সম্পাদকীয়

সম্পাদকৰ টোকা :: কিতাপৰ কথা : অলপ চিন্তা, অলপ দুশ্চিন্তা (কৌশিক দাস)

(১) 

বিশ্ববিশ্ৰুত ৰুচ গল্পকাৰ এণ্টন চেকভ্‌ৰ (১৮৬০-১৯০৪) এটি নজহা-নপমা অসাধাৰণ গল্পৰ নাম “ডা বেট্‌” (The Bet, বাজি)। গল্পটোত ডেকা চৰিত্ৰ এটিয়ে অতি আচৰিত বাজি ধৰি স্বেচ্ছাবন্দী হিচাপে সৰু কোঠা এটিত সোমাই পৰিছিল পোন্ধৰটা বছৰৰ বাবে। শেষত তেওঁৰ কি হ’ল? বাজিত তেওঁ বিজয়ী হ’লগৈনে? এইবোৰৰ বৰ্ণনাৰ মাজত ফুটি উঠিছে চেকভ্‌ৰ চমকপ্ৰদ প্ৰতিভাৰ দ্যুতি। আমি এই আলোচনাত সেইসমূহ দিশলৈ নগৈ, গল্পটোৰ মাত্ৰ এটি অংশৰ কথাহে উল্লেখ কৰিম। ডেকাজনে স্বেচ্ছাবন্দিত্বৰ কালছোৱাত সেই সৰু কোঠাটোৰ ভিতৰতেই প‌ঢ়ি পেলাইছিল নানান ভাষাত ৰচিত বিভিন্ন বিচিত্ৰ বিষয়ৰ অজস্ৰ গ্ৰন্থ। পোন্ধৰ বছৰ পাছত তেওঁ সেই আৱদ্ধ কোঠাটোৰ মাজৰ পৰাই লেখিছিল, “এইকেইটা বছৰে মই বাহিৰৰ পৃথিৱীখন দেখা নাই, কোনো মানুহকো লগ পোৱা নাই, কিন্তু গ্ৰন্থৰ মাজেদি মই উৎকৃষ্ট সুগন্ধি মদিৰাৰ স্বাদ ললোঁ, অৰণ্যত হৰিণ আৰু বনগাহৰী চিকাৰ কৰিলোঁ, নাৰীৰ প্ৰেমত পৰিলোঁ…….৷ কিতাপৰ পাততে মই আৰোহন কৰিলোঁ এলবাৰ্জ্ আৰু মাউণ্ট ব্লেঙ্কৰ সুউচ্ছ শৃংগ…..গ্ৰন্থৰ মাজতেই মই দেখিবলৈ পালোঁ সেউজ অৰণ্য, বিস্তীৰ্ণ পথাৰ, নদ-নদী, হ্ৰদ আৰু নগৰ-মহানগৰ…”। চেকভ্‌ৰ মৰ্মস্পৰ্শী আৰু সজীৱ বৰ্ণনাৰ মাজেৰে আমি পঢ়িবলৈ পাওঁ—গ্ৰন্থসমূহত সংকলিত হৈ থকা জ্ঞানভাণ্ডাৰৰ নিবি‌ড় সংস্পৰ্শলৈ আহি গল্পৰ ডেকাজনৰ মন-মনন-চিন্তা-ভাৱনা কেনেকৈ আমূলভাৱে ৰূপান্তৰিত হৈ পৰিছিল।

মানুহৰ জ্ঞান-প্ৰজ্ঞাৰ বিকাশ আৰু মানসিক পৰিপুষ্টি আহৰণত গ্ৰন্থৰ নিৰ্ণায়ক ভূমিকা আছে বুলি সাধাৰণভাৱে সকলোৱে স্বীকাৰ কৰি লয়। ধৰি লোৱা হয় যে মানুহৰ জ্ঞান-চিন্তা-দৰ্শন-ভাৱনা আদিৰ বিকাশৰ প্ৰসংগত গ্ৰন্থৰ অৱদান তৰ্কাতীত। গ্ৰন্থৰ ওপৰত আৰোপিত তেনে গুণ বা চৰিত্ৰৰ প্ৰকৃত স্বৰূপৰ কথা যথাসময়ত এই আলোচনাত গুৰুত্ব সহকাৰে উত্থাপিত হ’ব। মানুহৰ চিন্তা-ভাৱনাৰ ওপৰত গ্ৰন্থৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ কথাটোৰ এটি সাহিত্যমূলক উদাহৰণ হিচাপে চেকভ্‌ৰ গল্পটিৰ কথা আমি উল্লেখ কৰিছোঁ।

যিটো বছৰত সুদূৰ দক্ষিণ ৰাচিয়াত এণ্টন চেকভ্‌ৰ জন্ম হৈছিল, সেইটো বছৰতেই ভাৰতৰ এচুকৰ অসমতো জন্ম হৈছিল এগৰাকী চিন্তাশীল গদ্য-লেখকৰ, নাম সত্যনাথ বৰা (১৮৬০-১৯২৫)। আজিৰ পৰা এশ বছৰৰো আগতে (১৯১৫ চনত) তেখেতৰ এখন গ্ৰন্থ প্ৰকাশ হৈছিল, নাম “সাৰথি”। পাছলৈ বৰ বিখ্যাত হৈ পৰা এই কিতাপখনৰ বিভিন্ন অধ্যায় বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভূক্ত হৈছিল। তেনে এটি বহুজনপঠিত অধ্যায়ৰ নাম “পুথি অধ্যয়ন”। কিতাপখনৰ অন্যান্য অধ্যায়ৰ দৰেই এইটিও আছিল তেনেই চমু অথচ সাৰগৰ্ভ চিন্তাৰে পৰিপূৰ্ণ। “পুথি অধ্যয়ন”-ৰ প্ৰথম বাক্যকেইটি আছিল এনেধৰণৰ, “পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও ক’তো বিদ্যা লাভ কৰিব নোৱাৰে”।  মানুহৰ জ্ঞানাৰ্জনৰ বাটত কিতাপ যে প্ৰধান সহায়ক, সেইটো কথা উক্ত ৰচনাখনিত বাৰে বাৰে উত্থাপিত হৈছে মূল প্ৰতিপাদ্য বিষয় হিচাপে। সত্যনাথ বৰাৰ “পুথি অধ্যয়ন” ৰচনাখনি এই আলোচনাত অতি প্ৰাসংগিক; সেয়েহে “সাৰথি”-ৰ উক্ত পাঠটিৰ কথা পাছলৈ পুনৰ আলোচনালৈ আহিব।

কোনো সন্দেহ নোহোৱাকৈ ক’ব পাৰি, গ্ৰন্থ হৈছে আধুনিক যুগৰ এক প্ৰধান আৰু গুৰুত্বপূৰ্ণ উপাদান। ইউৰোপৰ নৱজাগৰণৰ সময়ৰ এগৰাকী মহাপণ্ডিত আছিল ডেচিদেৰিয়াছ ইৰাচমাছ। তেখেতে কৈ যোৱা বুলি প্ৰচলিত এফাকি কথা বৰ বিখ্যাত, “মোৰ হাতত যদি অলপ ধন থাকে, তেনেহ’লে মই কিতাপ কিনোঁ। তাৰ পাছত যদি কিছু ধন ৰাহি হয়, তেনেহ’লে মই খাদ্য আৰু বস্ত্ৰ ক্ৰয় কৰোঁ”। গ্ৰন্থৰ তেনে গুণগান আমি আৰু বহুতো গুণী-জ্ঞানীৰ ৰচনাত পঢ়িবলৈ পাওঁ, প্ৰকৃততে গ্ৰন্থৰ অবিহনে আমি আধুনিক সমাজ-সভ্যতাৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। আধুনিকতাৰ অন্যতম উপাদান হিচাপে পৰিগণিত হোৱা গ্ৰন্থৰ বৰ্তমানৰ যিটো পৰিচিত ৰূপ, তেনে অৱয়ব কিন্তু অতীজৰ গ্ৰন্থ-পুথিবোৰত একেবাৰেই নাছিল। কথাটো স্বাভাৱিক, কিয়নো মানুহৰ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে গ্ৰন্থ-প্ৰযুক্তিৰো বিকাশ ঘটি আহিছে। সেইবাবেই আমি মানৱ-সভ্যতাৰ বিভিন্ন স্তৰত বিভিন্ন ৰূপৰ গ্ৰন্থ-পুথি দেখিবলৈ পাওঁ। গ্ৰন্থৰ বিৱৰ্তনৰ ইতিহাস সামগ্ৰিকভাৱে মানৱ-ইতিহাসৰ নানান ঘটনাৰ সৈতে সম্পৰ্কিত হৈ আছে। গ্ৰন্থৰ সামাজিক তাৎপৰ্য ভালদৰে অনুধাৱন কৰিবলৈ গ্ৰন্থৰ বিৱৰ্তনৰ তেনে ঘটনাঘন ইতিহাসৰ কিছু প্ৰাৰম্ভিক কথাৰ সম্ভেদ লোৱাটো বৰ জৰুৰী হৈ পৰে। আমি সেই সন্দৰ্ভত অতি চমুকৈ দুটিমান কথা উনুকিয়াই মূল আলোচনালৈ আগ বাঢ়িম।

(২)

অতীজৰ পৰাই গ্ৰন্থ-পুথি প্ৰস্তুত কৰা প্ৰাযুক্তিক কৌশলৰ বিকাশৰ ইতিহাস সাঙোৰ খাই আছিল লিখনৰ মাধ্যম (কিহেৰে ক’ৰ ওপৰত লেখা হৈছিল) আৰু লিখনৰ পদ্ধতি (কেনেকৈ লেখা হৈছিল)—এই দুয়োটাৰ অগ্ৰগতিৰ লগত। বাস্তৱিকতে কথাটো বহু জটিল, কিয়নো মাত্ৰ এই দুটা প্ৰাযুক্তিক কলা-কৌশলেই নহয়, সমগ্ৰ বিষয়টো লিপিৰ বিকাশৰ সৈতেও ওতপ্ৰোতভাৱে সংলগ্ল হৈ আছিল। মন কৰিবলগীয়া কথা, যদিও সুপ্ৰাচীন যুগতেই লিপিৰ আৱিষ্কাৰ হৈছিল, তথাপি মানৱজাতিৰ ইতিহাসৰ দৈৰ্ঘ্যৰ তুলনাত সি অতি সাম্প্ৰতিক ঘটনা। বহুতো পণ্ডিতে মত দিয়ে যে খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দত মেচোপটেমিয়াৰ সুমেৰীয়সকলে লিপি ব্যৱহাৰ কৰি লেখিবলৈ আৰম্ভ কৰিছিল (দ্ৰষ্টব্য: Paper, Printing and the Printing Press : A horizontally integrative macro-history analysis, S A Gunaratne, Gazette, Vol. 63(6): 459–479, 2001)। অৱশ্যে কৈ থোৱা ভাল, লিপিৰ আৱিষ্কাৰৰ দেশ-কালৰ সন্দৰ্ভত একাধিক মত আৰু অনেক মতবিৰোধ বিদ্বানসকলৰ মাজত সততেই পৰিলক্ষিত হয়। কিন্তু এটা কথা ঠিক যে লিপিৰ আৱিষ্কাৰৰ পূৰ্বে ভাষাৰ মৌখিক আদান-প্ৰদানৰ মাজেদিহে তথ্য আৰু জ্ঞানৰ সঞ্চালন ঘটিছিল মানুহৰ মাজত। সেইবাবে তেতিয়াৰ দিনত মানুহে আহৰণ কৰা পৰ্যবেক্ষণসম্ভূত অলেখ মহামূল্যবান জ্ঞান-তথ্যৰ বিস্তাৰণৰ দ্ৰুতি আছিল তেনেই সীমিত। তাতোতকৈও ডাঙৰ কথা, নানান কাৰণত তেনে আদিম ভাষা হয়তো বিলুপ্ত হৈ পৰিছিল, কেতিয়াবা হয়তো একো একোটা জনগোষ্ঠীয়েই সমূলঞ্চে আঁতৰি গৈছিল পৃথিৱীৰ পৰা। তাৰ লগে লগে, তেওঁলোকে আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ কথাও পৰৱৰ্তী কালৰ মানুহৰ বাবে হৈ পৰিছিল অজ্ঞাত। পূৰ্বৱৰ্তী কোনো অৱলুপ্ত জনগোষ্ঠীয়ে আৱিষ্কাৰ-উদ্ভাৱন কৰা বহুতো জ্ঞান-প্ৰযুক্তি পৰৱৰ্তী যুগৰ মানুহে আকৌ কষ্ট কৰি পুনৰাৱিষ্কাৰ কৰিবলগীয়া হৈছিল, কিছুমান হয়তো এন্ধাৰতেই থাকি গ’ল চিৰকাললৈ। এই কথাটোৰ পৰা আমি—বৰ্তমানৰ যুগতো—গ্ৰন্থত সঞ্চিত হৈ থকা জ্ঞান-তথ্যৰ গুৰুত্ব যে অপৰিসীম, সেইটো ভালদৰে অনুধাৱন কৰিব পাৰোঁ। লিপিৰ আৱিষ্কাৰৰ লগে লগে লিখিত ৰূপত মানুহে আহৰণ কৰা অভিজ্ঞতা, জ্ঞান, তথ্য আদি সংৰক্ষিত কৰাৰ প্ৰাৰম্ভিক উপায় এটা ওলাল। তাৰো আগতে, অতি আদিম অৱস্থাত মানুহে গুহাৰ দেৱাল আদিত নানান চিত্ৰ অংকন কৰিছিল। হয়তো তেনে চিত্ৰাংকনেই আছিল লিখন কাৰ্যৰ অংকুৰোদ্গম। পাছলৈ লিপি হৈ পৰিল মানুহৰ মুখৰ কথা বা বাণীৰ লৈখিক প্ৰতিৰূপ। লিপিয়ে কালক্ৰমত মাত্ৰ মুখৰ কথাৰ ধ্বনিয়েই নহয়, নানান অনুভূতি-ভাব-চিন্তা আদিও প্ৰকাশ কৰিবলৈ সক্ষম হৈ পৰিল। এক দীৰ্ঘ প্ৰক্ৰিয়াৰ পৰিণতিত উদ্ভাৱন হ’ল সুসংজ্ঞায়িত বৰ্ণমালাৰ। সুপণ্ডিত সমৰেন্দ্ৰনাথ সেনে তেখেতৰ অমূল্য গ্ৰন্থ “বিজ্ঞানেৰ ইতিহাস”-ত খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ প্ৰথমতেই উত্তৰ-পশ্চিম ছেমেটিক জনগোষ্ঠীয়ে উক্ত উদ্ভাৱন কৰাৰ সম্ভাৱনাৰ কথা বহুদিনৰ আগতে (১৯৫৫চনত) ব্যক্ত কৰিছিল। অৱশ্যে আমি যুক্তিসংগতভাৱে অনুমান কৰিব পাৰোঁ যে তেতিয়াৰ বিশ্বৰ নানান প্ৰান্তৰ বিভিন্ন আৰু বহুধাবিভক্ত জনগোষ্ঠীৰ পাৰস্পৰিক প্ৰভাৱৰ ফলত, কিম্বা স্বতন্ত্ৰভাৱে— পৃথক পৃথককৈ— হয়তো একাধিক বৰ্ণমালাৰ উদ্ভাৱন হৈছিল। তাৰে কিছুমানৰ বিকাশ ঘটিছিল, কিছুমান হয়তো লুপ্ত হৈ পৰিছিল। সেইবাবেই উক্ত যুগান্তকাৰী উদ্ভৱনটো প্ৰথমে ক’ত হৈছিল—এই প্ৰশ্নৰ উত্তৰত কোনো সুনিৰ্দিষ্ট এখন স্থান নিৰ্দেশ কৰাটো বোধহয় প্ৰায় অসম্ভৱ। লগতে আৰু এটা কথা, বৰ্ণমালাৰ উদ্ভাৱন হৈছিল এটা ক্ৰমবৰ্ধমান, সমূহীয়া আৰু মন্থৰ প্ৰক্ৰিয়াৰ মাজেদি—সেইটো কোনো একক ব্যক্তি কিম্বা একক পদক্ষেপৰ কাৰবাৰ নাছিল। গতিকে বৰ্ণমালাৰ উদ্ভাৱনৰ কোনো সুনিৰ্দিষ্ট চন-তাৰিখৰ সন্ধান কৰাটো প্ৰকৃততে অৰ্থহীন।

(৩)

মানৱ-ইতিহাসত লিপিৰ আৱিষ্কাৰ আৰু বিকাশ এটি অতিশয় মহত্ত্বপূৰ্ণ ঘটনা। তাৰ লগে লগে আমি কিন্তু লিখনৰ মাধ্যম আৰু লিখনৰ পদ্ধতিৰ বিকাশৰ কথাটোতো যথোচিত গুৰুত্ব দিব লাগিব। সাম্প্ৰতিক কালৰ সৰহভাগ গ্ৰন্থ কাগজত ছপা কৰা ৰূপত পোৱা যায়। অৰ্থাৎ, এতিয়াৰ গ্ৰন্থসমূহ মুদ্ৰণ-নিৰ্ভৰ। প্ৰাচীন কালত কিন্তু গ্ৰন্থ-পুথিসমূহ আছিল লিখন-নিৰ্ভৰ। পোৰা মাটি, শিল, কাঠ আদি আছিল অতি প্ৰাচীন আৰু প্ৰাগৈতিহাসিক লিখনৰ মাধ্যম। দেশ-কালভেদে লিখনৰ মাধ্যম আছিল বেলেগ বেলেগ। তাৰ এটা চমৎকাৰ উদাহৰণ সুপ্ৰাচীন মিচৰ আৰু মেচোপটেমিয়াৰ পৰা দিয়া যায়। মিচৰ আৰু তেতিয়াৰ মেচোপটেমিয়াৰ মাজৰ ভৌগোলিক দূৰত্ব বৰ বেছি নাছিল। ফিওডৰ কৰোভকিন  নামৰ এগৰাকী ৰুচ বিদ্বানে দেখুৱাইছে যে এই দুই স্থানত লিখনৰ মাধ্যম আছিল তেনেই বেলেগ (দ্ৰষ্টব্য: প্ৰাচীন পৃথিৱীৰ ইতিহাস, প্ৰগতি প্ৰকাশন, ১৯৮৯)। মিচৰৰ মাজেৰে প্ৰৱাহিত নীল নৈৰ পাৰত গজা পাপিৰাছ নামৰ নল-খাগৰিৰ দৰে গছৰ পৰা প্ৰস্তুত কৰা হৈছিল লিখনৰ মাধ্যম। কিন্তু মেচোপটেমিয়াৰ মাটি তেনে উদ্ভিদৰ বাবে অনুকূল নাছিল। কিন্তু তাত প্ৰচুৰ পৰিমাণে পোৱা গৈছিল আলতীয়া মাটি। লিপিকাৰসকলে কাষত আলতীয়া মাটিৰ দ’ম লৈ, তাৰ পৰা লদাৰে সৰু সৰু ফলি তৈয়াৰ কৰি তাৰ ওপৰত লেখন কাৰ্য সম্পাদন কৰিছিল। তাৰ পাছত সেই ফলিবোৰ ৰ’দত শুকুৱাই কিম্বা জুইত পুৰি সংৰক্ষণ কৰি ৰখা হৈছিল। উল্লেখযোগ্য যে সেই তেতিয়াৰ আছিৰিয়াৰ ৰাজধানী নিনেভেত এটি “পুথিভঁ‌ড়াল”-ত বহুতো “পুথি”-ৰ প্ৰত্নতাত্ত্বিক সাক্ষ্য পোৱা গৈছে; সেইসমূহ কাগজত মুদ্ৰিত পুথি নাছিল—সেইবোৰ আছিল আলতীয়া মাটিৰ ফলি। “পুথিভঁ‌ড়াল”-টো অগ্নিকাণ্ডত ভষ্মীভূত হোৱাৰ পাছতো ফলিসমূহৰ কোনো ক্ষতি হোৱা নাছিল। প্ৰসংগত এইখিনিতে আৰু এটা কথা উনুকিয়াই যাওঁ। মধ্যপ্ৰাচ্যত প্ৰচলিত প্ৰাচীন লিপিৰ প্ৰকাৰটোৰ নাম আছিল কিউনিফৰ্ম লিপি। এই সন্দৰ্ভত বিখ্যাত পণ্ডিত জৰ্জ ছাৰ্টনে তেখেতৰ বিশ্বকোষীয় জ্ঞানসম্ভূত এখন গ্ৰন্থত (A History of Science, Vol I) এটি অতি চমৎকাৰ দিশ উন্মোচন কৰিছে। তেখেতে দেখুৱাইছে যে কিউনিফৰ্ম লিপিৰ প্ৰধান গুণ হৈছে যে ই আলতীয়া মাটিৰ ওপৰত লেখিবলৈ আচৰিতধৰণে উপযোগী। উক্ত গ্ৰন্থখনতেই পণ্ডিতগৰাকীয়ে দেখুৱাইছে যে প্ৰাচীন মিচৰত পাপিৰাছত লেখা নথিপত্ৰসমূহ মাত্ৰ সেই দেশতহে অখণ্ড আৰু অবিকৃত অৱস্থাত সংৰক্ষণ কৰাটো সম্ভৱ হৈছিল; তাৰ কাৰণ আছিল দেশখনৰ শুষ্ক বাতাৱৰণ। অন্য দেশৰ বেলেগ পৰ্যাৱৰণত পাপিৰাছসমূহ বিনষ্ট হৈ পৰিলেহেঁতেন। দেশ-কালভেদে লিখনৰ মাধ্যম আৰু লিখনৰ কলাকৌশল যে ভিন্ন আছিল, সেই কথাটো এই উদাহৰণকেইটাই নিশ্চয় স্পষ্টকৈ দেখুৱাই দিব। তেনেদৰে সুপ্ৰাচীন চীন দেশত প্ৰায় ডেৰ হাজাৰ খ্ৰীষ্টপূৰ্বত বাঁহৰ পৰা আহৰণ কৰা তন্তুৰে নিৰ্মিত পটীত লিখন কাৰ্য সম্পন্ন কৰিছিল। ভাৰত আৰু ইণ্ডোনেচিয়াত লেখিবলৈ পামজাতীয় গছৰ পাত ব্যৱহাৰ কৰা হৈছিল। পাছলৈ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতকমানত ভূমধ্যসাগৰীয় অঞ্চলৰ মানুহে ছাগলী বা ভে‌ড়াৰ ছালৰ পৰা প্ৰস্তুত কৰা পাৰ্চমেণ্টত লেখিবলৈ আৰম্ভ কৰিছিল। মানুহে জন্তুৰ ছালৰ ওপৰত লেখা কাৰ্যটিৰ ইতিহাস কিন্তু বহু প্ৰাচীন, খ্ৰীষ্টপূৰ্ব আঢ়ৈ হাজাৰ সহস্ৰাব্দতেই তাৰ নিদৰ্শন পোৱা যায়। কিন্তু পাৰ্চমেণ্ট আছিল অতি মসৃণ, তাৰ দুয়োটা পৃষ্ঠতেই লেখিব পৰা গৈছিল। পিছে পাৰ্চমেণ্ট আছিল বৰ দামী সামগ্ৰী। এই প্ৰসংগত সুপণ্ডিত আৰু কৃতবিদ্য বিজ্ঞানী জে. ডি. বাৰ্নলে  এটা বৰ গুৰুত্বপূৰ্ণ দিশলৈ আঙুলিয়াই দিছে (দ্ৰষ্টব্য : Science in History, Vol I)। অতি চিত্তাকৰ্ষক কথাটো হ’ল এনেধৰণৰ; সমাজত সাক্ষৰতাৰ প্ৰসাৰ হোৱাৰ লগে লগে স্বাভাৱিকতেই কম মূল্যৰ লিখন-সামগ্ৰীৰ চাহিদা বৰকৈ বাঢ়িবলৈ আৰম্ভ কৰিছিল। তেনে সময়তেই কাগজৰ সৈতে পৰিচয় ঘটিছিল ইউৰোপৰ মানুহৰ। কিছুদিনৰ পাছতেই ইউৰোপত অতি কম খৰছত ইমানেই বেছি পৰিমাণে কাগজৰ উৎপাদন হ’বলৈ ধৰিলে যে লেখিবলৈ যথেষ্ট সংখ্যক লিপিকাৰ পোৱা নগৈছিল। ফলত মুদ্ৰন-যন্ত্ৰৰ আৱিষ্কাৰৰ বাবে সামাজিক চাহিদা দিনে দিনে প্ৰকট হৈ পৰিছিল। তেনে সামাজিক হেঁচাৰ ফলতেই এসময়ত আধুনিক মুদ্ৰন-যন্ত্ৰৰ উদ্ভাৱন সম্ভৱ হৈছিল। প্ৰসংগতে উল্লেখ কৰিব পাৰি, চীনদেশত বহু যুগৰ আগতেই—খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰাই—উদ্ভিদজাত আঁহ বা তন্তুৰ পৰা কাগজ প্ৰস্তুত কৰাৰ প্ৰযুক্তিৰ উদ্ভাৱন হৈছিল। কিন্তু তেনে কাগজৰ সৈতে ইউৰোপৰ মানুহৰ পৰিচয় ঘটিছিল বহু পাছত, খ্ৰীষ্টিয় দ্বাদশ শতিকাত। ইউৰোপক কাগজৰ সৈতে পৰিচিত কৰি দিছিল আৰবসকলে। ইউৰোপে কাগজৰ সম্ভেদ নৌপাওঁতেই খ্ৰীষ্টিয় সপ্তম শতিকাত বাগদাদত ডাঙৰ কলত কাগজ উৎপাদন কৰা হৈছিল।

আমি দেখিলোঁ যে এক ঐতিহাসিক ঘটনাক্ৰমৰ পৰিণতিত অতীজৰ লিখন-নিৰ্ভৰ গ্ৰন্থ-পুথিৰ সলনি আধুনিক গ্ৰন্থ হৈ পৰিল মুদ্ৰন-নিৰ্ভৰ। মুদ্ৰনৰ মাধ্যমো হৈ পৰিল বেলেগ, গ্ৰন্থ মুদ্ৰন কৰা আৰম্ভ হ’ল কাগজত। গতিকে আধুনিক গ্ৰন্থৰ বেলিকা মুদ্ৰন-প্ৰযুক্তিৰ সৈতে কাগজ উৎপাদনৰ কলা-কৌশলৰ কথাটোও সম্পৰ্কিত হৈ আছে। উল্লেখ কৰি আহিছিলোঁ যে বহু দূৰ অতীতত চীন দেশত কাগজৰ উৎপাদনৰ লগতে মুদ্ৰন-প্ৰযুক্তিকৰ্মৰো ঐতিহাসিক সাক্ষ্য পোৱা যায়। হ’লেও, মুদ্ৰন-প্ৰযুক্তিৰ লগতে গ্ৰন্থৰ যি বিপুল-বিৰাট সামাজিক তাৎপৰ্য, তাৰ অভ্যূদয় হৈছিল মধ্যযুগৰ শেষৰফালে ইউৰোপত। এই ইতিহাস বৰ এটা দীঘলীয়া নহয়, তেনে গ্ৰন্থৰ বয়স ছশ বছৰো হোৱা নাই। কিন্তু এই ইতিহাস অতি ঘটনাঘন। আধুনিক গ্ৰন্থৰ যাত্ৰা আৰম্ভ হৈছিল পোন্ধৰ শতিকাৰ মধ্যভাগত। জাৰ্মানিৰ জন গুটেনবাৰ্গে (১৪০০-১৪৬৮) এটি ছপাযন্ত্ৰ নিৰ্মাণ কৰিছিল। সেই ছপাযন্ত্ৰৰ পৰাই বাইবেলৰ ১৮০-টা কপি গ্ৰন্থাকাৰে ছপা কৰা হৈছিল। ছপাযন্ত্ৰৰ প্ৰথম কালছোৱাত মূলতঃ ইতিমধ্যেই প্ৰচলিত হৈ থকা ধৰ্মীয়, আইনী আৰু কিছু ধ্রুপদী পুথিৰ পাণ্ডুলিপিক ছপা কৰা গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হৈছিল। আধুনিক মুদ্ৰন-যন্ত্ৰৰ প্ৰচলন আৰু কাগজত মুদ্ৰিত গ্ৰন্থই মানৱ-ইতিহাসত এটা অমোচনীয়, সুদূৰপ্ৰসাৰী আৰু শুভংকৰ প্ৰভাৱ পেলাই থৈ গ’ল। এই প্ৰসংগটো আমি তলৰ দফাবোৰত চমুকৈ পাই যাম।

(৪)

আমি উল্লেখ কৰি আহিছিলোঁ, সুদূৰ অতীতত পৃথিৱীৰ নানান সভ্যতাত লিখিত গ্ৰন্থ-পুথিৰ প্ৰচলন আছিল। কিন্তু তেনে গ্ৰন্থ-পুথি সকলোৰে বাবে সহজলভ্য নাছিল। তাৰ কাৰণ আছিল মূলতঃ দুটা। প্ৰথমটো কাৰণ আছিল প্ৰযুক্তিবিদ্যাৰ বিকাশৰ সৈতে সম্পৰ্কিত। তেতিয়াৰ দিনত অতি সময় খৰচী অশেষ কষ্টকৰ পদ্ধতিৰ জৰিয়তেহে পুথি একোখন সংকলিত কৰাটো সম্ভৱ হৈছিল। কাগজ হৈছে আধুনিক মুদ্ৰিত গ্ৰন্থৰ বাৱে অপৰিহাৰ্য সামগ্ৰী। কিন্তু তেতিয়াৰ দিনত কাগজৰ পৰিৱৰ্তে অন্য মাধ্যমত (যেনে, পেপিৰাছ, মাটিৰ ফলি আদিত) লেখনৰ কামটো সম্পাদন কৰা হৈছিল হাত আৰু আঙুলিৰ সহায়েৰে, মুদ্ৰণ-যন্ত্ৰৰ উদ্ভাৱন তেতিয়াও আছিল ভৱিষ্যতৰ গৰ্ভত। উক্ত পদ্ধতিত এখন পুথিৰ একাধিক অবিকল নকল (Copy) কৰাটো আছিল প্ৰায় অসম্ভৱ। গতিকে সেই যুগত একো একোখন পুথিৰ সংখ্যা আছিল তেনেই কম। সংখ্যাৰ তেনে স্পল্পতা আছিল প্ৰাচীন পুথিসমূহ সহজলভ্য নোহোৱাৰ এটা প্ৰধান কাৰণ। তেতিয়াৰ দিনত সৰ্বসাধাৰণ মানুহৰ পৰা গ্ৰন্থ-পুথি আদি বহু নিলগত ৰৈ যোৱাৰ আৰু এটা কাৰণ সমাজৰ শ্ৰেণীবিন্যাসৰ সৈতে সম্পৃক্ত হৈ আছিল। সেই কালত জ্ঞানচৰ্চাৰ সমগ্ৰ প্ৰক্ৰিয়া আৰু বিন্যাসটো সমাজৰ উচ্চশ্ৰেণীৰ এমুঠি মানুহৰ নিয়ন্ত্ৰণত আছিল, নিম্নশ্ৰেণীৰ লোকসকল তাৰ পৰা আছিল বহু আঁতৰত। এই কথাটো বিশ্বৰ প্ৰায় সকলোতে দেখা গ’লেও ভাৰতবৰ্ষত তাৰ লগতে ওপৰঞ্চিকৈ আৰু এটা শক্তিশালী কাৰক অতিশয় সক্ৰিয় হৈ আছিল। সকলোৱে জানে, অতীজৰ ভাৰতবৰ্ষত শ্ৰমশোষণৰ কাৰবাৰটো অংগাংগীভাৱে সম্পৰ্কিত হৈ পৰিছিল অমানৱীয় বৰ্ণপ্ৰথাৰ সৈতে। ফলত, অতীতৰ ভাৰতবৰ্ষত জ্ঞান-বিদ্যা-বুদ্ধিৰ চৰ্চা আৰু অনুশীলন অনিবাৰ্যভাৱে সমাজখনৰ জন্মভিত্তিক কট্‌কটীয়া বৰ্ণবিন্যাসৰ সৈতে সম্পৰ্কিত হৈ পৰিছিল। এই কথাটোৰ বহুতো জল্‌জল্‌পট্‌পট্‌ সাক্ষ্য সাহিত্য-সংস্কৃতিমূলক উৎসৰ মাজতো পোৱা যায়। যেনে, মহাভাৰতৰ এটি চৰিত্ৰ কৰ্ণই নিজৰ নিম্নবৰ্ণৰ পৰিচয় গোপন কৰি—ব্ৰাহ্মণ বুলি পৰিচয় দিয়াৰ পাছতহে—পৰশুৰামৰ পৰা শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। মহাভাৰতৰেই অন্য এটা নিম্নবৰ্ণৰ চৰিত্ৰ একলব্যই লুকাই লুকাই প্ৰায়োগিক বিদ্যা আয়ত্ত্ব কৰাৰ বাবে ভয়ংকৰ পৰিণতিৰ সন্মুখিন হৈছিল, সোঁহাতৰ বুঢ়া আঙুলিটো কাটি দিয়া হৈছিল সেই নিম্নবৰ্ণৰ তৰুণৰ। মনু-সংহিতাত শূদ্ৰক আনুষ্ঠানিক শিক্ষা-দীক্ষাৰ পৰা নিষ্ঠুৰ কঠোৰতাৰে আঁতৰাই ৰখাৰ অনেক দ্বিধাহীন সাক্ষ্য পোৱা যায় (উদাহৰণ, মনু-সংহিতা: ৯০/৪, ৯৯/৪, ১০/১১১)। অতীজৰ ভাৰতবৰ্ষত জ্ঞানচৰ্চা সমাজৰ উচ্চশ্ৰেণীটোৱে এইদৰেই সৰ্বাত্মকভাৱে জন্মগত ৰূপত কুক্ষিগত কৰি ৰাখিছিল। ফলস্বৰূপে বিপুল সংখ্যক সাধাৰণ মানুহ—প্ৰজন্মৰ পাছত প্ৰজন্ম, যুগৰ পাছত যুগ ধৰি—ৰৈ গৈছিল জ্ঞানচৰ্চাৰ পৰিমণ্ডলৰ বাহিৰত।

উপৰিউক্ত পৰিস্থিতিটো তেতিয়াৰ বিশ্বৰ অন্যান্য প্ৰান্তৰ বিভিন্ন সভ্যতাৰ ক্ষেত্ৰতো সাধাৰণভাৱে প্ৰযোজ্য আছিল। গ্ৰন্থ-পুথিৰ সৈতে সম্পৰ্কিত লোকসকলে এটা সুকীয়া মৰ্যাদা সুপ্ৰাচীন কালতেই লাভ কৰিছিল। এইটো আছিল জাগতিক, সমাজ-বাস্তৱৰ কিছুমান কাৰকৰেই পৰিণতি। যশোধৰ বিজ্ঞানী জে. ডি. বাৰ্নলে ঐতিহাসিক সাক্ষ্য-প্ৰমাণৰ সহায়েৰে দেখুৱাইছে যে প্ৰাচীন মিচৰ আৰু মেচোপটেমিয়াত লিপিকাৰসকলৰ সামাজিক অৱস্থান অন্য শ্ৰমজীৱি মানুহতকৈ বহুত ওপৰত আছিল (দ্ৰষ্টব্য : বাৰ্নলৰ পূৰ্বোক্ত গ্ৰন্থ)। অন্য বৃত্তি, যেনে কমাৰ, ধাতু-কৰ্মী, তাঁতী আদিয়ে তেতিয়া কৰিব লাগিছিল প্ৰচণ্ড কায়িক শ্ৰম। প্ৰাচীন মিচৰৰ পেপিৰাছত লেখি থোৱা এটি বৰ চিত্তাকৰ্ষক কথা পণ্ডিতগৰাকীয়ে আমাক জানিবলৈ দিছে; পেপিৰাছত পোৱা ভাষ্য অনুসৰি লিপিকাৰৰ বৃত্তিটোৱেই তেতিয়া আছিল সৰ্বশ্ৰেষ্ঠ বৃত্তি। লিপিকাৰক কোনেও আদেশ নিদিছিল—“যা, সেই মানুহজনৰ কাৰণে মাটি চহ কৰি থৈ আহ”। এই কথাটোৰ পৰা আমি সেই সমাজখনত প্ৰচলন হৈ থকা প্ৰকট শ্ৰমবিভাজনৰো স্পষ্ট ইংগিত পাওঁ। বাৰ্নলৰ বিশ্লেষণৰ পৰা লগতে বুজা যায় যে লিখনৰ সৈতে জ‌ড়িত লোকসকল তুলনামূলক বিচাৰত, সেই প্ৰকট শ্ৰেণীবিভক্ত সমাজখনতো—কিছু স্বাধীন আছিল। এইখিনিতে এই আলোচনাৰ বাবে প্ৰাসংগিক আৰু এটা কথালৈ আমি লক্ষ্য কৰিব পাৰোঁ। তেতিয়াৰ দিনৰ জটিল লিখনপদ্ধতি বৃত্তিগতভাৱে আয়ত্ত্ব কৰাটো আছিল এটা উচ্চস্তৰৰ মননগত উৎকৰ্ষ আৰু কঠোৰ অনুশীলনৰ কাম। এই কামটো আছিল মূলতঃ মানসিক শ্ৰমৰ সৈতে সম্পৰ্কিত, কায়িক শ্ৰমৰ পৰা সি আছিল বহু আঁতৰত। তেনে মানসিক পৰিশ্ৰমৰ মাজেৰে সম্পাদন কৰা ক্ৰমাগত অনুশীলন ফলত লিখনৰ মাজেৰে নানান জটিল আৰু বিমূৰ্ত্ত ধ্যান-ধাৰণা, গাণিতিক সূত্ৰ আদি প্ৰকাশ কৰিবলৈও লিপিকাৰসকল সক্ষম হৈছিল। মানৱজাতিৰ জ্ঞানৰ বিকাশত এইটো বৰ লাভজনক কথা আছিল, কিন্তু তাৰ লগে লগে অন্য বৃত্তিৰ লোকসকল দিনে দিনে তেনে জ্ঞানচৰ্চাৰ জগতখনৰ পৰা আঁতৰি গৈ আছিল। গতিকে, গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত ভাৰতৰ দৰে অন্য স্থানত কায়িক শ্ৰমজীৱি জনতাৰ ওপৰত ধৰ্মীয় বাধানিষেধ তেনেকৈ নাথাকিলেও, বাস্তৱৰ কঠিন-কঠোৰ জীৱনশৈলীয়ে বিপুল সংখ্যক তেনে মানুহক আঁতৰাই ৰাখিছিল গ্ৰন্থৰ জগতখনৰ পৰা। তাৰ লগতে, অসুবিধাজনক প্ৰযুক্তিৰ মাজেৰে সংকলিত হোৱা স্বল্পসংখ্যক পুথি সৰ্বসাধাৰণৰ বাবে দুষ্প্ৰাপ্য হৈ থকাটো আছিল স্বাভাৱিক।

এইখিনিতে আমি এটা প্ৰায় স্বল্পালোচিত দিশলৈও লক্ষ্য কৰা উচিত হ’ব। কোনো সামগ্ৰীৰ বাবে বাস্তৱত উদ্ভৱ হোৱা চাহিদা সাধাৰণতেই প্ৰযুক্তিৰ আৱিষ্কাৰ-উদ্ভাৱনৰ আঁৰত নিৰ্ণায়ক কাৰক হিচাপে সক্ৰিয় হৈ থাকে। তেনে চাহিদাই প্ৰদান কৰা অহৰহ আৰ্থ-সামাজিক হেঁচাই প্ৰযুক্তিৰ জন্ম আৰু বিকাশ ত্বৰাণ্বিত কৰে। অতীজত জনগণৰ যিটো বিপুল অংশক জ্ঞানচৰ্চাৰ পৰা আঁতৰাই ৰখা হৈছিল, সেই অংশৰ মাজত গ্ৰন্থ-পুথিৰ চাহিদা নথকাটো আছিল তেনেই স্বাভাবিক। গ্ৰন্থ-পুথিৰ পুনৰুৎপাদনৰ কথাটো কোনো ব্যৱসায়-বাণিজ্যৰ সৈতেও সম্পৰ্কিত হৈ থকা নাছিল। ফলস্বৰূপে নতুন মুদ্ৰণ-প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে সৃষ্টি হোৱা নাছিল কোনো তীব্ৰ সামাজিক হেঁচাৰ।

(৫)

উল্লেখ কৰি আহিছিলোঁ যে অতীজৰ সমাজখনত শ্ৰেণীবিভাজন আছিল অতি প্ৰকট আৰু শ্ৰেণীশোষণ আছিল তীব্ৰ। শোষণ আৰু শাসন সুকলমে বৰ্তাই ৰাখিবলৈ তেতিয়াও—আজিৰ দৰেই—শোষিত মানুহৰ মাজত নিজৰ শ্ৰেণীৰ মতাদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো শাসকশ্ৰেণীটোৰ বাবে আছিল অতিশয় জৰুৰী। তেনে মতাদৰ্শ সংকলিত হৈছিল নানান গ্ৰন্থ-পুথিত। অথচ, আমি দেখিলোঁ যে সেই যুগত সকলোৰে হাতে হাতে গ্ৰন্থ-পুথি থকাটো আছিল অসম্ভৱ কথা। লগতে, শিক্ষাবঞ্চিত সাধাৰণ জনতাৰ বাবে তেনে গ্ৰন্থ-পুথিৰ কথা-বতৰাবোৰ বৰ কঠিন যেন লগাটো স্বাভাৱিক আছিল। তেনে এটা পটভূমিত এটা পদ্ধতি বৰ ফলপ্ৰসূ হৈ পৰিছিল। গ্ৰন্থ-পুথিবোৰৰ বহুতো ব্যাখ্যাকাৰ ওলাইছিল আৰু তেওঁলোকে মৌখিকভাৱে সাধাৰণ মানুহৰ মাজত—বিভিন্নধৰণে—গ্ৰন্থ-পুথিত সংকলিত হৈ থকা কথাবোৰ ব্যাখ্যা কৰি গৈছিল। মন কৰিবলগীয়া কথা, ব্যাখ্যাকৃত কথাবোৰ ব্যাখ্যাকাৰভেদে, তেওঁলোকক নিজ নিজ মত-মতাদৰ্শ-ধ্যান-ধাৰণা অনুযায়ী বেলেগ বেলেগ হৈ পৰিছিল। ব্যাখ্যা আৰু ব্যাখ্যাকাৰৰ সংখ্যাবৃদ্ধিয়ে গ্ৰন্থ-পুথিৰ মূল ভাষ্যক প্ৰায়েই ধূসৰ কৰি পেলাইছিল। নক’লেও হ’ব, ধৰ্ম, নৈতিকতা, অনুশাসন ইত্যাদি বিষয়ৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত জ্ঞান-বিজ্ঞান-কাব্য-নাটক আদিও সংকলিত হৈছিল তেতিয়াৰ গ্ৰন্থ-পুথিত। সংখ্যা-স্বল্পতা আৰু শিক্ষাৰ অসম বিস্তাৰৰ বাবে তেনে গ্ৰন্থ-পুথিও সৰ্বসাধাৰণৰ হাতৰ পৰা আছিল বহু দূৰৈত।

সংখ্যাত কম হোৱাৰ বাবে অতীতত বহুত গ্ৰন্থ-পুথি সময়ৰ সোঁতত হেৰাই গৈছিল। আপুৰুগীয়া গ্ৰন্থ-পুথি আদি হেৰাই গ’লে যে অপূৰণীয় ক্ষতি হয়, সেইটো কোৱা বাহুল্য। দুটা উদাহৰণ আমি আলোচ্য প্ৰসংগত উল্লেখ কৰিব পাৰোঁ। সাহিত্যমূলক তথ্য আৰু সাক্ষ্যই তৰ্কাতীতভাৱে প্ৰতিপন্ন কৰে যে প্ৰাচীন ভাৰতবৰ্ষত যুক্তিবাদী চাৰ্বাকসকলৰ চিন্তা-চৰ্চা-দৰ্শন-বিশ্ববীক্ষা আদি গ্ৰন্থাকাৰে উপলব্ধ আছিল। তদানীন্তন শাসকশ্ৰেণীৰ ভাববাদী শোষণসহায়কদৰ্শনৰ প্ৰতি প্ৰচণ্ড ভাবুকি আছিল চাৰ্বাকসকলৰ লোকায়ত দৰ্শন। পণ্ডিতসকলে দেখুৱাইছে যে শাসকশ্ৰেণীয়ে কোনো চিহ্ন নোহোৱাকৈ বিনষ্ট কৰি পেলাইছিল তেনে গ্ৰন্থ-পুথি। তীক্ষধী মাৰ্ক্সবাদী পণ্ডিত দেবীপ্ৰসাদ চট্টোপাধ্যায়ে অমানুষিক পৰিশ্ৰম কৰি অন্যান্য প্ৰাচীন পুথিত উদ্ধৃত-উল্লেখিত সমলৰ পৰা চাৰ্বাক দৰ্শনৰ মূল নিৰ্যাস পুনৰুদ্ধাৰ কৰিছিল। হ’লেও, আজি আৰু চাৰ্বাকসকলৰ কোনো মূল গ্ৰন্থ পাবলৈ নাই। ইমান এটা শক্তিশালী, যুক্তি-আশ্ৰয়ী, প্ৰাতিষ্ঠানিক ধৰ্মবিৰোধী আৰু বৈজ্ঞানিক ভাৱধাৰাৰ গ্ৰন্থ যে অতীত ভাৰতবৰ্ষৰ প্ৰকৃত গৌৰৱ হ’লহেতেন, তাত কোনো সন্দেহ নাই। পৰিতাপৰ কথা,  তেনে নহ’ল। এই কথাটো সমগ্ৰ মানৱজাতিৰ বাবেই কিমান অপূৰণীয় ক্ষতি, সি বৰ্ণাতীত। তেনেদৰেই, আলেকজেণ্ডাৰৰ পৰৱৰ্তী সময়ত, যেতিয়া ভাৰতবৰ্ষত অতি শক্তিশালী, কেন্দ্ৰীভূত মৌৰ্য সাম্ৰাজ্যখন বৰ্তি আছিল, তেতিয়া মেগাস্থেনিছ নামৰ পৰিব্ৰাজকগৰাকী আহিছিল এই দেশলৈ। সেই সময়চোৱা ভাৰত-ইতিহাসৰ এক অতি গুৰুত্ত্বপূৰ্ণ সময় আছিল। ভাৰতবৰ্ষৰ বিৱৰণ সন্নিবিষ্ট কৰি মেগাস্থেনিছে “ইণ্ডিকা” নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। সেইখন গ্ৰন্থও হেৰাই গ’ল, লগতে এন্ধাৰত থাকি গ’ল মেগাস্থেনিছৰ বহুতো বহুমূলীয়া তথ্যসমৃদ্ধ ভাৰত-বিৱৰণ।

ইউৰোপৰ নৱজাগৰণ আৰু ধৰ্ম-সংস্কাৰ আন্দোলনে পৰিস্থিতিটোলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিলে। প্ৰকৃততে নৱজাগৰণ আৰু ধৰ্ম-সংস্কাৰ আন্দোলন আছিল সমাজৰ অৰ্থনৈতিক ভিত্তিটোত সংঘটিত হ’বলৈ উপক্ৰম হোৱা মহাপৰিৱৰ্তনৰ উপৰিসৌধিক আগজাননীৰ প্ৰচণ্ড জোঁকাৰণি। তেতিয়াৰ সমাজব্যৱস্থাটোত অতিশয় শক্তিশালী হৈ থকা সামন্তপ্ৰথা আৰু তৎসংলগ্ন ৰাজতন্ত্ৰ ইতিহাসৰ ৰংগমঞ্চৰ পৰা বিদায় লোৱাৰ ক্ষণ উপস্থিত হৈছিল। মানৱ-সভ্যতাৰ বিকাশৰ দুৱাৰত টুকুৰিয়াবলৈ আৰম্ভ কৰিছিল উদীয়মান পুঁজিবাদে। বেপাৰ-বাণিজ্যৰ প্ৰসাৰৰ বাবে জ্ঞান-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত প্ৰভূত হেঁচা পৰিবলৈ আৰম্ভ হ’ল। ভূবিজ্ঞান, সমৰাস্ত্ৰ-প্ৰযুক্তি, নৌ আৰু সমুদ্ৰ-বিজ্ঞান, চিকিৎসা-বিজ্ঞান আদিৰ নিৰন্তৰ বিকাশ বেপাৰ-বাণিজ্য-উপনিৱেশ-সাম্ৰাজ্য আদিৰ বিস্তাৰণৰ বাবে বৰ জৰুৰী হৈ পৰিল। এইবোৰ ক্ষেত্ৰত কাগজত মুদ্ৰিত গ্ৰন্থ বৰ উপযোগী বুলি প্ৰতীয়মান হৈ পৰিছিল। স্বাভাবিকতেই তেনেবিধৰ গ্ৰন্থৰ মুদ্ৰণৰ প্ৰযুক্তিৰ বিকাশৰ ওপৰতো শক্তিশালী হেঁচা অনুভূত হ’ল। এই কথাটো আমি ইতিমধ্যই উনুকিয়াই আহিছিলোঁ। সেই সময়ত সংঘটিত হোৱা গ্ৰন্থমুদ্ৰণৰ প্ৰযুক্তিৰ বিকাশৰ কথাটো আমি উক্ত সামাজিক পটভূমিটোৰ কথা বিবেচনা কৰিহে বিচাৰ কৰিব লাগিব। উক্ত পটভূমিটোৰ সৈতে সংগতি ৰাখি অনিবাৰ্য আৰু অভাৱনীয়ভাৱে মুদ্ৰিত গ্ৰন্থৰ চাহিদাও বৃদ্ধি পাবলৈ ধৰিলে। কম সময়ৰ মাজতেই বহু সংখ্যক মানুহৰ মাজত বা-বাতৰি, তথ্য, জ্ঞান আদিৰ বিস্তাৰৰ বাবে কাগজত মুদ্ৰিত গ্ৰন্থ সঁচাই বৰ উপযোগী আছিল। অৱশ্যে তেতিয়াৰ দিনত গ্ৰন্থৰ মুদ্ৰণ আৰু প্ৰকাশনৰ প্ৰক্ৰিয়াটোৱে আজিৰ দৰে এটা ব্যাপক ৰূপ লাভ কৰা নাছিল। গৱেষকসকলে দেখুৱাইছে যে তেতিয়াও মুদ্ৰণ-প্ৰকাশনৰ কাৰবাৰটো আছিল মোটামোটী কুটীৰশিল্প সদৃশ। তেতিয়া গ্ৰন্থমুদ্ৰক, প্ৰকাশক আৰু পুস্তক-বিক্ৰেতা বেলেগ বেলেগ নাছিল, সকলোখিনি কৰিছিল এজন বা একেখিনি মানুহেই। গ্ৰন্থৰচক এজনে গ্ৰন্থ ৰচনা কৰি তেনে মুদ্ৰক-প্ৰকাশক-বিক্ৰেতাৰ কাষ চাপিছিল। সাধাৰণতেই আংশিক বা সমগ্ৰ ব্যয় বহন কৰিছিল লেখকৰ কোনো ধনবান পৃষ্ঠপোষকে। অতীতৰ তুলনাত গ্ৰন্থৰ প্ৰকাশৰ ক্ষেত্ৰত গুণগত পৰিৱৰ্তন সাধন হ’লেও, এতিয়াৰ তুলনাত তেতিয়াও গ্ৰন্থ একোখন প্ৰকাশ কৰাটো কিন্তু বেছ আহুকালৰ কথা হৈয়েই আছিল। পিছে পুঁজিবাদৰ বিকাশৰ লগে লগে গ্ৰন্থ প্ৰকাশনৰ সমগ্ৰ প্ৰক্ৰিয়াটো দিনে দিনে বজাৰৰ সৈতে নিবি‌ড়ভাৱে সম্পৰ্কিত হৈ পৰিবলৈ ধৰিলে। আধুনিক শিক্ষাৰ দ্ৰুততৰ বিস্তাৰৰ ফলত শিক্ষিত পাঠকসমাজ এখনেও ক্ৰমাৎ ঠন ধৰি উঠিল। উন্নত মুদ্ৰণ-প্ৰযুক্তিৰ ফলত কম দামতে গ্ৰন্থ একোখন প্ৰকাশ কৰাটোও সম্ভৱ হৈ পৰিল। লাহে লাহে এখন বৃহৎ গ্ৰন্থবজাৰৰ উদ্ভৱ হ’বলৈ আৰম্ভ কৰিলে। গ্ৰন্থৰ বেপাৰটো সুচাৰুৰূপে চলাই যাবলৈ এটা সময়ত গ্ৰন্থৰ মুদ্ৰণ, প্ৰকাশন আৰু বিপণনৰ মাজত কৰ্মবিভাজন ঘটি সেইবোৰ বেলেগ বেলেগ স্বতন্ত্ৰ ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈ পৰিল। গ্ৰন্থৰ বাণিজ্যিকৰণৰ প্ৰথমচোৱাত পশ্চিমৰ উন্নত দেশসমূহত একো একোটা প্ৰকাশন প্ৰতিষ্ঠান এজন ব্যক্তিয়ে পৰিয়ালৰ সহযোগত চলাই গৈছিল। গ্ৰন্থ প্ৰকাশনৰ এনে এটা পৰিকাঠামো অসমত এতিয়াও দেখা যায়। কিন্তু পুঁজিবাদৰ দ্ৰুততৰ বিকাশে পশ্চিমৰ দেশসমূহৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহক বহু দিনৰ আগতেই এটা নিটোল বাণিজ্যিক গোষ্ঠীগত ৰূপ প্ৰদান কৰিছিল।

(৬)

কাকতত মুদ্ৰিত গ্ৰন্থৰ প্ৰচলন বৃদ্ধি হোৱাৰ লগে লগে আনুষংগিক আৰু কিছুমান শৈল্পিক আৰু কলাগত উপাদান (যেনে, বেটুপাত, অলংকৰণ, লিপিবিন্যাস আদি) সমগ্ৰ উদ্যোগটোৰ অংগীভূত হৈ পৰিছিল। ফলত গ্ৰন্থ-প্ৰযুক্তিৰ বিকাশৰ লগে লগে, গ্ৰন্থ-সম্পৰ্কিত শিল্পকলাৰো ক্ৰমবৰ্ধমান বিকাশ আমি স্পষ্টকৈ দেখিবলৈ পাওঁ। জ্ঞান অৰ্জন, মানসিক পৰিপুষ্টি সাধন, শিল্প-চেতনাৰ উত্তৰণ, মনোৰঞ্জন আদিৰ মাজেৰে বৰ্তমানৰ গ্ৰন্থৰ যিটো ৰূপ, তাৰ সৈতে পাঠকৰ এক আৱেগিক সম্পৰ্কৰো জন্ম হ’ল। লগতে, গ্ৰন্থ প্ৰকাশনৰ উদ্যোগটোৰ মাজেৰে বহুতেই পালে আৰ্থিক সংস্থাপনৰ বাট। এইখিনি কথাৰ গুৰুত্ত্ব আৰু তাৎপৰ্যক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি। হ’লেও, গ্ৰন্থৰ সামগ্ৰিক ইতিবাচক সামাজিক তাৎপৰ্য নিহিত হৈ আছে অন্য এটা দিশতহে।

গ্ৰন্থৰ প্ৰধান, শুভংকৰ আৰু তাৎপৰ্যপূৰ্ণ সামাজিক ভূমিকা হৈছে জ্ঞান-তথ্যৰ বিস্তাৰণ আৰু সংৰক্ষণ। গ্ৰন্থত সঞ্চিত হৈ থকা জ্ঞান অৰ্জন কৰি, তাত বহুতো ন ন কথাৰ সংযোজন-পৰিৱৰ্ধন-সংশোধন সাধি পুনৰ নতুন গ্ৰন্থৰ প্ৰণয়ন কৰা হয়। এইদৰেই পদ্ধতিগতভাৱে মানৱ-জ্ঞানৰ আকাৰ-আয়তন বৃদ্ধি পায়, পৰিশ্ৰুত হয়। গ্ৰন্থৰ মাজত কি দৰে মানুহৰ সঞ্চিত জ্ঞান সংৰক্ষিত হৈ থাকে, কি দৰে তেনে সংৰক্ষিত জ্ঞান পুনৰবৰ্দ্ধিত হৈ বহুতৰ বাবে সুলভ হৈ পৰে—এইটো এটা দেখ্‌দেখ্‌ কথা, গতিকে তাৰ বিস্তাৰিত আলোচনাৰ বোধকৰোঁ প্ৰয়োজন নাই। কিন্তু এইখিনিতে আমি সতৰ্কতাৰে এটি দিশলৈ মন দিয়াটো যুগুত হ’ব।

ভালদৰে গমি চালে আমি দেখিবলৈ পাম, গ্ৰন্থত সংৰক্ষিত হৈ থকা জ্ঞানভাণ্ডাৰটোৰহে এটা শক্তিশালী সামাজিক তাৎপৰ্য আৰু ভূমিকা আছে, গ্ৰন্থ নিজে এবিধ প্ৰযুক্তিগত সামগ্ৰীহে মাথোন। আধুনিক প্ৰযুক্তি—বিশেষকৈ বৈদ্যুতিন প্ৰযুক্তিৰ অতি দ্ৰুত বিকাশৰ প্ৰেক্ষাপটত মুদ্ৰিত গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কত নানান চিন্তা-দুঃশ্চিন্তা আৰম্ভ হৈছে। কম্পিউটাৰ, মোবাইল ফোন আদিৰ বহুল প্ৰসাৰৰ লগে লগে ছপা কিতাপৰ ভৱিষ্যত সংশয়াচ্ছন্ন হৈ পৰিছে নেকি—তেনে প্ৰশ্ন বিভিন্ন পৰ্যায়ত বাৰম্বাৰ উত্থাপিত হৈ আহিছে। নতুন প্ৰযুক্তিৰ আগমণে আনি দিয়া তেনে প্ৰশ্নৰ আলোচনাত গ্ৰন্থও যে মূলতঃ এবিধ প্ৰযুক্তিগত সামগ্ৰীহে—সেই কথাটো পাহৰি গ’লে আমি বিভ্ৰান্ত হ’ব লাগিব।

উল্লেখ কৰি আহিছিলোঁ, কিতাপৰ সৈতে আগ্ৰহী গ্ৰন্থপাঠকৰ এক আৱেগিক সম্পৰ্ক স্থাপন হৈ পৰে। গ্ৰন্থৰ মাজত চিত্ৰকলা আদিৰো বিকাশ ঘটে। গ্ৰন্থ প্ৰকাশনে বহুতকে প্ৰদান কৰে আৰ্থিক সংস্থাপনৰ বাট। আধুনিক প্ৰযুক্তিয়ে আমাৰ পৰিচিত এই গ্ৰন্থজগতখনক অপসাৰিত কৰিলে, তাৰ লগে লগে উপৰিউক্ত দিশসমূহো অৱলুপ্ত হৈ পৰিব বুলি গভীৰ আশংকা প্ৰকাশ কৰা হয়। গ্ৰন্থৰ সৈতে আৱেগিকভাৱে সম্পৰ্কিত হৈ পৰা ব্যক্তিৰ মনত গ্ৰন্থ আৰু তৎসংলগ্ন উপাদানসমূহৰ অৱলুপ্তিৰ কথাই গভীৰ মনোবেদনাৰো জন্ম দিব পাৰে। আমি পাই আহিছিলোঁ, কেনেকৈ অতীজৰ প্ৰাচীন গ্ৰন্থ-পুথি তৈয়াৰ কৰা কলা-কৌশলক কাগজভিত্তিক গ্ৰন্থ-মুদ্ৰণৰ আধুনিক প্ৰযুক্তিয়ে অপসাৰিত কৰিছিল। কোনো প্ৰযুক্তিৰেই ব্যৱহাৰ আৰু প্ৰচলন দেশ-কালৰ ঊৰ্ধত নহয়। প্ৰযুক্তি পুৰণি হৈ পৰিলে সাধাৰণতেই সি অসুবিধাজনক বুলি প্ৰতীয়মান হৈ পৰে। কথাটো পৰিষ্কাৰ কৰিবলৈ আলোচ্য প্ৰসংগৰ পৰাই উদাহৰণ এটি দিয়া যায়। এতিয়াৰ যুগত জানোঁ কোনো মানুহে পেপিৰাছ, পোৰা মাটিৰ ফলি বা সাঁচিপাতৰ পুথি পঢ়িবলৈ সহজবোধ কৰিব? একেই কথা ভৱিষ্যতৰ—অধিক শুদ্ধকৈ ক’বলৈ হ’লে—ইতিমধ্যেই প্ৰচলন হ’বলৈ ধৰা গ্ৰন্থ-প্ৰযুক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য নহ’ব বুলি কোৱাটো জানোঁ যুক্তিসংগত হ’ব?

তথাপিও কিন্তু গ্ৰন্থৰ প্ৰসংগত নৱপ্ৰযুক্তিৰ আগমণৰ ক্ষেত্ৰত বহুতেই—বিশেষকৈ প্ৰবীণসকলে—আৱেগমিশ্ৰিত আপত্তি, দ্বিধা আৰু আশংকা প্ৰকাশ কৰা দেখা যায়। ন-প্ৰযুক্তিত তেওঁলোক অভ্যস্ত আৰু পাৰ্গত হ’ব নোৱাৰা কথাটোও তেনে অনীহা-আপত্তিৰ সৈতে সম্পৰ্কিত হৈ থাকে। মানুহৰ বিতৰাগ-বিৰোধিতাক অগ্ৰাহ্য কৰি সমাজলৈ নতুন প্ৰযুক্তিৰ আগমণ আৰু পুৰণি প্ৰযুক্তিৰ নিৰ্গমন দ্ৰততৰ হৈ অহাটো এটা অৱধাৰিত প্ৰক্ৰিয়া; সমাজত যিকোনো নতুন প্ৰযুক্তিৰ প্ৰৱেশ আৰু পুৰণি কলাকৌশলৰ প্ৰস্থান মানুহৰ আৱেগসম্পৃক্ত আপত্তিৰ ওপৰত নিৰ্ভৰ নকৰে। কথাটো গ্ৰন্থ-প্ৰযুক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য। তেনে দ্বিধা-দ্বন্দ্বৰ আৱেগিক অংশখিনিৰ প্ৰতি সন্মান জ্ঞাপন কৰিও ক’ব পাৰি যে নতুন প্ৰযুক্তিৰ ব্যাপক প্ৰচলনৰ লগে লগে পুৰণিৰ প্ৰতি থকা তেনে আৱেগৰ তীব্ৰতা ক্ৰমাৎ হ্ৰাস পাব। নতুন প্ৰজন্ম তেনে প্ৰযুক্তিৰ সৈতে প্ৰথমৰ পৰাই সম্পৰ্কিত হৈ থকাৰ বাবে তেওঁলোকৰ মনত পুৰণি গ্ৰন্থ-প্ৰযুক্তিৰ প্ৰতি তেনেধৰণৰ কোনো আৱেগিক সম্পৰ্ক থাকিব যেন বোধ নহয়। প্ৰযুক্তিৰ প্ৰচলনৰ লগে লগে মানুহ তাৰ সৈতে সহজ হৈ পৰিব, প্ৰাৰম্ভিক অনভ্যস্ততা স্বাভাবিকভাৱেই আঁতৰ হ’ব। সেয়েহে আমি গ্ৰন্থৰ ক্ষেত্ৰত উত্থাপিত হোৱা তেনে আপত্তিক বৰ এটা গুৰুত্ত্বপূৰ্ণ নহয় বুলি আগ্ৰাহ্য কৰিব পাৰোঁ।

উপৰিউক্ত দিশৰ আপত্তি-আশংকা অগ্ৰাহ্য কৰিলেও, আমাৰ বোধেৰে গ্ৰন্থ-প্ৰযুক্তিৰ আধুনিকীকৰণৰ ফলত উদ্ভূত হ’ব পৰা কিছুমান নেতিবাচক দিশলৈ আমি সতৰ্কতাৰে লক্ষ্য ৰখাটো সমীচিন হ’ব। অলপ গমি চালেই আমি দেখিম যে নতুন মাধ্যমত (যেনে অন-লাইন আলোচনী কিম্বা অন-লাইনত উপলব্ধ হোৱা বহুতো পুথিত) ৰচনাসমূহৰ ৰেহৰূপ চকুত পৰাকৈ সলনি হৈ পৰিছে। তেনে মাধ্যমত পাঠক-পাঠিকা দীঘলীয়া ৰচনাৰ প্ৰতি সাধাৰণতেই হৈ পৰিছে অনাগ্ৰহী। পাঠক-পাঠিকাৰ তেনে দৈৰ্ঘ্যবিতুষ্ট মনোভাৱৰ আঁৰত নিশ্চয় আধুনিক জীৱনশৈলীৰ সৈতে সম্পৰ্কিত একাধিক কাৰক সক্ৰিয় হৈ আছে; এইটোক অস্বীকাৰ কৰাও নাযায়। সেয়েহে, নতুন মাধ্যমত পাঠক-পাঠিকাৰ কাষ চাপিবলৈ লেখক-লেখিকাই লিখাৰ ভাৱ-ভংগীও সলনি কৰিবলৈ বাধ্য হৈ পৰিছে। দীৰ্ঘ ৰচনাৰ প্ৰতি অনাদৰ শুভ লক্ষণ যেন নালাগে। তাৰ লগতে আনুষংগিক আৰু এটা নেতিবাচক দিশ আমাৰ চকুত পৰে। আধুনিক তথ্য-প্ৰযুক্তিৰ মহাবিস্ফোৰণৰ ফলস্বৰূপে চকুৰ পচাৰতে অজস্ৰ তথ্য উপলব্ধ হোৱাটো সম্ভৱ হৈ উঠিছে। লক্ষ্যনীয়, তেনে বিপুল তথ্যৰ মাজত বহুতো “তথ্য” তেনেই অশুদ্ধ। কষ্টকৰ দীৰ্ঘ বিচাৰ-বিশ্লেষণৰ প্ৰতি বিতৰাগ দেখা দিয়াৰ বাবে তেনে “তথ্য”ৰ শুদ্ধাশুদ্ধৰ বিচাৰ নকৰাকৈয়ে সেইবোৰ ব্যাপকভাৱে ব্যৱহাৰ কৰা চকুত পৰে। আধুনিক প্ৰযুক্তিৰ মাৰফৎ তেনে মাৰাত্মক ভ্ৰান্তিসম্বলিত লেখা-ৰচনা ত‌ড়িৎগতিত বিস্তাৰ লাভ কৰে হেজাৰ হেজাৰ মানুহৰ মাজত। এইটো এটা অতি বিপজ্জনক কথা। এইটো কথাৰ একাধিক দিশ হয়তো নতুন গ্ৰন্থ-প্ৰযুক্তিৰ সৈতে অপ্ৰত্যক্ষভাৱেহে সম্পৰ্কিত। তথাপিও এইটো দিশ আমি বৰ জৰুৰী বুলি বিবেচনা কৰোঁ। এই সন্দৰ্ভত বিজ্ঞজনে আলোচনা-বিলোচনাৰ মাজেৰে পথ নিৰ্দেশনা দিলে বৰ ভাল হয়।

বিপৰীতপক্ষে, নতুন গ্ৰন্থ-প্ৰযুক্তিৰ বহুতো সুবিধা আমি দেখিবলৈ পাইছোঁ। অন-লাইন কিতাপ-পত্ৰ, মোবাইল-কিণ্ডেল-কম্পিউটাৰ আদি সঁজুলিত পঢ়িব পৰা গ্ৰন্থ আদিৰ উৎপাদনৰ ব্যয় বহুত কম। প্ৰকাশ হৈ যোৱাৰ পাছত ভুল-ভ্ৰান্তি চকুত পৰিলে সেইবোৰ অনায়াসে শুধৰাই পেলোৱাও সম্ভৱ। মুদ্ৰিত গ্ৰন্থত চিত্ৰ সংযোগ কৰাটো এটা বৰ খৰচী কাৰবাৰ। নতুন প্ৰযুক্তিয়ে আনি দিয়া সুবিধাত এইটো হৈ পৰিছে এটা বৰ সহজ কাম। সেইবাবে নতুন গ্ৰন্থ-প্ৰযুক্তিৰ সহায়েৰে নতুন ৰূপৰ কিতাপসমূহ অতি আকৰ্ষনীয় আৰু মনোগ্ৰাহী কৰি তোলাৰ সুযোগ পোৱা গৈছে, পুৰণি কিতাপৰ ধ্ৰুপদী শৈল্পিক ৰেহৰূপ সলনি হৈ নতুন কলাত্মক আংগিকৰ জন্ম হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। কিছু তৰল যেন লাগিলেও কওঁ, আৰম্ভণিতেই উল্লেখ কৰা এণ্টন চেকভ্‌ৰ গল্পৰ চৰিত্ৰটো যদি এই যুগৰ মানুহ হ’লহেতেন, তেনেহ’লে স্বেচ্ছাবন্দীত্বৰ কালচোৱাত ছপা গ্ৰন্থতকৈ এতিয়াৰ বৈদ্যুতিন দৃশ্য-শ্ৰব্য প্ৰযুক্তিয়েহে তেওঁক অধিক সহায় কৰিলেহেতেন। কাকতৰ ব্যৱহাৰ নোহোৱা তেনে প্ৰযুক্তি তুলনামূলক হিচাপত প্ৰাকৃতিক পৰিৱেশৰ বাবেও ক্ষতিকাৰক নহয়। নতুন প্ৰযুক্তিৰ সহায়েৰে গ্ৰন্থ একোখনৰ কপি মুহূৰ্ত্তৰ ভিতৰতেই অজস্ৰজনলৈ অতি সহজতেই—প্ৰায় বিনামূলীয়াকৈ—প্ৰেৰণ কৰাটো সম্ভৱ। বহুতো কাৰণৰ বাবে ছপা কিতাপৰ পুনৰ্মুদ্ৰন সম্ভৱ হৈ নুঠে। তাৰ ফলত কেতিয়াবা মূল্যবান গ্ৰন্থও অতি দুষ্প্ৰাপ্য হৈ পৰে। নতুন প্ৰযুক্তিত এইটো অসুবিধা নাই। নব্য গ্ৰন্থ-প্ৰযুক্তিৰ উক্ত সা-সুবিধাখিনি সাধাৰণ দৃষ্টিতেই চকুত পৰে। আমাৰ বোধেৰে নতুন গ্ৰন্থ-প্ৰযুক্তিৰ সামাজিক গুৰুত্ত্ব লুকাই আছে সম্পূৰ্ণ অন্য এটা দিশতহে। এই দিশটোত সামান্য আলোকপাত কৰি আমি এই বিক্ষিপ্ত আলোচনাৰ ইতি পেলাম।

(৭)

সাধাৰণতেই গ্ৰন্থ অধ্যয়নক নিৰ্দ্বিধাই এটা ভাল কাম বুলি ধৰি লোৱা হয়। কথাটো নোহোৱাও নহয়, তাৰ বিভিন্ন কাৰণ আমি ইতিমধ্যেই পাকে-প্ৰকাৰে উল্লেখ-আলোচনা কৰি আহিছোঁ। আলোচনাৰ আৰম্ভণিতেই আমি সত্যনাথ বৰাৰ “সাৰথি” পুথিখনৰ পৰা উদ্ধৃতি এটি দিছিলোঁ। পুথিখনৰ “পুথি অধ্যয়ন” নামৰ অধ্যায়টিত তেখেতে আকৌ লেখিছে এনেদৰে, “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”। আমি আলোচনা কৰিছিলোঁ, কেনেকৈ গ্ৰন্থৰ মাজত মানুহৰ যুগ-যুগান্তৰৰ সঞ্চিত আৰু আহৰিত জ্ঞান সংৰক্ষিত হৈ থাকে। গ্ৰন্থ অধ্যয়নৰ যোগেদি অনায়াসে সেই জ্ঞানভাণ্ডাৰৰ মাজলৈ যাব পাৰি। এই কথাটো বৰ চমু অথচ অতি পৰিষ্কাৰভাৱে সত্যনাথ বৰাই উক্ত বাক্যটিৰ মাজেৰে প্ৰকাশ কৰিছে। উক্ত ৰচনাখনতে তেখেতে আৰু এটি বৰ গুৰুত্ত্বপূৰ্ণ কথা কৈ গৈছে, “সৎসঙ্গৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে।…. মানুহ ভাল সঙ্গত থাকিলে ভাল হয়, আৰু বেয়া সঙ্গত থাকিলে বেয়া হয়। মানুহৰ সঙ্গৰ নিচিনা পুথিৰ সঙ্গয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য্য কৰে।….ভাল পুথি পঢি়লে ভাল সঙ্গত থকা যেন, আৰু বেয়া পুথি পঢ়িলে বেয়া সঙ্গত থকা যেন ফল হয়”। এই কথাখিনিৰ পৰা দেখা যায় যে গ্ৰন্থ অধ্যয়ন সদায় এটা ভাল কাম নহ’বও পাৰে, কিয়নো কিছুমান গ্ৰন্থ বেয়া। সংগত কাৰণতেই প্ৰশ্ন উঠিব, কোনবোৰ গ্ৰন্থ বেয়া আৰু ক্ষতিকাৰক? পোনপতীয়া আৰু সহজলভ্য উদাহৰণ হিচাপে আমি “যৌন অপসাহিত্য”-লৈ আঙুলিয়াই দিব পাৰোঁ। এই সন্দৰ্ভত যুক্তিবাদী মননশীল লেখক প্ৰসেনজিৎ চৌধুৰীদেৱে অসমীয়া ভাষাত বহু দিনৰ আগতেই  বিস্তাৰিত আলোচনা কৰিছে (দ্ৰষ্টব্য : প্ৰসেনজিৎ চৌধুৰী, নিষিদ্ধ প্ৰসংগ, ১৯৮৯। এই প্ৰবন্ধটো “মুক্ত চিন্তা“-ত পুনৰ প্ৰকাশ কৰা হৈছিল। প্ৰবন্ধটো পঢ়িবলৈ ইয়াতে টিপা মাৰক। উনুকিয়াই থব পাৰি, “ইয়াতে টিপা মাৰি” নিমিষতে পঢ়াৰ এনে সুবিধা ছপা মাধ্যমত নাই)। মন কৰিবলগীয়া কথা, মুদ্ৰিত ৰূপৰ তেনে যৌন অপসাহিত্যকো আধুনিক প্ৰযুক্তিয়ে অপসাৰিত কৰি তাক নব্য শ্ৰব্য-দৃশ্যৰূপ প্ৰদান কৰিছে। এই কথাটোৱে পুনৰবাৰ প্ৰতিপন্ন কৰিছে যে প্ৰযুক্তি নিজে হৈছে প্ৰমূল্য নিৰপেক্ষ, তাৰ ব্যৱহাৰ কোন দিশত হয়—সেই কথাটোহে গুৰুত্ত্বপূৰ্ণ। যি কি নহওঁক, তেনে “যৌন অপসাহিত্য” হৈছে বেয়া কিতাপৰ এটা চূ‌ড়ান্ত উদাহৰণ।

আমি গুৰুত্ত্বসহকাৰে ক’ব বিচাৰিছোঁ যে অন্য ৰেহৰূপৰ কিছুমান গ্ৰন্থৰ সামাজিক ভূমিকা তাতোতকৈ অধিক মাৰাত্মক। আপাতঃদৃষ্টিত তেনেবোৰ গ্ৰন্থ বেছ জ্ঞানবৰ্ধক যেনো লাগিব পাৰে। প্ৰকৃততে সেইসমূহ হৈছে শাসকশ্ৰেণীটোৰ শ্ৰেণীস্বাৰ্থ বৰ্তাই ৰখাৰ সহায়ক হোৱাৰ দৰ্শনসম্বলিত কিতাপ। শোষণ আৰু শাসনৰ স্বাৰ্থত ক্ষমতাশীল মহলটোৱে তেনে গ্ৰন্থৰ প্ৰচলনত প্ৰভূত পৃষ্ঠপোষকতা প্ৰদান কৰে। অতীততো এই কথাটো পৰিলক্ষিত হৈছিল, বৰ্তমানেও এইটোৰ চৰিত্ৰ সলনি হোৱা নাই। শাসকীয় পৃষ্ঠপোষকতা লাভ কৰাৰ বাবে তেনে গ্ৰন্থৰ প্ৰকাশ অতি সহজ হৈ পৰে। শাসকৰ অনুগত প্ৰচাৰমাধ্যমৰ সহায়ত তেনে গ্ৰন্থ আৰু গ্ৰন্থকাৰে বিপুল প্ৰচাৰো লাভ কৰে। ক্ষমতাশীল মহলৰ অনুগত তেনে লেখক-লেখিকাৰ বাবে নানান বঁটা-বাহনৰ ব্যৱস্থা কৰা হয়। তেনে কূটকৌশলৰ বিপুল পয়োভৰৰ মাজত সৰ্বসাধাৰণ বিভ্ৰান্ত হৈ পৰাটো তেনেই স্বাভাবিক কথা। ক্ৰমাৎ শাসকশ্ৰেণীয়ে নিজৰ অনুকূলে সাধাৰণ মানুহৰ ৰুচিবোধ গঢ় দিয়াত অভাৱনীয়ভাৱে সফল হৈ পৰে। তেনে পটভূমিত বিপৰীত মতৰ, শাসকশ্ৰেণীৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰা, প্ৰতিবাদী কিতাপ-পত্ৰই সমাদৰ নাপায়, চাহিদা নথকা তেনে গ্ৰন্থ প্ৰকাশ কৰিবলৈ প্ৰকাশকো তেনেকৈ ইচ্ছুক নহয়। আধুনিক আৰু নব্য গ্ৰন্থ-প্ৰযুক্তিৰ মাজেৰে উক্ত স্থিতাৱস্থাক এটা প্ৰচণ্ড খুন্দা মৰাৰ সুযোগ আহি পৰিছে। কোনো বৃহৎ প্ৰকাশনগোষ্ঠীৰ সহায় নোলোৱাকৈও, বিশেষ ব্যয় বহন নকৰাকৈয়ো তেনে প্ৰযুক্তিৰ মাজেৰে নিজৰ মত প্ৰকাশ কৰাটো সম্ভৱ হৈ উঠিছে। অৱশ্যে পাহৰি গ’লে ডাঙৰ ভুল হ’ব, সেই একেই ক্ষেত্ৰখন দখল কৰিবলৈ প্ৰতিক্ৰিয়াশীল মহলটো ইতিমধ্যেই বহুদূৰ আগুৱাই গৈছে। সময় পাৰ হৈ যোৱাৰ আগতেই প্ৰগতিশীল লোকসকলে এইটো দিশত যথোচিত গুৰুত্ত্ব প্ৰদান কৰা উচিত।

পণ্ডিতমহলে মানৱ-সভ্যতাত যোগাযোগ আৰু জ্ঞান বিস্তাৰণৰ ক্ষেত্ৰটোত তিনিটা বিপ্লৱৰ কথা উল্লেখ কৰিছে। প্ৰথমটি হৈছে লেখন কাৰ্যৰ উদ্ভাৱন; দ্বিতীয়টো হৈছে মুদ্ৰন; আৰু তৃতীয়টো হৈছে সাম্প্ৰতিক বৈদ্যুতিন ডিজিটাইজেশ্বন (দ্ৰষ্ট্ৰব্য : S A Gunaratne, পূৰ্বোক্ত সূত্ৰ)। এই প্ৰসংগত আমি “বিপ্লৱ” শব্দটোৰ অন্তৰ্নিহিত অৰ্থটি ভালদৰে হৃদয়ংগম কৰা যুগুত। বিপ্লৱৰ সৈতে সদায়েই এক সৰ্বাত্মক আমূল পৰিৱৰ্তন আৰু সমাজৰ ক্ষমতাবিন্যাসটো ওলটপালট কৰি পেলোৱাৰ কথাটো সংলগ্ন হৈ থাকে। লেখন কাৰ্যৰ উদ্ভাৱনে মৌখিকভাৱে জ্ঞান সঞ্চয় আৰু বিতৰণ কৰা পুৰণি চামটোৰ অবিসংবাদী ক্ষমতা সংকুচিত কৰি পেলাইছিল। তেনেদৰেই মুদ্ৰন-প্ৰযুক্তিয়ে গীৰ্জা আৰু সামন্তপ্ৰভুৰ নিৰংকুশ ক্ষমতা অন্যলৈ হস্তান্তৰ কৰাত সহায়ক হৈছিল। সাম্প্ৰতিক বৈদ্যুতিন ডিজিটাইজেশ্বনৰ অগ্ৰগতিৰ ক্ষেত্ৰতো এই দিশটো মনোযোগেৰে বিবেচনা কৰি চোৱা উচিত। কিয়নো গ্ৰন্থ-প্ৰযুক্তিৰ সাম্প্ৰতিক অগ্ৰগতি আৰু পৰিৱৰ্তনে সমাজৰ জ্ঞান-ক্ষমতাৰ বিন্যাসটোক নতুন ৰূপ দিয়াৰ সম্ভাৱনা আছে। সেইবাবেই প্ৰগতিশীল মহলে এই পৰিৱৰ্তনৰ সৈতে খোজ মিলাই সময়োপযোগী পৰিকল্পনা কৰাটো বৰ জৰুৰী হৈ পৰিছে।

3 thoughts on “সম্পাদকৰ টোকা :: কিতাপৰ কথা : অলপ চিন্তা, অলপ দুশ্চিন্তা (কৌশিক দাস)

  • Deep Jyoti Das

    পঢ়ি উপকৃত হলোঁ 😊

    Reply
  • Samiran বৰগোঁহাই

    বহু তথ্য সমৃদ্ধ এটা লেখা, আমি উপকৃত হৈছোঁ।

    Reply
  • Alakesh Saikia

    চমৎকাৰ কথনশৈলীৰে সন্তুলিত ৰূপত লিখা তথ্যভিত্তিক প্ৰবন্ধটো পঢ়ি উপকৃত হ’লো ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *