গোত্ৰীয় দৰ্শনৰ বোল দেখিছোঁ। যি ৰাইজৰ বিদ্ৰোহৰ প্ৰকৃত মৰ্ম বুজাৰ সলনি, মূল অশান্তিৰ মৰ্মোদ্ধাৰৰ সলনি স্থায়ী শান্তি অনাৰ বাটৰ সাময়িক অশান্তিত (যাৰ প্ৰয়োজন থাকে) সন্ত্ৰস্ত হৈ আবতৰীয়া শান্তিৰ কামনা কৰে।