গল্প-কবিতা

কবিতাৰ জঞ্জাল-(প্রদীপ গগৈ)

(১)

জংগী আন্দোলন কৰি কৰিয়ে কিছুমান নেতা শুলে

নিৰ্বাচনৰ আগে পিছে বাগৰ সলাব বোলে

সকলোৰে গাতচোন এই মুলুকত লাচিতৰে তেজ

যদিওবা আজিলৈকে দেখা নাই আচল শত্রুৰ নেজ

ছাঁতে গদা ঘূৰোৱা বীৰসকলক কোনে পাৰিব বলে!

(২)

উন্নয়নৰ বেৰোমিটাৰ এটকীয়া চাউল

ৰাজনীতিকে সাধাৰণ মানুহক কিয় কৰে ফাউল

ক’তো নাই ছিণ্ডিকেট আকৌ বোলে আছে

মাফিয়াৰ ঢোলৰ ছেৱত কোন কোন নেতা নাচে

পূজাই পাৰ্বনে বলিয়ে বিধানে মানুহ হৈছে কিয় বাউল!

(৩)

দিনে দিনে আদৰ কমিছে জাতীয় সাজ পাৰৰ

বাটৰ জেং যে এইবোৰ আধুনিক আৰু আধুনিকাহঁতৰ

পথাৰত ননমা ডেকাৰ চুলিৰ ‘কাট’ত একোজন ‘নেইমাৰ’

গাঁৱৰ গাভৰুহঁতৰো ‘শ্বৰ্টছ’ পিন্ধাতহে আছে ‘গ্লেমাৰ’

যাদুঘৰতহে স্থান হ’ব চুৰীয়া, মেখেলা, নাঙল আৰু তাঁতৰ

(৪)

শাকে ঢকা মাছৰ আঞ্জা খাবলৈ বৰ ভাল

দিনে দিনে বয়বস্তুৰ দামে দুখীয়াৰ ছিঙিছে ছাল

তেজপিয়াহঁতৰ কিৰীলিত কেঁচুৱাৰো টোপনি জাগে

‘ডি এল এড’ৰ কেলেংকাৰীয়ে কাৰ বুকু ভাঙে

এনেবোৰ সমলকে লৈয়ে ৰচিছোঁ কবিতাৰ জঞ্জাল।

Leave a Reply

Your email address will not be published. Required fields are marked *