গল্প-কবিতা

মোনাৰ ভিতৰত বিধ্বস্ত সমকাল (প্ৰজিত নাথ)

মোনাখনত থাকে বিনামূলীয়া চাউল
সস্তীয়া দাইল
মাজে সময়ে সস্তীয়া মিঠাতেল আধালিটাৰ
আৰু দুটামান কণী

গৰাকীজনৰ দৰেই অকালবৃদ্ধ এই মোনাখন

কেতিয়াবা মোনাটোৰ ভিতৰত সোমাই থাকে
বিনামূলীয়া শৌচাগাৰৰ নক্সা
আৰু তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ
হাৰ্ডৱেৰৰ দোকানে দিয়া তালিকা

মাজে-সময়ে তাত বিনামূলীয়া
ফটকা-আতচবাজীও থাকে চাগৈ!
নাথাকিলেনো সময়ে-অসময়ে কাৰণে-অকাৰণে
ফটকা ফুটাবলৈ ধন ক’ত
শৌচাগাৰ নিৰ্মাণৰ বাবে ধন নথকাজনৰ!

মোনাখনত স্মাৰ্টফোন এটা থকাটোও নিশ্চিত—
অহৰ্নিশে হোৱাটচ-এপ্প্ বিশ্ববিদ্যালয়ত পঢ়াশুনা কৰিবলৈ
বোধহয় লিফলেট্ কিছুমানো থাকে
দেশৰ দুৰ্দশাৰ বাবে দায়ী কোনো মৃত নেতাৰ
আশীবছৰৰ পুৰণি দোষ খুছৰিবলৈ…..

দিনৰ দিনটি মোনাটি কঢ়িয়াই কঢ়িয়াই
নিশা এহেজাৰ টকীয়া ৰন্ধন-গেছত সিজোৱা
বিনামূলীয়া চাউলৰ ভাত একাঁহী গিলি তেওঁ ঢলি পৰে
ধৰ্মৰ নিচাই অনা টোপনিৰ কোলাত!

নিশা গভীৰ হৈ অহাৰ লগে লগে
মোনাখনৰ চিলাইবোৰ
সোলোক-‌ঢোলোক হৈ ওলাই আহে বিধ্বস্ত সমকাল

মোনাখনত তেওঁ যে অজানিতে কঢ়িয়াই ফুৰিছে
তেওঁৰেই সতি-সন্ততিৰ বিপৰ্যস্ত ভৱিষ্যত

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *